দশম শ্ৰেণী ভূগোল অধ্যায় ৬ – ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোলৰ আটাইবোৰ অনুশীলনীৰ সমাধান | SEBA Board | Assamese Medium
দশম শ্ৰেণী ভূগোল অধ্যায় ৬ – ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল (Solutions | SEBA Board – Assamese Medium)
এই অধ্যায়ত ভাৰতৰ ভৌগোলিক স্থিতি, প্লেট টেকটনিক্স, প্ৰাকৃতিক বিভাগ (হিমালয় অঞ্চল, উত্তৰ সমভূমি, দাক্ষিণাত্য মালভূমি, উপকূলীয় অঞ্চল), নদী ব্যৱস্থা, জলবায়ু, ক্ষয়-প্ৰক্ৰিয়া, কৃষি, জৈৱ বৈচিত্র্য, জনসংখ্যা, শিল্প, পৰিবহন আৰু অঞ্চল বিভাগৰ ওপৰত আলোচনা কৰা হৈছে। ভাৰত বৈচিত্ৰ্যপূর্ণ দেশ, বিষয়ে অঞ্চলভিত্তিক জ্ঞান HSLC SEBA পৰীক্ষাত অতি প্ৰয়োজনীয়। অস্পীন একেডেমীৰ মাধ্যমে এই অধ্যায়ৰ সম্পূর্ণ অনুশীলনী সহজ অসমীয়া ভাষাত উপলব্ধ।
✅ কি শিকিব:
- ভাৰতৰ স্থিতি আৰু অঞ্চল বিভাগ
- হিমালয়, উত্তৰ সমভূমি, মালভূমি, উপকূলীয় অঞ্চল
- ভাৰতৰ নদী, পৰ্বত, মালভূমি, উপকূল, ডাঙৰ আৰু সৰু নদী
- কৃষি, শিল্প, জনসংখ্যা বিভাজন
- প্ৰাকৃতিক সম্পদ, বন্যজীৱ, আৰু পৰিবহন
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SEBA Board Class 10 ভূগোলৰ নতুন পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
- প্ৰতিটো অনুশীলনীৰ অসমীয়া সমাধান
- HSLC পরীক্ষাৰ মানচিত্ৰ, MCQ আৰু ব্যাখ্যাসমূহ
- PDF আকাৰত ডাউনলোড সুবিধা
- ব্যৱহাৰিক উদাহৰণ আৰু মানচিত্ৰ বিশ্লেষণ
Class 10 Geography (ভূগোল) SEBA 2025 | Assamese Medium HSLC Solutions PDF
Special HSLC 2025 Edition!
(For SEBA Class 10 Geography, Assamese Medium)
Get the complete Class 10 Geography (ভূগোল) Assamese Medium chapter-wise PDF solutions.
Includes maps, diagrams, key explanations, definitions, and exam-focused answers as per SEBA HSLC 2025 syllabus.
Perfect for home study, revision, and quick exam prep!
দশম শ্ৰেণী : ভূগোল
অধ্যায়-6 অস্পিন একাডেমী
ভাৰতৰ আঞ্চলিক ভূগোল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ ভাৰতবৰ্ষ এছিয়াৰ এখন শীৰ্ষস্থানীয় দেশ, যি উত্তৰ গোলার্ধত অৱস্থিত। ই এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ। ভাৰতৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ ভূ-প্রকৃতি, জাতি, সংস্কৃতি, ভাষা, ধর্ম, সামাজিক পৰম্পৰা, বেশভূষা, খাদ্যাভ্যাস আদিৰ ক্ষেত্রত থকা বৈচিত্র্যতা। ভাৰতৰ উত্তৰফালে অতিথ শীতল হিমালয় পৰ্বতমালা আৰু দক্ষিণত ৰাজস্থানৰ মৰুভূমি আছে। দেশৰ বহু অংশত সঘনাই বানপানী হোৱাৰ লগতে আন কিছু অংশত খৰাঙৰ বাবে হাহাকাৰ হয়। উত্তৰ ভাৰত নাতিশীতোষ্ণ জলবায়ুক অন্তৰ্ভুক্ত, যেতিয়া দক্ষিণ ভাৰত ক্রান্তীয় জলবায়ুৰ অংশ। ভাৰতত উচ্চ পৰ্বত, শিখৰ, বিস্তৃত সমভূমি আৰু মালভূমি মিশ্ৰিত। ইয়াৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য যথেষ্ট বহুমুখী। ভাৰতীয়সকল বিভিন্ন প্রজাতিৰ অন্তর্ভুক্ত যেনে অস্ট্র’এছীয়, মংগোলীয়, আৰ্য আৰু দ্রাবিড়। হিন্দু, ইছলাম, খ্রীষ্টান, বৌদ্ধ, শিখ, জৈন আদি ভিন্ন ধৰ্মাৱলম্বীৰ লোকে দেশখনক উজ্জীৱিত কৰিছে। এনেবোৰ বৈচিত্র্যৰ মাজতো দেশখনত ৰাষ্ট্ৰীয় ঐক্য দেখা যায়। এই ঐক্য আনিছে সাধাৰণ প্রাকৃতিক ভূ-খণ্ড, মৌচুমী জলবায়ু, আধুনিক যাতায়ত আৰু পৰিবহণ ব্যবস্থা, বেপাৰ-বাণিজ্য, দেশব স্বাধীনতা আন্দোলন আৰু শেহতীয়াকৈ গঢ় লৈ উঠা ঐক্যবদ্ধ প্রশাসনে।
২। ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা।
উত্তৰঃ ভাৰত এছিয়া মহাদেশৰ দক্ষিণ প্রান্তত অৱস্থিত। ভাৰতবৰ্ষক উত্তৰে চীন আৰু হিমালয় পর্বতমালা, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা, পূবে বংগোপ সাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰব সাগৰ আৰু পাকিস্তানে আৱৰি আছে।
ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূবা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈ বিস্তৃত। ভাৰতবৰ্ষ ৮০৪ ‘২৮” উত্তৰ আৰু ৩৭°১৭′৫৩” উত্তৰ অক্ষৰেখা আৰু ৬৮০৭’ ৩৩’ পূব আৰু ৯৭°২৪′৪৭’ পূব দ্রাঘিমাংশৰ মাজত অবস্থিত। কর্কটক্রান্তি বেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰিছে। উত্তৰ অংশ নাতিশীতোষ্ণ জলবায়ু মণ্ডল আৰু দক্ষিণ ভাগ ক্রান্তীয় জলবায়ু মণ্ডলৰ অন্তৰ্গত। উত্তৰা-দক্ষিণাকৈ ইয়াৰ দৈর্ঘ্য ৩,২১৪ কিঃ মিঃ আৰু পূবা-পশ্চিমাকৈ দৈর্ঘ্য প্রায় ২,৯৩৩ কিঃমিঃ। ইয়াৰ উপকূলৰেখাৰ মুঠ দৈর্ঘ্য ৬,১০০ কিঃমিঃ আৰু স্থলসীমাৰ মুঠ দৈর্ঘ্য ১৫,২০০ কিঃমিঃৰ অধিক।
পাকিস্তান, বাংলাদেশ, চীন, নেপাল, ভুটান আৰু ম্যানমাৰৰ সৈতে ভাৰতৰ উমৈহতীয়া সীমান্ত আছে। ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি ৩২,৮৭,২৬৩ বর্গ কিঃমিঃ যিয়ে ইয়াক পৃথিৱীৰ সপ্তম বৃহত্তম দেশ হিচাপে পৰিগণিত কৰিছে। ভাৰতে পৃথিৱীৰ মুঠ ভূ-খণ্ডৰ মাত্র ২.২% হে অধিকাৰ কৰিছে। ২৮ খন বাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চলেৰে গঠিত ভাৰত এখন সর্ববৃহৎ গণতান্ত্রিক দেশ।
৩। ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ ভাৰতত বহুতো ভূ-প্রাকৃতিক বৈচিত্র্যতা দেখা যায়। ভাৰতৰ প্ৰধান ভূ-প্রকৃতি পৰ্বত, পাহাৰ, নদী, উপত্যকা, সমভূমি, মালভূমি আদিৰে গঠিত। ভাৰতৰ সৰ্বমুঠ কালিৰ ১০.৭% পর্বতে, ১৮.৬% পাহাৰ আৰু টিলা, ২৭.৭% মালভূমি আৰু ৪৩.৩% সমভূমিয়ে আৱৰি আছে। এই ভূ-প্রাকৃতিক বৈশিষ্ট্যৰ ভিত্তিত ভাৰতক চাৰিটা ভূ-প্রাকৃতিক ভাগত ভাগ কৰিব পাৰিঃ
(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চলঃ হিমালয় পৃথিৱীৰ সর্বোচ্চ পর্বত। এই পৰ্বৰ্তৰ বহুতো ঠাল-ঠেঙুলি আছে। ভাৰতৰ হিমালয় পার্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বৰ্তৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমা পর্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্রায় ২,৫০০ কিল’মিটাৰ দীঘল আৰু প্রায় ২৪০ কি.মি.ৰ পৰা ৫০০ কিলমিটাৰ পর্যন্ত বহল এই পার্বত্য । অঞ্চলটোৱে প্রায় ৫,০০,০০০ বর্গ কিল’মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।
হিমালয় পর্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্রাপ্ত হোৱা কোমল শিলাৰে গঠিত। সেয়েহে ইয়াৰ পৰা ওলোৱা নদ-নদীবিলাকে অধিক পৰিমাণৰ গেদ কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায়। বেছিভাগ তুষাৰ নৈৰ দৈর্ঘ্য ৩-৫ কিল’মিটাৰৰ ভিতৰত । এই তুষাৰ নৈবোৰেই হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ-নদীবিলাকৰ পানীৰ প্রধান উৎস।
পূর্ব-পশ্চিমাকৈ প্রায় সমান্তৰালভাৱে হিমালয় পর্বতমালাক তিনিটা। শাৰীত বিভক্ত কৰিব পাৰি, যেনে- উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় । ইয়াৰে উচ্চ হিমালয় শ্রেণীটো একেবাৰে উত্তৰ অংশত পূর্ব- পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পর্বতশ্রেণীৰ উচ্চতা গড়ে প্রায় ৬,০০০ মিটাৰ। ই অতি থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্রমে কমি গৈ। অৱশেষত চীনদেশৰ তিব্বত মালভূমিৰ লগত মিলিত হৈছে। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পর্বতশ্রেণীটোৱেই হৈছে নিম্ন হিমালয়। ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিল’মিটাৰ। এই নিম্ন হিমালয় পর্বতশ্রেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহিঃ হিমালয়। এই পর্বতশ্রেণী তুলনামূলকভাৱে চাপৰ আৰু ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ। ই দক্ষিণৰফালে ক্রমশঃ চাপৰ হৈ গঙ্গা-ব্রহ্মপুত্র সমভূমিৰ লগত মিলিছে। প্রায় ১৫ কিল’মিটাৰৰ পৰা ৫০ কিল’মিটাৰ পর্যন্ত বহল এই বহিঃ হিমালয় পর্বত শ্ৰেণীয়ে হিমালয়ৰ নামনি অঞ্চলকো সামৰি লৈছে ǀ
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃ উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২,৪০০ কিল’মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলমিটাৰ আগুৰি আছে।
প্ৰকৃততে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি। পঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে (অঞ্চলটোৰ প্ৰধান নৈ কেইখন হৈছে শতদ্রু ,বিপাশা,আৰু ৰাবি নদী) । গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমতলভূমিক লৈ গংগা সমভূমি গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ-নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছে। সেইদৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ভালেসংখ্যক উপনৈয়ে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চলঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি। ই আকৃতিত ত্রিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালরা মালভূমি আৰু বিন্ধ্য পর্বত আৰু উত্তৰ- পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ। এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পর্যন্ত বিস্তৃত। দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূর্ব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী। দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পর্বতৰ ফালে ক্রমে ওখ আৰু পূর্বঘাট পৰ্বতৰফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্রায় আটাইবোৰ নদীয়ে পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে।। এই নদীবিলাকৰ ভিতৰত মহানদী, গোদাবৰী,কৃষ্ণা, পেনাৰ আৰু কাবেৰীয়েই প্রধান। অৱশ্যে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূব ৰ পৰা পশ্চিমলৈ ঢালখোৱা আৰু এই অঞ্চলৰ দুখন নদী নৰ্মদা আৰু তাপ্তী কাম্বে উপসাগৰত গৈ পৰিছেগৈ ǀ
(ঘ) উপকূল অঞ্চলঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। পূর্ব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। প্রায় ১,১০০ কিল’মিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে ১২০ কিল’মিটাৰ বহল। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত। সেয়েহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিল্কা, কোলাৰ আৰু পলিকট নামে তিনিটা হ্রদ আছে। পূর্ব উপকূলটোৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা বেলেগ বেলেগ নামেৰে পৰিচিত। গোদাবৰী নদীৰ মোহনাৰ পৰা গংগা নদীৰ মোহনালৈকে ইয়াৰ উত্তৰৰ অংশটো ‘উত্তৰ চৰকাৰ উপকূল’ আৰু গোদাবৰীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। দক্ষিণৰ অংশটো কৰমণ্ডল উপকূল’ নামে জনাজাত।
৪। ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া।
উত্তৰঃ ভূ-প্রাকৃতিক বৈশিষ্ট্যৰ ভিত্তিত ভাৰতক চাৰিটা ভূ-প্রাকৃতিক ভাগত ভগাব পাৰিঃ
(ক) উত্তৰৰ হিমালয় পর্বতমালা: ভাৰতৰ হিমালয় অঞ্চল উত্তৰ ভাৰতত অৱস্থিত আৰু ই কাশ্মীৰৰ নংগা পৰ্বতৰ পৰা পূবৰ অৰুণাচল প্রদেশলৈ ২,৫০০ কিঃমিঃ দৈর্ঘ্যলৈ বিস্তৃত। ই প্রায় ২৪০ কিঃমিঃ-ৰ পৰা ৫০০ কিঃমিঃ বহল। হিমালয় অঞ্চলৰ মুঠ মাটিকালি ৫,০০,০০০ বর্গ কিঃমিঃ। সাগৰ পৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা ৮০০০ মিটাৰতকৈ অধিক। হিমালয় পর্বতমালা টাৰচিয়েবি যুগত সৃষ্টি হৈছিল আৰু এই পর্বতমালা ৭ নিযুত বছৰ পৰ্বত গঠনকাৰী প্ৰক্ৰিয়াৰ ফলত গঠন হৈছে। পূবৰ পৰা পশ্চিমলৈ উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় নামেৰে বিস্তৃত তিনিখন সমান্তৰাল পর্বতশ্রেণীবে হিমালয় পর্বত গঠিত। এই তিনিখন পর্বতশ্রেণীৰ ভিতৰত উচ্চ হিমালয়ৰ গড় উচ্চতা প্রায় ৬,০০০ মিটাৰ। উচ্চ হিমালয়ৰ ঠিক দক্ষিণত নিম্ন হিমালয় অবস্থিত। ইয়াৰ উচ্চতা গড় উচ্চতা ৪,০০০ মিটাৰ। ইয়াৰ প্ৰস্থ ৬০-৮০ কিঃমিঃৰ ভিতৰত। নিম্ন হিমালয়ৰ সংলগ্ন পর্বতমালা হ’ল বহিঃ হিমালয়। এই পর্বতমালাৰ গড় উচ্চতা ১,০০০ মিটাৰ।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল: উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হিচাপে জনা যায়। পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিল’মিটাৰলৈকে এই সমভূমি বিস্তৃত হৈ আছে। সিন্ধু-গংগা সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিল’মিটাৰৰ পৰা ৩২০ কিল’মিটাৰ পৰ্যন্ত যদিও ব্ৰহ্মপুত্ৰ সমভূমিৰ প্ৰস্থ গড়ে মাত্র ৮০ কিল’মিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিল’মিটাৰ আগুৰি আছে। এই বৃহৎ সমভূমি সিন্ধু-গংগা-ব্রহ্মপুত্র সমভূমি নামে জনাজাত। উত্তৰ ভাৰতৰ সমভূমিক পাঁচ ভাগত বিভক্ত কৰিব পাৰিঃ
(ক) পশ্চিম সমভূমি;
(খ) পঞ্জাৱ-হাৰিয়ানা সমভূমি;
(গ) গংগা সমভূমি;
(ঘ) উত্তৰ বংগ সমভূমি;
(ঙ) ব্রহ্মপুত্র সমভূমি।
সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্র প্রধান নদীকেইখনে আৰু সিহঁতৰ উপনৈবোৰে একেলগে এই বৃহৎ সমভূমি গঠন কৰিছে। এই নদীকেইখনৰ মাজৰ আটাইতকৈ গুৰুত্বপূর্ণ নদী গংগা উচ্চ হিমালয়ৰ গংগোত্রী হিমবাহৰ পৰা উৎপত্তি হৈছে; ব্ৰহ্মপুত্ৰ চীনৰ তিব্বত মালভূমিৰ চেমা-য়ু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। গংগাৰ উল্লেখযোগ্য উপনৈবোৰ হ’ল অলকানন্দা, যমুনা, বামগংগা, গোমতি, ঘাগৰা, গণ্ডক, সোণ, কুশী আদি। ব্ৰহ্মপুত্ৰৰ প্রধান উপনৈবোৰ হ’ল সোবণশিৰি, জীয়াভবলী, উত্তৰ ধনশ্রী, দক্ষিণ ধনশ্রী, পুঠিমাৰী, মানাহ, বুঢ়ীদিহিং, দিচাং, দিখৌ, কপিলী, কৃষ্ণাই আদি।সিন্ধু নদীৰ প্রধান উপনৈবোৰ হ’ল শতদ্রু, বিপাশা আৰু বাবি নদী। মধ্য সমভূমিব পশ্চিমলৈ থৰ মৰুভূমি নামে এখন সৰু মৰুভূমি আছে। গোটেই সমভূমি অঞ্চলটো অতি সাৰুৱা আৰু কৃষিৰ বাবে অতিকৈ উপযোগী সেয়ে, অঞ্চলটোৰ জনবসতি ঘন।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চলঃ দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতীয় সমভূমিব দক্ষিণত অৱস্থিত। মালভূমিখন অধিকতৰ পুৰণি কঠিন শিলেৰে গঠিত। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে গোটেই অঞ্চলটোক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে। উত্তৰ অংশটো কম পৰিসৰৰ আৰু অধিকতৰ মালৱা আৰু ছোটানাগপুৰ মালভূমিৰে গঠিত। দক্ষিণৰ অংশটো ডাঙৰ আৰু এই অংশটো সাতপুবা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণৰ কুমাৰিকালৈ বিস্তৃত হৈ আছে।
দাক্ষিণাত্য মালভূমি পশ্চিমৰ পৰা পূবলৈ ঢালখোৱা আৰু সেয়ে মহানদী, গোদাবৰী, কৃষ্ণা, পেনাৰ আৰু কাবেৰী আদি বেছিভাগ নদীয়েই পূবলৈ গৈ বংগোপসাগৰত পৰিছে। নর্মদা আৰু তাপ্তী নামৰ মুখ্য নদী দুখন পশ্চিমলৈ বৈ গৈ কাম্বে উপসাগৰত পৰিছে।
(ঘ) উপকূল অঞ্চল: ভাৰতৰ পূব আৰু পশ্চিম উপকূলত এশাৰী উপকূলীয় অঞ্চল আছে। পশ্চিমঘাট আৰু আৰব সাগৰৰ মাজত অৱস্থিত ঠেক এই শাৰী উপকূলভূমিক পশ্চিম উপকূলীয় সমভূমি বোলে। ইয়াৰ উত্তৰ অংশক কংকন উপকূল আৰু মালাৱাৰ উপকূল বোলে। পূবঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিত অঞ্চলক পূব উপকূলীয় সমভূমি বোলে। এই উপকূলৰ দক্ষিণ অংশক কৰমণ্ডল উপকূল আৰু উত্তৰ অংশক উত্তৰ চৰকাৰ উপকূল বোলে। পূব উপকূলীয় অঞ্চলটো গোদাবৰী, মহানদী, কৃষ্ণা আৰু কাবেৰী নদীৰ পানীৰে পূৰ্ণ হৈ থাকে। ই পশ্চিম উপকূলীয় সমভূমিৰ দৰে সাৰুৱা নহয়। এই অঞ্চলৰ নদীবোৰত ব-দ্বীপ আছে।
৫। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।
উত্তৰঃ ভাৰতবর্ষ এখন বিশাল দেশ। ইয়াৰ ভূ-প্রকৃতিও ভিন ভিন। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্রধান উপাদন, যেনে— উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আদ্রর্তাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্রকাৰৰ জলবায়ু অনুভূত হয়। প্রধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব (অক্ষাংশ) বিভিন্ন ভূ-প্রকৃতি, উচ্চতাৰ পার্থক্য, সাগৰৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নির্ভৰ কৰে।
অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ুও বেলেগ বেলেগ হয়। ভাৰতৰ প্রায় সোঁমাজেদি যোৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি। ভাৰতৰ ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ- প্রকৃতিৰে গঠিত। এনে ভূ-প্রকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পার্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আদ্রর্তাৰ পৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পার্থক্যৰ বাবেই আগ্রা আৰু দার্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্রভেদ দেখা যায়। আনহাতে, হিমালয় পর্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ’ব লাগিছিল সিমান শীতল নহয়। আকৌ দক্ষিণ ভাৰত যদিও গ্রীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ ভূ-প্রকৃতি মালভূমিয়ে নির্ধাৰণ। কৰাৰ কাৰণে জলবায়ু কিছু পৰিমাণে মৃদু।
৬। মৌচুমী বায়ুয়ে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়-ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ জলবায়ুৰ এটা অনন্য বৈশিষ্ট্য হ’ল মৌচুমী বায়ুৰ প্রভাৱ। সেয়ে ইয়াক
ভাৰতৰ জলবায়ু নিৰ্দেশকাৰী এক গুৰুত্বপূৰ্ণ কাৰক বুলি গণ্য কৰা হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহে গ্রীষ্মকালত বৰষুণ আনে। গ্রীষ্মকালত এই বতাহ আৰব সাগৰৰ পৰা ভাৰত উপমহাদেশলৈ বয়। সাগৰৰ ওপৰেৰে বলা বাবে এই বতাহে বহু পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। দেশৰ পশ্চিমত অৱস্থিত পশ্চিমঘাট পর্বতত খুন্দা খোৱাৰ বাবে এই বতাহ ওপৰলৈ উঠে, ঘনীভূত হয় আৰু পশ্চিম উপকূল অঞ্চলত বৰষুণ হৈ পৰে। সেয়ে কংকন আৰু মালাবাৰ উপকূলত বছৰি ৩০০ ছেঃ মিঃ ৰ অধিক বৃষ্টিপাত হয়। পশ্চিমঘাট পাৰ হোৱাৰ পিছত এই বতাহ বংগ উপসাগৰে অসম আৰু উত্তৰ-পূবলৈ আহে। ইয়াত কোনো পর্বত নথকা বাবেই পোনে পোনে মেঘালয় মালভূমিলৈ যায়; ইয়াত ই ওপৰলৈ উঠে আৰু ঘনীভূত হয়। মেঘালয়ৰ চেৰাপুঞ্জীত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত (বছৰি ১২৫০ ছেঃমিঃ) হয়। ইয়াৰ পিছত এই বতাহ মেঘালয় পাৰ হয় আৰু প্ৰচুৰ বৃষ্টিপাত লৈ অসম আৰু চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰে। পিছত ই উত্তৰলৈ গতি কৰে আৰু হিমালয়ৰ পাদদেশত বাধা পায়। সেয়ে, এই অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়।
শীতকালত উত্তৰ-পূব মৌচুমী বতাহ মধ্য এছিয়াৰ পৰা পৰ্বতৰ ফাঁকেৰে আহি ভাৰতত প্ৰৱেশ কৰে। এই বতাহ শুকান আৰু ঠাণ্ডা হোৱা বাবে উত্তৰ পূৰ ৰাজ্যসমূহত বৰষুণ নহয়। এই বতাহ দক্ষিণৰ বংগোপসাগৰৰ ওপৰেৰে গতি কথা বাবে কিছু পৰিমাণে জলীয় বাষ্প কঢ়িয়াই নিয়াৰ ফলত কৰমণ্ডল উপকূলত বৃষ্টিপাত হয়।
৭। কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায়? চিত্র আঁকি উল্লেখ কৰা।
উত্তৰঃ ভাৰতত তলত দিয়া ধৰণৰ উদ্ভিদসমূহ পোৱা যায় ǀ
1) চিৰসেউজীয়া উদ্ভিদ 2) মৌচুমীয় উদ্ভিদ
3) কাইটীয়া মৰু উদ্ভিদ 4) তৃৰ্ণজাতীয় উদ্ভিদ
5) ব দ্বীপীয় উদ্ভিদ 6) পাৰ্বত্য উদ্ভিদ
৮। ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি : চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয়, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পার্বত্য উদ্ভিদ।
চিৰসেউজীয়া উদ্ভিদঃ
যি অঞ্চলত বার্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু বার্ষিক গড় উত্তাপ ২৫° চেঃ ৰ পৰা ২৭° চেঃ, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। চিৰ সেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক ৪৫ মিটাৰ পর্যন্ত ওখ হয়। ওখ গছৰ উপৰি, বেত, বাঁহ, টেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। পশ্চিমঘাট পর্বৰ্তৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনিভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পার্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।
মৌচুমীয় উদ্ভিদঃ
মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পােৱা যায়। বার্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্রায় ২০ চেঃ উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপাে কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, শিশু, অর্জুন, শিমলু আৰু বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট পর্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায় ǀ
ব-দ্বীপীয় উদ্ভিদঃ
এইবিধ উদ্ভিদ প্রধানকৈ সমুদ্রৰ তীৰভূমিৰ ব-দ্বীপ অঞ্চলত পোৱা যায়। সাগৰৰ পানীৰ লৱণতা সত্ত্বেও জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবেই উপকূল অঞ্চলৰ ঠাইবিশেষে এই উদ্ভিদ জন্মে। সাধাৰণতে মেনগ্রভ বোলা এই উদ্ভিদ প্রধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত, গংগা ব্ৰহ্মপুত্ৰৰ ব-দ্বীপ অর্থাৎ সুন্দৰবনত আৰু মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত। পোৱা যায়। ব-দ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী, তাল আৰু নাৰিকল আদি গছেই প্রধান।
কাঁইটীয়া মৰু উদ্ভিদঃ
সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্রায় অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে। এনে অঞ্চলত উত্তাপ বেছি আৰু ইয়াৰ মাটিভাগ বালিয়া। ইয়াত উদ্ভিদৰ বাবে প্রয়োজনীয় পানীৰ অভাৱ। এনে অৱস্থাত বৰ্তি থাকিবলৈ উদ্ভিদৰ পাতবোৰ বহল নহৈ গোটা আৰু কাইটীয়া হয়। এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পঞ্জাৱৰ দক্ষিণ-পশ্চিম অঞ্চলত পোৱা যায়। একাচিয়া, বিভিন্ন প্ৰকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি মৰু অঞ্চলকৰ প্ৰধান উদ্ভিদ।
পাৰ্বত্য উদ্ভিদঃ
ভাৰতবৰ্ষত পাৰ্বত্য এলেকাবোৰত উচ্চতা অনুসৰি বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পোৱা যায় ǀ বহিঃ হিমালয়ৰ ছিলিক পর্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণেৰে আবৃত। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায় ǀ ইয়াৰ ঠিক উত্তৰৰ ১,০০০ মিটাৰৰ পৰা ২,০০০ মিটাৰ উচ্চতাৰ পার্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল, দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেবদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পার্বত্য অঞ্চলত কেৱল আল্পীয় উদ্ভিদহে গজে।
তৃণজাতীয় উদ্ভিদঃ
ভাৰতত বিস্তৃত তৃণভূমি পোৱা নাযায়। য’ত বছৰি ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰ বৰযুগ হয় সেই অঞ্চলবিলাকত তৃণজাতীয় উদ্ভিদ দেখা যায়। এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপোহা গছ, ঘাঁহ আৰু কাঁইটীয়া গছ-বনেই প্রধান। এই উদ্ভিদ প্রধানকৈ উত্তৰ ভাৰতৰ পঞ্জাৱ, ৰাজস্থানৰ পূব অংশ, উত্তৰ প্ৰদেশৰ সমতলভাগৰ একাংশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্রপ্রদেশ, কর্ণাটক আৰু মহাৰাষ্ট্ৰৰ অংশ বিশেষত পোৱা যায়। তাৰোপৰি হিমালয়ৰ নামনিভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশতো নল, খাগৰি, ইকৰা আদি বাঁহজাতীয় উদ্ভিদ জন্মে। এই ঘাঁহবোৰ ২-৩ মিটাৰমান ওখ হয়। ইহঁতৰ মাজে মাজে অৱশ্যে খয়েৰ, শিমলু আদি গছো দেখা যায়।
৯। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ জনবহুল দেশ। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে ১,০২,৭০,১৫,২৮৯ জন। এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ১৬ % । সময়ৰ লগে লগে ভাৰতৰ জনসংখ্যাৰ পৰিমাণৰ ক্ষেত্ৰত যথেষ্ঠ পৰিবৰ্তন দেখা গৈছে । যোৱা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা চলিত শতিকাৰ আৰম্ভণিলৈকে অর্থাৎ ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে । ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি আৰু এই জনসংখ্যা দ্রুতহাৰত বৃদ্ধি হৈ ২০০১ চনত হ’লগৈ ১০২.৭ কোটি । অৱশ্যে, কেৱল ১৯১১–২১ চনৰ দশকটোৰ ভিতৰত জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে জনসংখ্যা সামান্যভাৱে হ্রাস পাইছিল। জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলতো জনসংখ্যা বৃদ্ধি পায়। বিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত ঘতিৰে বৃদ্ধি পাইছে। পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে।
ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১-২০০১)
জনসংখ্যা (কোটি) |
|
১৯০১ ১৯১১ ১৯২১ ১৯৪১ ১৯৫১ ১৯৬১ ১৯৭১ ১৯৮১ ১৯৯১ ২০০১ |
২৩.৮৪ ২৫.২১ ২৫.১৩ ৩১.৮৬ ৩৬.১১ ৪৩.৯২ ৫৪.৮২ ৬৮.৩৩ ৮৪.৬৩ ১০২.৭০ |
১০। জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয়- ব্যাখ্যা কৰা।
উত্তৰঃ উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ১০২.৭ কোটি জনসংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশব বিপৰীতে পৃথিৱীৰ মুঠ মাটিকালিত ভাৰতৰ পৰিমাণ ২.২ শতাংশহে। ভাৰতৰ জনসংখ্যা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্রুতগতিত বৃদ্ধি হৈছে। ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আছিল, যি ২০০১ চনত বাঢ়ি ১০২.৭ কোটি হয়। বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া আন এটা বৈশিষ্ট্য হ’ল ১৯৯১ আৰু ২০০১ দশকৰ মাজত আগৰ দশকতকৈ অধিক জনসংখ্যা বৃদ্ধি হয়। ১৯৯১ চনত ভাৰতৰ জনসংখ্যা ৮৪.৬৩ কোটি আছিল যিটো ২০০১ ৩ ১৮.০৭ কোটি বৃদ্ধি হৈ ১০২.৭ কোটি হয়। ১৯২১ চনৰ পৰা ভাৰতৰ জনসংখ্যা প্রচণ্ড হাৰত বৃদ্ধি পায়। বর্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশৰ অধিক হোৱাৰ বিপৰীতে পৃথিবীব গড় বৃদ্ধিৰ হাৰ ১.২ শতাংশ মাত্র। ভাৰতৰ উচ্চ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল উন্নত চিকিৎসা সেৱাৰ বাবে হ্রাস হোৱা মৃত্যুহাৰ, বাল্যবিবাহ, আন দেশৰ পৰা হোৱা প্ৰব্ৰজন আদি।
ভাৰতৰ জনসংখ্যাৰ বৃদ্ধি (১৯০১-২০০১)
বছৰ |
জনসংখ্যা (কোটি) |
১৯০১ ১৯১১ ১৯২১ ১৯৪১ ১৯৫১ ১৯৬১ ১৯৭১ ১৯৮১ ১৯৯১ ২০০১ |
২৩.৮৪ ২৫.২১ ২৫.১৩ ৩১.৮৬ ৩৬.১১ ৪৩.৯২ ৫৪.৮২ ৬৮.৩৩ ৮৪.৬৩ ১০২.৭০ |
১১। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা।
উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি, ১০২.৭ কোটি লোকৰ সৈতে ভাৰত বিশ্বৰ দ্বিতীয় আটাইতকৈ জনবহুল দেশ। প্ৰতি বৰ্গ কিলোমিটাৰত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ৩২৪ জন। কিন্তু অঞ্চল বিশেষ অনুসৰি এই ঘনত্বৰ পৰিমাণ বিভিন্ন। উদাহৰণস্বৰূপে, ২০০১ চনত দিল্লীত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬,৩৫২ জন, আনহাতে অৰুণাচল প্ৰদেশত এই ঘনত্ব আছিল মাত্ৰ ১৩ জন। উত্তৰ প্ৰদেশৰ জনসংখ্যা ১৬.৬ কোটিৰো অধিক, যেতিয়া লাক্ষাদ্বীপৰ জনসংখ্যা প্ৰায় ৬০,০০০। এইদৰে অসমান বিতৰণ দেখা যায়।
ভাৰতৰ জনসংখ্যাৰ এই ভিন্নতা আৰু অসমান বিস্তাৰৰ মূল কাৰণসমূহ হ’ল—
(ক) ভূ-প্রকৃতিৰ বিভিন্নতা:
কোনো এখন ঠাইৰ জনসংখ্যাৰ আকাৰ সেই ঠাইৰ ভূ-প্রাকৃতিক অৱস্থানৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হয়। নদী উপত্যকা অঞ্চলত কৃষিৰ সম্ভবনীয়তা, মানৱ বসতি আৰু উন্নত যাতায়ত আৰু যোগাযোগ ব্যবস্থাৰ বাবে জনবসতি ঘন। আনহাতে পার্বত্য অঞ্চলত কৃষিৰ সম্ভাৱনীয়তা কম আৰু নিম্ন যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ বাবে জনসংখ্যা কম।
(খ) জলবায়ুৰ ভিন্নতাঃ
জলবায়ুয়ে জনসংখ্যাৰ বিতৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজস্থানৰ মৰু অঞ্চলত জনসংখ্যা কম; কিন্তু গংগা সমভূমিৰ জনসংখ্যা অধিক হোৱাৰ কাৰণ হ’ল জলবায়ুৰ বিভিন্নতা। অত্যধিক গৰম আৰু অতিপাত ঠাণ্ডা জলবায়বীয় অৱস্থাই আৰু বৃষ্টিহীন অবস্থাই ৰাজস্থান সমভূমিত মানব বসতি আৰু অর্থনৈতিক কার্যকলাপক নিরুৎসাহিত কৰে।
(গ) মাটিৰ প্ৰভাব:
কৃষিৰ উৎস মাটিৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। নদী উপত্যকাৰ পলসুৱা মাটি আৰু দাক্ষিণাত্য মালভূমিৰ ক’লা মাটি ধান আৰু ঘেঁহু খেতিৰ বাবে উপযোগী। সেয়ে, এই অঞ্চলবোৰৰ জনসংখ্যা ঘন। পার্বত্য মাটি কৃষিৰ বাবে অধিক উপযোগী নহয়। সেইবাবে ইয়াত জনসংখ্যা পাতল।
(ঘ) নদীৰ প্রভাবঃ
নদী উপত্যকাসমূহ অধিক জনবহুল হোৱাৰ কাৰণ হ’ল ঘৰুৱা আৰু ঔদ্যোগিক কাৰ্যৰ বাবে পানীৰ উপলভ্যতা। এই অঞ্চলবোৰ কৃষিৰ বিকাশৰ বাবে উপযোগী যিয়ে জনবসতিৰ বাসস্থানক উৎসাহিত কৰে। সেয়ে নদী উপত্যকাবোৰক সভ্যতাৰ লালন-পালনৰ স্থান আখ্যা দিয়া হয়।
(ঙ) খনিজ সম্পদৰ প্ৰাচুৰ্যতাঃ
খনিজ সম্পদৰ প্ৰাচুৰ্যতাই কোনো এটা অঞ্চলৰ ঔদ্যোগীকৰণত সহায় কৰে। সেয়ে, ভাৰতৰ প্রধান ঔদ্যোগিক অঞ্চলসমূহ ঘন বসতিপূর্ণ।
(চ) ধর্মীয় প্রভাব:
ধর্মীয় স্থান যেনেঃ বাৰাণসী, মথুবা, হৰিদ্বাৰ, পুৰী আদি স্থানত জনসংখ্যা ঘন।
(ছ) যাতায়ত আৰু পৰিবহণ ব্যৱস্থাঃ যিবোৰ অঞ্চলৰ যাতায়ত আৰু পৰিবহণ ব্যৱস্থা উন্নত আৰু আধুনিক তেনে অঞ্চলত জনসংখ্যা অধিক। গাঁও অঞ্চলৰ তুলনাত চহৰ অঞ্চলৰ জনসংখ্যা অধিক হোৱাৰ ইয়ে প্রধান কাৰণ।
১২। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাস দিয়া আৰু লগতে কেইখনমান প্রধান নগৰৰ নগৰীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ এটি মুখ্য বৈশিষ্ট্য হ’ল অসমান জনসংখ্যা বিতৰণ। কিছুমান অংশত জনবসতি অধিক গধুৰ যেতিয়া আন কিছুমান ঠাইত ৰৈছে উল্লেখযোগ্যভাৱে পাতল। ভাৰতৰ মুঠ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২৪ জন। অৱশ্যে, জনসংখ্যাৰ গড় ঘনত্ব অঞ্চল ভেদে ভিন ভিন। উদাহৰণস্বৰূপে, দিল্লীত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত ৬,৩৫২ জনৰ বিপৰীতে অৰুণাচল প্রদেশত ১৩ জন। ১৬.৬ কোটি জনসংখ্যাৰে উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য আৰু মাত্র ৬০,০০০ জনসংখ্যাবে লাক্ষাদ্বীপ কম জনবহুল ৰাজ্য। ভাৰতৰ কেইখনমান জনবহুল ৰাজ্য হ’ল পশ্চিমবংগ, দিল্লী, চণ্ডীগড়, কেৰালা, দমন আৰু ডিউ, পণ্ডিচেৰী (বর্তমান পুডুচেৰী) আদি। কম ঘনত্বৰ অঞ্চলবোৰ হ’ল হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মিজোৰাম আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। জনসংখ্যাৰ ঘনত্ব ভিন ভিন হোৱাৰ কাৰণবোৰ হ’লঃ
(ক) ভূ-প্রাকৃতিক অৱস্থান
(খ) জলবায়ুৰ বিভিন্নতা
(গ) মাটিৰ ভিন্নতা
(ঘ) যাতায়ত আৰু পৰিবহণৰ সুবিধা
(ঙ) অর্থনৈতিক আৰু ঔদ্যোগিক উন্নয়ন আদি।
১৩। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ কৃষিয়ে ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ প্রায় দুই-তৃতীয়াংশ লোক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ ১০০ কোটিৰো অধিক লোকক কৃষিয়ে খাদ্যৰ যোগান ধৰে। ই বৈদেশিক বিনিময়ৰ উৎস হোৱাৰ লগতে বহু কৃষিভিত্তিক উদ্যোগ গঠনতো সহায় কৰে। এনেদৰে, কৃষি ভাৰতৰ ৰাষ্ট্ৰীয় অর্থনীতিৰ এক মূলস্তম্ভ হৈ পৰিছে। কৃষি কাৰ্যৰ ভিত্তিত ভাৰতক তলত দিয়া ধৰণে কেইবাটাও কৃষি অঞ্চলত ভাগ কৰিব পাৰিঃ
(ক) ফল-মূল আৰু শাক-পাচলি কৃষি অঞ্চল: এই অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈ বিস্তৃত। উত্তৰ-পশ্চিম অংশত বার্ষিক ৬০ ছেঃমিঃ আৰু পূব অংশত বার্ষিক ২০০ ছেঃমিঃ বৃষ্টিপাত হয়। দুয়োটা অঞ্চলবে জলবায়ু ফল-মূলৰ বাবে উপযোগী। এই অঞ্চলত হোৱা প্রধান ফল-মূলবোৰ হ’ল আপেল, নাচপতি চেৰী, বগৰী, কমলা আদি। সেইদবে আলু, জলকীয়া আদি শাক-পাচলিৰ খেতিও এই অঞ্চলত কৰা হয়।
(খ) ধান-মৰাপাট-চাহ কৃষি অঞ্চল: ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম ধান উৎপাদনকাৰী দেশ। ভাৰতৰ অগ্রণী ধান উৎপাদনকাৰী ৰাজ্যবোৰ হ’ল অসম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, উৰিষ্যা, উত্তৰ আব্ৰু পূৱ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চল। এই অঞ্চলত যথেষ্ট পৰিমাণৰ সাৰুৱা নদী উপত্যকা আছে যিবোৰ ধান খেতিৰ বাবে উপযোগী। অসমৰ উজনি ব্রহ্মপুত্র উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰবংগত চাহখেতি যথেষ্ট পৰিমাণে হয়। মৰাপাট অসম, গংগা সমভূমি, ব-দ্বীপ অঞ্চল আৰু ভাৰতৰ পূব উপকূল অঞ্চলত হয়। ধান, মৰাপাট আৰু চাহৰ উপৰিও অন্যান্য শস্য যেনে-সবিয়হ, মাহ জাতীয় শস্য আৰু ফল-মূল যেনেঃ নাৰিকল, কঁঠাল, আনাৰস, আম, কমলা আদিও এই অঞ্চলত হয়।
(গ) ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল: এই কৃষি অঞ্চলটো বিহাৰৰ উত্তৰ অংশ,উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, ৰাজস্থানৰ উত্তৰ অংশ আদি এই অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া আৰু সেয়ে বৰষুণৰ অভাৱ জলসিঞ্চনেৰে পূৰোৱা হয়। এই অঞ্চলত কিছুমান ঠাইত ধান খেতিও হয়। উত্তৰ প্ৰদেশ, বিহাৰ সমভূমি আৰু গংগাৰ উত্তৰ পাৰত ঘেঁহু আৰু কুঁহিয়াৰ উৎপাদন কৰা হয়। গংগা-যমুনাৰ দোৱাব অঞ্চল, পঞ্জাৱৰ সমভূমি, হাৰিয়ানা আৰু উত্তৰ বাজস্থানত প্ৰচুৰ পৰিমাণে ঘেঁহু উৎপাদন হয়। এই দুবিধ শস্যৰ উপৰিও যৱ আৰু মাহ জাতীয় শস্য এই অঞ্চলত হয়।
(ঘ) মিলেট আৰু তেলগুটি শস্য অঞ্চল: এই কৃষি অঞ্চলত কর্ণাটক মালভূমি,
তামিলনাডু, অন্ধ্রপ্রদেশৰ দক্ষিণ অংশ আৰু কেৰালাৰ পূব অংশ অন্তর্ভুক্ত। এই অঞ্চলত বার্ষিক বৃষ্টিপাত ৭৫ ৰ পৰা ১২৫ ছেঃমিঃ হয়। মুখ্য উৎপাদনজাত শস্যসমূহ হৈছে বিভিন্ন মিলেট যেনেঃ বজ্ৰা, ৰাগী আৰু জোৱাৰ। তেলগুটি শস্য হ’ল বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্য। এইবোৰৰ উপৰিও আম আৰু কল আদি ফলো যথেষ্ট পৰিমাণে উৎপাদন হয়।
(ঙ) মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চল: পশ্চিম ৰাজস্থান আৰু গুজৰাটৰ
অর্ধ-মৰু অঞ্চল আৰু পশ্চিম ভাৰতৰ মৰুভূমি অঞ্চল ইয়াৰ অন্তৰ্গত। পূব অংশত কিছুমান ঠাইৰ মাটি পলসুৱা; পশ্চিম অংশ অধিকতৰ মৰু আৰু বালিময়। এই অঞ্চলত বার্ষিক ৫০ ছেঃমিঃৰ কম বৃষ্টিপাত হয়। মেৱাৰ মালভূমিত প্রধানতঃ মাকৈৰ খেতি হয় যদিও ঘেঁহু আৰু বাগী শস্যৰ খেতিও কৰা হয়। সেইদৰে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু ধান, বজ্রা আদিৰ খেতি কৰা হয়।
(চ) কপাহ কৃষি অঞ্চল: দাক্ষিণাত্য মালভূমি কপাহ খেতিৰ বাবে উৎকৃষ্ট। অঞ্চলটোৰ নদী উপত্যকা ক’লা মাটিবে গঠিত; যি কপাহ খেতিৰ বাবে উত্তম।
এই অঞ্চলটো প্ৰধানকৈ গুজৰাট আৰু মহাবাষ্ট্ৰত বিস্তৃত। পশ্চিমঘাটৰ বৃষ্টিছায়া অঞ্চল অন্তর্গত হোৱা হেতুকে এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম। কপাহ অঞ্চলটোৰ প্ৰধান শস্য যদিও জোৱাৰ, বজ্ৰা, বুট, কুঁহিয়াৰ, ঘেঁহু আদি আন শস্যৰ খেতিও কৰা হয়।
(ছ) মছলাজাতীয় আৰু ৰোপণ শস্য অঞ্চল: এই কৃষি অঞ্চলটো পূব আৰু পশ্চিম উপকূলীয় সমভূমিৰ অংশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জলৈ বিস্তৃত হৈ আছে। অঞ্চলটোত বার্ষিক ২৫০ ছেঃমিঃ বৃষ্টিপাত হয়। প্রধান উৎপাদিত শস্যবোৰ হ’ল কফি, ৰবৰ, টপিত্র ‘কা, জালুক আৰু ইলাচি। অঞ্চলটোৰ ঠায়ে ঠায়ে ধান খেতিও কৰা হয়।
১৪। ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বর্ণনা দিয়া।
উত্তৰঃ পৃথিবীত দ্রুতিগতিত বিকশিত ঔদ্যোগিক দেশসমূহৰ এখন অন্যতম দেশ হৈছে ভাৰত। ইয়াৰ অৰ্থনৈতিক উন্নয়ন যোৱা কেইটামান দশকত হোৱা ঔদ্যোগিক উন্নতিৰ ফলাফল। ঔদ্যোগিক উন্নয়নৰ ভিত্তিত সমগ্ৰ ভাৰতক তলত দিয়া শিল্প অঞ্চলত ভাগ কৰিব পাৰিঃ
(ক) হুগলী শিল্প অঞ্চলঃ এই অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াৰ সংলগ্ন হাওৰা চহৰ অন্তর্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে– নয়াহাটী, জগতদল, চামনগৰ, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি। ভাৰত বিভাজনৰ পিছত মৰাপাট উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্রমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।
(খ) মুম্বাই-পুণা শিল্প অঞ্চলঃ এই শিল্প অঞ্চলটো বস্ত্র শিল্পক কেন্দ্ৰ কৰি গঠি উঠিছে। বস্ত্র শিল্প প্রধান কেন্দ্রসমূহ, যেনে- মুম্বাই, ভিলে পাৰলে, থানে, ভানদুপ আৰু পুণা এই অঞ্চলত অৱস্থিত। এই অঞ্চলৰ উদ্যোগসমূহ ভাৰত বিভাজনৰ পিছত কেঁচা মাল ‘কপাহৰ অভাৱত পৰে। কিন্তু অঞ্চলটোত পেট্রোলিয়াম থকাৰ বাবে ইয়াত পেট্রোলিয়াম ভিত্তিক ৰাসায়নিক উদ্যোগ, কৃত্রিম সুতা প্রস্তুত কৰা উদ্যোগ আদি গঢ় লৈ উঠিব পাৰিছে। পুণা বর্তমান ৰাসায়নিক আৰু যন্ত্রপাতি নির্মাণকাৰী উদ্যোগৰ প্রধান কেন্দ্র হৈ পৰিছে। মূলধনৰ অভাব আৰু শ্ৰমিকৰ সমস্যা নথকা হেতুকে অঞ্চলটোত ভিন্নমুখী উদ্যোগ গঢ়ি উঠিব পাৰিছে।
(গ) আহমেদাবাদ চুৰাট শিল্প অঞ্চলঃ আহমেদাবাদ-চুৰাট শিল্প অঞ্চলটোৱে দ্রুত বিকাশ লাভ কৰিছে। ইয়াত পেট্রো-কেমিকেল, ৰাসায়নিক সাৰ, কৃত্রিম আঁহজাতীয় বস্তু, অন্যান্য ৰাসায়নিক দ্রব্য আৰু বস্ত্র তৈয়াৰ কৰা উদ্যোগেই প্রধান। আদিতে এই শিল্প অঞ্চলটো বস্ত্ৰ উদ্যোগৰ আলমতে গঢ় লৈ উঠিছিল যদিও পিছলৈ ইয়াত পােৱা প্রাকৃতিক গেছ আৰু তেলৰ বাবে ভালেমান ৰাসায়নিক কল-কাৰখানা স্থাপন কৰা হয়।
(ঘ) মাদুৰাই কইম্বাতোৰ বাংগালোৰ শিল্প অঞ্চলঃ এই অঞ্চলটোও বস্ত্র উদ্যোগৰ বাবে বিখ্যাত। কিন্তু বস্ত্ৰ উদ্যোগসমূহৰ উপৰি চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা যন্ত্রপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদিৰ বাবে অঞ্চলটো শিল্পৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছে।
(ঙ) চোটানাগপুৰ শিল্প অঞ্চলঃ চোটানাগপুৰ মালভূমি অঞ্চলত পোৱা খনিজ পদার্থসমূহৰ ভিত্তিত এই অঞ্চলত কেতবোৰ উদ্যোগ গঢ়ি উঠিছে ǀ খনিজ পদাৰ্থৰ খনন উদ্যোগ,ধাতু উদ্যোগ, ইঞ্জিনিয়াৰিঙ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ আদি এই অঞ্চলৰ প্ৰধান উদ্যোগǀ
১৫। চমুটোকা লিখা
উত্তৰঃ
(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।
উত্তৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২,৪০০ কিল’মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলমিটাৰ আগুৰি আছে।
প্ৰকৃততে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি। পঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে (অঞ্চলটোৰ প্ৰধান নৈ কেইখন হৈছে শতদ্রু ,বিপাশা,আৰু ৰাবি নদী) । গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমতলভূমিক লৈ গংগা সমভূমি গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ-নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছে। সেইদৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ভালেসংখ্যক উপনৈয়ে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে।
(খ) ভাৰতীয় অর্থনীতিত কৃষিৰ গুৰুত্ব
কৃষি ভাৰতীয় অর্থনীতিৰ এক প্রধান স্তম্ভ। প্রায় দুই-তৃতীয়াংশ লোক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নির্ভৰশীল। ই বহুতো কৃষিভিত্তিক উদ্যোগত কেঁচা সামগ্ৰীৰ যোগান ধৰে। এই উদ্যোগবোৰে কেৱল ঔদ্যোগিক উৎপাদনত সহায় কৰাই নহয়, দেশৰ হাজাৰ হাজাৰ লোকৰ নিয়োগৰ সুবিধাও দিয়ে আৰু তেনেদৰে অৰ্থনৈতিক সমস্যা আৰু নিবনুৱা সমস্যা হ্রাস কৰে। ৰাষ্ট্ৰীয় আয়ৰ বুজন পৰিমাণৰ ধন আহে কৃষিজাত সামগ্ৰীৰ কৰ আৰু ৰাজহৰ ৰূপত। কৃষিত ব্যৱহৃত যন্ত্রপাতি, কৃত্রিম সাৰ, কীটনাশক আদিৰ উৎপাদনে উদ্যোগিক উৎপাদন বৃদ্ধিত যথেষ্ট উৎসাহিত কৰে, যি ৰাষ্ট্ৰীয় আয়ত যোগ হয়। কৃষি উৎপাদিত বস্তু বিশেষকৈ মচলা, চাহ, কেঁচা কপাহ আদিৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্রা অর্জন কৰে। ই দেশৰ এক বিলিয়নৰ অধিক লোকক খাদ্যৰ যোগান ধৰে। বৰ্তমান ভাৰতে উপযুক্ত পৰিমাণৰ খাদ্য সামগ্রী দেশতে উৎপাদন কৰি প্ৰচুৰ পৰিমাণৰ ৰাষ্ট্ৰীয় আয় বাহি কৰিছে। এনেদৰে ভাৰতীয় অর্থনীতিৰ উন্নয়নত কৃষিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
(গ) মৌচুমী উদ্ভিদ
মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পোৱা যায়। বার্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্রায় ২০ চেঃ উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, শিশু, অর্জুন, শিমলু আৰু বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট পর্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায় ǀ
(ঘ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ
ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রৱাহিত হয় । দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূর্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে। উত্তৰৰ হিমালয় পর্বতে এই চেঁচা বতাই অহাত বাধা দিয়াৰ ফলত ভাৰতত প্রচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু, এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে । জলীয় ভাপ যুক্ত এই বতাহ আহি পূবঘাট পৰ্বতত থেকা খালে ভাৰতৰ পূব উপকূলত বৰষুণ হয় ǀ
(ঙ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ
জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। জন্ম হাৰ মৃত্যু হাৰতকৈ বেছি হলে জনসংখ্যা বৃদ্ধি পায় ǀ ব্যক্তিগত পৰ্যায়ত জন্ম নিয়ন্ত্ৰণ , চৰকাৰৰ বিভিন্ন আঁচনি ৰ জৰিয়তে জনসাধাৰণৰ মাজত জনসংখ্যা বিস্ফোৰণৰ সন্দৰ্ভত সজাগতা আনি চেষ্টা কৰা হৈছে যদিও সি বাস্তৱত পৰিস্ফুত হোৱা নাই ǀবিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত গতিৰে বৃদ্ধি পাইছে। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলত দেশখনৰ জনসংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতৰ ওচৰ চুবুৰীয়া নেপাল,বাংলাদেশ, শ্ৰী লংকা আদি দেশৰ পৰা প্ৰবজনে ভাৰতৰ অৰ্থনীতিটো দূৰগামী প্ৰভাৱ পেলাইছে ǀ পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে।
(চ) ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ
ভাৰতত ৰাজ্যভেদে জনসংখ্যাৰ বিতৰণ বেলেগ বেলেগ। যিবিলাক ৰাজ্য যাতায়াত, ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া সেইবিলাকত জনসংখ্যা ঘনত্ব সাধাৰণতে বেছি। উদাহৰণস্বৰূপে – ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে।সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম।
(ছ) লাভা মৃত্তিকা
আগ্নেয়গিৰিৰ পৰা নিৰ্গত গলিত পদাৰ্থবোৰ ঠাণ্ডা হোৱাৰ ফলত পোনে পোনে গঠিত হোৱা মৃত্তিকা হৈছে লাভা মৃত্তিকা। অন্যার্থত লাভাৰ অৱক্ষেপণত সৃষ্টি হোবা মৃত্তিকাই হৈছে লাভা মৃত্তিকা। লাভা মৃত্তিকাক কৃষ্ণ (ক’লা) মৃত্তিকা বোলে। ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ হ’লঃ
(ক) ইয়াৰ আৰ্দ্ৰতা ধৰি ৰখা ক্ষমতা আছে।
(খ) ইয়াৰ বৰণ ক’লা আৰু ই মূলতঃ আগ্নেয়।
(গ) ইকপাহ খেতিৰ বাবে উৎকৃষ্ট।
ইয়াক কপাহ মৃত্তিকা বুলিও জনা যায়। ভাৰতত এনে মাটি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্রপ্রদেশৰ দাঁতি কাষৰীয়া অঞ্চলত পোৱা যায়।
(জ) হুগলী শিল্প অঞ্চল
এই অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াৰ সংলগ্ন হাওৰা চহৰ অন্তর্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে– নয়াহাটী, জগতদল, চামনগৰ, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি। ভাৰত বিভাজনৰ পিছত মৰাপাট উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্রমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।
(ঝ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য
প্রধান উত্তৰ ভাৰতীয় নদীবোৰ হ’ল সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্র। এইবোৰৰ প্রধান বৈশিষ্ট্য হ’লঃ
১) গংগা নদী উচ্চ হিমালয়ৰ গংগোত্রী হিমবাহৰ পৰা উৎপত্তি হৈছে। ব্রহ্মপুত্র চীনৰ চেমা-য়ু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে।
২) উত্তৰ ভাৰতৰ নদীবোৰ আৰু এইবোৰৰ উৎপত্তি বেছি পুৰণি নহয়।
৩) আটাইবোৰ দীঘল।
৪) নদীবোৰে প্ৰচুৰ পৰিমাণে পানী আৰু বালি কঢ়িয়াই আনে।
৫) উত্তৰ ভাৰতীয় নদীবোৰৰ উচ্চ, মধ্য আৰু নিম্ন গতি ভিন ভিন হয়।
৬) এই নদীবোৰে সঘনাই গতি সলনি কবে।
৭) নদীবোৰে সঘনাই অনা বানে বহুতো ক্ষতি কৰে।
৮) নদীবোৰৰ নদী অববাহিকা অতি সাৰুৱা আৰু সেয়ে ঘন বসতিপূর্ণ।
৯) এই নদীবোৰৰ বৃহৎ ব-দ্বীপ আছে।
১০) নদীৰ পাৰত বহুতো নগৰ-চহৰ গঢ়ি উঠিছে।
১১) এই নদীবোৰ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ বাবে অতি উপযোগী।
(ঞ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য:
দক্ষিণ ভাৰতৰ উল্লেখযোগ্য নদীবোৰ হ’ল মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী। দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যবোৰ হ’লঃ
১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ উৎপত্তি স্থান হৈছে চাপৰ পৰ্বত অথবা মালভূমি সেয়ে এইবিলাক খৰালি কালত শুকাই যায়।
২। দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল।
৩। নদীবোৰ তুলনামূলকভাবে ঠেক আৰু খৰস্রোতা।
৪। নদীবোৰত উচ্চ, মধ্য আৰু নিম্নগতি পৰিলক্ষিত নহয়।
৫। উত্তৰ ভাৰতীয় নদীৰ তুলনাত এই নদীসমূহে কম পানী আৰু গেদ কঢ়িয়ায়।
৬। নদীবোৰে গতি সলনি নকৰে; ইহঁতৰ প্লাবনভূমি ঠেক।
৭। দাক্ষিণাত্য নদীয়ে গঠন কৰা নদী অৱবাহিকা বেছি ডাঙৰ নহয়। এইবোৰ সৰু।
৮। নদী অৱবাহিকা কৃষি উপযোগী নহয়।
৯। শক্তি উৎপাদনৰ বাবে উপযোগী।
১০। এইবোৰৰ সৰু সৰু ব-দ্বীপ থাকে বা কেতিয়াবা নাথাকে।
১১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ পাৰত কিছুসংখ্যক চহৰহে অৱস্থিত।
(ট) ভাৰতীয় দ্বীপসমূহঃ
ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটা হৈছে লাক্ষা দ্বীপপুঞ্জ আনটো হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। লাক্ষাদ্বীপ দ্বীপপুঞ্জ ২৫ টা দ্বীপেবে গঠিত আৰু এই দ্বীপবোৰ কেৰালাৰ ওচৰত অৱস্থিত। মুঠ মাটিকালি মাত্র ৩২ বর্গ কিঃমিঃ। ইয়াৰ ৰাজধানী হৈছে কৱাৰাতি। সাগৰপৃষ্ঠৰপৰা লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ গড় উচ্চতা ৩ ৰ পৰা ৫ মিটাৰ। আনহাতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ২১৫ টা দ্বীপৰ সমষ্টি। এইদ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগোপসাগৰত অৱস্থিত। এই দ্বীপপুঞ্জৰ দৈর্ঘ্য ৫৯০ কিঃমিঃ আৰু প্ৰন্থ ৫৮ কিঃমিঃ। ইয়াৰ মুঠ মাটিকালি ৮,২৪৯ বর্গ কিঃমিঃ। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৫ মিটাৰৰ অধিক নহয়। ইয়াৰ ৰাজধানী প’র্টব্লেয়াৰ। উল্লেখিত দ্বীপপুঞ্জৰ বেছিভাগেই সৰু আৰু জনবসতিশূন্য। উভয় দ্বীপপুঞ্জৰে নিজস্ব ভৌগোলিক, অর্থনৈতিক আৰু সামাজিক-সাস্কৃতিক বৈশিষ্ট্য আছে। লাক্ষাদ্বীপ উৎপত্তিগতভাবে প্রৱালদ্বীপীয় আৰু আন্দামান-নিকোবৰ দ্বীপবোৰ আগ্নেয়জাত।
(ঠ) হিমালয় পার্বত্য অঞ্চল
হিমালয় পর্বতমালা পশ্চিমে সিন্ধু উপত্যকাৰ পৰা পূবে ব্ৰহ্মপুত্র উপত্যকালৈ ২,৫০০ কিঃমিঃ বিস্তৃত হৈ আছে। উত্তৰৰ বেছিভাগ নদী যেনে- গংগা আৰু ব্রহ্মপুত্র হিমালয় পৰ্বতৰপৰা উৎপত্তি হৈছে। বৃহৎ হিমালয় বা হিমাদ্রী, মধ্য হিমালয় বা হিমাচল আৰু বহিঃ হিমালয় বা শিৱালিক নামেৰে হিমালয়ৰ তিনিটা সমান্তৰাল শ্ৰেণী আছে। বৃহৎ হিমালয় মাউন্ট এভাৰেষ্ট, কাঞ্চনজংঘা, নন্দাদেরী আদি পৃথিৱীৰ কেইটামান সর্বোচ্চ শৃংগৰে গঠিত। বহিঃ হিমালায়ত দক্ষিণলৈ মধ্য শ্রেণী গৈছে আৰু এইবোৰ শাৰীক নিম্ন হিমালয় ৰূপে জনা যায়। বহুতো উল্লেখযোগ্য পার্বত্য ষ্টেচন যেনে-ডেলহাউছি, নাইনিতাল, ডেৰাডুন, দার্জিলিং আদি এই পর্বতমালাত অৱস্থিত। নিম্ন হিমালয়ৰ দক্ষিণলৈ বহিঃ হিমালয়। বহিঃ হিমালয়ৰ পৰ্বতমালাবোৰ অধিক উচ্চ নহয় আৰু ই ঘন অৰণ্য আৰু চাহ বাগিছাৰে গঠিত। হিমালয়ৰ পূব পৰ্বতমালা পূর্বাঞ্চল ৰূপে ই জনাজাত। ই পাটকাই, বুম, নাগা, জয়ন্তীয়া, খাছী, গাৰো পৰ্বত আদি বহুতো পর্বতেৰে গঠিত। হিমালয়ৰ পশ্চিম অংশ উত্তৰ-পশ্চিমৰ পৰা আৰব সাগৰলৈ বিস্তৃত। এই পর্বতমালা হিন্দুকুশ, চফেদকুশ, চুলেইমান, কিৰ্থাৰ, জাংস্কাৰ আদি পর্বতমালাৰে গঠিত। ইয়ে ভাৰতক আফগানিস্তানৰ পৰা পৃথক কৰিছে। ই ইয়াৰ পূবৰ সীমামূৰীয়া পর্বতমালাৰ দৰে উচ্চ নহয়। এই পর্বতমালা খাইবাৰ, তমুৰাম, গোমাল, তোচী আৰু বল্টন গিৰিপথৰ বাবে বিখ্যাত।
দশম শ্ৰেণী ভূগোল অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: