Class 8 Science Chapter 8 Solutions – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া | SCERT Assam | Assamese Medium

Class 8 Science Chapter 8 – বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া (Chemical Effects of Electric Current) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৮ – বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ অষ্টম অধ্যায় ‘বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া’ (Chemical Effects of Electric Current) বিদ্যুৎ বিজ্ঞানৰ এক আমোদজনক পাঠ। এই অধ্যায়ত তৰল পদাৰ্থৰ মাজেৰে বিদ্যুৎ কেনেকৈ প্ৰবাহিত হয় আৰু ইয়াৰ ফলত কি কি ৰাসায়নিক পৰিৱৰ্তন ঘটে, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি বিদ্যুৎ সুপৰিবাহী আৰু কুপৰিবাহী তৰলৰ পাৰ্থক্য, বিদ্যুতৰ ৰাসায়নিক ক্ৰিয়াৰ ব্যৱহাৰিক উদাহৰণ আৰু বিশেষকৈ বিদ্যুৎ লেপন (Electroplating) প্ৰক্ৰিয়াৰ বিষয়ে শিকিব পাৰিম। ছাত্ৰ-ছাত্ৰীসকলে যাতে সহজতে পৰীক্ষাগাৰৰ পৰীক্ষাসমূহ বুজি পায়, তাৰ বাবে সৰল চিত্ৰৰ সহায়ত ইয়াত উত্তৰসমূহ দাঙি ধৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • তৰল পদাৰ্থৰ বিদ্যুৎ পৰিবাহিতা নিৰীক্ষণ কৰাৰ পদ্ধতিসমূহৰ ব্যাখ্যা।
  • বিদ্যুৎ প্রবাহে তৰলত সৃষ্টি কৰা ৰাসায়নিক পৰিৱৰ্তন যেনে— গেছৰ বুদবুদ সৃষ্টি আৰু দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন।
  • বিদ্যুৎ লেপন (Electroplating) কি আৰু ইয়াৰ উদ্যোগিক ব্যৱহাৰসমূহ।
  • এল.ই.ডি (LED) ৰ ব্যৱহাৰ আৰু ই কেনেকৈ দুৰ্বল বিদ্যুৎ প্রবাহ ধৰা পেলাব পাৰে।
  • চুম্বকীয় কম্পাছৰ সহায়ত টেষ্টাৰ নিৰ্মাণ আৰু ইয়াৰ কাৰ্যকাৰিতা।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু শেহতীয়া সমাধান।
  • সহজ অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি জটিল ধাৰণাসমূহ সহজকৈ বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত পুনৰীক্ষণৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ এক বিশেষ সংকলন।

আপোনাৰ বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া |

Class 8 Science

পাঠ – ৮                                     Ospin Academy

বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

১) খালী ঠাই পূৰ কৰা ।

ক) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই …………………….., …………………………, ………………………… ৰ দ্ৰৱ ।

উত্তৰ:- এছিড, ক্ষাৰ, লৱণ ।

খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ………………………. ক্ৰিয়াৰ সৃষ্টি কৰে।

উত্তৰ:- ৰাসায়নিক ।

গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ………………………. মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ।

উত্তৰ:- ঋণাত্মক ।

ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ………………………. বোলে ।

উত্তৰ:- বিদ্যুৎ লেপন ।

২) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম ।

যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হলে বিদ্যুৎ চালিত হয় । বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।

৩) তিনি বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ ১৪.৯ ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে ।

উত্তৰ:- তিনি বিধ জুলীয়া পদাৰ্থৰ নাম হল –

ক) নিমখ পানী ।

খ) হাইড্ৰ’ক্লৰিক এছিড ।

গ) কপাৰ ছালফেট দ্ৰৱ ।

৪) চিত্ৰ ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বালবটো জ্বলা নাই । সম্ভৱপৰ কাৰণ বোৰ লিখা । তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা ।

উত্তৰ:- বালৱটো নজ্বলাৰ সম্ভৱপৰ কাৰণ বোৰ হ’ল –

ক) বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে ।

খ) বালবটো বেয়া হব পাৰে ।

গ) বেটাৰিটো বেয়া হব পাৰে ।

ঘ) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে ।

৫) ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে । দেখা গল যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বলৱটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ । তুমি সিদ্ধান্ত লবা যে –

ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।

খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী ।

গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাবে পৰিবাহী ।

ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি ।

উত্তৰ:- বালবটো B তৰলৰ ক্ষেত্ৰত কমকৈ জ্বলি উঠে আৰু A ত জ্বলে, ইয়াৰ অৰ্থটো এই যে B তৰলটো A তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী । গতিকে উত্তৰটো হব –

ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।

৬) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?

উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে । ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব ।

৭) অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা ।

উত্তৰ:- অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় । ইয়াত লৱণ মিশ্ৰিত হৈ থাকে । ফলত ই পৰিবাহী হয় । যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব । সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে ।

৮) উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে । তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে । কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে । গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয় । সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয় ।

৯) ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ? ব্যাখ্যা কৰা ।

উত্তৰ:- ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয় । কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে । গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয় । কাম কৰি থাকিলে বিদ্যুৎ প্ৰৱাহিত হৈ মিস্ত্ৰী গৰাকীৰ মৃত্যুও হব পাৰে ।

১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল । গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে । কাৰণ বোৰ কি কি হব পাৰে ?

উত্তৰ:- বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে । গতিকে ই বিদ্যুৎ পৰিবাহী হয় । গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব ।

১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- আমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ নাম হল –

ক) কম দামী আ – অলংকাৰ বোৰ ।

খ) দৰ্জা, খিৰিকিৰ হেণ্ডেলবোৰ ।

গ) বাথৰোম, পাকঘৰ আদিৰ টেপবোৰ ।

ঘ) গেছ বাৰ্ণাৰৰ আৰু ৰন্ধা বাচন – বৰ্তনৰ তলিবোৰ ।

ঙ) ঘৰৰ চালৰ টিন পাত বোৰ ।

চ) তলা – ছাবি আদি ।

১২) ক্ৰিয়াকলাপ ১৪.৭ ত তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় । বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে । বেটাৰিৰ ধনাত্মক মেৰুৰ কোন ডাল তড়ি দ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?

উত্তৰ:- বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাত খন সংযোগ কৰিব লাগিব । কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়ি দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হব ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন (FAQs)
পানী বিদ্যুৎ পৰিবাহী নেকি?
সাধাৰণ টেপৰ পানী বা লৱণ মিহলি পানী বিদ্যুতৰ সুপৰিবাহী। কিন্তু পাতিত পানী (Distilled Water) বিদ্যুতৰ কুপৰিবাহী।
বিদ্যুৎ লেপন (Electroplating) কি?
বিদ্যুতৰ সহায়ত কোনো এটা ধাতুৰ ওপৰত আন এটা ধাতুৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক বিদ্যুৎ লেপন বোলে। যেনে— লোহাৰ ওপৰত ক্ৰ’মিয়ামৰ প্ৰলেপ।
LED কিয় ব্যৱহাৰ কৰা হয়?
বিদ্যুৎ প্রবাহ একেবাৰে দুৰ্বল হ’লেও LED জ্বলি উঠে, যিটো সাধাৰণ বাল্বৰ ক্ষেত্ৰত সম্ভৱ নহয়। সেয়ে দুৰ্বল বিদ্যুৎ প্রবাহ ধৰা পেলাবলৈ ই উপযোগী।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top