Class 10 Social Science Chapter 1 বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন Solutions | ASSEB Assam | Assamese Medium

CLASS 10 SOCIAL SCIENCE CHAPTER 1

Class 10 সমাজ বিজ্ঞান অধ্যায় ১ – বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস) অধ্যায় ১ – বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ‘বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Social Science Chapter 1 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন’ নামৰ এই পাঠটিত লৰ্ড কাৰ্জনৰ বংগ বিভাজন নীতি, ইয়াৰ আঁৰৰ ৰাজনৈতিক উদ্দেশ্য, আৰু ইয়াৰ প্ৰতিবাদত সমগ্ৰ দেশত গঢ়ি উঠা স্বদেশী আন্দোলন তথা বিদেশী সামগ্ৰী বৰ্জনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ঐতিহাসিক পটভূমি বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বংগ বিভাজনৰ কাৰণ, পটভূমি আৰু স্বদেশী আন্দোলনৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৰাষ্ট্ৰীয় জাগৰণ আৰু আন্দোলনৰ প্ৰভাৱ সম্পৰ্কীয় ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলনৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে সমাজ বিজ্ঞানৰ এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.

Vibrant Note Box
বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Class 10 Social Science

Chapter – 10 Ospin Academy

বংগ বিভাজন আৰু (১৯০৫–১৯১১) স্বদেশী আন্দোলন

অতি চমু উত্তৰ লিখা :

১) বংগ বিভাজন কোন গৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?

উত্তৰঃ- বংগ বিভাজন লৰ্ড কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল ।

২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ- ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৩) বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?

উত্তৰঃ- বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হৈছিল।

৪)স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ?

উত্তৰঃ- স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা ভূপেন্দ্ৰ নাথ দত্তই কৰিছিল ।

৫) বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ- বংগ দেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো ১৯০৬ চনৰ ১১ মাৰ্চত গঠন হৈছিল ।

৬)‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ- ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় আছিল ।

৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ- দাদাভাই নৌৰজীৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

৮) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ- বংগদেশৰ একত্ৰিকৰণ ১৯১১ চনৰ ১২ ডিচেম্বৰত হৈছিল।

চমু উত্তৰৰ প্ৰশ্ন :

১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ব বংগ আৰু অসম’ নামৰ প্ৰদেশৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংনণ্ডল উল্লেখ কৰা ।

উত্তৰ:- বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ব বংগ আৰু অসম’ নামৰ প্ৰদেশৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংনণ্ডল হ’ল- ঢাকা, চট্টগ্ৰাম আৰু  ৰাজশাহী |

২) বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল ?

উত্তৰ:- বংগ বিভাজনৰ তিনিটা অন্তৰ্নিহিত উদ্দেশ্য হ’ল-

(ক) হিন্দু-মুছলমানৰ মাজত একতা ভাঙি তেওঁলোকৰ জাতীয় চেতনাৰ মনোভৱ মষিমূৰ কৰাই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ।

(খ) বংগ ভংগৰ যোগেদি লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি বিন্দু – বঙালী আৰু বুদ্ধীজীৱী সকলক দুয়োখন প্ৰদেশক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল ।

(গ) বংগ ভংগৰ দ্বাৰা কাৰ্জনে ৰাজনৈতিক দিশত অনগ্ৰসৰ মিছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ গুটি সিঁচি দিয়াৰ পৰিকল্পনা লৈছিল ।

৩) বংগ বিভাজ বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ।

উত্তৰ:- ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্ৰীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰা লৈকে পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্তিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদী প্ৰৱল জন সংগ্ৰামৰ জোৱাৰ উঠিছিল । জাতি-বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জপিয়াই পৰিছিল । বংগদেশৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নাম জনাজাত হয় ।

৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ:- স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল । বংশ দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল । ছাত্ৰ সকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মূখ্য সচিব আৰু ডব্লিউ এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ ন’লবলৈ সকীয়াই দিছিল । এই জাননীৰ বিৰুদ্ধে জোৱাৰ উঠিছিল । ছাত্ৰসকলে কাৰ্লাইৰ জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল । ৰবীন্দ্ৰনীথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটল ভাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত এন্টি চাৰ্কুলাৰ ছচাইটী গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে । জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীট’ মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্ৰতিষ্ঠা কৰা হৈছিল ।

5) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

উত্তৰ:- স্বদেশী আন্দোলনৰ মাজতে সীমাবদ্ধ থকা নাছিল পটভূমি আত্মশক্তি বিকাশৰ মানসিকতাই বংগ দেশত জাতীয় শিল্প প্ৰতিশষ্ঠান গঢ়ি তোলাৰ অনুকুল পৰিৱেশ সৃষ্টি কৰিছিল । স্বদেশ পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটীৰ শিল্প আৰু কেইটাবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল । সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁত-শাল উদ্যোগ সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল । ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী । ৰবান্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাতক জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল । স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰছ নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল । সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানত বিক্ৰি কৰা হৈছিল । ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল । আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ‘ইউনাইটেড বেংগল ষ্টোৰছ’ (১৯০৬) ।

বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাৱৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ তোলাৰ চিন্তা কৰিছিল । নীলৰতন চৰকাৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ আৰু আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ্ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল । জামছেদ টাটাই বিখ্যাত লোহ শিল্প কাৰখানা গঢ়ি উঠে ।

বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশক আধুনিক শিল্প উদ্যোগ বুনিয়াদ গঢ়ি উঠিছিল । ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্ৰথম ‘ভাৰতীয় উদ্যোগ সন্মিলনত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱণীয়তা সম্পৰকে দেশবাশীক সজাগ কৰি তুলিছিল । এই সন্মিলনৰ যোগেদি বহুতো দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল । এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলন এটা নতুন যুগৰ সূচনা কৰিছিল ।

৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?

উত্তৰ:- ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰছৰ গাৰ পৰিউদাৰ পন্ঘী কৰিছিল যৃক্ক তেতা এই সেইসকলক হাতত মুঠিৰ মুঠিত ৰমাৰ উদ্দেশ্য তেওংলোকৰ বহুতে বিট্ৰিছ চৰকাৰ আৰোপিত উপাধি পদক আৰু পদ প্ৰদান কৰিছিল । উদাৰপন্থী কংগ্ৰেছ সদস্য উচ্চ ন্যায়ালয়ৰ ব্ৰিটিছ সংসদ সদস্য পদ, ভাইচৰয়ৰ পৰিষদৰ সদশ্য পদ নতুবা প্ৰদেশিক পৰ্যায়ৰ লোভনীয়, সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছি কিন্তু তথাপি কাৰ্জনে বংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল । সুৰেন্দ্ৰনাথ বন্দোধ্যাৰয় । গোপাল কৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাক ব্ৰিটিছ ভংগবিৰোধী অটল স্থিতিয়ে চৰকাৰত শলঠেকত পেলাইছিল । বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদণ্ড উপাধি পদ পদবী আদি বৰ্জন কৰাৰ আহ্বান জনায় । এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই গোখলেই পোল প্ৰথমে ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল ।

৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ– স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল –

(ক) জাতীয় সাহিত্য

স্বদেশোনুভুতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অহিৰণা যোগাইছিল । স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত নাটক প্ৰবন্ধ ইত্যাদি ।

(খ) জাতীয় শিক্ষা :

স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজত সীমাবদ্ধ থকা নাছিল । বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থা আন্দোলনত অংশগ্ৰহণ কৰিছিল ।

(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা :

সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগক মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল ।

৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ǀ

উত্তৰঃ– স্বদেশী আন্দোলনৰ অৱদান সমূহ হৈছে –

1) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় ǀ দেশৰ সমূহ জণগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত , সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে আয়ত্ত কৰিব পাৰিছিল ǀ

2) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল ǀ স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ǀ

3) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল ǀ আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল ǀ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১ (বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলন’ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
দশম শ্ৰেণীৰ এই পাঠটিত ১৯০৫ চনৰ বংগ বিভাজন, লৰ্ড কাৰ্জনৰ ভূমিকা, আৰু ইয়াৰ প্ৰতিবাদত গঢ়ি উঠা স্বদেশী আন্দোলন তথা বিদেশী বস্ত্ৰ বৰ্জনৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু ইতিহাসৰ গুৰুত্বপূৰ্ণ তাৰিখ তথা ঘটনাৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সমাজ বিজ্ঞানৰ এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে কাৰণ দৰ্শোৱা আৰু দীঘলীয়া বৰ্ণনাত্মক প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top