Class 11 Assamese Chapter 3 – গৌৰৱ – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ তৃতীয় অধ্যায় – গৌৰৱৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত গৌৰৱৰ অৰ্থ, মান্যতা আৰু জীৱনত গৌৰৱৰ ভূমিকা সম্পৰ্কে গভীৰ আলোচনা আছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যসূচী অনুসৰি এই অধ্যায়ৰ প্ৰশ্ন সমূহৰ সহজভাৱে বুজাব পৰা উত্তৰসমূহ অস্পীন একেডেমীৰ (Ospin Academy) ৱেবছাইটত উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- গৌৰৱৰ মৌলিক ধারণা আৰু তাৰ গুরুত্বপূর্ণতা
- মানৱ জীৱনত গৌৰৱৰ ভূমিকা আৰু প্ৰভাৱ
- সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত গৌৰৱৰ প্ৰয়োজনীয়তা
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশ্লেষণ
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ নতুন পাঠ্যসূচীৰ সম্পূৰ্ণ সমাধান
- অধ্যায়ৰ প্রতিটো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে উপযোগী ভাষা আৰু উদাহৰণ
- পরীক্ষাৰ বাবে সহায়ক আৰু প্ৰস্তুতি দিব পৰা উত্তৰসমূহ
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
গৌৰৱ
লেখক: কালিৰাম মেধি
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থখনৰ নাম হৈছে ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’।
২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ হৈছে ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ।
৩। নেপোলিয়ন বোনাপার্ট কোন দেশৰ বীৰ আছিল?
উত্তৰঃ নেপোলিয়ন বোনাপার্ট ফ্ৰান্স দেশৰ বীৰ আছিল।
৪। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?
উত্তৰঃ মৈথিলী আৰু বঙালী ভাষা-ভাষী লোকসকলে বিদ্যাপতিক লৈ ‘টনাটনি’ কৰে।
৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ জাপানী লোকসকলে নিজৰ দেহৰ গঠন ককেচিয়ান মানুহবোৰৰ দৰে কৰিবলৈ যত্ন কৰিছে।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
উত্তৰঃ সৌভাগ্যৰ ভিত্তিত জন্ম, ধন আৰু সামাজিক মৰ্যাদাৰ জৰিয়তে গৌৰৱৰ ভাব মনত ওপজে। বংশগতভাৱে উচ্চ কুলত জন্ম লোৱা ব্যক্তিয়ে নিজৰ বংশ-মৰ্যাদাক লৈ গৌৰৱ কৰে। আনহাতে, কিছুমান লোকে আনক অলপো সহায় নকৰিলেও বা কোনো ভাল কামত ধন ব্যয় নকৰিলেও কেৱল ধনৰ গৰাকী হোৱা হেতুকে গৌৰৱ প্ৰকাশ কৰে। উচ্চ বংশত জন্ম হ’লে আৰু প্ৰচুৰ ধন-সম্পত্তি থাকিলে সমাজত মান-সন্মান লাভ কৰা যায়। গতিকে দেখা যায় যে জন্মগত সৌভাগ্যৰ পৰাই মানুহৰ মাজত গৌৰৱৰ ভাৱ উপজি উঠে।
২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ বাহ্যিক ৰূপক লৈ কৰা গৌৰৱ স্থায়ী নহয়; কিন্তু ৰূপৰ প্ৰভাৱত লাভ কৰা মান আৰু ভক্তি স্থায়ী হ’ব পাৰে। সীতা আৰু গ্ৰীক সুন্দৰী হেলেনৰ ৰূপক লৈ গৌৰৱ কৰিব নোৱাৰি, কিয়নো তেওঁলোকৰ ৰূপৰ বাবেই ৰাম-ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰ’জানৰ যুদ্ধৰ দৰে মহা সংগ্ৰাম সংঘটিত হৈছিল। একেদৰে, ভগৱান বিষ্ণুৰ মোহিনী ৰূপে মহাদেৱৰ দৰে মহান যোগীকো বিচলিত কৰিছিল। ইয়াৰ বিপৰীতে, মহাপুৰুষ শংকৰদেৱৰ শান্ত আৰু সৌম্য ৰূপৰ প্ৰভাৱত তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰাও ভক্তি আৰু সন্মান লাভ কৰিছিল। ঠিক তেনেদৰে, হজৰত মহম্মদৰ সুন্দৰ ৰূপে তেওঁক বধ কৰিবলৈ অহা শত্ৰুৰ হাতৰ পৰাও উদ্যত তৰোৱাল খহাইছিল। ৰূপৰ বাবে পোৱা এনেধৰণৰ ভক্তি আৰু মান নিশ্চিতভাৱে স্থায়ী।
৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?
উত্তৰঃ পাঠটোৰ মতে, বিশ্বামিত্ৰৰ দুখৰ মূল কাৰণ আছিল তেওঁৰ জন্মগত পৰিচয়।
৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ ৰজা শুদ্ধোধনৰ নাম মানুহে তেওঁৰ পুত্ৰ গৌতম বুদ্ধৰ বাবেহে জানে। বুদ্ধই সৰ্বোচ্চ জ্ঞান লাভ কৰি বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। সেয়ে, তেওঁৰ পিতৃ হিচাপেহে ৰজা শুদ্ধোধনক মানুহে স্মৰণ কৰে।
৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কিয়নো বিজয়ীসকলে কেৱল মানুহকহে পৰাজিত কৰে, তেওঁলোকৰ মনক জয় কৰিব নোৱাৰে। সেয়েহে, যদিও ভৌগোলিক সীমা ৰজাৰ শাসনৰ অধীনত থাকে, তথাপি তেওঁ মানুহৰ হৃদয়েৰে স্থায়ীভাৱে শাসন কৰিব নোৱাৰে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। “ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল”- কথাষাৰ বুজাই লিখা।
উত্তৰঃ বৰ্তমান সময়ত ধন-সম্পত্তি হৈ পৰিছে দৈনন্দিন জীৱনৰ প্ৰধান নিয়ামক শক্তি। যাৰ ধন আছে তেওঁৰ মৰ্যাদা আছে। ধনৱান লোকৰ কাষলৈ সকলোৱে আগবাঢ়ি যায় আৰু তেওঁ যিমানেই বেয়া কাম নকৰক কিয়, তেওঁৰ মান-সন্মান নিজৰ লগতেই থাকে। ধনৰ অভাৱত উচ্চ জাতি বা কুলত জন্ম লাভ কৰা লোকৰো কোনো মূল্য নাথাকে। আনকি ধৰ্মও ধনৰ বশৱৰ্তী হৈ পৰিছে।
ধনীজনৰ ধন যদিও কোনো কামত নালাগে, তেওঁ আনক সামান্য সহায় নকৰক বা ভাল কামতো ধন নিদিয়ক, তথাপিও যাৰ ধন আছে তেওঁৰ ওচৰলৈ সকলো লোকেই আনুগত্যৰে আহে। সকলোৱে তেওঁৰ ওচৰত নম্ৰতা বজাই ৰাখে। ধনী মানুহৰ সন্তানে যিমানেই বেয়া কাম নকৰক বা বেয়া সংগৰ পৰা জ্ঞান আহৰণ নকৰক, কেৱল ধনী হোৱাৰ বাবেই তেওঁলোকৰ মৰ্যাদা ক্ষতি নহয়, বৰঞ্চ বৃদ্ধিহে পায়। পৃথিৱীৰ সৰহভাগ মানুহেই ধনীক ভয় কৰে, সন্মান কৰে আৰু ভক্তিৰ চকুৰে চায়।
২। ‘গৌৰৱ’ প্ৰবন্ধটোত প্রকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ মানুহে যিকোনো পৰিস্থিতিতে নিজৰ গৌৰৱৰ হেতু বিচাৰি উলিয়ায়। সৌভাগ্য, শাৰীৰিক অৱস্থা আৰু মানসিক অৱস্থা— এই সকলোবোৰ গৌৰৱৰ কাৰণ হ’লেও, এইবোৰক লৈ কৰা গৌৰৱক প্ৰকৃত গৌৰৱৰ পৰিসৰত স্থান দিয়া নহয়।
প্ৰকৃততে জ্ঞান, আত্মসংযম আৰু আত্মদানেহে মানুহক অমৰত্ব প্ৰদান কৰে। এজন জ্ঞানী পুৰুষ সাধাৰণ অৱস্থাৰ হ’লেও তেওঁ মানুহৰ মাজত চিৰকাললৈ জিলিকি থাকে। সেইবাবেই ছেক্সপীয়েৰ, কবীৰ, মাধৱদেৱৰ বিষয়ে আমি যিমান জানো, ডাঙৰ ডাঙৰ সম্ৰাটসকলৰ বিষয়েও সিমান নাজানো। শুদ্ধোধন ৰজা হিচাপে বিখ্যাত নহয়, বৰঞ্চ তেওঁ বুদ্ধদেৱৰ পিতৃ হোৱাৰ বাবেহে মানুহে তেওঁৰ কথা জানে।
ভাৰ্জিলে তেওঁৰ জ্ঞানেৰে যিমান দেশ জয় কৰিব পাৰিছিল, জুলিয়াছ ছিজাৰে সিমান দেশ জয় কৰিব পৰা নাছিল। আলেকজেণ্ডাৰে ভৌগোলিক দেশহে জয় কৰিছিল, কিন্তু প্লেটোৱে মানুহৰ মনক জয় কৰিছিল। একেদৰে, ইউৰোপত সম্ৰাট নেপোলিয়ন বোনাপার্টতকৈ মাৰ্টিন লুথাৰৰ জনপ্ৰিয়তা অধিক। সম্ৰাট আকবৰৰ সাম্ৰাজ্য ধ্বংস হ’ল যদিও গৌতম বুদ্ধই তেওঁৰ আধ্যাত্মিক আদৰ্শৰে আজিও মানুহৰ মনক ধৰি ৰাখিছে। পৃষ্ঠপোষক ৰজা নৰনাৰায়ণৰ শাসনকাল বহুকাল আগতেই শেষ হৈ গ’লেও শংকৰদেৱৰ জনপ্ৰিয়তা কমা নাই, বৰঞ্চ বাঢ়িছেহে। নিউটন বা ডাৰউইনে নিজৰ ভাব-ধাৰাৰ জৰিয়তে আনকো চিন্তা কৰিবলৈ বাধ্য কৰাইছে।
তদুপৰি, বিশ্ববিখ্যাত কবি হোমাৰ, অনন্ত কন্দলি, ডাক, বিদ্যাপতি আদি বিদ্বান ব্যক্তিসকলক বহু ঠাইৰ মানুহে নিজৰ ঠাইত জন্ম হোৱা বুলি গৌৰৱ কৰিবলৈ হেতা-ওপৰা লগায়। তেওঁলোকৰ জন্মস্থানকলৈ বিতৰ্ক আছে, কাৰণ তেওঁলোক আছিল জ্ঞানৰ ভঁৰাল।
একেদৰে অসমৰ ভিন ভিন অঞ্চলৰ মানুহে মাধৱ কন্দলি, মাধৱদেৱ, অনন্ত কন্দলি আদি পণ্ডিতসকলৰ জন্মস্থানক লৈও টনা-আজোৰা কৰে। সাধাৰণ মানুহবোৰেও তেওঁলোকৰ নিজৰ জাতিৰ বা একে ব্যৱসায়ৰ কোনো লোক বিখ্যাত হোৱা দেখিলে তেওঁৰ নাম লৈ সেই জাতিৰ গৌৰৱ কৰে।
লেখকে সক্রেটিছৰ জ্ঞান, হবিশ্চন্দ্ৰৰ ত্যাগ, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মত্যাগৰ গৌৰৱপূৰ্ণ ইতিহাসৰ কথা সোঁৱৰাইছে। এইবোৰেইহে প্ৰকৃত গৌৰৱৰ মূল কাৰণ বুলি তেওঁ কৈছে।
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।”
উত্তৰঃ সংগতি:
ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ’ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ:
প্ৰকৃত গৌৰৱৰ কাৰণসমূহ কি কি, সেই বিষয়ে আলোচনা কৰিবলৈ গৈ লেখকে উপৰোক্ত উক্তিটোৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা:
কোনো দেশ বিজয় কৰা ৰজা বা বীৰক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু বিজয়ীয়ে আচলতে কেৱল ভৌগোলিক এলেকাটোহে জয় কৰে, মানুহৰ মনক তেওঁ জয় কৰিব নোৱাৰে। যদি মানুহৰ মনত স্থান লাভ কৰিব নোৱাৰে, তেন্তে সেই গৌৰৱ কেতিয়াও স্থায়ী নহয়। ইতিহাসত এনে বহুতো উদাহৰণ বিদ্যমান। যেনে— প্ৰৱল পৰাক্ৰমী বীৰ আলেকজেণ্ডাৰে ক্ৰমাগতভাৱে দেশ জয় কৰিছিল, কিন্তু দার্শনিক প্লেটোৰ দৰে তেওঁ মানুহৰ মনত স্থায়ীভাৱে আসন লাভ কৰিব পৰা নাছিল। জুলিয়াছ ছিজাৰে ৰোমৰ বিখ্যাত বীৰ হৈয়ো সাধাৰণ মানুহৰ মন জয় কৰিব নোৱাৰিলে, অথচ ভাৰ্জিলে তেওঁৰ জ্ঞানৰ জৰিয়তে সেইটো কৰিব পাৰিছিল। মাৰ্টিন লুথাৰে সাধাৰণ লোকৰ হৃদয়ত স্থান পাইছিল, কিন্তু একছত্ৰী সম্ৰাট নেপোলিয়নে সেই কাম কৰিব পৰা নাছিল। সম্ৰাট আকবৰেও একেদৰেই মানুহৰ মন জয় কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে, একেখন ভাৰতবৰ্ষতে গৌতম বুদ্ধই সাধাৰণভাৱে থাকিও মানুহৰ মাজত পূজনীয় হৈ পৰিল। অসমত, শংকৰদেৱক যি ৰজা নৰনাৰায়ণে পৃষ্ঠপোষকতা কৰিছিল, সেই ৰজাৰ ৰাজ্য কালক্ৰমত ধ্বংস হ’লেও শংকৰদেৱৰ প্ৰাসংগিকতা কমি যোৱাৰ পৰিৱৰ্তে বাঢ়িহে গৈছে। নিউটন, ডাৰউইন আদি বিজ্ঞানীসকলে তেওঁলোকৰ নিজস্ব চিন্তা-চৰ্চাৰ জৰিয়তে সাধাৰণ মানুহকো চিন্তা কৰিবলৈ উদ্গনি যোগাইছে।
এনে অসংখ্য উদাহৰণৰ সহায়ত লেখকে সুন্দৰভাৱে বৰ্ণনা কৰিছে যে দেশ জয় কৰা বীৰসকলে কেৱল মানুহৰ দেহকহে পৰাজিত কৰিব পাৰে, কিন্তু তেওঁলোকৰ মনক পৰাস্ত কৰিব নোৱাৰে।
৪। জন্মগতভাবে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ লেখকে সৌভাগ্যৰ পৰা জন্ম, ধন আৰু সামাজিক মৰ্যাদাৰ আগমন ঘটে বুলি উদাহৰণসহ পাঠটোত উল্লেখ কৰিছে। জন্মসূত্ৰে মানুহে সৌভাগ্যৰ অধিকাৰী হয়। উচ্চ কুলত জন্ম লোৱা ব্যক্তিয়ে নিজৰ বংশ-মৰ্যাদাক লৈ গৌৰৱ কৰে আৰু সমাজত সদায় আগস্থান পায়। পাঠত উল্লেখ কৰা হৈছে যে এজন লোক গৰুচোৰ হ’লেও যদি তেওঁ ভূঞা বংশত জন্মে, তেন্তে তেওঁ উচ্চ বংশজাত বুলি সন্মান লাভ কৰে, অথচ সেই একে সন্মান এজন সাধাৰণ বংশৰ ল’ৰাই বিদ্বান হ’লেও লাভ নকৰে। মহাভাৰতৰ কৰ্ণই পাণ্ডুৰ ঔৰসত জন্ম লাভ কৰিও নীচ বংশৰ পুত্ৰ হিচাপে পৰিচিত হোৱাৰ বাবেই পাণ্ডৱৰ দৰে মৰ্যাদা পোৱাৰ পৰা বঞ্চিত হৈছিল।
ঠিক তেনেকৈয়ে, ধন-সম্পত্তি থাকিলে মৰ্যাদা নিজেই আহে। লেখকৰ মতে, পৃথিৱীত এনে কোনো মানুহ নাই, যিয়ে ধনীক ভয়, মান বা ভক্তি নকৰে।
কিন্তু জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়। কাৰণ সেইবোৰ আমাৰ আৰ্জিত নহয়। আমি আমাৰ জ্ঞান-বুদ্ধিৰে সেইবোৰ লাভ কৰা নাই।
প্ৰকৃত গৌৰৱ কেৱল জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰাহে উদ্ভৱ হয়। নিজৰ বিবেক-বুদ্ধি আৰু কৰ্মৰ দ্বাৰা কিবা এটা অৰ্জন কৰিব পাৰিলেহে স্থায়ী গৌৰৱ কৰিব পাৰি, আনৰ পৰা পোৱা কোনো বস্তুৰ দ্বাৰা স্থায়ী গৌৰৱ লাভ কৰিব নোৱাৰি। মানসিক বৃত্তিসমূহৰ উৎকৰ্ষ সাধনৰ ফলত যি গৌৰৱৰ জন্ম হয়, সেয়াহে স্থায়ী আৰু অকৃত্রিম।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা-‘ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ সংগতি:
ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ’ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ:
লেখকে মানুহে গৌৰৱ কৰিব পৰা বিভিন্ন কাৰণসমূহৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ ৰূপৰ প্ৰভাৱশালী শক্তিৰ বিষয়ে ব্যাখ্যা কৰিছে। এই প্ৰসংগতে উপৰোক্ত উক্তিটোৰ অৱতাৰণা কৰা হৈছে।
ব্যাখ্যা:
ৰূপ এটা গৌৰৱৰ কাৰণ, কিয়নো ৰূপে জ্ঞানী মানুহকো অজ্ঞানী কৰিব পাৰে। স্বয়ং মহাদেৱৰ দৰে মহান যোগীকো ভগৱান বিষ্ণুৰ বিশ্ব বিমোহনকাৰী ৰূপে বিচলিত কৰি তুলিছিল। আকৌ, ৰূপেই বহুত সময়ত যুদ্ধ-বিগ্ৰহৰ সৃষ্টি কৰে। ৰাম-ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰজান যুদ্ধৰ মূল কাৰণ আছিল ৰূপ।
ঈশ্বৰপ্ৰদত্ত শাৰীৰিক ৰূপৰ এক আচৰিত আকৰ্ষণ শক্তি থাকে, যি অনবৰতে মানুহক নিজৰ ফালে টানি নিয়ে। ডাণ্টেৰ সুবিখ্যাত গ্ৰন্থ ‘ডিভাইন কমেডি’ এই ৰূপৰ প্ৰভাৱতেই সৃষ্ট হৈছিল। ৰূপেই লিয়েণ্ডাৰক সাহস যোগাইছিল, যাৰ বাবে তেওঁ হেলিম্পট সাগৰ সাঁতুৰি পাৰ হৈছিল। মানুহ ৰূপৰ ওচৰত মন্ত্ৰমুগ্ধ হৈ পৰে। শান্ত আৰু সৌম্য ৰূপৰ বাবেই মহাপুৰুষ শংকৰদেৱে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা লাভ কৰিছিল। হজৰত মহম্মদক হত্যা কৰিবলৈ অহা শত্ৰুৰ উদ্যত তৰোৱাল তেওঁৰ ৰূপৰ প্ৰভাৱতেই খহি পৰিছিল। এই চুম্বকত্ব সদৃশ গুণ থকাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো সম্ভৱ হৈছিল।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – গৌৰৱৰ সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




