Class 8 Science Chapter 4 – কয়লা আৰু পেট্ৰ’লিয়াম (Coal and Petroleum) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৪ – কয়লা আৰু পেট্ৰ’লিয়াম সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘কয়লা আৰু পেট্ৰ’লিয়াম’ (Coal and Petroleum) আমাৰ দৈনন্দিন জীৱনৰ শক্তিৰ উৎসসমূহৰ বিষয়ে জানিবলৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নতুন শিক্ষা নীতিৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধানসমূহ ইয়াত উপলব্ধ কৰা হৈছে। এই পাঠটিত জীৱাশ্ম ইন্ধনৰ উৎপত্তি, ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে।
অস্পীন একেডেমী (Ospin Academy) ৰ এই প্ৰশ্নোত্তৰসমূহত কয়লাৰ পৰা প্ৰাপ্ত বিভিন্ন উপাদান যেনে— ক’ক, কোল গেছ আৰু আলকাতৰাৰ ব্যৱহাৰৰ লগতে পেট্ৰ’লিয়াম শোধন প্ৰক্ৰিয়াৰ সহজ ব্যাখ্যা আগবঢ়োৱা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে অতি প্ৰয়োজনীয় চুটি আৰু দীঘলীয়া প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQ) সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- নিঃশেষ হোৱা আৰু নিঃশেষ নোহোৱা প্ৰাকৃতিক সম্পদৰ মাজত পাৰ্থক্য।
- জীৱাশ্ম ইন্ধন কি আৰু ই কেনেকৈ সৃষ্টি হয় তাৰ বৈজ্ঞানিক ব্যাখ্যা।
- কাৰ্বনকৰণ (Carbonisation) প্ৰক্ৰিয়া আৰু কয়লাৰ বিভিন্ন উপজাত দ্ৰব্যৰ পৰিচয়।
- পেট্ৰ’লিয়ামৰ বিভিন্ন উপাদান (LPG, পেট্ৰ’ল, ডিজেল, মম আদি) আৰু সেইবোৰৰ ব্যৱহাৰ।
- প্ৰাকৃতিক গেছৰ গুৰুত্ব আৰু PCRA-ৰ দ্বাৰা ইন্ধন ৰাহি কৰাৰ পৰামৰ্শসমূহ।
- শেহতীয়া পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল সমাধান।
- ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ।
- পৰীক্ষাৰ পূৰ্বে কম সময়ৰ ভিতৰত প্ৰস্তুতি চলাবলৈ পইণ্ট-ভিত্তিক উত্তৰ।
- পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিশেষ সংগ্ৰহ।
অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ আৰু বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ এই সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ৪ Ospin Academy
কয়লা আৰু পেট্ৰ’লিয়াম
১) চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ কি কি ?
উত্তৰ:- চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ হল –
ক) চি. এন. জি. আৰু এল. পি. জি. ৰ দহনত অৱশিষ্ট নৰয় ।
খ) দুয়োয়ে পৰিবেশ প্ৰদূষণ নকৰে ।
গ) চি. এন. জি. আৰু এল. পি. জি. ৰ কেলৰিফিক মান বেছি অৰ্থাৎ দহণত অধিক তাপ উৎপন্ন হয় ।
ঘ) চি. এন. জি. আৰু এল. পি. জি. ক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ( কম আয়তন ) ভৰাই কঢ়িয়াব পৰা যায় ।
২) ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ‘লজাত সামগ্ৰীটোৰ নাম কি ?
উত্তৰ:- ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম বিটুমেন/বিটুমিন ।
৩) মৃত গছ – গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা । এই প্ৰক্ৰিয়া টোৰ নাম কি ?
উত্তৰ:- প্ৰায় তিনিশ নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ গছনি, হাবি – জংঘল বোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল। ভূ – গৰ্ভত বছৰ বছৰ ধৰি উচ্চ চাপ আৰু উচ্চ উষ্ণতাত ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয় । এই প্ৰক্ৰিয়া টোৰ নাম হল অংগাৰীকৰণ বা কাৰ্বনাইজেছন ।
৪) খালী ঠাই পূৰ কৰা ।
ক) …………………., ………………….. আৰু …………………… হৈছে জীৱাশ্ম ইন্ধন ।
উত্তৰ:- কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ।
খ) পেট্ৰ’লিয়ামৰ উপাদান সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ………………………. বোলা হয় ।
উত্তৰ:- শোধন ।
গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান – বাহনৰ ইন্ধনটো হল …………………….. ।
উত্তৰ:- চি. এন. জি. ।
৫) তলত দিয়া উক্তি সমূহত শুদ্ধ/ অশুদ্ধ বাছি উলিওৱা।
ক) পৰীক্ষা গাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।
খ) পেট্ৰলতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰ:- অশুদ্ধ ।
গ) ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰ:- শুদ্ধ ।
ঘ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ ।
উত্তৰ:- শুদ্ধ ।
ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰ:- অশুদ্ধ ।
৬) জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ:- জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ । কাৰণ জীৱাশ্ম ইন্ধন সমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল । সেয়ে ইয়াৰ পৰিমাণ সীমিত । মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নি:শেষ হৈ যাব ।
৭) ক‘কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা ।
উত্তৰ:- ক’কৰ বৈশিষ্ট্য সমূহ হল –
ক) ক’ক এবিধ টান পদাৰ্থ ।
খ) ক’ক ছিদ্ৰ যুক্ত লা পদাৰ্থ ।
গ) ক’ক কাৰ্বনৰ বিশুদ্ধ ৰূপ ।
ঘ) অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি ক’ক উৎপন্ন কৰা হয় ।
ঙ) ক’কৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় ।
চ) ক’ক কলা বৰণীয়া পদাৰ্থ ।
ব্যৱহাৰ :- ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।
৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ‘লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ।
উত্তৰ:- নিযুত নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ – জন্তু আৰু অৰণ্য আছিল । ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে । ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ লগতে অক্সিজেনহীন পৰিৱেশৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে । বিক্ৰিয়াৰ ফলত জীৱ দেহৰ অৱশিষ্ট বিলাকৰ পৰা কালক্ৰমত পেট্ৰ’লিয়াম উৎপন্ন হয় ।
৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ।
এই তথ্য খিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা । লেখ চিত্ৰত বছৰ সমূহত হোৱা নাটনিৰ শতাংশ Y – অক্ষত আৰু বছৰ X– অক্ষত লোৱা ।
|
ক্ৰমিক সংখ্যা |
বছৰ |
নাটনি |
|---|---|---|
|
১) |
১৯৯১ |
৭.৯ |
|
২) |
১৯৯২ |
৭.৮ |
|
৩) |
১৯৯৩ |
৮.৩ |
|
৪) |
১৯৯৪ |
৭.৪ |
|
৫) |
১৯৯৫ |
৭.১ |
|
৬) |
১৯৯৬ |
৯.২ |
|
৭) |
১৯৯৭ |
১১.৫ |
উত্তৰ:- ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ।
ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ ।
