Class 8 Science Chapter 10 Solutions – কোষ: গঠন আৰু কাৰ্য | SCERT Assam | Assamese Medium

Class 8 Science Chapter 10 – কোষ-গঠন আৰু কার্য (Cell: Structure and Functions) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১০ – কোষ-গঠন আৰু কার্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ দশম অধ্যায় ‘কোষ-গঠন আৰু কার্য’ (Cell: Structure and Functions) জীৱবিজ্ঞানৰ আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ পাঠ। জীৱদেহৰ গঠনগত আৰু কাৰ্য্যকৰী একক ‘কোষ’ৰ বিষয়ে এই অধ্যায়ত বিশদভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত কোষৰ আৱিষ্কাৰ, কোষৰ বিভিন্ন অংশ যেনে— কোষকেন্দ্ৰ, কোষপ্ৰৰস, মাইট’কণ্ড্ৰিয়া আৰু প্লাষ্টিডৰ কাৰ্য্যৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়া হৈছে। তদুপৰি, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত থকা পাৰ্থক্যসমূহ ইয়াত অতি সৰলকৈ দাঙি ধৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজেই বিষয়টো আয়ত্ত কৰিব পাৰে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চিহ্নিত চিত্ৰ আৰু বৰ্ণনামূলক প্ৰশ্ন ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • কোষৰ সংজ্ঞা আৰু ৰবাৰ্ট হুকে কৰা কোষৰ আৱিষ্কাৰৰ ইতিহাস।
  • এককোষী আৰু বহুকোষী জীৱৰ মাজত থকা পাৰ্থক্য।
  • কোষৰ বিভিন্ন অংগাণুসমূহৰ (Cell Organelles) গঠন আৰু সেইবোৰৰ নিৰ্দিষ্ট কাৰ্য্য।
  • প্ৰ’কেৰিওটিক আৰু ইউকেৰিওটিক কোষৰ মাজৰ তুলনামূলক আলোচনা।
  • উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ আৰু পাৰ্থক্যৰ তালিকা।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • জটিল বৈজ্ঞানিক শব্দবোৰৰ সহজ ব্যাখ্যা আৰু চিহ্নিত চিত্ৰৰ প্ৰাধান্য।

আপোনাৰ জীৱবিজ্ঞানৰ ভেটি মজবুত কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

V
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১০ – কোষ: গঠন আৰু কাৰ্য |

Class 8 Science

পাঠ – ১০                            Ospin Academy

কোষ – গঠন আৰু কাৰ্য

১) তলৰ উক্তি বোৰ সত্য নে অসত্য চিনাক্ত কৰা ।

ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে ।

উত্তৰ:- সত্য ।

খ) পেশী কোষবোৰ শাখা যুক্ত ।

উত্তৰ:- অসত্য ।

গ) এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ ।

উত্তৰ:- অসত্য ।

ঘ) এমিবাৰ আকৃতি অনিয়মীয়া ।

উত্তৰ:- সত্য ।

২) মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা । স্নায়ু কোষে কি কাম কৰে ?

উত্তৰ:-

মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা

মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা

স্নায়ু কোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে । কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্ধ স্থাপন কৰে ।

৩) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা ।

ক) কোষ প্ৰৰস ।

উত্তৰ:- কোষ প্ৰৰস হ’ল কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য । কোষৰ আন বহু উপাদান বা কোষাংগ কোষ প্ৰৰসত পোৱা যায় । সেইবোৰ হল মাইট্ৰ’কণ্ডিয়া, গলগি বডি, ৰাইব’জ’ম ইত্যাদি ।

খ) কোষ কেন্দ্ৰ ।

উত্তৰ:- ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান । ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত । ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । এখন আবৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰসৰ পৰা পৃথক কৰিছে । এই আৱৰণ খনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে । এই আৱৰণ খন বিন্ধা যুক্ত । ই কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে । কোষ কেন্দ্ৰৰ ভিতৰৰ অতি সৰু গোলাকাৰ অংশটোক অতিকোষ কেন্দ্ৰ বোলে । ক্ৰম’জ’ম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে। এইবোৰে জিন কঢিয়াই আৰু বংশানুক্ৰমে পোৱা গুণ বোৰ পিতৃ – মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে ।

৪) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে ?

উত্তৰ:- কোষৰ কোষপ্ৰৰসত কোষাংগবোৰ থাকে ।

৫) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা । সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:-

প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি

প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি

সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য হল –

ক) প্ৰাণী কোষত কোষ বেৰ নাথাকে, কোষাৱৰণ থাকে । কোষাৱৰণ বোৰ প্লাজমাৰে তৈয়াৰী থাকে । আনহাতে উদ্ভিদ কোষত ডাঠ কোষ বেৰ থাকে, কোষ বেৰ বোৰ ছেলুল’জেৰে তৈয়াৰী থাকে ।

খ) প্ৰাণী কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা নাযায় আনহাতে উদ্ভিদ কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা যায় ।

গ) প্ৰাণী কোষত ভেকুঅ’ল ( ৰসধানী ) নাথাকে বা সৰু কৈ থাকে আনহাতে উদ্ভিদ কোষত ভেকুঅ’ল ( ৰসধানী ) অতি ডাঙৰ থাকে ।

৬) ইউকেৰিঅ‘টছ আৰু প্ৰ‘কেৰিঅটছৰ মাজত পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅটছৰ মাজত পাৰ্থক্য হল –

ক) ইউকেৰিঅ’টছত সুসংগঠিত কোষ কেন্দ্ৰ থাকে আনহাতে প্ৰ’কেৰিঅটছত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে ।

খ) ইউকেৰিঅ’টছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণৰ মাজত থাকে আনহাতে প্ৰ’কেৰিঅটছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণ নোহোৱাকৈ থাকে ।

গ) ইউকেৰিঅ’টছ বোৰ উচ্চ পৰ্যায়ৰ প্ৰাণীৰ দেহত পোৱা যায়। উদাহৰণ স্বৰুপে :- গৰু, ম’হ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায় । আনহাতে প্ৰ’কেৰিঅটছ নিন্ম খাপৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণস্বৰূপে :- নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত পোৱা যায় ।

৭) কোষৰ কোনটো অংশত ক্ৰম‘জ‘ম পোৱা যায় ? সিহঁতৰ কামবোৰ উল্লেখ কৰা ।

উত্তৰ:- কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায় । ক্ৰম’জ’মৰ গাত ‘ জিন ‘ থাকে । এই জিনে এটা পুৰুষৰ পৰা পৰবৰ্তী পুৰুষলৈ চৰিত্ৰ বহন কৰে ।

৮) ‘কোষ জীৱৰ মৌলিক গঠনগত একক’ । ব্যাখ্যা কৰা।

উত্তৰ:- জীৱৰ দেহৰ গঠনত ভাগ লোৱা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ হল কোষ। জীৱ বোৰ বিভিন্ন প্ৰজাতিৰ হলেও সকলো বোৰ জীৱ দেহ কিন্তু কোষেৰে গঠিত । এটা জীৱৰ কোষ বেৰ একেধৰণৰ । দেৱাল এখন বনোৱাত যিদৰে একে ধৰণৰ ইটা লগলগাই সম্পূৰ্ণ দেৱাল খন বনোৱা হয়, তেনেদৰে একে ধৰণৰ কোষেও একেটা জীৱ দেহৰ সৃষ্টি কৰে ।

গতিকে কোষক জীৱ দেহ গঠনৰ মৌলিক একক বোলা হয় । জীৱৰ সকলো বোৰ কাৰ্য কোষৰ কোষাংগ সমূহৰ দ্বাৰা পৰিচালিত হয় । এটা জীৱৰ কোষ বোৰ একে কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে । কোষ বোৰৰ গঠন অতি জটিল ।

৯) কিয় হৰিৎকণা মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায় ? ব্যাখ্যা কৰা ।

উত্তৰ:- উদ্ভিদ বোৰে তাৰ সেউজীয়া পাতত থকা হৰিৎকণাৰ সহায়ত নিজৰ খাদ্য নিজে তৈয়াৰ কৰে । প্ৰাণীয়ে নকৰে । উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে। উদ্ভিদৰ পাতত সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিৎকণা তাৰ পাতত থকা কোষৰ কোষ প্ৰৰসত সিঁচৰিত হৈ থকা প্লাষ্টিডত থাকে ।

যদি হৰিৎকণা নাথাকিল হেঁতেন তেন্তে উদ্ভিদে সালোক সংশ্লেষণ ঘটাব নোৱাৰিলে হেঁতেন । সেইবাবে উদ্ভিদৰ কোষতহে হৰিৎকণা থাকে । প্ৰাণীয়ে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণী দেহত হৰিৎকণা নাথাকে ।

১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা ।

১) কোষ কেন্দ্ৰত থকা পকোৱা – সূতা সদৃশ গঠনৰ উপাদান ।

উত্তৰ:- ক্ৰম’জ’ম ।

২) কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য ।

উত্তৰ:- কোষ প্ৰৰস ।

৩) পাতৰ কোষৰ কোষ প্ৰৰসত থকা ৰঙীণ পদাৰ্থ ।

উত্তৰ:- প্লাষ্টিড ।

৪) এবিধ এককোষী জীৱ ।

উত্তৰ:- এমিবা ।

৫) কোষ প্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন ।

উত্তৰ:- ৰসধানী

৫)কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকী

উত্তৰ:- ৰবাৰ্টহুক ।

৬) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি ।

উত্তৰ :- কলা ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Science Chapter 10 Solutions Assamese, কোষ-গঠন আৰু কার্য, Class 8 Science Assamese Medium, ASSEB Assam Class 8 Science, Cell Structure and Functions Question Answer Assamese, Ospin Academy Science, Class 8 বিজ্ঞান অধ্যায় ১০ PDF, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য, পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top