Class 11 Assamese Chapter 10 – ৰাৱণক বিভীষণৰ সজ উপদেশ – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ দশম অধ্যায় – ৰাৱণক বিভীষণৰ সজ উপদেশ – সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়টো মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে, য’ত ৰাৱণৰ কনিষ্ঠ ভাতৃ বিভীষণে সীতাক ঘূৰাই দি ৰামৰ লগত শত্ৰুতা পৰিহাৰ কৰিবলৈ উপদেশ দিছে। ইয়াত ধৰ্ম আৰু অধৰ্মৰ মাজৰ সংঘাত আৰু এজন জ্ঞানী ব্যক্তিৰ কৰ্তব্য সুন্দৰভাৱে প্ৰকাশ পাইছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই অধ্যায়ৰ সকলো প্ৰশ্নৰ সহজ উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- বিভীষণৰ উপদেশৰ আঁৰৰ কাৰণ আৰু উদ্দেশ্য
- ধৰ্ম, ন্যায় আৰু কৰ্তব্যৰ ধাৰণা
- ৰাৱণ আৰু বিভীষণৰ চৰিত্ৰৰ বৈপৰীত্য
- মাধৱ কন্দলিৰ ৰচনাশৈলী আৰু কাব্যিক গুণ
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ আলোচনা
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- প্ৰতিটো শ্লোক আৰু প্ৰশ্নৰ সহজ ব্যাখ্যা
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বোধগম্য ভাষাত প্ৰস্তুত
- পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
ৰাৱণক বিভীষণৰ সজ উপদেশ
কবি: মাধৱ কন্দলি
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ?
উত্তৰঃ মাধৱ কন্দলিয়ে ৰচনা কৰা ৰামায়ণখন আছিল বাল্মীকি ৰামায়ণৰ ভাবানুবাদ, অৰ্থাৎ ই আক্ষৰিক শ্লোকানুবাদ নাছিল।
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উত্তৰঃ সীতাক অপহৰণ কৰি নি ৰাৱণে লংকাৰ অশোক বনত বন্দী কৰি ৰাখিছিল।
৩। ‘অপ্রমাদী’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘অপ্রমাদী’ শব্দটোৰ তাৎপৰ্য হৈছে ‘ভ্রান্তিহীন’ বা ‘ভুল নোহোৱা কবি’।
৪। ইন্দ্ৰজিৎ কোন আছিল?
উত্তৰঃ ইন্দ্ৰজিৎ আছিল লংকাৰ অধিপতি ৰাৱণৰ পুত্ৰ। তেওঁৰ আন এটা নাম হৈছে মেঘনাদ।
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ লংকেশ্বৰ ৰাৱণৰ সহধৰ্মিণীৰ নাম আছিল মন্দোদৰী।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। ‘নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল?
উত্তৰঃ নৈকেষী আছিল লংকাধিপতি ৰাৱণৰ মাতৃ।
ৰামে লংকা আক্ৰমণ কৰিব বুলি জানিব পাৰি নৈকেষীয়ে ধৰ্মৰ পথৰ পৰা বিচলিত হোৱা পুত্ৰ ৰাৱণৰ ওপৰত আহিবলগীয়া বিপদৰ সম্ভেদ পাইছিল। সেয়ে, এই আসন্ন সংকটৰ পৰা নিজৰ পুত্ৰক ৰক্ষা কৰাৰ উদ্দেশ্যে তেওঁ বিষ্ণুৰ ভক্ত পুত্ৰ বিভীষণক তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃক সৎ আৰু ধৰ্মৰ পথ দেখুৱাবলৈ ৰাৱণৰ ৰাজসভালৈ প্ৰেৰণ কৰিছিল।
২। ‘নাগপাশ’ কি? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
উত্তৰঃ ‘নাগপাশ’ হৈছে পুৰণি কালত যুদ্ধত শত্ৰুক বান্ধিবলৈ ব্যৱহাৰ কৰা সাপৰ দৰে এবিধ বিশেষ জৰী বা অস্ত্ৰ।
ৰাৱণে সীতাক হৰণ কৰাৰ পাছত তেওঁৰ সন্ধানত হনুমান লংকাত উপস্থিত হৈ সোণৰ লংকা লণ্ডভণ্ড কৰিছিল আৰু নিজৰ নেজৰ জুইৰে লংকা নগৰী দগ্ধ কৰিছিল। তেওঁক আন কোনো উপায়েৰে দমন কৰিব নোৱাৰি ৰাৱণৰ পুত্ৰ মেঘনাদে (ইন্দ্ৰজিতে) নাগপাশেৰে বন্দী কৰি থৈছিল।
৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল?
উত্তৰঃ লংকাত প্ৰৱেশ কৰি হনুমানে বহুত বিচাৰিও ক’তো সীতাক বিচাৰি পোৱা নাছিল। শেষত তেওঁ অশোক বনত এটা শিংশপা বৃক্ষৰ তলত সীতাক বন্দী অৱস্থাত দেখা পালে। ৰাক্ষস পহৰাৰ বেষ্টনী ভাঙি নিশা কোনো এক শুভ ক্ষণত হনুমান সীতাৰ ওচৰত উপস্থিত হ’ল। কিন্তু সীতাই হনুমানক ৰামৰ অনুচৰ বুলি সহজে বিশ্বাস কৰিব নোখোজাৰ বাবে সন্দেহ কৰিছিল। সীতাৰ এই সংশয় বুজি হনুমানে ৰামৰ শাৰীৰিক সৌষ্ঠৱ, তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰাৰ লগতে ৰামৰ হাতৰ অভিজ্ঞান আঙঠিটোও দেখুৱালে। এই আঙঠিটো দেখুওৱাৰ লগে লগে সীতাই নিঃসংশয়ে বিশ্বাস কৰিলে যে হনুমান সঁচাকৈয়ে ৰামৰ এজন নিষ্ঠাবান ভক্ত আৰু তেওঁৰ প্ৰেৰিত দূত।
৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ৰচনা কৰিছিল আৰু মহাপুৰুষ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড ৰচনা কৰিছিল।
৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ কবিতাটিত বিভীষণে তিনি প্ৰকাৰৰ মন্ত্ৰৰ বিষয়ে উল্লেখ কৰিছে— উত্তম, মধ্যম আৰু অধম।
যদি সকলো মন্ত্ৰীয়ে একেমত হৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে তাক উত্তম মন্ত্ৰ বুলি কোৱা হয়। যদি কিছু সংখ্যক মন্ত্ৰীয়ে একমত হৈ কোনো সিদ্ধান্ত লয়, তেন্তে সেয়াই মধ্যম মন্ত্ৰ। আকৌ, যিজন পুৰুষ শক্তিহীন, দৈৱে তেওঁকো অধম বুলি গণ্য কৰে।
ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্ৰকে (সকলো মন্ত্ৰীৰ ঐকমত্যত লোৱা সিদ্ধান্ত) শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক-৪ অথবা ৫)
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উত্তৰঃ লংকাধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ বিভীষণ আছিল বিষ্ণুৰ পৰম ভক্ত। তেওঁ মাতৃ নৈকেষীৰ পৰামৰ্শ মতে অধৰ্মৰ পথত থকা জ্যেষ্ঠ ভ্ৰাতৃ ৰাৱণক সৎ পথলৈ ঘূৰাই আনিবলৈ কেইবাটাও হিতকৰ উপদেশ দিছিল।
বিভীষণে ৰাৱণক স্মৰণ কৰাই দিছিল যে ৰাৱণে ৰামৰ পত্নী সীতাক হৰণ কৰি লংকালৈ আনিছে। তাৰ পাছত ৰামৰ ভক্ত হনুমানে সীতাৰ সন্ধানত লংকাত উপস্থিত হৈ সোণৰ লংকা লণ্ডভণ্ড কৰে আৰু নিজৰ নেজৰ জুইৰে লংকা নগৰী দগ্ধ কৰি দিয়ে। বিভীষণে ৰাৱণক এই কথা সোঁৱৰাই দিছিল যে যাৰ ভক্তই এটা জাপেৰেই বিশাল সাগৰ পাৰ হ’ব পাৰে, তেওঁৰ প্ৰভু ৰামচন্দ্ৰ কিমান শক্তিশালী পুৰুষ, তাৰ উমান ইয়াতেই পোৱা যায়। তেওঁ লগতে কৈছিল যে ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বন্দী কৰি বৰ ভাল কাম নকৰিলে; কিয়নো হনুমানৰ মুখত সীতাৰ সংবাদ পাই আৰু হনুমানৰ প্ৰতি কৰা এই দুৰ্ব্যৱহাৰৰ প্ৰতিশোধ ল’বলৈ ৰামে নিশ্চিতভাৱে সোনকালেই লংকা আক্ৰমণ কৰিব।
বিভীষণে কৈছিল যে ৰাম হৈছে তপোবলেৰে পুষ্ট পুৰুষ, যাৰ মহিমা আৰু শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে। তেওঁ যে লংকা নগৰী সম্পূৰ্ণৰূপে ধ্বংস কৰিব, সেই কথাত কোনো সন্দেহ নাই। গতিকে, ৰাৱণে শীঘ্ৰেই জনকনন্দিনী সীতাক মুক্তি দি ৰামৰ হাতত অৰ্পণ কৰক আৰু নিজৰ ৰাজ্য লংকাক আসন্ন বিপদৰ পৰা ৰক্ষা কৰক। বিভীষণে এনেদৰে যুক্তিসংগত সজ উপদেশেৰে ৰাৱণৰ মন পৰিৱৰ্তনৰ চেষ্টা কৰিছিল।
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উত্তৰঃ সীতাক উদ্ধাৰ কৰাৰ বাবে শ্ৰীৰামে কিষ্কিন্ধ্যার বান্দৰ ৰজা সুগ্ৰীৱ আৰু তেওঁৰ কূটনীতিজ্ঞ মন্ত্ৰী হনুমানৰ সহায় লৈছিল। লগতে তেওঁৰ সৈতে সমগ্ৰ বান্দৰ সেনা দল আছিল।
সুগ্ৰীৱৰ নিৰ্দেশমতে অঙ্গদৰ নেতৃত্বত নল, নীল, জাম্বৱান, হনুমান আদিকে ধৰি সকলো বীৰ আৰু বান্দৰ সেনাই সীতাৰ অনুসন্ধানত ঘূৰি ফুৰোঁতে অৱশেষত সাগৰৰ পাৰত সম্পাতিক লগ পায়। সম্পাতিৰ পৰাই তেওঁলোকে জানিব পাৰিলে যে ৰাৱণে সীতাক হৰণ কৰি লংকাৰ অশোক বনত বন্দী কৰি ৰাখিছে।
লংকা নগৰী সাগৰ পাৰ হৈহে পোৱা যায়। সেয়ে সাগৰ অতিক্ৰম কৰি লংকাৰ পৰা সীতাৰ খবৰ অনাৰ চিন্তাত বান্দৰ সেনা চিন্তিত হ’ল। হনুমানহে একমাত্ৰ বীৰ বান্দৰ আছিল, যিয়ে আকাশ মাৰ্গেদি গৈ লংকাত প্ৰৱেশ কৰিব পাৰে। সেয়ে সকলোৰে আদেশ অনুসৰি, বাটত নানা প্ৰকাৰৰ বিপদ-বাধা অতিক্ৰম কৰি হনুমানে লংকাত প্ৰৱেশ কৰিলে। কিন্তু বহু বিচাৰ-খোচাৰ কৰিও সীতাক বিচাৰি নাপাই হনুমান হতাশ হৈছিল। অৱশেষত সম্পাতিৰ কথা মনলৈ অহাত হনুমান অশোক বনলৈ গ’ল আৰু তাতে ৰাক্ষসিনীসকলে বেঢ়ি থকা সীতাক দেখা পালে। নিশাৰ ভাগত নানা বাধা নেওচি হনুমানে সীতাৰ সন্মুখত উপস্থিত হৈ নিজৰ পৰিচয় দাঙি ধৰিলে। কিন্তু সীতাই হনুমানক ৰামৰ অনুচৰ বুলি বিশ্বাস কৰিব নোখোজা বাবে হনুমানে ৰামৰ শাৰীৰিক বৰ্ণনা, তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যৰ বিষয়ে সীতাক ক’লে। শেষত ৰামৰ হাতৰ অভিজ্ঞান আঙঠিটো দেখুওৱাতহে সীতাৰ সম্পূৰ্ণ প্ৰত্যয় জন্মিল।
হনুমানে সীতাক নিজৰ পিঠিত বহুৱাই ৰামৰ ওচৰলৈ নিয়াৰ প্ৰস্তাৱ দিছিল যদিও সীতাই পৰপুৰুষৰ স্পৰ্শদোষত চুৱা হ’ব বুলি কৈ আৰু তেনে কৰিলে ৰামৰ বীৰত্বৰো অপযশ হ’ব বুলি কৈ হনুমানৰ লগত যাবলৈ অস্বীকাৰ কৰিলে।
হনুমানৰ পৰা সীতাৰ নিশ্চিত সংবাদ পাই ৰাম যুদ্ধৰ বাবে প্ৰস্তুত হ’ল। তেওঁৰ একমাত্ৰ চিন্তা আছিল সাগৰ কেনেকৈ পাৰ হ’ব। ৰামৰ চিন্তা দেখি সুগ্ৰীৱৰ নেতৃত্বত বান্দৰ সেনাই সাগৰত সেঁতু বন্ধাৰ দায়িত্ব গ্ৰহণ কৰিলে। কথা মতেই কাম আৰম্ভ হ’ল। বলী আৰু পৰাক্ৰমী বান্দৰসকলে পাহাৰৰ ডাঙৰ শিল কাটি আনি কম সময়ৰ ভিতৰতে সাগৰত দলং সাজি পেলালে। এই শিলৰ সাঁকোৰে সাগৰ পাৰ হৈ ৰাম, লক্ষ্মণ আৰু বান্দৰ সেনা লংকা অভিমুখে যাত্ৰা কৰিলে। লংকাত ৰাৱণৰ সৈতে ভীষণ যুদ্ধ লাগিল। সেই যুদ্ধত ৰাৱণকে ধৰি তেওঁৰ পুত্ৰ মেঘনাদকে আদি কৰি সমস্ত ৰাক্ষস সেনাক ৰাম বাহিনীয়ে পৰাজিত কৰে আৰু সীতাক উদ্ধাৰ কৰি লৈ আহে।
৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা।
উত্তৰঃ কবিতাটিৰ আৰম্ভণিতেই বিভীষণৰ চৰিত্ৰৰ এক সুন্দৰ বৰ্ণনা দিয়া হৈছে।
বিভীষণ হৈছে নৈকেষীৰ পুত্ৰ আৰু লংকাধিপতি ৰাৱণৰ অনুজ ভাতৃ। তেওঁ আছিল পৰম বিষ্ণুভক্ত। এজন প্ৰকৃত ভক্তৰ দৰেই তেওঁ গহীন-গম্ভীৰ আৰু ধীৰ-স্থিৰ প্ৰকৃতিৰ লোক। তেওঁ শুদ্ধ মনৰ অধিকাৰী আছিল আৰু নিজেও এজন বীৰ পুৰুষ।
ৰামচন্দ্ৰৰ বীৰত্ব আৰু মহিমাৰ বিষয়ে বিভীষণে ভালদৰে জ্ঞাত আছিল। তেওঁৰ দৰে জ্ঞানৱান লোকে এই কথা বুজি উঠিছিল যে ৰাম বিষ্ণুৰেই অংশ আৰু ৰাৱণে তেওঁক কেতিয়াও পৰাজিত কৰিব নোৱাৰে। তদুপৰি, নিজৰ দেশ লংকাক আসন্ন ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈকো বিভীষণে মনতে উপায় চিন্তা কৰিছিল। ৰাৱণক সমৰ্থন দিয়া মানে অধৰ্মৰ লগ লগা – বিভীষণে সেই সকলো কথা ভালদৰে জানি জ্যেষ্ঠ ভ্ৰাতৃ ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ আন্তৰিক চেষ্টা কৰিছিল।
কবিতাটোৰ বৰ্ণনাৰ মাজেৰে এজন ধাৰ্মিক, জ্ঞানী, দূৰদৰ্শী আৰু ৰামভক্ত বিভীষণৰ চৰিত্ৰটোক পাঠকে সহজে অনুভৱ কৰিব পাৰে।
৪। মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ মাধৱ কন্দলিক ‘অপ্রমাদী কবি’ অৰ্থাৎ ভ্রান্তিহীন কবি বুলি জনা যায়। তেওঁৰ দ্বাৰা অনূদিত ৰামায়ণ উত্তৰ ভাৰতৰ ভাষাসমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে এক আঞ্চলিক ভাষালৈ (অসমীয়া) অনুবাদ হোৱা কাব্য আছিল। সমগ্ৰ ৰামায়ণৰ ভিতৰত ইয়াৰ সৌন্দৰ্যৰ বাবে সমালোচকসকলে সুন্দৰাকাণ্ডক শ্ৰেষ্ঠ স্থান দিছে। প্ৰশ্নত উল্লেখ কৰা কবিতাটোও সুন্দৰাকাণ্ডৰেই এটা অংশ, সেয়ে ইয়াক কাব্যিক সৌন্দৰ্যৰে ভৰপূৰ কবিতা বুলি নিঃসন্দেহে ক’ব পাৰি।
কন্দলিৰ ৰামায়ণ মূলত: অনুবাদ আৰু অভিযোজনামূলক সৃষ্টি। মূল বাল্মীকী ৰামায়ণৰ পৰা অনুবাদ কৰোঁতে তেওঁ মূল কাহিনীৰ কোনো ক্ষতি নকৰাকৈ লৌকিক উপাদানৰ সহায় লৈ অসমীয়া সমাজ আৰু মানুহৰ কথা মনত ৰাখি অনুবাদ কৰিছিল, যাতে স্থানীয় লোকে ইয়াক সহজে গ্ৰহণ কৰিব পাৰে। এটা ভাষাৰ পৰা আন এটা ভাষালৈ ভাবানুবাদ কৰোঁতে তেওঁ উপযুক্ত প্ৰতিশব্দৰ সুন্দৰ প্ৰয়োগ কৰিছে। কবিতাটোত তৎসম আৰু তদ্ভৱ শব্দৰ সঠিক আৰু সুপ্ৰয়োগ পৰিলক্ষিত হয়। লোকজীৱনৰ মুখৰ ভাষা, যোজনা-ফকৰাৰ সমন্বয় ঘটাই তেওঁ এটা নতুন কাব্যশৈলীৰ সৃষ্টি কৰিছে। কবিতাটোত বীৰ, ৰৌদ্ৰ আদিকে ধৰি বিভিন্ন ৰসৰ সমাহাৰ দেখা যায়। এই সকলো দিশেই মাধৱ কন্দলিৰ অসামান্য কাব্যিক প্ৰতিভাক প্ৰকাশ কৰে।
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্রীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল।
উত্তৰঃ ৰামৰ ক্ৰোধৰ পৰা লংকা ৰাজ্যক বচাবলৈ বিভীষণে নিজৰ জ্যেষ্ঠ ভ্ৰাতৃ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰি সীতাক ওভতাই দিবলৈ হিত উপদেশ দিছিল।
কিন্তু বিভীষণৰ এই হিত উপদেশৰ বিপৰীতে ৰাৱণৰ মন্ত্ৰীসকলে তেওঁক সৎ পথৰ পৰা আঁতৰাই আনিছিল। তেওঁলোকে ৰামক এজন সাধাৰণ মানুহ হিচাপে গণ্য কৰিছিল। সেয়েহে তেওঁলোকে কৈছিল যে ৰাৱণৰ দৰে পৰাক্ৰমী বীৰ এজনৰ এই সাধাৰণ মনুষ্যক ভয় কৰাৰ কোনো যুক্তি নাই। তদুপৰি, হনুমানে কোনেও গম নোপোৱাকৈ লংকা দগ্ধ কৰিছিল; মন্ত্ৰী-পাত্ৰসকলে সজাগ হৈ থকাহেঁতেন হনুমানৰ গৰ্ব নিশ্চয় খৰ্ব কৰিলেহেঁতেন। তেওঁলোকে দৃঢ়তাৰে কৈছিল যে সচেতন হৈ থাকিলে সাধাৰণ হনুমান বা ৰামে লংকাৰ কোনো অনিষ্ট কৰিব নোৱাৰে। গতিকে, ৰাৱণে এই সকলোবোৰ কথা এটা দুঃস্বপ্ন বুলি ভাবি পাহৰি যোৱাই উচিত। তেওঁলোকৰ মতে, ৰামৰ ভয়ত সীতাক ওভতাই দিয়াৰ কোনো প্ৰয়োজন নাই। এনেদৰে মন্ত্ৰীসকলে বিপৰীত আৰু অসৎ উপদেশেৰে ৰাৱণক অধৰ্মৰ পথত আগুৱাই যাবলৈ উৎসাহিত কৰিছিল।
৬। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ ৰচক কোন?
উত্তৰঃ ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ শীৰ্ষক কাব্যাংশটিৰ ৰচক হৈছে মাধৱ কন্দলি।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – ৰাৱণক বিভীষণৰ সজ উপদেশ সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




