Class 10 সমাজ বিজ্ঞান অধ্যায় ১২ – বিত্তীয় সাক্ষৰতা – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
দশম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি বিজ্ঞান) অধ্যায় ১২ – বিত্তীয় সাক্ষৰতা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ এই অধ্যায় ‘বিত্তীয় সাক্ষৰতা’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 12 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘বিত্তীয় সাক্ষৰতা’ নামৰ এই পাঠটিত বিত্তীয় পৰিকল্পনা, সঞ্চয়, বিনিয়োগ, বেংকিং ব্যৱস্থা, ডিজিটেল লেনদেন, আৰু বিত্তীয় প্ৰৱঞ্চনাৰ পৰা কেনেদৰে ৰক্ষা পৰিব পাৰি সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে দৈনন্দিন জীৱনত অৰ্থৰ সু-পৰিচালনা আৰু বিত্তীয় সাক্ষৰতাৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বিত্তীয় সাক্ষৰতাৰ গুৰুত্ব, সঞ্চয় আৰু বিনিয়োগৰ মাজৰ পাৰ্থক্যৰ বিস্তৃত বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- বেংকিং ব্যৱস্থা, ডিজিটেল লেনদেন আৰু বিত্তীয় প্ৰতিষ্ঠান সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- অৰ্থনীতি বিজ্ঞানৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
বিত্তীয় সাক্ষৰতা
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন
1. বেংক (Bank) কি?
উত্তৰঃ বেংক এটা বিত্তীয় প্রতিষ্ঠান, যি গ্ৰাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে ।
2. ডেবিট কার্ড (Debit Card) কি?
উত্তৰঃ ডেবিট কার্ড হৈছে এক বৈদ্যুতিক পৰিশোধ (electronic payment) কার্ড, যি কার্ড বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰে ।
3. ভাৰতীয় ৰিজার্ভ বেংক (Reserve Bank of India) কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ভাৰতীয় ৰিজার্ভ বেংক ১৯৩৫ চনত স্থাপিত হয় ।
4. UPI – ৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ UPI এপৰ উদাহৰণসমূহ হ’ল – Paytm, PhonePe, Google Pay, BHIM আদি ।
5. চলিত জমা (Current Deposit) কি?
উত্তৰঃ চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ।
6. এটা বিত্তীয় উপকৰণ (Financial Instrument) উল্লেখ কৰা।
উত্তৰঃ এটা বিত্তীয় উপকৰণৰ উদাহৰণ হ’ল- ষ্টক (Stock) ।
7. প্রাইমাৰী বজাৰৰ (Primary Market) আনটো নাম কি?
উত্তৰঃ প্ৰাইমাৰী বজাৰক নিউ ইশ্যু বজাৰ (New Issues Market – NIM) বুলিও কোৱা হয় ।
8. SEBI কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ SEBI ১২ এপ্রিল, ১৯৯২ তাৰিখে Securities and Exchange Board of India Act, ১৯৯২-ৰ অধীনত স্থাপিত হৈছিল ।
9. পদ্ধতিগত বিনিয়োগ আঁচনি Systematic Investment Plan (SIP) কি?
উত্তৰঃ SIP হৈছে মিউচুৱেল ফাণ্ডত নির্দিষ্ট পৰিমাণৰ ধন নিয়মিত ভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা ।
10. চাইবাৰ প্ৰতাৰণাৰ (Cyber Fraud) পৰা ৰক্ষা পাবলৈ এটা সতর্কতা উল্লেখ কৰা।
উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে ।
চুটি উত্তৰৰ প্ৰশ্ন
1. আঞ্চলিক গ্রাম্য বেংকৰ (Regional Rural Banks)ৰ কাৰ্যসমূহ কি কি?
উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল: বেপাৰী, মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া, আৰু গ্রাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ।
2. ইণ্টাৰনেট বেংকিং (Internet Banking) ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি?
উত্তৰঃ ইণ্টাৰনেট বেংকিংৰ জৰিয়তে ধন স্থানান্তৰ তলত দিয়া তিনিটা পদ্ধতিত কৰিব পাৰি:
(i) ৰাষ্ট্ৰীয় ইলেক্ট্রনিক পুঁজি স্থানান্তৰ (NEFT) যাৰ জৰিয়তে দেশৰ ভিতৰত একাউণ্টৰ পৰা অন্য একাউণ্টলৈ ইলেক্ট্রনিকভাবে ধন প্ৰেৰণ কৰিব পাৰি ।
(ii) ৰিয়েল-টাইম গ্র’ছ ছেটলমেন্ট (RTGS) যি এটা সুৰক্ষিত পদ্ধতি আৰু ইয়াত ন্যূনতম ২ লাখ টকা প্ৰেৰণ কৰিব পাৰি ।
(iii) তাৎক্ষণিক পৰিশোধ সেৱা (IMPS) যাৰ জৰিয়তে মোবাইল, ইণ্টাৰনেট, এটিএম আদিৰ যোগেদি তাৎক্ষণিকভাৱে ধন প্ৰেৰণ কৰিব পাৰি ।
3. বিভিন্ন প্ৰকাৰৰ বেংকিং কার্ড (Banking Cards) কি কি উল্লেখ কৰা।
উত্তৰঃ দুটা গুৰুত্বপূৰ্ণ বেংকিং কার্ড হ’ল ডেবিট কার্ড (Debit card) আৰু ক্রেডিট কার্ড (Credit card) ।
4. অনা-বেংকিং বিত্তীয় প্রতিষ্ঠান (Non-Banking Financial Institutions) বেংকৰ পৰা কেনেকৈ ভিন্ন?
উত্তৰঃ বেংকৰ ক্ষেত্রত চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, কিন্তু অনা-বেংক প্রতিষ্ঠানসমূহে চেকৰ যোগান নধৰে । তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা-বেংক প্রতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে ।
5. Unified Payments Interface (UPI) কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্য সমূহ কি কি?
উত্তৰঃ UPI হৈছে এটা তাৎক্ষণিক পেমেন্ট ব্যৱস্থা, যি মোবাইল ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল:
(i) ইয়াৰ জৰিয়তে নগদবিহীন (cashless) পৰিশোধ কৰা খুব সহজ, সুৰক্ষিত আৰু তাৎক্ষণিক ব্যৱস্থা ।
(ii) UPI ID বা QR Code ব্যৱহাৰ কৰি বেংক একাউণ্টৰ পৰা পোনপটীয়াকে ধন পৰিশোধ কৰিব পাৰি।
(iii) ই ভাৰতীয় ৰিজার্ভ বেংকৰ দুটা সুৰক্ষা ধাপৰ নিয়ম মানে ।
6. বিত্তীয় বজাৰৰ (Financial Market) উপাদানসমূহ কি কি?
উত্তৰঃ বিত্তীয় বজাৰ মূলত দুটা ভাগত বিভক্ত: মুদ্রা বজাৰ (Money Market) আৰু মূলধনী বা পুঁজি বজাৰ (Capital Market) ।
7. বন্ড (Bonds) কি হয়?
উত্তৰঃ বণ্ড হৈছে ঋণমূলক (Debt) সঁজুলি । বণ্ড মানে কোনো ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা কোম্পানী বা চৰকাৰলৈ দিয়া ঋণ, য’ত সাধাৰণতে কোম্পানী আৰু চৰকাৰে ধন সংগ্ৰহৰ বাবে বণ্ড বিলি (issue) কৰে ।
8. আর্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতর্কতা অবলম্বন কৰিব লাগে উল্লেখ কৰা।
উত্তৰঃ আর্থিক সিদ্ধান্ত লোৱাৰ সময়ত ল’বলগীয়া সতৰ্কতাসমূহ হ’ল:
(i) বিনিয়োগ কৰাৰ বাবে কেতিয়াও ধন ঋণ ল’ব নালাগে আৰু ক্রেডিট কার্ডক কেতিয়াও বিনামূলীয়া ধন বুলি ভাবিব নালাগে ।
(ii) ব্যক্তিয়ে নিজৰ আয় আৰু সামর্থ্য অনুসৰি খৰচ কৰা উচিত ।
(iii) কোনো বিত্তীয় সঁজুলিত বিনিয়োগ কৰাৰ আগতে সেই বিষয়ে সকলো তথ্য ভালদৰে জানি-বুজি লোৱা উচিত ।
(iv) অতি কম সময়ৰ ভিতৰত অধিক লাভৰ প্রতিশ্রুতি দিয়া বিনিয়োগ পৰিকল্পনাত ভৰষা কৰা উচিত নহয় ।
9. চাইবাৰ প্ৰতাৰণাৰ (Cyber Frauds) ধৰণসমূহ কি কি?
উত্তৰঃ চাইবাৰ প্ৰতাৰণাৰ কেইটামান সাধাৰণ ধৰণ হ’ল:
(ক) অনলাইন বেংকিং আৰু ক্রেডিট কার্ড প্ৰতাৰণা ।
(খ) বিনিয়োগ প্ৰতাৰণা (Investment Scams) ।
(গ) পৰিচয় চুৰি (Identity Theft) ।
(ঘ) মুক্তিপণৰ দাবী (Ransomware) ।
(ঙ) ফিছিং (Phishing) ।
10. বেংকৰ উদ্ভৱ (Origin of Banks) ৰ ওপৰত সংক্ষিপ্ত নোট লিখা।
উত্তৰঃ অর্থনীতিবিদ ক্রাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওতা মহাজনসকলেই হ’ল বেংকৰ পূৰ্বপুৰুষ । মধ্যযুগত ইটালীৰ ক্ষুদ্র ৰাজ্যসমূহৰ মাজত যুদ্ধ-বিগ্রহ চলি থকাত ধনৰাশি সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা আয়ুক্তসকলক মন্তে (Monte) বুলি কোৱা হৈছিল । সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত থকাৰ বাবে তেওঁলোকে banck শব্দটো ব্যৱহাৰ কৰিছিল, যিটো পাছলৈ ইটালীত banco, ফৰাচী ভাষাত banke আৰু ইংলেণ্ডত bank হৈ পৰে ।
দীর্ঘ উত্তৰৰ প্ৰশ্ন
1. কেন্দ্ৰীয় বেংকৰ (Central Bank) যিকোনো চাৰিটা কাৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ কেন্দ্ৰীয় বেংকৰ চাৰিটা কাৰ্য হ’ল:
(ক) কাগজী মুদ্রা ছপা কৰা, যিটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ।
(খ) আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা।
(গ) বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰা আৰু আর্থিক সংকটৰ সময়ত শেষ আশ্রয়স্থল হিচাপে কাম কৰা।
(ঘ) চৰকাৰক বিত্তৰ যোগান ধৰা আৰু চৰকাৰৰ আয় নীতি, ৰাজহ নীতি আদিৰ ওপৰত পৰামৰ্শ আগবঢ়োৱা ।
2. বেংকিং কার্ড ব্যৱহাৰ কৰাৰ সময়ত কি কি সতর্কতা ল’ব লাগে, ব্যাখ্যা কৰা।
উত্তৰঃ বেংকিং কার্ড ব্যৱহাৰ কৰাৰ সময়ত ল’বলগীয়া সতৰ্কতাসমূহ হ’ল:
(i) ATM ৰ পৰা টকা উলিওৱাৰ সময়ত PIN নম্বৰ ভৰ্তি কৰোঁতে যাতে আন কোনোবাই চাব নোৱাৰে তাৰ প্ৰতি সাৱধান হ’ব লাগে।
(ii) কার্ড যাতে অন্যলোকে অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰবাবে সুৰক্ষিত ঠাইত ৰাখিব লাগে।
(iii) কার্ড হেৰালে বা চুৰি হ’লে, তৎক্ষণাৎ বেংকক জনাই লেনদেন বন্ধ কৰিব লাগে।
(iv) PIN, CVV, কাৰ্ডৰ ম্যাদ আদি আনৰ সৈতে শ্বেয়াৰ কৰিব নালাগে ।
3. বাণিজ্যিক বেংকৰ (Commercial Banks) কার্যসমূহ কি কি?
উত্তৰঃ বাণিজ্যিক বেংকৰ কাৰ্যসমূহ হ’ল:
(i) চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানতৰ জৰিয়তে ৰাইজৰ পৰা সঞ্চয় সংগ্ৰহ কৰা।
(ii) কৃষক, উদ্যোগপতি, কাৰিকৰ আদি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক ঋণ প্রদান কৰা। প্ৰাথমিক বা নিষ্ক্রিয় আমানতৰ এটা অংশ জমা ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়াই ঋণ মুদ্রা সৃষ্টি কৰা।
(iii) আমানতকাৰীৰ মূল্যৱান অলংকাৰ-পাতি আৰু গুৰুত্বপূৰ্ণ নথি-পত্রৰ সংৰক্ষক হিচাপে কাম কৰা ।
4. বিত্তীয় বজাৰ (Financial Market) কি হয়? বিত্তীয় বজাৰৰ ভূমিকাসমূহ উল্লেখ কৰা।
উত্তৰঃ বিত্তীয় বজাৰ হৈছে এনে এক বজাৰ, য’ত বিত্তীয় নিৰাপত্তাপত্ৰ সমূহ (যেনেঃ ষ্টক, বণ্ড আদি) সৃষ্টি কৰা হয় বা বিনিময় কৰা হয় । ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাসমূহ হ’ল:
(i) মানুহক ৰাহিকৃত ধন ব্যৱহাৰ নকৰাকৈ ৰখাৰ পৰিবৰ্তে বিনিয়োগ কৰি লাভাম্বিত হ’বলৈ উৎসাহিত কৰি সঞ্চয় প্রচলন কৰা ।
(ii) ধন সেই উদ্যোগ আৰু ক্ষেত্রসমূহলৈ যোৱাটো নিশ্চিত কৰি সম্পদৰ কাৰ্যকৰী বণ্টন কৰা । বিনিয়োগকাৰীসকলক নিৰাপত্তাপত্ৰ সহজে কিনা-বেচা কৰি নগদ টকালৈ পৰিবৰ্ত্তন কৰিবলৈ সুবিধা দি তৰলতা প্রদান কৰা ।
(iii) কোম্পানীসমূহক ব্যৱসায় আধুনিকীকৰণৰ বাবে ধন সংগ্ৰহ কৰাত সহায় কৰা আৰু অৰ্থনীতিত স্থিৰতা বজাই ৰখা ।
5. মিউচুৱেল ফাণ্ড (Mutual Fund) কি হয়? বিনিয়োগকাৰীয়ে কিয় মিউচুৱেল ফাণ্ডক বেছি পছন্দ কৰে, ব্যাখ্যা কৰা।
উত্তৰঃ মিউচুৱেল ফাণ্ড হৈছে এটা বিত্তীয় আহিলা, য’ত বিভিন্ন বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি বহু নিৰাপত্তাপত্ৰত বিনিয়োগ কৰি ধন বৃদ্ধি কৰাৰ চেষ্টা কৰা হয় । বিনিয়োগকাৰীয়ে ইয়াক পছন্দ কৰাৰ কাৰণসমূহ হ’ল:
(i) বিনিয়োগৰ আগতে প্ৰয়োজনীয় গৱেষণা আৰু বিশ্লেষণৰ দায়িত্ব পেচাদাৰী ব্যৱস্থাপকে লয় ।
(ii) ইয়াত বহুমুখীতা থাকে, যাৰ ফলত বিনিয়োগৰ বিপদ শংকা (Risk) হ্রাস পায় ।
(iii) ইউনিট ক্ৰয় কৰা সহজ আৰু বিনিয়োগৰ মূল্যও অতি কম হয় ।
6. তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰাঃ
উত্তৰঃ
a) PAN কার্ড (PAN Card): PAN অর্থাৎ স্থায়ী একাউন্ট নম্বৰ হৈছে ১০ অংকৰ আখৰ আৰু সংখ্যাৰ নম্বৰ, যিটো ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ দ্বাৰা জাৰি কৰা হয় । কোনো ব্যক্তিৰ কৰ সম্পর্কীয় সকলো তথ্য ইয়াৰ সৈতে সংৰক্ষণ কৰা হয় । ই বেংকিং ব্যৱস্থা আৰু কৰ দাখিলৰ বাবে বাধ্যতামূলক নথিপত্র ।
b) আধাৰ কাৰ্ড (Aadhaar Card): আধাৰ হৈছে ভাৰতবৰ্ষৰ বাসিন্দালৈ প্ৰদান কৰা ১২-অংকৰ এক অদ্বিতীয় পৰিচয় নম্বৰ, যিটো UIDAI-ৰ দ্বাৰা জাৰি কৰা হয় । ইয়াত ব্যক্তিৰ মৌলিক জনসংখ্যাগত আৰু বায়োমেট্রিক তথ্য সংৰক্ষণ কৰা হয় আৰু ই পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে কাম কৰে ।
7. তলত দিয়া প্রতিটো প্রতিষ্ঠানৰ যিকোনো দুটা কার্য সংক্ষেপে ব্যাখ্যা কৰা:
উত্তৰঃ (a) IDBI: ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা আৰু অর্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়োৱা ।
(b) RRBs: গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি সকাহ দিয়া আৰু গ্রাম্য সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ।
(c) NABARD: গাঁও অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত আটাইবোৰ অনুষ্ঠানৰ শীর্ষ বিত্ত যোগানকাৰী প্রতিষ্ঠান হিচাপে কাম কৰা আৰু সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, চৰকাৰ আৰু ৰিজার্ভ বেংকৰ সৈতে সমন্বয় ৰক্ষা কৰা ।
(d) SIDBI: ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা আৰু ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া ।
8. ডিজিটেল পেমেন্ট (Digital Payments) ব্যৱহাৰ কৰাৰ সময় এজন ব্যক্তিয়ে কি কি সতর্কতা ল’ব লাগে?
উত্তৰঃ ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ সময়ত ল’বলগীয়া সতৰ্কতাসমূহ হ’ল:
(i) ৰাজহুৱা Wi-Fi ব্যৱহাৰ কৰি পৰিশোধ কৰা সুৰক্ষিত নহয়, সেয়ে এনে নেটৱৰ্ক এৰাই চলিব লাগে ।
(ii) বেংকিং আৰু UPI এপ বিশ্বস্ত আৰু প্রমাণিত উৎসৰ পৰা ডাউনল’ড কৰিব লাগে ।
(iii) শক্তিশালী password আৰু PIN স্থাপন কৰিব লাগে আৰু ইয়াক আনৰ সৈতে শ্বেয়াৰ কৰিব নালাগে ।
(iv) সংবেদনশীল তথ্য যেনে UPI-ID, মোবাইল নম্বৰ আদি অচিনাকি ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিব নালাগে ।
(v) পেমেণ্ট কৰাৰ আগতে টকা গ্ৰহণকাৰীৰ একাউন্ট নম্বৰ, UPI-ID আদি ভালদৰে পৰীক্ষা কৰিব লাগে ।





বহুত সুন্দৰ কৈ লিখি দিছে।