Class 10 Geography Chapter 5 Solutions – জাপানৰ আঞ্চলিক ভূগোল | SEBA | Assamese Medium

অধ্যায় ৫ – জাপানৰ আঞ্চলিক ভূগোল

দশম শ্ৰেণী ভূগোল অধ্যায় ৫ – জাপানৰ আঞ্চলিক ভূগোলৰ আটাইবোৰ অনুশীলনীৰ সমাধান | SEBA Board | Assamese Medium

দশম শ্ৰেণী ভূগোল অধ্যায় ৫ – জাপানৰ আঞ্চলিক ভূগোল

দশম শ্ৰেণী ভূগোল অধ্যায় ৫ – জাপানৰ আঞ্চলিক ভূগোল (Solutions | SEBA Board – Assamese Medium)

এই অধ্যায়ত জাপানৰ ভৌগোলিক অৱস্থান, দ্বীপসমূহ (হোক্কাইডো, হোনশু, শিকোকু আৰু কিউশু), প্ৰাকৃতিক বিভাগ (উত্তৰ-পূৰ্ব অঞ্চল, কেন্দ্ৰীয় অঞ্চল, দক্ষিণ-পশ্চিম অঞ্চল), জলবায়ু, জনসংখ্যা, কৃষি, শিল্প, পৰিবহন, আৰু বিশ্বব্যাপী জাপানৰ অৱদান ওপৰত আলোচনা কৰা হৈছে। জাপান মৌলিকভাৱে পাহাৰীয়া দ্বীপসমূহৰ দেশ, য’ত আধুনিক প্রযুক্তি, শিল্প, আৰু কৃষিত বিশেষ তাৰকাৰ্যতা দেখা যায়। SEBA HSLC পৰীক্ষাত জাপানৰ প্ৰাকৃতিক বিভাগ, শিল্প, মানচিত্ৰ আৰু অঞ্চলৰ ওপৰত MCQ আৰু বিশ্লেষণমূলক প্ৰশ্ন অহা দেখা যায়। অস্পীন একেডেমী ত সকলো অনুশীলনী প্রশ্নৰ অতি সহজ অসমীয়া সমাধান সংৰক্ষণ কৰা হৈছে।

✅ কি শিকিব:

  • জাপানৰ মৌলিক ভৌগোলিক বৈশিষ্ট্য
  • দ্বীপসমূহ আৰু অঞ্চল বিভাগ
  • প্ৰাকৃতিক বিভাগ: Hokkaido, Northeast Japan, Central Japan, এবং Southwest Japan
  • Mount Fuji, Kanto, Nobi সমভূমি, নদী আৰু উপত্যকা
  • কৃষি, শিল্প, পৰিবহন আৰু জনসংখ্যা বিভাজন

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SEBA Board Class 10 ভূগোলৰ নতুন পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
  • প্ৰতিটো অনুশীলনীৰ অসমীয়া সমাধান
  • HSLC পরীক্ষাৰ মানচিত্ৰ,MCQ, আৰু ব্যাখ্যাসমূহ
  • PDF আকাৰত ডাউনলোড কৰিব পৰা সুবিধা
  • ব্যৱহাৰিক উদাহৰণ আৰু মানচিত্ৰ বিশ্লেষণ
Vibrant Note Box
Buy Printable PDF
Class 10 Geography (ভূগোল) SEBA 2025 | Assamese Medium HSLC Solutions PDF
Original price was: ₹199.00.Current price is: ₹39.00.

Special HSLC 2025 Edition!

(For SEBA Class 10 Geography, Assamese Medium)

Get the complete Class 10 Geography (ভূগোল) Assamese Medium chapter-wise PDF solutions.
Includes maps, diagrams, key explanations, definitions, and exam-focused answers as per SEBA HSLC 2025 syllabus.
Perfect for home study, revision, and quick exam prep!

Vibrant Note Box
অধ্যায় ৫ – জাপানৰ আঞ্চলিক ভূগোল

https://youtube.com/@ospinacademyদশম শ্ৰেণী : ভূগোল

অধ্যায়-                                                                 অস্পিন একাডেমী

জাপানৰ আঞ্চলিক ভূগোল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। জাপান দেশৰ ভৌগোলিক অবস্থান সম্পর্কে লিখা।

উত্তৰঃ জাপান এশিয়াৰ পূব উপকূলৰ প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত এখন দ্বীপ-দেশ। ই দক্ষিণে ২৪° উত্তৰ অক্ষাংশৰ পৰা উত্তৰলৈ ৪৬° উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূৱ দ্রাঘিমাংশৰ পৰা পূবলৈ ১৪৬° পূৱ দ্রাঘিমাংশলৈ বিস্তৃত হৈ আছে।

জাপানৰ উত্তৰফালে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰে সীমান্ত সৃষ্টি কৰে। দেশখনৰ দক্ষিণত টাইৱান আৰু পূৱ-চীন সাগৰ অৱস্থিত। ইয়াৰ পূবত আছে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমফালে জাপান সাগৰ, কোৰিয়া সাগৰ আৰু ৰাছিয়া সাগৰ বেষ্টিত।

২। জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ জাপান এশিয়া মহাদেশৰ পূব উপকূলৰ প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত আৰু ই চাৰিওফালৰপৰা পানীৰে আৱৰা । দেশখন বহু সৰু-বৰ দ্বীপৰ সমষ্টি, যাৰ ভিতৰত মুখ্যকৈ চাৰিটা বিভাজন দেখা যায় : হ’কাইডো, কিউছু, হন্‌ছু আৰু চিক’কু। ইয়াৰ মাজত ‘হন্‌ছু’ সকলোতকৈ বৃহৎ দ্বীপ। উত্তৰ-দক্ষিণ দিশত দেশখনৰ দৈৰ্ঘ্য প্ৰায় ২৪০০ কিলোমিটাৰ।

যদি মাটিকালিৰ বিষয়ে চোৱা যায়, তেন্তে জাপানৰ মুঠ আয়তন ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ। ইয়াৰ প্ৰায় ৭৫ শতাংশ এলাকা পৰ্বতময় অঞ্চলত পৰে। এই পাহাৰবোৰত বহু জাগ্রত আৰু লুপ্ত আগ্নেয়গিৰি অৱস্থিত। ২০০৭ চনৰ অনুমান অনুসৰি, জাপানৰ মুঠ জনসংখ্যা প্ৰায় ১২৮ নিযুত। জনসংখ্যাৰ হিচাপত, পৃথিৱীৰ দশম বৃহৎ দেশ জাপান। ইয়াৰ ৰাজধানী চহৰ হৈছে ‘টকিঅ’।

৩। জাপানৰ প্ৰধান প্রাকৃতিক বিভাগসমূহ কি কি? মানচিত্রসহ প্রতিটো বিভাগবে ভূ-প্রকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ প্রশান্ত মহাসাগৰৰ উত্তৰে অৱস্থিত এলানি দ্বীপেৰে জাপান গঠিত হৈছে। ইয়াৰ ভূ প্রকৃতি প্রায় সকলোতে একে যদিও কিছুমান লঘু পার্থক্য অনুযায়ী জাপানক ৪ টা ভূ-প্রাকৃতিক অঞ্চলত ভাগ কৰা হৈছে।

 

(ক) হ’কাইডো অঞ্চল:

এই অঞ্চলটো মূলতঃ জাপানৰ উত্তৰ ভাগত অৱস্থিত হ’কাইডো দ্বীপেৰে গঠিত। অঞ্চলটোৰ সৰহভাগ ঠায়েই পৰ্বতীয়া। ইয়াৰ মধ্যভাগত হ’কাইডো পর্বতমালা বিস্তৃত হৈ আছে। আচাইডাক শৃঙ্গ এই পৰ্বতমালাৰ উচ্চতম শৃঙ্গ (২২৯০ মি.)। সমান্তৰাল পৰ্বতমালাৰ মাজভাগত কিছু বিস্তীর্ণ পলসুৱা নিম্নভূমি পোৱা যায়। এই অঞ্চলটোৰ কিছুমান গুৰুত্বপূর্ণ সমভূমি অঞ্চল হ’ল ইছিকাৰি ইউফুছ, টকাছি, কনছেন আদি। চাপ’ৰো, কুচিৰো, যুৰ’ৰশ, আচাহিগাৱা, থাকোডাটে আদি ইয়াৰ উল্লেখযোগ্য চহৰ।

(খ) উত্তৰ-পূৱ জাপান অঞ্চল:

উত্তৰ-পূৱ জাপান অঞ্চল হন্‌দু দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। এই অঞ্চলৰ পশ্চিমভাগত বহুতো ভাঁজ আৰু চ্যুতি আছে। তদুপৰি ইয়াত আও আৰু উচু নামেৰে দুটা সমান্তৰাল পৰ্বতমালা আছে। এই পৰ্বতমালাৰ উচ্চতা ১৫০০-২০০০ মিঃ। সৰলবর্গীয় গছ-গছনি, হ্রদ, আগ্নেয়গিৰিৰ শৃংগ আদিয়ে এই অঞ্চলটো পৰ্যটকৰ বাবে আকর্ষণীয় কৰি তুলিছে। এই অঞ্চলটোৰ দুটা প্রধান মালভূমি হ’ল কিটাকামি মালভূমি আৰু আবুকামা মালভূমি। ইয়াৰ প্ৰথমটো পূৰণা গেদীয় শিলেৰে আৰু পিছৰটো আগ্নেয়গিৰীয় শিলেৰে গঠিত। উত্তৰ-পূৱ জাপান অঞ্চলৰ কেইখনমান উল্লেখনীয় চহৰ হ’ল আওমোৰি, আকিটা, মৰিওকা, হাচিনোহে, ছেন্দাই, কোৰিয়ামা, য়ামাগাটা আদি।

(গ) মধ্য জাপান অঞ্চল:

হন্‌ন্ধু দ্বীপৰ মাজ ভাগকে মধ্য জাপান বোলা হয়। হন্‌দু পর্বতমালা আৰু ছিচিটো মেৰিয়ানা পর্বতমালা লগলাগি জাপানৰ উচ্চতম পর্বতমালা গঠন কৰিছে। এই বিশেষ পর্বতমালাৰ পূৱভাগক হিদা পর্বত বোলা হয়। জাপানীসকলৰ পৱিত্ৰ শৃঙ্গ ‘মাউন্ট ফুজি’ও (৩,৭৭৬ মি.) এই হিদা পর্বততে অৱস্থিত। কোৱান্ট’ আৰু নাবি সমভূমি মধ্য জাপানৰ দুখন প্রধান সমভূমি। ট’ন নদীয়ে পলস পেলাই সৃষ্টি কৰা প্লাবনভূমিৰ বাবে এই অঞ্চল কৃষিৰ বাবে অতি উপযোগী। ইয়ক’হামা, টকিঅ’, নাগোয়া আৰু ট’য়ামা এই অঞ্চলৰ প্ৰধান চহৰ।

(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চল:

হন্‌দু দ্বীপৰ দক্ষিণ-পশ্চিম অংশ, ছিক’কু আৰু কিউছিউ দ্বীপক লৈ দক্ষিণ-পশ্চিম জাপান অঞ্চলটো গঠিত হৈছে। এই অঞ্চলৰ পৰ্বতমালাসমূহ জাপানৰ দীর্ঘতম পর্বতমালা। তদুপৰি ইয়াৰ প্রায়ভাগ ঠাই প্রাচীন শিলেৰে গঠিত। কিয়োটো, নাৰা আৰু বিৱা এই অঞ্চলৰ উল্লেখযোগ্য সমভূমি। পৰ্বতসমূহৰ মাজত কিছু উৰ্বৰ উপত্যকাও আছে। কিউছিউ দ্বীপৰ দক্ষিণত বহুতো আগ্নেয়গিৰি আছে। এই অঞ্চলৰ কিছুমান প্রধান চতুৰ হ’ল ওছাকা, কিওট’, কোবে, হিৰোছিমা, নাগাছাকি, কাগোছিমা, চাকাই, ওকায়ামা, কুমামোটো আদি।

৪। জাপানৰ ভূ-অবয়বৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে। দেশখনৰ প্রায় ৭৫ শতাংশ ভূমিয়েই পর্বতময় । নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে। জাপানৰ পার্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে। এনে ভূ-তাত্ত্বিক জটিলতা আৰু অস্থিৰতাৰ বাবে জাপানত সঘনে ভূমিকম্প হয়। সামগ্রিকভাৱে জাপানৰ ভূ-প্রকৃতি প্রায় একে ধৰণৰ ।

৫। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ জাপানত মূলতঃ মংগোলীয় গোষ্ঠীৰ লোকসকলে বসবাস কৰে। উপলব্ধ তথ্য অনুসৰি ৬১০ খ্ৰীষ্টাব্দত জাপানত ৫ নিযুত লোকে বসবাস কৰিছিল। অৱশ্যে ১৮৮০ চনত ই বাঢ়ি ৩৮ নিযুত, ১৯৪৫ চনত ৭২ নিযুত, ১৯৯৯ চনত ১২৭ নিযুত আৰু ২০০৭ চনত ই ১২৮ নিযুত হয়গৈ। অবনমিত জন্ম তথা মৃত্যুৰ হাৰৰ পৰিপ্ৰেক্ষিতত জাপানৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ ০.৪%পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশসমূহৰ ভিতৰত জাপান দশম স্থানত আছে।

জাপানৰ জনসংখ্যাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্যটো হ’ল ইয়াৰ অসম বিস্তৃতি। জাপানৰ মুঠ মাটিকালিৰ প্ৰায় ৭৫% পার্বত্য অঞ্চল সেয়ে এই ঠাইসমূহৰ জনসংখ্যা অতি সেৰেঙা। আনহাতে, নদীৰ উপত্যকা, সমভূমি আৰু উপকূলীয় অঞ্চলসমূহৰ জনসংখ্যা অতি ঘন। জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্রতিবর্গ কিল ‘মিটাৰত ৩৩৮ জনৰ বিপৰীতে হ’কাইডো সমন্বিতে অন্যান্য পাৰ্বত্য অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব ১০০ জনতকৈ কম। জাপানৰ মুঠ মাটিকালিৰ ২৫% হ’কাইডো অঞ্চলে আগুৰি আছে। কিন্তু জাপানৰ মুঠ জনসংখ্যাৰ মাত্র ৫% হে এই অঞ্চলত বাস কৰে। কৃষিভিত্তিক সমতল অঞ্চলসমূহৰ ঘনত্ব ১০০-৮০০ প্রতি বর্গ কিঃমিঃ। আনহাতে ৮০০ তকৈ বেছি ব্যক্তিয়ে বসবাস কৰে জাপানৰ ঔদ্যোগিক সমভূমি অঞ্চলত। জাপানৰ জনসংখ্যাৰ ২০% পার্বত্য অঞ্চলত বাস কৰে। মধ্য জাপানৰ ঔদ্যোগিক ক্ষেত্র টকিঅ’, ইয়োকোহামা আৰু দক্ষিণ-পশ্চিম জাপানৰ ঔদ্যোগিক ক্ষেত্র কোবে-ওচাকা জাপানৰ সবাতোকৈ ঘন জনবসতিৰ অঞ্চল। এই দুই অঞ্চলত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিঃ মিঃত ১০,০০০ ব্যক্তিতকৈ অধিক। ৩ কোটি জনসংখ্যাৰ টকিঅ’ জাপানৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ তথা পৃথিৱীৰ সৰ্বাধিক জনবহুল চহৰ। কৃষিভিত্তিক উৎপাদন হ্রাস তথা গাঁও অঞ্চলৰ পৰা চহৰাঞ্চললৈ ব্যক্তিৰ প্ৰব্ৰজনৰ লগে লগে জাপানৰ নগৰীয়া জনসংখ্যা বৃদ্ধি হৈ ৭৯% হৈছে। ঔদ্যোগীকৰণে জাপানৰ জনসংখ্যাৰ বিস্তৃতিৰ ক্ষেত্ৰত আঞ্চলিক অসমতা অনাত সহযোগ কৰে।

 

৬। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ২০০৭ চনৰ তথ্য অনুসৰি, জাপানৰ মুঠ জনসংখ্যা ১২৮ নিযুত, আৰু এই দেশখন পৃথিৱীৰ আটাইতকৈ অধিক জনসংখ্যাযুক্ত দেশসমূহৰ ভিতৰত দশম স্থানত আছে। এখানে প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা ৩৩৮ জন। লক্ষ্যণীয় কথা যে, জাপানত জনসংখ্যাৰ ঘনত্ব অঞ্চলভেদে বেলেগ। এই বিতৰণৰ তাৰতম্য কিছুমান কাৰণত লক্ষ কৰা যায়—

(ক) পৰ্বতীয় ভূমি: জাপানৰ প্রায় ৭৫% এলাকা পাহাৰীয়া, যিটো জনবসতি আৰু অৰ্থনৈতিক কার্যকলাপৰ বাবে অনুপযুক্ত। এই অংশত জনবসতিৰ ঘনত্ব খুব কম, প্ৰতি বৰ্গ কিলোমিটাৰত এশজন ব্যক্তিতকৈও কম।

(খ) শিল্প বিকাশ: জাপান পৃথিৱীৰ সৰ্বাধিক ঔদ্যোগীকৃত দেশসমূহৰ ভিতৰত অন্যতম। উচ্চ ঔদ্যোগীকৰণে নিয়োগ সুবিধাৰ উন্নতি সাধন কৰি নগৰাঞ্চললৈ ব্যক্তি প্ৰব্ৰজন সুচল কৰি তুলিছে আৰু নগৰ-চহৰত জনবসতি ঘন হৈ পৰিছে।

(গ) নগৰীকৰণ: নগৰাঞ্চলৰ জীৱন আৰু অৰ্থনৈতিক সুবিধাৰ আকর্ষণত বহু লোক এই অঞ্চলত বসতি স্থাপন কৰে, ফলত নগৰ জনসংখ্যা অধিক, কৃষি উৎপাদন হ্ৰাস পায়।

(ঘ) জলবায়ুৰ প্ৰভাব: কোনো দেশৰ জনবসতিৰ ঘনত্ব নির্ধাৰণত জলবায়ু অন্যতম কাৰক। উত্তৰ জাপানত কটুকৈ শীতল জলবায়ু থাকে, যাৰ বাবে এই অংশত জনসংখ্যা কম। আনফালে, উপকূলীয় অঞ্চলত সুন্দৰ জলবায়ুৰ বাবে জনসংখ্যা গধুৰ।

৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে লিখা।

উত্তৰঃ জাপানৰ মুঠ মাটিকালিৰ মাত্র ১৭ শতাংশ কৃষিকাৰ্যৰ অন্তৰ্গত । কিন্তু ইয়াত কৃষিকাৰ্য বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৰা হয় বাবে উৎপাদনো উন্নত মানৰ হয়। ইয়াৰ প্রতি হেক্টৰ কৃষিভূমিৰ উৎপাদনৰ হাৰ প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত সর্বোচ্চ । কৃষি উৎপাদন বৃদ্ধিৰ বাবে দেশখনৰ প্রতি হেক্টৰ মাটিত ২৯০ কিলোগ্রাম পৰিমাণৰ সাৰ প্ৰয়োগ কৰা হয়। জাপানৰ চাৰিওফাল সাগৰ-মহাসাগৰে বেৰি আছে কাৰণে দেশখনে মৎস্য উৎপাদনত পৃথিৱীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰিছে। দেশৰ অর্থনৈতিক কার্যত নিয়োজিত মুঠ লোকৰ ৬ শতাংশ কৃষিকাৰ্যৰ লগত জড়িত। ধানেই জাপানৰ প্রধান কৃষি শস্য। দেশৰ মুঠ কৃষি ভূমিৰ প্রায় দুই- তৃতীয়াংশত ধান খেতি কৰা হয়।

ধানখেতিৰ উপৰিও জাপানত বিভিন্ন অঞ্চলত বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে ফলমূলৰ খেতি ,চাহ আৰু কফি খেতিও কৰা হয় আৰু সেইবোৰৰ পৰাও দেশখনে এক বুজন আয় অৰ্জন কৰে ǀজাপানৰ বিভিন্ন অংশত (মধ্য জাপান, টোকাই অঞ্চল) পশুপালনো কৰা হয় আৰু ইয়াৰ জৰিয়তে দেশখনৰ গাখীৰ আৰু মাংসৰ চাহিদা পূৰণ কৰা হয় ǀ

৮। মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ কৃষিক্ষেত্ৰৰ বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদন আদিৰ ওপৰত নিৰ্ভৰ কৰি জাপানৰ কিছুমান কৃষি অঞ্চল চিনাক্ত কৰা হৈছে। এই ক্ষেত্ৰত ভূ-অৱয়ব, জলবায়ু, মৃত্তিকা আদিৰ প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূর্ণ। এইবোৰৰ ওপৰত ভিত্তি কৰি দেশখনক প্ৰধানকৈ দুটা কৃষি অঞ্চলত ভাগ কৰিব পাৰিঃ

(ক) পুৰণি জাপান অঞ্চল আৰু

(খ) হ’কাইডো অঞ্চল ।

পুৰণি জাপান অঞ্চলটোক আকৌ ১) অন্তঃবর্তী অঞ্চল, ২) পৰিধীয় অঞ্চল আৰু ৩) সীমামূৰীয়া অঞ্চলত বিভক্ত কৰিব পাৰি।

১) অন্তঃবর্তী অঞ্চল :

অন্তঃবর্তী অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত । ইয়াৰ কৃষি ক্ষেত্ৰবোৰ বৰ সৰু। ইয়াত জলবায়ু কৃষিৰ অনুকূল হোৱাৰ কাৰণে বছৰত দুটাৰ পৰা তিনিটা খেতি কৰা হয়। এই অঞ্চলত জনবসতি অতি ঘন। ইয়াত নানাবিধ ফল-মূল, শাক-পাচলি আৰু ফুল বাণিজ্যিক ভিত্তিত উৎপাদন কৰা হয়। মাংস আৰু গাখীৰ যোগান ধৰিবলৈ পশুপালনো কৰা হয়। এই অঞ্চলৰ পাহাৰবোৰৰ নামনিত বেদিকা প্রণালীৰে খেতি কৰা হয়। অঞ্চলটোক পুনৰ কেইটামান সৰু সৰু এলেকাত ভাগ কৰা হৈছে।

(ক) ছিট’ছি- কিনকি অঞ্চলঃ ই ছুগ’কু পার্বত্য অঞ্চলৰ অন্তর্গত এটি নিচেই ক্ষুদ্র কৃষি অঞ্চল। জহকালি এই অঞ্চলৰ সমতলভূমি ৪০ শতাংশ জুৰি ধানখেতি কৰা হয়। লগতে শাক পাচলি উৎপাদন আৰু পশু পালন কৰা হয়। সাগৰৰ পৰা কিছু দূৰৈৰ ওখ ঠাইবিলাকত ফলমূলৰ খেতি কৰা হয়। অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ও ফলমূল, মিঠা আলু আদিৰ খেতি কৰা হয়।

(খ) উত্তৰ কিউছিউ অঞ্চলঃ এই অঞ্চলৰ কৃষি পদ্ধতি ছিট’ছি কিনকি অঞ্চলতকৈ নিম্নস্তৰৰ। এই সমতলবোৰত ধান প্ৰচুৰ পৰিমাণে উৎপন্ন হয় ।

(গ) চুক্যিও অঞ্চলঃ এই অঞ্চলৰ উচ্চভূমিত থকা ধানখেতিস্থলত কৃত্রিম উপায়েৰে পানী ভৰাই ৰখা হয়।

(ঘ) টোকাই অঞ্চলঃ উপকুলীয় সামুদ্রিক সোঁতৰ প্ৰভাৱত এই অঞ্চলৰ জলবায়ু কিছু উষ্ণ। অঞ্চলটোত সমতল ভূমি তেনেই সীমিত। ইয়াৰ ৪৫ শতাংশ কৃষিকার্য ওখ ঠাইতে কৰা হয়। ইয়াত চাহপাত আৰু বিভিন্ন পাক-পাচলিৰ খেতি কৰা হয়। নানা-ধৰণৰ জীৱ-জন্তুও পোহা হয়। কমলা উৎপাদনৰ বাবে অঞ্চলটো বিশেষভাৱে উপযোগী।

(ঙ) পশ্চিম কাণ্টো অঞ্চলঃ এই অঞ্চলটোত সাৰুৱা বহল সমতল ভূমি আছে। ইয়াত বছৰত দুবাৰকৈ খেতি কৰা হয়। ইয়াতেই জাপানৰ এক- তৃতীয়াংশ গম আৰু প্ৰায়খিনি বার্লি উৎপাদিত হয়। এই অঞ্চল নুনী গছৰ বাবে বিখ্যাত।

(চ) টোছান অঞ্চলঃ ওখ পাহাৰেৰে পৰিপূৰ্ণ বাবে এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে উপযোগী নহয়। ইয়াৰ বেছিভাগ ঠাই গছ গছনিৰে ভৰা। ঠেক উপত্যকা অঞ্চলত কিছু পৰিমাণে ধান খেতি হয়।

(ছ) হাকুৰিকো অঞ্চলঃ এই অঞ্চলটোক ধান উৎপন্নকাৰী অঞ্চল বুলিব পাৰি। ইয়াত ধানৰ উৎপাদন হাৰো যথেষ্ট বেছি। জলবায়ু শীতল যদিও প্রায় ৪৫ শতাংশ ধান জাৰকালি উৎপাদিত হয়।

(২) সীমামূৰীয়া অঞ্চলঃ

কিউছিউৰ দক্ষিণ অংশ আৰু ট’হেকু সীমামূৰীয়া অঞ্চলৰ অন্তৰ্গত। কিউছিউৰ দক্ষিণ অংশত কৃষিভূমিৰ আকাৰ অতি ক্ষুদ্র। ইয়াৰ কৃষি পদ্ধতিও পিছপৰা। ইয়াৰ প্রায় ৪৫ শতাংশ লোকেই কৃষিজীৱী। তুলনামূলকভাৱে গৰম জলবায়ুৰ বাবে ইয়াত প্ৰচুৰ ফল-মূল, শাক-পাচলি আদি উৎপন্ন হয়। আনহাতে ইনছু দ্বীপৰ উত্তৰ অংশত থকা ট’হোকু অঞ্চল অতি ঠাণ্ডা। গৰম-কালিও ইয়াত ধানখেতি ভাল নহয়।

(৩) পৰিধীয় অঞ্চলঃ

দক্ষিণ চিকোকুৰ পার্বত্য অঞ্চল আৰু সাগৰৰ উপকূলীয় অঞ্চলক লৈয়েই পৰিধীয় অঞ্চল গঠিত হৈছে। ইয়াৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত যথেষ্ট –ডাঙৰ যদিও বিশেষ উন্নত নহয়। জুমখেতিৰ প্রাধান্য এই অঞ্চলতেই আটাইতকৈ বেছি। এই অঞ্চলটোক আকৌ চাৰিটা ভাগত বিভক্ত কৰিব পাৰিঃ কিউছিউৰ মধ্যভাগ, ছানইন, চিকোকুৰ দক্ষিণ অংশ আৰু হিদা। কিউছিউৰ মধ্য ভাগ অতি চহকী ǀ ইয়াত ধানখেতিৰ উপৰিও ফলমূল,শাকপাচলি,নুনী গছৰ খেতি কৰা হয়ǀ ছানইন উপকূল অঞ্চলটো কৃষিৰ বাবে বৰ উপযোগী নহয়। চিকোকুৰ পাহাৰীয়া অঞ্চলত কিছু পৰিমাণে জুম খেতি কৰা হয়। হিদা অঞ্চলটোৰ বেছিভাগ ঠায়েই পর্বতেৰে ভৰা। ইয়াৰ সাৰুৱা উপত্যকাবোৰত খেতি ভাল হয়।

হ’কাইডো অঞ্চল : ইচিকাৰী উপত্যকাই হৈছে এই অঞ্চলৰ প্রধান কৃষি ক্ষেত্র। এই অঞ্চলৰ জলবায়ু অতিশয় ঠাণ্ডা বাবে ইয়াত বছৰটোৰ ভিতৰত মাত্র এটাহে খেতি কৰা হয়। ধানেই এই অঞ্চলৰ প্ৰধান শস্য। ইয়াত কিছু পৰিমাণে আলু খেতিও কৰা হয়। পার্বত্য ভূমি, চেঁচা জলবায়ু আৰু অনুর্বৰ মাটিৰ বাবে এই অঞ্চল কৃষিৰ উপযোগী নহয়। এই অঞ্চলটোক আকৌ পশ্চিম হ’কাইডো, মধ্য হ’কাইডো আৰু পূব হ’কাইডো এই তিনিটা অঞ্চলত ভাগ কৰিব পাৰি।

 

৯। জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ কি কি? জাপানৰ মানচিত্ৰত এই ঔদ্যোগিক অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰে চমু বিৱৰণ দিয়া।

উত্তৰঃ আজি জাপানক পৃথিৱীৰ ঔদ্যোগীকৃত ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ স্থান দ্বিতীয়। বিজ্ঞান-প্রযুক্তিৰ উন্নয়নত জাপানে পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাৰ্ষিক আয়ৰ ৪০% তকৈও বেছি অংশ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা আহে। ঔদ্যোগিক কৰ্মৰাজিৰ লগত জড়িত ব্যক্তিৰ সংখ্যা হ’ব ইয়াৰ জনসংখ্যাৰ ৩৩% তকৈ অধিক। জাপানৰ ঔদ্যোগিক ক্ষেত্ৰখন টকিঅ’ৰ পৰা কিউছিউ দ্বীপলৈ প্রায় ১০০০ কিঃমিঃ দৈর্ঘ্য বিস্তৃত হৈ আছে। ইয়াক চাৰিটা ঔদ্যোগিক অঞ্চলত বিভক্ত কৰা হৈছেঃ

(ক) টকিঅ’-ইয়োকোহামা অঞ্চল:

হন্‌দু দ্বীপৰ টকিঅ’ উপসাগৰৰ কাষত অৱস্থিত এই অঞ্চলে কান্ট’ সমভূমি আগুৰি লয়। ঔদ্যোগিক উন্নয়নৰ বাবে এই অঞ্চলত আদর্শ অবস্থা আছে। এই অঞ্চলত বিকাশ ঘটা কেইটামান মুখ্য উদ্যোগ হ’ল জাহাজ নির্মাণ, বস্ত্র উদ্যোগ, ৰাসায়নিক পার্থক্য, লো আৰু তীখা আদি। ইয়াত ২৫ খনতকৈ অধিক সৰু-বৰ নগৰ আছে। এই নগৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে টকিঅ’ আৰু ইয়োকো। জাপানব ঔদ্যোগিক উৎপাদনৰ ৩০% তকৈ অধিক এই অঞ্চলৰ পৰা আহে। ইয়াত জলবিদ্যুৎ শক্তি উৎপাদিত হয়।

(খ) ওছাকা-কোবে-কিওটো উদ্যোগ অঞ্চল:

এই মণ্ডলটো ওছাকা উপসাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত। ই কিল্কি সমভূমিক আগুৰি আছে বাবে ইয়াক কিল্কি অঞ্চলো বোলা হয়। ইয়াত ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত সমল যোগোৱা মুখ্য কাৰকসমূহ হৈছে:সু-গঠিত পৰিবহণ তথা যাতায়তৰ সুবিধা, জল-পৰিবহণৰ সুবিধা, আন্তঃগাঁথনিক সুবিধাৰ সহজলভ্যতা আদি। লো আৰু তীখা উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, খনিজ উদ্যোগ আদি এই অঞ্চলৰ প্ৰধান উদ্যোগ। এই অঞ্চলৰ উল্লেখনীয় নগৰসমূহ হ’ল ওছাকা, কোবে আৰু কিওটো। ওছাকা ৰেচম আৰু কপাহ উৎপাদনৰ বাবে বিখ্যাত।

(গ) নাগোয়া ঔদ্যোগিক অঞ্চল:

এই ঔদ্যোগিক অঞ্চল হন্‌দু দ্বীপৰ পূৱ উপকূলত টকিঅ’-ইয়োকোহামা ঔদ্যোগিক অঞ্চল আৰু ওছাকা-কোবে-কিও টো ঔদ্যোগিক অঞ্চলৰ মাজত অৱস্থিত। এই অঞ্চলটো পাট, উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। মটৰ নিৰ্মাণ উদ্যোগৰ বাবেও ই বিখ্যাত।

(ঘ) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল: এই অঞ্চল কিউছিউ দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। ইয়াত উদ্যোগ বিকাশৰ প্ৰধান কাৰণ হ’ল কয়লা তথা আন খনিজ পদাৰ্থৰ প্ৰাচুৰ্য। চিমেণ্ট, যন্ত্র নির্মাণ, জাহাজ নির্মাণ, লো আৰু তীখা আদি এই অঞ্চলৰ প্ৰধান উদ্যোগ। য়াৱাটা, নাগাচাকি আৰু ছিমনোছেকি এই অঞ্চলৰ মুখ্য ঔদ্যোগিক কেন্দ্র।

১০। চমুটোকা লিখা।

(ক) জাপানৰ দ্বীপসমূহ

(খ) হ’কাইডো অঞ্চলৰ ভূ-প্রকৃতি

(গ) জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন

(ঘ) জাপানৰ বেদিকা কৃষি

(ঙ) টকিঅ’-ইয়োকোহামা উদ্যোগ অঞ্চল

(চ) জাপানৰ উপকূল অঞ্চল

(ছ) জাপানৰ হন্‌দু দ্বীপ অঞ্চল

(জ) জাপানৰ খনিজ সম্পদ

উত্তৰঃ

(ক) জাপানৰ দ্বীপসমূহঃ

জাপান এছিয়া মহাদেশৰ পূব প্ৰান্তত অৱস্থিত। প্রশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান দেশ। হ’কাইডো, হনছু, চিক’কু আৰু কিউছিউ— এই চাৰিটা প্রধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জেৰে জাপান গঠিত। ইয়াৰ দ্বীপসমূহৰ ভিতৰত হছুৱেই জাপানৰ বৃহত্তম দ্বীপ ǀ উল্লেখযোগ্য যে দেশখনৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে।নবীন ভংগিল পর্বতেৰে গঠিত জাপান দ্বীপপুঞ্জৰ ভূ-তাত্ত্বিক গাঁথনি অতি জটিল। ই এতিয়াও অস্থিৰ অৱস্থাতে আছে।জাপানৰ দ্বীপসমূহৰ প্ৰতিকূল পৰিবেশক নেওচি ইয়াৰ অধিবাসীসকলে খেতিবাতি আৰু উদ্যোগীকৰণৰ জৰিয়তে দেশখনক বিশ্ববাসীৰ ওচৰত উজলাই ৰাখিছে ǀ

(খ) হ’কাইডো অঞ্চলৰ ভূ-প্রকৃতি:

জাপানৰ উত্তৰ অংশত অৱস্থিত হ’কাইডো দ্বীপ এই অঞ্চলৰ অন্তৰ্ভুক্ত। ইয়াৰ ভূ-প্রকৃতি পৰ্বত, পাহাৰ, উপত্যকা আৰু কিছু সমভূমিৰে গঠিত। এই অঞ্চল পার্বত্য প্ৰকৃতিৰ বাবে ই ঔদ্যোগিক তথা কৃষিৰ ক্ষেত্ৰত অগ্রগতি অৰ্জন কৰিব পৰা নাই। হ’কাইডো পর্বতমালা এই অঞ্চলৰ মধ্য ভাগত অৱস্থিত। এই অঞ্চলত থকা সমান্তৰাল পৰ্বতমালাৰ মাজভাগত কিছুমান পলসুৱা নিম্নভূমি পোৱা যায়। এই অঞ্চলৰ কিছুমান প্রধান সমভূমি হ’ল ইছিকাৰি ইউফুট্‌ছ, টকাছি-কমভূমিখণ্ড, কনছেন সমভূমি আদি। এই অঞ্চলৰ কিছুমান প্রধান চহৰ হ’ল চাপৰো, কুচিৰো, মুৰ’ৰণ, আচাহিগাৱা, হাকোডাটে আদি। ইয়াৰ নগৰ-চহৰ সমূহ হন্‌দু দ্বীপৰ তুলনাত সৰু।

(গ) জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন:

জাপানৰ ভৌগোলিক পৰিবেশ উদ্যোগীকৰণৰ অনুকূল নহয় ǀ কিছুমান সীমিত অঞ্চলত উদ্যোগীকৰণ সীমাবদ্ধ হৈ আছে ǀ জাপানৰ ঔদ্যোগিক অঞ্চলবোৰক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ǀ সেইকেইটা হৈছে- (১) টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চল (২) ওছাকা-কোবে কিওটো উদ্যোগ অঞ্চল (৩) নাগোয়া উদ্যোগ অঞ্চল (৪) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল

খনিজ সম্পদৰ অভাৱ আৰু উদ্ঘাটনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সা-সামগ্ৰী দেশখনে অন্য দেশৰ পৰা আমদানি কৰে টকিঅ’ ইয়োকোহামা উদ্যোগ অঞ্চলত লো-তীখাৰ উদ্যোগ উদ্যোগকে ধৰি, জাহাজ নির্মাণ উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ আৰু যন্ত্রপাতি প্রস্তুতকাৰী উদ্যোগ আছে ǀদেশৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে ǀওছাকা আৰু কিওটা পৰম্পৰাগতভাৱেই বয়ন আৰু হস্তশিল্পৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰখ্যাত। ওছাকাত থকা কপাহী বয়নশিল্প, পাট আৰু ৰেচম। শিল্পৰ বিশেষ সুনাম আছে।নাগোয়া উদ্যোগ অঞ্চল পাট, উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। সম্প্রতি অঞ্চলটো । গাড়ী-মটৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষভাৱে আগবাঢ়িছে। এই উদ্যোগ অঞ্চলটোক জাপানৰ ডেট্রইট’ বুলি জনা যায়। উত্তৰ কিউছিউ উদ্যোগ অঞ্চলটো লো-তীখাভিত্তিক বৃহৎ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ।জাপানৰ মুঠ ৰপ্তানি দ্ৰব্যৰ ৮১ শতাংশই মজলীয়া আৰু উচ্চ প্ৰযুক্তিৰ জৰিয়তে উৎপাদিত হয় ǀ বৰ্তমান জাপান অৰ্থনেতিক ভাৱে বিশ্বৰ ভিতৰতে এখন সবল ৰাষ্ট্ৰ ǀ মানৱ সম্পদে দেশত উপলব্ধ সম্পদসমূহৰ সৰ্বোকৃষ্ট ব্যৱহাৰৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়া তৰান্বিত কৰি অৰ্থনীতিলৈ বৃহৎ বৰঙণি আগবঢ়াই আহিছে ǀউদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্হান পৃথিৱীৰ ভিতৰত দ্বিতীয় ǀ জাপানৰ বাৰ্ষিক জনমুৰি আয় ৩৩,০০০ ডলাৰ ǀ দেশৰ মুঠ উৎপাদনৰ ৪০শতাংশ উদ্যোগ খণ্ডৰ পৰা আহে ǀ

(ঘ) জাপানৰ বেদিকা কৃষি:

জাপান ঘাইকৈ এখন পৰ্বতীয়া দেশ। ইয়াৰ মুঠ মাটিকালিৰ ৭৫% তকৈ অধিক অংশ পার্বত্য প্ৰকৃতিৰ। ফলত জাপানত বেদিকা কৃষি পদ্ধতি অবলম্বন কৰিবলগীয়া হয়। এই কৃষি পদ্ধতিত পাহাৰৰ এঢলীয়া মাটিত খাপ কাটি কৰা হয় যাতে মাটি খহি নাযায়। পানী যোগান ধৰিবলৈ কাষত এটা বেলেগ নলা কাটি দিয়া হয়। জাপানৰ কৃষিৰ মূল শস্য ধান আৰু চাহপাত। এই শস্য দুবিধৰ খেতি বেদিকা পদ্ধতিৰে কৰা হয়। জাপানীসকলে পাহাৰৰ ঢালত আৰু পৰ্বতৰ পাদভূমিত ধানখেতি কৰিব পৰাকৈ এবিধ পদ্ধতি উন্নত কৰিছে। এই পদ্ধতি গোটেই পৃথিৱীতে বিখ্যাত হৈছে। জাপানে মূলতঃ সেউজীয়া চাহপাত উৎপাদন কৰে। মধ্য আৰু দক্ষিণ হন্‌হু দ্বীপৰ পাৰ্বত্য অঞ্চলৰ পূৱ আৰু পশ্চিম ঢালত ঘাইকৈ চাহখেতি কৰা হয়।

(ঙ) টকিঅ’ইয়োকোহামা উদ্যোগ অঞ্চল:

এই উদ্যোগ অঞ্চলটোৱে হনছু দ্বীপৰ টকিঅ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে। এই অঞ্চলটো কাণ্টো সমভূমিত অৱস্থিত হোৱাৰ কাৰণে উদ্যোগ প্রতিষ্ঠাৰ বাবে বিশেষ উপযোগী। অঞ্চলটোত লো-তীখাৰ উদ্যোগ উদ্যোগকে ধৰি, জাহাজ নির্মাণ উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, বয়ন উদ্যোগ আৰু যন্ত্রপাতি প্রস্তুতকাৰী উদ্যোগ আছে ǀ বৃহৎ মহানগৰী ট’কিঅ’ আৰু ইয়োকোহামাৰ উপৰি অঞ্চলটোত ২৫ খনৰো অধিক সৰু-বৰ নগৰ আছে। এই নগৰ-মহানগৰবোৰত বিভিন্ন ধৰণৰ শিল্প-উদ্যোগ কেন্দ্রীভূত হৈ আছে। দেশৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে ǀ এই অঞ্চলটোত বহুতো জলবিদ্যুত উৎপাদন কেন্দ্ৰও আছে ǀ

(চ) জাপানৰ উপকূল অঞ্চল:

জাপান মুঠতে চাৰিটা মুখ্য দ্বীপ আৰু বহুতো সৰু সৰু দ্বীপেৰে গঠিত। সেয়ে, ইয়াৰ উপকূলীয় অঞ্চল বিশাল। যদি আমি জাপানৰ উদ্যোগ আৰু অৰ্থনীতিৰ ওপৰত চকু ফুৰাও, আমি দেখিবলৈ পাম যে এই দুই ক্ষেত্রত উন্নয়ন আনিবলৈ জাপানৰ উপকূলীয় অঞ্চলসমূহে যথেষ্ট সহায় কৰিছে।

(ক) বিস্তৃত উপকূলীয় অঞ্চল থকা হেতুকে জাপান পৃথিৱীৰ এখন আগশাৰীৰ মৎস্য উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।

(খ) জাপানৰ উপকূলীয় অঞ্চলসমূহ ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰত পৰিণত হৈছে।

দৰাচলতে, জাপানৰ ভালেমান উদ্যোগ উপকূলীয় অঞ্চলত অৱস্থিত। ইয়াৰ চাৰিটাৰ ভিতৰত তিনিটা ঔদ্যোগিক ক্ষেত্র টকিঅ’-ইয়োকোহামা, নাগোয়া আৰু ওছাকা-কোবে-কিওটো উপকূলীয় অঞ্চলত অৱস্থিত।এই অঞ্চলসমূহ উন্নত হৈছে মূলতঃ বাহিৰৰ পৰা ইয়ালৈ সম্পদ আনিব পৰা সুবিধা তথা উৎপাদিত সামগ্ৰী বাহিৰলৈ ৰপ্তানি কৰাৰ সুবিধা থকাৰ বাবে।

(ছ) জাপানৰ হন্‌দু দ্বীপ অঞ্চল:

জাপান হ’কাইডো, হন্ডু, চিকোকু, কিউছিউ নামেৰে চাৰিটা মুখ্য দ্বীপ তথা বহুতো সৰু দ্বীপেৰে গঠিত। এই চাৰিওটাৰ ভিতৰত হন্‌দু সবাতোকৈ বৃহৎ। বহুসংখ্যক জাপানী জনসংখ্যা তথা জাপানী উদ্যোগ এই দ্বীপত অৱস্থিত। এই দ্বীপৰ পশ্চিমফালে বহুতো ভংগিল পর্বতশ্রেণী আছে। আও আৰু উদ্বু নামেৰে দুখন সমান্তৰাল পৰ্বতমালাও আছে। এই দ্বীপৰ মধ্যভাগত হন্‌দু পর্বত আৰু ছিচিটো মেৰিয়ানা পৰ্বতমালা আছে। এই পৰ্বতমালাৰ উচ্চতম পর্বতভাগক হিদা পর্বত বোলা হয়। জাপানীসকলৰ পৱিত্ৰ পর্বত ‘মাউন্ট ফুজি’ এই দ্বীপত অৱস্থিত। কোৱান্ট’ আৰু নাবি এই অঞ্চলৰ দুটা প্রধান সমভূমি। ট’ন এই অঞ্চলৰ এখন ঘাই নদী। জাপানৰ ভালেসংখ্যক চহৰ যেনে-টকিঅ’, ইয়োকোহামা, নাগোয়া, ট’য়ামা, ছেন্দাই, আকিটা মাৰিওকা আদি ইয়াত অৱস্থিত।

(জ) জাপানৰ খনিজ সম্পদঃ

জাপানৰ খনিজ সম্পদবোৰ সীমিত পৰিমাণৰ। ইয়াৰ কয়লা ভাণ্ডাৰ যথেষ্ট উন্নত মানৰ নহয় আৰু দেশখনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট নহয়। তদুপৰি, লোৰ ভাণ্ডাৰতো জাপানৰ স্থিতি অতি দুখ লগা। যদিও তাম আৰু গন্ধকৰ ভাণ্ডাৰ সন্তোষজনক, দেশখনে বহুতধৰণৰ খনিজ সামগ্ৰী বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়, যি দেশটোৰ শিল্প বিকাশত অতি প্ৰয়োজনীয়। জাপান বিশেষকৈ লো আৰু পেট্ৰ’লিয়ামৰ ক্ষেত্ৰত দুখীয়া, সেয়া আমদানীত নিৰ্ভৰশীল। তদুপৰি, জাপানে উচ্চ জলপ্ৰবাহ আৰু প্ৰচুৰ বৰষুণৰ বাবে জলবিদ্যুৎ উৎপাদনত লাভ পান।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী ভূগোল অধ্যায় ৫ FAQs
দশম শ্ৰেণী ভূগোল অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
জাপানৰ প্ৰধান দ্বীপসমূহ কিহো?
জাপানৰ ৪টা মূল দ্বীপ হৈছে — হোক্কাইডো, হোনশু, শিকোকু, আৰু কিউশু।
Mount Fuji ক’ত অৱস্থিত?
Mount Fuji জাপানৰ কেন্দ্ৰীয় অঞ্চলত, হোনশু দ্বীপত অৱস্থিত। ইয়াৰ উচ্চতা ৩৭৭৬ মিটাৰ।
জাপানৰ অঞ্চল বিভাগসমূহ কিহো?
জাপানৰ অঞ্চল বিভাগ চাৰি ভাগ—(১) Hokkaido region, (২) Northeast Japan, (৩) Central Japan, (৪) Southwest Japan।
HSLC পরীক্ষাত জাপানৰ আঞ্চলিক ভূগোল কেনেকৈ সহায়ক?
জাপানৰ অঞ্চল, দ্বীপ, শিল্প, কৃষি, মানচিত্ৰ বিশ্লেষণ MCQ ৰূপে HSLC পরীক্ষাত পায়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top