Class 10 Social Science Chapter 11 আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Solutions | ASSEB Assam | Assamese Medium

CLASS 10 SOCIAL SCIENCE CHAPTER 11

Class 10 সমাজ বিজ্ঞান অধ্যায় ১১ – আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী সমাজ বিজ্ঞান (ৰাজনীতি বিজ্ঞান) অধ্যায় ১১ – আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ এই অধ্যায় ‘আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 11 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য’ নামৰ এই পাঠটিত ৰাষ্ট্ৰসংঘৰ গঠন, ইয়াৰ প্ৰধান অংগসমূহ, বিশ্ব শান্তি প্ৰতিষ্ঠাত ইয়াৰ ভূমিকা, বিভিন্ন অভিকৰণ, মানৱ অধিকাৰ আয়োগ, আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু এই সংস্থাসমূহৰ গুৰুত্ব বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ৰাষ্ট্ৰসংঘৰ গঠন, ইয়াৰ অংগসমূহ আৰু বিশ্ব শান্তিত ইয়াৰ ভূমিকাৰ বিস্তৃত বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • আন্তঃৰাষ্ট্ৰীয় সংস্থা, মানৱ অধিকাৰ আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ৰাজনীতি বিজ্ঞানৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.

Vibrant Note Box
আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Class 10 Social Science

Chapter – 10 Ospin Academy

আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু উত্তৰৰ প্ৰশ্নঃ-

১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?

উত্তৰ– ১৯৩৯ চনত সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধই অনা ভৱাৱহতা আৰু ধ্বংসলীলাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘ গঠন কৰা হয় ǀ মুঠতে আন্ত:ৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰাখাৰ বাবে গঠন কৰা হয় ।

২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰ- ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হল-

    ১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা

    ২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰ- ৰাষ্ট্ৰসংঘৰ প্রধান অংগকেইটাৰ নাম হল –

    ১/ সাধাৰণ পৰিষদ

    ২/ নিৰাপত্তা পৰিষদ

    ৩/ অর্থনৈতিক আৰু সামাজিক পৰিষদ

    ৪/ ন্যাসৰক্ষী পৰিষদ

    ৫/ আন্তর্জাতিক ন্যায়ালয়

    ৬/ সচিবালয়

৪) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

উত্তৰ- ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে-  

    ১) আন্তর্জাতিক শ্রমিক সংঘ ( ILO )

    ২) বিশ্ব স্বাস্থ্য সংস্থা ( WHO ) 

৫) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা ǀ

উত্তৰ- নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হল –

    ১) পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি । (Nuclear Non- Proliferation Treaty)

    ২) পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি (Comprehensive Test Ban Treaty / CTBT)

৬) মানৱ অধিকাৰ বুলিলে কি বুজা?  

উত্তৰ- বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়, এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে ।

চমু উত্তৰৰ প্ৰশ্ন-

১) ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।

উত্তৰ- ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ  চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল—

 ১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

 ২)  সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা ।

 ৩) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

  ৪) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা । 

ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ’ল-

১) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব ।

২)  ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

৩)  আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

৪) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।

৫)  চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

৬)  ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

২)  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।

উত্তৰ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা চমু বিৱৰণ দিয়া হল –

১) ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ’ল নিৰাপত্তা পৰিষদ । আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন ǀ

২) ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল- আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন ǀ

৩) স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্রহণ নহয় । 

৩) বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।

উত্তৰ- ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে । নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰা বা বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লেৱা পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ । তলত ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা কেইটিমান পদক্ষেপ উল্লেখ কৰা হল –

১)  ১৯৬৭ চনত  ‘বহিঃ মহাকাশ চুক্তি’ ।

২)  ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ ।

৩) ১৯৭১ চনত ‘সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ ।

 ৪) ১৯৭২ চনত চল্ট-১ ।

 ৫) ১৯৭৯ চনত চল্ট-২ ।

 ৬) ১৯৯৩ ‘পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’ ।

 ৭) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি”

    ৰাষ্ট্ৰসংঘৰ এনেধৰণৰ পদক্ষেপ গ্ৰহণৰ পাছত এতিয়ালৈকে আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বাছি আছোঁ ।

৪) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

উত্তৰ- ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিবেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্যৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ǀ

সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায় ǀ এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ নামে জনাজাত হয় ǀ এই আইন মতে ৰাজ্যবোৰতো  মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ǀ

আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হব লাগে ǀ সদস্য সকলৰ ভিতৰত

    ১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ ।

    ২) এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ

    ৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি ।

  তদুপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব ǀ সকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ ǀ

ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই দিশত অত্যন্ত প্ৰহৰী ভূমিকা পালন কৰে ।

৫) মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা ।

উত্তৰ- বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰৰ ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে । সেয়েহে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস পালন কৰা হয় । বিশ্বত শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰি ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাই হৈছে এই ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য । এই প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণা পত্ৰই মূলত : দুটা উদ্দেশ্য সাধন কৰিছে –

(১) বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰ সমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে ।

(২) এই ঘোষণা পত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে । কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে । দেশৰ নাগৰিক সকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্ত: ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে । বিশ্বৰ নাগৰিকৰ জীৱন যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১১ (আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘আন্তঃৰাষ্ট্ৰীয় সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য’ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
দশম শ্ৰেণীৰ এই পাঠটিত ৰাষ্ট্ৰসংঘৰ গঠন, ইয়াৰ প্ৰধান অংগসমূহ, মানৱ অধিকাৰ আয়োগ আৰু বিশ্ব শান্তি প্ৰতিষ্ঠাত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভূমিকাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু ৰাজনীতি বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সমাজ বিজ্ঞানৰ এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলী আৰু মানৱ অধিকাৰ সম্পৰ্কীয় দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top