Class 8 Science Chapter 5 Solutions – দহন আৰু শিখা | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ৫ – দহন আৰু শিখা | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ৫ – দহন আৰু শিখা (SCERT Assam – Assamese Medium)

এই অধ্যায়ত দহনৰ বিজ্ঞান, জুই লাগাৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ বিভিন্ন পদ্ধতি সম্পৰ্কে আলোচনা কৰা হৈছে। অসমৰ গ্ৰাম্য অঞ্চলত জুইৰ ব্যৱস্থাপনাৰ বিষয়েও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

✅ কি শিকিব:

  • দহনৰ প্ৰক্ৰিয়া আৰু ইয়াৰ আৱশ্যকীয় অংগসমূহ
  • জ্বলন আৰু বিস্ফোৰণৰ পাৰ্থক্য
  • অগ্নিনিৰ্বাপক যন্ত্ৰৰ প্ৰকাৰ আৰু ব্যৱহাৰ
  • জুই নিয়ন্ত্ৰণৰ ঘৰুৱা পদ্ধতি
  • ইন্ধনৰ দহনক্ষমতা

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • দহনৰ ৰাসায়নিক সমীকৰণ
  • পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
  • অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৫ – দহন আৰু শিখা |

Class 8 Science

পাঠ – ৫                            Ospin Academy

দহন আৰু শিখা

১) দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰ হল –

ক) দাহ্য পদাৰ্থ হব লাগিব ।

খ) দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন ।

গ) জ্বলন বিন্দু পাব লাগিব ।

২) খালী ঠাই পূৰ কৰা ।

ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ……………………. ঘটায়।

উত্তৰ:- প্ৰদূষণ ।

খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল ……………………. ।

উত্তৰ:- কেৰাছিন ।

গ) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ……………………. …………………….. লৈ নিশ্চয়কৈ তপতাব লাগে ।

উত্তৰ:- জ্বলন বিন্দু ।

ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক …………………… ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

উত্তৰ:- পানীৰ ।

৩) যান – বাহনত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা ।

উত্তৰ:- যান – বাহণত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে । পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয় । কিন্তু চি. এন. জি. দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয় । কাৰণ চি. এন. জি. অতি পৰিষ্কাৰ ইন্ধন ।

৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।

উত্তৰ:- ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠৰ পাৰ্থক্য হল –

ক) এল. পি. জি. দহনত কোনো অৱশিষ্ট নৰয় আনহাতে কাঠ দহনত অবশিষ্ট থাকে । যাক ছাই বোলে ।

খ) এল. পি. জি. সহজে জ্বলি উঠে আনহাতে কাঠ সহজে জ্বলি নুঠে ।

গ) এল. পি. জি. ৰ জ্বলনাংক অতি কম আনহাতে কাঠৰ জ্বলনাংক বেছি ।

ঘ) এল. পি. জি. দহনত ধোঁৱা বেছি নোলায় আনহাতে কাঠ দহনত যথেষ্ট বেছি ধোঁৱা উৎপন্ন হয় ।

৫) কাৰণ দৰ্শোৱা –

ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় ।

উত্তৰ:- বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় । কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী । পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে । সেয়ে পানীৰে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ।

খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।

উত্তৰ:- এল. পি. জি. দহনে ধোঁৱাৰ সৃষ্টি নকৰে । পাত্ৰৰ তলিত কাজল নহয় । তাপ বেছিকৈ দিয়ে । এল. পি. জি. দহনত অবশিষ্ট বা ছাই উৎপন্ন নহয় । কিন্তু কাঠ দহনত ধোঁৱা ওলায়। পাত্ৰৰ তলিত কাজল হয় । তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম । কাঠ দহনত অৱশিষ্ট বা ছাই উৎপন্ন হয় ।

সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।

গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

উত্তৰ:- কাগজৰ জ্বলনাংক কম আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে ।

৬) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনহিত কৰা ।

উত্তৰ:-

মমবাতি শিখা এটাৰ চিত্ৰ

মমবাতি শিখা এটাৰ চিত্ৰ

৭) ইন্ধনৰ কেল‘ৰি মান প্ৰকাশ কৰা একক টোৰ নাম লিখা ।

উত্তৰ:- ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম হল– কিল’জুল/ কিল’গ্ৰাম ( KJ/ kg ) ।

৮) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা ।

উত্তৰ:- কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ বহুত গধুৰ । কাৰ্বন ডাই অক্সাইড গেছে জুইক কম্বলৰ দৰে ঢাকি ধৰে । এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয়। অক্সিজেন অবিহনে জুই নজ্বলে । গতিকে জুইকুৰা নুমাই যায় । এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰে ।

৯) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে । ব্যাখ্যা কৰা ।

উত্তৰ:- শুকান পাতৰ জ্বলনাংক কম আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি । সেয়ে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সোনকালে জুই নালাগে ।

১০) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ? ব্যাখ্যা কৰা

উত্তৰ:- সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বৰ্হি মণ্ডলটো ব্যৱহাৰ কৰে । কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক । উষ্ণতা প্ৰায় ৮০০° চেলচিয়াছ আৰু এই মণ্ডলটো উজ্জ্বল নহয়।

১১) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণ ভাৱে পোৰা হল।

উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ KJ পোৱা গল । ইন্ধনটোৰ কেল’ ৰি মান গণনা কৰা ।

উত্তৰ:- ইয়াত ইন্ধনৰ ভৰ = ৪.৫ কেজি

উৎপন্ন তাপৰ পৰিমাণ = ১৮০,০০০ KJ

এতেকে ইন্ধনৰ কেল’ৰি মান হব = ১৮০,০০০ ÷ ৪.৫ = ৪০,০০০ KJ/Kg.

১২) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব পাৰি নে ? আলোচনা কৰা ।

উত্তৰ:- মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি । এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন । ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয় । দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয় । সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি ।

১৩) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে। আবেদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে । ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে । কাৰ পানীখিনি সোনকালে তপত হব।

উত্তৰ:- ৰমেশৰ পানী খিনি সোনকালে তপত হব । কাৰণ ৰমেশে শিখাৰ বহিঃ মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে। বহিঃ মণ্ডলৰ তাপ বেছি । আনহাতে অবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে । হালধীয়া মণ্ডলৰ তাপ কম ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
দহনৰ বাবে কিয় অক্সিজেনৰ প্ৰয়োজন?
অক্সিজেনে ইন্ধনৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে। ইয়াৰ অবিহনে দহন প্ৰক্ৰিয়া সম্পূৰ্ণ নহয়।
জুই নিয়ন্ত্ৰণৰ তিনিটা পদ্ধতি কি কি?
১) তাপমাত্ৰা কমোৱা, ২) ইন্ধন আঁতৰোৱা, ৩) অক্সিজেনৰ প্ৰবাহ ৰোধ কৰা (যেনে বালিৰে ঢাকি দিয়া)।
অগ্নিনিৰ্বাপক যন্ত্ৰত কিয় কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰা হয়?
কাৰ্বন-ডাই-অক্সাইডে অক্সিজেনৰ প্ৰবাহ ৰোধ কৰি জুই নিয়ন্ত্ৰণ কৰে আৰু ই বৈদ্যুতিক আহিলাৰ বাবে নিৰাপদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top