Class 8 Science Chapter 6 Solutions – বল আৰু চাপ | SCERT Assam | Assamese Medium

Class 8 Science Chapter 6 – বল আৰু চাপ (Force and Pressure) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৬ – বল আৰু চাপ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ ষষ্ঠ অধ্যায় ‘বল আৰু চাপ’ (Force and Pressure) পদাৰ্থ বিজ্ঞানৰ এক মৌলিক আৰু গুৰুত্বপূৰ্ণ পাঠ। এই অধ্যায়ত বলৰ ধাৰণা, ইয়াৰ প্ৰভাৱ আৰু বিভিন্ন প্ৰকাৰৰ বলৰ লগতে চাপৰ বৈজ্ঞানিক সংজ্ঞা আৰু প্ৰয়োগৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি স্পৰ্শ বল (Contact Force) আৰু অস্পৰ্শ বলৰ (Non-contact Force) পাৰ্থক্য, তৰলৰ চাপ আৰু বায়ুমণ্ডলীয় চাপৰ বিষয়ে গভীৰভাৱে শিকিব পাৰিম। আমাৰ দৈনন্দিন জীৱনত বল আৰু চাপৰ ব্যৱহাৰিক উদাহৰণসমূহ ইয়াত অতি সৰলকৈ বুজাই দিয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজেই বিষয়টো আয়ত্ত কৰিব পাৰে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো গাণিতিক ধাৰণা আৰু বৰ্ণনামূলক প্ৰশ্ন ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বল কি আৰু ই কোনো বস্তুৰ গতি বা আকৃতি কেনেকৈ সলনি কৰিব পাৰে তাৰ বিশদ ব্যাখ্যা।
  • মাংসপেশীয় বল, ঘৰ্ষণ বল, চুম্বকীয় বল আৰু মহাকৰ্ষণ বলৰ সংজ্ঞা আৰু উদাহৰণ।
  • চাপৰ সংজ্ঞা আৰু ইয়াৰ গাণিতিক সূত্ৰ ($P = F/A$) ৰ সহজ প্ৰয়োগ।
  • তৰল আৰু গেছীয় পদাৰ্থই পাত্ৰৰ বেৰত কেনেকৈ চাপ দিয়ে তাৰ ধাৰণা।
  • বায়ুমণ্ডলীয় চাপৰ গুৰুত্ব আৰু আমি এই অতিৰিক্ত চাপ অনুভৱ নকৰাৰ কাৰণ।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক মুখস্থ কৰাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা সমাধান।

আপোনাৰ বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৬ – বল আৰু চাপ |

Class 8 Science

পাঠ – 6                        Ospin Academy

বল আৰু চাপ

১) বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰ:- বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হল –

ক) গতি কৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া । ( এইটো ঠেলা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

খ) দুজনী ছোৱালীয়ে দুয়ো খন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণী খেল খেলা । ( এইটো টনা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

২) বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া ।

উত্তৰ:- বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হল –

ক) বাঁহৰ কামি এচটাক ধনুলৈ পৰিবৰ্তন কৰা ।

খ) আটাৰ লাডু এটাক চেপেটা কৰি বেলনা মাৰিৰে ৰুটিৰ আকৃতি কৰা ।

৩) তলৰ উক্তি বোৰত খালী স্থান পূৰ কৰা ।

ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল ……………………….. লাগে ।

উত্তৰ:- টানিব ।

খ) এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে ………………………. কৰে ।

উত্তৰ:- আকৰ্ষণ ।

গ) বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ………………………. লাগিব ।

উত্তৰ:- ঠেলিব ।

ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ………………………. কৰে ।

উত্তৰ:- বিকৰ্ষণ ।

৪) এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনু খন লক্ষ্য লৈ টোৱাই টানি ধৰে । তেওঁ নিক্ষেপ কৰা কাঁড় পাত লক্ষ্য লৈ ধাৱ মান হয় । এই কথাখিনিৰ আধাৰত তলত লিখা শব্দ সমূহ ব্যৱহাৰ কৰি তলৰ উক্তি সমূহৰ খালী ঠাই সমূহ পূৰ কৰা:-

পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ ।

ক) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ………………………. পৰিবৰ্তন ঘটায় ।

উত্তৰ:- আকৃতিৰ ।

খ) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল ………………………. বলৰ উদাহৰণ ।

উত্তৰ:- পেশীয় ।

গ) কাঁড় ডালৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটোৱা বল বিধ হৈছে ………………………. বলৰ উদাহৰণ ।

উত্তৰ:- অস্পৰ্শ ।

ঘ) কাঁড় ডাল লক্ষৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বল বোৰ হৈছে ……………………. আৰু বায়ুৰ বাবে হোৱা ………………………. ।

উত্তৰ:- মাধ্যাকৰ্ষণ, ঘৰ্ষণ ।

৫) তলৰ অৱস্থা সমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা । প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা ।

ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা ।

উত্তৰ:- কাৰক :- হাতৰ আঙুলি ।

ক্ৰিয়া শীল বস্তু :- নেমু টেঙা টোৰ ৰস ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু ৰসৰ গতি ।

খ) টুথ পেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা ।

উত্তৰ:-কাৰক :- আঙুলি ।

ক্ৰিয়া শীল বস্তু :- টিউবটো, পেষ্ট ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু পেষ্টৰ গতি ।

গ) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে ।

উত্তৰ:- কাৰক:- ভাৰ ।

ক্ৰিয়া শীল বস্তু :- স্প্ৰিং ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন ।

ঘ) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা ।

উত্তৰ:- কাৰক :- মাটি ।

ক্ৰিয়া শীল বস্তু :- দণ্ড ডাল আৰু খেলুৱৈ ।

পৰিণতি :- গতিৰ অৱস্থাৰ পৰিবৰ্তন ।

৬) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?

উত্তৰ:- কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে হতুৰীয়ে বল প্ৰয়োগ কৰিছে আৰু সেই বলৰ পৰিণতিত লো টুকুৰাৰ আকৃতিৰ পৰিবৰ্তন ঘটিছে ।

৭) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । বেলুন আৰু বেৰ খনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ?

উত্তৰ:- ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হ’ল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । স্থিতি বৈদ্যুতিক বলে ক্ৰিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে । বেলুনৰ আধান বোৰে বেৰখনৰ কণা বোৰক স্থিতি বৈদ্যুতিক বলেৰে আকৰ্ষণ কৰিছে ।

৮) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানী পূৰ্ণ বাল্টি এটাত ক্ৰিয়া শীল বল বোৰ চিনাক্ত কৰা । বাল্টি টোৰ ওপৰত ক্ৰিয়া কৰা বল সমূহে কিয় ইয়াৰ গতি – অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।

উত্তৰ:- পানী পূৰ্ণ বাল্টি টোক মাধ্যাকৰ্ষনিক বলে নিম্ন দিশত টানি আছে । আনহাতে এই বলৰ বিপৰীত দিশত ( উলম্ব দিশত ) বাল্টি টো পেশী বলেৰে ( হাতেৰে ) টানি থকা হৈছে । এই ক্ষেত্ৰত মাধ্যাকৰ্ষনিক বলৰ সমান পেশী বল প্ৰয়োগ কৰা হৈছে । দুয়ো বলৰ দিশ সম্পূৰ্ণ ৰূপে বিপৰীত বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে ।

৯) কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা ।

উত্তৰ:- কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম হল –

১) ৰকেটৰ ওপৰত মাধ্যাকৰ্ষন বল ( নিম্ন মুখে ) ।

২) ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হোৱা ধোঁৱা বা গেছৰ নিম্ন মুখী বলৰ প্ৰতিক্ৰিয়া বল ।

১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বালবটো চেপি ধৰিলে ভিতৰৰ বায়ু খিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায় । আনহাতে বালবৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে । ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে –

ক) পানীৰ চাপ ।

খ) পৃথিৱীৰ মাধ্যাকৰ্ষন বল ।

গ) ৰবৰৰ বলবটোৰ আকৃতি ।

ঘ) বায়ু মণ্ডলীয় চাপ ।

উত্তৰ:- ক) পানীৰ চাপ ।

ঘ) বায়ু মণ্ডলীয় চাপ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন (FAQs)
বল কি?
কোনো বস্তুৰ ওপৰত কৰা ঠেলা (Push) বা টনাকে (Pull) বিজ্ঞানৰ ভাষাত বল বোলে। ই বস্তুৰ গতি বা আকৃতিৰ পৰিৱৰ্তন কৰিব পাৰে।
চাপৰ একক কি?
চাপৰ এছ. আই. (S.I.) একক হ’ল নিউটন প্ৰতি বৰ্গ মিটাৰ ($N/m^2$), ইয়াক পাস্কাল (Pascal) বুলিও কোৱা হয়।
মহাকৰ্ষণ বল কাক বোলে?
পৃথিৱীয়ে বা বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৱে আন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰা বলটোক মহাকৰ্ষণ বল (Gravitational Force) বোলে।
এই সমাধানসমূহ নতুন ASSEB সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top