Class 11 Assamese Chapter 11 বৰগীতঃ জয় জয় যাদৱ জলনিধিজা Solutions | AHSEC (ASSEB) Latest Syllabus | Assamese Medium

Class 11

Class 11 Assamese Chapter 11 – বৰগীতঃ জয় জয় যাদৱ জলনিধিজা – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)

এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ একাদশ অধ্যায় – বৰগীতঃ জয় জয় যাদৱ জলনিধিজাৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত সন্নিৱিষ্ট কৰা হৈছে। এই বৰগীতটিত ভগৱান কৃষ্ণৰ (যাদৱ) মহিমা, তেওঁৰ ঐশ্বৰিক ৰূপ আৰু গুণৰ বন্দনা কৰা হৈছে। ই ভক্তিৰসৰ এক উৎকৃষ্ট নিদৰ্শন। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই বৰগীতটিৰ প্ৰতিটো পদৰ ব্যাখ্যা আৰু প্ৰশ্নৰ উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।

এই অধ্যায়ত আপুনি শিকিব:

  • বৰগীতটিৰ মূল ভাৱ আৰু তাৎপৰ্য
  • শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি দৰ্শন
  • ভগৱান কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ বৰ্ণনা
  • বৰগীতৰ ভাষা আৰু কাব্যিক সৌন্দৰ্য
  • অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ ব্যাখ্যা

🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:

  • AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
  • প্ৰতিটো পদৰ সহজ আৰু স্পষ্ট ব্যাখ্যা
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বোধগম্য ভাষাত প্ৰস্তুত
  • পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Vibrant Note Box
Buy Printable PDF
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC ASSEB Board Class 11 Assamese)

Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.

Vibrant Note Box
Chapter 11 – বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

বৰগীত

(জয় জয় যাদব জলনিধিজা…)

কবি: শ্রীমন্ত শংকৰদেৱ

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হৈছে ‘মন মেৰি ৰাম চৰণেহি লাগু’।

​২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থখনৰ নাম হৈছে ‘ভক্তি ৰত্নাকৰ’।

​৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱে ছখন নাট বা অংকীয়া নাট ৰচনা কৰিছিল।

​৪। বৰগীতবোৰ কি ভাষাত ৰচিত?

উত্তৰঃ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

​৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উত্তৰঃ হৰি-ভক্তিৰ যোগেদিহে জীৱই মুক্তি লাভ কৰিব পাৰে— এয়েই শংকৰদেৱৰ বৰগীতৰ মূল বিষয়বস্তু।

​(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)

​১। ‘শ্রুতমাত্রাখিলত্রাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘শ্রুতমাত্রাখিলত্রাতা’ শব্দটোৰ তাৎপৰ্য হৈছে— শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলো প্ৰাণীকে উদ্ধাৰ কৰোঁতা বা বেদক ৰক্ষা কৰোঁতা। এই শব্দৰ দ্বাৰা ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

​২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।

উত্তৰঃ বৰগীতটোত উল্লেখ কৰা দুজন দানৱ বা অসুৰৰ নাম হৈছে— কেশী আৰু মধু।

​৩। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?

উত্তৰঃ জগত আৰু জীৱৰ বিভিন্ন দুখ-দুৰ্দশা বিনাশ কৰি পৰম বা শ্ৰেষ্ঠ আনন্দ কঢ়িয়াই অনাৰ বাবেই বৰগীতটোত ভগৱান শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ (মহৎ আনন্দৰ মূল) বুলি সম্বোধন কৰা হৈছে।

​৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই মৎস্য অৱতাৰ ধৰি মহাপ্ৰলয়ৰ সময়ত হেৰুৱা চাৰিখন বেদ পুনৰ উদ্ধাৰ কৰিছিল।

​৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?

উত্তৰঃ বৰগীতটোত শ্ৰৱণ (শুনা) আৰু স্মৰণ (সোঁৱৰা)ৰ মহত্ব প্ৰকাশ কৰি কোৱা হৈছে যে বিষ্ণু বা কৃষ্ণৰ নাম মাত্ৰ শ্ৰৱণ আৰু স্মৰণ কৰিলেই জীৱই সংসাৰৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

​(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)

​১। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা।

উত্তৰঃ হৰিৰ প্ৰতি থকা ভক্তিয়েই যে সাংসাৰিক দুখ-কষ্টৰ পৰা মুক্তিৰ একমাত্ৰ পথ, এয়েই বৰগীতটোৰ মূল বক্তব্য। বৰগীতটোৰ আৰম্ভণিতেই যাদৱ অর্থাৎ শ্ৰীকৃষ্ণক নাৰায়ণৰ সৈতে অভিন্ন বুলি গণ্য কৰি জয়ধ্বনি কৰা হৈছে। এইটোও কোৱা হৈছে যে জগতৰ দুৰ্দশাগ্ৰস্ত আৰু ভক্তসকলক কেৱল নাৰায়ণস্বৰূপ শ্ৰীকৃষ্ণইহে মুক্তিৰ বাট দেখুৱাব পাৰে। শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰিলেই এই মুক্তিৰ পথ লাভ হয়। গুৰুজনে বৰগীতটোৰ প্ৰথম অংশতেই মানুহৰ মনক ভক্তিৰসেৰে সিক্ত কৰিবলৈ সমৰ্থ হৈছে।

শ্ৰীকৃষ্ণ হৈছে জগতৰ প্ৰাণিসকলৰ জীৱনস্বৰূপ। জাগতিক মায়া-মোহে তেওঁক বান্ধি ৰাখিব নোৱাৰে, অথচ তেওঁ ভক্তৰ বশ। তেওঁ বিভিন্ন সময়ত নিজৰ ভক্তক ৰক্ষা কৰিবলৈ অসুৰ, দানৱ আদি ক্ৰূৰ শক্তিক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছে। জগতৰ প্ৰাণীবোৰৰ দুখ হৰণ কৰি তেৱেঁই এই পৃথিৱীত পৰম আনন্দৰ সূচনা কৰে। জীৱকুলৰ মহৎ আনন্দৰ কাৰণো তেৱেঁই।

জগতৰ ত্ৰাণকৰ্তা কৃষ্ণ বিভিন্ন ক্ৰীড়াত নিপুণ। অনন্ত নাগ যাৰ শয্যা, যিজনৰ বিনাশ নাই, কেশী নামৰ অসুৰক বধ কৰোঁতা সেই শ্ৰীকৃষ্ণৰ পীতবসন পৰিহিত সৌম্য ৰূপটোৱে সকলোৰে চকু জুৰায়। শাৰদীয় জোনৰ দৰে শান্ত ৰস বিয়পোৱা শ্ৰীকৃষ্ণৰ দীপ্তি সেই শৰৎ কালৰ জোনৰ জেউতিকো ম্লান পেলায়।

জগতৰ অধিপতি শ্ৰীকৃষ্ণ মংগলময় শিৱৰূপে বিৰাজমান। কেশী, মধু, মুৰ আদি অসুৰক দমন কৰি তেওঁ পৃথিৱীত শান্তি স্থাপন কৰিছিল। সেইবাবে তেওঁ ‘জগত বন্ধুবিধূ’ ৰূপে আন্ধাৰ দূৰ কৰোঁতা।

এনে ত্ৰাণকৰ্তা আৰু মধুৰ ৰূপধাৰী কেশৱ বা শ্ৰীকৃষ্ণৰ পদপংকজত আশ্ৰয় বিচাৰি গুৰুজনাই কাতৰভাৱে প্ৰাৰ্থনা কৰিছে।

মানৱ জীৱন ক্ষণস্থায়ী, প্ৰকৃত মুক্তি কেৱল হৰি-ভক্তিয়েহে দিব পাৰে। সেয়ে সকলো জাগতিক আসক্তি ত্যাগ কৰি হৰিৰ চৰণত সেৱা লোৱাটোৱেই উচিত— বৰগীতটোত এই ধাৰণাই মূৰ্ত হৈ উঠিছে।

​২। বৰগীতটিৰ মাজেৰে ভগবান শ্রীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ বৰগীতটোত শ্ৰীকৃষ্ণক অতিশয় মংগলময় আৰু পৰম কল্যাণকামী ৰূপত অংকন কৰা হৈছে। তেওঁ দুখীয়া আৰু দীন-দুখীয়া লোকৰ বাবে কৰুণাময় ঈশ্বৰ। তেওঁ সদায় নিজৰ ভক্তৰ বশৱৰ্তী, যাৰ ফলত ভক্তসকলে তেওঁৰ পৰাই মুক্তিৰ সন্ধান লাভ কৰে। কেৱল ভক্তসকলেই নহয়, তেওঁৰ নাম শুনা আৰু স্মৰণ কৰা সকলোৰে মনোবাঞ্ছা শ্ৰীকৃষ্ণই পূৰ্ণ কৰে।

এই পৃথিৱীৰ জীৱসমূহৰ তেৱেঁই প্ৰাণস্বৰূপ। জগতৰ জীৱকুলৰ দুখ দূৰ কৰি কল্যাণ স্থাপন কৰিবলৈ তেৱেঁই ত্ৰাণকৰ্তাৰ ভূমিকা লয়। বিভিন্ন সময়ত পৃথিৱীত শান্তি ভংগকাৰী দনুজ, মধু, মুৰ, কেশী আদি অসংখ্য ৰাক্ষসক বধ কৰি তেৱেঁই অশান্তি আঁতৰাই আনিছে। মুঠতে, শান্তি বিঘিনি ঘটাবলৈ চেষ্টা কৰা অশুভ শক্তিক দমন কৰি পৃথিৱীৰ মংগল সাধন কৰা শ্ৰীকৃষ্ণ সদায়েই জগতৰ বন্ধু হিচাপে পৰিচিত। বৰগীতটোত কবিয়ে এনে চিত্ৰই অংকন কৰিছে।

​৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱাৰৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো সাধাৰণ লোকৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ শ্ৰীকৃষ্ণৰ শাৰীৰিক ৰূপৰ মনোমোহা বৰ্ণনা পাঠ্য বৰগীতটোত দাঙি ধৰিছে।

শ্ৰীকৃষ্ণ হৈছে নানা ধৰণৰ ক্ৰীড়া বা লীলাত পাৰ্গত। ৰূপতো তেওঁ অতুলনীয়। অনন্তনাগ যাৰ শয়নৰ স্থান, সেই শ্ৰীকৃষ্ণৰ হালধীয়া বস্ত্ৰ পৰিহিত সৌম্য ৰূপটোৱে সকলোৰে চকু জুৰায়। শৰৎ কালৰ চন্দ্ৰৰ তুলনা বিচাৰি পোৱা নাযায়। কিন্তু মংগলময় শ্ৰীকৃষ্ণৰ মধুৰ মূৰ্ত্তি সেই শাৰদীয় জোনতকৈও অধিক উজ্জ্বল। ভক্তসকলৰ পতি শ্ৰীকৃষ্ণৰ শাৰীৰিক ৰূপ-লাৱণ্যই শৰৎ কালৰ স্নিগ্ধ জোনৰ জেউতিকো ম্লান পেলায়।

শ্ৰীকৃষ্ণৰ সেই নয়ন-মনোমোহা মধুৰ মূৰ্তি অংকন কৰি গুৰুজনে সৰ্বসাধাৰণৰ মনত অবিৰতভাৱে ভক্তিৰসৰ ধাৰা বোৱাই দিবলৈ সমৰ্থ হৈছে।

​৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা বৰগীতসমূহৰ ভাবধাৰা সাধাৰণতে আধ্যাত্মিক তত্ত্বৰে সমৃদ্ধ। পাঠ্য বৰগীতটোতো শ্ৰীকৃষ্ণৰ পাৰমাৰ্থিক ৰূপৰ গুণ-গানেই মূল বিষয়। মানৱ জীৱন আৰু জগতখন অনিত্য কিন্তু অতি দুৰ্লভ। ইন্দ্ৰিয়ৰ অধীন কামনা-বাসনাসমূহে মানুহক প্ৰায়ে বিপদত পেলায়। এনে বিপদৰ পৰা কেৱল শ্ৰীকৃষ্ণইহে পৰিত্ৰাণ কৰিব পাৰে। সেয়ে হৰি-ভক্তি অৰ্থাৎ তেওঁৰ চৰণত শৰণ লোৱাই হৈছে মানৱ জীৱনৰ দুখ-দুৰ্গতিৰ পৰা মুক্তিৰ একমাত্ৰ পথ— এনে গম্ভীৰ ভাৱেই বৰগীতটোত সন্নিবিষ্ট হৈছে।

বৰগীতটোৰ ভাষাইও এক বিশেষ কাব্যিক সুষমাৰ সৃষ্টি কৰিছে। বৰগীতসমূহ যিহেতু কাব্য, সেয়ে ছন্দ ইয়াৰ অপৰিহাৰ্য অংশ। পাঠত অন্তৰ্ভুক্ত বৰগীতটোতো পদ আৰু দুলড়ি ছন্দৰ মিশ্ৰণ দেখা যায়। বৰগীতটোত অনুৰূপ ধ্বনিযুক্ত শব্দৰ পুনৰাবৃত্তি বা অনুপ্রাস অলংকাৰৰ প্ৰয়োগ হৈছে। ‘জগজনজীবন অজন জনার্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ একাধিকবাৰ ব্যৱহাৰ হৈ বৰগীতটোক আলংকাৰিক মাত্ৰা প্ৰদান কৰিছে। তদুপৰি ‘শাৰদ ইন্দুনিধি পৰকাশী’ বাক্যখণ্ডৰ জৰিয়তে কৃষ্ণৰ ৰূপ-সৌন্দৰ্যক শাৰদীয় জোনতকৈও উজ্জ্বল বুলি কৈ উপমা অলংকাৰেৰে সজোৱা হৈছে। লগতে, বৰগীতটোত ব্যৱহাৰ হোৱা শব্দৰ উচ্চাৰণ শেষত ব্যঞ্জনধ্বনিৰে নহয়, স্বৰধ্বনিৰে হয়। এনে স্বৰান্ত উচ্চাৰণে ভাৱ, ৰাগ আৰু বিৰামস্থানৰ সৈতে সংগতি ৰাখি বৰগীতটোক সুখপাঠ্য কৰি তুলিছে।

​৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা:

​(ক) জগজনজীবন অজন জনার্দন দনুজদমন দুখহাৰী।

মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।।

​উত্তৰঃ

সংগতিঃ ব্যাখ্যা কৰিবলগীয়া কাব্যিক অংশখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘জয় জয় যাদৱ জলনিধিজা’ শীৰ্ষক বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।

​প্ৰসংগ: শ্ৰীকৃষ্ণৰ পৰম কল্যাণময় ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবি গুৰুজনে এই ব্যাখ্যা কৰিবলগীয়া পদফাকিৰ অৱতাৰণা কৰিছে।

​ব্যাখ্যা: শ্ৰীকৃষ্ণ হৈছে সমগ্ৰ জগতৰ প্ৰাণিসমূহৰ জীৱনস্বৰূপ। তেৱেঁই সমস্ত দুখ-কষ্ট দূৰ কৰোঁতা। জাগতিক মায়া-মোহে তেওঁক বন্দী কৰি ৰাখিব নোৱাৰে, কিন্তু তেওঁ ভক্তৰ অধীন। ভক্তসকলৰ কষ্ট আৰু বিপদ লাঘৱ কৰি তেৱেঁই পৰম মুক্তি প্ৰদান কৰে। বিভিন্ন সময়ত পৃথিৱীত শান্তি ভংগ কৰা ৰাক্ষস আৰু অসুৰসকলক দমন কৰি তেৱেঁই জগতত মংগল প্ৰতিষ্ঠা কৰিছে। নন্দৰ পুত্ৰ এই শ্ৰীকৃষ্ণই জগতৰ প্ৰাণীবোৰৰ যন্ত্ৰণা নাশ কৰি পৰম আনন্দ কঢ়িয়াই আনে। সমগ্ৰ জীৱকুলৰ মহৎ আনন্দৰ মূল উৎস হৈছে এই শ্ৰীকৃষ্ণ। ব্যাখ্যা কৰিবলগীয়া কবিতাফাকিত শ্ৰীকৃষ্ণৰ এই পৰম মংগলময় ৰূপৰ বৰ্ণনাৰ মাজেৰে কবি গুৰুজনে সৰ্বসাধাৰণ লোকৰ মনত ভক্তিৰস বিয়পাবলৈ সমৰ্থ হৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – বৰগীতঃ জয় জয় যাদৱ জলনিধিজা সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
বৰগীত কাক বোলে?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন গীতসমূহকে বৰগীত বুলি কোৱা হয়।
‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি কোনে ৰচনা কৰিছিল?
এই বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।
বৰগীতটিৰ মূল বিষয়বস্তু কি?
বৰগীতটিৰ মূল বিষয়বস্তু হৈছে ভগৱান কৃষ্ণৰ বন্দনা। তেওঁৰ ৰূপ, গুণ আৰু মহিমাৰ বৰ্ণনাৰ জৰিয়তে ভক্তিৰস প্ৰকাশ কৰা হৈছে।
এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
এই অধ্যায়ৰ পৰা বৰগীতৰ মূল ভাৱ, তাৎপৰ্য ব্যাখ্যা, আৰু কাব্যিক সৌন্দৰ্য বিশ্লেষণ সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top