Class 11 Assamese Chapter 5 – গিবন – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ পঞ্চম অধ্যায় – গিবনৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত গিবন শব্দৰ অৰ্থ, প্রাসংগিকতা আৰু সাহিত্যিক মূল্যায়ন সম্পৰ্কে ব্যাখ্যা কৰা হৈছে। AHSEC (ASSEB)ৰ আধুনিক পাঠ্যসূচী আৰু নতুন পাঠ্যক্রম অনুসৰি এই অধ্যায়ৰ প্ৰশ্নসমূহৰ সহজ আৰু বিস্তৃত উত্তৰসমূহ অস্পীন একেডেমী (Ospin Academy)ত উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- গিবনৰ সঁজুলিটো আৰু ইয়াৰ অর্থ
- গিবনৰ সাহিত্যিক আৰু ঐতিহাসিক প্ৰাসংগিকতা
- গিবনৰ মাধ্যমে সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন
- অধ্যায়ৰ প্ৰশ্নোত্তৰ আৰু বিস্তৃত ব্যাখ্যা
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ নতুন পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- অধ্যায়ৰ প্ৰতিটো প্ৰশ্নৰ সহজ, স্পষ্ট আৰু বিশ্লেষণমূলক উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বোধ্যগম্য ভাষা
- পরীক্ষাৰ বাবে উপযোগী প্ৰস্তুতিৰ সহায়
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
গিবন
লেখক: হোমেন বৰগোহাঞি
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। এডবার্ড গিবন কোন আছিল?
উত্তৰঃ এডবার্ড গিবন পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ঐতিহাসিক হিচাপে পৰিচিত আছিল।
২। এডবার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উত্তৰঃ এডবার্ড গিবনে যিখন কলেজত অধ্যয়ন কৰিছিল, তাৰ নাম আছিল মেগডালেন কলেজ।
৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্রন্থ এখনৰ নাম লিখা।
উত্তৰঃ এডবার্ড গিবনে ৰচনা কৰা প্রখ্যাত গ্রন্থ এখনৰ নাম হৈছে ‘দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ’।
৪। শ্বপেনহাৱাৰ কোন আছিল?
উত্তৰঃ শ্বপেনহাৱাৰ আছিল এগৰাকী জাৰ্মান দেশৰ দার্শনিক।
৫। ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল?
উ: ‘আলেকজেন্দ্রিয়ান কোৱার্টেট’ নামৰ উপন্যাসমালাৰ লেখক আছিল লৰেন্স ডাৰেল।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উত্তৰঃ জন মিল্টন ১৭শ শতিকাৰ কবি আছিল।
তেওঁৰ দ্বাৰা ৰচিত বিখ্যাত মহাকাব্যখনৰ নাম হ’ল ‘পেৰাডাইজ লষ্ট’।
২। দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থ হৈছে— ‘দ্য ছ’চিয়েল কন্টেক্ট’ (The Social Contract) আৰু ‘কনফেছন্স’ (Confessions)।
৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?
উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম আছিল এডৱাৰ্ড গিবন।
তেওঁ ১৮শ শতিকাৰ এজন লেখক আছিল।
৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল।
৫। যৌৱন কালত এডবাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উত্তৰঃ যৌৱন কালত এডবাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উত্তৰঃ এডৱাৰ্ড গিবন আছিল পৃথিৱীৰ আটাইতকৈ মহান ঐতিহাসিক। তেওঁৰ জন্ম হৈছিল ১৭৩৭ চনত ইংলেণ্ডৰ পুটুনী নামৰ নগৰত। এডৱাৰ্ড গিবন আৰু জুডিথ গিবনৰ পুত্ৰ গিবন ছাত্ৰ হিচাপে আছিল মধ্যমীয়া মানৰ। ১৫ বছৰ বয়সত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মেগডালেন কলেজত শিক্ষাগ্ৰহণৰ বাবে গৈছিল। সেই সময়ত তেওঁ ৰোমান কেথলিক ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা দেখি পিতৃয়ে তেওঁক ভয়তে ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠিয়াই দিয়ে। ১৭৫৮ চনত গিবন ইংলেণ্ডলৈ ঘূৰি আহে আৰু ১৭৬১-৬৩ চনত তেওঁ জীৱনৰ প্ৰথমখন গ্ৰন্থ প্ৰণয়ন কৰে। ইয়াৰ পাছত তেওঁ সুদীৰ্ঘ ভ্ৰমণৰ বাবে ইউৰোপলৈ যাত্ৰা কৰে। এই ভ্ৰমণকালতেই তেওঁৰ মনত ইতিহাস ৰচনাৰ ধাৰণা গঢ় লৈ উঠে। ফলস্বৰূপে, তেওঁ ১৭ বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক সুবিখ্যাত গ্ৰন্থ ‘দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ’ (The Decline and Fall of the Roman Empire) লিখি সম্পূৰ্ণ কৰে। এই গ্ৰন্থখনেই তেওঁৰ চিৰস্মৰণীয় কীৰ্তি। ইয়াৰ উপৰিও তেওঁ আন কেইবাখনো গ্ৰন্থ আৰু বহুতো লেখা সৃষ্টি কৰি থৈ গৈছে। ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈকে তেওঁ ব্ৰিটিছ সংসদৰ সদস্য, অৰ্থাৎ সাংসদৰ দায়িত্বও বহন কৰিছিল। ১৭৯৪ চনত ৫৬ বছৰ বয়সত তেওঁ ইহলীলা সামৰে।
২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখনৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ এডৱাৰ্ড গিবনৰ দ্বাৰা ৰচিত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখন হৈছে ‘দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ’ (The Decline and Fall of the Roman Empire)। গ্ৰন্থখন সাতটা খণ্ডত বিভক্ত। এই কিতাপখনত সম্ৰাট এন্টনিনাছৰ ৰাজত্বকালৰ আৰম্ভণিৰ পৰা তুৰ্কীসকলে কনষ্টান্টিনোপল অধিকাৰ কৰালৈকে সুদীৰ্ঘ ১৪ শতিকাৰ বিস্তৃত বৰ্ণনা সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনত ৰোমান সাম্ৰাজ্যৰ অৱনতিৰ সূচনা, খ্ৰীষ্টান ধৰ্মৰ বিকাশ, ইছলামৰ দিগ্বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰসমূহৰ জন্মৰ দৰে যুগান্তকাৰী ঘটনাসমূহৰ বিশদ বিশ্লেষণ পোৱা যায়। কেৱল ঘটনাৰ বিশদ বিশ্লেষণেই নহয়, এই বিশাল ঘটনাসমূহ সৃষ্টি কৰা মূল নায়কসকলৰ চৰিত্ৰকো গিবনে নিপুণতাৰে চিত্ৰিত কৰিছে।
ৰোমান সাম্ৰাজ্যত ১৪টা শতিকাত সংঘটিত হোৱা বৃহৎ ঘটনা-পৰিঘটনাসমূহৰ নিৰ্মোহ ব্যাখ্যাৰ ফলত গিবনৰ ‘ডিক্লাইন এণ্ড ফল’ গ্ৰন্থখন এক অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে বিশ্বত আজিও জীয়াই আছে।
৩। এডবাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্রহণ কৰিছিল, বুজাই লিখা।
উত্তৰঃ এডৱাৰ্ড গিবনে শৈশৱ কালত কিংষ্টনত আনুষ্ঠানিক পঢ়া-শুনা আৰম্ভ কৰিছিল। ন বছৰ বয়সত মাতৃৰ বিয়োগৰ পাছত, তেওঁক লণ্ডনৰ আন এখন আবাসিক বিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে পঠোৱা হয়। স্কুলীয়া শিক্ষা সমাপ্ত কৰি ১৫ বছৰ বয়সত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মেগডালেন কলেজত নামভৰ্তি কৰে। শিক্ষাৰ্থী হিচাপে গিবনৰ মেধা সাধাৰণ মানৰ ছাত্ৰৰ দৰেই আছিল। কলেজত তেওঁ অধ্যাপকসকলৰ পৰা বিশেষ কোনো সহায় লাভ কৰা নাছিল, কিন্তু তেওঁ নিজাববীয়াকৈ বহু অধ্যয়ন কৰিছিল। অক্সফৰ্ডত অধ্যয়ন কৰি থকাৰ সময়ছোৱাতে তেওঁ ৰোমান কেথলিক ধৰ্মমতৰ প্ৰতি আকৰ্ষিত হৈ ধৰ্মান্তৰিত হ’বলৈ বিচৰাত দেউতাকে তৎক্ষণাত গিবনক ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠিয়াই দিয়ে। তাতে তেওঁ জীৱনৰ বাকী থকা পঢ়া-শুনাখিনি সমাপ্ত কৰে। পঢ়া সমাপ্ত কৰি শিক্ষাৰ এটি অংশ হিচাপে তেওঁ ইউৰোপ ভ্ৰমণো কৰিছিল।
৪। চমুটোকা লিখা:
(ক) শ্বপেনহাৱাৰ:
উত্তৰঃ শ্বপেনহাৱাৰ আছিল এগৰাকী বিখ্যাত জাৰ্মান দার্শনিক। তেওঁৰ জন্ম হৈছিল ১৭৮৮ চনত, যিটো ঠাই বৰ্তমানৰ পোলেণ্ডৰ ডেনজিং চহৰ বুলি জনা যায়। তেওঁৰ পিতৃৰ নাম আছিল হেনৰিক ফ্লোবিছ শ্বপেনহাৱাৰ আৰু মাতৃ আছিল জোহানা। তেওঁ শৈশৱৰ পঢ়া-শুনা তাতে আৰম্ভ কৰিছিল যদিও পিতৃৰ বিয়োগৰ পাছত মাতৃৰ সৈতে জাৰ্মানীৰ বেইমাৰ চহৰলৈ গুচি আহে।
জাৰ্মানীৰ ইউনিভাৰ্চিটি অৱ গটিনজেনত তেওঁ পৰম জ্ঞান আৰু মনস্তত্ত্ব বিষয় দুটা অধ্যয়ন কৰিবলৈ লয়। বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে তেওঁ জীৱনৰ প্ৰথমখন গ্ৰন্থ ৰচনা কৰিছিল। ১৮১৯ চনত তেওঁৰ বিখ্যাত গ্ৰন্থ ‘দ্য ৱৰ্ল্ড এজ উইল এণ্ড ৰিপ্ৰেজেণ্টেচন’ (The World as will and Representation) প্ৰকাশ পায়। ১৮২০ চনত তেওঁ জাৰ্মানীৰ অন্যতম প্ৰাচীন বিশ্ববিদ্যালয়, ‘ইউনিভাৰ্চিটি অৱ বাৰ্লিন’ত অধ্যাপক হিচাপে যোগদান কৰে। ১৮৩৩ চনত তেওঁ ফ্ৰেংকফুৰ্ট চহৰলৈ আহে আৰু সেই ঠাইতেই স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। এই চহৰতে তেওঁ বহুতো গভীৰ নৈতিক আৰু মনস্তাত্ত্বিক লেখা সৃষ্টি কৰে। তেওঁৰ চিন্তাধাৰাই ঊনবিংশ আৰু কুৰি শতিকাৰ চিন্তাবিদ আৰু কলা-শিল্পীসকলক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল। ১৮৬০ চনত ৭২ বছৰ বয়সত ফ্ৰেংকফুৰ্ট চহৰতে এই মহান জাৰ্মান দাৰ্শনিকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে।
(খ) ভল্টেয়াৰ:
উত্তৰঃ ভল্টেয়াৰ আছিল ১৮শ শতিকাৰ এগৰাকী ফৰাচী লেখক আৰু দাৰ্শনিক। তেওঁ আছিল এজন কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ঐতিহাসিক। তেওঁ মূলত: ব্যংগাত্মক সাহিত্যকৰ্মৰ বাবে সুপ্ৰসিদ্ধ আছিল। ১৬৯৪ চনত পেৰিছত ভল্টেয়াৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃয়ে তেওঁক অধিবক্তা হোৱাটো কামনা কৰিছিল যদিও ভল্টেওৰে নিজকে এজন লেখক হিচাপে গঢ়িবলৈহে আগ্ৰহী আছিল। সেয়েহে, তেওঁ প্ৰতিকূলতাৰ মাজতো তেওঁৰ লিখনি অব্যাহত ৰাখিছিল। তেওঁ মূলতঃ ধৰ্মীয় অসহনশীলতাৰ বিৰুদ্ধে আৰু মুক্ত চিন্তাৰ পক্ষত লিখিছিল। সমসাময়িক ফ্ৰান্সৰ বিভিন্ন দিশ সামৰি তেওঁ লিখা ব্যংগাত্মক লেখাসমূহ ফৰাচী সাহিত্যৰ এক মূল্যৱান সম্পদ। ফৰাচী বিপ্লৱৰ আদৰ্শৰ অন্যতম প্ৰেৰণাদাতাসকলৰ ভিতৰত ভল্টেয়াৰ অন্যতম আছিল।
‘কান্দিদ’ (Candide) তেওঁৰ দ্বাৰা ৰচিত এখন ব্যংগাত্মক উপন্যাস।
১৭৭৮ চনত এইগৰাকী দাৰ্শনিক-সাহিত্যিকৰ পেৰিছতে দেহাৱসান ঘটে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
”যিসকল লেখকে সমগ্র জীবন ধৰি এখন মাত্র মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্রতী হৈ থাকে, তেওঁলোকে সেই গ্রন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভব কৰে।”
উত্তৰঃ
প্ৰসংগ: কোনো এক সাহিত্যিক গ্ৰন্থ বা লেখা সৃষ্টি কৰি শেষ কৰাৰ পাছত এজন লেখকৰ মনত কেনেধৰণৰ অনুভূতিৰ উদয় হয়, সেই বৰ্ণনাৰ প্ৰসংগতেই লেখক বৰগোহাঞিদেৱে উদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰিছে।
সংগতি: উপৰোক্ত ব্যাখ্যেয় উক্তিটো আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোমেন বৰগোহাঞিদেৱৰ ‘গিবন’ শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ব্যাখ্যা: প্ৰকৃতি, মানৱ মনোজগত অথবা বিশ্বব্ৰহ্মাণ্ডৰ বিচিত্ৰ ঘটনা-পৰিঘটনাসমূহে এজন লেখকৰ মনত চিন্তাৰ আন্দোলন সৃষ্টি কৰে। সেই চিন্তাৰ সৈতে সচেতন আৰু অবচেতন মনৰ বিভিন্ন সংমিশ্ৰণৰ যোগেদি লেখক এজন সৃষ্টিশীল কৰ্মত নিমগ্ন হয়। কিছুসংখ্যক লেখকে নিজৰ জীৱনৰ বা বহু বছৰৰ সৰহভাগ সময় কেৱল এখন মহৎ গ্ৰন্থ ৰচনাৰ কামতে নিয়োজিত হৈ থাকে। অৱশেষত যেতিয়া কিতাপখন লিখা সম্পূৰ্ণ হৈ উঠে, তেওঁৰ কঠোৰ শ্ৰমৰো সমাপ্তি ঘটে। এনে অৱস্থাত তেওঁ সুখী হোৱা উচিত আছিল, কিন্তু প্ৰকৃততে দেখা যায় লেখকজনক এক বিশেষ ধৰণৰ শূন্যতাৰ অনুভূতিয়েহে আৱৰি ধৰে।
লেখকে পৃথিৱীৰ শ্ৰেষ্ঠ ঐতিহাসিক এডৱাৰ্ড গিবনৰ জীৱনৰ কথা বৰ্ণনা কৰিবলৈ গৈ এই মন্তব্যটো আগবঢ়াইছে। গিবনে সোতৰ বছৰ ধৰি কেৱল ৰোমান সাম্ৰাজ্যৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ ‘দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ’ ৰচনাৰ কামত একান্তভাৱে ব্যস্ত আছিল। এই ৰচনাকাৰ্য আছিল তেওঁৰ সকলো সুখ-দুখৰ আৰু চিন্তাৰ সংগী। যিদিনা তেওঁ গ্ৰন্থখন লিখাৰ কাম শেষ কৰিলে, তেওঁৰ মন আনন্দৰে উপচি পৰিল। তেওঁৰ এনে অনুভৱ হ’ল যেন তেওঁ এটা বৰ ডাঙৰ কাম শেষ কৰিলে আৰু বহু পৰিমাণে মুক্ত হ’ল। কিন্তু পৰৱৰ্তী মুহূৰ্ততে এক বুজাব নোৱাৰা বিৰহে তেওঁক গ্ৰাস কৰি পেলালে। কিয়নো তেওঁ এটা বৃহৎ কাৰ্য সমাপন কৰিলে হয়, কিন্তু যি সৃষ্টিশীল কৰ্মৰ বাবে তেওঁ আন সকলো বাদ দিছিল, সেই কৰ্মও যেতিয়া শেষ হৈ গ’ল, তেওঁৰ ওচৰত ব্যস্ত থাকিবলৈ একোৱেই নোহোৱা হ’ল। ইয়াৰ পাছত তেওঁ কি বিষয় লৈ ব্যস্ত থাকিব, সেই কথা ভাবি তেওঁৰ ব্যক্তিগত অস্তিত্ব ক্ষণস্থায়ী যেন উপলব্ধি হ’ল। জীৱনটোও তেওঁৰ বাবে অৰ্থহীন যেন লাগিল। যি চিন্তাক লৈ দিন-ৰাতি তেওঁ ব্যস্ত আছিল, সেই চিন্তাটো নোহোৱা হোৱাত তেওঁ নিজকে অকলশৰীয়া অনুভৱ কৰিলে, ঠিক যেন তেওঁ নিজৰ এজন প্ৰিয় বন্ধুকহে হেৰুৱালে।
ব্যাখ্যেয় বাক্যশাৰীৰ জৰিয়তে লেখকে এজন সৃষ্টিশীল ব্যক্তিৰ মনৰ গভীৰ আৰু বাস্তৱ অনুভূতিক পাঠকৰ মাজলৈ সুন্দৰকৈ তুলি আনিব পাৰিছে।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – গিবন সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




