Class 10 Geography Chapter 3 Solutions – অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা | SEBA | Assamese Medium

Class 10 Geography

দশম শ্ৰেণী ভূগোল অধ্যায় ৩ – অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণাৰ আটাইবোৰ অনুশীলনীৰ সমাধান | SEBA Board | Assamese Medium

দশম শ্ৰেণী ভূগোল অধ্যায় ৩ – অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

দশম শ্ৰেণী ভূগোল অধ্যায় ৩ – অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা (Solutions | SEBA Board – Assamese Medium)

এই অধ্যায়ত অঞ্চলৰ সংজ্ঞা, অঞ্চল নিৰ্ধাৰণৰ আধাৰ, আঞ্চলিক বৈশিষ্ট্য, অঞ্চল বিভাজন, আৰু আঞ্চলিক অধ্যয়নৰ প্ৰয়োজনীয়তা বুজাবলৈ আলোচনা কৰা হৈছে। অঞ্চলভিত্তিক ভূগোলৰ ধাৰণা, সামাজিক, অৰ্থনৈতিক আৰু প্ৰাকৃতিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰে। HSLC SEBA পৰীক্ষাত অহা অঞ্চল বিভাজন, অসম, ভাৰত বা বিশ্বৰ আঞ্চলিক বৈশিষ্ট্যৰ ওপৰত থকা MCQ আৰু বিশ্লেষণমূলক প্ৰশ্নৰ বাবে এই অধ্যায় অতি গুৰুত্বপূর্ণ। অস্পীন একেডেমী ত অঞ্চল আৰু আঞ্চলিক ভূগোলৰ পূৰ্ণ সমাধান খুব সহজ ভাষাত উপলব্ধ।

✅ কি শিকিব:

  • অঞ্চল কি আৰু ইয়াৰ বৈশিষ্ট্য
  • অঞ্চল বিভাজনৰ আধাৰ—ভৌগোলিক, প্ৰাকৃতিক, সামাজিক আৰু অৰ্থনৈতিক
  • অসম আঞ্চলিক ভূগোলৰ মৌলিকত্ব
  • ভাৰত, USA, Japan আদিৰ আঞ্চলিক বৈশিষ্ট্যৰ তুলনা
  • আঞ্চলিক অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু গুরুত্ব

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA Board Class 10 ভূগোলৰ নতুন পাঠ্যক্ৰমৰ সম্পূর্ণ সমাধান
  • প্ৰতিটো অনুশীলনীৰ Assamese সমাধান
  • HSLC পরীক্ষাৰ MCQ আৰু মানচিত্ৰ ভিত্তিক প্ৰশ্নৰ সলুক
  • PDF আকাৰত Download সুবিধা
  • ব্যৱহাৰিক উদাহৰণৰ সৈতে আঞ্চলিক ভূগোল অধ্যয়ন

Chapter QR Code: G10GEO3

Vibrant Note Box
Buy Printable PDF
Class 10 Geography (ভূগোল) SEBA 2025 | Assamese Medium HSLC Solutions PDF
Original price was: ₹199.00.Current price is: ₹39.00.

Special HSLC 2025 Edition!

(For SEBA Class 10 Geography, Assamese Medium)

Get the complete Class 10 Geography (ভূগোল) Assamese Medium chapter-wise PDF solutions.
Includes maps, diagrams, key explanations, definitions, and exam-focused answers as per SEBA HSLC 2025 syllabus.
Perfect for home study, revision, and quick exam prep!

Vibrant Note Box
অধ্যায় ৩ – অঞ্চল বা আঞ্চলিক ভূগোল

https://youtube.com/@ospinacademyদশম শ্ৰেণী : ভূগোল

অধ্যায়-3                                                       অস্পিন একাডেমী

অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

পাঠভিত্তিক প্রশ্নোত্তৰ

১। অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োবা।

উত্তৰঃ সাধাৰণ অৰ্থত অঞ্চল বুলিলে ধৰাপৃষ্ঠৰ কোনো এটা এলেকাৰ উপস্থিতি বুজায় ǀ কিন্তু ভূগোল বিষয়ত অঞ্চল শব্দটোৰ এটা ভিন্ন সংজ্ঞা আছে। ই ভূ-পৃষ্ঠৰ কোনো এলেকাৰ প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাটো দাঙি ধৰে । উদাহৰণ হিচাপে ক’ব পৰা যায়—বহুত বৃষ্টিপাত হোৱা আৰু মৌচুমী বায়ুৰ প্ৰভাৱত থকা পৃথিৱীৰ বিশেষ স্থানবোৰক ‘মৌচুমী অঞ্চল’ বুলি অভিহিত কৰা হয়। অঞ্চল চিহ্নিতকৰণ দুটা মূল ভিত্তিত কৰা হয়—প্ৰাকৃতিক বৈশিষ্ট্য আৰু মানৱসৃষ্ট বৈশিষ্ট্য। প্রাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত বৰষুণৰ পৰিমাণ, উষ্ণতাৰ বিস্তৃতি, মাটিৰ প্ৰকাৰ, প্ৰাকৃতিক উদ্ভিদৰ প্ৰকাৰ, ভূ-প্রকৃতি আদি সাঙুৰি লোৱা হয়। মানবসৃষ্ট বৈশিষ্ট্যবোৰ হ’ল জনসংখ্যাৰ ঘনত্ব, অর্থনৈতিক ক্রিয়াকলাপ ঔদ্যোগিক বিকাশ ইত্যাদি।ভূগোলৰ এক অন্যতম উদ্দেশ্য হৈছে ভূপৃষ্ঠৰ অধ্যয়ন কৰা।

ভূগোলৰ প্ৰধান লক্ষ্য হৈছে ভূপৃষ্ঠৰ অধ্যয়ন কৰা, কিন্তু পৃথিৱী সৰু নহয়, ইয়াৰ পৃষ্ঠ বৃহৎ আৰু বৈচিত্র্যপূর্ণ হোৱাৰ বাবে সমগ্ৰ অধ্যয়ন কৰাটো অসুবিধাজনক। এই সমস্যাৰ সমাধান হিচাপে একে ধৰণৰ বৈশিষ্ট্য থকা অঞ্চলবোৰত পৃথিৱীখনক ভাগ কৰি অধ্যয়ন কৰিলে কামটো বহু সহজ হয়। সেই কাৰণেই ভূগোলত অঞ্চলৰ সীমাৰেখা নিৰ্ধাৰণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই ভূগোলৰ অধ্যয়নক খোলামেলা আৰু সহজ কৰি তোলে।

আঞ্চলিক জ্ঞান আৰু অধ্যয়ন চৰকাৰী সংস্থা, উন্নয়নমূলক বিভাগসমূহৰ বাবে বিশেষভাবে মূল্যবান। কাৰণ, এখন অঞ্চলত শিকাৰ পৰা পোৱা অভিজ্ঞতাই একেধৰণৰ বৈশিষ্ট্য থকা অন্য অঞ্চলৰ উন্নয়নমূলক কামত ভুল-ত্রুটি কমাবলৈ সহায় কৰি উঠে। অঞ্চলবোৰৰ তুলনামূলক অধ্যয়নেই ভৌগোলিক জ্ঞান সমৃদ্ধ কৰে। লগতে, আঞ্চলিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিলে সমগ্ৰ পৃথিৱীৰ অধ্যয়নো সুসংহত আৰু সৰল ৰূপত আগবঢ়োৱা যায়।

ভূগোলৰ ৰাজহুৱা অধ্যয়ন পদ্ধতিসমূহৰ ভিতৰত অঞ্চল-ভিত্তিক অধ্যয়ন অন্যতম স্বীকৃত পদ্ধতি। সেইহেতু আঞ্চলিক ভূগোলৰ ক্ষেত্ৰত ‘অঞ্চল’ শব্দটোৰ গুৰুত্ব অত্যন্ত বিশেষ।

২। ভূপৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলবোৰে সিঁহতৰ নিজস্ব ভৌগোলিক,সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক প্ৰতিফলিত কৰে ǀ গতিকে এটা সামগ্ৰিক আভাস পাবলৈ হ’লে ডাঙৰ পৃথিৱীখনক সৰু সৰু ভাগত বিভক্ত কৰি লোৱাটো দৰকাৰ। তেতিয়াহে প্রতিটো অংশৰ প্রকৃত স্বৰূপ নির্ণয় কৰাটো সম্ভৱ হৈ উঠিব । ভূগোলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰি লয়। এনে বিভাজন কার্য সাধাৰণতে দুই প্রকাৰে কৰা দেখা যায়-

(ক) ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত

(খ) উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত

সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অংশক সমধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অংশক ক্রিয়াত্মক অঞ্চল বুলি কোৱা হয়। সমধর্মী অঞ্চলবোৰ প্রাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে অসমৰ ব্রহ্মপুত্র উপত্যকাক এটা সৰু প্রাকৃতিক অঞ্চল হিচাপে গণ্য কৰিব পাৰি । এনে অঞ্চল উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পর্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰক কেন্দ্র কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে একোখন নগৰৰ কেউফালে থকা এলেকাবোৰ নগৰখনৰ লগত এনেদৰে নগৰখনৰ লগত চাৰিওফালৰ অঞ্চলটো পাৰস্পৰিক ক্রিয়া-কৰ্মৰ দ্বাৰা সংযুক্ত । উদাহৰণস্বৰূপে অসমৰ গুৱাহাটী মহানগৰৰ এটা ডাঙৰ ক্রিয়াত্মক অঞ্চল আছে।

৩। সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্যবোৰ হৈছে:

ক্রমিক নং

পার্থক্যৰ ভিত্তি

সহৰমূখী অঞ্চল

ক্ৰিয়াশীল অঞ্চল

(i)

অর্থ

ই হৈছে নিৰ্বাচিত উৎপাদনবোৰেৰে মজুত থকা সাধাৰণ অঞ্চল।

ই এটা অঞ্চল যাৰ সামাজিক অৰ্থনৈতিক ক্ৰিয়াকলাপ এক সাধাৰণ নগৰ, বজাৰ ইত্যাদি লগত জড়িত।

(ii)

ভিত্তি

ই উৎপাদনৰ সাধাৰণত্বৰ ওপৰত আধাৰিত।

ই উৎপাদনৰ ক্ৰিয়াশীল আনুসম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল।

(iii)

উৎপাদন

সমগ্ৰ অঞ্চলত নিৰ্বাচিত উৎপাদনবোৰৰ স্পষ্ট সাধাৰণ দেখা যায়।

অঞ্চলটোৰ আভ্যন্তৰীণ উৎপাদনবোৰৰ সাধাৰণতা নাথাকে।

(iv)

নিৰ্ভৰশীলতা

প্ৰায়ই বিভিন্ন অংশ বোৰ আঞ্চলিকভাৱে নিৰ্ভৰশীল নহয়।

নগৰ আৰু ইয়াৰ চৌদিশৰ অঞ্চলবোৰ আঞ্চলিকভাৱে নিৰ্ভৰশীল।

(v)

উদাহৰণ

ব্ৰহ্মপুত্ৰ উপত্যকা, আমাজান উপত্যকা, নিৰ্বকীয় অঞ্চল ইত্যাদি।

গুৱাহাটী, কলকাতা, দিল্লী আদি মহানগৰবোৰ চৌপাশ অঞ্চল।

৪। পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? এই অধ্যয়নৰ তাৎপর্য কি?

উত্তৰঃ ভূগোলৰ সেই শাখাক আঞ্চলিক ভূগোল বোলা হয় যি কোনো নিশ্চিত অঞ্চলৰ প্ৰাকৃতিক আৰু মানুহৰ সৃষ্টি কৰা বিশেষত্বসমূহৰ অধ্যয়ন কৰে। অন্য কথা কী, ‘আঞ্চলিক ভূগোল’ শব্দটোৱে এনে এক শাখাক বুজায় যি পৃথিৱীৰ ভৌগোলিক বৈচিত্র্য ভালদৰে বুজিবলৈ, কোনো অঞ্চলৰ বিৱৰণত সম্পৃক্ত থাকে। আঞ্চলিক ভূগোল আমাক এখন অঞ্চল, দেশ বা মহাদেশৰ বিস্তৃত ভৌগোলিক দৃশ্যাবলী আগবঢ়ায়।

পৃথিৱী হৈছে এক বৃহৎ গ্রহ যাৰ মুঠ পৃষ্ঠকালি ৫১০ নিযুত বর্গ কিঃমিঃ। ইয়াৰে প্রায় ১৪৯ নিযুত বর্গ কিঃমিঃ মাটি আৰু ৩৬১ নিযুত বর্গ কিঃমিঃ পানীয়ে আৱৰি আছে। ইয়াক একোটা খণ্ড হিচাপে অধ্যয়ন কৰিব পৰা নাযায়। তদুপৰি, সমগ্র পৃথিবীত ভিন্ন প্ৰকাৰৰ বৈচিত্র্য পৰিলক্ষিত হয়। অৱশ্যে নির্দিষ্ট উপাদান কিছুমানৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি অথবা উপাদানবোৰৰ ক্ৰিয়াত্মক আন্তঃসম্পৰ্কৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক কিছুমান অঞ্চলত বিভক্ত কৰিব পাৰি আৰু এই অঞ্চলবোৰক একাদিক্রমে কৰা অধ্যয়নে পৃথিৱীৰ অধ্যয়ন সহজসাধ্য কৰি তোলে। এনে অঞ্চলবোৰৰ অধ্যয়নক আঞ্চলিক ভূগোল বুলি কোৱা হয়।

আঞ্চলিক ভূগোল অধ্যয়নৰ গুৰুত্ব ব্যাখ্যাকাৰী কিছুমান প্রধান কাৰণ হৈছে:

১) কিছুমান অঞ্চল বিকাশৰ ক্ষেত্ৰত কিয় পিছ পৰি আছে সেয়া বুজাত ই আমাক সহায় কৰে।

২) এনে ধৰণৰ অধ্যয়নে দেশ এখনৰ অন্তর্ভুক্ত বিভিন্ন অঞ্চলৰ বাবে উপযুক্ত বিকাশমূলক পৰিকল্পনা গ্রহণ কৰাত সহায় কৰে।

৩) আঞ্চলিক ভিত্তিত কৰা ভূগোলৰ অধ্যয়নে বিষয়টোৰ হৃদয়ঙ্গম সহজ কৰি তোলে।

৪) এনেধৰণৰ অধ্যয়নে সমগ্র অঞ্চলৰ এক সামগ্রিক প্রতিচ্ছবি উপস্থাপন কৰে।

৫) এই অধ্যয়নৰ যোগেদি কোনো স্থানৰ প্রাকৃতিক পৰিৱেশ, অর্থনৈতিক পৰিস্থিতি, মানৱ বসতি, পৰিবহণ আৰু যোগাযোগৰ বিকাশৰ স্থিতি আদিব বিষয়ে জানিব পাৰি।

৬) আঞ্চলিক ভূগোলে একোটা অঞ্চলৰ স্থানিক প্ৰকাৰণৰ বিষয়ে ধাৰণা দিয়ে।

৭) এনেধৰণৰ অধ্যয়নে আমাক সংশ্লিষ্ট অঞ্চল আৰু তাৰ প্ৰতিৱেশী অঞ্চলৰ মাজৰ ভৌগোলিক সম্পৰ্কৰ প্ৰকৃতি বুজাত সহায় কৰে।

৮) অঞ্চলভিত্তিক অধ্যয়নৰ দ্বাৰা, এখন দেশ বা একোটা অঞ্চলৰ আৰ্থ-সামাজিক প্রগতি আৰু ইয়াৰ লগত জড়িত সমস্যাবোৰৰ মূল্যায়ন কৰিব পৰা যায়।

৫। ‘প্রাকৃতিক অঞ্চল” বুলিলে কি বুজা? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা।

উত্তৰঃ ভূপৃষ্ঠৰ এনে অংশসমূহ যত ভৌগোলিক গঠন, প্রাকৃতিক উদ্ভিদ, জলবায়ু আৰু মাটিৰ ধৰণ একে বা কাছাকাছি হয়, তেনেকুৱা অঞ্চলসমূহক প্রাকৃতিক অঞ্চল বুলি কোৱা হয়। অন্য কথাত ক’লে, ভূগোলী আৰু প্ৰাকৃতিক উপাদানসমূহৰ সুষম মিশ্ৰণ থকা অঞ্চলৰেই প্ৰাকৃতিক অঞ্চল হিচাপে স্বীকৃতি দিয়া হয়।

সমগ্র পৃথিৱীক তলত দিয়া এঘাৰটা প্রাকৃতিক অঞ্চলত ভাগ কৰিব পৰা যায়:

1. নিৰক্ষীয় অঞ্চল 2. মৌচুমী অঞ্চল

3. ক্রান্তীয় তৃণভূমি অঞ্চল 4. ক্রান্তীয় উষ্ণ মৰু অঞ্চল

5. ভূমধ্য সাগৰীয় অঞ্চল 6. মধ্য অক্ষাংশীয় মৰু অঞ্চল

7. মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল 8. মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল

9. শীতল সৰলবর্গীয় অৰণ্য অঞ্চল 10. শীতল মেৰু অঞ্চল

11. উচ্চ পার্বত্য অঞ্চল

পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলবোৰ

৬। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ, সেইবোৰক একেলগে থুলমূলকৈ প্রাকৃতিক অঞ্চল বোলা হয়। প্রাকৃতিক পৰিবেশৰ এনে কিছুমান বৈশিষ্ট্যই এটা অঞ্চলক আনটোৰ পৰা পৃথক কৰে। এনে একোটা প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত ঠাইবোৰৰ মাজত প্রাকৃতিক পৰিবেশ আৰু মানুহৰ জীৱন-ধাৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ পার্থক্য নাথাকে। সেইদৰে প্রাকৃতিক আৰু আর্থ-সামাজিক অৱস্থাৰ আঞ্চলিক পার্থক্য মহাদেশ, দেশ বা ৰাজ্য এখনৰ ভিতৰতো বাৰুকৈয়ে পৰিলক্ষিত হয়। সেয়ে এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিবেশৰ প্ৰতিটো উপাদান আৰু সেইবোৰৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগিব। সেইফালৰ পৰা প্ৰকৃতিক অঞ্চল অধ্যয়নৰ গুৰুত্ব আছে ǀ অঞ্চলভিত্তিক অধ্যয়নৰ যোগেদি দেশ বা একোটা অঞ্চলৰ পৰিবেশৰ লগতে আর্থ-সামাজিক উন্নয়ণ আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি।

৭। পৃথিবীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ-প্রাকৃতিক পৰিৱেশ সম্পর্কে লিখা।

উত্তৰঃ পৃথিৱীৰ এঘাৰটা প্রাকৃতিক অঞ্চলৰ প্ৰত্যেকৰে ভূ-প্রাকৃতিক পৰিৱেশৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ

1. নিৰক্ষীয় অঞ্চল: এই অঞ্চলত উষ্ণ আৰু আর্দ্র জলবায়ু বিৰাজ কৰাৰ লগতে প্ৰচুৰ বৃষ্টিপাত হয়। প্রায় সমগ্র অঞ্চলতো চিৰসেউজীয়া ডাঠ অৰণ্যেৰে আবৃত। এই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰা বাবে দিন আৰু বাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য অতি কম।

2. মৌচুমী অঞ্চল: এই অঞ্চলৰ গ্ৰীষ্মকাল উষ্ণ আৰু আৰ্দ্ৰ আৰু শীতকাল ঠাণ্ডা আৰু শুকান। এই অঞ্চলৰ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেঃমিঃ আৰু ইয়াত পর্ণপাতী উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায়। ওখ ঠাইবোৰত লেটেৰাইট মাটি পোৱা যায়। আনহাতে দ ঠাইবোৰত আৰু নদী উপত্যকাবোৰত সাৰুৱা পলসুৱা মাটি পোৱা যায়।

3. ক্রান্তীয় তৃণভূমি অঞ্চল: এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল বিৰাজ কৰে। ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পাৰ্থক্য অধিক। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃমিঃ। এই অঞ্চলত ক্রান্তীয় ঘাঁহনি পৰিলক্ষিত হয়।

4. ক্রান্তীয় উষ্ণ মৰু অঞ্চল: এই অঞ্চলত গোটেই বছৰতে উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে। ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য অধিক। বৰষুণৰ পৰিমাণ প্রায় নগণ্য (বার্ষিক ২০-২৫ ছেঃমিঃ)। এই অঞ্চলৰ অধিকাংশ ঠাই বালিৰে আবৃত হৈ থাকে। বিশাল বালিময় অঞ্চলত কেবল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।

5. ভূমধ্য সাগৰীয় অঞ্চল: ইয়াত গ্রীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু আৰু

শীতকালত শীতল আৰু আর্দ্র জলবায়ু বিৰাজ কৰে। বার্ষিক গড় উষ্ণতা ৮০-২৫° ছেলছিয়াছ আৰু বার্ষিক বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেঃ মিঃ। এই অঞ্চলটোৰ প্ৰধান প্রাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপোহা বননি।

6. মধ্যঅক্ষাংশীয় মৰু অঞ্চল: এই অঞ্চলটো ওখ পৰ্বতেৰে পৰিবেষ্টিত।

ইয়াত বৃষ্টিপাতৰ পৰিমাণ অতি কম আৰু ঋতুগত তথা দৈনিক উষ্ণতাৰ পৰিসৰ অতিশয় বেছি। এই অঞ্চলত শীতকালত কিছুপৰিমাণে তুবাৰপাতো হয়।

7. মধ্যঅক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল: ইয়াৰ উপকূলবর্তী অঞ্চলৰ জলবায়ু সমভাবাপন্ন। গ্ৰীষ্মকালৰ গড় উষ্ণতা ১৫°ছেলছিয়াছ আৰু শীতকালৰ গড় উষ্ণতা ৫০-১০°ছেলছিয়াছ। মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ প্রকোপ কম। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৭৫-১৫০ ছেঃমিঃ কিন্তু সাগৰৰ পৰা দূৰত্ব বৃদ্ধিৰ লগে লগে বৰষুণৰ পৰিমাণ হ্রাস পায়। এই অঞ্চলত শীতকাল অতি শুকান হয়। ইয়াত সাধাৰণতে পর্ণপাতী উদ্ভিদ দেখা যায় যদিও অধিক বৃষ্টিপাত হোৱা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ আৰু পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদ পোৱা যায়।

8. মধ্যঅক্ষাংশীয় তৃণভূমি অঞ্চল: এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্র ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্রকোপ অতি বেছি। গছ-গছনি প্রায় নথকাৰ দৰে যদিও ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহনি পোৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে সাৰুৱা হয়।

9. শীতল সৰলবর্গীয় অৰণ্য অঞ্চল: ইয়াত শুকান আৰু ঠাণ্ডা জলবায়ু বিৰাজ

কৰে। গ্ৰীষ্মকালত উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায় আৰু শীতকালত তুষাৰপাত হয়। গ্রীষ্মকালত অতি কম পৰিমাণে বৰষুণ হয়। টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলে অঞ্চলটো আৱৰি ৰাখিছে।

10. শীতল মেৰু অঞ্চল: এই অঞ্চলটো প্রায় গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। হ্রস্বকালীন গ্ৰীষ্মকালৰ উষ্ণতা ০০-১০০ ছেলছিয়াছ। আনহাতে দীর্ঘকালীন শীতকালত উষ্ণতা ১৮০ ছেলছিয়াছলৈ হ্রাস পায় আৰু এনে সময়ত প্ৰচুৰ তুষাৰপাত হয়। এই অঞ্চলত বৰষুণ প্রায় নহয়েই বুলিব পাবি।

৮ । পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা

উত্তৰঃ

1. নিৰক্ষীয় অঞ্চলঃ বিষ্ণুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ।

প্রায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰ সেউজীয়া ডাঠ অৰণ্যৰে ভৰা । লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা ǀ ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয় ।

2. মৌচুমী অঞ্চলঃ নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫°চেলচিয়াছ । বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ । ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে ǀ

এই অঞ্চলত পর্ণপাতী উদ্ভিদৰ প্রাধান্য বেছি । শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে ।

3. ক্রান্তীয় তৃণভূমি অঞ্চলঃ ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তভাগত সাধাৰণতে ক্রান্তীয় তৃণভূমি অঞ্চল দেখা যায় ǀ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°—২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত । এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্রান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে । ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি । বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)।

ক্রান্তীয় জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰে । ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। উল্লেখযোগ্য যে ভেনেজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্রমে লানোচ আৰু কেম্পোছ নামেৰে জনাজাত।

4. ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি। গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ।

বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে । অৱশ্যে মৰুভূমিৰ অত-ত’ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়।

5. মধ্য অক্ষাংশৰ মৰু অঞ্চলঃ এচিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তভাগৰ মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থা মৰুময়। এনে প্রাকৃতিক অঞ্চলৰ কেউকাষ উচ্চ পর্বতেৰে আৱৰা। সমুদ্ৰৰ পৰা বহু দূৰৈত অৱস্থিত আৰু উচ্চ পর্বতে আগুৰি থকা বাবে ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বেছি। ঠিক তেনেকৈ দিন ৰাতিৰ ক্ষেত্ৰতো উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীত কালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাতত হয়।

6. মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলঃ পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চল বিৰাজমান। উত্তৰ গোলার্ধত সাধাৰণতে কর্কটক্রান্তিৰ (২৩১˚২ উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ ( ২৩১˚২ দক্ষিণ) পৰা ৫০° দক্ষিণলৈ কিছু অংশত এই প্রাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জহৰ প্রকোপ কম। গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫ চেলচিয়াছ আৰু শীতকালত ৫-১০° চেলচিয়াছ। সমুদ্ৰৰ কাষৰীয়া ঠাইবোৰৰ জলবায়ু সমভাৱাপন্ন। বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰৰ ভিতৰত। সমুদ্ৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ ক্রমে হ্রাস। পায়। এই অঞ্চলত শীতকাল অতি শুকান। বৃষ্টিপাতৰ তাৰতম্য অনুসৰি।

এই অঞ্চলৰ প্রাকৃতিক উদ্ভিদ বহু প্ৰকাৰৰ হোৱা দেখা যায়। অৱশ্যে বেছিভাগ ঠাইতে পর্ণপাতী উদ্ভিদ পোৱা যায়। আনহাতে, কিছু বেছিকৈ বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদৰ প্রাধান্য দেখা যায়। ইয়াৰ অৰণ্যবোৰ বৰ ডাঠ ǀ

7. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তর্দেশীয় অৱস্থানে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্রীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্র ১৫–৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়।

শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নথকাৰ দৰে। উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনা যায়। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰি, দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউৰ্চ বোলা হয়।

8. শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়।

শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰ সেউজীয়া সৰবৰ্গীয় অৰণ্যৰে ভৰা। এনে সৰল গছেৰে ভৰা কোমল কাঠৰ অৰণ্য ভূমিক টাইগা বুলি কোৱা হয়।

9. শীতল মেৰু অঞ্চলঃ গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀউত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্থিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়।

বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে। গ্রীষ্মকালত কিছু উত্তাপ বৃদ্ধিৰ লগে লগে যিবোৰ ঠাইত বৰফ গলিবলৈ ধৰে সেই ঠাইত ঘাঁহ, শেলুৱৈ আৰু টেকীয়াজাতীয় উদ্ভিদ গজে। উত্তৰ মেৰুৰ এই প্রাকৃতিক অঞ্চলটো তুন্দ্রা অঞ্চল বুলি জনাজাত।

9. মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ।

চিৰ সেউজীয় চুটি গছ-গছনি আৰু জোপোহা বননিয়েই এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ।

11. উচ্চ পার্বত্য অঞ্চলঃ উচ্চতা বঢ়াৰ লগে লগে পার্বত্য অঞ্চলত এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পর্বত শ্রেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বত শ্ৰেণীয়ে বিস্তীর্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা মন কৰিবলগীয়া ধৰণে হ্রাস পায়। উদাহৰণস্বৰূপে, এণ্ডিজ পৰ্বতৰ নামনিত যদিও নিৰক্ষীয় অৰণ্য অঞ্চল আছে, অধিক উচ্চতাত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে।

বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পার্বত্য অঞ্চলৰ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়। হিমালয় পর্বতশ্রেণীৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্রভাৱত যথেষ্ট বৰষুণ হয় বাবে এই অংশত ডাঠ অৰণ্যৰ সৃষ্টি হৈছে। আনহাতে, তিবৃত মালভূমিৰ ফালে থকা হিমালয়ৰ উত্তৰ অংশ বৰষুণৰ অভাৱত প্রায় গছ-গছনিবিহীন। এইদৰে উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰতে বেলেগ বেলেগ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ দেখা যায়।

৯) পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বৰ্ণনা দিয়া ǀ

উত্তৰঃ জলবায়ু, ভূমি, ভূ-প্রকৃতি, অৱস্থিতি, সাগৰৰ পৰা দূৰত্ব, উচ্চতা আদিৰ ভিন্নতাৰ বাবে বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা লোকৰ জীৱন-ধাৰণ প্ৰণালী, একে নহয়। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত পোৱা মুখ্য অর্থনৈতিক ক্রিয়াকলাপবোৰ হৈছে –

(i) নিৰক্ষীয় অঞ্চলঃ

ইণ্ডোনেছিয়াৰ জাভা দ্বীপত আৰু ফিলিপাইনছৰ কিছু অংশত কেবা শতিকাজুৰি মানুহে স্থায়ীভাৱে কৃষি কৰি জীৱন নির্বাহ কৰি আছে। অৰণ্য মুকলি কৰি ইয়াৰ খেতিয়কসকলে পাহাৰৰ ঢালত খাজ কাটি কৃষিকার্য সম্পাদন কৰে। দ-ঠাইবোৰতো নানা ধৰণৰ শস্যৰ খেতি কৰে। এই অঞ্চলৰ প্ৰধান শস্য ধান। আনহাতে, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু শ্রীলংকাৰ বহু অংশত ৰোপণ কৃষি পদ্ধতিৰে ৰবৰ, চাহ আৰু কফি উৎপাদন কৰা হয় ǀ ইয়াৰ উৎপাদিত সামগ্ৰীৰ বেছি ভাগেই গ্রেইট বৃটেইনকে ধৰি ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল। মালয় উপদ্বীপৰ বেছিভাগ ঠায়েই শাৰী শাৰীকৈ ৰোৱা ৰবৰ গছেৰে পৰিপূর্ণ। ৰবৰ খেতিৰ লগতে চাহ আৰু কফি খেতিৰ যোগেদি সমগ্র অঞ্চলটোত অর্থনৈতিক বিকাশ ঘটিছে। মানুহৰ জীৱন- ধাৰণৰ মান উন্নত হৈছে। আধুনিক সা-সুবিধাও বৃদ্ধি পাইছে।

(ii) মৌচুমী অঞ্চলঃ

কৃষিয়েই হ’ল মৌচুমী অঞ্চলৰ মানুহৰ প্রধান বৃত্তি। নদী-উপত্যকাসমূহত কৃষি উৎপাদন যথেষ্ট বেছি। গৰম আৰু সেমেকা জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ বাবে এই অঞ্চল নানাবিধ শস্য উৎপাদনৰ বাবে উপযোগী। প্রধান শস্য ধানৰ উপৰি এই অঞ্চলত ঘেঁহু, কুঁহিয়াৰ, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়। এই অঞ্চল প্রাকৃতিক সম্পদতো চহকী। এই অঞ্চলৰ জনবসতিও ঘন। সমগ্র পৃথিৱীৰ প্ৰায় ৪০ শতাংশ লোক এই মৌচুমী অঞ্চলতে বাস কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে এই অঞ্চলত অর্থনৈতিক উন্নয়ণ ঘটিছে।

(iii) ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ

দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অস্ট্রেলিয়াত ১০০-২৫০ অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছাভানা বুলি কোৱা হয়। সেইবোৰ বিভিন্ন। দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুবেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাবে যথাক্রমে লানোছ আৰু কেম্পোছ নামে জনাজাত। এই প্রান্তত আদিবাসী লোকো বাস কৰে। তেওঁলোকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্র মাত্রাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যোগাযোগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অর্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।

(iv) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ

মৰু অঞ্চলৰ বেছিভাগ ঠায়েই জনবসতিহীন। কিছুমান ঠাইতহে অঘৰী পশুপালকসকলে বাস কৰে। কালাহাৰী মৰুভূমিৰ বুছমেন আৰু অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্রহ আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি জীৱন-নির্বাহ কৰে। ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন নামৰ অঘৰীসকলে উট, ঘোঁৰা, ভেড়া, ছাগলী ইত্যাদি পালন কৰি জীৱিকা নির্বাহ কৰে। অৱশ্যে নীল নদী উপত্যকা আৰু বদ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্যৰ বিকাশ ঘটিছে। এই অঞ্চলত জনবসতি স্থায়ী আৰু ঘন। আনহাতে মৰু অঞ্চলৰ ভিতৰুৱা হ’লেও পেট্রলিয়াম সম্পদত চহকী কুৱেইট, ছৌদি আৰৱ, ইৰাণ, ইৰাক আদি দেশসমূহৰ মানুহৰ বৃত্তি আৰু অর্থনৈতিক অৱস্থা সম্পূর্ণভাৱে বেলেগ।

(v) ভূমধ্য সাগৰীয় অঞ্চলঃ

ভূমধ্য সাগৰীয় অঞ্চলৰ মানুহৰ প্রধান জীৱিকা হ’ল কৃষি । এই অঞ্চলৰ সমভূমিবোৰত শীতকালীন বৰষুণ আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত আদিৰ খেতি কৰা হয়। আনহাতে, পাহাৰৰ ঢালবোৰত আঙুৰ আৰু আপেলকে ধৰি বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰা হয়। উৎপাদিত ফল-মূলৰ পৰা নানা ধৰণৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰি বিদেশলৈ ৰপ্তানি কৰাটো এই অঞ্চলৰ মানুহৰ এটা প্রধান ব্যৱসায়। প্ৰচুৰ পৰিমাণে উৎপাদিত আঙুৰৰ পৰা ইয়াত বিভিন্ন প্ৰকাৰৰ মদ প্ৰস্তুত কৰা হয়। এইদৰে ফল-মূলৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা বৃহৎ শিল্পৰ বাবে এই অঞ্চল পৃথিৱী বিখ্যাত। সেয়ে গোটেই অঞ্চলটো অর্থনৈতিক দিশত যথেষ্ট আগবঢ়া। তদুপৰি জলবায়ু মৃদু আৰু স্বাস্থ্যকৰ হোৱা বাবে জনবসতিও কিছু ঘন।

(vi) মধ্য অক্ষাংশীয় মৰু অঞ্চলঃ

মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ প্ৰধানকৈ তিব্ৰত আৰু পেটাগ’নিয়া মালভূমি আৰু গোবি মৰুভূমিৰ কিছু অংশত যাযাবৰ পশুপালক শ্ৰেণীৰ লোকে বাস কৰে। এই লোকসকলে পশুখাদ্যৰ সন্ধানত ঠাই সলাই ফুৰে বাবে তেওঁলোকৰ কোনো স্থায়ী বসতি নাই । অৱশ্যে জলসিঞ্চনৰ যোগেদি নদী উপত্যকা অঞ্চলত সম্প্রতি কিছু পৰিমাণে কৃষিকার্য সম্ভৱ হৈ উঠিছে। খনিজদ্রব্য উদঘাটন আৰু ঔদ্যোগীকৰণৰ বাবেও কিছু আর্থিক উন্নতি ঘটিছে। সমগ্র অঞ্চলটোতে জনবসতি তেনেই পাতল। কৃষিকার্য আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰিহে কিছুমান ঠাইত তুলনামূলকভাৱে ঘন বসতি গঢ়ি উঠিছে।

(vii) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলঃ

মধ্য অক্ষাংশীয় তৃণভূমি প্রায় সকলো মহাদেশতে অবস্থিত। এই তৃণভূমিবোৰ মহাদেশবোৰত পৃথক পৃথক নামেৰে জনাজাত। এইবোৰ এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰী, আর্জেন্টিনা আৰু দক্ষিণ আমেৰিকাত পম্পাচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অস্ট্রেলিয়াত ডাউনচ নামে জনাজাত। এই তৃণভূমি অঞ্চলত বাস কৰা অধিকাংশ লোকেই আদিবাসী। এই অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা কৃষি। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অস্ট্রেলিয়া আৰু ৰাছিয়াৰ তৃণভূমি অঞ্চলত বৃহৎ মাত্ৰাত কৃষি উৎপাদন কৰা হয়। এই অঞ্চলৰ বহুতো অংশত ঘেঁহুৰ খেতি কৰা হয়। বাণিজ্যিক ভিত্তিত কৰা পশুপালন যথেষ্ট বিকশিত হৈছে। গৰু, ম’হ আৰু ভেড়া পালনত আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্রয়োগৰ ফলত দুগ্ধ শিল্প গঢ়ি উঠিছে। এই দেশসমূহৰ পৰা উণো ৰপ্তানি কৰা হয়।

(viii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ

মধ্য এছিয়াৰ তৃণভূমি অঞ্চলত বাস কৰা লোকসকলৰ বেছিভাগেই অঘৰী আদিবাসী। তেওঁলোকৰ প্রধান জীৱিকা হৈছে পশুপালন। কিন্তু আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, আর্জেন্টিনা, অষ্ট্রেলিয়া আৰু ৰাছিয়াত এনে তৃণভূমি অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয়। বাণিজ্যিক ভিত্তিত উৎপাদিত এই অঞ্চলৰ প্ৰধান শস্য হ’ল ঘেঁহু। বর্তমান এইবোৰ দেশৰ পৰাই প্রধানকৈ ঘেঁহু ৰপ্তানি হয়। তদুপৰি অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু আর্জেন্টিনাত অৱস্থিত তৃণভূমি অঞ্চলত বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। এই অঞ্চলত পোহনীয়া গৰু-ম’হৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্পও গঢ়ি উঠিছে। লগতে গৰু-ম’হ আৰু ভেড়া-ছাগলীৰ মাংস, আৰু ভেড়াৰ নোমৰ পৰা উণ উৎপাদন কৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। অর্থনৈতিকভাবে কিছু অগ্রগতি লাভ কৰিলেও এনে তৃণভূমি অঞ্চলৰ জনবসতি এতিয়াও সেৰেঙা হৈ আছে।

(ix) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলঃ

এই অঞ্চলত জনবসতি তেনেই পাতল। কৃষি আৰু পশুপালনৰ বাবে এই অঞ্চল উপযুক্ত নহয়। জন্তু চিকাৰ আৰু কাঠ সংগ্রহ কৰিয়েই ইয়াৰ বেছিভাগ অধিবাসীয়ে জীৱিকা নির্বাহ কৰে। ইউৰোপৰ নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাগজৰ বাবে বিখ্যাত। কানাডা, আলস্কা আৰু ছাইবেৰিয়াত নানা প্ৰকাৰৰ খনিজ দ্রব্যৰ আবিস্কাৰ হোৱাত এই অঞ্চলৰ বহু ঠাইত শিল্পকেন্দ্র গঢ়ি উঠিছে। ইয়াৰ ফলত এইবোৰ ঠাই অর্থনৈতিকভাৱে যথেষ্ট আগ বাঢ়িছে। বর্তমানে টাইগা অঞ্চলৰ দক্ষিণ অংশত কিছু পৰিমাণে কৃষিকার্য আৰু ভেড়া পালন কৰিবলৈ লোৱা হৈছে।

(x) শীতল মেৰু অঞ্চলঃ

এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল, গ্রীনলেণ্ড, ছাইবেৰিয়া আৰু এন্টার্কটিকা শীতল মেৰু অঞ্চলৰ অন্তর্ভুক্ত। এই অঞ্চলত সাধাৰণতে এস্কিমো আৰু লেছ নামৰ আদিবাসীয়ে বাস কৰে। তেওঁলোকে শীতকালত ‘ঈগলু’ত আৰু গ্রীষ্মকালত ‘টিউপিক’ নামৰ তন্বত বাস কৰে। তেওঁলোকে মাছ ধৰা আৰু চিকাৰৰ দ্বাৰা জীৱন ধাৰণ কৰে। এই লোকসকলৰ মাজত কুকুৰে টনা শ্লেজ গাড়ীয়েই সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম। যোগাযোগৰ বিস্তাৰৰ ফলত এই অঞ্চলৰ বহুতো লোকে স্থায়ী ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিছে। মাছধৰা আৰু জন্তু চিকাৰ কৰাৰ বাবে আধুনিক যন্ত্র-পাতি ব্যৱহৃত হৈছে। ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে বল্পাহৰিণ পালনৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আলস্কাত পেট্র’লিয়াম আৰু সোণ, লাব্রাডোৰত লো আৰু ছাইবেৰিয়াত নিকেলৰ আৱিষ্কাৰে এই অঞ্চলত যথেষ্ট অর্থনৈতিক প্রগতি আনিছে।

(xi) উচ্চ পাৰ্বত্য অঞ্চলঃ

পার্বত্য অঞ্চলৰ জীৱন-ধাৰণ প্ৰণালী অতি কষ্টকৰ বাবে ইয়াত জনবসতি তেনেই সেৰেঙা। পশুপালন আৰু কাঠৰ ব্যৱসায়েই এই অঞ্চলৰ মানুহৰ প্রধান বৃত্তি। নদী উপত্যকা বোৰত প্ৰধানকৈ কৃষিকার্য সম্পাদন কৰা হয়। অৱশ্যে পার্বত্য অঞ্চলৰ নিবাসীসকলে এক আদিম পদ্ধতিৰে ঠাই সলাই খেতি কৰে। এনে ধৰণৰ কৃষি কাৰ্যক ঠাই সলনি কৃষি’ অঞ্চলত জনজাতীয় লোকসকলে বহু যুগৰ পৰা এনে ঝুমখেতি কৰি আহিছে। পার্বত্য অঞ্চলৰ কোনো কোনো ঠাইত আকৌ খনিজ দ্রব্যৰ উদ্ঘাটনো কৰা হৈছে। তদুপৰি প্ৰাকৃতিক সৌন্দর্য আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবে পার্বত্য অঞ্চলৰ বহু ঠাই পার্বত্য নিবাস আৰু পর্যটন কেন্দ্র হিচাপে গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ দার্জিলিং, মুছৌৰী, নাইনিতাল, ছিমলা, শ্বিলং আদি এনে ধৰণে গঢ়ি উঠা একো একোটা পর্যটক কেন্দ্র।

১০। পৃথিবীত মহাদেশ কেইখন আৰু কি কি? প্রতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ পৃথিৱীত সাতখন মহাদেশ আছে। এই সাতখনৰ ভিতৰত বৰফাবৃত এন্টার্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই। গতিকে এই মহাদেশ নামতহে মহাদেশ হৈ ৰ’ল। অন্য ছখন মহাদেশ হৈছে এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওছেনিয়া।

(i) এছিয়া:

এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ। ইয়াৰ মাটিকালিয়ে (৪৪.৪ নিযুত বর্গ কিলোমিটাৰ) পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশ মুলতঃ উত্তৰ গোলার্ধত অৱস্থিত। ই দক্ষিণে ১° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্যসাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ; ইউৰাল নদী আৰু ইউৰাল পর্বতমালা। এই মহাদেশখন উত্তৰ-দক্ষিণাকৈ প্রায় ৮৪০০ কিলোমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ৯৬০০ কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈর্ঘ্য প্রায় ৫৮,০০০ কিলোমিটাৰ।

(ii) আফ্রিকা:

আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ৩০ নিযুত বর্গ কিঃমিঃ। মহাদেশখনে পৃথিৱীৰ মুঠ মাটিকালিৰ ২০ শতাংশ জুৰি আছে। বিষুৱৰেখাই মহাদেশখনৰ মাজেৰে অতিক্ৰম কৰি ইয়াক দুটা ভাগত বিভক্ত কৰিছে। এই মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ আৰু পূবে ৫১° পূর্ব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। আফ্ৰিকাৰ উত্তৰে ভূমধ্য সাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখাৰ দৈর্ঘ্য হৈছে ৩০,০০০ কিঃমিঃ।

(iii) ইউৰোপ:

ইউৰোপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ইয়াৰ মাটিকালি ১০.৯ নিযুত বর্গ কিঃ মিঃ যি পৃথিৱীৰ স্থলভাগৰ ৭.৩ শতাংশ জুৰি আছে। ইদক্ষিণে ৩৬° উত্তৰ অক্ষাংশ আৰু উত্তৰে ৭১° উত্তৰঃ অক্ষাংশ আৰু পশ্চিমে ১০০ পঃ দ্রাঘিমাংশ আৰু পূবে ৬৫০ পূঃ দ্রাঘিমাংশৰ মাজত অৱস্থিত। ইউৰোপ মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ আছে আনহাতে দক্ষিণে ভূমধ্য সাগৰ, কাম্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ আছে। পূবে এছিয়া মহাদেশ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ অৱস্থিত। ইউৰাল পৰ্বতশ্ৰেণী আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশক এছিয়াৰ পৰা পৃথক কৰিছে। ইউৰোপৰ উপকূলৰেখাৰ দৈর্ঘ্য ৩৮,০০০ কিঃমিঃ।

(iv) উত্তৰ আমেৰিকা:

উত্তৰ আমেৰিকা বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ ǀইয়াৰ মাটিকালি ২৪.৩ নিযুত বর্গ কিলোমিটাৰ, অর্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ ১৬.৩ শতাংশ। এই আমেৰিকা মহাদেশখন উত্তৰ গোলার্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয়। এই মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূৰে ৫০° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন পূর্ব-পশ্চিমাকৈ ৪৯৬০ কিলোমিটাৰ আৰু উত্তৰ-দক্ষিণাকৈ ৯৬০০ কিলোমিটাৰ দীঘল। উল্লেখযোগ্য যে মহাদেশখন শীতল উত্তৰ মেৰু অঞ্চলৰ পৰা বিষুবীয় উষ্ণ অঞ্চললৈকে বিস্তৃত। ইয়াৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ,পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং প্ৰালী,বেৰিং উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ ǀ

(v) দক্ষিণ আমেৰিকাঃ

দক্ষিণ আমেৰিকা মহাদেশ উত্তৰে ১২° উত্তৰঃ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দঃ অক্ষাংশলৈ আৰু পূরে ৩৫° পঃ দ্রাঘিমাংশৰ পৰা পশ্চিমে ৮১০ পঃ দ্রাঘিমাংশলৈ বিস্তৃত। ই ওলোটা ত্রিভুজাকৃতিৰ। অন্যার্থত ইয়াৰ উত্তৰ অংশ বৰ প্রশান্ত আৰু দক্ষিণ অংশ যথেষ্ট ঠেক। দক্ষিণ

আমেৰিকাৰ মুঠ মাটিকালি হৈছে ১৮ নিযুত বর্গ কিঃ মিঃ যি পৃথিবীৰ মুঠ মাটিকালিৰ প্ৰায় ১২.২ শতাংশ। উত্তৰৰ পৰা দক্ষিণলৈ ইয়াৰ দৈর্ঘ্য ৭,৫০০ কিঃ মিঃ আৰু পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈর্ঘ্য ৫,১০০ কিঃমিঃ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পশ্চিমে প্রশান্ত মহাসাগৰ আৰু পূরে আটলান্টিক মহাসাগৰ।

(vi) ওছেনিয়া:

অষ্ট্রেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে আৰু সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূব দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। উল্লেখযোগ্য যে ৭.৭ নিযুত বর্গ কিলোমিটাৰ মাটিকালিৰে অষ্ট্রেলিয়াই এই মহাদেশৰ বৃহত্তম আৰু পৃথিৱীৰ ষষ্ঠ বৃহৎ দেশ। ইয়াৰ উপকূলৰ দৈর্ঘ্য প্রায় ১০,০০০ কিলোমিটাৰ অষ্ট্রেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ কিলোমিটাৰ। এইদৰে ওছেনিয়াখন পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। ইয়াৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।

১১। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? সেই মহাদেশখনৰ ভূ-প্রকৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশৰ অধিকাংশ উত্তৰ গোলার্ধত অৱস্থিত। মহাদেশখনৰ ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে তলত উল্লেখ কৰা হ’লঃ

(i) পর্বতশ্রেণী:

এছিয়া মহাদেশৰ মধ্য অংশত অৱস্থিত নবীন ভঙ্গিল পর্বতশ্রেণী পশ্চিৰ পৰা পূবলৈ বিস্তৃত। এই অঞ্চলৰ পৰ্বতশ্রেণী দুটা গুৰুত্বপূৰ্ণ শৈলগ্ৰন্থিৰ পৰা উদ্ভৱ হৈছে। এই শৈলগ্রন্থি দুটা হৈছে পামিৰ শৈলগ্রন্থি আৰু আর্মেনীয় শৈলগ্রন্থি। এই মহাদেশৰ গুৰুত্বপূৰ্ণ পৰ্বতশ্রেণীবোৰ হৈছে ইউৰাল পর্বতশ্রেণী, হিমালয় পর্বতমালা, কাৰাকোৰম পৰ্বতশ্রেণী, হিন্দুকুশ পর্বতশ্রেণী, আৰাৱলী পর্বতশ্রেণী ইত্যাদি। পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট হিমালয় পর্বতশ্রেণীত অৱস্থিত। আনহাতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গউইন অষ্টিন (K2) কাৰাকোৰম পৰ্বত শ্ৰেণীত অৱস্থিত।

(ii) মালভূমিঃ

এছিয়া মহাদেশত মালভূমিৰ এক শৃংখলা আছে। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এই মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূর্ণ

মালভূমিবোৰ হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দক্ষিণা মালভূমি, ইৰান মালভূমি ইত্যাদি।

(iii) নদীঃ

এছিয়া মহাদেশ বহুতো নদীৰে আৰ্শীবাদ ধন্য। বহুতো ডাঙৰ নদী মহাদেশখনৰ মধ্যাংশৰ পৰ্বতশ্ৰেণীৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশৰ মহাসাগৰ আৰু সাগৰ-মহাসাগৰৰ ফালে ধাৱমান হৈছে। গুৰুত্বপূর্ণ নদীবোৰ হৈছে দক্ষিণ মধ্য এছিয়াৰ সিন্ধু, গংগা আৰুব্ৰহ্মহ্মপুত্ৰ, উত্তৰ এছিয়াৰ ওব, ইয়েনিছি আৰু লেনা; পুব অংশৰ আমুৰ, হোৱাংহো, ইয়াং চিকিয়াং আৰু মেকং, দক্ষিণ আৰু দক্ষিণ-পূর্ব এছিয়াৰ মহানদী, কৃষ্ণা; কাবেৰী, মেনাম, ইৰাৱতী আৰু মেকং।

(iv) সাৰুৱা সমতল আৰু ব দ্বীপ:

এছিয়াৰ নদীবোৰে বহু সংখ্যক সাৰুৱা সমতল আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। তদুপৰি এছিয়াৰ উত্তৰ-পূব আৰু দক্ষিণ ফালৰ সাগৰ-মহাসাগৰে ভালেমান উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে।

(v) দ্বীপসমূহঃ

এছিয়াৰ গুৰুত্বপূৰ্ণ দ্বীপসমূহ হৈছে জাপান, টাইরান, ফিলিপাইন, জাভা, সুমাত্রা, বর্ণিও, ছেলিবিচ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন ইত্যাদি। এই দ্বীপসমূহৰ অৰ্থনৈতিক বিকাশ ইয়াৰ ভূ-প্রকৃতি, জলবায়ু আৰু অৱস্থিতি অনুসৰি ভিন ভিন হয়।

(vi) মৰুভূমিঃ

এছিয়াত তিনিখন মৰুভূমি আছে। এইকেইখন হৈছে গোবি, থৰ আৰু আৰবীয় মৰুভূমি। ভাৰতৰ থৰ মৰুভূমি আৰু আৰব মৰুভূমি ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। আনহাতে গোবি মরুভূমি মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তৰ্গত।

১২। পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ সবাতোকৈ অধিক জনবসতিপূর্ণ মহাদেশ।

২০০৭ ৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৪০১ কৌটি, অর্থাৎ বিশ্ব জনসংখ্যাৰ তিনি-পঞ্চমাংশ । মহাদেশখনৰ ভূ- প্ৰকৃতিৰ বিভিন্নতাৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণো যথেষ্ট অসমান । ইয়াৰ প্রায় তিনি চতুথাংশ মানুহেই দক্ষিণ, দক্ষিণ-পূব আৰু পূবৰ ক্রান্তীয় আৰু উপক্রান্তীয় মৌচুমী অঞ্চলত বাস কৰে। উদাহৰণস্বৰূপে এছিয়া মহাদেশৰ ৪৯ খন দেশৰ কেৱল দুখন দেশতেই (চীনদেশ আৰু ভাৰতবৰ্ষ) ৬১ শতাংশ লোক ঠাহ খাই আছে ǀ মহাদেশখনৰ বৃহৎ মহানগৰ কেইখনমান হৈছে টকিঅ, বেইজিং, মুম্বাই, দিল্লী, কলিকতা, ছিংগাপুৰ, ছিউল, ছাংঘাই, হংকং, বেঙ্কক, কোৱালালামপুৰ, টাইপেই আদি। মহাদেশৰ ৪১ শতাংশ লোক নগৰবাসী। ইয়াৰ গড় জনমূৰি জাতীয় আয় ৬,৬৩০ আমেৰিকান ডলাৰ।

মহাদেশৰ অৰ্থনৈতিক বৈশিষ্ট্যঃ

এচিয়া মহাদেশ প্ৰাকৃতিক সম্পদত চহকী ǀপ্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ, খনিজ আৰু কৃষিজ সম্পদ বিশেষকৈ উল্লেখযোগ্য ǀমহাদেশৰ বিভিন্ন অঞ্চলত বিভিন্ন খনিজ সম্পদৰ প্ৰয়োভৰ হোৱা হেতুকে সেইবোৰ অঞ্চলত খনিজদ্ৰব্য উদ্ঘাটন আৰু উদ্যোগীকৰণৰ বাবে আৰ্থিক উন্নতি ঘটিছে ǀ যেনে- ভাৰত, ম্যানমাৰ, চীন, ছাইবেৰিয়াত কয়লা আৰু প্ৰকৃতিক গেছ ; ইণ্ডোনেছিয়া, ফিলিপাইন, চীন, ভাৰতত লোৰ আকৰ, ভাৰত আৰু ছাইবেৰিয়াত মেংগানিজ ৰ উৎপাদন হোৱা বাবে ঠাইবোৰত উদ্যোগীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে ǀ পশ্চিম এছিয়া ৰ মৰু অঞ্চলবোৰত অৱস্থিত ঠাইসমূহ যেনে ইৰাণ ,ইৰাক, কুৱেইট, ছৌদি আৰব, কাটাৰ, ওমান আদি দেশবোৰ পেট্ৰলিয়াম সম্পদত চহকী হোৱাৰ বাবে সেইবোৰ দেশৰ মানুহৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন ধাৰনৰ মানদণ্ড যথেষ্ঠ উন্নতǀ

মহাদেশখনৰ মূল অৰ্থনীতি এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰশীল ǀ নিৰক্ষীয় অঞ্চলত অৱস্থিত মহাদেশখনৰ দেশসমূত ধান, ঘেঁহু, কুহিয়াৰ, ধপাত, কপাহ, ৰবৰ, চাহ, কফি আদিৰ খেতি কৰা হয় ǀউৎদপাদিত দ্ৰব্য সমূহৰ এটা বৃহৎ অংশ ইউৰোপৰ দেশসমূহলৈ পঠিয়াই দিয়া হয় ǀ উৎপাদিত সা-সামগ্ৰীবোৰ অনা নিয়া কৰাৰ বাবে ৰেলপথ বা আলিবাটৰ যাতায়ত ব্যৱস্থা আগতকৈ উন্নত হৈছে ǀ ৰবৰ আৰু চাহ,কফিৰ দৰে ৰোপন কৃষিৰ যোগেদি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ঘটিছে ǀ

১৩। ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ইউৰোপৰ মুঠ মাটিকালি ১০.৯ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ৭.৩ শতাংশ। ইউৰোপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ইউৰোপ মহাদেশৰ প্রধান ভৌগোলিক বৈশিষ্ট্যবোৰ হ’ল:

(i) ভূ-প্রাকৃতিক বিভাগ:

ভূ-প্রকৃতিৰ ভিত্তিত ইউৰোপক দুটা অংশত বিভক্ত

কৰিব পাৰিঃ

ক) উত্তৰ অংশ

খ) দক্ষিণ অংশ

উত্তৰ অংশটো পশ্চিমৰ, ফ্রান্স উপকূলৰ পৰা পূবে ইউৰাল পৰ্বতশ্রেণীলৈ বিস্তৃত এয়া সমভূমি অঞ্চল। দক্ষিণ অংশ স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈ বিস্তৃত। এই অঞ্চল পাহাৰ, পৰ্বত আৰু মালভূমিৰ দ্বাৰা আবৃত। উত্তৰ সীমান্ত অঞ্চল আৰু দক্ষিণৰ উচ্চভূমি অঞ্চলত হিমবাহৰ প্ৰভাৱ অতি বেছি।

(ii) পর্বত শ্রেণী:

ইউৰোপৰ পৰ্বতশ্রেণীবোৰ হ’ল আল্লছ, পাইৰেনিজ, কার্পেথিয়ান, ককেচাছ ইত্যাদি। ককেচাছ পর্বতশ্রেণীত অৱস্থিত এ’লব্রাছ শৃংগ (৫,৬৩৩ মিঃ) ইউৰোপৰ উচ্চতম শৃংগ আনহাতে মাউন্ট ব্রেংক (৪,৮০৭ মিঃ) আল্লছৰ উচ্চতম শৃংগ।

(iii) নদী আৰু হ্রদঃ

ইউৰোপ বহুতো নদীৰে আশীৰ্বাদ ধন্য। এই মহাদেশব গুৰুত্বপূৰ্ণ নদীবোৰ হৈছে স্পেইনৰ এলৱো, ফ্রান্সৰ বোন আৰু ছেইন, জার্মানীৰ ৰাইন আৰু এল্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অস্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ; ইটালীৰ পো; গ্রেট বৃটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভল্লা, ইউবাল ইত্যাদি। ইউৰোপৰ কেইটামান উল্লেখযোগ্য হ্রদ হৈছে ওনেগা, লেউগা, চুডস্ক’য়ে, ভেনার্ন ইত্যাদি।

(iv) দ্বীপসমূহঃ

ইউৰোপ মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে আটলান্টিক মহাসাগৰৰ বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড, আইচলেণ্ড আৰু ছেটলেণ্ড, ভূমধ্য সাগৰৰ ক্ৰিট, ছিছিলি, মাল্টা, ছার্ভিনিয়া কৰচিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ আৰু উত্তৰ মহাসাগৰৰ গটলেণ্ড, এলাণ্ড, নভায়া, জেমল্যা, গ্রীণলেও ইত্যাদি।

১৪। উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্রকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬.৩ শতাংশ। তলত দিয়া ভূ-প্রাকৃতিক বৈশিষ্ট্যবোৰ এই মহাদেশত দেখা পোৱা যায়।

ভূ-প্রাকৃতিক বিভাগ: ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ আমেৰিকাক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি।

(i) ৰকি পার্বত্য অঞ্চল:

ৰকি পার্বত্য অঞ্চল উত্তৰ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত। আলস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰা-দক্ষিণাকৈ থকা সুউচ্চ নবীন ভংগিল পর্বতশ্রেণী এই অঞ্চলটোত আছে। এই অঞ্চলৰ মুখ্য পর্বতশ্রেণীবোৰ হৈছে ব্রুকছ পর্বতশ্রেণী, আলস্কা পর্বতমালা, মেকেঞ্চিত পর্বতশ্রেণী, ক’ষ্টৰেঞ্জ, কাস্কেড, ছিয়েৰা নেভাডা, চিয়েৰা মাড়ে ইত্যাদি। এই অঞ্চলটো প্রধানতঃ দুটা উত্তৰা-দক্ষিণা সমান্তৰাল পর্বতশ্রেণীৰে গঠিত –

১) পূবৰ ৰকি পৰ্বত শ্ৰেণী আৰু

২) পশ্চিমৰ উপকূলবর্তী পর্বতশ্রেণী।

(ii) বিশাল উচ্চ সমভূমি অঞ্চল:

ৰকি পার্বত্য অঞ্চলৰ পূবে আৰু আপেলেছিয়ান উচ্চভূমিৰ পশ্চিমে অৱস্থিত এই প্রশস্ত অঞ্চলটো কানাডাব উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে বিস্তৃত। এই অঞ্চলটো ক্ষয়জাত মালভূমি আৰু সাৰুৱা সমতলৰ দ্বাৰা গঠিত। মিছিছিপি, মিছৌৰী, অহিঅ’ আদি নদীবোৰে এই অঞ্চলৰ দক্ষিণ অংশক সাৰুৱা সমতল ভূমিত পৰিণত কৰিছে।

(iii) আপেলেছিয়ান উচ্চভূমি অঞ্চল:

উত্তৰ আমেৰিকাৰ পূব অংশত উত্তৰে

নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পৰ্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত ওখোৰা-মোখোৰা অঞ্চলটোক আপেলেছিয়ান উচ্চভূমি বুলি জনা যায়। এলিঘেনি আৰু ব্লুৰিজ পর্বতশ্রেণী এই অঞ্চলৰ দক্ষিণ অংশত অৱস্থিত। এই অঞ্চল খনিজ সম্পদেৰে সমৃদ্ধ আৰু অর্থনৈতিক বিকাশত অধিক অগ্ৰসৰ।

(iv) উপকূলীয় সমতলভূমি অঞ্চল:

আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ পূবে থকা আটলান্টিক মহাসাগৰৰ উপকূলৱৰ্তী উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে বিস্তৃত সমতল ভূমিখণ্ডই হৈছে উপকূলীয় সমতল ভূমি। এই অঞ্চল খনিজ তেল, প্রাকৃতিক গেছ, লবণ আদি সম্পদেৰে সমৃদ্ধ। কেলিফোর্ণিয়াৰ ঠেক উপকূলীয় সমতলৰ বাহিৰে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত কোনো বিশাল সমতল অঞ্চল নাই। পশ্চিমৰ আলস্কাৰ পৰা পূবৰ নিউফাউণ্ডলেগুলৈকে বিস্তৃত উত্তৰ উপকূলীয় ভূমি বহু পৰিমাণে ভগ্ন।

(v) নদীসমূহঃ

উত্তৰ আমেৰিকা মহাদেশত মিছৌৰী, মিছিছিপি, যুকুম, মেকেঞ্জি, ৰিওগ্রেণ্ডেচ ৰেড, কোলোৰাডো, কলম্বিয়া, স্নেক, ওহিঅ’, টেনেছি, হাডছন, ছেণ্ট ল’ৰেঞ্চ আদিৰ দৰে বহুতো গুৰুত্বপূৰ্ণ নদী আছে। ইয়াত চুপিৰিয়ৰ, হুৰ’ন, মিচিগান, এবি, ওন্টেৰিও, গ্রেট বিয়েৰ, গ্রেট শ্লেভ, উইনিপেগ আৰু গ্রেট চল্ট লেকৰ দৰে বহুতো হ্রদো আছে।

(vi) দ্বীপঃ

উত্তৰ আমেৰিকাৰ দক্ষিণ-পূব আৰু উত্তৰ অংশত বহু সংখ্যক ক্ষুদ্র আৰু বৃহৎ দ্বীপ আছে।

খনিজ সম্পদ: উত্তৰ আমেৰিকা মহাদেশ প্রাকৃতিক সম্পদত বৰ চহকী। মহাদেশখনত লো, নিকেল, ক’বাল্ট, মাইকা আদি খনিজ সম্পদৰ প্ৰচুৰ উৎপাদন হয় ǀ তাৰোপৰি কানাডা, যুক্তৰাষ্ট্র আৰু মেক্সিকোত যথেষ্ট পৰিমাণে কয়লা, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ উৎপাদন হয়। এনেবোৰ কেঁচামাল যোগান ধৰা উদ্যোগৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি মহাদেশখনৰ বিভিন্ন ঠাইত গাড়ী মটৰ,ৰেল ,জাহাজ আদি উদ্যোগ প্ৰতিষ্ঠা হৈছে ǀ উত্তৰ আমেৰিকা মহাদেশৰ বিশেষকৈ কানাডাই জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে।

১৫। দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ দক্ষিণ আমেৰিকা পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ১৮ নিযুত বর্গ কিঃমিঃ। দক্ষিণ আমেৰিকাৰ মুখ্য নদীবোৰ হৈছে আমাজান, অৰিনিক’, পাবানা, উৰুগুৱে, পাৰাগুৱে ইত্যাদি। আমাজান নদী এণ্ডিজ পর্বতশ্রেণীত উৎপত্তি হৈ ব্রাজিলৰ বিষুবীয় অৰণ্যৰ মাজেদি বৈ আটলান্টিক মহাসাগৰত পৰিছে। ইয়াৰ বহু সংখ্যক উপনদী আছে। পাৰানা আৰু পাৰাগুৱে ব্রাজিলিয়ান মালভূমিত উৎপত্তি হৈছে। এইকেইখন কিছু দূৰলৈকে পৃথককৈ বয় আৰু পৰৱৰ্তী পৰ্যায়ত পাৰানা নাম লৈ মিলিত হৈছে। দক্ষিণে উৰুগুৱে নদী পাৰানাত মিলিত হৈ বিও’ ডে লা প্লাটা নামেৰে আটলান্টিক মহাসাগৰত পৰিছে। দক্ষিণত এই নদী প্রণালী যথেষ্ট উপকাৰী, কাৰণ ই উৰুগুৱে, পাৰাগুৱে আৰু আর্জেন্টিনাৰ সমৃদ্বিশালী আৰু উৎপাদনশীল অঞ্চলৰ মাজেদি বৈ যায়। এই নদী প্রণালীয়ে সৃষ্টি কৰা বৃহৎ সংখ্যক সমভূমিয়ে সমগ্র মহাদেশখন জুৰি আছে।

দক্ষিণ আমেৰিকাৰ প্ৰাকৃতিক গছ-গছনি, জলবায়ু আৰু বন্ধুৰতা অনুসৰি বিভিন্ন হয়। উচ্চ তাপমাত্ৰা বিৰাজ কৰা আৰু অধিক বৃষ্টিপাত হোৱা বিষুবীয় অঞ্চলৰ আমাজান নদী উপত্যকা চিৰসেউজ গভীৰ বিষুবীয় অৰণ্য আছে। এই অঞ্চলক ছেলভা হিচাপে জনা যায়। বিষুবীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণ ফালে বৃষ্টিপাত ক্রমান্বয়ে হ্রাস পায়। ইয়াৰ ফলত এই অঞ্চবোৰত তৃণভূমিৰ সৃষ্টি হয়। অবিনি’ক অৱবাহিকাৰ তৃণভূমিক লানোজ বুলি কোৱা হয়। আনহাতে পাৰাগুৱে-পাৰানা উকগুরে অৱবাহিকাৰ তৃণভূমিক কম্পোজ, গ্রেণচাকো আৰু পম্পাছ বুলি কোৱা হয়।

১৬। পৃথিবীৰ প্ৰধান পর্বতশ্রেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি সেইবোৰ মানচিত্ৰত দেখুওৱা।

উত্তৰঃ

পৃথিবীৰ প্ৰধান পৰ্বত প্রণালীবোৰ হৈছে:

(i) এছিয়াৰ মধ্য পর্বতশ্রেণী

(ii) ইউৰোপৰ আল্লছ পর্বতশ্রেণী

(iii) উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতশ্রেণী

(iv) দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতশ্রেণী।

পৃথিৱীৰ প্ৰধান নদীবোৰ হৈছেঃ

(i)এছিয়াঃ সিন্ধু, গংগা, ব্রহ্মপুত্র, মেকং, হোৱাংহো, টাইগ্রিছ, ইউফ্রেটিছ ইত্যাদি।

(ii) ইউৰোপঃ ভক্কা, ডন, ডানিয়ুব, বাইন, ছিয়েন, য়ুৰাল ইত্যাদি।

(iii)আফ্রিকাঃ নীল, কংগো, লিম্পোপো, ভোল্ট, ছেনেগাল, নাইজান, জাম্বেজি ইত্যাদি।

(iv)দক্ষিণ আমেৰিকা: আমাজান, অৰিনিক’, উৰুগুৱে, পাৰাগুৱে ইত্যাদি।

(v) উত্তৰ আমেৰিকা: কলম্বিয়া, কলৰাডো, ছেণ্ট লৰেঞ্চ, মিছিছিপি মেকেঞ্জি ইত্যাদি।

(vi)ওছেনিয়া: মূৰে আৰু ডার্লিং

A map of the world

AI-generated content may be incorrect.

১৭। আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীবন নির্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আফ্রিকা মহাদেশৰ বেছি অংশই প্রধানকৈ ক্রান্তীয় জলবায়ুৰ অন্তর্গত। ইয়াৰ কেৱল উত্তৰ আৰু দক্ষিণ প্রান্তত উপক্রান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি। কিন্তু চাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ চেণ্টিমিটাৰতকৈও কম। সেয়ে আফ্রিকাৰ বহু অংশই ক্রমে শুষ্ক হ’বলৈ ধৰিছে।

আফ্রিকা মহাদেশ জলসম্পদ, বননি আৰু বনজ সম্পদ আৰু খনিজ সম্পদত চহকী। ইয়াৰ বেছিভাগ দেশৰেই অর্থনীতি কৃষি নির্ভৰশীল । মহাদেশখনৰ মুঠ বিদেশী আয় প্রায় এক-তৃতীয়াংশ কৃষিৰ পৰা আহে আৰু ইয়াৰ প্রায় ৭০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আফ্রিকা মহাদেশ খনৰ ৩৭ শতাংশ লোক নগৰৰ অধিবাসীৎ মহাদেশখনৰ গড় জনমুৰি জাতীয় আয় ২,৫৫০ আমেৰিকান ডলাৰ ǀ

১৮। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতি সম্পর্কে দুআষাৰ লিখা।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খন হৈছে ওচেনিয়া মহাদেশ ǀ ওছেনিয়াৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ কিঃমিঃ। ই অস্ট্রেলিয়া মহাদ্বীপ, নিউজিলেণ্ড, টাছমেনিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপৰ দ্বাৰা গঠিত। এই মহাদেশ সম্পূর্ণরূপে দক্ষিণ গোলার্ধত অবস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূঃ দ্রাঘিমাংশৰ পৰা পূবে ১৮০° পূব দ্রাঘিমাংশলৈ বিস্তৃত। যাৰ উত্তৰে দক্ষিণ-পূব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।

অস্ট্রেলিয়া, নিউজিলেণ্ড আৰু টাছমেনিয়াৰ বাহিৰে বাকী দ্বীপসমূহক মাইক্ৰ’নেছিয়া (ইণ্ডোনেছিয়া আৰু পাপুৱা নিউগনিৰ উত্তৰে অৱস্থিত উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জ, মার্শাল দ্বীপপুঞ্জ, গুৱাম, কেৰোলিন দ্বীপপুঞ্জ, গিলবার্ট আদি।) মেলানেছিয়া (ইণ্ডোনেছিয়াৰ পূবত অৱস্থিত পাপুৱা নিউগিনি, ছল ‘মন দ্বীপপুঞ্জ, নিউকেলেড নিয়া, নিউহেব্রিডছ আদি) আৰু প’লিনেছিয়া (হাৱাই, কুক, আমেৰিকান ছেম ‘ডা, ছ’ছাইটী, ফ্রেন্স পলিনেছিয়া, মার্কুইচাচ, টোকেলাও আদি দ্বীপপুঞ্জ) অঞ্চল হিচাপে বিভাজন কৰা হৈছে।

১৯। চমু টোকা লিখা

(ক) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ

(খ) নিৰক্ষীয় প্রাকৃতিক অঞ্চল

(গ) ভূমধ্য সাগৰীয় প্রাকৃতিক অঞ্চল

(ঘ) মৌচুমী অঞ্চল

(ঙ) এছিয়া মহাদেশৰ ভূ-প্রকৃতি আৰু জলবায়ু

(চ) তুন্দ্রা অঞ্চল

(ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ

(জ) ক্রান্তীয় তৃণভূমি অঞ্চল

(ঝ) ক্রান্তীয় উষ্ণ মরু অঞ্চল

(ঞ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল

উত্তৰঃ

ক) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহঃ

1. ক্রান্তীয় তৃণভূমি অঞ্চলঃ আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°-২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল।এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। এনে জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰিছে। ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত।

2. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। শীতৰ প্ৰকোপ বেছি হোৱাৰ বাবে অন্য গছ গছনি কম ǀশীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নথকাৰ দৰে। উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনা যায়। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰি, দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউৰ্চ বোলা হয়।

(খ) নিৰক্ষীয় প্ৰাকৃতিক অঞ্চলঃ

বিষ্ণুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ।

প্রায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰ সেউজীয়া ডাঠ অৰণ্যৰে ভৰা। লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতাǀ ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয়।

(গ) ভূমধ্য সাগৰীয় অঞ্চলঃ

মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্রাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়। ভূমধ্য সাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এচিয়া উত্তৰ আফ্ৰিকাক লৈ এই অঞ্চলটো গঠিত ǀ

(ঘ) মৌচুমী অঞ্চলঃ

নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫ চেলচিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ। ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে কাৰণে এই অঞ্চলত পর্ণপাতী উদ্ভিদৰ প্রাধান্য বেছি। শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে। মৌচুমী অঞ্চল ক্রান্তীয় আৰু উপক্রান্তীয় অক্ষাংশলৈকে বিস্তৃত। ভাৰতবর্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূর্ব এছিয়া, অষ্ট্রেলিয়াৰ উত্তৰ-পূব অংশ, আফ্রিকাৰ পূব অংশ, ব্রাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি মৌচুমী প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত। সমগ্র পৃথিৱীৰ প্রায় ৪০ শতাংশ লোকে এই মৌচুমী অঞ্চলতে বাস কৰে।

(ঙ) এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি আৰু জলবায়ুঃ

পৃথিৱীৰ বৃহত্তম মহাদেশ খন হৈছে- এচিয়া মহাদেশ ǀ এছিয়া মহাদেশখন সু-উচ্চ পর্বতশ্রেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা ।পর্বত শ্রেণী সমুহৰ ভিতৰত মহাদেশখনৰ। পশ্চিম সীমাত উত্তৰ-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা- পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সর্বোচ্চ হিমালয় পর্বতমালা আৰু ইয়াৰ ঠাল- ঠেঙুলি, কাৰাকোৰাম পর্বতমালা, আৰাৱলী পর্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) ǀমালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, ইৰান মালভূমি আদিয়েই প্রধান। মহাদেশখনৰ প্ৰধান নদী সমূহ হৈছে- আমোৰ, হোৱাংহো, মেকং, ইয়াংচিকিয়াং, গঙ্গা, বহ্মপুত্ৰ, ইৰাবতী আদিয়ে প্ৰধান ǀদ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্রা, বর্ণিও, ছিলিবিছ, আন্দামান-নিকোবৰ, শ্রীলঙ্কা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি ǀ ইয়াৰ প্ৰধান মৰুভূমি সমূহ হৈছে- গোবি ,থৰ, আৰব ইত্যাদি ǀ

বিষুৱৰ পৰা প্ৰায় উত্তৰ মেৰু অঞ্চললৈকে বিস্তৃত এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্য বিশেষভাৱে উল্লেখযোগ্য। ইয়াত বিৰাজ কৰা প্রধান জলবায়ুৰ প্ৰকাৰসমূহ হ’ল নৈৰক্ষিক জলবায়ু, ক্রান্তীয় মৌচুমী জলবায়ু, ক্রান্তীয় মৰু জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু পৃথিৱীৰ শীতলতম ঠাই ভাখয়ানস্ক এছিয়া মহাদেশৰে ছাইবেৰিয়া অঞ্চলত অৱস্থিত। ক্রান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱত ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু আৰ্দ্ৰ তথা শীতকাল শুকান আৰু আৰু ঠাণ্ডা হয় ǀবিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌছিনৰাম ইয়াতেই অৱস্থিতǀ

(চ) তুন্দ্ৰা অঞ্চলঃ

গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀ উত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্থিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে।

গ্রীষ্মকালত কিছু উত্তাপ বৃদ্ধিৰ লগে লগে যিবোৰ ঠাইত বৰফ গলিবলৈ ধৰে সেই ঠাইত ঘাঁহ, শেলুৱৈ আৰু টেকীয়াজাতীয় উদ্ভিদ গজে। এই অঞ্চলত প্ৰধানকৈ বন্ধা হৰিণ, বগা শিয়াল, বগা ভালুক, ছিল আদি প্রচণ্ড শীত সহ্য কৰিব পৰা জন্তু বাস কৰে। আবাসভূমি। উত্তৰ মেৰুৰ এই প্রাকৃতিক অঞ্চলটো তুন্দ্রা অঞ্চল বুলি জনাজাত। গ্রীনলেণ্ডকে ধৰি উত্তৰ গোলার্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলার্ধৰ এন্টার্কটিকা এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত।

(ছ) পৃথিবীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ:

পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বর্গ কিঃমিঃ। ইয়াৰ ভিতৰত স্থলপৃষ্ঠৰ কালি মুঠ মাটিকালিৰ প্ৰায় ২৯ শতাংশ (১৪৯ নিযুত বর্গ কিঃমিঃ) আনহাতে জলভাগৰ কালি মুঠ মাটিকালিৰ প্রায় ৭১ শতাংশ (৩৬১ নিযুত বর্গ কিঃমিঃ)। পৃথিৱীৰ মুঠ জনসংখ্যা ২০০৭ চনৰ গণনা মতে ৬৬২ কোটিতকৈও অধিক। বর্তমান পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৭০০ নিযুত বা ৭ বিলিয়ন বুলি অনুমান কৰা হৈছে। ২০০৭ ৰ গণনা মতে এছিয়াৰ জনসংখ্যা ৪০১ কোটিতকৈও বেছি যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০.৫০ শতাংশ। আফ্রিকাৰ জনসংখ্যা ৯৪৪ নিযুত, আনহাতে তৃতীয় বৃহত্তম মহাদেশ উত্তৰ আমেৰিকাৰ জনসংখ্যা ৫২৩ নিযুত। ইউৰোপৰ জনসংখ্যা প্রায় ৭৩৩ নিযুত যদিও ই মহাদেশবোৰৰ আকাৰ অনুসৰি পঞ্চম স্থানত আছে। আনহাতে আকাৰ অনুসৰি চতুৰ্থ স্থানত থকা দক্ষিণ আমেৰিকাৰ জনসংখ্যা মাত্র ৩৮১ নিযুত। আনহাতে ওছেনিযাৰ জনসংখ্যা মাত্র ৩৫ নিযুত। পৃথিৱীৰ জনসংখ্যাৰ প্রায় ৯০ শতাংশ উত্তৰ গোলার্ধত বাস কৰে। গতিকে, আমাৰ বোধগম্য হ’ল যে, পৃথিৱীৰ জনসংখ্যাৰ বিভাজন যথেষ্ট অসমান। ভূ-প্রকৃতি, জলবায়ু, মাটি, উচ্চতা, সাগৰৰ পৰা দূৰত্ব, গছ-গছনি আদিৰ বিভিন্নতাৰ ফলত এনে হয়। প্রাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ বিভিন্নতাৰ ফলত, জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী পৃথিৱীৰ বিভিন্ন স্থানত একে নহয়।

(জ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ

আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°-২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। এনে জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰিছে। ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। দক্ষিণ আমেৰিকাৰ ব্রাজিল উচ্চ ভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অৰিনিকো নদী অৱবাহিকা, আফ্রিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূর্ব আফ্রিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্রিকাৰ কিছু অংশত, আৰু অষ্ট্রেলিয়াৰ উত্তৰ অংশ ক্রান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত।

ক্রান্তীয় তৃণভূমি অঞ্চল পশু পালনৰ বাবে অতি উপযোগী । এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক পশুপালন কৰা হয় ǀ এই অঞ্চলটো বিভিন্ন বনৰীয়া জন্তুৰো আবাসভূমি । সেয়ে এই অঞ্চলৰ বহু অধিবাসীয়ে পশুপালন আৰু চিকাৰ কৰি জীৱন নির্বাহ কৰে। এই অঞ্চলত জনবসতি অতি সেৰেঙা। অনুন্নত যাতায়াত আৰু প্রয়োজনীয় উৎপাদন ব্যৱস্থাৰ অভাৱত ক্রান্তীয় তৃণভূমি অঞ্চলৰ বেছিভাগ ঠায়েই সামাজিক আৰু অর্থনৈতিক দিশত পিছ পৰা ।

(ঝ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ

ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি। গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ।

বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে । অৱশ্যে মৰুভূমিৰ অত-ত’ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়।

(ঞ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ

উত্তৰ গোলার্ধৰ ৫০-৭০°অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী ভূগোল অধ্যায় ৩ FAQs
দশম শ্ৰেণী ভূগোল অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
অঞ্চল কি?
ভূগোলত অঞ্চল মানে হৈছে ধৰাপৃষ্ঠৰ কোনো নিৰ্দিষ্ট বিশেষত্ব সম্পন্ন এলেকা, যি প্ৰাকৃতিক অথবা সামাজিক বৈশিষ্ট্যত পৃথক।
HSLC পৰীক্ষাত অঞ্চল বা আঞ্চলিক ভূগোল কিয় গুৰুত্বপূর্ণ?
HSLC পরীক্ষাত অঞ্চল বিভাজন, এলেকাৰ বৈশিষ্ট্য, আৰু অসম আঞ্চলিক বৈশিষ্ট্যৰ ওপৰত অনেক MCQ আৰু মানচিত্ৰ ভিত্তিক প্ৰশ্ন আহে।
অঞ্চল বিভাজন কিদৰে কৰা হয়?
অঞ্চল বিভাজন সাধাৰণকৈ ভৌগোলিক, প্ৰাকৃতিক, সামাজিক বা অৰ্থনৈতিক বৈশিষ্ট্য অনুসৰি কৰা হয়।
অসমৰ আঞ্চলিক ভূগোলৰ বৈশিষ্ট্য কি?
অসমত নদী উপত্যকা অঞ্চল, পাহাড়, বন, আৰু অৱস্থানভিত্তিক জনসংখ্যাৰ বৈচিত্র্য অঞ্চলভিত্তিক বৈশিষ্ট্য দাঙি ধৰিছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top