Class 8 Science Chapter 3 Solutions – পদাৰ্থ : ধাতু আৰু অধাতু | SCERT Assam | Assamese Medium

Class 8 Science Chapter 3 – পদাৰ্থ: ধাতু আৰু অধাতু – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – পদাৰ্থ: ধাতু আৰু অধাতু সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায় হ’ল ‘পদাৰ্থ: ধাতু আৰু অধাতু’ (Materials: Metals and Non-Metals)। এই অধ্যায়ত আমাৰ চৌপাশৰ পদাৰ্থসমূহক সিহঁতৰ ধৰ্ম অনুযায়ী কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰম আৰু শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত ধাতুৰ ঘাতসহনীয়তা, নমনীয়তা আৰু পৰিবাহিতাৰ দৰে ভৌতিক ধৰ্মৰ লগতে অম্ল আৰু ক্ষাৰৰ সৈতে হোৱা ৰাসায়নিক বিক্ৰিয়াসমূহৰ সহজ ব্যাখ্যা আগবঢ়োৱা হৈছে। পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় ধাতুৰ সক্ৰিয়তা ক্ৰম আৰু অপসাৰণ বিক্ৰিয়াৰ ধাৰণাসমূহ ইয়াত ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ সৰলকৈ লিখা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহৰ মাজত থকা পাৰ্থক্য।
  • ৰাসায়নিক বিক্ৰিয়া যেনে— অক্সিজেনৰ সৈতে বিক্ৰিয়া (অক্সাইড গঠন) আৰু পানীৰ সৈতে বিক্ৰিয়াৰ সম্পূৰ্ণ সমীকৰণ।
  • ধাতুৰ সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি ঘটা অপসাৰণ বিক্ৰিয়া (Displacement Reaction) ৰ উদাহৰণ।
  • দৈনন্দিন জীৱনত ধাতু আৰু অধাতুৰ বিভিন্ন ব্যৱহাৰ।
  • ব্যতিক্ৰমসমূহৰ জ্ঞান— যেনে তৰল অৱস্থাত থকা ধাতু (পাৰা) আৰু অতি কোমল ধাতু (ছ’ডিয়াম আৰু পটাছিয়াম)।
  • নতুন পাঠ্যক্ৰম অনুসৰি MCQ আৰু পৰীক্ষামুখী অতি চমু প্ৰশ্নৰ উত্তৰ।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু মানসম্পন্ন সমাধান।
  • সহজ অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক মুখস্থ কৰাত সহায় কৰে।
  • পৰীক্ষাৰ দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে তৈয়াৰী পইণ্ট-ভিত্তিক উত্তৰ।
  • অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাত সহায়ক হোৱাকৈ অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অন্তৰ্ভুক্তি।

আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু মেধাৱী ছাত্ৰ হিচাপে পৰিচিত হ’বলৈ আজি আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ অনুসৰণ কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৩ – পদাৰ্থ : ধাতু আৰু অধাতু

Class 8 Science

পাঠ – ৩                            Ospin Academy

পদাৰ্থ : ধাতু আৰু অধাতু

১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি ?

ক) জিংক।

খ) ফছফৰাছ।

গ) গন্ধক।

ঘ) অক্সিজেন।

উত্তৰ:- ক) জিংক ।

২) তলত দিয়া কোনটো উক্তি শুদ্ধ ?

ক) সকলো ধাতু নমনীয় ।

খ) সকলো অধাতু নমনীয় ।

গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

ঘ) কিছুমান অধাতু নমনীয় ।

উত্তৰ:- গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

৩) খালী ঠাই পূৰ কৰা –

ক) ফছফৰাছ এবিধ অতি …………………….. অধাতু ।

উত্তৰ:- সক্ৰিয় ।

খ) ধাতু সমূহ তাপ আৰু ……………………. ৰ …………………….. পৰিবাহী ।

উত্তৰ:- বিদ্যুতৰ , ভাল ।

গ) তামতকৈ লো …………………….. সক্ৰিয় ।

উত্তৰ:- অধিক ।

ঘ) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ………………….. গেছ উৎপন্ন কৰে ।

উত্তৰ:- হাইড্ৰ’জেন ।

৪) উক্তিবোৰ শুদ্ধ হলে ‘শু’ আৰু অশুদ্ধ হলে ‘অ’ ৰে চিহ্নিত কৰিবা ।

ক) সাধাৰণতে, অধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।

উত্তৰ:- অশুদ্ধ ।

খ) ছ’ ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।

উত্তৰ:- শুদ্ধ ।

গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।

উত্তৰ:- অশুদ্ধ ।

ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি ।

উত্তৰ:- অশুদ্ধ ।

৫) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে । এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা–

ক) বাহ্যিক ৰূপ ।

খ) কঠিনতা ।

গ) ঘাতসহনীয়তা ।

ঘ) নমনীয়তা ।

ঙ) তাপ পৰিবাহিতা ।

চ) বিদ্যুৎ পৰিবাহিতা ।

উত্তৰ:- ক) বাহ্যিক ৰূপ ।

ধাতু – ধাতৱীয় দ্যুতি আছে ।

অধাতু – অনুজ্বল ।

খ) কঠিনতা ।

ধাতু – কঠিন, দৃঢ় ।

অধাতু – কোমল ।

গ) ঘাতসহনীয়তা ।

ধাতু – ঘাতসহনশীল ।

অধাতু – ঠুনুকা ।

ঘ) নমনীয়তা ।

ধাতু – নমনীয় ।

অধাতু – অনমনীয় ।

ঙ) তাপ পৰিবাহিতা ।

ধাতু – তাপৰ সুপৰিবাহী ।

অধাতু – তাপৰ কুপৰিবহী ।

চ) বিদ্যুৎ পৰিবাহিতা ।

ধাতু – বিদ্যুতৰ সুপৰিবাহী ।

অধাতু – বিদ্যুতৰ কুপৰিবহী ।

৬) কাৰণ দৰ্শোৱা –

ক) খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।

উত্তৰ:- এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু । ইয়াক পিটি অতি পাতল কৰিব পাৰি । কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায় । সেইবাবে খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।

খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ।

উত্তৰ:- ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী । ইহঁতৰ ৰোধ বেছি বাবে বিদ্যুৎ চালিত হলে গৰম হৈ পৰে । সেইবাবে জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত থাকে ।

গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।

উত্তৰ:- জিংক তামতকৈ ৰাসায়নিক ভাৱে অধিক সক্ৰিয় । সেইবাবে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।

ঘ) ছ‘ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।

উত্তৰ:- ছ’ডিয়াম আৰু পটেছিয়াম অধিক সক্ৰিয় ধাতু । ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি যায় । গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।

৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ? ব্যাখ্যা কৰা ।

উত্তৰ:- নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি । কাৰণ নেমু টেঙাৰ ৰস এবিধ চাইট্ৰিক এচিড । আৰু চাইট্ৰিক এচিডে এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটায় ।

৮) স্তম্ভ ‘ক’ ত থকা পদাৰ্থ সমূহক স্তম্ভ ‘খ’ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা ।

স্তম্ভ ‘ক’

স্তম্ভ ‘খ’

(ক) সোণ

(ক) থাৰ্মমিটাৰ ।

(খ) লো

(খ) বৈদ্যুতিক তাঁৰ ।

(গ) এলুমিনিয়াম

(গ) খাদ্য মেৰোৱা ।

(ঘ) কাৰ্বন

(ঘ) আ – অলংকাৰ ।

(ঙ) তাম

(ঙ) যন্ত্ৰ – পাতি ।

(চ) পাৰা

(চ) ইন্ধন ।

উত্তৰ:-

স্তম্ভ ‘ক’

স্তম্ভ ‘খ’

(ক) সোণ

আ – অলংকাৰ ।

(খ) লো

যন্ত্ৰ – পাতি ।

(গ) এলুমিনিয়াম

খাদ্য মেৰোৱা ।

(ঘ) কাৰ্বন

ইন্ধন ।

(ঙ) তাম

বৈদ্যুতিক তাঁৰ ।

(চ) পাৰা

থাৰ্মমিটাৰ ।

৯) কি ঘটিব যেতিয়া –

ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় ?

উত্তৰ:- যদি তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় তেতিয়া কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হব ।

কপাৰ + ছালফিউৰিক এচিড – কপাৰ ছালফেট + হাইড্ৰজেন গেছ ।

খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয় ?

উত্তৰ:- কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে লোৰ গজালৰ ওপৰত মুগা তৰপ পৰিব । কাৰণ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰাই গজালৰ ওপৰত মুগা তৰপ জমা কৰিব ।

লো ( আইৰণ ) + কপাৰ ছালফেট দ্ৰৱ -> আইৰণ ছালফেট দ্ৰৱ + কপাৰ ।

১০) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে ।

ক) তেওঁ কেনেদৰে গেছ টোৰ প্ৰকৃতি জানিব পাৰিব ?

উত্তৰ:- শালনীয়ে এখিলা আদ্ৰ লিটমাছ পেপাৰ গেছ খিনিত সোমাই দিলে যদি গেছ টোৱে নীলা লিটমাছ পেপাৰ খনক ৰঙা কৰে , তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব । আৰু যদি ৰঙা লিটমাছ পেপাৰ খনক নীলা কৰে, তেতিয়া গেছটো ক্ষাৰ বুলি জানিব পাৰিব ।

খ) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ – সমীকৰণ লিখা ।

উত্তৰ:- (i) কাৰ্বন + অক্সিজেন -> কাৰ্বন ডাই অক্সাইড

(ii) কাৰ্বন ডাই অক্সাইড + পানী -> কৰ্বনিক এচিড ।

১১) এদিনা খন ৰীতাই মাকৰ লগত গহনাৰ দ দোকানলৈ গৈছিল । তেওঁৰ মাকে সোণাৰী জনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে । পাছদিনা, তেওঁলোকে যেতিয়া গহনা ডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনা ডালৰ ওজন সামান্য কমিছে । ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে ?

উত্তৰ:- গহনা ডাল অপৰিষ্কাৰ হোৱা মানে সোণৰ বাহিৰত কিবা কিবি মলি জমা হৈছে । যেতিয়া সোণাৰীয়ে তাক চাফা কৰাৰ বাবে এছিডৰ দ্ৰৱত ডুবাই দিলে, তেতিয়া এছিডৰ লগত বাহিৰৰ মলিৰ বিক্ৰিয়া ঘটি মলিবোৰ আঁতৰি গল আৰু পলিচ কৰাৰ সময়ত গহনাত থকা পুলিচৰ লগতো বিক্ৰিয়া ঘটিল । গতিকে গহনা ডালৰ ওজন সামান্য পৰিমাণে কমি গল ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন (FAQs)
সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুবিধৰ নাম কি?
সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ ধাতুবিধ হ’ল পাৰা (Mercury)।
নমনীয়তা (Ductility) মানে কি?
যি ধৰ্মৰ বাবে ধাতুক টানি দীঘল কৰি তাঁৰলৈ পৰিণত কৰিব পাৰি, তাকে নমনীয়তা বোলে।
ছ’ডিয়াম আৰু পটাছিয়াম কিয় কেৰাচিনত ডুুবাই ৰখা হয়?
ছ’ডিয়াম আৰু পটাছিয়াম অতি সক্ৰিয় ধাতু। ইহঁতে বায়ু আৰু পানীৰ সৈতে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰে, সেয়ে সুৰক্ষাৰ বাবে ইহঁতক কেৰাচিনত ডুবাই ৰখা হয়।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি যুগুতোৱা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top