Class 8 Science – অষ্টম শ্ৰেণীৰ বিজ্ঞান – All Chapters Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান (Class 8 Science) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (ASSEB) তথা SEBA-ৰ শেহতীয়া আৰু নতুন পাঠ্যক্ৰমৰ আধাৰত অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সকলো অধ্যায়ৰ সমাধান ইয়াত উপলব্ধ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো পাঠৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ, গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন (MCQ), আৰু পৰীক্ষামুখী অতিৰিক্ত প্ৰশ্নৰ সমাধান অস্পীন একেডেমী (Ospin Academy) ৰ জৰিয়তে আগবঢ়োৱা হৈছে।
বিজ্ঞান এক আমোদজনক বিষয় আৰু আমি প্ৰচেষ্টা কৰিছোঁ যাতে জটিল বৈজ্ঞানিক ধাৰণাসমূহ সহজ অসমীয়া ভাষাত আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ। তলত অধ্যায় অনুসৰি সমাধানসমূহৰ লিংক দিয়া হৈছে:
| অধ্যায় নং | পাঠৰ নাম (Lesson Name) | সমাধানৰ লিংক (Solution Link) |
|---|---|---|
| 1 | শস্য উৎপাদন আৰু ব্যৱস্থাপনা | Click Here |
| 2 | অনুজীৱ : মিত্ৰ আৰু শত্ৰু | Click Here |
| 3 | পদাৰ্থ: ধাতু আৰু অধাতু | Click Here |
| 4 | কয়লা আৰু পেট্ৰ’লিয়াম | Click Here |
| 5 | দহন আৰু শিখা | Click Here |
| 6 | বল আৰু চাপ | Click Here |
| 7 | ঘর্ষণ | Click Here |
| 8 | বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া | Click Here |
| 9 | বায়ু আৰু পানীৰ প্ৰদূষণ | Click Here |
| 10 | কোষ-গঠন আৰু কার্য | Click Here |
| 11 | উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | Click Here |
| 12 | প্ৰাণীৰ প্ৰজনন | Click Here |
| 13 | কৈশোৰ প্ৰাপ্তি | Click Here |
| 14 | শব্দ | Click Here |
| 15 | কিছুমান প্ৰাকৃতিক পৰিঘটনা | Click Here |
| 16 | পোহৰ | Click Here |
| 17 | সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক | Click Here |
| 18 | তৰা আৰু সৌৰজগত | Click Here |
এই বিজ্ঞানৰ নোটছসমূহৰ বৈশিষ্ট্য:
- নতুন পাঠ্যক্ৰম: সম্পূৰ্ণৰূপে ASSEB/SEBA-ৰ নতুন পাঠ্যক্ৰম অনুসৰি যুগুতোৱা হৈছে।
- সহজ ভাষা: জটিল বৈজ্ঞানিক শব্দবোৰ সহজ অসমীয়া ভাষাত বুজাই দিয়া হৈছে।
- সম্পূৰ্ণ সমাধান: অনুশীলনীৰ উপৰিও গুৰুত্বপূৰ্ণ ভিতৰুৱা প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
- পৰীক্ষামুখী: বিশেষকৈ বার্ষিক পৰীক্ষাত সঘনাই অহা প্ৰশ্নসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
অস্পীন একেডেমীয়ে সদায় ছাত্ৰ-ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা সামগ্ৰী যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই নোটছসমূহে আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব বুলি আমি আশাবাদী।
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১ Ospin Academy
শস্য উৎপাদন আৰু ব্যৱস্থাপনা
১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ।
ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চোহোৱা
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ……………………. বুলি কোৱা হয় ।
উত্তৰ:- শস্য ।
(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা …………………… হয়।
উত্তৰ:- চহোৱা ।
(গ) নষ্ট হোৱা বীজবোৰ পানীত …………………… থাকে।
উত্তৰ:- ওপঙি ।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা …………………….. আৰু ………………….. প্ৰয়োজন হয় ।
উত্তৰ:- পোষক দ্ৰব্য আৰু পানী ।
২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা ।
|
ক ‘ স্তম্ভ |
খ ‘ স্তম্ভ |
|---|---|
|
(ক) খাৰিফ শস্য |
(ক) ঘেঁহু, বুট, মটৰ মাহ । |
|
(খ) ৰবি শস্য |
(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
|
(গ) ৰাসায়নিক সাৰ |
(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |
|
(ঘ) জৈৱিক সাৰ |
(ঘ) ধান আৰু যৱ । |
উত্তৰ:-
|
ক ‘ স্তম্ভ |
খ ‘ স্তম্ভ |
|---|---|
|
(ক) খাৰিফ শস্য |
ধান আৰু যৱ । |
|
(খ) ৰবি শস্য |
ঘেঁহু, বুট, মটৰ মাহ । |
|
(গ) ৰাসায়নিক সাৰ |
ইউৰিয়া আৰু ছুপাৰ ফছফেট । |
|
(ঘ) জৈৱিক সাৰ |
প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য । |
৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
ক) খাৰিফ শস্য ।
উত্তৰ:- মাকৈ আৰু ছয়াবিন ।
খ) ৰবি শস্য ।
উত্তৰ:- সৰিয়হ আৰু তিচি ।
৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।
ক) মাটি চহোৱা ।
উত্তৰ:- মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰ্য্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ’ল মাটি ডৰা চহোৱা । চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই চহোৱা মাটিত তললৈ গ’লেও অতি সহজে উশাহ লব পাৰে । চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে ।
মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বোলে । মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰৱ্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। নাঙলৰ দ্বাৰা এই কাম কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয় । ইয়াক এহাল বলধ বা ম’হৰ দ্বাৰা টনোৱা হয় । এহাল বলধৰ সহায়ত এখন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে ।
খ) বীজ সিঁচা ।
উত্তৰ:- মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ’ল বীজ সিঁচা । প্ৰয়োজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় । বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সঁচৰ হ’ব লাগে । বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপন কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে ।
চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিচিব পাৰি । সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত, এই সঁজুলিৰে বীজবোৰ সিঁচে । বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে ।
ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে । বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়।
গ) বনবাত নিৰোৱা ।
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদ সমূহ আঁতৰোৱাকে বনৱাত নিৰোৱা বোলে । শস্যৰ বৃদ্ধিৰ কাৰণে বনবাত নিৰোৱা প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে অপতৃণ বোৰ উভালি পেলাব পাৰি । সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰোৱাৰ ব্যৱস্থা লব লাগে । খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰোৱা কাম কৰিব পাৰি ।
ঘ) মৰণা মৰা ।
উত্তৰ:- পৈণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা – গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে । খেতিয়ক সকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয় । আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰিব পাৰি । কমবাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰা হয় ।
৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ।
উত্তৰ:- জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল–
ক) ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ।
খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ।
গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ।
ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে ।
৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰ:- শস্যৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।
পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল –
ক) পানী ছটিওৱা ব্যৱস্থা :- পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে ।
খ) পানী নিগৰোৱা ব্যৱস্থা :- এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।
৭) বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।
উত্তৰ:- বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে । ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ ।বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ’ব । কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় । সেয়ে বৰ্ষা ঋতুত ঘেঁহ সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব ।
৮) একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।
উত্তৰ:- একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব । পোষক দ্ৰব্য বোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন । পোষক দ্ৰব্যৰ পৰিমাণ কমি গলে শস্যৰ বৃদ্ধি আৰু বিকাশ ভাল নহ’ব ।
৯) অপতৃন কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃন বোলে ।
অপতৃনবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃন নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি । অপতৃননাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।
১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।
ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।
খ) জলসিঞ্চন ।
গ) খেতি চপোৱা ।
ঘ) বীজ সিঁচা/ ৰোৱা ।
ঙ) মাটি চহোৱা ।
চ) পথাৰত হাল বোৱা ।
ছ) সাৰ প্ৰয়োগ ।
উত্তৰ:- ক) পথাৰত হাল বোৱা ।
খ) মাটি চহোৱা ।
গ) বীজ সিঁচা/ ৰোৱা ।
ঘ) সাৰ প্ৰয়োগ ।
ঙ) জলসিঞ্চন ।
চ) খেতি চপোৱা ।
ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।
১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।
ক) গুটি ।
উত্তৰ:- বীজ ।
খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া।
উত্তৰ:- ৰাইয’বিয়াম ।
গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।
উত্তৰ:- জলসিঞ্চন ।
ঘ) শীত কালত খেতি কৰা শস্য ।
উত্তৰ:- ৰবি শস্য ।
ঙ) এবিধ ৰাসায়নিক সাৰ ।
উত্তৰ:- ইউৰিয়া ।
চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।
উত্তৰ:- মৰণা ।
