Class 8 Science Chapter 12 – প্ৰাণীৰ প্ৰজনন (Reproduction in Animals) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১২ – প্ৰাণীৰ প্ৰজনন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ দ্বাদশ অধ্যায় ‘প্ৰাণীৰ প্ৰজনন’ (Reproduction in Animals) জীৱবিজ্ঞানৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কৌতুহলপূৰ্ণ পাঠ। জীৱৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে প্ৰজনন কিয় প্ৰয়োজন আৰু ই কেনেকৈ সম্পন্ন হয়, সেই বিষয়ে এই অধ্যায়ত বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিত যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ মাজত থকা পাৰ্থক্য, নিষেচন প্ৰক্ৰিয়া (আভ্যন্তৰীণ আৰু বাহ্যিক), ভ্ৰূণৰ বিকাশ আৰু ক্লোনিং (Cloning) ৰ দৰে আধুনিক বৈজ্ঞানিক পদ্ধতিসমূহ সহজ অসমীয়া ভাষাত বুজাই দিয়া হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন আৰু চিত্ৰভিত্তিক সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰজননৰ গুৰুত্ব আৰু জীৱজগতত ইয়াৰ প্ৰয়োজনীয়তা।
- পুং প্ৰজনন অংগ আৰু স্ত্ৰী প্ৰজনন অংগৰ গঠন আৰু কাৰ্য।
- নিষেচন (Fertilization) কি আৰু ইয়াৰ প্ৰকাৰসমূহৰ (আভ্যন্তৰীণ আৰু বাহ্যিক) ব্যাখ্যা।
- অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতি যেনে— মুকুলোদগম (Budding) আৰু দ্বিখণ্ডন (Binary Fission)।
- টেষ্ট টিউব বেবী বা IVF প্ৰক্ৰিয়াৰ ধাৰণা।
- মেটামৰ্ফ’চিচ বা ৰূপান্তৰ প্ৰক্ৰিয়া (যেনে— ভেকুলীৰ জীৱন চক্ৰ)।
- নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
- সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
- জটিল জৈৱিক প্ৰক্ৰিয়াসমূহৰ সহজ বিশ্লেষণ।
আপোনাৰ বিজ্ঞানৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১২ Ospin Academy
প্ৰাণী প্ৰজনন
১) জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা ।
উত্তৰ:- জীৱৰ সৃষ্টি জীৱৰ পৰাই হয় । জীৱৰ ক্ৰমবিকাশ সম্ভৱ হৈছে জীৱৰ বংশানুক্ৰমে হৈ থকা প্ৰজনন আৰু তাৰ পৰিবেশৰ লগত হোৱা পৰিবৰ্তনৰ বাবে । এটা প্ৰজাতিৰ ধাৰাবাহিকতা বা বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ হলে সেই জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হবই লাগিব ।
নতুন জীৱ বা সতি সন্তানৰ উৎপত্তি হবৰ বাবে প্ৰজনন প্ৰক্ৰিয়াৰ আবশ্যক । প্ৰজনন নহলে নতুন জীৱ ( উদ্ভিদ বা প্ৰাণী ) ৰ বিস্তাৰ হব নোৱাৰে । প্ৰজনন নহ’লে পৃথিৱীৰ জীৱৰ অস্তিত্ব কাহানিবাই শেষ হৈ গ’লহেতেন ।
২) মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা ।
উত্তৰ:- মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন হয় । যৌন প্ৰজননত পুৰুষৰ অণ্ডকোষত উৎপন্ন হোৱা শুক্ৰানু সংগমৰ সময়ত মহিলাৰ জৰায়ুত সোমায় । জৰায়ুত ইতিমধ্যে থকা পৈণত ডিম্বানুক হেজাৰ হেজাৰ শুক্ৰানুৰ এটি শুক্ৰানুৱে ডিম্বানুৰ লগত মিলন ঘটায় ।
এই সংযোজনৰ নামেই নিষেচন । নিষেচনৰ ফলত শুক্ৰানু আৰু ডিম্বানুৰ দুয়োটা কোষ কেন্দ্ৰ মিলি এটা নতুন কোষ কেন্দ্ৰৰ সৃষ্টি কৰে । ইয়াক যোজন কোষ বোলে । সময়ত এটা যিজন কোষৰ বিকাশ ঘটি পূৰ্ণাংগ মানৱত পৰিণত হয় ।
৩) উপযুক্ত উত্তৰটো বাছি উলিওৱা ।
ক) অন্তঃ নিষেচন ঘটে
i) স্ত্ৰীৰ দেহত ।
ii) স্ত্ৰীৰ দেহৰ বাহিৰত ।
iii) পুৰুষৰ দেহত ।
iv) পুৰুষৰ দেহৰ বাহিৰত ।
উত্তৰ:- i) স্ত্ৰীৰ দেহত ।
খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হল –
i) নিষেচন ।
ii) ৰূপান্তৰ ।
iii) টানকৈ লাগি ধৰা ।
iv) মুকুলন ।
উত্তৰ:- ii) ৰূপান্তৰ ।
গ) এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা –
i) নাথাকে ।
ii) এটা ।
iii) দুটা ।
iv) চাৰিটা ।
উত্তৰ:- ii) এটা ।
৪) নিম্ন লিখিত উত্তৰ বোৰত শুদ্ধ হলে (শু) আৰু অশুদ্ধ হলে (অ) লিখিবা ।
ক) ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় ।
উত্তৰ:- অশুদ্ধ ।
খ) প্ৰতিটো শুক্ৰানু এক কোষীয় ।
উত্তৰ:- শুদ্ধ ।
গ) ভেকুলীৰ বহিঃ নিষেচন হয় ।
উত্তৰ:- শুদ্ধ ।
ঘ) এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় ।
উত্তৰ:- অশুদ্ধ ।
ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয় ।
উত্তৰ:- শুদ্ধ ।
চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে ।
উত্তৰ:- অশুদ্ধ ।
ছ) অযৌন প্ৰজননতো নিষেচনৰ আবশ্যক ।
উত্তৰ:- অশুদ্ধ ।
জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি ।
উত্তৰ:- শুদ্ধ ।
ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয় ।
উত্তৰ:- শুদ্ধ ।
ঞ) এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত ।
উত্তৰ:- অশুদ্ধ ।
৫) এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ:- এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য হল –
ক) এটা যোজন কোষ এক কোষীয় আনহাতে এটা গৰ্ভ ভ্ৰূণ বহু কোষীয় ।
খ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনত এটা যোজন কোষ সৃষ্টি হয় আনহাতে যোজন কোষ বিকাশ হৈ এটা গৰ্ভ ভ্ৰূণৰ সৃষ্টি হয় ।
গ) এটা যোজন কোষৰ অংগ– প্ৰত্যংগ চিনি পোৱা নাযায় আনহাতে এটা গৰ্ভ ভ্ৰূণৰ অংগ– প্ৰত্যংগ চিনি পোৱা যায় ।
৬) অযৌন প্ৰজননৰ সংজ্ঞা দিয়া । প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰ:- যি প্ৰজনন যৌনাংগৰ মিলনৰ ফলত নঘটি একক মাতৃ বা একক পিতৃ ৰ পৰা হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে । প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি হল –
ক) মুকুলন :- হাইড্ৰা, ইষ্ট আদিৰ দৰে নিম্ন খাপৰ প্ৰাণী বোৰৰ দেহত কিছুমান উখহা অংশৰ সৃষ্টি হয় । এইবোৰ একোটা মুকুল । এই মুকুল বোৰ সময়ত পৈণত হৈ মূল হাইড্ৰা বা ইষ্টটোৰ পৰা খহি পৰে । এই অংশ টোৱে বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে ।
খ) দ্বৈত বিখণ্ডন :- এমিবা আদিৰ দৰে এককোষী ইহঁত প্ৰাণীৰ দেহত থকা কোষ কেন্দ্ৰটো দুটা কোষত বিভক্ত হৈ পৰে । তাৰ পাছত দেহটোও দুটা ভাগত বিভক্ত হৈ যায় । প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰি দুটা অপত্য এমিবাৰ সৃষ্টি হয় । এনে প্রজননক দ্বৈত বিখণ্ডন বোলা হয় ।
৭) স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে?
উত্তৰ:- স্ত্ৰী প্ৰজনন অংগৰ জৰায়ুত ভ্ৰূণটো লাগি ধৰে ।
৮) ৰূপান্তৰ কি ? উদাহৰণ দিয়া ।
উত্তৰ:- পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক প্ৰাণীলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে ।
উদাহৰণ স্বৰূপে –
ক) পখিলাৰ ক্ষেত্ৰত :- কণী -> পলু -> লেটা -> পখিলা ।
খ)ভেকুলীৰ ক্ষেত্ৰত :- কণী -> লালুকী -> ভেকুলী ।
৯) অন্তঃ নিষেচন আৰু বহিঃ নিষেচনৰ মাজত পাৰ্থক্য উলিওৱা ।
উত্তৰ:- অন্তঃ নিষেচন আৰু বহিঃ নিষেচনৰ মাজত পাৰ্থক্য হল –
ক) অন্তঃ নিষেচন স্ত্ৰীজননাংগৰ ভিতৰত ঘটে আনহাতে বহিঃ নিষেচন স্ত্ৰী দেহৰ বাহিৰত ঘটে ।
খ) অন্তঃ নিষেচনত মাইকী প্ৰানীটোৱে নিষিক্ত কণী পাৰে বা পোৱালি জগায় আনহাতে বহিঃ নিষেচনত মাইকী প্ৰানীটোৱে কেৱল নিষিক্ত কণী পাৰে ।
গ) উচ্চ খাপৰ প্ৰাণী যেনে – মানুহ, গৰু আদিৰ ক্ষেত্ৰত অন্তঃ নিষেচন হয় আনহাতে মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত বহিঃ নিষেচন হয় ।
ঘ) অন্তঃ নিষেচনে স্ত্ৰীজননাংগৰ ভিতৰত শুক্ৰানু ত্যাগ কৰে আনহাতে বহিঃ নিষেচনে স্ত্ৰী দেহৰ বাহিৰত মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত শুক্ৰানু ত্যাগ কৰে ।
১০| তলত দিয়া ইংগিত বোৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো সম্পূৰ্ণ কৰা ।
১) পখিলা, ভেকুলী আদিৰ নিচিনা জীৱৰ জীৱন চক্ৰত ক্ৰমে পলু অথবা লালুকীৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে পূৰ্ণাংগ অৱস্থালৈ সলনি হোৱা প্ৰক্ৰিয়া ।
উত্তৰ:- ৰূপান্তৰ ।
২) ইষ্ট, হাইড্ৰা আদিত মুকুলৰ দ্বাৰা হোৱা প্ৰজনন ।
উত্তৰ:- মুকুলন ।
৩) এবিধ জৰায়ুজ প্ৰাণী ।
উত্তৰ:- কুকুৰ ।
৪) যৌন প্ৰজননত জনন কোষ মিলিত হৈ গঠন কৰা কোষ ।
উত্তৰ:- যোজন কোষ ।
৫) পোৱালি জগোৱা প্ৰাণী ।
উত্তৰ:- কুকুৰ ।
৬) যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ জীৱ সৃষ্টি কৰে বা জন্ম দিয়ে ।
উত্তৰ:- নিষেচন ।
