Class 11 Political Science Chapter 4 কার্যপালিকা Solutions | AHSEC (ASSEB) | Assamese Medium

Class 11

Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ৪ – কার্যপালিকা – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম

এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৪ – কার্যপালিকা সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)

এই অধ্যায়ত ভাৰতীয় সংবিধানৰ কার্যপালিকা (Executive)ৰ চৰ্চা কৰা হৈছে। কার্যপালিকা অংশত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যপদ্ধতি, কাৰ্যনির্বাহী শক্তিৰ ভূমিকা, আৰু ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী পৰিষদৰ দ্বায়িত্বৰ ব্যৱস্থাৰ ওপৰত বিস্তৃত আলোকপাত আছে। এই অধ্যায়ত সংবিধানৰ অধীন কাৰ্যপালিকা শাখাৰ গঠন, কৰ্তব্য, শক্তি আৰু নিয়ন্ত্ৰণসমূহ বুজোৱা হৈছে। অস্পীন একেডেমীৰ দ্বাৰা এই অধ্যায়ৰ প্ৰশ্নবোৰ সহজ আৰু বিস্তাৰিত উত্তৰত উপলব্ধ।

✅ এই অধ্যায়ত কি শিকিব:

  • কাৰ্যপালিকা শাখাৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
  • কেন্দ্ৰ আৰু ৰাজ্যৰ কার্যপালিকাৰ গঠন
  • ৰাষ্ট্ৰপতিৰ আৰু ৰাজ্যপালৰ ভূমিকা আৰু দায়িত্ব
  • মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্য আৰু দায়িত্ব
  • কাৰ্যপালিকা শক্তিৰ সীমাবদ্ধতা আৰু নিৰীক্ষণ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • আধুনিক AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • প্ৰত্যেক প্ৰশ্নৰ স্পষ্ট আৰু বুজাব পৰা উত্তৰ
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ ভাষা ব্যৱহাৰ
  • কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ কার্যপালিকাৰ তলত উদাহৰণসহ শিক্ষামূলক বিৱৰণ
Vibrant Note Box
Buy Printable PDF
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)

Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!

Vibrant Note Box
অধ্যায় ৪ – কার্যপালিকা

কার্যপালিকা (EXECUTIVE)

পাঠভিত্তিক প্রশ্নোত্তৰ

১। এটি সংসদীয় কার্যপালিকাৰ অৰ্থ হ’লঃ

(ক) এটি সংসদ থকা কার্যপালিকা

(খ) সংসদৰ দ্বাৰা নির্বাচিত কার্যগালিকা

(গ) সংসদে য’ত কার্যপালিকা হিচাপে কার্যনির্বাহ কৰে(ঘ) সংসদত্ত সংখ্যাগৰিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা

উত্তৰঃ (ঘ) সংসদত সংখ্যাগরিষ্ঠ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা

২। এই কথোপকথন পড়া। কোনটো যুক্তি তুমি গ্রহণ কৰা? কিয়?

অমিত: সাংবিধানিক ব্যবস্থালৈ চাই, বাষ্ট্রপতিক বাবাৰ ষ্টাম্প (Rubber stamp) যেন লাগে।

চামা: প্রধানমন্ত্রীক বাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। গতিকে, তেওঁৰ প্রধানমন্ত্রীক অপসাৰণ কৰোৱা ক্ষমতা থাকিব লাগে।

বাজেশ: আমাক এজন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই। নির্বাচনৰ পিছত সংসদ মিলিত হ’ব পাৰে আৰু এজন নেতাক প্রধানমন্ত্রী নির্বাচিত কৰিব লাগে।

উত্তৰঃ ​এই কথোপকথনৰ তিনিওটা যুক্তিয়েই অশুদ্ধ বা অসম্পূৰ্ণ হোৱাৰ বাবে মই কোনো এটা যুক্তি সম্পূৰ্ণৰূপে গ্ৰহণ নকৰোঁ। কিন্তু, ইয়াৰ সৈতে জড়িত সাংবিধানিক দিশসমূহ তলত ব্যাখ্যা কৰা হ’ল:

​(ক) অমিতৰ যুক্তিটো অশুদ্ধ: ভাৰতৰ ৰাষ্ট্ৰপতিক সংবিধানে প্ৰকৃততে যথেষ্ট ক্ষমতা প্ৰদান কৰিছে। যদিও তেওঁ মন্ত্ৰী পৰিষদৰ পৰামৰ্শমতে কাম কৰিবলৈ বাধ্য, তথাপি তেওঁৰ বিবেচনামূলক ক্ষমতা আছে, যেনে- কোনো বিধেয়ক পুনৰ বিবেচনাৰ বাবে উভতাই পঠোৱা বা প্ৰধানমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত (যেতিয়া কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰে)। সেয়েহে, তেওঁক কেৱল নামমাত্ৰ বা ৰাবাৰ ষ্টাম্প বুলি ক’লে সম্পূৰ্ণ শুদ্ধ নহ’ব।

​(খ) চামাই আগবঢ়োৱা যুক্তিটো মই সমৰ্থন নকৰোঁ: এইটো সঁচা যে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। অৱশ্যে, সংবিধানৰ প্ৰণেতাসকলে প্ৰধানমন্ত্ৰীক অপসাৰণ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিক প্ৰদান কৰা নাই। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক স্বেচ্ছাচাৰীভাৱে অপসাৰণ কৰাটো প্ৰতিৰোধ কৰিবলৈ সংবিধানৰ প্ৰণেতাসকলে এই ব্যৱস্থাটো কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীক নিৰ্বাচিত জনসাধাৰণৰ প্ৰতিনিধিসকলেহে অৰ্থাৎ সংসদেহে অনাস্থা প্ৰস্তাৱৰ জৰিয়তে অপসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিক এই ক্ষমতা প্ৰদান কৰিলে তেওঁ নিজৰ বিৰুদ্ধাচৰণ কৰা প্ৰধানমন্ত্ৰীক অপসাৰিত কৰিব পাৰিলেহেঁতেন আৰু চৰকাৰৰ সকলো ক্ষমতা আহৰণ কৰিব পাৰিলেহেঁতেন, যিটো গণতন্ত্ৰৰ পৰিপন্থী।

​(গ) ৰাজেশে আগবঢ়োৱা যুক্তিটো অশুদ্ধ: প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়াৰ বাবে এগৰাকী ব্যক্তিৰ প্ৰয়োজন হয় যিয়ে তেওঁৰ প্ৰত্যয়পত্ৰৰ সত্যতা নিৰূপণ কৰিব। সৰ্বাধিক সংখ্যক সমৰ্থক থকা নেতাজনক ৰাষ্ট্ৰপতিয়েহে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়। গতিকে, নতুন চৰকাৰ গঠনৰ কাম-কাজ তদাৰক কৰিবলৈ আমাক এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰয়োজন। বিশেষকৈ ত্ৰিশংকু সংসদৰ দৰে পৰিস্থিতিত, ৰাষ্ট্ৰপতিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। ইয়াৰ উপৰিও, ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰৰ মুৰব্বী আৰু সংবিধানৰ অভিভাৱক।

৩। নিম্নোল্লিখিতবোৰ নিলোরা।

১। য’ত বাছনি হয় সেই নির্দিষ্ট ৰাজ্যত কাম কৰে।

২। দেশৰ ৰাজধানী অথবা দেশৰ আন ঠাইত অৱস্থিত যিকোনো কেন্দ্রীয় চৰকাৰৰ কাম কৰে।

৩। য’ত আৱণ্টন দিয়া হৈছে সেই নির্দিষ্ট ৰাজ্যত কাম কৰে, ডেপুটেচনত (Deputation) পঠাব পাৰে।

৪। দেশৰ বাহিৰত ভাৰতীয় উচ্চাযুক্তত কাম কৰে।

(ক) ভাৰতীয় বৈদেশিক সেৱা।

(খ) ৰাজ্যিক অসামৰিক সেৱা।

(গ) সৰ্বভাৰতীয় সেৱা কেন্দ্ৰলৈ।

(ঘ) কেন্দ্ৰীয় সেৱা।

উত্তৰঃ

১। য’ত বাছনি হয় সেই নির্দিষ্ট ৰাজ্যত কাম কৰে।

২। দেশৰ ৰাজধানী অথবা দেশৰ আন ঠাইত অৱস্থিত যিকোনো কেন্দ্রীয় চৰকাৰৰ কাম কৰে।

৩। য’ত আৱণ্টন দিয়া হৈছে সেই নির্দিষ্ট ৰাজ্যত কাম কৰে, ডেপুটেচনত (Deputation) পঠাব পাৰে।

৪। দেশৰ বাহিৰত ভাৰতীয় উচ্চাযুক্তত কাম কৰে।

(খ) ৰাজ্যিক অসামৰিক সেৱা।

(গ) সৰ্বভাৰতীয় সেৱা কেন্দ্ৰলৈ।

(ঘ) কেন্দ্ৰীয় সেৱা।

(ক) ভাৰতীয় বৈদেশিক সেৱা।

৪। তলত উল্লেখিত সংবাদ কোন মন্ত্রালয়ে প্রচাৰ কৰিব পাৰে চিনাক্ত কৰা। এইটো কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ এটি মন্ত্রালয় হয়নে? কিয়?

(ক) এটি চৰকাৰী বিজ্ঞপ্তিয়ে কৈছিল যে ২০০৪-০৫ চনত তামিলনাডু পাঠ্যপুথি নিগমে সপ্তম, দশম আক একাদশ শ্ৰেণীৰ বাবে নতুন সংস্কৰণ মুকলি কৰিছে।

উত্তৰঃ এই সংবাদটো তামিলনাডু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ প্ৰচাৰ কৰিব পাৰে। শিক্ষা বিষয়টো সমৱৰ্তী সূচীৰ (Concurrent List) অন্তৰ্ভুক্ত। অন্য অৰ্থত, শিক্ষা সন্দৰ্ভৰ বিষয়বস্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়েই মোকাবিলা কৰিব পাৰে। যিহেতু এইটো তামিলনাডু পাঠ্যপুথি নিগমৰ বিষয়, সেয়ে ই ৰাজ্য চৰকাৰৰ অধীনৰ।

​(খ) আকৰ বস্তুনিকাৰীসকলক সহায় কৰিবলৈ জনসমাগম হোৱা টিকভাল্লুৰ চেন্নাই অংশৰ এটি নতুন ৰে’লৰ লুপ লাইন (Loop Line) উপপথৰ মাজেৰে পাৰ হৈ যাব, নতুন আলিটো, যি ৮০ কিঃমিঃ দৈৰ্ঘ্য হোৱাৰ সম্ভাৱনা আছে, পটুৰত (Puttur) এৰিব আৰু বন্দৰৰ ওচৰত থকা আথিপাটু (Athipattu) গৈ পাব।

​উত্তৰঃ সংবিধানে ৰে’ল বিষয়টোক কেন্দ্ৰীয় সূচীত (Union List) অন্তৰ্ভুক্ত কৰিছে। সেয়ে, নতুন ৰে’লৰ লুপ লাইনৰ সংবাদটো কেৱল কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰালয়ে প্ৰচাৰ কৰিব পাৰে।

​(গ) বামায়ামপেট (Ramayampet) মণ্ডলত কৃষকে আত্মহত্যাৰ সত্যতা নিৰূপণ কৰিবলৈ গঠন কৰা মহকুমা পৰ্যায়ৰ তিনিজনীয়া সমিতিয়ে উদঘাটন কৰিছিল যে এই মাহত আত্মহত্যা কৰা দুজন খেতিয়কৰ ফচল নষ্ট হোৱাৰ বাবে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হৈছিল।

​উত্তৰঃ যিহেতু কৃষি ৰাজ্যিক সূচীত (State List) অন্তৰ্ভুক্ত, সেয়ে এই সম্পৰ্কীয় সংবাদ ৰাজ্য চৰকাৰৰ কৃষি বা ৰাজহ বিভাগে প্ৰচাৰ কৰিব পাৰে।

​৫। প্ৰধানমন্ত্ৰী নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতিয়ে বাছনি কৰে:

​(ক) লোকসভাৰ বৃহৎ দলৰ নেতাক

(খ) মিত্ৰজোঁটৰ বৃহৎ দলৰ নেতাক যি লোকসভাৰ সংখ্যাগৰিষ্ঠতা লয়

(গ) ৰাজ্যসভাৰ বৃহৎ দলৰ নেতাক

(ঘ) সংসদৰ নেতাক অথবা যি দলৰ লোকসভাত সংখ্যাগৰিষ্ঠতাৰ সমৰ্থন আছে

​উত্তৰঃ (ঘ) সংসদৰ নেতাক অথবা যি দলৰ লোকসভাত সংখ্যাগৰিষ্ঠতাৰ সমৰ্থন আছে।

​৬। এই আলোচনাটো পঢ়ক আৰু কোনটো উক্তি ভাৰতবৰ্ষৰ ক্ষেত্ৰত অধিক প্ৰযোজ্য হয় কোৱা:

​আলোক: প্ৰধানমন্ত্ৰী এজন বৰ নিচিনা— তেওঁ আমাৰ দেশত প্ৰত্যেকটো সিদ্ধান্ত গ্ৰহণ কৰে।

​শেখৰ: প্ৰধানমন্ত্ৰী ‘সমানৰ মাজত প্ৰথম’ (First among equals)— তেওঁৰ কোনো বিশেষ ক্ষমতা নাই। প্ৰধানমন্ত্ৰী আৰু সকলো মন্ত্ৰীৰ একেধৰণৰ ক্ষমতা আছে।

​ববী: প্ৰধানমন্ত্ৰীয়ে দলীয় সদস্য আৰু চৰকাৰৰ অন্য সমৰ্থকৰ আকাংক্ষাক বিবেচনা কৰিব লাগে। মুঠতে, প্ৰধানমন্ত্ৰীৰ নীতি নিৰ্ধাৰণ আৰু মন্ত্ৰীসকলক বাছনি কৰাৰ ক্ষেত্ৰত অধিক মত প্ৰকাশ কৰাৰ সুযোগ থাকে।

​উত্তৰঃ ববীৰ উক্তিটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত অধিক প্ৰযোজ্য। প্ৰধানমন্ত্ৰীয়ে দলীয় সদস্য আৰু চৰকাৰৰ অন্য সমৰ্থকৰ আকাংক্ষাক বিবেচনা কৰিব লাগে। মুঠতে, প্ৰধানমন্ত্ৰীৰ নীতি নিৰ্ধাৰণ আৰু মন্ত্ৰীসকলক বাছনি কৰাৰ ক্ষেত্ৰত অধিক মত প্ৰকাশ কৰাৰ সুযোগ থাকে। (কাৰণ তেওঁ মন্ত্ৰী পৰিষদৰ নেতৃত্ব দিয়ে আৰু তেওঁৰ দলৰ সংসদীয় মণ্ডলীৰ মুৰব্বী।)

​৭। ৰাষ্ট্ৰপতিৰ ওপৰত মন্ত্ৰীপৰিষদৰ পৰামৰ্শ কিয় বাধ্যতামূলক বুলি তুমি ভাবা? ১০০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

​উত্তৰঃ ভাৰতীয় সংবিধানৰ ৭৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীপৰিষদৰ পৰামৰ্শমতেহে কাৰ্য সম্পাদন কৰে। ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শক লৈ সন্তুষ্ট নহ’লেও, তেওঁ ইয়াক একবাৰ পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠিয়াব পাৰে। কিন্তু যদি মন্ত্ৰী পৰিষদে পুনৰ বিবেচনাৰ পাছতো একে পৰামৰ্শ ঘূৰাই পঠিয়ায়, তেন্তে সংবিধানৰ ব্যৱস্থা অনুসৰি ৰাষ্ট্ৰপতিয়ে সেই পৰামৰ্শ বা বিধেয়কখনত সন্মতি প্ৰদান কৰিবই লাগিব। ৰাষ্ট্ৰপতিৰ ওপৰত এই বাধ্যবাধকতা আৰোপ কৰা হৈছে কাৰণ ভাৰতত সংসদীয় গণতন্ত্ৰ চলে, য’ত প্ৰকৃত কাৰ্যপালিকা (মন্ত্ৰীপৰিষদ) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত সংসদৰ ওচৰত দায়বদ্ধ। এই ব্যৱস্থাৰে ৰাষ্ট্ৰপতিৰ ভূমিকা সাংবিধানিক মুৰব্বী হিচাপে সীমাবদ্ধ ৰখা হয়, যাতে ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা পৰে।

​৮। কাৰ্যপালিকা নিয়ন্ত্ৰণৰ বাবে সংসদীয় পদ্ধতিৰ কাৰ্যপালিকাই বিধানমণ্ডলৰ ওচৰত বহুত ক্ষমতা অৰ্পণ কৰিছে। কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা কিয় ইমান প্ৰয়োজন বুলি তুমি ভাবা?

​উত্তৰঃ সংসদীয় পদ্ধতিৰ কাৰ্যপালিকাত বিধানমণ্ডলৰ ওচৰত কাৰ্যপালিকা জবাবদিহি হ’বলগীয়া হয়। সংসদ বা বিধানমণ্ডলে নামমাত্ৰ কাৰ্যপালিকা আৰু প্ৰকৃত কাৰ্যপালিকাক বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰে। প্ৰকৃততে, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ।

​কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা এই কাৰণে আছে:

​স্বেৰাচাৰিতা প্ৰতিৰোধ: কাৰ্যপালিকা স্বেৰাচাৰী হোৱাটো প্ৰতিৰোধ কৰিবলৈ এই নিয়ন্ত্ৰণ জৰুৰী।

​ক্ষমতাৰ অপব্যৱহাৰ নিবাৰণ: যদি বিধানমণ্ডলৰ কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে, তেন্তে কাৰ্যপালিকাই প্ৰৱৰ্তন কৰা অধ্যাদেশ আৰু আইনসমূহ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী হ’ব পাৰে।

​সাংবিধানিক ব্যৱস্থাৰ ৰক্ষা: সংসদীয় কাৰ্যপালিকাৰ কাৰ্য প্ৰতিৰোধ কৰিবলৈ কোনো নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষ নাথাকিলে, তেওঁলোকে সাংবিধানিক ব্যৱস্থাৰ অপব্যৱহাৰ কৰিব পাৰে আৰু নিজৰ খেয়াল-খুচিমতে দেশ শাসন কৰিব পাৰে।

​এই সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে সংবিধান প্ৰণেতাসকলে বিধানমণ্ডলৰ দ্বাৰা কাৰ্যপালিকাৰ ওপৰত বৃহৎ মাত্ৰাত নিয়ন্ত্ৰণ আৰু প্ৰতিবন্ধকতা আৰোপ কৰাৰ ব্যৱস্থা সন্নিৱিষ্ট কৰিছে, যাৰ জৰিয়তে ন্যায় আৰু জনস্বাৰ্থ সুৰক্ষিত হয়।

​৯। প্ৰশাসনীয় যন্ত্ৰৰ কাৰ্যত অত্যধিক ৰাজনৈতিক হস্তক্ষেপ থকা বুলি কোৱা হয়। এইটো পৰামৰ্শ দিয়া হয় যে অধিক স্বায়ত্তশাসিত অভিকৰণ থকা উচিত যি মন্ত্ৰীসকলৰ ওচৰত দায়বদ্ধ হ’ব নালাগে।

(ক) ইয়াৰ ফলত প্ৰশাসন অধিক জনসাধাৰণৰ অনুকুল হ’ব বুলি তুমি ভাবানে?

(খ) ইয়ে প্ৰশাসনক অধিক দক্ষ কৰিব বুলি তুমি ভাবানে?

(গ) গণতন্ত্ৰৰ অৰ্থ প্ৰশাসনৰ ওপৰত নিৰ্বাচিত প্ৰতিনিধিত্বৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নেকি?

​উত্তৰঃ

​(ক) ইয়াৰ ফলত প্ৰশাসন অধিক জনসাধাৰণৰ অনুকুল হ’ব বুলি তুমি ভাবানে?

সংসদীয় পদ্ধতিত জনসাধাৰণৰ প্ৰতিনিধিসকলে আইন প্ৰণয়ন কৰে আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত দৃষ্টি ৰাখে। প্ৰশাসনীয় কাৰ্যত প্ৰচুৰ অভিজ্ঞতা থকা আমোলাই তেওঁলোকক সহায় কৰে। এই লোকসকল সম্পূৰ্ণৰূপে মন্ত্ৰীৰ নিয়ন্ত্ৰণাধীন আৰু তেওঁলোকে প্ৰায়ে মন্ত্ৰীসকলৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগে। মন্ত্ৰীসকলৰ ওচৰত জবাবদিহি হ’ব নলগা স্বায়ত্তশাসিত অভিকৰণসমূহৰ নিযুক্তিয়ে পৰিস্থিতি জটিলহে কৰিব। এই পদক্ষেপে স্বাৰ্থ আৰু আদৰ্শৰ মাজত সংঘাতৰ সৃষ্টি কৰিব। যিহেতু এই অভিকৰণসমূহ কাৰো ওচৰত দায়বদ্ধ নহয়, সেয়ে তেওঁলোকে সম্পন্ন কৰা কাৰ্যসমূহ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী হ’ব পাৰে। ইয়াৰ ফলত প্ৰশাসন জনসাধাৰণৰ অধিক অনুকূল হ’ব বুলি বিবেচনা কৰিব নোৱাৰি।

​(খ) ইয়ে প্ৰশাসনক অধিক দক্ষ কৰিব বুলি তুমি ভাবানে?

অধিক স্বায়ত্তশাসিত অভিকৰণে প্ৰশাসনক অধিক দক্ষ কৰিব পাৰে কিয়নো ইয়াত সাধাৰণতে সংশ্লিষ্ট ক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন বিশেষজ্ঞ আৰু বিজ্ঞ লোক থাকে। এনে ব্যক্তিসকলে বিভাগৰ কাৰ্য-প্ৰক্ৰিয়া উন্নত কৰাৰ উপায় আগবঢ়াবলৈ সক্ষম। ৰাজনৈতিক হস্তক্ষেপ কম হ’লে, তেওঁলোকে বিশেষজ্ঞতাৰ ভিত্তিত দ্ৰুত আৰু উত্তম সিদ্ধান্ত ল’ব পাৰিব।

​(গ) গণতন্ত্ৰৰ অৰ্থ প্ৰশাসনৰ ওপৰত নিৰ্বাচিত প্ৰতিনিধিত্বৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নেকি?

গণতন্ত্ৰত নিৰ্বাচিত প্ৰতিনিধিসকলৰ প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে বুলি কোৱাটো উচিত নহয়। জনপ্ৰতিনিধি হোৱাৰ বাবে তেওঁলোকৰ জনমুখী কাৰ্যনীতি যুগুত কৰিবলৈ অধিকাৰ আছে। কিন্তু এই কৰ্মনীতিসমূহ কাৰ্যকৰী কৰাৰ দায়িত্ব আমোলাতন্ত্ৰৰ ওপৰত ন্যস্ত কৰিব লাগে। কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ তেওঁলোকক পৰ্যাপ্ত স্বাধীনতা প্ৰদান কৰিব লাগে। তেওঁলোকক এনে ধৰণৰ কাৰ্য সম্পন্ন কৰাৰ বাবে সুযোগ্য বুলি বিবেচনা কৰাৰ লগতে প্ৰশাসনৰ বিভিন্ন দিশত তেওঁলোক অভিজ্ঞতাসম্পন্ন বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত আৱশ্যকীয় কথাটো হ’ল মন্ত্ৰীসকলৰ দ্বাৰা প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত হোৱাতকৈ প্ৰশাসনীয় যন্ত্ৰৰ ওপৰত নিয়মৰ অধীনত নিম্নতম নিয়ন্ত্ৰণ থকাটো বিধেয়।

​১০। নিযুক্ত প্ৰশাসনৰ পৰিৱৰ্তে নিৰ্বাচিত প্ৰশাসন লাভ কৰা প্ৰস্তাৱৰ ওপৰত ২০০ শব্দৰ ভিতৰত এখন ৰচনা লিখা।

​উত্তৰঃ

​নিৰ্বাচিত প্ৰশাসন বনাম নিযুক্ত প্ৰশাসন: এক মূল্যায়ন

​আজিৰ ভাৰতত প্ৰশাসনৰ বিষয়াসকলক এক তীক্ষ্ণ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ পাছত মেধাৰ ভিত্তিত নিয়োগ কৰা হয়। ইয়াৰ বিপৰীতে, নিৰ্বাচিত প্ৰশাসন লাভ কৰাৰ এক প্ৰস্তাৱ বৰ্তমান উত্থাপন কৰা হৈছে, যিটো গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে গ্ৰহণযোগ্য নহয়।

​প্ৰথমতে, তীব্ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত লোকসকলৰ বিপৰীতে, নিৰ্বাচিত বিষয়াসকলৰ প্ৰশাসনিক দক্ষতা আৰু জ্ঞানৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে। প্ৰশাসন এক জটিল আৰু বিশেষজ্ঞতাপূৰ্ণ কাম।

​দ্বিতীয়তে, নিৰ্বাচিত বিষয়াসকলৰ কাৰ্যকাল সীমিত হ’ব। ইয়ে প্ৰশাসনৰ ব্যৱস্থাপনাত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিব। বৰ্তমান আমোলাসকলে অৱসৰৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰে আৰু মন্ত্ৰীসকলে পদত্যাগ কৰিলেও বা নতুন চৰকাৰ গঠন নহ’লেও প্ৰশাসনৰ কাম অবিৰতভাৱে চলি থাকে।

​তৃতীয়তে, যিহেতু তেওঁলোক দলৰ ভিত্তিত নিৰ্বাচিত হয়, সেয়ে তেওঁলোকৰ কাৰ্য নিৰপেক্ষ হ’ব নোৱাৰে। তেওঁলোকে দলৰ স্বাৰ্থ পূৰণ কৰিবলৈ প্ৰয়াস কৰিব, যিটোৱে প্ৰশাসনত বিশাল প্ৰভাৱ বিস্তাৰ কৰিব। বৰ্তমান আমাৰ আমোলাসকলে নিৰপেক্ষতা বজাই ৰাখি কেন্দ্ৰ আৰু ৰাজ্যসমূহত শাসন কৰা ৰাজনৈতিক দল নিৰ্বিশেষে চৰকাৰৰ কৰ্মনীতি কাৰ্যকৰী কৰে। তেওঁলোক মন্ত্ৰীৰ ওচৰত, জনসাধাৰণৰ ওচৰত আৰু ন্যায়ালয়ৰ ওচৰত জবাবদিহি। সেয়ে, ভাৰতৰ স্থায়ী আৰু নিৰপেক্ষ নিযুক্ত প্ৰশাসন ব্যৱস্থাটোৱেই গণতন্ত্ৰৰ ভেটি মজবুত কৰিবলৈ অধিক উপযোগী।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ৪ কার্যপালিকা সঘনাই সোধা প্ৰশ্ন
কাৰ্যপালিকা কি?
কাৰ্যপালিকা হৈছে চৰকাৰৰ সেই শাখা যি আইন প্ৰয়োগ আৰু ৰাজনৈতিক সিদ্ধান্ত কাৰ্যৰূপেদি ৰূপায়ণ কৰে।
ভাৰতীয় সংবিধানত কেন্দ্ৰীয় কার্যপালিকাৰ গঠন কেনেকুৱা?
কেন্দ্ৰীয় কার্যপালিকাত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, আৰু মন্ত্ৰী পৰিষদ অন্তৰ্ভুক্ত।
ৰাষ্ট্ৰপতিৰ ভূমিকা কি?
ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাজনৈতিক এককত্ব আৰু সংবিধানৰ ৰক্ষা কৰাৰ দায়িত্ব পালন কৰে।
কাৰ্যপালিকা শাখাৰ দক্ষতা আৰু সীমাবদ্ধতা কেনেকুৱা?
কাৰ্যপালিকাৰ শক্তি সংবিধানে নিৰ্ধাৰণ কৰে আৰু এই শক্তি বিধানসভা, ন্যায়ালয় আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণৰ অন্তৰ্গত।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top