Class 10 Social Science Chapter 10 ভাৰতীয় গণতন্ত্ৰ Solutions | ASSEB Assam | Assamese Medium

CLASS 10 SOCIAL SCIENCE CHAPTER 10

Class 10 সমাজ বিজ্ঞান অধ্যায় ১০ – ভাৰতীয় গণতন্ত্ৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী সমাজ বিজ্ঞান (ৰাজনীতি বিজ্ঞান) অধ্যায় ১০ – ভাৰতীয় গণতন্ত্ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ এই অধ্যায় ‘ভাৰতীয় গণতন্ত্ৰ’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 10 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভাৰতীয় গণতন্ত্ৰ’ নামৰ এই পাঠটিত ভাৰতৰ সংবিধানৰ আদৰ্শ, প্ৰস্তাৱনাৰ গুৰুত্ব, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্য আৰু ভাৰতীয় গণতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ শাসন ব্যৱস্থাৰ বিষয়ে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা, আদৰ্শ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিস্তৃত বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সংসদীয় গণতন্ত্ৰ সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ৰাজনীতি বিজ্ঞানৰ এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.

Vibrant Note Box
ভাৰতীয় গণতন্ত্র

Class 10 Social Science

Chapter – 10 Ospin Academy

ভাৰতীয় গণতন্ত্ৰ

অতি চমু উত্তৰৰ প্ৰশ্ন :

১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।

উত্তৰ:- ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল দল জয়ী হৈছিল।

২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল ?

উত্তৰ:- ‘কেবিনেট মিছন’ ভাৰতলৈ ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল ।

৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰ:- সংবিধান সভাৰ প্ৰথম সভাপতি ড° সচিদানন্দ সিংহ আছিল ।

৪। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?

উত্তৰ:- খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম হ’ল ড° বি আৰ আম্বেদকাৰ ।

৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?

উত্তৰ:- সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ ৪২ তম সংশোধনী  মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ।

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?

উত্তৰ:- ইংৰাজী Federation শব্দটো Foedus শব্দৰ পৰা আহিছে ।

৭) ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক বোলা হয় ।

উত্তৰ:- ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক বোলা হয় ।

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰ:– ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই । 

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?

উত্তৰ:- ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ।

চমু উত্তৰৰ প্ৰশ্ন :

১। ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰ:– ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিট্ৰিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল ।

২। ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল ?

উত্তৰ:- ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ‘ভাৰত চৰকাৰ আইন’ৰ ভিত্তিত চলিছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল ।

৩। প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে ?

উত্তৰ:- প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰিছে কাৰণ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ । সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ǀ

৪। সাৰ্বভৌম মানে কি ?

উত্তৰ:- সাৰ্বভৌম মানে হৈছে ৰাষ্টৰ সৰ্বোচ্চ ক্ষমতা । অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয় ।

৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’আৰু ‘ধৰ্মনিৰপেক্ষ’শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ǀ

৬। ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে ?

উত্তৰ:- যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্হাত এককেন্দ্ৰীক চৰকাৰৰ বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ থাকে তেনে যুক্তৰাষ্ট্ৰক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে ।

৭। কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ:- ‘১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন’ পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ǀ

দীঘল উত্তৰৰ প্ৰশ্ন :-

১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ?

উত্তৰ- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি ǀ ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে ǀ প্ৰস্তাৱনাটো উল্লেখিক কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি ǀ প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবি-কাঠি বুলি অভিবাহিত কৰে ǀ

ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ ǀ

(ক) স্বাধীনতা – ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে ǀ  

(খ) ন্যায়-  সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চত কৰিছে ǀ সামাজিক ন্যায় প্ৰতিষ্টাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্হা লোৱা হব ǀ ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লবলৈ সুবিধা দিয়া ৰ কথা কোৱা হৈছে  ,অৰ্থনৈতিক ন্যায় প্ৰতিষ্টাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেমী বিভাজন আতৰাবলৈ ব্যৱস্হা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ǀ

(গ) সমতা– আইনৰ চকুত সকলো সমান ǀপৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ  চৰকাৰ যত্নপৰ হোৱা উচিত ǀ

(ঘ) ভাতৃত্ববোধ – ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী ǀ

২) ‘সাৰ্বভৌম’,’সমাজবাদী,’ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’  আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা ǀ

উত্তৰঃ-

সাৰ্বভৌম –  ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ǀ অৰ্থাৎ বাহ্যিকভাৱে কোনো এখন দেশ বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও এখন দেশ কোনো বিদেশী দ্বাৰা পৰিচালিত নহয় ।

সমাজবাদী – এটা শ্ৰেণী হীন সমাজ ব্যৱস্হা যত কোনো ধনী দুখীয়া নাথাকে উৎপাদন ব্যৱস্হা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব 

সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ’ব ǀ

ধৰ্মনিৰপেক্ষ – কোনো ধৰ্মক চৰকাৰী স্বীকৃতি দিয়া নহয় । সকলো ধৰ্ম সমান বুলি ধৰা হয় । সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে ǀ

গণতন্ত্ৰ- চৰকাৰ ব্যৱস্হা যত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ǀ ইয়াৰ জড়িয়তে জনগণে তেওলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে  আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে ǀ

গণৰাজ্য – ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনত অধিস্থিত নহয় ǀ তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে ǀ

৩। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা ?

উত্তৰ:- সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল । ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।

ইয়াৰ মূল প্ৰস্তাৱকেইটা হ’ল-

1) সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম , প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ।

2) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব ।

3) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক  স্বীকৃতি প্ৰদান কৰা হ’ব ।

4) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব ।

5) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ।

6) আন্তজাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ǀ

7) জনসাধাৰণক  সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় ǀ চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব ǀ

8) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব ǀ

উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল ǀ

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ǀ

উত্তৰঃ-  ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ হ’ল-

(i) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই ।

(ii) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত মূলত: কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিভৰ্শীল ।

(iii) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই । সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান সেইখন হল ভাৰতীয় সংবিধান ।

(iv) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই ইয়াত এজন নাগৰিক কেৱল ভাৰতবৰ্ষৰ নাগৰিক হিচাপে পৰিচিত ।

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ǀ

উত্তৰঃ– ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্হা কৰিছে ǀ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্হা কৰিছিল ǀ পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল ǀ অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে  অনুসৰণ নকৰি ভাৰতৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল ǀ

ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-

1) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয় বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় ǀ

2) ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত ǀ এখন উচ্চসদন (আন এটা নাম ৰাজ্যসভা)আৰু আনখন নিম্নসদন(আন এটা নাম লোকসভা)ǀ উচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত ǀ ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক ǀ

3) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয় ǀ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১০ (ভাৰতীয় গণতন্ত্ৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘ভাৰতীয় গণতন্ত্ৰ’ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
দশম শ্ৰেণীৰ এই পাঠটিত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, সংসদীয় গণতন্ত্ৰ, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য আৰু ভাৰতীয় গণতন্ত্ৰৰ আদৰ্শৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু ৰাজনীতি বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সমাজ বিজ্ঞানৰ এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে গণতন্ত্ৰৰ বৈশিষ্ট্য আৰু সংসদীয় ব্যৱস্থা সম্পৰ্কীয় দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top