Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ Solutions | AHSEC (ASSEB) Latest Syllabus | Assamese Medium

Class 11 Assamese Chapter 1 – ধনৰ ব্যৱহাৰ – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)

এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ আধাৰাধীন প্ৰথম অধ্যায় – ধনৰ ব্যৱহাৰৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত ধনৰ ব্যৱহাৰ আৰু ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰসংগত আলোচনা কৰা হৈছে। পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়তকৈ নবীনতম AHSEC (ASSEB) বোৰ্ডৰ নতুন পাঠ্যসূচীৰ সম্পূৰ্ণ সমাধানসমূহ অস্পীন একেডেমী (Ospin Academy)ত সহজভাৱে উপলব্ধ।

এই অধ্যায়ত আপুনি শিকিব:

  • ধনৰ ব্যৱহাৰ কি আৰু ইয়াৰ প্ৰকাৰসমূহ
  • আজি-কালিৰ সমাজতে ধনৰ ভূমিকা
  • সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ধনৰ মাহাত্ম্য
  • উত্তৰ-প্ৰশ্নৰ বিৱৰণ আৰু বিশ্লেষণ

🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:

  • AHSEC (ASSEB)ৰ সাম্প্ৰতিক পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
  • অধ্যায়ৰ প্রতিটো প্ৰশ্নৰ সহজভাৱে বুজাব পৰা উত্তৰ
  • অসমীয়া মাধ্যমৰ বাবে উপযোগী ভাষাত প্রস্তুত
  • পরীক্ষাত উত্তীর্ণ হোৱাৰ বাবে সহায়ক
Vibrant Note Box
Buy Printable PDF
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC ASSEB Board Class 11 Assamese)

Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.

Vibrant Note Box
Chapter 1 – ধনৰ ব্যৱহাৰ

ধনৰ ব্যৱহাৰ

সত্যনাথ বনা

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ কৃপণ লোকৰ দুটা ধৰ্ম হৈছে– নিজৰ লাজ ঢাকি ৰখা আৰু জীৱন ধাৰণ কৰা।

​২। অর্থ ব্যৱহাৰৰ মূল মন্ত্র কি?

উত্তৰঃ অৰ্থৰ ব্যৱহাৰৰ মুখ্য নীতি বা মন্ত্ৰ হৈছে– নিজৰ আয়ৰ পৰিমাণ চাইহে ব্যয় কৰা।

​৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ কম উপাৰ্জনৰ বিপৰীতে অধিক খৰচ কৰাটোৱেই হৈছে দৰিদ্ৰতাৰ লক্ষণ বা চিন।

​৪। মানুহৰ ঋণ কেতিয়া হয়?

উত্তৰঃ উপাৰ্জনৰ পৰিমাণতকৈ বেছি খৰচ কৰিবলৈ ল’লে মানুহৰ ধাৰ হয়।

​৫। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উত্তৰঃ সৰু সুৰা খৰচবোৰেই গুপ্ত শত্ৰুৰ দৰে ক্ষতিকাৰক।

​(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)

​১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?

উত্তৰঃ ধনৰ ব্যৱহাৰ মূলতঃ দুটা প্ৰকাৰে কৰিব পাৰি:

(অ) ব্যক্তিগত সুখ-সমৃদ্ধিৰ বাবে সামগ্ৰী গোটাই উপভোগ কৰা, যেনে- খোৱা-লোৱা, পিন্ধা-উৰা, ঘৰ-দুৱাৰ আৰু যাতায়াতৰ আহিলা-পাতি যোগাৰ কৰা।

(আ) আন লোকৰ উপকাৰ সাধন কৰা, যেনে- তেওঁলোকৰ বাবে প্ৰয়োজনীয় খাদ্য, বস্ত্ৰ, শিক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা অথবা আন আন জীৱন-ধাৰণৰ বাবে লাগতিয়াল সামগ্ৰীৰ যোগান ধৰা।

​২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উত্তৰঃ কৃপণ লোকে আনৰ ধন খৰচ কৰা কাৰ্য সহ্য কৰিব নোৱাৰে, কিয়নো তেওঁলোকে ধনৰ মূল্যক কোনো কামৰ মূল্যতকৈ বেছি গুৰুত্ব প্ৰদান কৰে। ভোগ-বিলাসৰ বাবে ধন ব্যয় কৰা ধাৰণাটো কৃপণৰ বোধগম্য নহয়। তেওঁলোকৰ মতে, লাজ ঢকা আৰু প্ৰাণ বচাই ৰখাৰ বাহিৰে আন কোনো কাৰ্যতে ধন খৰচ কৰাটো উচিত নহয়।

​৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উত্তৰঃ লেখকৰ মতে, সৎ আৰু অসৎ এই দুয়োটা স্বভাৱ বা বৃত্তি প্ৰকাশ কৰিবলৈ সামান্য ধনৰ প্ৰয়োজন হয়। দয়া বা আনৰ প্ৰতি মৰমৰ ভাব কাৰ্যত পৰিণত কৰিবলৈ যেনেকৈ ধন লাগে, ঠিক তেনেকৈয়ে অহংকাৰ নাইবা লোভৰ দৰে অসৎ বৃত্তিবোৰ প্ৰকাশ কৰিবলৈও ধনৰ আৱশ্যকতা থাকে।

​৪। কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উত্তৰঃ কিছুসংখ্যকে এই পৃথিৱীত নিজৰ নাম চিৰদিনলৈ ৰাখিবৰ কাৰণে অজস্ৰ ধন জমা কৰি গোটেই জীৱন কৃপণালি আচৰণ কৰে। আন কিছুমানে আকৌ নিজৰ পৰৱৰ্তী পুৰুষ বা নাতি-পুত্ৰসকলৰ বাবে এটা অফুৰন্ত ভঁৰাল সাজি থৈ যোৱাৰ উদ্দেশ্যে কৃপণালি কৰে।

​৫। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা লিখা।

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়া মানুহৰ দুই বিপৰীত প্ৰকৃতিৰ। এই দুয়োবিধৰ মাজত থকা দুটা মুখ্য পাৰ্থক্য তলত দিয়া হ’ল:

(অ) কৃপণ মানুহে অহৰহ কেৱল সঞ্চয় আৰু জমা কৰাৰ চিন্তাহে কৰে, কিন্তু ধোঁৱাখুলীয়া লোকে ধন খৰচ কৰিবলৈহে উগ্ৰীৱ হৈ থাকে।

(আ) কৃপণৰ বাবে ধনৰ ভঁৰালটোৱেই আচল সুখ, কিন্তু ধোঁৱাখুলীয়াৰ বাবে ধন খৰচ কৰি লাভ কৰা উপভোগ আৰু আনন্দটোহে প্ৰকৃত সুখ।

​(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

​১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।

উত্তৰঃ অশিক্ষিত লোকৰ ধন ব্যয়ৰ কৌশল সম্পৰ্কে বিশেষ জ্ঞান বা ধাৰণা নাথাকে। তেওঁলোকে মানুহক ডাঙৰকৈ খৰচ কৰা দেখি আচৰিত হয় আৰু এনে লোকক অতিশয় শ্ৰেষ্ঠ বুলি ভাবে। আনকি, যদি কোনোবাই চুৰি বা ডকাইতি কৰি অনা ধন খৰচ কৰে, তেন্তে অশিক্ষিত লোকে তাক বেয়া ধন বুলিও নাভাবে, বৰং সেইটোৱে তেওঁলোকক আচৰিত কৰে। তেওঁলোকে ধন ব্যয় কৰা কাৰ্যটোক এক মহান কাম বুলি গণ্য কৰে, সেই ধন যি উপায়েৰেই আহৰণ কৰা নহওক কিয়। ধনী লোক তেওঁলোকৰ দৃষ্টিত দেৱতাৰ দৰে। তেওঁলোকে ভাল-বেয়াৰ বিচাৰ কৰিব নোৱাৰে; ধনীৰ ভুল কামকো তেওঁলোকে সাধাৰণ কৌতুক বুলিহে কয়। অশিক্ষিত লোকৰ মান-অপমানৰ জ্ঞান কম হোৱা হেতুকে তেওঁলোকে ধনীৰ অত্যাচাৰক ক্ষমতা বা প্ৰতাপ বুলি ভাবে, আনকি ধনীৰ মাৰ-পিটক মৰমৰ চিন বুলিও গণ্য কৰে।

​২। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।

উত্তৰঃ কৃপণ মানুহৰ মনত যিকোনো কৰ্মৰ মূল্যতকৈ ধনৰ মূল্য অধিক হয়। সেয়ে তেওঁলোকে নিজে কোনো সৎ বা অসৎ বৃত্তিকে কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰে। তেওঁলোকে নিজৰ অসৎ ইচ্ছাবোৰ আনৰ ধনৰ জৰিয়তে পূৰণ কৰিবলৈ যত্ন কৰে। এই শ্ৰেণীৰ লোকে নিজৰ ঘৰত ভাল বস্তু আনি নাখায়, আৰু উপাদেয় ব্যঞ্জনেৰে এসাঁজ ভাত খাবলৈ মন গ’লেও পইচা খৰচ নকৰে। কিন্তু আনৰ ঘৰত খাবলৈ গ’লে তেওঁলোকক বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন লাগিবই। নিজৰ কামবোৰ কৰিবলৈ বহুদূৰ বাট খোজ কাঢ়ি যায়, কিন্তু আনৰ এটা কাম কৰিবলৈ যাবলগীয়া হ’লে বাহনৰ সুবিধা নাপালে নাযায়। নিজৰ পইচাৰে মিহি চাউল কিনি নাখায়, কিন্তু আনৰ ঘৰত শ্ৰেষ্ঠ মানৰ খাদ্যৰহে আশা কৰে। ফাটা কাপোৰ পিন্ধিয়েই দিন কটাব তথাপি নিজৰ ধন ব্যয় কৰি ভাল পোছাক নলয়, অথচ আনৰ পইচাৰে আটাইতকৈ উন্নত বস্তুটোহে ল’বলৈ বিচাৰে। এই প্ৰকাৰৰ কৃপণ লোকে নিজৰ ঘৰৰ আৰ্থিক তথা অন্যান্য দুৰৱস্থা লুকুৱাই ৰাখি আনৰ আগত ডম্বৰু ফুলায়। বাহিৰত চকু লগা এই মানুহবোৰ ভিতৰৰ পৰা সংকীর্ণ মনৰ হয়। এওঁলোক আনৰ ধনৰ যোগেদি পৃথিৱীখন সুন্দৰ কৰি তোলাৰ সপোন দেখা লোক। সেয়ে তেওঁলোকৰ জীৱনশৈলী স্বাভাৱিক লোকৰ দৰে নহয়।

​৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।

উত্তৰঃ নিজৰ আয়ৰ লগত সংগতি ৰাখি খৰচ নকৰিলে মানুহ ধাৰত ডুবি যায়। ঋণ লোৱা কামটো পাপ কৰাৰ দৰেই বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল: পাপী মানুহে যেনেকৈ বিভিন্ন দুখ-কষ্ট সহ্য কৰিব লগা হয়, ঠিক তেনেকৈ ঋণী মানুহেও ধাৰৰ বাবে অশেষ যন্ত্ৰণা ভোগ কৰিব লগা হয়। ধাৰৰ ফলত মানসিক শান্তি নোহোৱা হয় আৰু সমাজত মান-সন্মান কমি যায়। পাপীৰ দৰেই ঋণী মানুহেও দুশ্চিন্তাত টোপনি হেৰুৱায়। শাৰীৰিক স্বাস্থ্যও বেয়া হয়। পৰিয়ালৰ অৱস্থাও লাহে লাহে বেয়াৰ পিনে ঢাল খায়। পাপী মানুহৰ যিদৰে পাপৰ সংখ্যা বাঢ়ি থাকে, ঠিক সেইদৰেই ঋণী মানুহৰো ধাৰৰ বোজা ক্ৰমান্বয়ে বৃদ্ধি পায়। ফলস্বৰূপে তেওঁলোকৰ অৱস্থাৰ অধিক অৱনতি ঘটে। লেখকে এই কাৰণসমূহৰ বাবেই মানুহে ঋণক পাপৰ লগত তুলনা কৰে বুলি কৈছে।

​৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ এই পৃথিৱীত যিসকল লোকে ধনৰ মালিক হৈয়ো দৰিদ্ৰৰ দৰে জীৱন-যাপন কৰে, সেইসকলক লেখকে কৃপণ বা কৰাইচ বুলি কৈছে। লেখকে কৃপণালিৰ কেইবাটাও প্ৰকাৰৰ সংজ্ঞা দাঙি ধৰিছে।

কিছুমান কৃপণ লোকে কেৱল পৃথিৱীত সুনাম অৰ্জন কৰাৰ বাবে যথেষ্ট পৰিমাণৰ ধন সঞ্চয় কৰে। আন এক শ্ৰেণীৰ কৃপণে আকৌ নিজৰ উত্তৰাধিকাৰী বা নাতি-পুত্ৰৰ বাবে ধনৰ অফুৰন্ত ভঁৰাল এটা সাজিবলৈ বিচাৰি ধন খৰচ কৰাৰ পৰা বিৰত থাকে। ধনৰ পৰিমাণ বৃদ্ধি পোৱাটোৱেই আন এক শ্ৰেণীৰ কৃপণৰ আনন্দৰ উৎস। এই শ্ৰেণীৰ কৃপণে ধন উপভোগ কৰিবলৈ নহয়, কেৱল ইয়াৰ পৰিমাণ বঢ়াবলৈহে সঞ্চয় কৰে। লেখকে কৃপণালি ভাল কামৰ কাৰণে কৰা এক শ্ৰেণীৰ কৃপণৰ বিষয়েও উল্লেখ কৰিছে। এওঁলোকে মনত কিবা এটা ভাল কামত ধন খৰচ কৰাৰ সংকল্প লয় আৰু সেই কামৰ বাবে প্ৰয়োজনীয় ধন জমা নোহোৱালৈকে কৃপণালি কৰে। কিন্তু যথেষ্ট ধন গোট খোৱাৰ পাছত তেওঁলোকে নিৰ্দিষ্ট কামত মুক্তহস্তে খৰচ কৰে। কৃপণৰ এনে বিভিন্ন ধৰণৰ প্ৰকাৰ লেখকৰ দৃষ্টিত পৰিছে।

​৫। “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীত এনে বহু লোক আছে যি ধনৰ গৰাকী হৈয়ো দৰিদ্ৰৰ দৰে জীৱন কটায়, তেনে কৃপণ লোকৰ বিষয়ে কওঁতেই লেখকে ব্যাখ্যেয় বাক্যশাৰীৰ অৱতাৰণা কৰিছে। সৎ বা অসৎ যিকোনো স্বভাৱ পূৰ্ণ কৰিবলৈ মানুহক ধনৰ আৱশ্যক। আৰামদায়ক জীৱন এটা কটাবলৈ মানুহে ধন উপাৰ্জন কৰে। সাংসাৰিক সুখ-সুবিধাসমূহ ধন থাকিলে গোটাব পাৰি। কিন্তু এই পৃথিৱীত এনে ধনী লোকো আছে যিয়ে দৰিদ্ৰৰ জীৱন কটায়। তেওঁলোকে ধন থাকিও নিজৰ প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাত ব্যয় নকৰে। তেওঁলোকে কেৱল ধনৰ পৰিমাণ বঢ়াবলৈহে উপাৰ্জন কৰে। এনে লোকে পাৰ্থিৱ বস্তু উপভোগ কৰাৰ সলনি, কেৱল ধনৰ ভঁৰালটো দেখি থাকিলেই পৰম আনন্দ লাভ কৰে। বিভিন্ন সা-সম্পদ ক্ৰয় কৰি সেইবোৰ উপভোগ কৰি তেওঁলোকে সুখ নাপায়, বৰং ধন দেখিহে আনন্দিত হয়। ধনৰ ব্যৱহাৰ যে আন ধৰণেৰেও হ’ব পাৰে, সেয়া তেওঁলোকে নুবুজে, স্বয়ং ধনেই তেওঁলোকৰ বাবে সুখৰ একমাত্ৰ উৎস। তেওঁলোকক উপভোগৰ বাবে ধন নালাগে, সেয়েহে কিমান ধন হ’লে তেওঁলোক সম্পূৰ্ণ হ’ব সেয়া বুজি নাপায়। তেওঁলোকে কেৱল ধন দেখি থকিলেই সুখী হৈ পৰে, দৈনন্দিন জীৱন দৰিদ্ৰ লোকৰ দৰে হ’লেও তেওঁলোকৰ আপত্তি নাথাকে। ব্যাখ্যেয় বাক্যশাৰীৰ দ্বাৰা ইয়াকেই বুজাবলৈ চেষ্টা কৰা হৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘার শ্ৰেণী অসমীয়া সাহিত্য – ধনৰ ব্যৱহাৰ সংক্রান্ত সঘনাই সোধা প্ৰশ্ন
ধনৰ ব্যৱহাৰ বুলিলে কি বুজি পাওঁ?
ধনৰ ব্যৱহাৰ বুলিলে ধন কেনেকৈ এটা সমাজত ব্যৱহাৰ বা প্ৰয়োগ হয়, তাৰ বিষয়বস্তু বুজোৱা হয়।
ধনৰ সামাজিক গুরুত্ব কেনেকুৱা?
ধনে সমাজৰ বিকাশ, অৰ্থনৈতিক সু-সংগঠন আৰু মানুহৰ জীৱনৰ মান বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
এই অধ্যায়ত কি ধৰণৰ প্ৰশ্ন থাকিব পাৰে?
ধনৰ ব্যৱহাৰ সংক্রান্ত মৌলিক তত্ত্ব, সামাজিক অৰ্থনৈতিক প্ৰভাৱ আৰু সমালোচনা সম্বলিত প্ৰশ্নসমূহ থাকিব।
এই সমাধানসমূহ কেনেকৈ লাভ কৰিব পাৰিম?
অসপীন একেডেমীৰ ৱেবছাইটৰ পৰা সহজভাৱে অধ্যায়ৰ সম্পূৰ্ণ উত্তৰসমূহ পঢ়ি আৰু ডাউনলোড কৰিব পাৰি।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top