Class 10 Geography Chapter 2 Solutions – পৰিৱেশ ভূগোল | SEBA | Assamese Medium

অধ্যায় ২ – পৰিৱেশ ভূগোল

দশম শ্ৰেণী ভূগোল অধ্যায় ২ – পৰিৱেশ ভূগোলৰ আটাইবোৰ অনুশীলনীৰ সমাধান | SEBA Board | Assamese Medium

দশম শ্ৰেণী ভূগোল অধ্যায় ২ – পৰিৱেশ ভূগোল

দশম শ্ৰেণী ভূগোল অধ্যায় ২ – পৰিৱেশ ভূগোল (Solutions | SEBA Board – Assamese Medium)

এই অধ্যায়ত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ, পৰিৱেশ দূষণ, বন উচ্ছেদ, জলবায়ু পৰিৱৰ্তন, আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়সমূহ আলোচনা কৰা হৈছে। পৰিৱেশ ভূগোল আমাদের দৈনন্দিন জীৱনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু SEBA HSLC পৰীক্ষাত এই অংশৰ পৰা বছৰি প্ৰশ্ন অহা দেখা যায়। অস্পীন একেডেমীত এই অধ্যায়ৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ অসমীয়া সমাধান উপলব্ধ।

✅ কি শিকিব:

  • পৰিৱেশ ভূগোলৰ সংজ্ঞা আৰু গুৰুত্ব
  • প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ আৰু ব্যৱহাৰ
  • পৰিৱেশ দূষণ: বায়ু, জল, মাটি, শব্দ
  • জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ
  • বনৰক্ষা আৰু সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA Class 10 ভূগোলৰ নতুন পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
  • প্ৰতিটো অনুশীলনী প্ৰশ্নৰ বিস্তাৰিত Assamese সমাধান
  • HSLC পৰীক্ষাত সহায়ক MCQ আৰু মানচিত্ৰ ভিত্তিক প্ৰশ্নৰ বুজাবুজি
  • ব্যৱহাৰিক উদাহৰণৰ সৈতে পৰিৱেশ ভূগোলৰ সহজ ব্যাখ্যা
  • PDF আকাৰত ডাউনলোড কৰিব পৰা সুবিধা
Vibrant Note Box
Buy Printable PDF
Class 10 Geography (ভূগোল) SEBA 2025 | Assamese Medium HSLC Solutions PDF
Original price was: ₹199.00.Current price is: ₹39.00.

Special HSLC 2025 Edition!

(For SEBA Class 10 Geography, Assamese Medium)

Get the complete Class 10 Geography (ভূগোল) Assamese Medium chapter-wise PDF solutions.
Includes maps, diagrams, key explanations, definitions, and exam-focused answers as per SEBA HSLC 2025 syllabus.
Perfect for home study, revision, and quick exam prep!

Vibrant Note Box
অধ্যায় ২ – পৰিৱেশ ভূগোল

https://youtube.com/@ospinacademyদশম শ্ৰেণী : ভূগোল

অধ্যায়-                                                                     অস্পিন একাডেমী

পৰিৱেশ ভূগোল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। পৰিবেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্র হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ ‘পৰিৱেশ’ শব্দটোৱে কোনো জীৱৰ চাৰিওফালে থকা প্ৰাকৃতিক পৰিস্থিতি বা অৱস্থাক বুজায়। অন্যার্থত, এটা জীৱৰ জীৱন ব্যৱস্থাৰ সৈতে সম্পৰ্কিত বিভিন্ন উপাদানক পৰিৱেশ। ভৌগোলিক দৃষ্টিৰ পৰা পৰিৱেশ মানে হৈছে পৃথিবীৰ সেই অংশ য’ত স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল একেলগ হোৱা দেখা যায়। এই প্ৰাকৃতিক গঠনসমুহৰ মাজত জীৱ আৰু জড় উপাদানসমূহে সমন্বয়ৰ ভিত্তিত একেলগে বাস কৰে।

‘পৰিৱেশ’ শব্দটোৰ অৰ্থ বহল। ই একোটা তন্ত্ৰ আৰু ইয়াৰ অন্তৰ্গত বহুতো উপতন্ত্র সামৰি লোৱা হৈছে। তন্ত্র হিচাপে ইয়াত নিশ্চিত একতা আৰু সংশক্তি বিৰাজমান। ইয়াৰ অন্তৰ্গত সাঙুৰি লোৱা উপতন্ত্ৰবোৰ হৈছে জীৱীয় পৰিৱেশ, অজীৱীয় পৰিৱেশ, জলচক্র, কার্বন চক্র, শক্তি চক্র ইত্যাদি। এই তন্ত্ৰৰ এটা অনন্য বৈশিষ্ট্য এয়ে যে পৰিৱেশৰ বিভিন্ন উপতন্ত্রবোৰে পৰিৱেশত সন্তুলিত ধৰণে সহ-অৱস্থান কৰে। এই তন্ত্ৰৰ বিভিন্ন উপাদানৰ মাজত অত্যধিক আন্তঃনিৰ্ভৰশীলতা আৰু আন্তঃসম্পর্ক থাকে।

২। পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা।

উত্তৰঃ পৃথিৱীৰ পৰিৱেশ মূলতঃ চাৰিটা প্রধান উপাদানৰে গঠিত—স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল। এই উপাদানসমূহৰ মাজত গভীৰ আন্তঃনিৰ্ভৰশীলতা আৰু পৰস্পৰ কাৰ্যকৰ আন্তঃসম্পর্ক আছে। সিহঁত পৃথকভাবে অস্তিত্ব বজাই ৰাখিব নোৱাৰে, মাজতীয়াকৈ ব্যৱস্থা গঢ়ি তোলাৰ দ্বাৰাই পৰস্পৰৰ টিকি থাকে। প্ৰকৃতিৰ ভিন্ন ভিন্ন চক্র যেনে জলচক্র, শক্তিচক্র, কাৰ্বনচক্র বা নাইট্ৰ’জেন চক্র, এই সকলো উপাদানক সংযোগ কৰি ৰাখে।

এই চাৰিটা অংশৰ প্ৰতিটোত জীৱীয় আৰু অজীৱীয় দুয়ো ধৰণৰ উপাদান থাকি পৰস্পৰ সম্পৰ্ক সৃষ্টি কৰে। ইয়াৰ জটিল আন্তঃসম্পর্কৰ ফলত, একোটাত হোৱা পৰিৱৰ্তনৰ প্ৰভাৱ বাকী তিনিটাতো প্ৰতিফলিত হয়। উদাহৰণস্বৰূপে—সূৰ্যৰ অতিৰিক্ত বিকিৰণে যদি বায়ুমণ্ডল গৰম হয়, তেন্তে ইয়াৰ প্ৰভাৱত জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডল একেলগে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত তুষাৰপৰ্বতৰ বৰফ গলি সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰে আৰু উপকূল অঞ্চলসমূহ জলমগ্ন হয়। এই ধৰণৰ পৰিৱৰ্তনে স্থলমণ্ডলৰ জীৱ, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ জীৱনকো বিপন্ন কৰে। পৰিৱেশৰ উপাদানবোৰৰ মাজৰ আন্তঃসম্পৰ্কৰ অন্য এটা উদাহৰণ হ’ল বৃষ্টিপাত সাগৰ তথা উদ্ভিদ জগতৰ পৰা হোৱা বাষ্পীভৱনৰ ফলস্বৰূপে ডাৱৰ সৃষ্টি হয়। স্থলমণ্ডল আৰু জীৱমণ্ডলত বর্তি থকা জীৱৰ বাবে বৃষ্টিপাত অতি আৱশ্যকীয়। জলাশয়ৰ পানী শুকোৱাৰ ফলত বায়ুমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলত নেতিবাচক প্রভাৱ পৰে। স্থলমণ্ডলত সংঘটিত হোৱা নিৰ্বনানীকৰণৰ ফলস্বৰূপে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত সৃষ্টি হোৱা গোলকীয় উত্তাপনে ভূপৃষ্ঠত বাস কৰা জীৱৰ লগতে সমুদ্রতলত থকা জীৱকো প্রভাবিত কৰে। গতিকে, এইটো স্পষ্ট যে পৰিৱেশৰ চাৰিওটা উপাদানৰ মাজত নিকট সম্পৰ্ক আছে আৰু ইহঁত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। লগতে সমুদ্রতলত থকা জীৱকো প্রভাবিত কৰে। গতিকে, এইটো স্পষ্ট যে পৰিৱেশৰ চাৰিওটা উপাদানৰ মাজত নিকট সম্পৰ্ক আছে আৰু ইহঁত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

৩। পৃথিবীৰ সকলো অঞ্চলৰ পৰিবেশ কিয় একে নহয় চমুকৈ লিখা।

উত্তৰঃ পৰিৱেশৰ এটা বিশেষ বৈশিষ্ট্য হ’ল যে পৃথিৱীৰ প্ৰতিখন অঞ্চলৰ পাৰিৱেশিক অৱস্থা একে নহয়। উদাহৰণস্বৰূপে, বিষুবীয় অঞ্চলৰ পাৰিৱেশিক পৰিস্থিতি মেৰু অঞ্চলৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ ভিন্ন। বিষুবীয় অঞ্চলত গোটেই বছৰ জুৰি অধিক উষ্ণতা আৰু পৰ্যাপ্ত বৰষুণ দেখা যায়, কিন্তু মেৰু অঞ্চলত তাপমাত্রা অতি কম আৰু প্ৰায় কোনো বৃষ্টিপাত হোৱা দেখা নাযায়।

কিছুমান নির্দিষ্ট কাৰক যেনে অৱস্থিতি, ভূ-প্রকৃতি, জলাশয়ৰ পৰা দূৰত্ব, উচ্চতা, জলবায়ু, উদ্ভিদকুল আৰু প্ৰাণীকুলৰ প্রকৃতি আদিৰ বাবে পাৰিৱেশিক অৱস্থাৰ তাৰতম্য ঘটে। অঞ্চল অনুযায়ী এই কাৰকসমূহৰ ভিন্নতাৰ ফলতে পৰিৱেশতো পাৰ্থক্য পৰিলক্ষিত হয়।

প্ৰকৃততে, ভূ-পৃষ্ঠত থকা বিভিন্ন দেশ বা অঞ্চলক চিনাক্ত কৰা হয় সেই বিশেষ স্থানৰ পাৰিৱেশিক বৈশিষ্ট্যৰ ওপৰত আধাৰ কৰি। গতিকে, পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ পৰিৱেশ সমান নহয়, প্ৰতিটোত নিজৰ স্বতন্ত্ৰ বৈশিষ্ট্য বিদ্যমান।

8 । পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া।

উত্তৰঃ ভূগোলৰ যি শাখাত বিশ্ব পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰা হয়, লগতে স্থান আৰু সময়ৰ ভিত্তিত ইয়াত হোৱা পৰিৱৰ্তনবোৰ বুজিবলৈ চেষ্টা কৰা হয়, তাকেই পৰিৱেশ ভূগোল বুলি কোৱা যায়। লগতে মানুহৰ কৰ্মত ফলত উৎপন্ন হোৱা নানা পাৰিৱেশিক সমস্যাৰ সম্ভাব্য সমাধান নির্ণয়ৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বুলি কোৱা হয়।

সংক্ষেপে ক’বলৈ গেলে পৰিৱেশ ভূগোল হৈছে ভূগোলৰ এটা গুৰুত্বপূর্ণ শাখা, য’ত পৰিৱেশক মূলতঃ ভৌগোলিক ভংগীৰে অধ্যয়ন কৰা হয়। অন্যদিশে ই বিজ্ঞানৰ সেই অংশ য’ত মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আৰু লগতে পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ দুয়োটা একেলগে অধ্যয়ন কৰা হয়।

৫। ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ সম্প্রতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্রুত হাৰত ঘটা জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ প্রসাৰ আৰু আনহাতে মানুহৰ জীৱন প্ৰণালীৰ চমকপ্রদ উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতে হেঁচা প্রয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত পৰিবহনৰ অভূতপূর্ব প্রসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ প্রচেষ্টা, কৃষিৰ আধুনিকীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যানবাহনত খনিজ ইন্ধনৰ ব্যাপক প্রয়োগ আৰু বহুতো আর্থ-সামাজিক উন্নয়ন প্রক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই বননি ধ্বংস, জৈৱ-বৈচিত্র্য সংকোচন, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ, মাটি-পানী বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি দি ধৰিছে ǀ এই সমস্যাবোৰৰ প্রণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ লগতে ভূগোল বিষয়টোৰ ওপৰতো পৰিছে ǀ পৰম্পৰাগত ধ্যান ধাৰণা, কৌশল, পদ্ধতি আদিৰে এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান ǀ ভূগোলবিদসকলে সেয়েহে ন ন চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে ǀ এই উদ্দেশ্যে ভূগোল বিষয়ৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰতে পাৰিবেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবে পৰিবেশ ভূগোল নামৰ নতুন শাখা গঢ়ি তোলা হৈছে ǀ

৬। পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া।

উত্তৰঃ পৰিৱেশ ভূগোলৰ পৰিসৰঃ

(i) গোলকীয় পৰিৱেশৰ প্ৰকৃতি।

(ii) অদূৰ অতীতত পৰিৱেশত হোৱা পৰিৱৰ্তনবোৰ।

(iii) বিভিন্ন পাৰিৱেশিক সমস্যা।

(iv) খনিজ সম্পদক আর্থহিতৈষী ব্যৱহাৰ।

(v) বহনক্ষম উন্নয়ন।

(vi) জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ।

(vii) প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা।

(vii) পাৰিৱেশিক বিষয়ৰ অধ্যয়নত অত্যাধুনিক যন্ত্র-পাতিৰ ব্যৱহাৰ।

৭। পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীবীয় আৰু অজীবীয় উপাদানৰ অৰ্থ লিখা।

উত্তৰঃ পৰিবেশ ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজীক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিবেশৰ সৃষ্টি,স্বৰূপ আৰু পৰিবৰ্তন অধ্যয়ন কৰে ǀ কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী ,গৰা খহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ আদি ক’ত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে ক’ত কি ধৰণে পৰিবেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিবেশ ভূগোলত আলোচনা কৰিব পাৰি ǀ প্ৰাকৃতিক সম্পদৰ পৰিবেশ অনুকূল ব্যৱহাৰ,পৰিবেশৰ পৰিচালনা,বহনক্ষম উন্নয়ন আদিও পৰিবেশ ভৌগোলিক অধ্যয়নৰ বিষয়বস্তু ǀ পৰিবেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিবেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিবেশ বিজ্ঞানৰ মূল উদ্দেশ্য ǀ

পৰিবেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত ǀ ৰাসায়ন বিজ্ঞান,ভূ-বিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান সম্পৰ্কীয় বহুতো বিষয় পৰিবেশ বিজ্ঞানৰ অধ্যয়নে সামৰি লয় ǀ

৮ । তলত উল্লেখ কৰা উপাদানবোৰ জীবীয় আৰু অজীবীয় এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পূৰোৱা।

উপাদানঃ বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদপ্লৱক (Phytoplankton) ঘাঁহ, বৰষুণ, আর্দ্রতা (humidity), মাটি, পানী, অৰণ্য, কীট-পতংগ, ভাইৰাছ, কয়লা, খনিজ তেল, মেনগ্রভ, সৌৰ শক্তি।

জীৱীয়

অজীৱীয়

   

উত্তৰঃ

জীৱীয়

অজীৱীয়

বেক্টেৰিয়া

উদ্ভিদপ্লৱক

যাঁহ

অৰণ্য

কীট-পতংগ

ভাইৰাছ

মেনগ্রভ

বালি,

মণিক

বৰষুণ

আর্দ্রতা

মাটি

পানী

কয়লা

খনিজ

তেল

সৌৰশক্তি

৯। পৰিৱেশিক সমস্যা মানে কি?

উত্তৰঃ যি সমস্যাবোৰে পৰিৱেশৰ ভিন্ন ভিন্ন উপাদানৰ স্বাভাবিক কার্যধাৰাক বিঘ্নিত কৰে বা গভীৰভাৱে প্ৰভাৱিত কৰে, সেইবোৰকেই পৰিৱেশিক সমস্যা বুলি কোৱা হয়। আন ভাষাত ক’লে, পৰিৱেশিক সমস্যা হৈছে প্ৰকৃতিৰ ভাৰসাম্য ভাঙি পেলোৱা প্ৰকৃতিক বা মানুহৰ সৃষ্টি কৰা নানা ধৰণৰ সমস্যা। অধিকাংশ পৰিৱেশিক সমস্যাৰ মূল কাৰণ হৈছে মানুহ নিজে। সেয়ে, সময়মতে সঠিক নীতি, ব্যৱস্থা আৰু পদক্ষেপ গ্ৰহণ কৰি মানুহে এই সমস্যাবোৰৰ প্ৰতিৰোধ অথবা হ্ৰাস কৰিব পাৰে।

১০। পৃথিবীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ সম্প্রতি সমগ্র বিশ্বৰ জনসাধাৰণে নিজৰ দ্বাৰাই সৃষ্ট জটিল পাৰিৱেশিক সমস্যাব

সম্মুখীন হৈছে। এই পাৰিৱেশিক সমস্যাবোৰ হৈছে নিৰ্বনানীকৰণ, পাৰিৱেশিক

নিম্নীকৰণ, গোলকীয় উত্তাপন, বায়ু প্রদূষণ, পানী প্রদূষণ, শব্দ প্রদূষণ ইত্যাদি। এই সমস্যাবোৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰণবোৰ হ’লঃ

(i) জনসংখ্যাৰ দ্রুত বৃদ্ধি: অৰণ্য, পানী, খনিজ পদার্থ আদি প্রাকৃতিক

সম্পদৰ অৱক্ষয়ৰ দ্রুত নগৰীকৰণ, ঔদ্যোগিকৰণ, জনবসতিৰ বিস্তাৰ আদিয়েই দায়ী। ২০০০ চনত বিশ্বৰ জনসংখ্যা ৬ বিলিয়ন আছিল। যদিও সম্প্রতি এই পৰিমাণ ৭ বিলিয়ন হৈছে। বিশ্বৰ মুঠ জনসংখ্যাৰ, নগৰীয়া জনসংখ্যাৰ শতাংশও দ্রুতভাবে বৃদ্ধি পাইছে। ১৮০০ চনত নগৰীয়া জনসংখ্যাৰ পৰিমাণ আছিল পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২ শতাংশ। এই পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পাই বর্তমান প্রায় ৫০ শতাংশ হৈছে। জনসংখ্যা অত্যধিক বৃদ্ধি হোৱাৰ ফলত প্রাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পায়। ইয়াৰ ফলত ক্ষিপ্ৰভাৱে এইবোৰৰ অৱক্ষয় সাধন হয় যাৰ ফলত পাৰিৱেশিক ভাৰসাম্যতা বিঘ্নিত হয়।

(ii) সম্পদৰ অত্যধিক ব্যৱহাৰ: প্রকৃতিয়ে জনসাধাৰণৰ বাবে পর্যাপ্ত পৰিমাণৰ

সম্পদৰ যোগান ধৰিছে। কিন্তু, দুর্ভাগ্যবশতঃ মানুহে সম্পদসমূহ সঠিকভাৱে বা বিজ্ঞানসন্মতভাবে সদ্‌ব্যৱহাৰ নকৰে। নিষ্কাশনৰ পৰা ব্যৱহাৰলৈকে বিস্তৃতভাৱে সম্পদৰ অপচয় হোৱাৰ পৰিপ্ৰেক্ষিতত পৃথিৱীত সেইবোৰৰ অৱক্ষয় সাধন হৈছে। জীৱন ধাৰণৰ বাবে অধিক মাত্ৰাত সম্পদৰ প্ৰয়োজন হোৱাৰ বাবে মানুহে এইবোৰ দ্রুতভাৱে আহৰণ কৰে। ইয়াৰ ফলত প্ৰকৃতিত ভাৰসাম্যহীনতাৰ সৃষ্টি হোৱাৰ ফলশ্ৰুতিত বহুতো পাৰিৱেশিক সমস্যাৰ উদ্ভৱ হয়।

(iii) ঔদ্যোগিক খণ্ডৰ দ্রুত বিস্তাৰঃ উদ্যোগিক বিপ্লৱৰ সময়ৰ পৰা ঔদ্যোগিক

খণ্ডৰ বহুল বৃদ্ধিয়ে বিভিন্ন সম্পদৰ ব্যৱহাৰ ত্বৰান্বিত কৰে আৰু সেইবোৰৰ ব্যৱহাৰে পৃথিৱীত অধিক প্ৰদূষণৰ সৃষ্টি কৰে। যোৱা শতিকাত ঔদ্যোগিক উৎপাদন প্রায় ১০০ গুণ বৃদ্ধি পায়। প্রায় সকলো উদ্যোগেই কার্বন ডাই-অক্সাইড, মিথেন, ছালফাৰ ডাই-অক্সাইড, নাইট্র’জেন ডাই-অক্সাইড, ক্ল’ৰ’ফুৰ’কাৰ্বন আদিৰ দৰে সেউজগৃহ গেছ উন্মুক্ত কৰাৰ ফলত গোলকীয় উত্তাপনৰ সৃষ্টি হয়।

(iv) যান-বাহনৰ অধিক ব্যৱহাৰঃ উদ্যোগিক বিকাশ, নগৰীকৰণ আৰু জীৱনৰ

মানদণ্ডৰ উন্নতিৰ অন্যতম অনিবার্য ফল হৈছে যান-বাহনৰ অত্যধিক ব্যৱহাৰ। ইয়াৰ ফলত অধিক মাত্রাত ধোঁৱা নির্গত হোৱাৰ লগতে সেউজগৃহ গেছৰ সৃষ্টি কৰে যাৰ ফলত গোলকীয় উত্তাপনৰ সৃষ্টি হয়। বর্ধিত হাৰত আকাশীযান চলাচলৰ পৰিণতিত পুঞ্জীভূত হোৱা কিছুমান গেছে অ’জন স্তৰৰ ক্ষতি সাধন কৰে। অ’জন স্তৰৰ অৱক্ষয়ে পৃথিৱীত বৰ্তি থকা জীৱৰ ওপৰত বিৰূপ প্রভাৱ পেলায়।

১১। পৰিবেশৰ ভাৰসাম্য অবস্থা বুলিলে কি বুজা?

উত্তৰঃ পৰিবেশত উপলব্ধ বিভিন্ন উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত থাকিলেহে পৰিবেশৰ ভাৰসাম্যতা অটুত থাকে ǀ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত এই উপাদানসমূহৰ পৰিমাণ কমবেছি হলে পৰিবেশত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় ǀউদাৰণস্বৰূপে- বায়ুমণ্ডলত থাকিবলগীয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ 0.035 শতাংশ ǀ ইয়াতকৈ বেছি কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিয়ে বায়ুমণ্ডলত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি কৰিব পাৰে ǀ

১২। ‘নিৰ্বনানীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা।

উত্তৰঃ পৃথিৱীৰ পাৰিবেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধ্বংস ǀ এই বননি ধ্বংস কৰা প্ৰক্ৰিয়াকে নিৰ্বনীকৰণ বোলে । নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন নিৰ্বনীকৰণে মানুহক বনজ সম্পদৰ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আনহাতে পৰিবেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে ǀ দেখা যায় চহৰ বা নগৰত উদ্যোগ বা কাৰখানা এটা স্থাপন কৰিবলৈ হলে প্ৰথমে তাত থকা হাবি জংঘল বোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয় ǀ ইয়াৰ ফলত অঞ্চলটোত উপলব্ধ গছ-গছনিৰ লগতে পশু-পক্ষীৰ আশ্ৰয় স্হলো নাইকিয়া হয় ǀ নিৰ্বনীকৰণৰ ফলত মাটিৰ গুণাগুণৰ ওপৰতো প্ৰভাৱ পৰে অৰ্থাৎ ক’বলৈ গলে মাটিৰো অৱক্ষয় ঘটে ǀ অঞ্চলটোৰ জলবায়ুৰ ওপৰতো তাৰ বিৰোপ প্ৰভাৱ পৰে ǀ সেয়েহে ক’ব পাৰি নিৰ্বনীকৰণে এহাতে যেনেকৈ উন্নয়নৰ বাট মুকলাই দিছে,আনফালে ইয়াক লৈ ন ন সমস্যাও সৃষ্টি হৈছে ǀ

১৩। গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড, জলীয় বাষ্প আদি সেউজগৃহ গেছৰ বৰ্ধিত নির্গমণে সৃষ্টি কৰা গোলকীয় উত্তাপনৰ পৰিঘটনাটোৱেই হৈছে গোলকীয় উষ্ণতা বৃদ্ধি।

সম্প্রতি ই এক অন্যতম প্রধান পাৰিৱেশিক সমস্যাত পৰিণত হৈছে।

গোলকীয় উত্তাপনৰ প্ৰধান কাৰণবোৰ হ’লঃ

(i) জীৱাশ্মী ইন্ধনৰ ব্যৱহাৰ: বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধি হোৱাৰ অন্যতম মুখ্য কাৰণ হৈছে পেট্র’লিয়াম, ডিজেল, কেৰাচিন, কয়লা ইত্যাদিৰ দৰে জীৱাশ্মী ইন্ধনৰ দহন। এই ইন্ধনবোৰ যানবাহন, উদ্যোগ, ঘৰ ইত্যাদিত ব্যৱহাৰ কৰাৰ ফলত কার্বন ডাই-অক্সাইড, কার্বন ম’নক্সাইড, ছালফাৰ অক্সাইড আদি গেছৰ নিৰ্গমণ কৰে।

(ii) নিৰ্বনানীকৰণ: ব্যাপক হাৰত হোৱা নিৰ্বনানীকৰণৰ ফলত সেউজগৃহ গেছ সমূহ বিশেষতঃ কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। বৃক্ষই সাধাৰণতে মানুহে ত্যাগ কৰা কাৰ্বন ডাই-অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰিত কৰে। কিন্তু বর্তমান সেউজ আৱৰণখন বিপদজনক হাৰত সংকুচিত হোৱা আৰু জনসংখ্যা দ্রুত হাৰত বৃদ্ধি হোৱাটোৱে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে যাৰ ফলত বায়ুমণ্ডলৰ তাপমাত্রা বৃদ্ধি পাইছে।

(iii) ক্লৰ’ফুৰ’কাৰ্বনৰ পৰিমাণ বৃদ্ধি: শীত তাপ নিয়ন্ত্রক যন্ত্র, প্রশীতক যন্ত্র

আদিৰ ব্যৱহাৰ, ঔদ্যোগিক দ্ৰাৱকৰ বাষ্পীভৱন আৰু প্লাস্টিক ফ’মৰ উৎপাদনৰ ফলস্বৰূপে বায়ুমণ্ডলত ক্ল’ৰ’ফুৰ’কাৰ্বনৰ পৰিমাণ বৃদ্ধি পায়। এই গেছসমূহে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে আৰু অ’জন স্তৰৰ বিস্তৃতি হ্রাস কৰে।

(iv) মিথেনৰ বৰ্ধিত উৎপাদন: জলাহ, পিতনি আদিৰ দৰে অক্সিজেনৰ অভাৱ

থকা স্থানত বেক্টেৰিয়াই মৃত পদাৰ্থক কৰা বিভংগনৰ ফলত মিথেন উৎপন্ন হয়। তেল, প্রাকৃতিক গেছৰ ব্যৱহাৰ আৰু উৎপাদন আৰু জৈৱ পদাৰ্থৰ অসম্পূর্ণ দহনৰ ফলতো মিথেন উৎপন্ন হয়। মৃত জন্তুৰ অৱশিষ্ট আৰু মানুহ তথা জন্তুৰ বিষ্ঠা মুকলি স্থানত নিক্ষেপ কৰা কাৰ্যই বায়ুমণ্ডলত মিথেনৰ পৰিমাণ বৃদ্ধি কৰে।

(v) নাইট্র’জেন: বর্ধিত গোলকীয় উত্তাপনৰ বাবে নাইট্ৰ’জেন ডাই-অক্সাইড আৰু নাইট্ৰাছ অক্সাইডৰ দৰে নাইট্ৰ’জেনযুক্ত গেছসমূহ দায়ী। আকাশীযান জৈৱ ভৰৰ দহন, নাইট্ৰ’জেন সমৃদ্ধ ইন্ধন, নাইট্র’জেনযুক্ত সাৰ আদিৰ দ্বাৰা নির্গমণ ঘটে।

(vi) আগ্নেয়গিৰীয় ক্ৰিয়াকলাপ: আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত বহু গেছ

বায়ুমণ্ডলত নির্গত হয়, আগ্নেয়গিৰিৰ উদগীৰণে সাধাৰণতে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। সকলো সেউজগৃহ গেছৰ ভিতৰত কার্বন ডাই-অক্সাইডে পৃথিৱীৰ তাপমাত্রা বৃদ্ধিত সৰ্বাধিক মাত্ৰাত অৰিহণা যোগায়।

১৪। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ’ব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া।

উত্তৰঃ গোলকীয় উষ্ণতাৰ প্ৰভাৱ বহুমুখী। ই জলবায়ুৰ প্ৰকৃতিত আমূল পৰিৱৰ্তন সূচনা কৰিব পাৰে, যি তাৰ পিছত মানুহক আৰু তেওঁৰ ক্রিয়াকলাপ বিঘ্নিত কৰে আৰু পৃথিৱীৰ সকলো জীৱৰ ওপৰত গ্ৰভাৱ পেলায়।

গোলকীয় উষ্ণতাৰ ফলত সৃষ্টি হ’ব পৰা কিছুমান সমস্যা তলত দিয়া হৈছে:

(ক) সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিঃ গোলকীয় উত্তাপনৰ এক অন্যতম প্রধান প্রভাৱ এয়ে যে ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। নির্ধাৰণ কৰা হৈছে যে, মেৰু অঞ্চলত ২০ ছেন্টিগ্রেডৰ পৰা ৩০ ছেন্টিগ্রেড পর্যন্ত উষ্ণতা বৃদ্ধিয়েও বৃহৎ মাত্ৰাত বৰফৰ গলন ঘটাই সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব পাৰে। সমুদ্রপৃষ্ঠৰ উচ্চতা ১ মিটাৰ বৃদ্ধি হ’লেও উপকূলবর্তী অঞ্চলত ৫ নিযুত বর্গ কিল’মিটাৰ ভূ-খণ্ড জলমগ্ন হ’ব পাৰে। ইয়াৰ ফলত সামুদ্রিক দ্বীপ, প্রবাল দ্বীপ, ব-দ্বীপ অঞ্চল আদি যথেষ্ট প্রভাবিত হ’ব।

(খ) বেছিভাগ অঞ্চল খৰাং প্রান্ত হ’বঃ গোলকীয় উষ্ণতাৰ এক অনিবার্য ফল হৈছে, ই বেছিভাগ অঞ্চল খৰাং আৰু প্ৰায় মৰুভূমিৰ স্থিতি প্রদান কৰিব। উদ্ভিদ জগতৰ বেছিভাগ উদ্ভিদে উত্তাপ সহ্য কৰিবলৈ অক্ষম হ’ব আৰু মৃত্যু ঘটিব। অৰণ্য প্ৰান্তৰ বৃহৎ ভাগ তৃণভূমিত পৰিণত হ’ব আৰু পৰ্বতৰ হিমবাহ অঞ্চলবোৰ সংকুচিত হ’ব।

(গ) কৃষিৰ ক্ষেত্ৰত প্ৰভাৰঃ গোলকীয় উষ্ণতাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষতি হৈছে ই কৃষি উৎপাদনৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। বৰ্তমানৰ বেছিভাগ খাদ্য শস্যই বৰ্দ্ধিত উত্তাপক সহ্য কৰাত অসমৰ্থ হ’ব আৰু ফলত কৃষি উৎপাদন নিম্নগামী হ’ব। ই দুর্ভিক্ষ আৰু দৰিদ্ৰতাৰ সৃষ্টি কৰিব। কৃষি ৰপ্তানি হ্রাস হ’ব আৰু খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিম্নগামী হ’ব। কৃষি নিম্নগামী হোৱাৰ ফলত গ্রাম্য অঞ্চলৰ পৰা নগৰী কেন্দ্ৰলৈ বৃহৎ ৰূপে লোকৰ প্ৰৱজন হ’ব, যি বহু সংখ্যক সামাজিক-অর্থনৈতিক সমস্যাৰ সৃষ্টি হ’ব।

(ঘ) পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ব্যাঘাত: প্ৰকৃতিত পাৰিপার্শ্বিক ভাৰসাম্যতা বিৰাজ কৰে। নিৰ্বনানীকৰণ, গোলকীয় উত্তাপন, পানী প্রদূষণ আদি মানব সৃষ্ট কাৰকৰ দ্বাৰা এই পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত হ’লে প্রাকৃতিক দুৰ্যোগৰ সূচনা হ’ব পাৰে। উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন শ্ৰেণীৰ অণুজীব ধ্বংস হ’ব। বর্ধিত তাপ সহ্য কৰিবলৈ কিছুমান উদ্ভিদ অক্ষম হ’ব। এই আটাইবোৰে পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত কৰাৰ ফলত গুৰুতৰ নেতিবাচক প্রভাব পৰিব।

(ঙ) অস্থিৰ জলবায়ু স্থিতি: গোলকীয় উষ্ণতাৰ অন্যতম গুৰুত্বপূৰ্ণ ফলাফল হৈছে ই বৃষ্টিপাত হ্রাস কৰিব আৰু অস্থিৰ জলবায়ুৰ পৰিস্থিতি উৎপন্ন কৰিব। অৰণ্য আৰু সেউজ আৱৰণ বৃষ্টিপাতৰ বাবে অতি আবশ্যক। বর্দ্ধিত উষ্ণতাই সেউজ আৱৰণৰ বিস্তৃতি হ্রাস কৰিব, যাৰ ফলত বৃষ্টিপাত কমিব। কম বৃষ্টিপাতৰ নেতিবাচক প্ৰভাৱ এয়ে যে ইয়াৰ ফলত অধিক অঞ্চল শুষ্ক হ’ব। কৃষি উৎপাদন নিম্নগামী হ’ব, অলবণাক্ত পানী কম পৰিমাণে উপলব্ধ হ’ব।

১৫। গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীত বৰ্তমান দেখা দিয়া আটাইতকৈ জটিল পাৰিপার্শ্বিক সমস্যা হৈছে গোলকীয় উষ্ণতাৰ সমস্যা। ইয়াৰ ফলস্বৰূপে খৰাং পৰিস্থিতি, কৃষি উৎপাদনৰ হ্ৰাস, পৰিৱেশৰ ভাৰসাম্য ভঙা, বৰষুণৰ অভাৱ আদি নানা সমস্যাৰ সৃষ্টি হয়। সেয়েহে, গোলকীয় উত্তাপ বৃদ্ধিৰ গতিক কমাবলৈ সকলোৰে জড়িত সকলো পদক্ষেপ গ্রহণ কৰিব লাগিব।

গোলকীয় উত্তাপ বৃদ্ধিক নিয়ন্ত্ৰণ কৰিবলৈ সাধারণ মানুহৰ কৰ্তব্যসমূহ তলত দিয়া হ’লঃ

(i) অযথা গছ কটা সম্পূৰ্ণৰূপে বন্ধ কৰা।

(ii) য’তেই আৰু যেতিয়াই সম্ভৱ অধিক মাত্রাত বৃক্ষৰোপণ কৰিব লাগে।

(iii) পৰিৱেশ হিতৈষী আধুনিক গেজেট/আহিলাবোৰ ব্যৱহাৰ কৰা।

(iv) জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰক নিয়ন্ত্ৰণ কৰা।’

(v) খনিজ তেল, প্রাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা।

(vi) সৌৰশক্তি, বতাহ শক্তি আৰু জৈৱিক শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবোৰৰ ব্যৱহাৰ বৃদ্ধি কৰা।

(vii) বৈদ্যুতিক বাল্ব, শীত/তাপ নিয়ন্ত্রক যন্ত্র আদিৰ ব্যৱহাৰ হ্ৰাস কৰা।

(viii) মুকলি স্থানত প্লাষ্টিক আৰু নাইলনৰ সামগ্রী জ্বলোৱাটো প্ৰতিৰোধ কৰা।

(ix) ব্যক্তিগত যান-বাহনতকৈ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক মাত্ৰাত ব্যৱহাৰ কৰা।

(x) মৃত জীৱ-জন্তু আৰু বর্জ্য উপাদান মুকলি ঠাইত নিক্ষেপ নকৰে, কাৰণ ইয়াৰ পৰা মিথেন গেছ উৎপন্ন হৈ বায়ুমণ্ডল অধিক দূষিত কৰিব পাৰে।

১৬। সেউজগৃহ গেছ কেইটামানৰ নাম লিখা।

উত্তৰঃ কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰোফ্লৰ’ কাৰ্বন ইত্যাদি ǀ

১৭। বায়ু প্রদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয়?

উত্তৰঃ পৃথিবীপৃষ্ঠৰ বায়ুমণ্ডলত বিভিন্ন প্ৰদূষণকাৰী পদাৰ্থ যোগ হোৱাৰ ফলত বায়ুৰ প্ৰদূষণ হয়। ই সম্পত্তি, উদ্ভিদ, প্রাণী তথা মানুহৰ ওপৰত বিরূপ প্রভাৱ পেলায়। কার্বন ডাই-অক্সাইড, কার্বন মন’ক্সাইড, সীহ, নাইট্র’জেন অক্সাইড, ধোঁৱা আৰু ছালফাৰ ডাই অক্সাইড আদি হ’ল বায়ু প্ৰদূষণকাৰী পদার্থ।

বায়ু প্ৰদূষণৰ উৎসবোৰ দুটা ভাগত ভগাব পাৰিঃ

(i) প্রাকৃতিক উৎসঃ বায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসবোৰ হ’ল আগ্নেয়গিৰি উদ্‌দ্গীৰণ, জৈৱিক পচন, বনজুই আদি। পৃথিবীপৃষ্ঠত থকা তেজষ্ক্রিয় খনিজ পদাৰ্থবোৰ বায়ুমণ্ডলীয় তেজষ্ক্রিয়তাৰ উৎস।

(ii) মানুহৰ দ্বাৰা সৃষ্ট উৎসঃ তাপ শক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান, যান-বাহনৰ নির্গমন, জীৱাশ্ম ইন্ধনৰ দহন আদি মানৱ সৃষ্ট প্ৰদূষণৰ উৎস। তাপশক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান আদিত কয়লা ব্যবহাৰ হয় আৰু ইয়াৰ পৰা প্ৰদূষক, যেনেঃ বায়ুমণ্ডলীয় ছাই আৰু ছালফাৰ ডাই-অক্সাইড উৎপন্ন হয়। কার্বন মন’ক্সাইড, নাইট্র’জেন অক্সাইড আৰু হাইড্রকার্বন যান-বাহনৰ পৰা নিৰ্গত হয়।

১৮। বায়ু প্রদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰঃ বায়ু প্রদূষণে জীৱ আৰু জড় উভয়ৰে ওপৰত বিৰূপ প্রভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত নিম্নোক্ত সমস্যাৰ সৃষ্টি হ’ব পাৰেঃ

(i) দীর্ঘসময় ধৰি বায়ু প্ৰদূষকৰ সংস্পৰ্শত থাকিলে বিভিন্ন ধৰণৰ ৰোগ যেনে হাওঁফাওঁৰ কৰ্কট ৰোগ, হাপানি, ক্রনিক ব্রংকাইটিছ আদি হ’ব পাৰে।

(ii) বায়ু প্ৰদূষকবোৰে পাতৰ পত্ৰৰন্ধেৰে প্ৰৱেশ কৰি পাতৰ কোষত থকা ক্ল’ৰ’ফিল নষ্ট কৰে যাৰ ফলত সালোক সংশ্লেষণ কার্য ব্যাহত হয়।

(iii) প্ৰদূষিত বায়ুমণ্ডলৰ মাজেৰে যেতিয়া বৰষুণ নামি আহে তেতিয়া এছিড বৰষুণ হয়। এছিড বৰষুণৰ লগত ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড মিহলি হৈ থাকে। ই উদ্ভিদ আৰু প্ৰাণীৰ কাৰণে ক্ষতিকাৰক। এছিড বৰষুণে মাৰ্বলেৰে তৈয়াৰী অট্টালিকাবোৰৰ ক্ষতিসাধন কৰে।

(iv) বায়ু প্ৰদূষকবোৰ বৰষুণৰ পানীৰ লগত মিহলি হোৱাৰ ফলত হ্রদ আৰু অন্যান্য জলাধাৰবোৰৰ বিশুদ্ধ পানী আম্লিক হৈ পৰে। ফলত মাছ আৰু পানীত থকা অন্যান্য জীৱৰ জীৱনৰ ওপৰত বিরূপ প্রভাব পৰে।

(v) প্রদূষকবোৰে ক্ষয়ীভৱনৰ দ্বাৰা ঘৰৰ পকীবেৰ, বং আদি নষ্ট কৰে। বায়ুমণ্ডলত ছালফাৰ ডাই-অক্সাইড (SO2) আৰু জলীয় বাষ্পৰ উপস্থিতিয়ে পদাৰ্থৰ ওপৰত ক্ষয়ীভৱনৰ মাত্রা বঢ়ায়।

১৯। পানী কিদৰে প্ৰদূষিত হয়? পানী প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পানীৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক গুণবোৰ হ্রাস হোৱাকে জল প্রদূষণ বোলা হয়। বহুতো কাৰণৰ বাবে পানী প্ৰদূষিত হয়। জল প্ৰদূষণৰ কেইটামান মুখ্য কাৰণ হৈছেঃ

(i) সতেজ পানীৰ উৎসত নলা আৰু মাটিৰ তলৰ নলাৰ দ্বাৰা পানী পেলোৱা।

(ii) টক্সিক ৰসায়ন, এছিড, এলকালি, ধাতবীয় লোণ, ফেন’ল, চাইনায়ড, এমনিয়াম ৰেডিঅ’ এক্টিভ সামগ্ৰীৰ দ্বাৰা গঠিত উদ্যোগিক আৱৰ্জনাক পানীত পেলোৱা।

(iii) সাৰ আৰু কীটনাশকৰ দৰে কৃষি ৰাসায়নিকৰ ব্যৱহাৰ, যিবোৰ বৰষুণৰ পানীৰ দ্বাৰা বৈ গৈ পানীত পৰেগৈ।

(iv) ধোৱা আৰু পৰিষ্কাৰ কৰাত চিন্থেটিক ডিটাৰজেণ্টৰ ব্যৱহাৰ।

(v) খনন কার্য আৰু জাহাজত মাল বোজাই কৰাৰ সময়ত তেল চিটিকি সমুদ্ৰৰ পানীত পৰে।

প্রদূষিত পানীয়ে বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰিব পাৰে। জল প্ৰদূষণৰ কিছুমান প্রধান ক্ষতি হৈছে।

২০। পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা।

উত্তৰঃ বৰ্তমান পৃথিৱী বহুতো জটিল পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত পৃথিৱী নিৰ্বনানীকৰণ, গোলকীয় উত্তাপন, বায়ু প্রদূষণ, জল প্রদূষণ, ভূমি প্ৰদূষণ, শব্দ প্ৰদূষণ, পাৰিৱেশিক নিম্নীকৰণ আদি সমস্যাৰ সন্মুখীন হৈছে । এই সমস্যাবোৰৰ মূল কাৰক হৈছে জনসংখ্যাৰ দ্রুত বৃদ্ধি, অতিৰিক্ত শিল্পায়ন, যান-বাহনৰ অধিক ব্যৱহাৰ, খনিজ সম্পদৰ অতিব্যয় আৰু জীৱাশ্ম ইন্ধনৰ দহন আদি। কিন্তু এইবোৰৰ সমাধানৰ ক্ষেত্ৰত মানুহে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

মানুহে গ্ৰহণ কৰিব পৰা প্ৰধান পদক্ষেপসমূহ হ’লঃ

(i) জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ, যাতে বিভিন্ন সম্পদৰ চাহিদা নিয়ন্ত্রণত থাকে।

(ii) গছ কটা ৰোধ কৰিবলৈ কঠোৰ আইন আৰু নীতি-নিয়ম প্ৰয়োগ কৰা।

(iii) সেউজ আৱৰণী বা অৰণ্যৰ আৱৰণীৰ অধীনলৈ অধিক অঞ্চল অনাৰ বাবে পৰিকল্পিত প্ৰয়াস কৰা।

(iv) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কম কৰা। জৈৱিক সাৰৰ ব্যৱহাৰ অনুপ্রাণিত কৰা।

(v) সৌৰ, বতাহ, আৰু জৈৱিক শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবোৰৰ ব্যৱহাৰ অধিক কৰা।

(vi) প্লাষ্টিক আৰু নাইলনৰ দৰে পচন নোহোৱা বস্তুবোৰৰ ব্যৱহাৰ নকৰা।

(vii) সকলো আৱৰ্জনা বিশেষকৈ ঔদ্যোগিক আৰু নগৰীয়া আৱৰ্জনাবোৰৰ পুনৰাৱৰ্তন কৰা।

(viii) অ’জন স্তৰক ধ্বংস কৰা ক্ল’ৰ’ফুৰ’কাৰ্বন উৎপাদনকাৰী সামগ্ৰীক ব্যৱহাৰ নকৰা।

(ix) জীৱাস্ম ইন্ধন বিশেষকৈ কয়লা আৰু তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰা।

(x) প্রয়োজন নোহোৱা সময়ত বৈদ্যুতিক আহিলাৰ ছুইছ বন্ধ কৰাৰ দ্বাৰা বিজুলী বচোৱা।

উপৰোক্ত পদক্ষেপবোৰ সঠিককৈ গ্ৰহণ কৰিলে পৰিৱেশৰ ওপৰত হোৱা বেমেল চাপ হ্ৰাস হ’ব পাৰে আৰু মানুহে প্ৰকৃতিৰ সৈতে অধিক সুসংগত ধৰণে সহাবস্থান কৰিব পাৰিব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী ভূগোল অধ্যায় ২ FAQs
দশম শ্ৰেণী ভূগোল অধ্যায় ২ – সঘনাই সোধা প্ৰশ্ন
পৰিৱেশ ভূগোল কি?
পৰিৱেশ ভূগোল হৈছে প্ৰাকৃতিক সম্পদ আৰু মানুহৰ জীৱনধাৰা, ব্যৱহাৰ আৰু পৰিৱেশৰ মাজত থকা সম্পৰ্কৰ অধ্যয়ন।
HSLC পৰীক্ষাত পৰিৱেশ ভূগোলৰ অধ্যায় কেনেকৈ সহায়ক?
HSLC ভূগোলত পৰিৱেশ দূষণ, প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰশ্ন অহা দেখা যায়।
পৰিৱেশ দূষণৰ মূল প্ৰকাৰ কিহো?
প্ৰধানকৈ বায়ু দূষণ, জল দূষণ, মাটি দূষণ আৰু শব্দ দূষণক পৰিৱেশ দূষণৰ মূল প্ৰকাৰ বুলি কোৱা হয়।
অসমত প্ৰধান পৰিৱেশ সমস্যা কিহো?
অসমত বনউচ্ছেদ, বন্যা, মাটি ক্ষয়, জনসংখ্যা বৃদ্ধি আৰু নদীমূলক দূষণই মুখ্য পৰিৱেশ সমস্যা।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top