Class 11 Assamese Chapter 4 – কিতাপৰ কথা – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ চতুৰ্থ অধ্যায় – কিতাপৰ কথা – সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত কিতাপৰ গুৰুত্ব, কিতাপৰ মাধ্যমৰ জৰিয়তে জ্ঞানৰ অধ্যয়ন আৰু সাহিত্যৰ প্ৰসাৰৰ ওপৰত আলোকপাত কৰা হৈছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যসূচীৰ অংশ হিচাপে এই অধ্যায়ৰ সমস্ত প্ৰশ্নৰ সহজ আৰু বোধগম্য উত্তৰ অস্পীন একেডেমীৰ (Ospin Academy) ৱেবছাইটত উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- কিতাপৰ ভূমিকা আৰু সমাজত ইয়াৰ প্ৰভাৱ
- জ্ঞানৰ উৎস হিচাপে কিতাপৰ মাহাত্ম্য
- কিতাপৰ মাধ্যমে সাহিত্য আৰু সংস্কৃতিৰ বিকাশ
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু সম্পূৰ্ণ বিৱৰণ
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ নতুন পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- প্ৰত্যেক প্ৰশ্নৰ সহজ আৰু সঠিক উত্তৰ
- অসমীয়া শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
- পরীক্ষাৰ সফলতাত সহায়ক উত্তৰসমূহ
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
কিতাপৰ কথা
লেখক: প্রফুল্লদত্ত গোস্বামী
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নব মূল্যাংক- ১)
১। ছপাখানা আৰু কাগজ আবিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?
উত্তৰঃ কাগজ আৰু ছপাখানাৰ আৱিষ্কাৰ চীন দেশত হৈছিল।
২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উত্তৰঃ বৰ্তমান সময়ত গুৰুৰ স্থান বহু পৰিমাণে কিতাপে অধিকাৰ কৰিছে।
৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উত্তৰঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে এইদৰে পৰামৰ্শ দিছিল যে, “কিছুমান কিতাপৰ স্বাদ গ্রহণ কৰা আৱশ্যক, আন কিছুমান গিলি পেলোৱা উচিত, আৰু তাকৰ সংখ্যক কিতাপহে চোবাবলৈ আৰু হজম কৰিবলৈ লাগে।”
৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?
উত্তৰঃ বিদ্যাৰ চৰ্চা নহ’লে মানুহৰ মনটো ভীরুতা আৰু অন্ধবিশ্বাসৰ আৱৰণেৰে আবৃত হৈ পৰে।
৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্রচলিত আছে?
উত্তৰঃ কিতাপ আৰু কিতাপ সম্পৰ্কীয় অধ্যয়নৰ বিষয়ে চীনদেশ আৰু আলবেনিয়াত যোজনা প্রচলিত আছে।
চীনদেশত প্রচলিত যোজনাটো হ’ল- “কিতাপ মেলা মানেই লাভ। বিদ্বান লোকে চুৰ কৰা কাম নকৰে।” আৰু আলবেনিয়াত প্রচলিত যোজনাটো হ’ল- “যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।”
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
উত্তৰঃ হেলেন কেলাৰৰ বাবে গ্ৰন্থসমূহ আছিল নন্দনকাননৰ দৰে। ইন্দ্ৰিয়জনিত বাধাই তেওঁক কিতাপৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিল, কিয়নো কিতাপ তেওঁৰ বন্ধু আছিল। তেওঁৰ সৈতে কিতাপ বন্ধুৱে যেন নিঃসংকোচে কথা পাতিছিল। আত্মজীৱনীত প্ৰকাশ পোৱা এনে ধৰণৰ উপলব্ধিসমূহে মানুহক কিতাপ অধ্যয়নৰ বাবে উৎসাহিত কৰিছিল।
২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক বিদ্যাৰ চৰ্চা কৰিবলৈ অনুৰোধ কৰিছিল, কিয়নো বিদ্যাৰ সমান উপকাৰী আন একো নাই। তেওঁলোকে যাতে সভ্য সমাজ গঢ়ি তুলিব পাৰে তাৰ বাবে ইংৰাজসকলৰ দৰেই শিল্প আৰু কৃষিকৰ্মত দক্ষ হৈ উঠিবলৈও তেওঁ পৰামৰ্শ দিছিল। অসমীয়া মানুহে বিদ্যা অৰ্জনৰ বাবে কোনো পৰিশ্ৰম বা যত্ন কৰা নাছিল। কিন্তু বিদ্যা আৰু জ্ঞান নহ’লে কোনো জাতিৰ উন্নতি সম্ভৱ নহয়। সেই কাৰণেই ঢেকিয়াল ফুকনে অসমবাসীক তেনেদৰে উপদেশ দিছিল।
৩। দেশ আৰু জাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিছাৰ কৰা।
উত্তৰঃ কিতাপ অধ্যয়নে মানুহৰ যুক্তি আৰু বুদ্ধিক জাগ্ৰত কৰে। ফলস্বৰূপে ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু অন্তৰাত্মাৰ আহ্বান উপলব্ধি কৰে। ভাৰতবৰ্ষত গান্ধীজী, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়ৰ দৰে মহৎ ব্যক্তি, আৰু ইউৰোপত ৰুছো, কাৰ্ল মাৰ্ক্স আদি চিন্তাবিদসকলে গ্ৰন্থৰ দ্বাৰাই জনসাধাৰণক সামাজিক পৰিৱৰ্তনৰ দিশত আগ্ৰহী আৰু সজাগ কৰি তুলিছিল। যিমান কিতাপৰ সমাদৰ বৃদ্ধি পায়, সিমানেই দেশ আৰু জাতিয়েও লাভৱান হয়।
৪। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীবনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উত্তৰঃ হেলেন কেলাৰে শৈশৱতে দৃষ্টি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল, তথাপি তেওঁ কিতাপৰ মাজতেই নিজৰ জীৱন যাপন কৰিছিল। তেওঁ কিতাপৰ লগত অতি সহজভাৱে ভাব বিনিময় কৰিছিল। সাধাৰণ মানুহৰ দৰে কেলাৰে ছপা কিতাপ পঢ়িব নোৱাৰিছিল, বৰঞ্চ অন্ধ লোকৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা গ্ৰন্থহে অধ্যয়ন কৰিছিল। তথাপি কিতাপেই তেওঁৰ একান্ত বন্ধু আছিল। সাহিত্যৰ প্ৰতি থকা এনে গভীৰ প্ৰীতিয়ে তেওঁৰ জীৱনটোক জ্যোতিষ্মান কৰি ৰাখিছিল।
৫। “…কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।” কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ উত্তম কিতাপৰ মহত্ত্বৰ বিষয়ে আলোচনা কৰাৰ প্ৰসংগতে পৃথিৱী বিখ্যাত দাৰ্শনিক মিল্টনে এই উক্তিটো কৰিছিল।
কিতাপ হৈছে জ্ঞানৰ ভঁৰাল। কিতাপ অধ্যয়নে মানুহৰ জ্ঞান বৃদ্ধি কৰে, চিন্তাশক্তি সবল কৰে আৰু বোধশক্তি ক্ষিপ্ৰ কৰে। সংসাৰৰ সকলো বিষয় বুজিবলৈ কিতাপ অধ্যয়ন কৰাটো অত্যাৱশ্যক। এখন কিতাপেই মানুহৰ বাবে সৰল আৰু সুন্দৰ জীৱন-যাপনৰ বন্ধুস্বৰূপ। কিয়নো কিতাপে মানুহক জীৱনমুখী চিন্তা আৰু বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ কৰে। শুদ্ধ জীৱন যাপনৰ নিৰ্দেশনা বা পথো কিতাপেই দেখুৱায়। অধ্যয়নেৰে মানুহে নিজৰ অন্তৰাত্মাক বুজি উঠে আৰু নিজৰ অভাৱ-অভিযোগসমূহ উপলব্ধি কৰিব পাৰে। এনে উপলব্ধিক বাস্তৱত ৰূপ দিবলৈ গৈ তেওঁলোকে নিজৰ প্ৰাপ্যৰ বাবে সঠিক পথ অৱলম্বন কৰে। এনে পথেই জনজাগৰণকাৰী আন্দোলনৰো জন্ম দিয়ে। ইয়াৰ ফলত শাসন ব্যৱস্থাৰ ভেটি কঁপি উঠে, আৰু শাসনৰ বিসংগতিসমূহ দূৰ হয়। এইদৰেই কিতাপে ৰাইজৰ বিবেচনা বা বোধশক্তি গঢ়ি তোলে। এনে এখন কিতাপ ধ্বংস কৰা মানে মানুহৰ বিবেচনাক হত্যা কৰা। এই কাৰ্য এজন মানুহক হত্যা কৰাতকৈও নিকৃষ্ট—ব্যাখ্যেয় কথাফাকিত লেখকে এই গুৰুত্বপূৰ্ণ তাৎপৰ্যকে দাঙি ধৰিব বিচাৰিছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ এসময়ত অসমৰ গাঁৱত বসতি কৰা সৰহসংখ্যক লোকেই আছিল অশিক্ষিত। তেওঁলোকে আখৰ চিনি নাপাইছিল, কিন্তু আন কাৰোবাৰ পৰা কোনো কথা শুনি জানিবলৈ তেওঁলোকৰ হেঁপাহ আছিল। তেওঁলোকে ৰামায়ণ, মহাভাৰত, ভাগৱত আদিৰ লগতে জন-সাহিত্যৰ মূল বিচাৰিবলৈ যত্ন কৰিছিল আৰু নিজৰ চিন্তা আৰু অনুভূতিৰে পুষ্ট হৈ একোজন বিদ্বান ব্যক্তি হিচাপে সমাজত পৰিচিতি লাভ কৰিছিল। সেই সময়ত মুখে মুখে শিকোৱাৰ উপৰি অন্য বিভিন্ন পদ্ধতিৰে সেই সময়ৰ জ্ঞানক পৰৱৰ্তী সময়লৈ আগবঢ়াই নিয়া হৈছিল আৰু জ্ঞানৰ প্ৰচলন কৰা হৈছিল। যদিও তেওঁলোকে নিজে পঢ়িব নাজানিছিল, তেনে ধৰণৰ শিক্ষাক কোনেও অপমান বা অশ্রদ্ধা কৰা নাছিল।
২। “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোৰাৰ আৰু হজম কৰিব।” কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰঃ কিতাপে মানুহক জ্ঞান প্ৰদান কৰে। কিতাপৰ প্ৰতি মৰ্যাদা বঢ়া মানেই সমাজত জ্ঞানৰ পৰিসৰো বৃদ্ধি হোৱা। কিন্তু সকলো ধৰণৰ কিতাপ দেখাৰ লগে লগে সমানে গুৰুত্ব দি পঢ়াটো উচিত নহয়।
কিছুমান কিতাপৰ চৰ্চা সমাজত চলি থাকে বা কোনো বিশিষ্ট লেখকৰ এখন কিতাপ বজাৰত নতুনকৈ ওলায়। আমি কিতাপখন এবাৰ হ’লেও হাতত লৈ চোৱা উচিত যে তাত কি আছে। নহ’লে সময়ৰ পৰা পিছ পৰি ৰোৱাৰ সম্ভাৱনা থাকে। আনহাতে, কিছুমান কিতাপ এনেয়ে লুটিয়াই চাই তাৰ বিষয়বস্তুৰ কেৱল উপৰুৱা স্বাদ ল’লেই নহয়। বিশেষ সময়ৰ বাবে সম্পূর্ণ কিতাপ এখন পঢ়াৰ পাছতো সেই বিষয়ে একো মনত নাৰাখিব পাৰি; অর্থাৎ সেই কিতাপখন সেই নিৰ্দিষ্ট সময়খিনিৰ বাবেহে পঢ়া কিতাপ, আৰু বিষয়বস্তুৰ গুৰুত্বও সেই সময়ৰ বাবেহে। কিন্তু কিছুমান কিতাপে আকৌ আজীৱন মানুহক আলোকিত কৰি ৰাখে। তাৰ বিষয়বস্তুৱে জীৱনৰ কোনোবাখিনিত গতি নিৰ্ধাৰণ কৰে। সেই কিতাপে জীৱনটোক নতুনকৈ চাবলৈ শিকায়। এনে কিতাপ আমি মনত সঞ্চয় কৰি ৰাখো। কিতাপৰ বিষয়বস্তুৱেই এখন গ্ৰন্থৰ জীৱনকাল নিৰ্ধাৰণ কৰে। প্ৰশ্নত উল্লেখ কৰা কথাষাৰিয়ে এনে তাৎপৰ্যকে বহন কৰিছে।
৩। “হে মোৰ অসমীয়া মিত্র সকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়;”- কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।
উত্তৰঃ অষ্টাদশ শতিকাত দেশত বিদ্যা বা শিক্ষাৰ প্ৰচলন আছিল অতি সীমিত, যাৰ ফলত মানুহৰ মন কুসংস্কাৰ আৰু ভীরুতাৰ এলাহৰ দ্বাৰা আৱৰি আছিল। অসমীয়া মানুহ আছিল তেনেই অজ্ঞানী। তেওঁলোকে কোনো বিদ্যাৰ জ্ঞান নাৰাখিছিল আৰু বিদ্যা আহৰণ কৰিবলৈ পৰিশ্ৰমো নকৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে এই কথা উপলব্ধি কৰিছিল যে বছৰ বছৰ ধৰি বিদ্যাৰ অনুশীলন নোহোৱাৰ ফলতেই মানুহৰ মন অজ্ঞানতাৰে ভৰি পৰিছিল। কিন্তু মানুহ জীয়াই থাকিব পাৰে জ্ঞানৰূপ বস্তিৰ পোহৰত আলোকিত হৈ। বিশেষকৈ অসমীয়াসকলে সভ্য আৰু সুখী হ’বলৈ হ’লে তেওঁলোকে কৃষি আৰু শিল্পকৰ্মত আগুৱাই যাব লাগিব। তেওঁলোকে অজ্ঞানী হৈ নথকি কোনো বিষয়ৰ শিক্ষাৰ উমান লৈ শ্ৰমৰ মাজেৰে আগবাঢ়ি গ’লেহে এই সংসাৰত সুখ ভোগ কৰিব পাৰিব।
৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৰ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ যেতিয়াৰে পৰা কাগজ নিৰ্মাণ কৰা হৈছে আৰু ছপাখানা স্থাপিত হৈছে, তেতিয়াৰ পৰাই বহু গ্ৰন্থই ছপা ৰূপ পাইছে। যান্ত্ৰিক যুগৰ ছপা গ্ৰন্থই মানুহক দ্ৰুতগতিত জ্ঞান যোগান ধৰিছে। কিয়নো সেই গ্ৰন্থসমূহত যুগ যুগ ধৰি সত্যৰ অনুসৰণৰ মাজেৰে মানুহে সঞ্চয় কৰা জ্ঞান আৰু অভিজ্ঞতা লিপিবদ্ধ হৈছে। উদাহৰণস্বৰূপে, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, গান্ধীজী আদি যুগান্তকাৰী পুৰুষসকলৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ৰচিত গ্ৰন্থসমূহে অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত জাতীয় জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইউৰোপত ৰুছো, কাৰ্ল মাৰ্ক্স আদি চিন্তানায়কসকলৰ ৰচনাৰ দ্বাৰা ৰাষ্ট্ৰত সমাজবাদ প্রতিষ্ঠা কৰিব পৰা গৈছিল। জীৱনমুখী চিন্তা আৰু অভিজ্ঞতাবলীৰে ৰচিত গ্ৰন্থসমূহে মানুহৰ মন শুদ্ধ কৰে, জ্ঞান বৃদ্ধি কৰে আৰু জীৱনৰ মানো উন্নত কৰে, যাৰ ফলত ৰাইজৰ ওপৰত এক আচৰিত প্ৰভাৱ পৰে।
৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ অতীতত ছপা গ্ৰন্থৰ ব্যৱস্থা নথকাৰ বাবে ছাত্ৰই জ্ঞান লাভৰ বাবে গুৰুৰ ওপৰত নিৰ্ভৰ কৰিছিল। গুৰুৰ মুখত শুনি শুনি জ্ঞান আহৰণ কৰিছিল। কিন্তু বৰ্তমানৰ পৃথিৱী কিতাপ নিৰ্ভৰশীল। কিতাপেই মানুহৰ যুক্তি-বুদ্ধি গঢ়ি তোলে। ই জীৱন-যাপনৰ মান উন্নত কৰে। কিতাপে মানুহক বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ কৰে। সত্যৰ অনুশীলনৰ ভিত্তিত গঢ় লৈ উঠা কথাসমূহ মানুহে কিতাপ অধ্যয়নৰ যোগেদি জানিব পাৰে। আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও ঘৰতে কিতাপৰ সহায়ত জ্ঞান অৰ্জন কৰিব পাৰি। কিতাপেই মানুহক কুসংস্কাৰৰ পৰা আঁতৰাই বিজ্ঞানমনস্ক কৰি তোলে। আগতে গুৰুৱে হাতে-কামে যি শিকাইছিল, সেয়াও এতিয়া কিতাপৰ জৰিয়তে শিকিব পাৰি। মুঠতে, আধুনিক যুগত কিতাপেই সকলো দিশত মানুহৰ গুৰু।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – কিতাপৰ কথা সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




