Class 11 Political Science Chapter 10 সাংবিধানিক দর্শন Solutions | AHSEC (ASSEB) | Assamese Medium

Class 11

Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ১০ – সাংবিধানিক দর্শন – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম

এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১০ – সাংবিধানিক দর্শন সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)

এই অধ্যায়ত সাংবিধানিক দর্শনৰ মূল ধারণাসমূহ আলোচনা কৰা হৈছে। সাংবিধানিক দর্শনে সংবিধান আৰু তাৰ অৰ্থবোধ, সংবিধানৰ শাসন, নিয়ম-কানুন আৰু মূল লক্ষ্যসমূহৰ দৰ্শনিক বুজাবুজি প্ৰদান কৰে। পাঠ্যত কেন্দ্রীভূত হৈছে ভাৰতীয় সংবিধানৰ আদর্শ, মৌলিক অধিকাৰ, গণতান্ত্ৰিক প্রতিষ্ঠান আৰু সংবিধানিক মূল্যবোধৰ ওপৰিও। এই অধ্যায় শিক্ষাৰ্থীয়ে সংবিধানৰ গঠন, সংহতি আৰু স্বতঃস্ফূৰ্ত পৰিবর্তন সম্পৰ্কে বুজি পাব পাৰিব। অস্পীন একেডেমীৰ দ্বাৰা এই অধ্যায়ৰ প্ৰশ্নোত্তৰ সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষাত উপলব্ধ।

✅ এই অধ্যায়ত কি শিকিব:

  • সাংবিধানিক দর্শনৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
  • ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু মূল্যবোধ
  • সংবিধানৰ গঠন আৰু উদ্দেশ্য
  • মূলাধিকাৰ আৰু গণতন্ত্ৰীয় পৰিসৰ
  • সংবিধানিক পৰিবর্তন আৰু তাদের প্ৰভাব

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • নতুন AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • প্ৰত্যেক প্ৰশ্নৰ স্পষ্ট আৰু সুসংগঠিত উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষা
  • সংবিধানিক দর্শনৰ মূল দৃষ্টিভংগীসহ শিক্ষামূলক ব্যাখ্যা
Vibrant Note Box
Buy Printable PDF
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)

Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!

Vibrant Note Box
অধ্যায় ১০ – সাংবিধানিক দর্শন

সাংবিধানিক দর্শন (THE PHILOSOPHY OF THE CONSTITUTION)

পাঠভিত্তিক প্রশ্নোত্তৰ

১।তলত কিছুমান আইন উল্লেখ আছে। সেইবোৰ কোনো মূল্যবোধৰ লগত সংযুক্তনে? যদি হয়, তেনেহলে তলৰ কোনটো? কাৰণ দর্শোৱা।

(ক) পৰিয়ালৰ সম্পত্তি সমানভাবে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে?

উত্তৰঃ হয়, এয়া সামাজিক ন্যায়ৰ মূল্যবোধৰ সৈতে সংযুক্ত। সংবিধানে লিংগভিত্তিক বৈষম্য অনুমোদন নকৰে। এই ব্যৱস্থাটো সমতাৰ অধিকাৰৰ সৈতেও জড়িত।

​(খ) গ্ৰাহকৰ আহৰণ কৰা বয়-বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি?

উত্তৰঃ হয়, এয়া অৰ্থনৈতিক ন্যায়ৰ মূল্যবোধৰ সৈতে সংযুক্ত।

​(গ) ধৰ্মীয় আদেশ কোনো ধৰণৰ স্কুলত দিব নালাগে।

উত্তৰঃ হয়, এয়া ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যৰ সৈতে জড়িত। ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, অৰ্থাৎ ৰাষ্ট্ৰই কোনো নিৰ্দিষ্ট ধৰ্মক সমৰ্থন নকৰে।

​(ঘ) কোনো ধৰণৰ ভিক্ষাৰী বা বলপূর্বক শ্ৰমত লিপ্ত হ’ব নালাগে।

উত্তৰঃ হয়, এয়া সামাজিক ন্যায়ৰ মূল্যবোধৰ সৈতে জড়িত।

​২। তলত উল্লেখিত কোনটো এই বাক্য সম্পূৰ্ণ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি?

​গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত এখন সংবিধানৰ বাবে প্ৰয়োজন হয়-

​(ক) চৰকাৰৰ ক্ষমতাসমূহ পৰীক্ষা কৰা।

(খ) সংখ্যালঘুক সংখ্যাগৰিষ্ঠতাৰ পৰা ৰক্ষা কৰা।

(গ) ঔপনিবেশিক শাসনৰ পৰা স্বতন্ত্ৰতা অনা।

(ঘ) দীর্ঘকালীন দৃষ্টিভঙ্গী এটা পোৱাৰ বাবে আমি আমাৰ আৰ্থিক লোকচান ভৰিব নোৱাৰো।

(ঙ) সামাজিক পৰিবৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল’ব লাগে।

​উত্তৰঃ (গ) ঔপনিবেশিক শাসনৰ পৰা স্বতন্ত্ৰতা অনা।

​৩। তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্যয়ন আৰু জনাৰ বিভিন্ন পর্যায়সমূহ উল্লেখিত আছে-

​তলৰ কোনটো বাক্যই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বৰ্তমানেও প্ৰচলিত বুলি উল্লেখ কৰিছে? আৰু কোনকেইটা অপ্ৰচলিত?

কোনকেইটাৰ স্থিতি তোমালোকে মানি লোৱা আৰু কিয়?

​(ক) সৰ্বসাধাৰণ লোকে তেওঁলোকৰ জীৱিকা নিৰ্বাহ আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধানতে ব্যস্ত থাকে। তেওঁলোকে এই বিতৰ্কসমূহৰ বিধিগত ভাষাক বুজি নাপায়।

উত্তৰঃ মই এই উক্তিটোৰ সৈতে এইবুলি সহমত পোষণ কৰোঁ যে সংবিধান সভাৰ বিতৰ্কসমূহ বৰ্তমানেও প্ৰাসংগিক। সংবিধানত কিছুমান নিৰ্দিষ্ট অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ কাৰণ বুজাও এই বিতৰ্কসমূহে জনসাধাৰণক সহায় কৰে।

​(খ) বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বান সংবিধান প্ৰস্তুত কৰা সময়তকৈ বেলেগ। সংবিধান প্ৰণেতাসকলে কৰা চিন্তা অধ্যয়ন কৰি আৰু সেইবোৰ বৰ্তমান যুগত ব্যৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰোঁ।

উত্তৰঃ এইটো সত্য যে বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বানসমূহ সংবিধান প্ৰস্তুত কৰা সময়তকৈ ভিন্ন। অৱশ্যে, ৰাষ্ট্ৰই তেতিয়া সন্মুখীন হোৱা বিষয়সমূহৰ আমূল পৰিৱৰ্তন সাধন হোৱা নাই। সেইবিলাক কম-বেছি পৰিমাণে একে হৈ আছে। সেয়ে, সংবিধান সভাৰ বিতৰ্কসমূহ বৰ্তমানেও প্ৰাসংগিক।

(গ) আমাৰ বিশ্বখ্যক জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা নাই। সংবিধান সভাৰ বিতৰ্কসমূহে আমাৰ বিভিন্ন কাৰ্য্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে। সাংবিধানিক কাৰ্য্যসমূহ যেতিয়া প্ৰত্যাহিকত হয় ‘আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলো।

উত্তৰঃ মই এই উক্তিটো সমৰ্থন কৰোঁ। ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বৰ্তমানেও বিৰাজ কৰিছে। গতিকে, বৰ্তমান প্ৰজন্মৰ বাবেও এই বিতৰ্কসমূহ উপযোগী।

​৪। ভাৰতীয় সংবিধান আৰু পাশ্চাত্য ধাৰণাৰ পাৰ্থক্য বহলাই লিখা-

​তলত উল্লেখিত বিষয়বস্তুৰ সহায়ত-

​(ক) ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ পশ্চিমীয়া ধাৰণা অনুসৰি ধৰ্ম আৰু ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে পৃথক সত্তা আৰু উভয়ে পৰস্পৰৰ পৰা দূৰত অৱস্থান গ্ৰহণ কৰা উচিত। কিন্তু ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ অন্তৰ্গত সামূহিক কল্যাণৰ স্বাৰ্থত ধৰ্মীয় বিষয়ত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পোষকতা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে শিক্ষানুষ্ঠান স্থাপনত সাহায্য প্ৰদান কৰে।

​(খ) অনুচ্ছেদ ৩৭০, আৰু ৩৭১

উত্তৰঃ ৩৭০ নং অনুচ্ছেদত জম্মু আৰু কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰা হৈছে, আনহাতে ৩৭১ নং অনুচ্ছেদত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰসংগ উত্থাপন কৰা হৈছে। এই ৰাজ্যসমূহত বিৰাজ কৰা অনন্য সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ বাবে ইহঁতে কিছুমান বিশেষ মৰ্যাদা লাভ কৰিছে। ভাৰতীয় যুক্তৰাষ্ট্ৰত জম্মু আৰু কাশ্মীৰৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এই বুজাবুজিত উপনীত হৈছিল যে ৰাজ্যখনৰ স্বায়ত্ত শাসনক সন্মান প্ৰদৰ্শন কৰা হ’ব। (পূৰ্বে থকা ব্যৱস্থা অনুসৰি) ৩৭০ নং অনুচ্ছেদে জম্মু আৰু কাশ্মীৰ ৰাজ্য নিজৰ সংবিধানৰ দ্বাৰা শাসিত হ’বলৈ অনুমোদন প্ৰদান কৰিছিল।

​(গ) দৃঢ় পদক্ষেপ

উত্তৰঃ ভাৰতীয় আৰু পশ্চিমীয়া সংবিধানৰ মাজত কিছুমান উল্লেখনীয় পাৰ্থক্য আছে। বহুতো পশ্চিমীয়া সংবিধান বহু দীৰ্ঘকালৰ পূৰ্বে লিখা হৈছিল আৰু এইবিলাকৰ সৰহসংখ্যকেই দৃঢ় সংবিধান, য’ত সংশোধনৰ ব্যৱস্থা নথকা বুলি ক’ব পাৰি। এই সংবিধানসমূহৰ বিপৰীতে ভাৰতীয় সংবিধানে সময়ৰ প্ৰয়োজন অনুসৰি ইয়াৰ ব্যৱস্থা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ই সামাজিক ন্যায়, সমতা, স্বাধীনতা আদি প্ৰতিষ্ঠাৰ স্বাৰ্থত কিছুমান নিশ্চিত ব্যৱস্থাৰ ওপৰত আধাৰিত।

​(ঘ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ

উত্তৰঃ পশ্চিমীয়া বিশ্বত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ক্ৰমান্বয়েহে প্ৰদান কৰা হৈছিল। আৰম্ভণিতে মহিলা আৰু দুখীয়া শ্ৰেণীৰ লোকক ভোটাধিকাৰ প্ৰদান কৰা হোৱা নাছিল। কিন্তু ভাৰতত সংবিধান বলবৎ হোৱাৰ সময়ৰে পৰা সকলোকে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল।

​৫। ভাৰতীয় সংবিধানত তলত উল্লোখিত কোনকেইটা ধৰ্মনিৰপেক্ষ নীতি বলবৎ কৰা হৈছে?

​(ক) ৰাজ্যৰ ধৰ্মৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।

(খ) ৰাজ্য আৰু ধৰ্মৰ মাজত ঘনিষ্ঠ সম্পৰ্ক।

(গ) ৰাজ্যই ধৰ্মসমূহৰ মাজত ভেদা-ভেদ আনিব নোৱাৰে।

(ঘ) ৰাজ্যই ধৰ্মীয় গোটসমূহৰ অধিকাৰক নিৰ্ধাৰণ কৰিব পাৰে।

(ঙ) ৰাজ্যৰ ধৰ্মীয় কাৰ্যৰ ক্ষেত্ৰত সীমিত ক্ষমতা থাকে।

​উত্তৰঃ ভাৰতীয় সংবিধানত নিম্নলিখিত ধৰ্মনিৰপেক্ষ নীতিকেইটা বলবৎ কৰা হৈছে:

​(ক) ৰাজ্যৰ ধৰ্মৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।

​(ঘ) ৰাজ্যই ধৰ্মীয় গোটসমূহৰ অধিকাৰক নিৰ্ধাৰণ কৰিব পাৰে।

​(ঙ) ৰাজ্যৰ ধৰ্মীয় কাৰ্যৰ ক্ষেত্ৰত সীমিত ক্ষমতা থাকে।

​৬। তলত উল্লেখ থকাসমূহৰ মিল দেখুওৱা।

(ক) বিধৱাৰ সমালোচনা কৰাৰ স্বাধীনতা

(১) মূল্যবোধ আহৰণ

(খ) সাংবিধানিক সভাই লোৱা সিদ্ধান্ত সমূহ যুক্তিৰ ওপৰত নিৰ্ভৰশীল নিজ স্বাৰ্থৰ ওপৰত নহয়।

(২) বিধিগত প্রাপ্যসমুহ

(গ) ব্যক্তিগত জীবনৰ ক্ষেত্ৰত সম্প্রদায়ৰ গুরুত্ব উপলব্ধি

(৩) লিঙ্গ ন্যায়ৰ প্রতি অবহেলা

(ঘ) অনুচ্ছেদ ৩৭০ আৰু ৩৭১

(৪) ব্যক্তিবাদৰ উদাৰতা

(ঙ) পৰিয়ালৰ সম্পত্তি আৰু ল’বা ছোৱালীৰ ক্ষেত্ৰত স্ত্ৰীৰ প্রতি অসমতা অধিকাৰ

(৫) এটা নির্দিষ্ট অঞ্চলৰ প্রয়োজনীয় গুরুত্বতা।

উত্তৰঃ (ক) বিধৱাৰ সমালোচনা কৰাৰ স্বাধীনতা।

(২) বিধিগত প্রাপ্যসমূহ

(খ) সাংবিধানিক সভাই লোবা সিদ্ধান্তসমূহ যুক্তির ওপবত নির্ভরশীল, নিজ স্বার্থৰি ওপৰত নহয়।

(১) মুল্যবোধ আহবণ

(গ) ব্যক্তিগত জীবনৰ ক্ষেত্রত সম্প্রদায়ৰ একত্ব উপলব্ধি

(৫) এটা নির্দিষ্ট অঞ্চলৰ প্রয়োজনীয় গুরুত্ব।

(ঘ) অনুচ্ছেদ ৩৭০ আৰু ৩৭১

(৪) ব্যক্তিবাদৰ উদাৰতা

(ঙ) পৰিয়ালৰ সম্পত্তি আৰু ল’বা ছোৱালীৰ ক্ষেতে স্ত্রীব প্রতি অসমতা অধিকাৰ।

(৩) লিঙ্গ ন্যায়খ প্রতি অবহেলা

৭। এই আলোচনা এটা শ্রেণীত কৰা হৈছে। বিভিন্ন মতামতসমূহ অধ্যয়ন কৰি কোনকেইটা তুমি মানি লৈছা আৰু কোনকেইটা মানি লোৱা নাই-

জয়েচ: মই ভাবো আমাৰ সংবিধানখন এখন আহবিত বলিল।

চাবা : তুমি ক’ব বিচাৰিছা নেকি যে তাত কোনো ভাৰতীয় দর্শন নাই? কিছু, তাত কিছুমান ভাৰতীয় আৰু পাশ্চাত্য মূল্যবোধ আৰু ধাৰণা আছে নেকি? পুৰুষ আৰু নাৰীৰ মাজত সমতা মানি লোৱা। তাত পাশ্চাত্য কি আছে নো? আৰু এয়া থকা সত্বেও আমি ইয়াক নাকচ কৰিব পাৰো নেকি? কাৰণ ই পাশ্চাত্য?

জয়েচ: মই ক’ব বিচাৰিছো যে বৃটিছৰ লগত হোৱা স্বাধীনতা আন্দোলনৰ পিছত তেওঁলোকৰ সংসদীয় চৰকাৰ ব্যবস্থা প্রয়োগ কৰা নাই নেকি?

নেহা : তুমি পাহৰিছা নেকি, বৃটিছ শাসনর বিরোধীতা কৰোতে আমি প্রকৃততে ঔপনিবেশিকতাৰ নীতিসমূহকহে বিরোধীতা কৰিছিলো। আমাৰ চবকাবী ব্যৱস্থাৰ ক্ষেত্ৰত এইটো গুরুত্ব দিবলগীয়া কথা নহয় যে, আমি কৰ পৰা আহৰণ কৰিছো।

উত্তৰঃ উপৰোক্ত আলোচনাত চাবা, জয়েচ আৰু নেহাৰ মতামতকেইটা মই মানি লৈছো। প্রথমে মই চাবাৰ মতটো মানি লৈছো। এইটো সত্য যে ভাৰতীয় সংবিধানৰ প্রণেতাসকলে বিশ্বৰ অন্যান্য সংবিধানসমূহৰ পৰা বহুতো ধাৰণা আৰু আদর্শ অনুকৰণ কৰিছিল। এই আদর্শসমূহক এখন নির্দিষ্ট দেশৰ ব্যক্তিগত সম্পত্তি হিচাপে বিবেচনা কৰিব নোৱাৰি। এই আদর্শসমূহ সার্বজনীন আৰু এইসমূহ সমগ্র বিশ্বৰ ক্ষেত্ৰত প্রযোজ্য সমতাৰ অধিকাৰ, জীবনৰ অধিকাৰ মত প্ৰকাশৰ অধিকাৰ আদি সার্বজনীন অধিকাৰ। এইবোৰক পশ্চিমীয়া বুলি অভিহিত কৰিব নোৱাবি। গতিকে, এই আদর্শসমূহ পশ্চিমীয়া সংবিধানত সন্নিবিষ্ট

থকাৰ বাবে এইসমূহক আমি প্রত্যাখান কৰিব নোৱাবো। মই জয়েচৰ দ্বিতীয় অভিমতটোও মানি লৈছো। এইটো সত্য যে আমি ব্রিটিছসকলৰ বিৰুদ্ধে সংগ্রাম কৰিছিলো। কিন্তু আমি তেওঁলোকৰ সংসদীয় পদ্ধতিৰ চৰকাৰ হগ্রহণ কৰিছো। ইয়াক ভুল পদক্ষেপ বুলি অভিহিত কৰিব নোৱাৰি। সংসদীয় ব্যবস্থা ব্রিটিছসকলে বিকশিত কৰা নাছিল। ই হৈছে বিশ্বৰ এক উমৈহতীয়া ধাৰণা। গতিকে, এই আদর্শসমূহ গ্রহণ কৰিলে কোনো ক্ষতি নহয়।

মই নেহাৰ অভিমতটোও মানি লৈছো। যদিও আমি ব্রিটিছসকলৰ ঔপনিবেশিক শাসনব বিৰোধিতা কৰিছিলো, আমি প্রকৃততে ব্রিটিছসকলৰ সৈতে শত্রুতাচৰণ কৰা নাছিলো, বৰং তেওঁলোকৰ শাসন ব্যৱস্থাৰহে বিৰোধিতা কৰিছিলে। গতিকে, ইংলেণ্ডৰ প্রচলিত শাসন ব্যৱস্থা অনুসৰণ কৰিলে কোনো ক্ষতি সাধন নহয়। আমাৰ সংবিধানৰ প্রণেতাসকলে ইয়াক আমাৰ দেশৰ বাবে উপযোগী বুলি বিবেচনা কৰিছিল আৰু সেয়ে তেওঁলোকে ইংলেণ্ডৰ সংবিধানৰ পৰা ইয়াক অনুসৰণ কৰিছিল।

৮। কিয় ভাৰতীয় সংবিধানৰ প্রণয়ন অ-প্রতিনিধিত্ব বুলি কোৱা হয়? ই সংবিধানখনক অপ্রতিনিধিত্ব কৰে নেকি? যুক্তিসংগত উত্তৰ দিয়া।

উত্তৰঃ ভাৰতীয় সংবিধানৰ বিৰুদ্ধে এটা প্রধান সমালোচনা এয়ে যে ইয়াক এনে এখন সংবিধান সভাই প্রস্তুত কৰিছিল য’ত সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ প্রতিনিধিত্ব নাছিল। তদুপৰি, এই সংবিধান সভাৰ সদস্যসকল সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচিত হোৱা নাছিল। সদস্যসকল সমাজৰ অগ্রণী শ্ৰেণীৰ পৰা নিৰ্বাচিত হৈছিল। ৰাজ্যসমূহৰ ৯৩ জন প্রতিনিধিক শাসক সকলে মনোনীত কৰিছিল। চাৰিগৰাকী সদস্যক মুখ্য আয়ুক্তৰ প্ৰদেশৰ পৰা মনোনীত কৰা হৈছিল। তদুপৰি, বিভাজনৰ পাছত আয়ুক্তর প্রদেশৰ পৰা মনোনীত কৰা হৈছিল। তদুপৰি, বিভাজনৰ পাছত মুঠ সদস্য সংখ্যা ৩৮৯ ৰ পৰা ২৯৯ জনলৈ হ্রাস পায়। ইয়াৰে কেৱল ২৮৪ গৰাকী সদস্যইহে সংবিধানত স্বাক্ষৰ কৰিছিল। এই আটাইবোৰে দেখুৱায় যে ভাৰতীয় সংবিধানৰ প্ৰণয়নত সঠিক প্রতিনিধিত্ব নাছিল।

অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে এয়া অপ্রতিনিধিত্বমূলক আছিল। বিভাজনৰ পাছত প্রধান ৰাজনৈতিক দলৰ নেতাসকলে সংবিধান প্রণয়নৰ বাবে গুৰুত্বসহকাৰে পদক্ষেপ গ্রহণ কৰিছিল। প্ৰায় সকলোবোৰ প্রধান নেতা সংবিধান সভাৰ সদস্য আছিল। দ্বিতীয়তে, যদি আমি সংবিধান সভাত অনুষ্ঠিত হোৱা বিতৰ্কৰ ওপৰত আলোকপাত কৰোঁ তেন্তে আমাৰ দৃষ্টিগোচৰ হ’ব যে ইয়াত বিভিন্ন প্ৰকাৰৰ মতামত আৰু দৃষ্টিভংগী ব্যক্ত কৰা হৈছিল। যদিও সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লোকৰ প্ৰতিনিধিত্ব নাছিল তথাপি তেওঁলোকৰ চিন্তাৰ সকলো বিষয়, দৃষ্টিভংগী আৰু মতামত সভাৰ সদস্যসকলে আলোচনা কৰিছিল।

৯। ভাৰতীয় সংবিধানৰ এক সীমাবদ্ধতা হ’ল’ই লিংগ ন্যায়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুরুত্ব দিয়া নাই। ইয়াক কেনেকৈ প্ৰমাণ কৰিবা। যদি তোমালোকে বর্তমান সংবিধান এখন প্রস্তুত কৰা, এই সীমান্ধতাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ আগবঢ়াৱা?

উত্তৰঃ যদি আমি ভাৰতীয় সংবিধানখন বিশ্লেষণ কৰো আমি নিশ্চিতভাৱে কিছুমান সীমাবদ্ধতা প্রত্যক্ষ কৰিম। আমাৰ সংবিধানৰ এটা প্রধান সীমাবদ্ধতা এয়ে যে ইয়াত লিংগভিত্তিক ন্যায়ৰ প্ৰসংগ উপেক্ষা কৰা হৈছে, বিশেষকৈ পৰিলায়ত মহিলাসকলে পাবলগীয়া অধিকাৰসমূহ উপেক্ষা কৰা হৈছে। এই সন্দর্ভত একো উল্লেখ কৰা হোৱা নাই। ইয়াৰ প্রধান কারণ এয়ে যে ১৯৪৭ চনত ভাৰতীয় মহিলাসকলে সমাজত পুৰুষৰ দৰে সমান স্থান লাভ কৰা নাছিল। তেওঁলোকৰ বৃহৎসংখ্যক নিৰক্ষৰ আছিল। তেওঁলোকৰ আৰ্থ ৰক্ষাৰ হকে যুক্তি প্রদর্শনৰ বাবে কেইগৰাকীমানহে মহিলা সদস্য আছিল। ফলস্বৰূপে তেওঁলোকৰ অধিকাৰ আৰু প্রয়োজনীয়সমূহ উপেক্ষা কৰা হৈছিল। বর্তমান যদি এই সীমাবদ্ধতাসমূহ সংশোধনৰ বাবে সুযোগ প্রদান কৰা হয়, তেন্তে মই ভাৰতীয় সংবিধানত

নিম্নোক্ত ব্যবস্থাকেইটা সংযোজন কৰিম।

(ক) পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত সমান কামৰ বাবে সমান মজুৰি।

(খ) পুত্ৰৰ দৰে কন্যাৰো পৈত্রিক সম্পত্তিৰ ক্ষেত্রত সমান অংশৰ ব্যৱস্থা।

(গ) সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা।

(ঘ) প্রত্যেক দলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা মহিলাৰ বাবে নির্দিষ্ট সংখ্যক আসন বাধ্যতামূলকভাবে নির্ধাৰণ কৰা।

(৬) মুখ্য ন্যায়াধীশ, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আদি পদবীৰ বাবে মহিলাক নিয়মীয়াকৈ বাছনি কৰিবলৈ চৰকাৰৰ দ্বাৰা নিশ্চয়তা প্রদানৰ ব্যবস্থা।

১০। তোমালোকে এই কথাৰ লগত সম্মত নে যে- ‘এখন দৰিদ্ৰ উন্নয়নশীল ৰাষ্ট্ৰত কিয় এইটো স্পষ্ট নহয় যে, কিছুমান মূল আর্থ-সামাজিক অধিকাৰ নিৰ্দেশাত্মক নীতিৰ অধ্যায়ত উল্লেখ কৰা আছে। কিন্তু, মৌলিক অধিকাৰসমূহৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে উল্লেখ কৰা নাই? যুক্তিসংগত উত্তৰ দিয়া।

তুমি কি বুলি ভাবা যে, নির্দেশাত্মক নীতিৰ ক্ষেত্ৰত আৰ্থ-সামাজিক অধিকাৰসমূহ উল্লেখ কৰাৰ সম্ভৱপৰ কাৰণ?

উত্তৰঃ ৰাষ্ট পৰিচালনাৰ নির্দেশাত্মক নীতিসমূহ ভাৰতীয় সংবিধানৰ এক গুরুত্বপূর্ণ অংশ। কিন্তু এই নীতিসমূহৰ ন্যায্যতা প্রতিপন্ন কৰিব নোৱাৰি। এই নীতিসমূহক কোনো ন্যায়ালয়ত বলবৎ কৰিব নোৱাৰি। কিন্তু মৌলিক অধিকাৰৰ ন্যায্যতা প্রতিপন্ন কৰিব পাৰি আৰু ইয়াক বলবৎ কৰিব পাৰি। মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত থকা পার্থক্যৰ বাবে এনে হয়। মৌলিক অধিকাৰসমূহে ৰাজনৈতিক গণতন্ত্র স্থাপনৰ প্ৰয়াস কৰাৰ বিপৰীতে নির্দেশাত্মক নীতিসমূহে সামাজিক আৰু অর্থনৈতিক গণতন্ত্র স্থাপনৰ প্ৰয়াস কৰে। গণতন্ত্ৰত ৰাজনৈতিক গণতন্ত্রৰ আৱশ্যকতা আছে, আর্থ-সামাজিক অধিকাৰে মাথোন মানৱ অস্তিত্ব বৃদ্ধি কৰে। অন্যার্থত মৌলিক অধিকাৰৰ তুলনাত আর্থ-সামাজিক অধিকাৰৰ গুৰুত্ব কম। সেয়ে, এই অধিকাৰসমূহ নিদের্শাত্মক নীতিৰ অন্তৰ্গত সাঙুৰি লোৱা হৈছে। ইয়াক নির্দেশাত্মক নীতিৰ অন্তৰ্ভূক্ত কৰাৰ অন্য এটা কাৰণ এয়ে যে সংবিধান ৰচনা কৰাৰ সময়ত ভাৰত এখন দুখীয়া দেশ আছিল আৰু আটাইবোৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক অধিকাৰ আৰ্থিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত কাৰ্যকৰী কৰিব পৰা নাছিল অর্থাৎ আটাইবোৰ মূল অর্থনৈতিক অধিকাৰ কাৰ্যকৰী কৰাটো ৰাষ্ট্ৰৰ বাবে সম্ভব নাছিল কিয়নো ইয়াৰ বাবে বৃহৎ মাত্ৰাত পুঁজিৰ আৱশ্যকতা আছিল যিটো তেতিয়া দেশখনত উপলব্ধ হোৱা নাছিল। দ্বিতীয়তে এই অধিকাৰসমূহ মৌলিক অধিকাৰৰ দৰে বলবৎ কৰাটো সম্ভব নাছিল কিয়নো ইয়াত কিছুমান ব্যৱহাৰিক কঠিনতা জড়িত হৈ আছিল। কিন্তু মনত ৰাখিবলগীয়া কথাটো এয়ে যে যদিও এই নীতিসমূহ বলবৎ কৰিব নোৱাৰি ইয়াৰ পিছত যথেষ্ট জনমত আছে। যদি চৰকাৰে এই নীতিসমুহব বিৰুদ্ধাচৰণ কৰে, তেস্ত পৰবৰ্তী নিৰ্বাচনত সংশ্লিষ্ট চৰকাৰৰ পতন নিশ্চিত। সেয়ে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাসমূহে বিগত বৰ্যসমূহত এই আবশ্যকীয় অধিকাবসমূহ ৰূপায়ণ কৰি আহিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ১০ সাংবিধানিক দর্শন সঘনাই সোধা প্ৰশ্ন
সাংবিধানিক দর্শন মানে কি?
সাংবিধানিক দর্শন হৈছে সংবিধান আৰু ইয়াৰ মৌলিক দৰ্শন, উদ্দেশ্য আৰু মূল্যবোধক বুজাবলৈ দৰ্শনিক বিশ্লেষণ।
ভাৰতীয় সংবিধানৰ আদর্শ কি কি?
ভাৰতীয় সংবিধানৰ আদৰ্শবোৰত গণতন্ত্র, ধৰ্মনিৰপেক্ষতা, ন্যায়, স্বাধীনতা আৰু সমতা অন্তর্গত।
সংবিধান কিদৰে পৰিবর্তন হ’ব পাৰে?
সংবিধান সংশোধনৰ দ্বাৰা সংসদ আৰু বিশেষ ক্ষেত্ৰত ৰাজ্যসভাৰ অনুমোদন ল’ই সংশোধিত হ’ব পাৰে।
মূলাধিকাৰ আৰু গণতন্ত্ৰীয় পৰিসৰ কি?
মূলাধিকাৰ হৈছে নাগৰিকৰ মৌলিক অধিকাৰ আৰু গণতন্ত্ৰীয় পৰিসৰ হৈছে এই অধিকাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top