Class 11 Assamese Chapter 9 – বিয়াৰ প্ৰেজেণ্ট – Complete Answer Solutions | AHSEC (ASSEB) Latest Syllabus (Assamese Medium)
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য সৌৰভৰ নৱম অধ্যায় – বিয়াৰ প্ৰেজেণ্টৰ সম্পূৰ্ণ উত্তৰসমূহ | AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়টো এটা হাস্য-ব্যংগাত্মক ৰচনা, য’ত বিয়াৰ উপহাৰ বা ‘প্ৰেজেণ্ট’ক কেন্দ্ৰ কৰি সমাজৰ কিছুমান দিশ উন্মোচন কৰা হৈছে। উপহাৰ দিয়া-লোৱাৰ আঁৰত থকা মানুহৰ মানসিকতা আৰু সামাজিক ৰীতি-নীতিক ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। AHSEC (ASSEB)ৰ নতুন পাঠ্যক্ৰম অনুসৰি এই অধ্যায়ৰ সকলো প্ৰশ্নৰ সহজ আৰু বোধগম্য উত্তৰ অস্পীন একেডেমীত (Ospin Academy) উপলব্ধ।
এই অধ্যায়ত আপুনি শিকিব:
- ‘বিয়াৰ প্ৰেজেণ্ট’ ৰচনাৰ মূল বিষয়বস্তু আৰু ব্যংগ
- উপহাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা সামাজিক প্ৰথা
- লেখকৰ হাস্যৰস আৰু মানৱ চৰিত্ৰ বিশ্লেষণ
- পাঠটোৰ অন্তৰ্নিহিত বাৰ্তা আৰু উদ্দেশ্য
- অধ্যায়ৰ প্ৰশ্ন-উত্তৰ আৰু বিশদ আলোচনা
🎯 অস্পীন একেডেমীৰ সুবিধাসমূহ:
- AHSEC (ASSEB)ৰ শেহতীয়া পাঠ্যসূচী অনুসৰি সম্পূৰ্ণ সমাধান
- প্ৰতিটো প্ৰশ্নৰ সৰল আৰু স্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ ভাষাত প্ৰস্তুত কৰা
- পৰীক্ষাৰ বাবে উৎকৃষ্ট প্ৰস্তুতিত সহায়ক
Class 11 Assamese Sahitya Sourav (সাহিত্য সৌৰভ) Chapter-wise Solutions PDF | AHSEC (ASSEB) Board
Limited Time Offer!
(For AHSEC ASSEB Board Class 11 Assamese)
Get complete chapter-wise solutions PDF for Class 11 Assamese (সাহিত্য সৌৰভ) as per latest AHSEC ASSEB syllabus.
Includes detailed explanations, literary analysis, and exam-focused answers for all chapters.
Ideal for self-study, revision, and board exam preparation.
বিয়াৰ প্রেজেন্ট
লেখক: চৈয়দ আব্দুল মালিত
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্পৰ পুথিখনৰ নাম কি?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ পোনপ্ৰথম প্ৰকাশিত চুটিগল্পৰ সংকলনটিৰ নাম আছিল ‘পৰশমণি’।
২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাদেমি বঁটা লাভকৰিছিল?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ শীৰ্ষক উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাদেমি সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ-কাহিনীৰ নাম লিখা।
উত্তৰঃ চৈয়দ আব্দুল মালিকে লিখা এখন উল্লেখযোগ্য ভ্রমণ-কাহিনী হ’ল ‘মাজত মাথোঁ হিমালয়’।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আধাৰিত কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে ‘ৰূপতীৰ্থৰ যাত্রী’।
৫। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ ‘বিয়াৰ প্রেজেন্ট’ গল্পটিত অসুস্থ হৈ থকা কন্যাজনীৰ নাম আছিল ‘বিনীতা’।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)
১। “তেৰেই আগ বাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে ‘আমাৰ তাৰে নোহোৱানে’?” কোনে, কাক কথাষাৰ সুধিছিল?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা উক্তিটো কনকেশ্বৰ ঠাকুৰে নাজিয়াক উদ্দেশ্যি কৈছিল।
২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই তেওঁৰ সম্পৰ্কীয় মোমায়েক অৰ্থাৎ অৱসৰপ্ৰাপ্ত হাকিম আহমেদ চাহেবৰ কনিষ্ঠা জীয়ৰীৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল।
৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰঃ টাউনৰ বাছ আস্থানত নাজিয়াই তেওঁলোকৰ একে গাঁৱৰে বাসিন্দা কনকেশ্বৰ ঠাকুৰক লগ পাই জানিব পাৰিলে যে ঠাকুৰে তেওঁৰ অসুস্থ কন্যাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আনিছে আৰু বৰ্তমান তেওঁৰ লগত আন কোনো নাই। এই কথা শুনি নাজিয়াই ছোৱালীজনীৰ খবৰ ল’বলৈ আৰু সহায় কৰিবলৈ চিকিৎসালয় অভিমুখে যাত্ৰা কৰিলে।
৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাৰলৈ ক’ৰ পৰা পইচা পালে?
উত্তৰঃ কনকেশ্বৰ ঠাকুৰে তেওঁৰ জীয়ৰী বিনীতাৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় ধন একে গাঁৱৰে বাসিন্দা নাজিয়াৰ পৰা লাভ কৰিছিল।
৫। “আমাৰ দুজন একেলগে বিয়াইলৈ যোৱাটো উচিত নহ’ব”-‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা বাক্যশাৰীত ‘আমাৰ দুজন’ বুলি ‘বিয়াৰ প্রেজেন্ট’ গল্পটোৰ কথকজন আৰু তেওঁৰ পত্নী নাজিয়াক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উত্তৰঃ নাজিয়াই তেওঁৰ সম্পৰ্কীয় মোমায়েকৰ জীয়ৰীৰ বিবাহ উপলক্ষে চহৰলৈ গৈছিল। চহৰৰ বাছ আস্থানত নামি যেতিয়া তেওঁ এখন ৰিক্সাত উঠিবলৈ ওলাইছিল, ঠিক সেই সময়তে নিজৰ গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল।
আচলতে, কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়ৰী বিনীতা গুৰুতৰভাৱে অসুস্থ হৈছিল। গাঁৱৰ বেজৰ চিকিৎসাতো ৰোগ ভাল নোহোৱাত তেওঁ ছোৱালীজনীক চহৰৰ চিকিৎসালয়লৈ লৈ আহিছিল। তাত চিকিৎসকে বেছি পলম নকৰাকৈ লগে লগে অস্ত্ৰোপচাৰ কৰাবলৈ পৰামৰ্শ দিলে। অস্ত্ৰোপচাৰৰ পাছত কমেও এশ-ডেৰশ টকাৰ তেজৰ প্ৰয়োজন হ’ব বুলি গম পাই ঠাকুৰ চিন্তিত হৈ পৰিছিল। কিয়নো তেওঁৰ হাতত সিমানেই ধন নাছিল আৰু ধন সংগ্ৰহৰ বাবে তেওঁৰ মাটি বন্ধক দিয়া বা বিক্ৰী কৰাৰো কোনো উপায় নাছিল। সেই সময়ত কিবা এটা সহায়ৰ পথ বিচাৰি তেওঁ গাঁৱলৈ উভতি যোৱাৰ উদ্দেশ্যে চহৰৰ সেই বাছ আস্থানলৈ আহিছিল, য’ত নাজিয়া সেইমাত্ৰ আহি নামিছিলহি। এনে এক হতাশা আৰু প্ৰয়োজনৰ সময়তে কনকেশ্বৰ ঠাকুৰে নাজিয়াৰ সাক্ষাৎ পাইছিল।
২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উত্তৰঃ নাজিয়াহঁতৰ আৰ্থিক অৱস্থা সিমান সচ্ছল নাছিল। ফলত দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে তেওঁলোকে সযত্নে হিচাপ কৰি চলিবলগীয়া হৈছিল। এখন বিয়ালৈ যাবলৈ হ’লে যিবোৰ আনুসংগিক খৰচ হয়, যেনে – ৰিক্সা বাছ ভাড়া, উপহাৰৰ খৰচ আদি সকলো মিলি ১৩০ টকাৰ হিচাপ ওলাইছিল। আনহাতে, ঘৰত তেওঁলোকৰ হাতত আছিল মাত্ৰ দুশ টকা। যদি তেওঁলোকে লগত চান্দাৰ মিঠায়ো লৈ যায়, তেন্তে আৰু পঞ্চাছ টকাৰ প্ৰয়োজন হ’ব। এই মুঠ খৰচ দুজন মানুহ বিয়ালৈ গ’লে হ’বলগীয়া ব্যয়।
সম্পৰ্কীয় মোমায়েকৰ ঘৰ হোৱা হেতুকে আৰু ঘৰখনৰ লগত অহাযোৱা থকা বাবে বিয়াখনলৈ নাজিয়া আৰু তেওঁৰ গিৰিয়েক দুয়োৰে যোৱাৰ বিশেষ ইচ্ছা আছিল। টাউনলৈ গ’লে তেওঁলোকে সেই ঘৰতেই চাহ-জলপান খাই আহে; সেয়ে দুয়ো যাব পাৰিলে বৰ ভাল লাগিলহেঁতেন। কিন্তু আৰ্থিক হিচাপটো কোনোমতেই মিলাব পৰা নগ’ল।
পৰিয়ালৰ এই আৰ্থিক অনাতন আৰু হিচাপৰ তাৰতম্যৰ বাবেই নাজিয়াই শেষত বিয়ালৈ অকলে যোৱাৰ সিদ্ধান্ত ল’লে।
৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰঃ নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ জীয়ৰীৰ বিয়া আছিল। আত্মীয়তাৰ সূত্ৰে সেই ঘৰখনৰ সৈতে তেওঁলোকৰ সুন্দৰ আৰু ঘনিষ্ঠ আহ-যাহ আছিল। সেয়ে বিয়াখনলৈ নগ’লেই নহ’ব বুলি নাজিয়াই হাতত সীমিত ধন লৈ চহৰ অভিমুখে যাত্ৰা কৰিছিল। আৰ্থিক অসুবিধাৰ বাবেই তেওঁৰ গিৰিয়েক যাব পৰা নাছিল, যদিও তেওঁৰো যোৱাৰ বৰ হেঁপাহ আছিল।
টাউনৰ বাছ আস্থানৰ পৰা বিবাহস্থলীলৈ বুলি ৰিক্সাত উঠিবলৈ সাজু হওঁতেই তেওঁ গাঁৱৰ পৰা অহা এজন পৰিচিত লোকক দেখিবলৈ পালে। তেওঁ আছিল একেখন গাঁৱৰে কনকেশ্বৰ ঠাকুৰ।
ঠাকুৰৰ কথাৰ পৰা নাজিয়াই জানিব পাৰিলে যে তেওঁৰ কনিষ্ঠা জীয়ৰী বিনীতা কেইবাদিনো ধৰি টান নৰিয়াত ভুগিছে। গাঁৱৰ বেজে চিকিৎসা কৰিব নোৱাৰাত তেওঁ নগৰৰ চিকিৎসালয়লৈ লৈ আহিছে। চিকিৎসকে পৰীক্ষা কৰি জনাইছে যে সোনকালে অস্ত্ৰোপচাৰ নকৰালে বিপদ হ’ব পাৰে। অস্ত্ৰোপচাৰৰ পাছত প্ৰায় ডেৰশ টকাৰ তেজৰ প্ৰয়োজন হ’ব বুলিও কৈছে। ঠাকুৰৰ হাতত সিমান পইচা নাই, আৰু বন্ধক দিয়া বা বিক্ৰী কৰিবলৈ তেওঁৰ মাটিও নাই। তথাপি কিবা এটা উপায় ওলায় নেকি বুলি ভাবি তেওঁ গাঁৱলৈ উভতি যাবলৈ আহিছে। এই কথাখিনি গম পাই নাজিয়াই গভীৰ দুখ অনুভৱ কৰিলে। তেওঁ ঠাকুৰৰ সৈতে চিকিৎসালয়লৈ গ’ল আৰু হাতত বিশ টকা ৰাখি এশ টকা তেজ কিনিবলৈ বুলি ঠাকুৰৰ হাতত দি দিলে। বিবাহৰ আনন্দত অংশ ল’বলৈ অহা নাজিয়াই ঠাকুৰৰ দুখত সমভাগী হৈ বিয়াৰ কথা একেবাৰে পাহৰি থাকিল। এই দুখজনক পৰিস্থিতিটোৱে তেওঁৰ বিয়ালৈ যোৱাৰ সিদ্ধান্ত সলনি কৰি দিলে।
৪। বিনীতাৰ অপাৰেশ্যন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বর্ণনা কৰা।
উত্তৰঃ গল্পটোৰ কথকৰ গাঁৱৰে বিনীতা নামৰ ছোৱালীজনী হঠাৎ গুৰুতৰভাৱে অসুস্থ হোৱাত তাইৰ দেউতাক কনকেশ্বৰ ঠাকুৰে তাইক চহৰৰ চিকিৎসালয়লৈ লৈ আহিছিল। শাৰীৰিকভাৱে তাইৰ তেজৰ মাত্ৰাও কম আছিল। চিকিৎসালয়ৰ ডাক্তৰে পৰীক্ষা কৰি জনালে যে বিনীতাৰ ৰোগ পুৰণি, আৰু ইতিমধ্যে বহু পলম হৈ গৈছে; গতিকে পাৰিলে সেই দিনাই অস্ত্ৰোপচাৰ কৰিব লাগিব। আন এদিন পলম হ’লেও জীৱনলৈ বিপদ মাতি অনাৰ সম্ভাৱনা আছে। অস্ত্ৰোপচাৰৰ পাছত প্ৰায় ডেৰশ টকাৰ তেজৰ প্ৰয়োজন হ’ব বুলিও চিকিৎসকে অৱগত কৰালে। এই কথা শুনি দেউতাক কনকেশ্বৰ ঠাকুৰ একেবাৰে হতবাক হৈ পৰিল।
তেওঁৰ লগত সিমান ধন নাছিল, আৰু ধন সংগ্ৰহৰ বাবে বিক্ৰী বা বন্ধক দিবলৈ তেওঁৰ মাটিও নাছিল। তথাপি গাঁৱলৈ গ’লে হয়তো কোনোবা প্ৰকাৰে এটা ব্যৱস্থা কৰিব পাৰিব বুলি ভাবি তেওঁ চহৰৰ সেই বাছ আস্থানলৈ আহিল। তাতে তেওঁ গাঁৱৰে নাজিয়াক লগ পালে।
সবিশেষ জানিব পাৰি নাজিয়াই ততাতৈয়াকৈ ঠাকুৰক লৈ চিকিৎসালয়লৈ গ’ল আৰু ডাক্তৰৰ সৈতে কথা পতাৰ ব্যৱস্থা কৰি সেই দিনাই অস্ত্ৰোপচাৰৰ দিহা কৰালে। তেজৰ বাবে প্ৰয়োজনীয় এশ টকাও নাজিয়াই ঠাকুৰৰ হাতত তুলি দিলে। আবেলি পাঁচ বজালৈকে চিকিৎসালয়তে থাকি নাজিয়াই এইদৰে তৎপৰতাৰে সকলো ব্যৱস্থা কৰাৰ ফলস্বৰূপে বিনীতাৰ অস্ত্ৰোপচাৰ অতি কম সময়ৰ ভিতৰতে সম্পন্ন হৈ গ’ল।
৫। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত মানবতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উত্তৰঃ ‘বিয়াৰ প্রেজেন্ট’ নামৰ এই চুটিগল্পটিৰ কাহিনী এখন বিবাহৰ সৈতে জড়িত আৱেগ আৰু পৰিস্থিতিৰ পাকচক্ৰত সোমাই পৰা বিনীতাৰ ৰোগৰ প্ৰসংগেৰে আগবাঢ়িছে।
গল্পটোৰ কথকৰ পত্নী নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ জীয়ৰীৰ বিয়া আছিল। চহৰৰ এই ঘৰখনৰ লগত নাজিয়াহঁতৰ অহাযোৱা থকা হেতুকে এটা আৱেগিক বান্ধোন আছিল। যদিও দুয়োৰে বিয়ালৈ যোৱাৰ বৰ ইচ্ছা আছিল, তথাপি আৰ্থিক অনাটনে সেই হেঁপাহত বাধা দিলে। ফলস্বৰূপে, আপোন মানুহৰ বিয়ালৈ হাতত সীমিত ধন লৈ নাজিয়া অকলেই যাত্ৰা কৰিলে। চহৰৰ বাছ আস্থানত নামিয়েই নাজিয়াই তেওঁলোকৰ গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে।
ঠাকুৰৰ পৰা তেওঁ জানিব পাৰিলে যে তেওঁৰ সৰু জীয়ৰী বিনীতাৰ টান অসুখ। গাঁৱৰ চিকিৎসাৰে সুফল নোপোৱাত তেওঁ নগৰৰ চিকিৎসালয়লৈ আনিছে। কিন্তু চিকিৎসকে কৈছে যে সেই দিনাই অস্ত্ৰোপচাৰ নকৰালে বিপদ হ’ব। অস্ত্ৰোপচাৰৰ পাছত তেজ যোগান ধৰিবলৈ ডেৰশমান টকা লাগিব। ঠাকুৰৰ হাতত সিমান ধন নাই, আৰু মাটিও বন্ধক বা বিক্ৰী কৰাৰ উপায় নাই। ঠাকুৰৰ এই দুৰ্দশা নাজিয়াই উপলব্ধি কৰিব পাৰি খবৰ ল’বলৈ চিকিৎসালয়লৈ গ’ল। তেওঁ ডাক্তৰৰ সৈতে ঠাকুৰৰ কথা পতাৰ ব্যৱস্থা কৰি সেই দিনাই অস্ত্ৰোপচাৰৰ দিহা কৰালে। আনকি, বিয়াৰ খৰচৰ বাবে নিয়া নিজৰ পইচাখিনিও নাজিয়াই তেজ কিনিবলৈ ঠাকুৰৰ হাতত দি দিলে। আবেলি পাঁচ বজালৈকে চিকিৎসালয়তে থাকি তেওঁ অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰালে।
ঠাকুৰ আৰু তেওঁৰ জীয়ৰীৰ দুখ-কষ্টই নাজিয়াক বিয়াৰ কথা পাহৰাই ৰাখিলে। বিয়ালৈ গৈ যিমানখিনি আনন্দ পালেহেঁতেন, তাতকৈ বহু বেছি শান্তি যেন নাজিয়াই এই বিপন্ন পৰিয়ালটোৰ দুখ দূৰ কৰাতহে বিচাৰি পালে। নিজৰ আৰ্থিক অসুবিধাৰ কথা নাভাৱি নাজিয়াই এটা পৰিয়ালক দুৰ্যোগৰ পৰা ৰক্ষা কৰিলে। এই মানৱীয় আনন্দৰ আন কোনো আনন্দৰ সৈতে তুলনা নহয়।
এইদৰে গল্পটোৰ মাজেৰে লেখকে মানৱতাবোধৰ এক সুন্দৰ আৰু সাৰ্থক নিদৰ্শন তুলি ধৰিছে।
এঘাৰ শ্ৰেণী অসমীয়া সাহিত্য – বিয়াৰ প্ৰেজেণ্ট সম্পৰ্কীয় সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




