Class 8 Science Chapter 9 Solutions – বায়ু আৰু পানীৰ প্ৰদূষণ | SCERT Assam | Assamese Medium

Class 8 Science Chapter 9 – বায়ু আৰু পানীৰ প্ৰদূষণ (Pollution of Air and Water) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – বায়ু আৰু পানীৰ প্ৰদূষণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘বায়ু আৰু পানীৰ প্ৰদূষণ’ (Pollution of Air and Water) পৰিৱেশ বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। বৰ্তমান সময়ত আমি সন্মুখীন হোৱা পৰিৱেশীয় প্ৰত্যাহ্বানসমূহ যেনে— গোলকীয় উষ্ণতা বৃদ্ধি, এচিড বৰষুণ আৰু খোৱাপানীৰ সমস্যাৰ বিষয়ে এই অধ্যায়ত বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত বায়ু প্ৰদূষকসমূহৰ উৎস, তাজমহলৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ আৰু গ্ৰীন হাউচ প্ৰভাৱৰ (Greenhouse Effect) দৰে জটিল বিষয়সমূহ সহজকৈ বুজাই দিয়া হৈছে। ইয়াৰ উপৰিও পানী কেনেকৈ প্ৰদূষিত হয় আৰু পানী বিশুদ্ধকৰণৰ বিভিন্ন পদ্ধতিৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে। পৰীক্ষাত আহিব পৰা সকলো চুটি আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বায়ু প্ৰদূষণৰ সংজ্ঞা আৰু ইয়াৰ মুখ্য কাৰণসমূহ (যেনে— যানবাহনৰ ধোঁৱা, কল-কাৰখানাৰ আৱৰ্জনা)।
  • গ্ৰীন হাউচ গেছ কি আৰু গোলকীয় উষ্ণতা বৃদ্ধিত (Global Warming) ইয়াৰ ভূমিকা।
  • তাজমহলৰ পাথৰৰ ক্ষয়ীভৱন বা ‘মাৰ্বল কেন্সাৰ’ৰ কাৰণসমূহৰ ব্যাখ্যা।
  • পানী প্ৰদূষণৰ উৎস আৰু গংগা কাৰ্য পৰিকল্পনাৰ (Ganga Action Plan) চমু আভাস।
  • খোৱাপানী বিশুদ্ধ কৰাৰ ঘৰুৱা আৰু ৰাসায়নিক পদ্ধতিসমূহ (যেনে— ফিল্টাৰ কৰা, উতলোৱা, ক্ল’ৰিনেশ্বন)।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • পৰিৱেশ সজাগতা বৃদ্ধিৰ লগতে পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভৰ বাবে সহায়ক।

পৰিৱেশ সুৰক্ষাৰ বাবে সচেতন হ’বলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৯ – বায়ু আৰু পানীৰ প্ৰদূষণ |

Class 8 Science

পাঠ – ৯                                 Ospin Academy

বায়ু আৰু পানীৰ প্ৰদূষণ

১) কি কি প্ৰকাৰে পানী প্ৰদূষিত হব পাৰে ?

উত্তৰ:- পানী বিভিন্ন প্ৰকাৰে প্ৰদূষিত হব পাৰে ।সেইবোৰ হল–

ক) শিল্প, উদ্যোগ আদিৰ পৰা নিৰ্গত অপদ্ৰব্য তথা বৰ্জিত পদাৰ্থ সমূহৰ দ্বাৰা পানী প্ৰদূষিত হয় ।

খ) খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য – সাৰ, কীট – নাশক আদি পানীৰ লগত মিহলি হৈ পানী প্ৰদূষিত হব পাৰে ।

গ) মৰা, গেলা – পচা আদি আৱৰ্জনা, প্লাষ্টিক, বিভিন্ন ধৰণৰ তেল জাতীয় পদাৰ্থ, চাবোন আদি পানীত মিহলি হৈও পানী প্ৰদূষিত হব পাৰে ।

ঘ) বানপানীত উটি অহা নানা বৰ্জনীয় পদাৰ্থ, পলস বোকা, মৰাশ আদিৰ দ্বাৰাও পানী প্ৰদূষিত হয় ।

২) তোমালোকে ব্যক্তিগত ভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা ?

উত্তৰ:- ক) আমি ব্যক্তিগত ভাৱে আমাৰ নিজৰ ঘৰখন আৰু সমাজখনক বায়ু প্ৰদূষণ কাৰী কাৰ্য্য বোৰৰ বিষয়ে কিছু জ্ঞান দি সজাগতা বৃদ্ধি কৰি বায়ু প্ৰদূষণৰ মাত্ৰা কিছু কমাব পাৰো ।

খ) নিজৰ ঘৰত ওলোৱা আৱৰ্জনা বোৰৰ পচি নোযোৱা প্লাষ্টিক, পলিথিন আদি জ্বলাই নিদি জমা কৰি থৈ প্লাষ্টিক উদ্যোগ বোৰক পূৰ্ণ ব্যৱহাৰৰ বাবে দি পঠোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ । অথবা কোনো এখন ঠাইত দ’ – গাঁত কৰি পুতি থোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ ।

গ) অপ্ৰয়োজনত ধোৱা নিৰ্গত হোৱা কাৰ্য নকৰাকৈ থাকিব পাৰোঁ । যাতায়তৰ বাবে পৰাপক্ষত ব্যক্তিগত যান – বাহন ব্যৱহাৰ নকৰি যাত্ৰীবাহী বাছ, মটৰ, ৰেল আদিত ভ্ৰমণ কৰিব পাৰোঁ ।

ঘ) বিয়া – সবাহ, পূজা – পাৰ্বন আদিত আতচবাজী ব্যৱহাৰ নকৰাকৈ থাকিব পৰো ।

ঙ) নিজাববীয়াকৈ বৃক্ষ ৰোপন কৰিব পাৰো ।

৩) ‘পৰিষ্কাৰ, স্বচ্ছ ( ফটফটীয়া ) পানী খোৱাৰ উপযোগী ‘– তোমাৰ মতামত আগবঢ়োৱা ।

উত্তৰ:- পৰিষ্কাৰ, স্বচ্ছ ( ফটফটীয়া ) পানী খোৱাৰ উপযোগী নহ’বও পাৰে । কাৰণ পানী দেখাত পৰিষ্কাৰ হ’লেও তাত শৰীৰক লগা খনিজ লৱণ মিহলি হৈ নাথাকিবও পাৰে । শৰীৰৰ উপযোগী খনিজ লৱণ থকা পানীহে আমি খাব লাগে । পৰিষ্কাৰ হ’লেও পানীত বেমাৰৰ বীজাণু মিহলি হৈ থাকিব পাৰে। বীজাণু মুক্ত পানীহে খোৱাৰ উপযোগী । দেখাত পৰিষ্কাৰ হলেও পানী সদায় গৰম কৰি উতলাই খাব লাগে ।

৪) ধৰি লোৱা তুমি তোমাৰ নগৰ খনৰ পৌৰ নিগমৰ এজন সদস্য । তোমাৰ নগৰ খনৰ সকলো বোৰ বাসিন্দাৰ ঘৰলৈ বিশুদ্ধ পানীৰ যোগান ধৰিবলৈ কি কি ব্যৱস্থা লবা তাৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- পৌৰ নিগমত সাধাৰণতে চৰকাৰী পানী যোগান আঁচনিৰ সহায়ত পাইপ লাইনৰ সহায়ত ঘৰে ঘৰে পানী যোগান ধৰা ব্যৱস্থা থাকে । পৌৰ নিগমৰ এগৰাকী সদস্য হিচাবে সকলো বাসিন্দাই যাতে বিশুদ্ধ পানী খাবলৈ পায় তাৰ বাবে তলৰ ব্যৱস্থা সমূহত নজৰ দিব পাৰি –

ক) যোগান ধৰা পানীৰ আঁচনিৰ পানী পৰিশোধিত কৰাৰ ব্যৱস্থা ফলপ্ৰসূ ভাবে চলি আছে নে নাই মাজে মাজে পৰিদৰ্শন কৰি পৰ্যবেক্ষণ কৰিব পাৰি ।

খ) সময় মতে পানীৰ টেংকি পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব দিব লাগিব।

গ) পানীৰ পাইপ যদি কৰবাত ফুটা হয় তাক মেৰামতি কৰাৰ ব্যৱস্থা কৰিব পাৰি । কাৰণ ফুটাৰে বেয়া পানীৰ পৰা বেমাৰৰ বীজাণু পানীত সোমাই যায় ।

ঘ) যদি পাইপৰ পানী নাথাকে তেন্তে চৰকাৰী ভাবে দমকল বা কুঁৱা খন্দাৰ ব্যৱস্থা কৰিব পাৰি ।

ঙ) সভা সমিতি পাতি বাসিন্দা সকলক বিশুদ্ধ পানী কিয় খাব লাগে আৰু কেনেকৈ পানী বিশুদ্ধ কৰি খাব লাগে তাৰ বাবে সজাগতা সৃষ্টি কৰিব পাৰি ।

চ) উৎস সমূহৰ পানীত ফ্ল’ৰাইড, আৰ্চেনিক আদি আছে নে নাই তাক পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰি ।

৫) বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্য সমূহ ব্যাখ্যা কৰা ।

উত্তৰ:- বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্য সমূহ হল –

ক) বিশুদ্ধ বায়ুত মূলতঃ নাইট্ৰ’জেন (৭৮%), অক্সিজেন (২১%), আৰু বাকী ১% অন্যান্য গেছ যেনে কাৰ্বন – ডাই – অক্সাইড, আৰ্গন, মিথেন, অ’জন, জলীয় ভাপ থাকে । আনহাতে প্ৰদূষিত বায়ুত এইবোৰৰ পৰিমাণৰ হীনদেৰি ঘটে ।

খ) বিশুদ্ধ বায়ুত ধূলি কণা আৰু ধোঁৱা নাথাকে আনহাতে প্ৰদূষিত বায়ুত ধূলি কণা আৰু ধোঁৱা যথেষ্ট পৰিমাণে থাকে ।

গ) বিশুদ্ধ বায়ুত কাৰ্বন – ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি নহয় আনহাতে প্ৰদূষিত বায়ুত কাৰ্বন – ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ যায় ।

ঘ) বিশুদ্ধ বায়ু সাধাৰণতে বীজাণু মুক্ত বুলি ধৰা হয় আনহাতে প্ৰদূষিত বায়ুত বেমাৰৰ বীজাণু থাকিব পাৰে ।

৬) কেনেকুৱা পৰিস্থিতিত এছিড বৰষুণ হব পাৰে ব্যাখ্যা কৰা । এছিড বৰষুনে আমাক কেনেকৈ অপকাৰ কৰিছে?

উত্তৰ:- কাৰ্বন – ডাই – অক্সাইড আৰু ছালফাৰ – ডাই – অক্সাইড গেছ নিৰ্গত কৰা কল – কাৰখানা বোৰৰ পৰা নিৰ্গত গেছে বৰষুণৰ পানীৰ লগত মিহলি হৈ কৰ্বনিক আৰু ছালফিউৰিক এছিডৰ সৃষ্টি কৰে । বৰষুণৰ পানীৰ লগত এই ধৰণৰ এছিড মিহলি হৈ এছিড বৰষুণ হব পাৰে ।

এছিড বৰষুনে আমাক তলত দিয়া ধৰণে অপকাৰ কৰিছে –

ক) এছিড বৰষুনে ঘৰৰ টিন, মাৰ্বল আদিত ক্ষয় সাধন ঘটায় ।

খ) ঐতিহাসিক মঠ মন্দিৰ বোৰৰ ক্ষতি সাধন কৰে ।

গ) উদ্ভিদ বা কৃষিৰ ওপৰত এছিড বৰষুণ পৰিলে তাৰ পাতৰ অনিষ্ট সাধন ঘটি উদ্ভিদ বোৰ মৰি যায় ।

ঘ) পানীত এছিড বৰষুণ পৰিলে জীৱ জন্তুৰ খোৱা পানীত আম্লিক গুণ বাঢ়ি যায় আৰু অনিষ্ট সাধন ঘটে ।

ঙ) জলজ প্ৰাণী আৰু উদ্ভিদৰো অনিষ্ট ঘটে ।

৭) তলত দিয়া গেছ বোৰৰ ভিতৰত কোন কেইটা সেউজ গৃহ গেছ নহয় ?

ক) কাৰ্বন – ডাই – অক্সাইড ।

খ) ছালফাৰ – ডাই – অক্সাইড ।

গ) মিথেন ।

ঘ) নাইট্ৰজেন ।

উত্তৰ:- ঘ) নাইট্ৰজেন ।

৮) তোমাৰ নিজৰ ভাষাৰে ‘ সেউজ গৃহৰ প্ৰভাৱ ‘ ৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰ:- সূৰ্যৰ পৰা পৃথিৱীলৈ অহা ৰশ্মি পৃথিৱীৰ বায়ু মণ্ডলৰ মাজেৰে মাটিত পৰে । মাটিয়ে তাপ শোষণ কৰে আৰু কিছু প্ৰতিফলিত কৰি বায়ুমণ্ডলৰ মাজেৰে মহাকাশলৈ পঠিয়াই দিয়ে। পৃথিৱীয়ে নিৰ্গত কৰা তাপ বায়ুমণ্ডলৰ কাৰ্বন – ডাই – অক্সাইড, জলীয় বাষ্প, মিথেন, নাইট্ৰজেন, আদি গেছে শোষণ কৰি থয় ।

ফলত বায়ু মণ্ডলটো উত্তাপিত হৈ থাকে । ইয়াকে সেউজ গৃহ প্ৰভাৱ বোলে । সেউজ গৃহ প্ৰভাৱ জীৱৰ বাবে প্ৰয়োজনীয় যদিও অতিমাত্ৰা হলে অনিষ্টকাৰী হয় । যেতিয়া বায়ু মণ্ডলত মূলতঃ কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া এই প্ৰভাৱৰ মাত্ৰাও বাঢ়ে ফলত গোলকীয় উষ্ণতাও বৃদ্ধি পায় । বৰ্তমানে বায়ু মণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱা বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে ।

এনে হৈ থাকিলে পৃথিৱীৰ সকলো বৰফ গলি মহা প্লাবনৰ সৃষ্টি হৈ পৃথিৱী ধ্বংস হব । সেইবাবে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাব লাগে । তাৰ বাবে বৃক্ষ ৰোপন কৰিব লাগে আৰু এনে গেছ নিৰ্গত কৰা উদ্যোগৰ পৰিমাণ কমাব লাগে ।

৯) গোলকীয় উষ্ণতাৰ ওপৰত এটা চমু বক্তৃতা প্ৰস্তুত কৰা আৰু বক্তৃতাটো শ্ৰেণীত প্ৰদান কৰা ।

উত্তৰ:- বিভিন্ন ক্ৰিয়াকলাপৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰা বাঢ়ি গৈ উষ্ণতা বৃদ্ধি হোৱাটোৱেই হ’ল গোলকীয় উষ্ণতা । এই উষ্ণতাৰ মান মোটামুটি ১৫° ছেলচিয়াছ । সূৰ্যৰ পৰা অহা তাপ পৃথিৱীয়ে শোষণ কৰে । এই তাপ ৰাতিৰ ভাগত পৃথিৱী পৃষ্ঠৰ পৰা নিৰ্গমন হৈ বায়ু মণ্ডলৰ মাজেৰে মহাকাশলৈ পুনৰ উভতি যায় । পৃথিৱীৰ বায়ু মণ্ডলৰ সেউজ গৃহ গেছ যেনে – কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড, জলীয় বাষ্প আদিয়ে সূৰ্যৰ তাপ শোষণ কৰি বায়ু মণ্ডলত উষ্ণ কৰি ৰাখে ।

বায়ু মণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বা অন্য সেউজ গৃহ গেছ সমূহৰো পৰিমাণ প্ৰয়োজনতকৈ বেছি হলে তাপ শোষণৰ পৰিমাণ বাঢ়ি যায় । ইয়াকে সেউজ গৃহ প্ৰভাৱ বোলে । যদি সেউজ গৃহ প্ৰভাৱৰ মান যথেষ্ট বাঢ়ি যায়, বায়ু মণ্ডলৰ উষ্ণতাও সেই অনুপাতে বৃদ্ধি পায় । ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি পায় । ইয়াকে গোলকীয় উত্তাপন বোলা হয় ।

পৃথিৱীত অপৰিকল্পিত সেউজ গৃহ গেছ নিৰ্গত কৰা উদ্যোগ, যান – বাহন আদিৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে । আনহাতে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰা উদ্ভিদৰ পৰিমাণ ( হাবি – বননি ) কমি গৈছে ফলত সেউজ গৃহ প্ৰভাৱৰ বৃদ্ধি খৰতকীয়া হবলৈ ধৰিছে । ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈ হিমালয়ৰ গংগোত্রিৰ বৰফ অঞ্চল গলিবলৈ লৈছে । পৃথিৱীৰ মেৰু অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিবলৈ লৈছে।

এনে দৰে বৰফ গলাৰ ফলত পৃথিৱীত মহা প্লাবণৰ সৃষ্টি হব । সাগৰৰ উপকূল অঞ্চলৰ ঠাইবোৰ ডুবি যাব । ফলত জীৱ জন্তুৰ অৱস্থা বিপন্ন হব । হিচাব কৰি পোৱা গৈছে যে ০.৫° ছেলচিয়াছ গোলকীয় উষ্ণতা বৃদ্ধিয়েও পৃথিৱীৰ বতৰৰ গুৰুতৰ প্ৰভাৱ পেলাব ।

এই সম্পৰ্কে সচেতন হ’বৰ বাবে পৃথিৱীত কিয়ট চুক্তি, কোপেহেগেন চামিট, আৰ্থ চামিট আদি কিছুমান মহাসভাৰ গঠন হৈছে । এই সভাত হোৱা চুক্তিৰ লক্ষ্য হল কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ হাৰ কমোৱা যাতে অনাকাংক্ষিত নিশ্চিত বিপদৰ পৰা পৃথিৱী ৰক্ষা পৰে । অন্যথা এই শতিকাৰ শেষৰ ফালে গোলকীয় উষ্ণতা বৰ্তমান লৈকে ২০ ছে. তকৈ বেছি বৃদ্ধি পাব ।

এইয়া হ’লে এনে শ্যামলীময়, জীৱধাৰী সৌৰজগতৰ একমাত্ৰ গ্ৰহ পৃথিৱীও এটি শুকান গ্ৰহত পৰিণত হব ।

১০) তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ননা কৰা ।

উত্তৰ:- আগ্ৰাৰ তাজমহল হল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা । বগা মৰ্বলেৰে সজা এই তাজমহলত যোৱা দুটা দশকত আগৰ পৰা মাৰ্বল বোৰৰ ওপৰত হালধীয়া প্ৰলেপ পৰা বুলি অনুমান কৰা হৈছে । ইয়াৰ কাৰণ হল আগ্ৰাৰ আশে – পাশে থকা চামৰাৰ উদ্যোগ, মথুৰা তেল শোধানাগাৰ আদিৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড গেছ বোৰ । এই গেছ বোৰে এছিড বৰষুণৰ সৃষ্টি কৰিছে ।

এই এছিড বৰষুনে বগা মাৰ্বলৰ ওপৰত পৰি বিক্ৰিয়া ঘটি মাৰ্বল কেন্সাৰৰ সৃষ্টি কৰাৰ ফলত এই হালধীয়া প্ৰলেপৰ সৃষ্টি হৈছে । এনেদৰে বিদেশৰ পৰ্যটকৰ মন ভূলোৱা বিশ্ব ৰূপময়ী তাজমহলৰ ৰূপ ক্ৰমান্বয়ে ম্লান হোৱাৰ পথত আছে ।

এইবোৰে উচ্চতম ন্যায়ালয়ে তাজমহলৰ আশে পাশে থকা আগ্ৰাৰ অঞ্চলত চি. এন. জি. আৰু এল. পি. জি. গেছৰ সহায়ত চলোৱা যান – বাহনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে ।

১১) পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা ।

উত্তৰ:- খেতি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বোৰ পানীত দ্ৰৱীভূত হয় । সাৰত থকা অতিৰিক্ত নাইট্ৰেট আৰু ফছফেট বোৰ পানীত বৈ গৈ পুখুৰী, হ্ৰদত বা অন্য পানী জমা থকা অঞ্চলত পৰে । এই নাইট্ৰেট আৰু ফছফেট যৌগ বোৰে পানীত থকা শেলাইৰ বৃদ্ধিত সহায় কৰে ।

গতিকে সেই পানীত এই জাতীয় উদ্ভিদৰ পৰিমাণ অতিপাত বৃদ্ধি ঘটে। যেতিয়া এইবোৰ মৰে তাত থকা বেক্টেৰিয়াই তাক খাদ্য হিচাপে গ্ৰহণ কৰে । বেক্টেৰিয়াৰো বৃদ্ধি ঘটে আৰু পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যায় । ফলত তাত থকা জলজ প্ৰাণী বোৰৰ জীৱন – ধাৰণৰ ক্ষেত্ৰত সংকটে দেখা দিয়ে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – সঘনাই সোধা প্ৰশ্ন (FAQs)
গ্ৰীন হাউচ গেছৰ উদাহৰণ কি?
মুখ্য গ্ৰীন হাউচ গেছসমূহ হ’ল কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্রাছ অক্সাইড আৰু জলীয় ভাপ।
এচিড বৰষুণ কি?
বায়ু প্ৰদূষক যেনে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈ এচিড গঠন কৰে, ইয়াকে এচিড বৰষুণ বোলে।
পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি?
পানী উতলাই, ফিল্টাৰ কৰি বা ক্ল’ৰিন টেবলেট ব্যৱহাৰ কৰি বিশুদ্ধ কৰিব পাৰি।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top