Class 11 Assamese Chapter 6 কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান Solutions | AHSEC (ASSEB) Latest Syllabus | Assamese Medium

Class 11

Class 11 Assamese Chapter 6 – কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)

এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ ষষ্ঠ অধ্যায় – কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান – সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু সেয়াৰে থকা শিক্ষানুষ্ঠান সম্পৰ্কে বিস্তৃতভাবে আলোচনা কৰা হৈছে। ইয়াত কে’ম্ব্ৰিজত শিক্ষাৰ প্ৰকৃতি, ধাৰণা আৰু শিক্ষানুষ্ঠানৰ গুৰুত্ব বিৱৰণ কৰা হৈছে। AHSEC (ASSEB)ৰ সর্বশেষ পাঠ্যসূচী অনুসৰি এই অধ্যায়ৰ প্ৰশ্নসমূহৰ সহজ আৰু ব্যাপক উত্তৰ অস্পীন একেডেমীৰ (Ospin Academy) ৱেবছাইটত উপলব্ধ।

এই অধ্যায়ত আপুনি শিকিব:

  • কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থাৰ মৌলিক বিষয়ে
  • সিহঁতৰ শিক্ষানুষ্ঠানৰ বৈশিষ্ট্য আৰু কাৰ্যপদ্ধতি
  • কে’ম্ব্ৰিজ শিক্ষাৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ
  • অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশ্লেষণ

🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:

  • AHSEC (ASSEB)ৰ আধুনিক পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
  • সৰল আৰু স্পষ্ট ভাষাত শিক্ষামূলক উত্তৰসমূহ
  • সমগ্ৰ অধ্যায়ৰ বিস্তৃত প্ৰশ্নোত্তৰ
  • অসমীয়া শিক্ষাৰ্থীৰ বাবে উপযোগী
Vibrant Note Box
Buy Printable PDF
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC ASSEB Board Class 11 Assamese)

Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.

Vibrant Note Box
Chapter 6 – কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

লেখক: ড° হীৰেন গোহাঁই

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। কে থ্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়খন কেম নদীৰ উপত্যকাত অৱস্থিত।

​২। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্ৰিশখন কলেজ আছে।

​৩। ড° হীৰেন গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম লিখা।

উত্তৰঃ ড° হীৰেন গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম হৈছে গনভিল এণ্ড কাইজ কলেজ।

​৪। জর্জ ষ্টাইনাৰ কোন?

উত্তৰঃ জর্জ ষ্টাইনাৰ হ’ল এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু বিদ্বান ব্যক্তি।

​(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

​১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ ইউৰোপত মধ্যযুগৰ সময়ছোৱাত প্ৰতিষ্ঠা কৰা চাৰিখন উল্লেখযোগ্য বিশ্ববিদ্যালয় হৈছে— অক্সফোর্ড, কেম্ব্রিজ, হাইডেলবার্গ, আৰু বলোনা।

​২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?

উত্তৰঃ টমাছ আকুৱাইনাছ আছিল মধ্যযুগৰ ইউৰোপীয় এজন বিখ্যাত দাৰ্শনিক। আনহাতে, পিয়েৰ আবেলাৰ আছিল সেই সময়ৰ পশ্চিমীয়া এগৰাকী কবি, পণ্ডিৎ, তথা বিশিষ্ট দাৰ্শনিক।

​৩। ইংলণ্ডৰ গির্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক (Gothic) স্থাপত্য শৈলীৰ নাম লিখা?

উত্তৰঃ ইংলেণ্ডৰ গীৰ্জাসমূহত প্ৰকাশ পোৱা তিনি ধৰণৰ গথিক স্থাপত্য শৈলীসমূহ হৈছে— কলন, ৰিম, আৰু নাম।

​৪। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজসমূহৰ অধ্যক্ষ বা মুৰব্বীসকলক কলেজখনৰ ফেলো বা সদস্যসকলে নিৰ্বাচিত কৰিছিল। কেতিয়াবা এজন অধ্যক্ষ বাহিৰৰ পৰা অহা এজন খ্যাতিসম্পন্ন পণ্ডিতো হ’ব পাৰিছিল।

​৫। আৰবী গ্ৰন্থত প্লেটো আৰু আৰিস্তত্ত্বক কি কি নামেৰে জনা যায়?

উত্তৰঃ আৰবী ভাষাৰ গ্ৰন্থৰাজিত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিষ্টটলক ‘অৰিস্তু’ নামেৰে জনা যায়।

​(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

​১। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।

উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল ১২০৯ খ্ৰীষ্টাব্দত, যদিও ১২৩১ খ্ৰীষ্টাব্দতহে ৰজা তৃতীয় হেনৰীয়ে বিশ্ববিদ্যালয়খনৰ বাবে চৰকাৰী অনুমোদন পত্ৰ আগবঢ়াইছিল। এই বিশ্ববিদ্যালয়খন হ’ল মুঠ ৩১ খন কলেজৰ এক গোট, আৰু ই ঘাইকৈ গৱেষণামূলক অধ্যয়নৰ বাবে জনাজাত। পিটাৰহাউছ হৈছে এই বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থাপিত কলেজ। ইয়াক প্ৰতিষ্ঠা কৰিছিল এলিৰ বিশপ হাগ বলশ্বামে। বিশ্ববিদ্যালয়খনৰ কেইখনমান অন্যতম কলেজ হৈছে— ট্ৰিনিটি, ক্ৰাইষ্ট চাৰ্চ, যীশু, কিংছ, গনভিল এণ্ড কাইজ ইত্যাদি।

বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই কলেজসমূহ স্বায়ত্তশাসিত। প্ৰতিখন কলেজে নিজৰ সদস্য বা ফেলোসকলক নিজেই বাছি লয়। এই ফেলোসকলে মিলি কলেজৰ অধ্যক্ষজনক নিৰ্বাচিত কৰে। বাহ্যিক ৰাজনৈতিক শক্তিয়ে কলেজসমূহৰ অধিকাৰ আৰু আভ্যন্তৰীণ প্ৰশাসনৰ ক্ষেত্ৰত কোনো হস্তক্ষেপ কৰা নাছিল। অধ্যক্ষৰ সৈতে যুটীয়াভাৱে ফেলোসকলে কলেজ পৰিচালনাৰ দায়িত্ব বহন কৰিছিল। বিশ্ববিদ্যালয় পৰিচালনাৰ এক মুখ্য নীতি আছিল কঠোৰ অনুশাসন বৰ্তাই ৰখা, কিন্তু ইয়াৰ লগতে ছাত্ৰসকলৰ আত্মসন্মান আৰু অধিকাৰ ৰক্ষাতো গুৰুত্ব প্ৰদান কৰা হৈছিল।

​২। ‘ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’- কথাষাৰ বুজাই লিখা।

উত্তৰঃ ইউৰোপৰ মধ্যযুগটো অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে আচ্ছন্ন হৈ আছিল বুলি এটি ধাৰণা পূৰ্বতে প্ৰচলিত আছিল। কিন্তু জগত বিখ্যাত অক্সফোর্ড, কেম্ব্রিজকে ধৰি কেইবাখনো বিশ্ববিদ্যালয় সেই মধ্যযুগতেই ইউৰোপত গঢ় লৈ উঠিছিল। বহুতো নামজ্বলা মনিষীয়ে এই বিশ্ববিদ্যালয়সমূহত শিক্ষা লাভ কৰি জ্ঞান চৰ্চাৰ নতুন নতুন পথ মুকলি কৰিছিল, লগতে বিভিন্ন বিষয়ত গভীৰ পাণ্ডিত্যৰ পৰিচয় দিছিল। সেই সময়ত ইউৰোপীয় পণ্ডিতে পূব আৰু পশ্চিমৰ সভ্যতাৰ মাজত এক কঠিন সীমা নিৰ্ধাৰণ কৰি ৰাখিছিল।

কিন্তু সময়ৰ গতিত ইউৰোপৰ বিশ্ববিদ্যালয়সমূহে মেধা-চৰ্চাৰ বাবে প্ৰেৰণা আৰু আৰ্হি গ্ৰহণ কৰিছিল আৰৱ জগতৰ পৰা। বহু বছৰ ধৰি চলা ধৰ্মযুদ্ধৰ জৰিয়তে ইউৰোপ আৰৱৰ সংস্পৰ্শলৈ আহিছিল। খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ স্থান জেৰুজালেম উদ্ধাৰৰ বাবে হোৱা এই যুদ্ধই ইউৰোপক সমৃদ্ধ কৰি তুলিছিল। তেওঁলোকে আৰৱৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ বিষয়ে ধাৰণা পাইছিল। ইতিমধ্যে আৰৱীসকলে গ্ৰীক আৰু ৰোমান সভ্যতাৰ পৰা বহুতো জ্ঞান আহৰণ কৰিছিল। আৰৱী পণ্ডিতসকল যেনে ইবন ৰুশ্বদ্, ইবন ছিনা আদিৰ প্ৰভাৱ ইউৰোপীয়সকলৰ ওপৰত অতি গভীৰভাৱে পৰিছিল। ইবন ৰুশ্বদে প্ৰায় এশ বছৰ ধৰি ইউৰোপীয় বিদ্বানসকলৰ ওপৰত একছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ এই আধিপত্যক ভংগ কৰিছিল ছেইণ্ট টমাছ আকুৱাইনছ নামৰ ইউৰোপীয় দাৰ্শনিকজনে। তেওঁ তৰ্কযুক্ত যুক্তিৰ দ্বাৰা ইবন ৰুশ্বদ ওৰফে এভেৰ’জৰ প্ৰখৰ যুক্তিখণ্ডন কৰি খ্ৰীষ্টীয় ধৰ্মবিশ্বাসক পুনৰ আৰিষ্ট’টলৰ ভেঁটিত প্ৰতিষ্ঠা কৰিছিল। এই সকলোবোৰ কথাই প্ৰমাণ কৰে যে ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা আহিছিল।

৩। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কার্য সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১২০৯ চনত প্ৰতিষ্ঠা হোৱা ইউৰোপৰ বিখ্যাত বিশ্ববিদ্যালয় কেম্ব্রিজৰ পাঠদান প্ৰণালী বিশেষ আছিল। কেম নদীৰ পাৰত অৱস্থিত এই ৩১ খন কলেজৰ সমষ্টি থকা বিশ্ববিদ্যালয়খনত পাঠদানৰ ব্যৱস্থা সুকীয়া আছিল। কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট কক্ষলৈ গৈ পাঠ গ্ৰহণ কৰিব লাগিছিল। এই পাঠদানসমূহ বক্তাসকলৰ মৌলিক বিশ্লেষণ, বিশদ ব্যাখ্যা আৰু নিজস্ব অভিমতেৰে সমৃদ্ধ হ’ব লাগিছিল। ছাত্ৰ-ছাত্ৰীসকলে সেই পাঠদানৰ জৰিয়তে উপকৃত হোৱাৰ উপৰিও, প্ৰবক্তাজনে সেই বক্তৃতাৰ ভিত্তিত এখন গ্ৰন্থ প্ৰণয়ন কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিছিল। যদিও পাঠদানত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল, তথাপিও প্ৰবক্তাসকলৰ মেধা আৰু বিদ্যাবত্তাই তেওঁলোকক শ্ৰেণীকক্ষলৈ আকৰ্ষণ কৰিছিল আৰু সাধাৰণতে আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰে শ্ৰেণীকোঠা ভৰি আছিল। অৱশ্যে, অধ্যয়নপুষ্ট হোৱাৰ পিছতো যদি কোনো প্ৰবক্তাৰ পাঠদান নিৰস হয়, তেন্তে শ্ৰেণীকক্ষত উপস্থিতি সেৰেঙা হোৱাৰো উদাহৰণ আছিল। ঠিক একেদৰে, মেধাৱী ছাত্ৰয়ো কেতিয়াবা প্ৰবক্তাৰ আন্তৰিকতা বা মৌলিক চিন্তাধাৰা চিনাক্ত কৰাত ভুল কৰিব পাৰে। এনে পৰিঘটনাত লেখকে উল্লেখ কৰিছে যে এবাৰ বিদগ্ধ পণ্ডিত অধ্যাপক এল চি নাইছক বিশ্ববিদ্যালয়ত ভাষণ দিবলৈ আহোঁতে এজন ছাত্ৰই হাঁহৰ পোৱালীয়ে ডেউকা জোকাৰাৰ দৰে অংগী-ভংগী কৰা বুলি অভিযোগ কৰিছিল। বিশ্ববিদ্যালয়ৰ এনে শ্ৰেণীসমূহত ছাত্ৰৰ উপৰিও গৱেষক, উৎসুক বহিৰাগত ব্যক্তি, আৰু আন প্ৰবক্তা বা অধ্যাপকো উপস্থিত থকা দেখা গৈছিল।

​৪। ড° হীৰেন গোহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ বৰ্তমানৰ অসমৰ চিন্তা জগতক আলোড়িত কৰি ৰখা ড° হীৰেন গোহাঁইৰ অৱদান অসমীয়া সাহিত্যৰ ক্ষেত্ৰত অতুলনীয়। তেওঁ মূলতঃ এগৰাকী সাহিত্য সমালোচক হিচাপে পৰিচিত। প্ৰায় চাৰি বছৰ কাল কেম্ব্রিজ বিশ্ববিদ্যালয়ত মিল্টনৰ সাহিত্যকৰ্মৰ ওপৰত গৱেষণা কৰা ড° গোহাঁয়ে এতিয়ালৈকে প্ৰায় ষাঠিখন গ্ৰন্থ আৰু বিভিন্ন কাকত-আলোচনী-সংকলনত বহু সংখ্যক প্ৰবন্ধ ৰচনা কৰিছে।

তেওঁৰ সাহিত্য সমালোচনামূলক গ্ৰন্থসমূহৰ ভিতৰত ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’, ‘অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ উল্লেখনীয়।

সমালোচনামূলক গ্ৰন্থৰ উপৰিও, তেওঁ কেইবাখনো আত্মজীৱনীমূলক গ্ৰন্থও লিখিছে। ‘লষ্ট লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ’, ‘ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত’ আদি গ্ৰন্থ উপন্যাসৰ দৰে সুমিষ্ট।

তেওঁৰ গৱেষণা গ্ৰন্থখনৰ নাম হৈছে— ‘Tradition and Paradise Lost’। ১৯৮৯ চনত তেওঁ ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

৫। ​প্ৰসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা

​উদ্ধৃতি: “দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানবীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভব নহয়।”

​সংগতি: ব্যাখ্যেয় কথাখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° হীৰেন গোহাঁই ৰচিত ‘কেম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ প্ৰবন্ধটোৰ পৰা তুলি অনা হৈছে।

​প্ৰসংগ: বিভিন্ন দেশৰ মাজত বিদ্যা-চৰ্চাৰ আদান-প্ৰদান, প্ৰভাৱ আৰু যোগাযোগে কেনেদৰে জ্ঞানৰ সম্প্ৰসাৰণ ঘটায়— এই কথা আলোচনা কৰিবলৈ গৈয়েই লেখকে ওপৰোক্ত বক্তব্যৰ অৱতাৰণা কৰিছে।

​ব্যাখ্যা: মধ্যযুগৰ ইউৰোপীয় পণ্ডিতে পূব আৰু পশ্চিমৰ সভ্যতাৰ মাজত এক কঠোৰ সীমা নিৰ্ধাৰণ কৰিছিল। কিন্তু সময়ৰ পৰিৱৰ্তনত ইউৰোপৰ বিশ্ববিদ্যালয়সমূহে মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰাহে আহৰণ কৰিছিল। বহু বছৰ ধৰি চলা ধৰ্মযুদ্ধৰ যোগেদি ইউৰোপ আৰৱৰ সান্নিধ্যলৈ আহিছিল। এই সংস্পৰ্শৰ ফলত তেওঁলোকে এক উন্নত সভ্যতাৰ বিষয়ে ধাৰণা লাভ কৰিলে। সেই সময়ত আৰৱীসকলে গ্ৰীক আৰু ৰোমান সভ্যতাৰ পৰা ইতিমধ্যে বহুতো জ্ঞান আহৰণ কৰিছিল। গ্ৰীক পণ্ডিত প্লেটো আৰু আৰিষ্ট’টল ‘আফ্লাতুন’ আৰু ‘অৰিস্তু’ নামেৰে আৰৱ পণ্ডিতসকলৰ মাজত সুপ্ৰসিদ্ধ আছিল। আৰৱীসকলে গ্ৰীক-ৰোমান সভ্যতাৰ পৰা মূলধনো আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসা বিজ্ঞান আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছিল। আৰৱী পণ্ডিতসকল যেনে— ইবন ৰুশ্বদ্, ইবন ছিনা আদিৰ ইউৰোপীয় পণ্ডিতসকলৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছিল। বিশেষকৈ ইবন ৰুশ্বদে প্ৰায় এশ বছৰ ধৰি ইউৰোপীয় বিদ্বান সমাজৰ ওপৰত একছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ এই আধিপত্যক টমাছ আকুৱাইনছ নামৰ ইউৰোপীয় দাৰ্শনিকজনে ওফোৰাই পেলাইছিল। তেওঁ অকাট্য যুক্তিৰ দ্বাৰা এভেৰ’জৰ (ইবন ৰুশ্বদ) প্ৰখৰ যুক্তিখণ্ডন কৰি খ্ৰীষ্টীয় ধৰ্মবিশ্বাসক পুনৰ আৰিষ্ট’টলীয় ভেঁটিত প্ৰতিষ্ঠা কৰিছিল।

এইদৰে, বিভিন্ন দেশ-বিদেশৰ পাৰস্পৰিক যোগাযোগ, ভাব আৰু জ্ঞানৰ আদান-প্ৰদানে বিশ্বৰ জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰি আহিছে। জ্ঞানক যদি কেৱল ব্যক্তিগত সম্পত্তি হিচাপে গণ্য কৰা হয়, তেন্তে জ্ঞানৰ পৰিসৰ সীমিত হৈ পৰে আৰু মানৱীয় জ্ঞান-বিজ্ঞানৰ প্ৰগতি স্তব্ধ হৈ যায়।

এই ব্যাখ্যেয় কথাফাকিৰ মাজেৰে লেখকে জ্ঞানৰ প্ৰসাৰৰ বাবে দেশ-বিদেশৰ মাজত পাৰস্পৰিক আদান-প্ৰদান কিমান গুৰুত্বপূৰ্ণ, সেয়া অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান সম্পর্কীয় সঘনাই সোধা প্ৰশ্ন
কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য কি কি?
কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা উচ্চ মানদণ্ডৰ আৰু মানসিক বিকাশৰ ওপৰত জোৰ দিয়ে।
কে’ম্ব্ৰিজৰ শিক্ষানুষ্ঠান কেনেকুৱা?
এই শিক্ষানুষ্ঠানসমূহত আধুনিক শিক্ষাৰ পদ্ধতি আৰু অনুশীলন প্ৰচলিত।
এই শিক্ষা ব্যৱস্থাই শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পেলাইছে?
সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰে বিশেষ ভূমিকা পালন কৰিছে।
এই অধ্যায়ত কি ধৰণৰ প্ৰশ্ন থকা সম্ভৱ?
কে’ম্ব্ৰিজ শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্য, শিক্ষা পদ্ধতি আৰু শিক্ষানুষ্ঠানৰ ওপৰত মূল ভিত্তিতে প্ৰশ্ন থাকিব।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top