Class 8 Science Chapter 5 Solutions – দহন আৰু শিখা | SCERT Assam | Assamese Medium

Class 8 Science Chapter 5 – দহন আৰু শিখা (Combustion and Flame) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – দহন আৰু শিখা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘দহন আৰু শিখা’ (Combustion and Flame) আমাৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত প্ৰাসংগিক পাঠ। এই অধ্যায়ত জুই কেনেকৈ জ্বলে, দহনৰ বাবে কি কি চৰ্তৰ প্ৰয়োজন আৰু শিখাৰ বিভিন্ন অংশৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি দহনশীল আৰু অদহনশীল পদাৰ্থৰ পাৰ্থক্য, প্ৰজ্বলন উষ্ণতাৰ গুৰুত্ব আৰু অগ্নি নিৰ্বাপক যন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে শিকিব পাৰিম। ইয়াৰ উপৰিও, এটা আদৰ্শ ইন্ধনৰ গুণাগুণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধনৰ দহনৰ প্ৰভাৱৰ বিষয়েও ইয়াত সুন্দৰকৈ বুজাই দিয়া হৈছে। পৰীক্ষাত আহিব পৰা সকলো গুৰুত্বপূৰ্ণ চিত্ৰ আৰু সমীকৰণ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • দহন কি আৰু ইয়াৰ বাবে প্ৰয়োজনীয় তিনিটা মুখ্য চৰ্তৰ বিষদ আলোচনা।
  • দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণৰ মাজত পাৰ্থক্য।
  • মম শিখাৰ বিভিন্ন মণ্ডলসমূহৰ (Zones of Flame) সচিত্ৰ বৰ্ণনা আৰু উষ্ণতাৰ পাৰ্থক্য।
  • ইন্ধনৰ কেলৰি মান (Calorific Value) আৰু ইয়াৰ এককৰ গুৰুত্ব।
  • অগ্নি নিৰ্বাপক যন্ত্ৰত কাৰ্বন-ডাই-অক্সাইডৰ ভূমিকা।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত MCQ।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB/SEBA নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল নোটছ।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ উত্তৰ যি ছাত্ৰ-ছাত্ৰীক মুখস্থ কৰাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত পুনৰীক্ষণৰ (Quick Revision) বাবে উপযোগী পইণ্ট-ভিত্তিক উত্তৰ।
  • অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভৰ বাবে বিশেষভাৱে যুগুতোৱা সমাধান।

বিজ্ঞানৰ এই জটিল ধাৰণাসমূহ সহজকৈ বুজিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ আজি পৰাই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৫ – দহন আৰু শিখা |

Class 8 Science

পাঠ – ৫                            Ospin Academy

দহন আৰু শিখা

১) দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- দহন সংঘটিত হবৰ বাবে আৱশ্যকীয় চৰ্ত বোৰ হল –

ক) দাহ্য পদাৰ্থ হব লাগিব ।

খ) দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন ।

গ) জ্বলন বিন্দু পাব লাগিব ।

২) খালী ঠাই পূৰ কৰা ।

ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ……………………. ঘটায়।

উত্তৰ:- প্ৰদূষণ ।

খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হল ……………………. ।

উত্তৰ:- কেৰাছিন ।

গ) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ……………………. …………………….. লৈ নিশ্চয়কৈ তপতাব লাগে ।

উত্তৰ:- জ্বলন বিন্দু ।

ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক …………………… ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

উত্তৰ:- পানীৰ ।

৩) যান – বাহনত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা ।

উত্তৰ:- যান – বাহণত চি. এন. জি. ৰ ব্যৱহাৰে আমাৰ নগৰ বোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে । পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয় । কিন্তু চি. এন. জি. দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয় । কাৰণ চি. এন. জি. অতি পৰিষ্কাৰ ইন্ধন ।

৪) ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা ।

উত্তৰ:- ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠৰ পাৰ্থক্য হল –

ক) এল. পি. জি. দহনত কোনো অৱশিষ্ট নৰয় আনহাতে কাঠ দহনত অবশিষ্ট থাকে । যাক ছাই বোলে ।

খ) এল. পি. জি. সহজে জ্বলি উঠে আনহাতে কাঠ সহজে জ্বলি নুঠে ।

গ) এল. পি. জি. ৰ জ্বলনাংক অতি কম আনহাতে কাঠৰ জ্বলনাংক বেছি ।

ঘ) এল. পি. জি. দহনত ধোঁৱা বেছি নোলায় আনহাতে কাঠ দহনত যথেষ্ট বেছি ধোঁৱা উৎপন্ন হয় ।

৫) কাৰণ দৰ্শোৱা –

ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় ।

উত্তৰ:- বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয় । কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী । পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে । সেয়ে পানীৰে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ।

খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।

উত্তৰ:- এল. পি. জি. দহনে ধোঁৱাৰ সৃষ্টি নকৰে । পাত্ৰৰ তলিত কাজল নহয় । তাপ বেছিকৈ দিয়ে । এল. পি. জি. দহনত অবশিষ্ট বা ছাই উৎপন্ন নহয় । কিন্তু কাঠ দহনত ধোঁৱা ওলায়। পাত্ৰৰ তলিত কাজল হয় । তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম । কাঠ দহনত অৱশিষ্ট বা ছাই উৎপন্ন হয় ।

সেয়ে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল ।

গ) কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে।

উত্তৰ:- কাগজৰ জ্বলনাংক কম আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে ।

৬) মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিনহিত কৰা ।

উত্তৰ:-

মমবাতি শিখা এটাৰ চিত্ৰ

মমবাতি শিখা এটাৰ চিত্ৰ

৭) ইন্ধনৰ কেল‘ৰি মান প্ৰকাশ কৰা একক টোৰ নাম লিখা ।

উত্তৰ:- ইন্ধনৰ কেল’ৰি মান প্ৰকাশ কৰা একক টোৰ নাম হল– কিল’জুল/ কিল’গ্ৰাম ( KJ/ kg ) ।

৮) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা ।

উত্তৰ:- কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ বহুত গধুৰ । কাৰ্বন ডাই অক্সাইড গেছে জুইক কম্বলৰ দৰে ঢাকি ধৰে । এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয়। অক্সিজেন অবিহনে জুই নজ্বলে । গতিকে জুইকুৰা নুমাই যায় । এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰে ।

৯) কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে । ব্যাখ্যা কৰা ।

উত্তৰ:- শুকান পাতৰ জ্বলনাংক কম আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি । সেয়ে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সোনকালে জুই নালাগে ।

১০) সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ? ব্যাখ্যা কৰা

উত্তৰ:- সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বৰ্হি মণ্ডলটো ব্যৱহাৰ কৰে । কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক । উষ্ণতা প্ৰায় ৮০০° চেলচিয়াছ আৰু এই মণ্ডলটো উজ্জ্বল নহয়।

১১) কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ ৪.৫ কেজি পৰিমাণক সম্পূৰ্ণ ভাৱে পোৰা হল।

উৎপন্ন হোৱা তাপৰ পৰিমাণ ১৮০,০০০ KJ পোৱা গল । ইন্ধনটোৰ কেল’ ৰি মান গণনা কৰা ।

উত্তৰ:- ইয়াত ইন্ধনৰ ভৰ = ৪.৫ কেজি

উৎপন্ন তাপৰ পৰিমাণ = ১৮০,০০০ KJ

এতেকে ইন্ধনৰ কেল’ৰি মান হব = ১৮০,০০০ ÷ ৪.৫ = ৪০,০০০ KJ/Kg.

১২) মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব পাৰি নে ? আলোচনা কৰা ।

উত্তৰ:- মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি । এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন । ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয় । দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয় । সেয়ে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি কব নোৱাৰি ।

১৩) আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাব লাগে। আবেদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে । ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে । কাৰ পানীখিনি সোনকালে তপত হব।

উত্তৰ:- ৰমেশৰ পানী খিনি সোনকালে তপত হব । কাৰণ ৰমেশে শিখাৰ বহিঃ মণ্ডল অৰ্থাৎ নীলা মণ্ডল ব্যৱহাৰ কৰিছে। বহিঃ মণ্ডলৰ তাপ বেছি । আনহাতে অবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে । হালধীয়া মণ্ডলৰ তাপ কম ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন (FAQs)
দহনৰ বাবে বায়ুৰ প্ৰয়োজনীয়তা আছে নেকি?
হয়, দহনৰ বাবে বায়ু (অক্সিজেন) অপৰিহাৰ্য। বায়ু অবিহনে দহন সম্ভৱ নহয়।
প্ৰজ্বলন উষ্ণতা (Ignition Temperature) কি?
যি নূন্যতম উষ্ণতাত কোনো এটা পদাৰ্থই জুই ধৰে, সেই উষ্ণতাক পদাৰ্থটোৰ প্ৰজ্বলন উষ্ণতা বোলে।
শিখাৰ কোনটো অংশ আটাইতকৈ বেছি গৰম?
শিখাৰ আটাইতকৈ বাহিৰৰ নীলা অংশটো আটাইতকৈ বেছি গৰম বা উত্তপ্ত অংশ।
এই সমাধানসমূহ নতুন সিলেবাচ অনুসৰি হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top