Class 11 Assamese Chapter 12 ধনবৰ আৰু ৰতনী Solutions | AHSEC (ASSEB) Latest Syllabus | Assamese Medium

Class 11

Class 11 Assamese Chapter 12 – ধনবৰ আৰু ৰতনী – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)

এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ দ্বাদশ অধ্যায় – ধনবৰ আৰু ৰতনীৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘ধনবৰ আৰু ৰতনী’ এটি মৰ্মস্পৰ্শী চুটি গল্প। এই গল্পটোত গাঁৱলীয়া সমাজৰ দৰিদ্ৰতা, সৰল প্ৰেম আৰু সামাজিক বাস্তৱতাৰ এক কৰুণ ছবি দাঙি ধৰা হৈছে। ধনবৰ আৰু ৰতনীৰ চৰিত্ৰৰ মাজেৰে লেখকে মানুহৰ দুখ-দুৰ্দশাৰ এক সুন্দৰ বৰ্ণনা দিছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই অধ্যায়ৰ সকলো প্ৰশ্নৰ সহজ উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।

এই অধ্যায়ত আপুনি শিকিব:

  • ধনবৰ আৰু ৰতনীৰ কৰুণ কাহিনী
  • দৰিদ্ৰতা আৰু প্ৰেমৰ সামাজিক চিত্ৰণ
  • লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প কোৱাৰ শৈলী
  • চৰিত্ৰসমূহৰ মনস্তাত্বিক বিশ্লেষণ
  • অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ ব্যাখ্যা

🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:

  • AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
  • প্ৰতিটো প্ৰশ্নৰ সহজ আৰু স্পষ্ট ব্যাখ্যা
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বোধগম্য ভাষাত প্ৰস্তুত
  • পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Vibrant Note Box
Buy Printable PDF
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC ASSEB Board Class 11 Assamese)

Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.

Vibrant Note Box
Chapter 12 – ধনবৰ আৰু ৰতনী

ধনবৰ আৰু ৰতনী

কবি: লক্ষ্মীনাথ বেজবৰুৱা

পাঠভিত্তিক প্রশ্নোত্তৰ

আর্হি প্রশ্ন

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম হৈছে ‘কদমকলি’।

​২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে ‘মোৰ জীৱন সোঁৱৰণ’।

​৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়।

​৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হৈছে ‘জোনবিৰি’।

​৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ আলোচনীখন সম্পাদনা কৰিছিল।

​(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

​১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ মালিতা হৈছে কাহিনী বা আখ্যানমূলক গীত, য’ত কোনো এটা ঘটনা বা বৰ্ণনা কাব্যিক ৰূপত প্ৰকাশ কৰা হয়। মালিতাক ইংৰাজীত ‘Ballad’ বুলি কোৱা হয়।

​২। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল দুৰ্ভগীয়া প্ৰেমিক-প্ৰেমিকা। ধনবৰৰ ঘৰ উজনিৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ভটিয়াই ধনশিৰিমুখত।

​৩। “বোপাই মোৰ লুইত ঐ। সামৰি লোৱা মোক”- বুলি কোনে কিয় কৈছে?

উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা উক্তিটো ধনবৰৰ। দিখৌমুখৰ ষোড়শী গাভৰু ৰতনী মাক-বাপেকৰ সৈতে কিছুদিনৰ বাবে ধনবৰৰ ঘৰলৈ ফুৰিবলৈ আহিছিল আৰু এই সময়ছোৱাত দুয়োৰে মাজত গভীৰ প্ৰেমৰ সৃষ্টি হৈছিল। সময়ত ৰতনীক তেওঁৰ মাক-বাপেকে ঘৰলৈ লৈ যোৱাত ধনবৰ শোকত ম্ৰিয়মান হ’ল। ৰতনী অবিহনে জীয়াই থকাটো ধনবৰৰ বাবে অসাৰ যেন লাগিল। সেয়ে, দুখত ব্যাকুল হৈ ধনবৰে মৰণক সাৱটি ল’বলৈ লুইত নদীক কাকূতি কৰিছে।

​৪। “ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল শতক কৰি” – ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ ৰতনী অবিহনে ধনবৰে জীয়াই থকাৰ কথা কল্পনা কৰিব পৰা নাছিল। ৰতনীৰ প্ৰেমেই আছিল তাৰ বাবে জীৱনৰ সৰ্বস্ব। যেতিয়া ৰতনী গুচি গ’ল, তেওঁৰ বিৰহৰ বেদনাত ধনবৰে লুইত নদীত আত্মজাহ দিলে। ধনবৰৰ এনে দুৰ্ভাগ্যজনক মৃত্যুৰ কাৰণ হোৱাৰ বাবেই ৰতনীক (অৱশ্যে অনিচ্ছাকৃতভাৱে) ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে।

​৫। “পাৰতে কান্দিছে ধনবৰ দুকীয়া”- ধনবৰে কিয় কান্দিছে?

উত্তৰঃ ধনবৰৰ প্ৰেয়সী ৰতনীয়ে তাক এৰি গুচি যোৱাৰ বাবে সি শোকত কাতৰ হৈছে। নদীৰ পাৰত দুটা বালিমাহী চৰায়ে ৰং-ৰহইচ কৰি ফুৰা দেখিছে, কিন্তু ৰতনী নথকাত ধনবৰৰ নিজৰ জীৱনৰ ৰং যেন নোহোৱা হৈ গ’ল। ধনবৰ দুখীয়া বাবেহে ৰতনীয়ে তাক এৰি থৈ গ’ল বুলি ভাবি ধনবৰে নৈৰ পাৰত বহি বিষাদ যন্ত্ৰণাত কান্দিছে।

​(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)

​১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটি কাৰুণ্যগধুৰ মালিতা। কবিতাৰ বৰ্ণনা অনুসৰি, ধনবৰ উজনিৰ দিখৌমুখৰ এজন ডেকা ল’ৰা আৰু ৰতনী ধনশিৰিমুখৰ ষোড়শী গাভৰু। ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিনৰ বাবে দিখৌমুখৰ ধনবৰৰ ঘৰত আছিল। তাতেই সমবয়সীয়া এই দুয়োৰে মাজত নিবিড় প্ৰেমৰ উন্মেষ হৈছিল। প্ৰেমত নিমগ্ন ধনবৰৰ অন্তৰ জুৰি আছিল ৰতনী, সেয়ে সি ৰতনীক চিৰদিনৰ বাবে নিজৰ কৰি লোৱাৰ আশা বুকুত পুহি ৰাখিছিল।

​কিন্তু বিধিয়ে সি ভবা কথা সফল হ’বলৈ নিদিলে। এদিন হঠাতে ৰতনীক লগত লৈ তেওঁৰ মাক-বাপেক ভটিয়াই ধনশিৰিমুখলৈ গুচি গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰ শোকত ম্ৰিয়মাণ হ’ল, সকলোতে যেন আন্ধাৰ দেখিলে। ৰতনীয়ে ধনবৰৰ বুকুত দিয়া মাধূৰ্য যেন মাক-বাপেকে কাঢ়ি লৈ গ’ল। ৰতনী অবিহনে ধনবৰৰ জীয়াই থকাটো অসাৰ যেন অনুভৱ হ’ল। ক্ষন্তেকৰ বাবে ৰতনীয়ে তাৰ মনৰ কোঠাত যি কল্পনাৰ কাৰেং সাজিছিল, সেয়া বালিঘৰৰ দৰে খহি পৰিল।

​ৰতনীৰ বিৰহত লুইতৰ পাৰত বহি ধনবৰে বিলাপ কৰি জহি-খহি যাবলৈ ধৰিলে। সি ভাবিলে, দুখীয়া বাবেহে ৰতনীয়ে তাক এৰি থৈ গ’ল। সেয়ে দুখত কাতৰ হৈ ধনবৰে ৰতনীক পুনৰ উভতি নাহিবলৈ ক’লে। ৰতনীৰ প্ৰেমেই তাৰ বাবে সৰ্বস্ব আছিল; সেয়ে ৰতনীবিহীন জীৱন অসাৰ জ্ঞান কৰি ধনবৰে শেষত লুইতৰ বুকুত আত্মজাহ দিলে। ধনবৰৰ এই মৰ্মান্তিক মৃত্যুৱে লুইতৰ দুয়োপাৰত শোকৰ বিননি এৰি থৈ গ’ল।

​২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰঃ দিখৌমুখৰ ষোড়শী ডেকা ধনবৰে একে বয়সৰে গাভৰু ৰতনীৰ প্ৰেমত পৰিছিল। সি ৰতনীক কেৱল অন্তৰত নিগাজিকৈ স্থান দিয়াই নহয়, ৰতনীৰ সৈতে ঘৰ-সংসাৰ পতাৰ সপোন দেখিছিল। কিন্তু এদিন হঠাৎ মাক-বাপেকে ৰতনীক লৈ ধনশিৰিমুখলৈ উভতি যোৱাত ধনবৰে চাৰিওফালে আন্ধাৰ দেখিলে। ৰতনীক আপোন কৰি লোৱাৰ ক্ষেত্ৰত ৰতনীৰ মাক আছিল ডাঙৰ হেঙাৰ। সেয়েহে ধনবৰে দুখেৰে কৈছে যে পৰ্বত বগাবলৈ সহজ, কিন্তু লতা বগাবলৈহে টান; অৰ্থাৎ ৰতনীক মৰম কৰিবলৈ সহজ আছিল যদিও মাকক বুজাব নোৱাৰিলে।

​বিভিন্ন উপমাৰে ধনবৰে ৰতনীৰ বিৰহত জৰ্জৰিত হোৱা তাৰ মনৰ অৱস্থা বৰ্ণনা কৰিছে:

​বানে লুইতৰ দুয়ো পাৰ চপৰা-চপৰে খহাই নিয়াৰ দৰে ধনবৰৰ অন্তৰো ভাঙি থানবান হৈ গ’ল।

​সি দেখিছে যে গংগা নৈৰ বুকু উদং নহয়, তাত চিলনী উৰিছে, নৈৰ পাৰৰ বালিও শূন্য নহয়, তাত ঘোঁৰাও চৰে; কিন্তু ধনবৰৰ অন্তৰখনহে কাৰুণ্যৰে ভৰাই ৰতনী গুচি গ’ল।

​লুইতৰ গভীৰ পানীত থকা শিহু মাছ কদাচিৎহে ওপৰলৈ মুখ উলিয়াই, কিন্তু ৰতনী এবাৰ যি গ’ল, ধনবৰে তাইক আৰু দুনাই নেদেখিলে।

​নৈৰ পাৰত গজা বনৰীয়া ফুটুকা গছো অকলশৰীয়া নহয়, তাতে যখিনীয়ে বাস কৰে; কিন্তু ধনবৰ ইমানেই দুৰ্ভগীয়া যে মানুহ হৈও সি ৰতনীৰ অভাৱত অকলশৰীয়াকৈ জহি যাবলৈ ধৰিছে অথচ তালৈ চাবলৈ কোনো নাই।

​ধনবৰ দুখীয়া বাবেই ৰতনীয়ে তাক এৰি থৈ গ’ল বুলি সি নিজকে ‘ভিকহুৰো ভিকহু’ বুলি ধিক্কাৰ দিছে আৰু শেষত লুইতৰ বুকুত আত্মাহুতি দি নিজৰ মনৰ বেজাৰ সামৰিছে। এনেদৰে কবিতাটোত অবিচল প্ৰেমৰ এক কাৰুণ্যগধুৰ প্ৰতিচ্ছবি অংকিত হৈছে।

​৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা।

উত্তৰঃ দিখৌমুখৰ ধনবৰ আৰু ধনশিৰিমুখৰ ৰতনী, এই ষোড়শী ডেকা-গাভৰুৰ মাজত যি প্ৰেমৰ উন্মেষ ঘটিছিল, সেয়া আছিল গভীৰ আৰু চিৰন্তন। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কেইবাটাও দিশৰ পৰা ঘটিছে:

​প্ৰেমক সৰ্বস্ব জ্ঞান: ধনবৰে ৰতনীক কেৱল ভালপোৱাই নাছিল, ৰতনী যেন তাৰ বুকুৰ মাধুৰী আৰু জীৱনৰ উশাহ আছিল। ৰতনীৰ প্ৰেমকেই সি জীৱনৰ সৰ্বস্ব বুলি মানি লৈছিল।

​স্বপ্ন আৰু আকুলতা: প্ৰেমৰ ৰাগীত ধনবৰে ৰতনীৰ সৈতে বগলীৰ দৰে আকাশত উৰি ফুৰাৰ সপোন দেখিছিল আৰু তাইক চিৰদিনৰ বাবে আপোন কৰি লোৱাৰ আশা পুহি ৰাখিছিল।

​বিৰহৰ দুখ: যেতিয়া মাক-দেউতাকে ৰতনীক লৈ গ’ল, ধনবৰে সকলোফালে আন্ধাৰ দেখিলে আৰু শোকত ম্ৰিয়মান হ’ল। ৰতনীবিহীন জীৱন তাৰ বাবে অসাৰ যেন লাগিল। বানে লুইতৰ পাৰ খহাই নিয়াৰ দৰে তাৰ অন্তৰো ভাঙি থানবান হৈ গৈছিল।

​আত্মনিবেদন: ৰতনীৰ বিচ্ছেদৰ যন্ত্ৰণাত সি ইমানেই কাতৰ হৈছিল যে লুইতৰ পাৰত বহি নিজৰ দুৰ্ভাগ্যৰ বাবে বিলাপ কৰিছিল। ধনবৰৰ এই অবিচল প্ৰেমৰ চূড়ান্ত প্ৰকাশ তেতিয়া ঘটিছিল, যেতিয়া সি ৰতনীবিহীন জীৱন অসাৰ বুলি ভাবি লুইতৰ বুকুত আত্মাহুতি দিলে।

​সমগ্ৰ কবিতাটোতে ধনবৰৰ প্ৰেমৰ এই আকুলতা, বিৰহৰ বেদনা আৰু শেষত আত্মাহুতিৰ মাজেৰে চিৰন্তন ৰূপত সিঁচৰতি হৈ আছে।

​৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

​(ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী, বালিতে উৰিল ঐ ঘোঁৰা, সেন্দুৰী টিঙতে বহি উটি গ’লে ৰতনী ধনাইৰে পৰা।

উত্তৰঃ সংগতি: উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট কবি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ মালিতাটিৰ পৰা লোৱা হৈছে।

​প্ৰসংগ: কবিতাফাকিৰ জৰিয়তে কবিয়ে ৰতনী গুচি যোৱাৰ পাছত ধনবৰৰ মনৰ বিষাদ আৰু শূন্যতাৰ অৱস্থাটোক উপমাৰ সহায়ত বৰ্ণনা কৰিছে।

​ব্যাখ্যা: ধনবৰ দিখৌমুখৰ এজন যুৱক। ৰতনী মাক-বাপেকৰ সৈতে কিছুদিনৰ বাবে দিখৌমুখলৈ আহিছিল আৰু ধনবৰৰ প্ৰেমত পৰিছিল। কিন্তু এদিন হঠাতে মাক-বাপেকে ৰতনীক লৈ সেন্দুৰীয়া নাওঁত (সুন্দৰ নাওঁত) উঠি ধনবৰৰ জীৱনৰ পৰা আঁতৰি গ’ল। ধনবৰে দেখিছে যে গংগা নৈৰ বুকু উদং নহয়, তাত চিলনী উৰিছে, নৈৰ পাৰৰ বালিও শূন্য নহয়, তাত ঘোঁৰাও চৰে। কিন্তু এই সকলো ঠাই ভৰপূৰ থকাৰ বিপৰীতে ৰতনী গুচি যোৱাৰ ফলত ধনবৰৰ অন্তৰহে শূন্য হৈ পৰিল। ৰতনীৰ এই বিদায়ে তাৰ জীৱনত এবুকু বিষাদভৰা কাৰুণ্য এৰি থৈ গ’ল।

​(খ) ফুটুকাৰ তলতে যখিনী ছোৱালী টুকটুক চাপৰি বায় ধনাইৰে ছাঁতে ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়।

উত্তৰঃ সংগতি: উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত থকা কবি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ মালিতাটিৰ পৰা লোৱা হৈছে।

​প্ৰসংগ: কবিতাফাকিত ব্যৱহৃত উপমাৰ জৰিয়তে ৰতনীৰ অনুপস্থিতিত ধনবৰৰ অন্তৰৰ চূড়ান্ত বিষাদ আৰু অকলশৰীয়া অৱস্থাটো প্ৰকাশ পাইছে।

​ব্যাখ্যা: ফুটুকা এবিধ জোপোহা বন, যি নৈপৰীয়া ঠাইবোৰত গজে। লোকবিশ্বাস মতে, ফুটুকা গছত যখিনীয়ে বাস কৰে। কবিয়ে কৈছে যে নৈৰ পাৰত গজা এই বনৰীয়া ফুটুকা গছজোপাও অকলশৰীয়া নহয়, কিয়নো ইয়াৰ সৈতে যখিনীও থাকে। কিন্তু ধনবৰ ইমানেই দুৰ্ভগীয়া যে সি এজন মানুহ হৈও ৰতনীৰ অভাৱত সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ শোকত জহি যাবলৈ ধৰিছে, অথচ তাৰ দুখলৈ চাবলৈ বা তাক সান্ত্বনা দিবলৈ কোনো নাই। ৰতনী অবিহনে ধনবৰৰ মনত কেৱল শোকৰ গভীৰ বিননিহে বাজি উঠিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – ধনবৰ আৰু ৰতনী সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
‘ধনবৰ আৰু ৰতনী’ গল্পটো কোনে ৰচনা কৰিছিল?
এই গল্পটো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল।
গল্পটোৰ মূল বিষয়বস্তু কি?
গল্পটোৰ মূল বিষয়বস্তু হৈছে দৰিদ্ৰতাৰ কবলত পৰা এহাল গাঁৱলীয়া প্ৰেমিক-প্ৰেমিকাৰ কৰুণ কাহিনী আৰু সামাজিক বাস্তৱতা।
ধনবৰ আৰু ৰতনী চৰিত্ৰ দুটাই কিহৰ প্ৰতীক?
ধনবৰ আৰু ৰতনী চৰিত্ৰ দুটাই গাঁৱলীয়া সমাজৰ সৰল, নিস্পাপ অথচ দুৰ্ভগীয়া লোকসকলক প্ৰতিনিধিত্ব কৰে।
এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
চৰিত্ৰ বিশ্লেষণ, কাহিনীৰ মূলভাৱ, সামাজিক চিত্ৰণ আৰু লেখকৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যামূলক প্ৰশ্ন আহিব পাৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top