Class 10 Geography Chapter 4 Solutions – আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল | SEBA | Assamese Medium

অধ্যায় ৪ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোলৰ
দশম শ্ৰেণী ভূগোল অধ্যায় ৪ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

দশম শ্ৰেণী ভূগোল অধ্যায় ৪ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল (Solutions | SEBA Board – Assamese Medium)

এই অধ্যায়ত USAৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক বিভাগ—আপেলেছিয়ান উচ্চভূমি, মধ্য সমভূমি, ৰকি পাহাৰ অঞ্চল, কৃষি অঞ্চল (wheat belt, corn belt, cotton belt), শিল্প অঞ্চল আৰু জনসংখ্যা, জলবায়ু বিষয়ে আলোচনা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ এক উন্নত দেশ—ইতিহাস, ভূ-প্ৰকৃতি, কৃষি, শিল্প, জনসংখ্যাৰ বৈচিত্ৰ্য আৰু অৰ্থনৈতিক উন্নতিত USAৰ অবদান বুজাবলৈ এই অধ্যায় সহায়ক। SEBA HSLC পরীক্ষাত USAৰ মানচিত্ৰ, অঞ্চল, অর্থনীতি আৰু জনসংখ্যাৰ ওপৰত বিশেষ MCQ আৰু বিশ্লেষণমূলক প্ৰশ্ন অহা দেখা যায়। অস্পীন একেডেমী ত সকলো অনুশীলনী প্রশ্নৰ সহজ অসমীয়া সমাধান সম্পূর্ণ ভাবে উপলব্ধ।

✅ কি শিকিব:

  • USAৰ ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বিভাগ
  • আপেলেছিয়ান উচ্চভূমি, মধ্য সমভূমি, ৰকি অঞ্চলৰ বৈশিষ্ট্য
  • USAৰ কৃষি অঞ্চল (wheat belt, corn belt, cotton belt)
  • USAৰ শিল্প অঞ্চল আৰু অর্থনীতি
  • USAৰ জনসংখ্যাৰ বৈচিত্ৰ্য আৰু জলবায়ু

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA Board Class 10 ভূগোলৰ নতুন পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
  • USAৰ মানচিত্ৰ সংক্রান্ত অনুশীলনী আৰু উত্তৰ
  • HSLC পৰীক্ষাত অহা MCQ আৰু বিশ্লেষণমূলক প্ৰশ্নৰ সমাধান
  • PDF আকাৰত ডাউনলোড সুবিধা
  • ব্যৱহাৰিক উদাহৰণৰ সৈতে Regional Geography of USA
Vibrant Note Box
Buy Printable PDF
Class 10 Geography (ভূগোল) SEBA 2025 | Assamese Medium HSLC Solutions PDF
Original price was: ₹199.00.Current price is: ₹39.00.

Special HSLC 2025 Edition!

(For SEBA Class 10 Geography, Assamese Medium)

Get the complete Class 10 Geography (ভূগোল) Assamese Medium chapter-wise PDF solutions.
Includes maps, diagrams, key explanations, definitions, and exam-focused answers as per SEBA HSLC 2025 syllabus.
Perfect for home study, revision, and quick exam prep!

Vibrant Note Box
অধ্যায় ৪ – আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

https://youtube.com/@ospinacademyদশম শ্ৰেণী : ভূগোল

অধ্যায়-                                                                অস্পিন একাডেমী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। ই উত্তৰে কানাডাৰ সীমান্ত, পূবে আটলান্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো আৰু মেক্সিকো উপসাগৰ, আৰু পশ্চিমে প্রশান্ত মহাসাগৰৰ সৈতে চাৰিওফালে সীমাবদ্ধ। মূল ভূখণ্ড ২৫°N-৪৩°N অক্ষাংশ আৰু ৬৬°W-১২৫°W দ্রাঘিমাংশৰ মাজত পৰে।

এই দেশখনৰ কিছুমান মুখ্য ভৌগোলিক বৈশিষ্ট্য—

(i) আমেৰিকা যুক্তৰ ৰাজ্যৰ মাটিকালি ৯৬ লাখ বৰ্গ কিলোমিটাৰ, যি পৃথিৱীৰ মোট স্থলভাগৰ প্ৰায় ৬.৩৭%।

(ii) পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ হিচাপে গণ্য।

(iii) যদিও ই পৃথিৱীৰ চতুৰ্থ বৃহত্তম দেশ, তথাপিতো ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্র ৪.৬ শতাংশহে ধাৰণ কৰে। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যা মাত্র ৩০২ নিযুত।

(iv) সম্পূৰ্ণ দেশখন নাতিশীতোষ্ণ জলবায়ু অঞ্চলত অৱস্থিত।

(v) ভৌগোলিক অবস্থান আৰু জলবায়ু পৰিস্থিতি কৃষি, উদ্যোগ, ব্যৱসায় আৰু বাণিজ্যৰ পক্ষে সুবিধাজনক। এই কাৰণবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিল্প বিকাশ আৰু কৃষি ব্যৱস্থাৰ অগ্ৰগতিত উল্লেখযোগ্য ভূমিকা ৰাখে।

(vi) জনসংখ্যাৰ দিশে, আমেৰিকা যুক্তৰাষ্ট্রে পৃথিৱীৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে।

২। আমেৰিকা যুক্তৰাষ্ট্ৰক প্রাকৃতিক বিভাগত ভাগ কৰা। প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। ইয়াৰ কিছুমান অতুলনীয় ভৌতিক আৰু ভৌগোলিক বিশেষত্ব আছে। ভূ-প্রাকৃতিক গঠন বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক তলত দিয়া প্রাকৃতিক বিভাগত ভাগ কৰিব পাৰি।

(i) আপেলেছিয়ান উচ্চভূমি অঞ্চল: আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে

আপেলেছিয়ান উচ্চভূমি বুলি কোৱা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ উত্তৰে হাচ্ছন উপত্যকা আৰু ইৰি-অণ্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলবামা পর্যন্ত বিস্তৃত। আপেলেছিয়ান উচ্চভূমিৰ কিছুমান গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছেঃ

(a) ই পাহাৰ, পর্বত, মালভূমি, সমতল আদিৰে গঠিত হোৱা বাবে ইয়াৰ ভূ-প্রকৃতি অতি জটিল। এইবোৰৰ মাজত গুৰুত্বপূৰ্ণ কেইটা হৈছে পশ্চিমৰ এলিঘেনী পর্বতশ্রেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্ল’ৰিজ পর্বত আৰু পূবৰ উপকূলীয় নিম্নভূমি।

(b) ইয়াৰ উৎপত্তি পশ্চিম দিশত অৱস্থিত ৰকিতকৈ বহুত আগতে হৈছে আৰু গতিকে ইয়াত ৰকিতকৈ অধিক পৰিমাণে বিচূর্ণীভবন ঘটিছে।

(c) এই উচ্চ ভূমিবোৰৰ গড় উচ্চতা সাগৰ পৃষ্ঠতকৈ ২০০০ মিটাৰৰ অধিক নহয়।

(d) এই অঞ্চলৰ মাজেৰে অ’হিও, টেনিছি, হাচ্ছন, এলাবামা আদি নদী বৈ গৈছে।

(e) আপেলেছিয়ান পৰ্বতৰ পূব আৰু দক্ষিণফালে অবস্থিত আটলান্টিক উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰঃ অংশ সংকীর্ণ আৰু দক্ষিণ অংশ কিছু বহল।

(f) এই অঞ্চল খনিজ সম্পদত বৰ সমৃদ্ধ আৰু নিউয়র্ক, বষ্টন, ফিলাডেলফিয়া . বাল্টিম্যেৰ আটলান্টা ইত্যাদি বহু সংখ্যক মহানগৰ আৰু চহৰ ইয়াত গঢ় লৈ উঠিছে। আমেৰিকাৰ আপেলেছিয়ান উচ্চভূমি অঞ্চল এক অন্যতম উদ্যোগিক আৰু অর্থনৈতিকভাৱে বিকশিত অঞ্চল, এয়া কয়লা, পেট্রলিয়াম, লো ইত্যাদি গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উপলব্ধতাৰ ফল, যিয়ে বিভিন্ন উদ্যোগৰ বিকাশত সহায় কৰিছে।

(ii) মধ্য সমভূমি অঞ্চল: পশ্চিমৰ ৰকি পৰ্বতশ্রেণী আৰু পূবৰ আপেলেছিয়ান উচ্চভূমিৰ মাজৰ বিস্তৃত সমভূমি অঞ্চলটোৱেই হৈছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰ বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এয়া মিছিছিপি-মিছৌৰি অৱবাহিকাৰ অংশ। মিছিছিপি, মিছৌৰি আৰু ইয়াৰ উপনৈসমূহে মধ্য সমভূমি অঞ্চলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অন্যতম উর্বর পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। এই সমভূমি অঞ্চলটোক চাৰিভাগত ভগাব পাৰিঃ

(a) উচ্চ সমভূমি অঞ্চলঃ ৰকি পৰ্বতৰ পূবফালৰ নামনি অঞ্চলৰ ওখ অংশটোক উচ্চ সমভূমি বুলি কোৱা হয়।

(b ) মিছিছিপি সমভূমি: আপেলেছিয়ান উচ্চভূমি আৰু উচ্চ সমভূমিকৰ মাজৰ

মিছিছিপি মিছৌৰি নদীতন্ত্রই সৃষ্টি কৰা সমতল ভূমিয়েই হৈছে মিছিছিপি সমভূমি। সমুদ্রপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ অধিক নহয়। এই বিস্তীর্ণ সমভূমি অঞ্চলটোত কিছুমান টিলা সদৃশ গঠন পৰিলক্ষিত হয়।

(c) বৃহৎ সৰোবৰ অঞ্চল: হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা চুপিৰিয়ৰ মিছিগান, হুৰন, ইৰি, অণ্টেৰিঅ’ আদিৰ কাষৰীয়া সমতল ভাগেই হৈছে বৃহৎ সৰোবৰ অঞ্চল।

(d) মেক্সিকো উপকূলীয় সমভূমি: মধ্য সমভূমি অঞ্চলৰ দক্ষিণে মেক্সিকো

উপকূলীয় সমভূমি অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা ২০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলত সঘনে বানপানী হয়। মিছিছিপি নদীৰ ব-দ্বীপ এই সমভূমিত অৱস্থিত।

মধ্য সমভূমি অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে- মিনিয়া পলিচ, চিকাগো, কেনছাছ, ছেণ্ট-লুইছ, বার্মিংহাম, নিউ অৰলিয়েঞ্চ, মিয়ামি, হ’ষ্টন আদি।

(iii) ৰকি পর্বত বা কৰ্ডিলেৰা অঞ্চল: পূবে উচ্চ সমভূমি অঞ্চল আৰু পশ্চিমৰ

প্রশান্ত উপকূলৰ মাজৰ পাহাৰ, পর্বত, মালভূমি, উপত্যকা হ্রদ আদিৰে গঠিত ভূখণ্ডটোৱেই হৈছে কৰ্ডিলেৰা অঞ্চল। এই অঞ্চলটো উত্তৰঃা-দক্ষিণাকৈ বিস্তৃত আৰু এই অঞ্চলৰ পশ্চিমে অৱস্থিত উচ্চ অংশই হৈছে ৰকি পর্বতশ্রেণী।

ৰকি হৈছে নবীন ভংগিল পৰ্বত। ৰকি পৰ্বতৰ কিছুমান শৃংগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৪,২০০ মিঃতকৈ অধিক। কৰ্ডিলেৰা অঞ্চলৰ পশ্চিমে অবস্থিত কিছুমান

গুৰুত্বপূৰ্ণ পর্বতমালা হৈছে চিয়েৰা নেভাডা, কাস্কেড আৰু কষ্টৰেঞ্জ বা উপকূলীয় পর্বতমালা। কৰ্ডিলেৰা অঞ্চলটোৰ দুশাৰী সমান্তৰাল পৰ্বতৰ মাজৰ মালভূমিকেইটা হৈছে-কলম্বিয়া মালভূমি, গ্রেট বেছিন, কলোৰাডো ইত্যাদি। গ্রেট বেছিন সমন্বিতে এই সমগ্র অঞ্চলটো প্রশান্ত উপকূলীয় পর্বতশ্রেণীৰ

বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত। গ্রেট ছল্ট লেক এই অঞ্চলতে অবস্থিত। কৰ্ডিলেৰা অঞ্চলৰ পৰা কেইবাখনো নদীৰ সৃষ্টি হৈ অঞ্চলটোৰ মাজেৰে প্রবাহিত হৈছে। এই নদীবোৰৰ ভিতৰত কলম্বিয়া, স্নেক আৰু কলোবাডো পশ্চিম দিশে প্রবাহিত হৈ প্রশান্ত মহাসাগৰত পৰিছে। আনহাতে মিছৌৰী, আৰকানছাছ, ৰেড আদি নদী মিছিছিপিৰ লগ লাগিছে আৰু দক্ষিণ দিশে প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। ৰিও গ্রেণ্ড নদীও দক্ষিণ-পূর্ব দিশে প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিমফালে অৱস্থিত পৰ্বত শ্ৰেণীৰ মাজত পিউগেট ছাউণ্ড, উইলামেন্ট আৰু কেলিফোর্ণিয়া উপত্যকা আদি আছে। বিশ্ববিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত্যু উপত্যকা এই কর্ডিলেৰা অঞ্চলতে আছে।

কর্ডিলেৰা সোণ, ৰূপ, তাম, কয়লা, পেট্র ‘লিয়াম আদিৰ দৰে খনিজ সম্পদত চহকী।

কেলিফোর্ণিয়া উপকূল অঞ্চলটো কৃষিৰ বাবে অতিশয় উপযোগী। এই অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ুৰ প্রভাৱত বৃষ্টিপাত শীতকালত হয়। এই অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে, ছিয়াটল পোর্টলেণ্ড, ছানফ্রান্সিচকো লছ এ’ঞ্জেলছ, লাছ ভোগাছ ইত্যাদি।

৩। মানচিত্র আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা।

উত্তৰঃ

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা।

উত্তৰঃ ১৯৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰাৰ সময়ত ইয়াৰ অধীনৰ ১৩ ৰাজ্যৰ মুঠ জনসংখ্যা আছিল ৩ নিযুত ǀ পৰবৰ্তী সময়ত ইউৰোপীয় দেশসমূহৰ পৰা হোৱা প্ৰৱজনৰ ফলশ্ৰুতিত ইয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে ǀ ২০০৭ চনৰ তথ্য অনুসৰি দেশখনৰ জনসংখ্যা হৈছে ৩০২ নিযুত (বিশ্বৰ তৃতীয় বৃহৎ জনসংখ্যাৰ দেশ) ǀ

লোকপিয়ল বৰ্ষ

জনসংখ্যা (নিযুতত)

১৭৭৬

১৮০০

১৯০০

২০০০

২০০৭

৭৬

২৮১

৩০২

বৰ্তমান দেশখনৰ জনসংখ্যাৰ হাৰ প্ৰাকৃতিক বৃদ্ধি হ্ৰাস পোৱাৰ লগতে প্ৰৱজন পৰিমাণো যথেষ্ঠ কমি আহিছে ǀ সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ১.২০ শতাংশৰ বিপৰীতে আমেৰিকাৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ০.৬০ শতাংশ ǀ দেশখনৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশই খ্ৰীষ্টান ধৰ্মালম্বী শেতাংগ লোক ǀ বাকী ১৫ শতাশ জিওচ,মুছলমান,হিন্দু আৰু ধৰ্মবিহীন কৃষ্ণাংগ গোষ্ঠীৰ লোক ǀ

৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ অন্যতম সবাতোকৈ বিকশিত ৰাষ্ট্র। খনিজ সম্পদ, কৃষি উদ্যোগিক উৎপাদন আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত ই পৃথিবীত প্রথম স্থান অধিকাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক প্রগতি আৰু ৰাষ্ট্ৰীয় অগ্ৰসৰতাত অৰিহণা যোগোৱা অন্যতম কাৰকটো হৈছে কৃষি। আমেৰিকাৰ যুক্তরাষ্ট্রব অর্থনীতিত কৃষিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও ইয়াৰ জনসংখ্যাৰ মাত্র ৫% লোকহে ইয়াৰ ওপৰত নিৰ্ভৰশীল।

(i) সংস্থাপনৰ যোগান ধৰেঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ অন্যতম বৃহৎ অৰিহণা হৈছে ই হাজাৰ হাজাৰ লোকক চাকৰিৰ সুযোগ প্রদান কৰিছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাত্র ৫% লোকহে ইয়াৰ ওপৰত নিৰ্ভৰশীল। তথাপিতো কাগজ, মণ্ড চেনি, ৰবৰ ইত্যাদি কৃষি জড়িত উদ্যোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাখ লাখ লোকৰ সংস্থাপনৰ প্ৰধান উৎস।

(ii) বৈদেশিক মুদ্রা বিনিময়ঃ পৃথিৱীৰ বহুতো আৱশ্যকীয় কৃষি সামগ্ৰীৰ উৎপাদনত আমেৰিকা যুক্তৰাষ্ট্ৰই উচ্চ স্থান অধিকাৰ কৰিছে। ই গোমধান, কপাহ আৰু ধপাতৰ সৰ্বোচ্চ উৎপাদক আৰু ঘেঁহু আৰু বার্লিৰ দ্বিতীয় উচ্চতম উৎপাদক। ই পৃথিৱীৰ গোমধান আৰু ঘেঁহু উৎপাদনৰ ক্ৰমান্বয়ে ৪৬% আৰু ২৮% উৎপাদন কৰে। এই কৃষি উৎপাদকবোৰৰ বুজন অংশ অন্যান্য দেশবোৰলৈ ৰপ্তানি কৰা হয়। দেশখনত উৎপাদিত ৪০% তকৈ অধিক পৰিমাণৰ ঘেওঁৰ ৰপ্তানিৰ দ্বাৰা এক বুজন পৰিমাণৰ বৈদেশিক মুদ্রা অর্জন হয়।

(iii) জনসাধাৰণক খাদ্য যোগান ধৰেঃ আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰায় সকলো খাদ্য সামগ্রীতে স্বনিৰ্ভৰশীল। বর্তমান বহুতো দেশে নিজৰ জনসংখ্যাৰ প্ৰয়োজন পূৰণৰ অৰ্থে বহু পৰিমাণৰ খাদ্য সামগ্রী আমদানি কৰে। সৌভাগ্যবশতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য-সামগ্রী স্থানীয়ভাবেই উৎপাদিত হয়। ইয়ে দেশখনক বিদেশী দেশবোৰৰ ওপৰত কৰ্ম নিৰ্ভৰশীল কৰিছে।

(iv) পৃথিৱীক খাদ্য শস্যৰ যোগান ধৰে: আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপাদিত হোৱা খাদ্য সামগ্ৰীৰ অতিৰিক্ত অংশ অন্যান্য দেশবোৰলৈ ৰপ্তানি কৰা হয়। পৃথিৱীৰ বহুতো ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই যোগান ধৰা মুক্ত খাদ্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকা যুক্তৰাষ্ট্ৰক পৃথিবীৰ ‘ঘেঁহু পাত্র’ হিচাপে গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য সমভূমি অঞ্চলে পৃথিৱীৰ উৎপাদিত ঘেঁহুৰ এক বুজন অংশ উৎপাদন কৰে। ইয়াৰ জৰিয়তে পৃথিবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক অবস্থানৰ উত্থান ঘটিছে।

(v) ঔদ্যোগিক উৎপাদনক উদ্‌গণি জনাইছে: আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ অন্যতম উন্নত উদ্যোগ প্রধান ৰাষ্ট্ৰ। ইয়াৰ কৃষিক্ষেত্র উচ্চভাবে যান্ত্রিক আৰু বিভিন্ন কৃষিকার্যৰ বাবে বহুতো আধুনিক কৃষি আহিলা ব্যৱহাৰ কৰা হয়। এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষিৰ প্ৰসাৰে দেশখনৰ ঔদ্যোগিক উৎপাদনত উৎসাহ যোগায়। আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষিখণ্ডৰ আধুনিকীকৰণৰ দ্বাৰা উদ্যোগসমূহ যথেষ্ট উপকৃত হৈছে।

৬। কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষিবলয় চিনাক্ত কৰা হৈছে। মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া।

উত্তৰঃ ভূ-প্ৰকৃতি,মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি অঞ্চল বিশেষে কেতিয়াবা কিছুমান নিৰ্দিষ্ট কৃষিকাৰ্য বা খেতি কৰা হয় ,তেনেকুৱা কৃষি অঞ্চলক কৃষি বলয় বোলে ǀ

ভূ-প্ৰকৃতি,মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূৱৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে ǀ এনে প্ৰতিটো ভাগতে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয় ǀ জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয় ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ যুক্তৰাষ্ট্ৰৰ মুখ্যকৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০˚ পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত ǀ দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক ৯টা কৃষিবলয়ত ভাগ কৰা হৈছে ǀ সেইকেইটা হৈছে- উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, বসন্ত কালৰ গম বলয়, মাকৈ বলয়, শীতকালৰ গম বলয়, কপাহ বলয়, ধান আৰু সৰিয়হ বলয় আৰু উত্তৰ পূব মিশ্ৰ কৃষি বলয় ǀ

(i) ধান আৰু কুঁহিয়াৰ বলয়:

মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা আৰু জর্জিয়া, এলাবামা, মিছিছিপি আৰু লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ এই কৃষি বলয়ৰ অন্তত এই অঞ্চলত উপ-ক্রান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াত ক্রান্তীয় অঞ্চলৰ দৰে উষ্ণতা আক বৰষুণৰ পৰিমাণ বেছি। এই অঞ্চল পলসুৱা সাৰুৱা মাটিৰে গঠিত ǀ ধান আৰু কঁহিয়াৰ এই অঞ্চলৰ প্ৰধান শস্য হোৱাৰ কাৰণে ইয়াক ধান আৰু কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হৈছে ।

(ii) কপাহ বলয়:

ধান কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে মিছিছিপি অববাহিকাৰ দক্ষিণ অংশক সামৰি পূবা-পশ্চিমাকৈ থকা যুক্তৰাষ্ট্ৰৰ এই বিশাল অংশটোতে কপাহ খেতি কৰা হয়। ৩৬˚ উত্তৰ অক্ষাংশই এই কপাহ বলয়ৰ উত্তৰ সীমা নির্ধাৰণ কৰিছে। টেক্সাছ, মিছিছিপি আৰু আৰকানছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ ৫০শতাংশ তকৈও অধিক কপাহ উৎপাদন হয় ।

(iii) শীতকালীন গম আৰু ধঁপাত বলয়:

কপাহ বলয়ৰ উত্তৰে আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলাৰাডো পর্যন্ত এই কৃষি বলয় বিস্তৃত। উত্তৰ কেৰোলিনা, কেন্টকি, ভার্জিনিয়া আৰু মেৰিলেণ্ডক সামৰি এই অঞ্চলৰ পূব অংশত প্ৰচুৰ পৰিমাণে ধপাত উৎপন্ন হয়। আনহাতে ইয়াৰ পশ্চিম অংশত থকা নেব্রাস্কা, কেনছাছ, পূর্ব কলোৰাডো, ওকলাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন গমখেতি কৰা হয়। এই শীতকালীন গম বলয়ৰ পৰাই যুক্তৰাই আটাইতকৈ বেছি গম ৰপ্তানি কৰে ǀ

(iv) মাকৈ বলয়:

শীতকালীন গম বলয়ৰ উত্তৰে মধ্য অ’হিওৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চল মাকৈ বলয় বোলা হয় ǀ এই অঞ্চলৰ অন্তৰ্গত আইওৱা,ইলিনইছ,ইণ্ডিয়ানা, মিনেছ’টা,পেনছিলভেনিয়া আৰু নেব্ৰাস্কা ৰাজ্যৰ পৰাই যুক্তৰাষ্ট্ৰৰ বেছিভাগ মাকৈ উৎপাদন হয় ǀ

(v) বসন্তকালীন গম বলয়:

প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত গম বলয় অৱস্হিত ǀ যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ মন্টানা আৰু উত্তৰ ডাকোটা ,দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছটা ৰাজ্যত শীতৰ প্ৰকোপৰ বাবে বসন্তকালতহে গম উৎপাদন সম্ভৱ ǀ এই অঞ্চলত উৎপাদিত অতি উৎকৃষ্ট মানৰ গম বিদেশলৈ ৰপ্তানি কৰা হয়ǀ

(vi) উত্তৰ পূৱ প্ৰান্তীয় মিশ্ৰকৃষি বলয়:

গ্ৰেট লেকৰ দক্ষিণ আৰু পূৱত থকা মিনেছ’টা, উইচকনচিন, মিছিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ এই অঞ্চলটি গঠিত ǀ এই অঞ্চলত ৰাই,বাৰ্লি আদিৰ কৃষিৰ উপৰিও কোমল ঘাঁহৰ প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি একেলগে পশুপালনো কৰা হয়ǀ এই বলয় দুগ্ধপাম বলয়ো বোলা হয় ǀ

(vii) শুকান কৃষি আৰু পশুপালন বলয়:

মধ্য সমভূমিৰ পশ্চিম অংশ আু কাৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষিভূমি গঠিত ǀ এই অঞ্চলত বৰষুণ কম বাবে ঘাঁহনিৰে ভৰা ǀ টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ,কলাৰাডো, নেভাডা,বাইয়োমিং.ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত ǀ ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি,মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ,মাংস আৰু উল উৎপাদন কৰা হয় ǀ

(viii) ভূমধ্য সাগৰীয় কৃষি বলয়:

যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফোৰ্নিয়া অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে ǀ সেইয়ে এই অঞ্চলটোক ভূমধ্য সাগৰীয় কৃষি বলয় বোলে ǀ এই অঞ্চল গম আৰু কপাহৰ উপৰিও সুমথিৰা,আপেল,আঙুৰ আদি ফলমূল প্ৰচুৰ পৰিমাণে উৎপাদন হয় ǀ

(ix) উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰকৃষি বলয়:

যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তত থকা ৱাশ্বিংটন,ওৰিগন, ইডাহো ৰাজ্যত গম আৰু মাকৈ উৎপাদনৰ লগতে গাখীৰ আৰু মাংস উৎপাদনৰ বাবে পশুপালনো কৰা হয় ǀ সেয়েহে এই অঞ্চলটোক মিশ্ৰকৃষি বলয় বোলে ǀ

৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধান উদ্যোগ অঞ্চল কেইটা হৈছে-

(i) উত্তৰ পূৱ উদ্যোগ অঞ্চল

(ii) দক্ষিণ ঔদ্যোগিক অঞ্চল

(iii) প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল

(i) উত্তৰ-পূব উদ্যোগ অঞ্চলৰ বৰ্ণনাঃ

উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্র ১০ শতাংশ ব্যাং হৈ থকা এই অঞ্চলটোত দেশখনৰ প্ৰায় ৫০ শতাংশ লোক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কয়লা, লো, পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।

এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰিঃ

(a) পিটছবার্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্র:

পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পোৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্র বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লোৰ আকৰক ভিত্তি কৰি পিটছবার্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতো বৃহৎ লো-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্র শিল্পও পিটছবার্গত সুবিকশিত হৈছে। পৃথিবীব বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকনো ইয়াতেই অৱস্থিত।

(b) নিউয়র্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্র:

নিউয়র্ক, ফিলাডেলফিয়া আৰু বাল্টিমোৰৰ দৰে বৃহৎ মহানগৰবোৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তর্গত। ইয়াত অবস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছেঃ

1. বাল্টিমোৰৰ লো আৰু তীখা উদ্যোগ। বস্ত্র উদ্যোগ, টিন, পেট্র লিয়াম আৰু তাম শোধন উদ্যোগ।

2. ফিলাডেলফিয়াৰ বস্তু, বৈদ্যুতিক আহিলা, পেট্রলিয়াম, চেনি আৰু ৰবৰ উদ্যোগ।

3. পূব পেঞ্চিলভেনিয়া লো আৰু তীখা উদ্যোগ, বে’ল ইঞ্জিন।

4. নিউ জাচীৰ বস্তু, বৈদ্যুতিক সামগ্রী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি।

5. নিউয়ৰ্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্ৰ আছে।

(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্র:

এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে ৰড আইলেণ্ড, মাছাচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবোৰ হৈছে বস্ত্র শিল্প আৰু বস্ত্র উদ্যোগৰ যন্ত্রপাতি, চামৰা উদ্যোগ যিবোৰ প্ৰধানতঃ এই প্রান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।

(iv) ডেট্র ইট উদ্যোগ কেন্দ্ৰঃ

ই পৃথিৱীৰ অন্যতম প্রধান মটৰগাড়ী নির্মাণ কেন্দ্র। লো-তীখা, মটৰ গাড়ী নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবোৰ হৈছে লানচিং, ফ্রিন্ট, পণ্টিয়াক, জেছন আদি।

(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্র:

লো আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতো উদ্যোগ যেনে লো আৰু তীখা, ৰে’লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্রপাতি আদি নিৰ্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সৰ্ববৃহৎ মাংস বাণিজ্য কেন্দ্র চিকাগো ইয়াত অৱস্থিত।

৮। চমুটোকা লিখা:

(ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্রকৃতি

(খ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্রকৃতি

(গ) মধ্য সমভূমি অঞ্চলৰ নদ-নদী

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ

(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট।

(চ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চল

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ

(ঝ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুকান কৃষি আৰু পশুপালন বলয়

(ঞ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ

উত্তৰঃ

(ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি:

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ ৰকি পাৰ্বত্য অঞ্চলটো নবীন ভংগিল পৰ্বতেৰে গঠিত ǀ ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈও অধিক ǀচিয়েৰা, নেভাডা, কাস্কেড, কষ্টৰেঞ্জ এই অঞ্চলৰ উল্লেখযোগ্য পৰ্বতমালা ǀ তদুপৰি ৰকি পৰ্বত অঞ্চলটোৰ পূব আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্রেট বেছিন আৰু কলাৰাডো মালভূমিয়েই প্রধান। গ্ৰেট বেছিনকে ধৰি সমগ্ৰ অঞ্চলটো প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত পৰে ǀ বৰষুণৰ অভাৱত এই ঠাইবোৰ মৰুভূমিত পৰিণত হৈছে ǀ এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট ছল্ট লেক ৰ উপৰিও পৃথিৱী বিখ্যাত কলাৰাডো নদীৰ –গ্ৰেণ্ড কেনিয়ন আৰু ডেথ ভেলী অৱস্হিত ǀ কয়লা ,পেট্ৰ’লিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ ǀ ইয়াতেই লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকোৰ দৰে মহানগৰসমূহ অৱস্থিত।

(খ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি:

আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক উপকূলৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয় । এই ভূখণ্ডৰ বেছিভাগেই আপেলেছিয়ান পর্বত শ্রেণীয়ে আগুৰি আছে। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থুলমূলকৈ উত্তৰে হাচ্ছ উপত্যকা আৰু ইৰি-অ’ন্টাৰিও হ্রদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, সমভূমি-উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ- প্রকৃতি জটিল। ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী, দক্ষিণ, পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্লুৰিজ পর্বত আৰু পূর্ব উপকূলীয় সমভূমিয়েই প্রধান । এই অঞ্চলতে দেশৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয়। এই অঞ্চলব পূর্বত-পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পর্বতমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছিল। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বর্তমানে ২০০০ মিটাৰৰ অধিক নহয় । এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে। ইয়াৰ ভিতৰত অহিও, টেনিছি, হাডছন আৰু এলাবামা নদীয়েই প্রধান। অঞ্চলটোৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত। আপেলেছিয়ান পৰ্বতৰ পূৱ আৰু দক্ষিণফালে আটলান্টিক উপকূলীয় সমভূমি ǀ এই উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশ অতি ঠেক আৰু দক্ষিণ অংশ কিছু বহল ǀ এই অঞ্চলতে আমেৰিকা যুক্তৰাষ্ট্র ৰাজধানী ৱাশ্চিংটন ডি. চি. বোষ্টন, ফিলাডেলফিয়া, বাল্টিমোৰ, আটলান্টা আদি অৱস্থিত। উল্লেখযোগ্য যে এই অঞ্চলটো লো, পেট্রলিয়াম আদি খনিজ সম্পদতো চহকী ǀ

(গ) মধ্য সমভূমি অঞ্চলৰ নদ-নদী:

মধ্য সমভূমি অঞ্চলটো মূলঃত মিছিছিপি মিচৌৰি অৱবাহিকাৰ অন্তৰ্গত ǀ অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰি আৰু ইয়াৰ উপনৈ সমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে ǀ নদী উপত্যকাৰ সাৰুৱা মাটিৰ বাবে এই অঞ্চটো কৃষিৰ বাবে বিখ্যাত ǀ ইয়াৰ উপৰিও এই অঞ্চলটোৰ উল্লেখযোগ্য নদীসমূহ হৈছে- কলাৰাডো, আৰকানছাছ,য়ুকন, ছেণ্ট লৰেন্স ইত্যাদি ǀ

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহঃ

আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থনৈতিকভাবে আৰু ঔদ্যোগিকভাবে পৃথিৱীৰ সবাতোকৈ বিকশিত দেশ। দেশখনৰ মুঠ জনসংখ্যাৰ (৩০২ লাখ) ৭৬ শতাংশতকৈ অধিক লোক নগৰীয়া কেন্দ্ৰবোৰত বাস কৰে। এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ এক প্রধান অংশ নগৰ আৰু মহানগৰত বাস কৰে। ২২ নিযুত জনসংখ্যাৰে নিউয়র্ক সবাতোকৈ বৃহৎ আৰু অধিক জনবসতিপূর্ণ মহানগৰ, দ্বিতীয় স্থানৰ জনবহুল মহানগৰ হৈছে লছ এঞ্জেলছ যাৰ জনসংখ্যা ১৮ নিযুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যান্য মূখ্য কেন্দ্ৰবোৰ হৈছে মাছাচুছেছ, নিউ জাৰ্ছি, ৰড আইলেও, ফিলাডেফিয়া, বাল্টিমোৰ, পিটচম্বৰ্গ, হুইলিং, ক্লাইভলেণ্ড, ডেট্র ‘ইট, মিছিগান, ছান ফ্রান্সিস্কো, লছ এঞ্জেলছ ইত্যাদি।

(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য:

আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ আর্থিকভাৱে সবাতোকৈ বিকশিত দেশ। দেশখনৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সর্বোচ্চ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনমূৰি আয় বর্তমান ৩৮,০০০ ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ২০% কয়লা, তাম আৰু পেট্র’লিয়াম উৎপাদন কৰে। ই মাকৈ, কপাহ আৰু ধপাতৰ সৰ্বোচ্চ উৎপাদনকাৰী আৰু ঘেঁহু আৰু য’ৱৰ দ্বিতীয় সর্বাধিক উৎপাদনকাৰী। ই পৃথিৱীৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ ক্ৰমান্বয়ে ৪৬% আৰু ১৮% উৎপাদন কৰে। পৃথিৱীৰ ৰপ্তানীৰ ১০% ত কৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনীতিৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে ইয়াৰ মুঠ ৰাষ্ট্ৰীয় ‘আয়ৰ মাত্র ২% কৃষিয়ে অৰিহণা যোগায়, উদ্যোগে প্রায় ৩০% অৱদান যোগায় আৰু বাণিজ্য, পৰিবহণ আৰু যোগাযোগে প্রায় ৬৮% অৱদান যোগায়। ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰ ৭৯% বিভিন্ন অর্থনৈতিক গতিবিধিত জড়িত। মাত্র ৫% লোকহে জীৱন ধাৰণৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোক বাণিজ্য আৰু সেবা, মাছ মৰা, পশু পালন, খনন আৰু কাঠ কটা ইত্যাদি বিভিন্ন অর্থনৈতিক ক্রিয়াকলাপত জড়িত। আমেৰিকা যুক্তৰাষ্ট্ৰ মুখ্যতঃ এক কৃষি ভিত্তিক দেশতকৈ এক উদ্যোগ ভিত্তিক দেশ হিচাপেহে পৰিচিত।

(চ) আমেৰিকা যুক্তৰাষ্ট্ৰ কৃষি বলয়:

ভূ-প্ৰকৃতি,মাটি, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূৱৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে ǀ এনে প্ৰতিটো ভাগতে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয় ǀ জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয় ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ যুক্তৰাষ্ট্ৰৰ মুখ্যকৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০˚ পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত ǀ দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক ৯টা কৃষিবলয়ত ভাগ কৰা হৈছে ǀ সেইকেইটা হৈছে- উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, বসন্ত কালৰ গম বলয়, মাকৈ বলয়, শীতকালৰ গম বলয়, কপাহ বলয়, ধান আৰু সৰিয়হ বলয় আৰু উত্তৰ পূব মিশ্ৰ কৃষি বলয় ǀ

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূৱ উদ্যোগ বলয়:

বিভিন্ন খনিজ সম্পদৰ উপলব্ধতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূৱ অংশ বৃহৎ বৃহৎউদ্যোগ কেন্দ্ৰৰ সমাবেশ ঘটা দেখা যায় ǀ যুক্তৰাষ্ট্ৰ মুঠ মাটিকালিৰ ১০শতাংশ আগুৰি থকা এই অঞ্চলটোত দেশখনৰ ৫০শতাংশ লোক বাস কৰে ǀ ইয়াতে দেশৰ ৭৫শতাংশ উদ্যোগ থূপ খাই আছে ǀ এই অঞ্চলটো পাচটা প্ৰধান ভাগত ভগাব পাৰি ǀ

(i) পিটছবার্গ হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্র। উত্তৰ আপেলেছিয়ান কয়লা খনি অঞ্চলৰ পেঞ্চিলভেনিয়া আৰু অ’হিওক কেন্দ্র কৰি এই উদ্যোগ কেন্দ্ৰ গঢ়ি উঠিছে। এই অঞ্চলত থকা উৎকৃষ্ট মানৰ কয়লা, উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপেৰিওৰ অঞ্চলত থকা লোৰ আকৰক ভিত্তি বহু ঠাইত লো তীখা উদ্যোগ গঢ়ি উঠিছে ǀইয়াৰ লগে লগে কাঁচ,বস্ত্ৰশিল্প আৰু ৰবৰ উদ্যোগৰ বাবেও এই অঞ্চল বিখ্যাত ǀ

(ii) নিউয়ৰ্ক-ফিলাডেলফিয়া-বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ-বাল্টিমোৰত লো তীখা উদ্যোগ,বস্ত্ৰশিল্প, টিন, পেট্ৰলিয়াম আৰু তেল শোধানাগাৰ; ফিলাডেলফিয়াত বস্ত্ৰ, বৈদ্যুতিক সা-সৰঞ্জাম,পেট্ৰলিয়াম,চেনি আৰু ৰবৰ উদ্যোগ;পূব পেনঞ্চিলভেনিয়াত লো-তীখা,ৰেলৰ ইঞ্জিন; নিউ জাৰ্চিত বস্ত্ৰ , বৈদ্যুতিক সা-সৰঞ্জাম,সাজ-বাচন উদ্যোগবেৰ অৱস্থিত ǀ

(iii) ডট্ৰেইট উদ্যোগ কেন্দ্ৰ-লো ,কয়লা আৰু কঠিন কাঠৰ প্ৰাচুৰ্যৰে ভৰা এই অঞ্চল মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ǀ

(iv) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ- জলবিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰি বস্ত্ৰ শিল্প, কাগজ শিল্প,বস্ত্ৰ উৎপাদনৰ যন্ত্ৰপাতি নিৰ্মাণ আৰু চামৰা শিল্প আদি গঢ়ি উঠিছে ǀ এই অঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে-নিউ হেম্পছায়াৰ ,ৰড আইলেণ্ড,অৰচেষ্টাৰ আদি ǀ

(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ- কয়লা আৰু লোৰ সহজ লভ্যতাৰ বাবে চিকাগো মহানগৰীক কেন্দ্ৰ কৰি ইয়াত লো-তীখা, ৰেল ডবা নিৰ্মাণ,বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰস্তুত মটৰগাড়ী নিৰ্মাণ আদি গঢ়ি উঠিছে ǀ

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ:

প্ৰশান্ত মহাসাগৰৰ উপকূলত অৱস্হিত ৱাশ্বিংটন, অৰিগন,কেলিফোৰ্নিয়া, ৰাজ্যক লৈ এই উদ্যোগ কেন্দ্ৰটো গঢ়ি উঠিছে ǀ ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা উদ্যোগিক অঞ্চল ǀ দেশৰ প্ৰায় ১০ শতাংশ বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে ǀ লছ-এঞ্জলেছ আৰু ছান ফ্ৰান্সিকো দেশৰ ভিতৰতে প্ৰধান দুটা উদ্যোগ কেন্দ্ৰ ǀ জলবিদ্যুত আৰু পেচ্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লো-তীখা নিৰ্মাণ, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদন ,বিলাতী মদ উৎপাদনৰ লগত জড়িত শিল্প গঢ়ি উঠিছে ǀ কেলিফোৰ্নিয়া চিনেমা শিল্পৰ বিশ্বজুৰি খ্যাতি আছে ǀ

(ঝ) শুকান কৃষি আৰু পশুপালন বলয়:

মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কাৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষিভূমি গঠিত ǀ এই অঞ্চলত বৰষুণ কম বাবে ঘাঁহনিৰে ভৰা ǀ টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ,কলাৰাডো, নেভাডা,বাইয়োমিং.ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত ǀ ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি,মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ,মাংস আৰু উল উৎপাদন কৰা হয় ǀ

(ঞ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ:

বহুতো খনিজ সম্পদৰ উপলব্ধতা আৰু উপযোগীকৰণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ প্ৰথম স্থান – অধিকাৰ কৰিছে। প্ৰকৃততে, ইয়াৰ খনিজ সম্পদ, পৃথিৱীৰ যিকোনো বিকশিত দেশতকৈ অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰত পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, লোৰ আকৰ, তাম, বক্সাইট, সীহ, জিংক, সোণ, ৰূপ আৰু ইউৰেনিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ কয়লা, তাম আৰু পেট্ৰ’লিয়ামৰ প্ৰায় ২০% উৎপাদন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই পেট্র লিয়াম আৰু লোৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীত ক্রমান্বয়ে তৃতীয় আৰু চতুর্থ স্থান অধিকাৰ কৰিছে। ইয়াত সীহ, জিংক, বক্সাইট, ৰূপ, সোণ আদি খনিজ সম্পদো উপলব্ধ হয়। গতিকে, আমেৰিকা যুক্তৰাষ্ট্ৰত ঔদ্যোগিক বিকাশৰ বাবে প্রয়োজনীয় সকলো খনিজ সম্পদেই পোৱা যায়। এয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যধিক ঔদ্যোগিক বিকাশ আৰু অর্থনৈতিক প্রগতিৰ অন্যতম প্রধান কাৰণ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী ভূগোল অধ্যায় ৪ FAQs
দশম শ্ৰেণী ভূগোল অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
USAৰ প্ৰধান প্ৰাকৃতিক বিভাগ কিহো?
USAক আপেলেছিয়ান উচ্চভূমি, মধ্য সমভূমি আৰু ৰকি পাহাৰ অঞ্চলত ভাগ কৰা হয়।
USAৰ কৃষি অঞ্চল সমূহ কিহো?
USAত wheat belt, corn belt, cotton belt আদি অঞ্চল অত্যন্ত বিখ্যাত, য’ত খাদ্যশস্য, মকাই আৰু কাপোৰ উৎপাদন হয়।
HSLC পৰীক্ষাত USAৰ আঞ্চলিক ভূগোল কেনেকৈ সহায়ক?
HSLCৰ মানচিত্ৰ, অঞ্চল, শিল্প, জনসংখ্যাৰ প্রশ্ন USA Regional Geography Chapterত পৰা সাক্ষাৎ আসে।
USAৰ শিল্প আৰু অৰ্থনৈতিক অঞ্চল কিদৰে চিনাক্ত কৰা যায়?
USAৰ Great Lakes অঞ্চলত ইঞ্জিনিয়াৰিং, বহুল শিল্প, Silicon Valleyত Technology Hub, Midwestত খাদ্য উৎপাদন, আৰু Southত কৃষি মুখ্যা অর্থনীতিত সহায়ক।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top