Class 8 Science Chapter 7 Solutions – ঘৰ্ষণ | SCERT Assam | Assamese Medium

Class 8 Science Chapter 7 – ঘর্ষণ (Friction) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – ঘর্ষণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘ঘর্ষণ’ (Friction) আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ। এই অধ্যায়ত ঘর্ষণ বল কেনেকৈ সৃষ্টি হয়, ইয়াৰ কাৰকসমূহ আৰু আমাৰ জীৱনত ইয়াৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি স্থিতি ঘর্ষণ, পিছলি যোৱা ঘর্ষণ আৰু লতিয়াই যোৱা ঘর্ষণৰ মাজত থকা পাৰ্থক্যবোৰ শিকিব পাৰিম। ঘর্ষণক কিয় ‘প্ৰয়োজনীয় অপকাৰী’ (Necessary Evil) বুলি কোৱা হয় আৰু ইয়াক কেনেকৈ বঢ়াব বা কমাব পাৰি, সেই বিষয়েও ইয়াত সুন্দৰকৈ বুজাই দিয়া হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চুটি আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ঘর্ষণ বলৰ সংজ্ঞা আৰু ইয়াৰ উৎপত্তিৰ মূল কাৰণসমূহৰ ব্যাখ্যা।
  • ঘর্ষণ বল নিৰ্ভৰ কৰা কাৰকসমূহ আৰু পৃষ্ঠৰ মসৃণতাৰ প্ৰভাৱ।
  • লুব্ৰিকেণ্ট (Lubricants) ব্যৱহাৰ কৰি ঘর্ষণ কেনেকৈ হ্ৰাস কৰিব পাৰি।
  • তৰল ঘর্ষণ বা ড্ৰেগ (Drag) কি আৰু ইয়াৰ প্ৰভাৱ কেনেকৈ কমাব পাৰি।
  • চক্ৰ বা বল বেয়াৰিং ব্যৱহাৰ কৰি ঘর্ষণ কমোৱাৰ বৈজ্ঞানিক পদ্ধতি।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ MCQ।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • পৰীক্ষাত আহিব পৰা অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নৰ বিশেষ সংগ্ৰহ।

আপোনাৰ বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৭ – ঘৰ্ষণ

Class 8 Science

পাঠ – ৭                          Ospin Academy

ঘৰ্ষণ

১) খালী ঠাই পূৰ কৰা ।

ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ……………………… ঘৰ্ষণে বাধা দিয়ে ।

উত্তৰ:- আপেক্ষিক গতিত ।

খ) পৃষ্ঠৰ ………………………. ৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।

উত্তৰ:- মসৃণতাৰ ।

গ) ঘৰ্ষণে ……………………….. উৎপন্ন কৰে ।

উত্তৰ:- তাপ ।

ঘ) কেৰম ব’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘৰ্ষণ……………………… ।

উত্তৰ:- হ্ৰাস ।

ঙ) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান ………………………. ।

উত্তৰ:- কম ।

২) চাৰি জন ছাত্ৰক ঘূৰ্ণি, স্থিতি আৰু পিছল ঘৰ্ষন বলৰ মান অধঃ ক্ৰমত সজাবলৈ কোৱা হল । তলত উত্তৰ কেইটা উপস্থাপন কৰা হল । কোনটো শুদ্ধ নিৰ্নয় কৰা –

ক) ঘূৰ্নি, স্থিতি, পিছল ।

খ) ঘুৰ্ণি, পিছল, স্থিতি ।

গ) স্থিতি, পিছল, ঘূৰ্নি ।

ঘ) পিছল, স্থিতি, ঘূৰ্নি ।

উত্তৰ:- গ) স্থিতি, পিছল, ঘূৰ্নি ।

৩) ৰাবিয়াই তাইৰ পুতলা গাড়ী খন মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে । বিভিন্ন পৃষ্ঠৰ গাড়ী খনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষন বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হব –

ক) মাৰ্বলৰ তিতা মজিয়া, মৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল ।

খ) বাতৰি কাকত, টাৱেল, মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া ।

গ) টাৱেল, বাতৰি কাকত, মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া ।

ঘ) মৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, টাৱেল, বাতৰি কাকত ।

উত্তৰ:- ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল ।

৪) ধৰা হল তোমাৰ লিখা ডেস্ক খন কিছু পৰিমাণে হেলনীয়া । ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে । কিতাপ খনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষন বলৰ দিশ দেখুওৱা ।

উত্তৰ:- ধৰা হ’ল আমি লিখা ডেস্ক খন কিছু পৰিমাণে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে । কিতাপ খন পিছলাৰ দিশৰ বিপৰীত দিশত ঘৰ্ষন বলে ক্ৰিয়া কৰিব ।

৫) দুৰ্ঘটনা বশত: মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালা । ইয়াৰ বাবে মজিয়া খনত খোজ কাঢ়িবলৈ সহজ হব নে টান হব ? কাৰণ দৰ্শোৱা ।

উত্তৰ:- দুৰ্ঘটনা বশত: মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন পানী পেলালে । ইয়াৰ বাবে মজিয়া খনত খোজ কাঢ়িবলৈ টান হব । কাৰণ চাবোন পানীয়ে মাৰ্বলৰ পৃষ্ট ভাগৰ মসৃণতা বঢ়াই দিয়ে । ফলত তাৰ ঘৰ্ষণ কমে । গতিকে খোজ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক থাকিব ।

৬) খেলুৱৈ সকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা ।

উত্তৰ:- যিমানে পৃষ্ঠ বোৰ খহটা হয়, সিমানে ঘৰ্ষণ বেছি হয় । খেলুৱৈ সকলে সমতল পৃষ্ঠ ( খেল পথাৰ ) ৰ ওপৰেৰে দৌৰিব লাগে । যদি জোতাৰ তলি মিহি হয় তেতিয়া খেল পথাৰৰ পৃষ্ঠৰ লগত ইয়াৰ ঘৰ্ষন কম হয় । ফলত খেলুৱৈ সকলে বেছি দ্ৰুতিৰে দৌৰিব নোৱাৰে ।

যদি খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে, তেতিয়া গজাল বোৰে ঘৰ্ষণৰ মান বঢ়ায় অৰ্থাৎ জোতা যোৰ খেল পথাৰৰ পৃষ্ঠত পিছলি নেযায় । ফলত খেলুৱৈ সকলে বেছি দ্ৰুতিৰে দৌৰিব পাৰে । সেয়ে খেলুৱৈ সকলে গজাল থকা জোতা ব্যৱহাৰ কৰে ।

৭) ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে । কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হব আৰু কিয় ?

উত্তৰ:- ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে । সীমাই ইকবালতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব । কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয়, সিমানে ঘৰ্ষন বেছি হয় । সীমাৰ বাকচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি । গতিকে সীমাৰ বাকচটোৰ ঘৰ্ষণ বেছি বাবে একেখন মজিয়াৰ ওপৰেৰে সীমাৰ বাকচটো ঠেলিবলৈ বেছি বলৰ প্ৰয়োজন হব ।

৮) স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা ।

উত্তৰ:- দুখন পৃষ্ঠ যেতিয়া সংস্পৰ্শত থাকে, তেতিয়া পৃষ্ঠ দুখনৰ অসমতা বা খলাবমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে । গতিকে এখন পৃষ্ঠৰ ওপৰেৰে আনখন পৃষ্ঠ পিছলিবলৈ হ’লে খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্ৰয়োগ কৰিব লাগিব । স্থিৰ অৱস্থাত এই খাপ খাই ধৰা পৰিমাণ বেছি হয় । যেতিয়া এখন পৃষ্ঠ আন এখনৰ ওপৰেৰে গতি কৰে , তেতিয়া খাপে খাপে খাপ খাই ধৰা সময় কম পায়, ফলত ঘৰ্ষণ বলৰ মান কমি যায় । গতিকে স্থিতি ঘৰ্ষনতকৈ পিছল ঘৰ্ষনৰ মান কমি যায় ।

৯) উদাহৰনেৰে সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটাই ।

উত্তৰ:- ঘৰ্ষণ আমাৰ শত্ৰু আৰু মিত্ৰ দুয়োটাই । কাৰণ ঘৰ্ষণ নহ’লে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত যথেষ্ট অসুবিধা হয় আৰু থাকিলেও কোনো কোনো ক্ষেত্ৰত বিপদ হয় ।

উদাহৰণ স্বৰূপে :- গাড়ী – মটৰৰ ক্ষেত্ৰত যদি ৰাস্তাটো পিছল বা নিমজ হয় আৰু গাড়ীৰ চকাৰ টায়াৰো খাজ নথকা সমান হয়, তেন্তে ৰাস্তাত চকাটো একে ঠাইতে ঘূৰি থাকিব । গাড়ী খন আগুৱাই যাব নোৱাৰিব ।

আনহাতে গাড়ীৰ চকাটো যিডাল ঘূৰ্ণ দণ্ড ( ধুৰা ) ত লাগি থাকি ঘূৰে, তাত চকা টোৰ মাদলী ( কাপ ) আৰু ঘূৰ্ন দণ্ডৰ মাজত বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰা হয় । নহলে ঘুৰ্ণ দণ্ডত চকা টোৰ লাগি থকা অংশ ঘৰ্ষণ বেছি হোৱা বাবে ক্ষয় যাব আৰু প্ৰচণ্ড তাপ উৎপন্ন হৈ অযথা বহু শক্তি ক্ষয় হব ।

ফলত যান – বাহনৰ আয়ুস অতি সোনকালে টুটি যাব । গতিকে এফালে চকাত খাজ কাটি ঘৰ্ষন বঢ়াব লগা হয় আৰু আনফালে বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰি ঘৰ্ষন কমাব লগা হয় । গতিকে ঘৰ্ষন আমাৰ শত্ৰু আৰু মিত্ৰ দুয়োটাই ।

১০) তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা ।

উত্তৰ:- তৰলত গতি কৰা বস্তু সমূহৰ বিশেষ আকৃতি থাকিব লাগে । কাৰণ তৰলৰ ঘৰ্ষণ বল আৰু টনা বল আছে । বস্তুৰ আকৃতিৰ ওপৰত ঘৰ্ষন নিৰ্ভৰ কৰে । যদি আগ অংশটো বেছি বহল বা ভোটা হয়, তেতিয়া বস্তু টোৱে বেছি তৰল ঠেলি যাব লাগিব । ফলত ঘৰ্ষন বেছি হব আৰু তাৰ গতিও কমিব । যদি আগটো জোঙা আৰু গাটো সমমিত চুঙা আকৃতিৰ হয়, তেতিয়া তাৰ ওপৰত তৰলৰ ঘৰ্ষন কমি যায় ।

গতিকে বস্তুটোৰ গতি বৃদ্ধি পাব । উৰাজাহাজ, পানী জাহাজ, নাও, ৰকেট, মাছ আদিৰ সেই বাবে এক বিশেষ আকৃতি থাকে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন (FAQs)
ঘর্ষণ বল কিয় সৃষ্টি হয়?
দুখন পৃষ্ঠৰ মাজত থকা খলা-বমাবোৰ ইটোৰ লগত সিটো লাগি ধৰাৰ ফলত ঘর্ষণ বলৰ সৃষ্টি হয়।
লুব্ৰিকেণ্ট (Lubricant) কি?
যিবোৰ পদাৰ্থ ব্যৱহাৰ কৰি ঘর্ষণ কমাব পাৰি, সেইবোৰক লুব্ৰিকেণ্ট বোলে। যেনে— তেল, গ্ৰীজ আদি।
তৰল ঘর্ষণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
তৰল ঘর্ষণ বস্তুৰ আকৃতি, তৰলৰ প্ৰকৃতি আৰু তৰলৰ সাপেক্ষে বস্তুৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top