Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ৬ – ন্যায়পালিকা – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৬ – ন্যায়পালিকা সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)
এই অধ্যায়ত ভাৰতীয় সংবিধানত থকা ন্যায়পালিকাৰ গঠন, স্বাধীনতা, আৰু কাৰ্যবলী আলোচনা কৰা হৈছে। ন্যায়পালিকা হৈছে চৰকাৰৰ স্বাধীন শাখা, যি আইনৰ শাসন বজাই ৰখা আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু জিলা ন্যায়ালয় আদিৰ গঠন আৰু কৰ্তব্যৰ ওপৰত বিস্তৃত বিৱৰণ দিয়া হৈছে। এই অধ্যায়ত ন্যায়পালিকাৰ স্বাধীনতা, ন্যায়িক সক্ৰিয়তা, আৰু সংবিধানিক ক্ষমতাৰ বিষয়েো আলোচনা কৰা হৈছে। অস্পীন একেডেমিয়ে এই অধ্যায়ের প্ৰশ্নোত্তৰসমূহ স্পষ্ট আৰু সহজ ভাষাত উপলব্ধ কৰিছে।
✅ এই অধ্যায়ত কি শিকিব:
- ন্যায়পালিকাৰ অৰ্থ আৰু ভূমিকা
- ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ গঠন
- উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু জিলা ন্যায়ালয়ৰ দায়িত্ব
- ন্যায়পালিকাৰ স্বাধীনতা আৰু সংবিধানিক চৰ্তাৱলী
- ন্যায়িক সক্ৰিয়তা আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- AHSEC (ASSEB) পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
- প্ৰত্যেক প্ৰশ্নৰ সহজ আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা
- নতুন আধুনিক উদাহৰণ আৰু ব্যাখ্যাসহ শিক্ষামূলক সামগ্ৰীৰ যোগান
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)
Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!
ন্যায়পালিকা (JUDICIARY)
পাঠভিত্তিক প্রশ্নোত্তৰ
১। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষিত কৰা বিভিন্ন উপায়বোৰ কি কি? ভুল উত্তৰটো চিনাক্ত কৰা।
(ক) উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিযুক্তি দিয়াত মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰিব লাগে।
(খ) ন্যায়াধীশসকলক সাধাৰণতে অৱসৰৰ বয়সৰ আগতে অপসাৰণ কৰা নহয়।
(গ) এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আন এখন উচ্চ ন্যায়ালয়লৈ বদলি কৰিব নোৱাৰি।
(ঘ) ন্যায়াধীশৰ নিযুক্তি সংসদৰ কোনো ভূমিকা নাই।
উত্তৰঃ ভুল উক্তিকেইটা হৈছে:
(ক) উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলক নিযুক্তি দিওঁতে মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰা উচিত।
(খ) এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক আন এখন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিব পৰা নাযায়।
২। ন্যায়পালিকাৰ স্বাধীনতা মানে ন্যায়পালিকা কাৰো ওচৰত দায়বদ্ধ নহয় নেকি? এশটা শব্দৰ ভিতৰত তোমাৰ উত্তৰটো লিখা।
উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতাই ন্যায়পালিকা যে কাৰো ওচৰত দায়বদ্ধ নহয়, সেইটো নুবুজায়। ইয়াৰ তাৎপৰ্য এয়ে যে বিধায়িকা বা কাৰ্যপালিকাই ন্যায়পালিকাৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। প্ৰকৃততে, ন্যায়পালিকা সংবিধান আৰু জনসাধাৰণৰ ওচৰতহে দায়বদ্ধ। অন্য কথাত ক’বলৈ গ’লে, ভাৰতৰ ন্যায়পালিকা এক স্বতন্ত্ৰ অংগ হিচাপে পৰিগণিত হয়। অৱশ্যে, ন্যায়াধীশসকলে সংবিধানৰ সীমাৰ ভিতৰতহে তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰিব লাগে। ইয়াৰ উপৰিও, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক অযোগ্যতা অথবা অসদাচৰণৰ ভিত্তিত তেওঁলোকৰ পদৰ পৰা অপসাৰণ কৰিব পৰা যায়। জিলা আৰু নিম্ন আদালতৰ ন্যায়াধীশসকল সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত দায়বদ্ধ হৈ থাকে।
৩। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষাৰ বাবে সংবিধানত কি কি ব্যৱস্থাৰ উল্লেখ আছে?
উত্তৰঃ ভাৰতীয় ন্যায়পালিকাৰ মুখ্য বৈশিষ্ট্য হৈছে ইয়াৰ স্বতন্ত্ৰতা। ই কোনো কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীন নহয়। কোনো ধৰণৰ ভয় বা পক্ষপ্ৰীতি অবিহনে ই নিজৰ কৰ্তব্য পালন কৰিব পাৰে। নিম্নলিখিত ব্যৱস্থাসমূহৰ জৰিয়তে ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা কৰা হৈছে:
(ক) নিযুক্তিৰ পদ্ধতি: ন্যায়াধীশসকলৰ নিযুক্তি প্ৰক্ৰিয়াত বিধানমণ্ডল কোনো ধৰণে জড়িত নহয়। এগৰাকী ব্যক্তিৰ ৰাজনৈতিক ধাৰণা বা তেওঁৰ ৰাজনৈতিক সমৰ্থন নিযুক্তিৰ মানদণ্ড হিচাপে গণ্য কৰা নহয়। বৰ্তমান সময়ত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ এটা গোটে নিৰ্বাচন কৰে আৰু তাৰ পিছত মন্ত্ৰী পৰিষদৰ অনুমোদন লোৱা হয়। নিৰ্বাচিত প্ৰাৰ্থীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ সহযোগীসকলৰ মতামতে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰে।
(খ) নিৰ্ধাৰিত কাৰ্যকাল: ন্যায়াধীশসকলে তেওঁলোকৰ অৱসৰৰ বয়স নোহোৱা পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। ভাৰতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ৬৫ বছৰ বয়সত আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬২ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। সেয়েহে, নিজৰ কামৰ বাবে ৰাজনৈতিক নেতাৰ হস্তক্ষেপৰ সন্মুখীন হোৱাৰ আশংকা নাথাকে। তদুপৰি, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ কৰাৰ প্ৰক্ৰিয়াটো অত্যন্ত জটিল।
(গ) বিত্তীয় স্বতন্ত্ৰতা: উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ স্বতন্ত্ৰতা নিশ্চিত কৰিবলৈ তেওঁলোকক যথেষ্ট বেছি দৰমহা দিয়া হয়। তেওঁলোকৰ কাৰ্যকালৰ সময়ছোৱাত দৰমহা আৰু অন্যান্য ভাট্টাসমূহ হ্ৰাস কৰিব পৰা নাযায়।
(ঘ) সমালোচনাৰ পৰা নিৰাপত্তা: ন্যায়াধীশসকলৰ কাৰ্যকলাপ আৰু সিদ্ধান্তসমূহ ব্যক্তিগত সমালোচনাৰ পৰা মুক্ত। এগৰাকী ন্যায়াধীশক অপসাৰণ কৰাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ৰ বাহিৰে অন্য সময়ত সংসদে ন্যায়াধীশসকলৰ আচাৰ-আচৰণৰ বিষয়ে আলোচনা কৰিব নোৱাৰে। আদালত অৱমাননাৰ ক্ষেত্ৰত দোষী সাব্যস্ত হোৱা ব্যক্তিক শাস্তি দিব পৰাৰ কৰ্তৃত্ব ন্যায়পালিকাৰ হাতত আছে।
(ঙ) অৱসৰৰ পিছত ওকালতিত বাধা: ন্যায়পালিকাৰ স্বতন্ত্ৰতা বজাই ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক অৱসৰ গ্ৰহণৰ পাছত ওকালতি কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।
৪। তলৰ প্রতিবেদন বার্তা পড়া আৰু ইয়াৰ নিম্নলিখিত দিশবোৰ চিনাক্ত কৰাঃ
(ক) গোচৰটোৰ বিষয় কি?
(খ) গোচৰটোত কোন উপকৃত হ’ল?
(গ) গোচৰটোৰ আৱেদনকাৰী কোন?
(ঘ) কোম্পানীটোৰ দ্বাৰা বেলেগ কি যুক্তি আগবঢ়োৱা হ’লহেঁতেন দেখুওৱা।
(ঙ) খেতিয়কসকলে কি যুক্তি আগবঢ়ালেহেঁতেন?
ডাহানু (Dahanu) খেতিয়কসকললৈ ৰিলায়েন্স এনার্জি লিমিটেডক (REL) উচ্চতম ন্যায়ালয়ৰ ৩০০ কোটি টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ
Our corporate Bureau 24 March 2005
মুম্বাই: মুম্বাইৰ দূৰবৰ্তী ডাহানু অঞ্চলৰ চিকু (Chikoo) ফলৰ খেতি কৰা খেতিয়কসকললৈ ৰিলায়েন্স এনাৰ্জিক ৩০০ কোটি টকা পৰিশোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আদেশ দিছে। ৰিলায়েন্সৰ তাপ বিদ্যুৎ কেন্দ্ৰই (Thermal power plant) কৰা প্ৰদূষণৰ বিৰুদ্ধে চিকু খেতিয়কসকলে ন্যায়ালয়ত কৰা আবেদনৰ পিছতে এই নিৰ্দেশ দিয়া হয়।
ডাহানু, যিটো মুম্বাইৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, এটি স্ব-বহনক্ষম কৃষি আৰু উদ্যান ভিত্তিক অর্থনীতি যাক এক দশক আগত মীন পালন আৰু বনানিৰ বাবে জনা গৈছিল, কিন্তু যেতিয়া অঞ্চলটোত এটি তাপ বিদ্যুৎ কেন্দ্ৰ (Thermal power plant) স্থাপন কৰা হৈছিল, তেতিয়া ১৯৮৯ চনত ই ধ্বংসপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছৰ বছৰ, এই উৰ্বৰ ভূমিত প্ৰথমবাৰৰ বাবে শস্যৰ উৎপাদনত ব্যৰ্থ হৈছিল। যি সময়ত মহাৰাষ্ট্ৰৰ ৭০% ফলৰ স্থান আছিল, মৌচমৰ অঞ্চল জলস্থলভ হৈ পৰিছিল। নদীৰ পানী শুকাই গৈছিল আৰু কুঁৱাবোৰো শুকাই গৈছিল। খেতিয়ক আৰু পৰিৱেশবিদসকলে অভিযোগ কৰে যে, শক্তি উৎপাদন কেন্দ্ৰটোৰ পৰা নিৰ্গত ধোঁৱাই ভূগৰ্ভস্থ পানীত প্ৰৱেশ কৰি গোটেই পৰিৱেশ ব্যৱস্থাটোক প্ৰদূষিত কৰিছে। ডাহানু অঞ্চলৰ পৰিৱেশ সুৰক্ষা কৰ্তৃপক্ষই ধোঁৱাৰ নিৰ্গমন হ্ৰাস কৰিবলৈ তাপ বিদ্যুৎ কেন্দ্ৰটোক প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল। আৰু এই আদেশ উচ্চতম ন্যায়ালয়ৰ আদেশ থকা স্বত্বেও ২০০২ চনলৈকে আনকি প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপন কৰা হোৱা নাছিল। ২০০৩ চনত ৰিলায়েন্সে তাপ বিদ্যুৎ কেন্দ্ৰটো লাভ কৰিছিল আৰু ২০০৪ চনত পুনৰ স্থাপন প্ৰক্ৰিয়াৰ বাবে এখন তালিকা দাখিল কৰিছিল। যিহেতু আজিলৈকে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপন কৰা হোৱা নাই, ডাহানু অঞ্চলৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ৰিলায়েন্সক ৩০০ কোটি টকাৰ বেংক গেৰান্টিৰ ব্যৱস্থা কৰিবলৈ কৈছিল।
উত্তৰঃ (ক) গোচৰটোৰ বিষয় হৈছে ৰিলায়েন্স এনাৰ্জি লিমিটেড নামৰ কোম্পানীটোৱে সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণ।
(খ) তাপ বিদ্যুৎ কেন্দ্ৰই সৃষ্টি কৰা প্ৰদূষণৰ ফলত ডাহানু অঞ্চলৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হোৱাৰ বাবে খেতিৰ উৎপাদনত ব্যৰ্থ হোৱা অঞ্চলটোৰ খেতিয়কসকল গোচৰটোৰ জৰিয়তে উপকৃত হ’ল।
(গ) ডাহানু অঞ্চলৰ চিকু ফলৰ খেতিয়কসকল হৈছে গোচৰটোৰ আবেদনকাৰী। অঞ্চলটোত তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপন হোৱাৰ বাবে হোৱা প্ৰদূষণৰ ফলত তেওঁলোক শস্য উৎপাদনত ব্যৰ্থ হৈছিল।
(ঘ) ৰিলায়েন্স কোম্পানীয়ে ২০০২ চনত তাপ বিদ্যুৎ কেন্দ্ৰটো অধিগ্ৰহণ কৰিছিল, যিয়ে কৃষি প্ৰধান অঞ্চলটোত যথেষ্ট প্ৰদূষণৰ সৃষ্টি কৰিছিল। নিকটৱৰ্তী অঞ্চলৰ লোকসকলে প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্প স্থাপনৰ দাবী জনাইছিল। কোম্পানীটোৰ যুক্তি এয়া হ’ব পাৰিলেহেঁতেন যে তেওঁলোকে শেহতীয়াভাৱেহে তাপ বিদ্যুৎ কেন্দ্ৰটো লাভ কৰিছে আৰু তেওঁলোকে ২০০৪ চনত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন তালিকা দাখিল কৰিছে। তেওঁলোকে সময়ৰ অধিক পৰিসৰৰ বাবে দাবী উত্থাপন কৰিব। দ্বিতীয়তে, তেওঁলোকে বেংক গেৰান্টি হিচাপে জমা কৰিবলগীয়া ধনৰাশিৰ পৰিমাণ কমাবলৈও অনুৰোধ কৰিব।
(ঙ) খেতিয়কসকলে এই বুলি যুক্তি আগবঢ়ালেহেঁতেন যে যিহেতু ৰিলায়েন্স কোম্পানীয়ে সন্মতি দিয়াৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণৰ কাম কৰা নাই, সেয়েহে কোম্পানীটোক জৰিমনা বিহা উচিত আৰু খেতিয়কসকলক ক্ষতিপূৰণ দিবলৈ বাধ্য কৰিব লাগে।
৫। তলৰ প্ৰতিবেদন বার্তা পঢ়া আৰু
(ক) বিভিন্ন পর্যায়ত চৰকাৰবোৰ চিনাক্ত কৰা।
(খ) উচ্চতম ন্যায়ালয়ৰ ভূমিকা চিনাক্ত কৰা।
(গ) ইয়াত তুমি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ কৰ্ম পদ্ধতিৰ কি উপাদান চিনাক্ত কৰিব পাৰা?
এই গোচৰটোৰ লগত জড়িত আইনৰ কাৰ্যকৰীকৰণ আৰু ব্যাখ্যা, বিধায়িনী সম্পর্কীয়আৰু কর্মনীতি বিষয়ে চিনাক্ত কৰা।
Centre, Delhi join hands on CNG issue By our staff Reporter, The Hindu 23 September 2001.
নতুন দিল্লী, চেপ্তেম্বৰ ২২: আজি কেন্দ্র আৰু দিল্লী চৰকাৰে যৌথভাবে আগন্তক সপ্তাহত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’বলৈ সন্মত হয়… বাজধানীত সকলো NON-CNG ব্যবসায়িক বাহন পর্যক্রমে হ্রাস কৰিবলৈ। তেওঁলোকে নগৰখনৰ বাবে সমগ্র পৰিবহণ ব্যৱস্থাটো একক ইছন ধৰণৰ (Single-Fuel mode) “যিটো সম্পূর্ণ বিপদজনক আৰু ধ্বংস সাধন কৰিব” পৰিৱৰ্তে দ্বৈত ইন্ধন নীতি সন্ধান কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিছিল।
ৰাজধানীত ব্যক্তিগত যানবাহনৰ গৰাকীসকলক CNG ব্যৱহাৰত নিৰুৎসাহিত কৰিবলৈও সিদ্ধান্ত গ্রহণ কৰা হৈছিল। বাছ চলাবৰ বাবে ০.০৫ শতাংশ নিম্ন গন্ধক ডিজেল ব্যৱহাৰৰ অনুমতি দিবৰ বাবে দুয়োখন চৰকাৰে হেঁচা প্রয়োগ কৰিব। ইয়াৰ উপৰি, ন্যায়পালিকাৰ সম্মুখত এইটো আবেদন কৰা হ’ব যে, সকলো ব্যৱসায়িক যান বাহনক, যিবোৰ Furo ।। মান পুৰণ কৰে, চহৰখনত চলাচল কৰিবলৈ অনুমতি প্রদান কৰা উচিত। যদিওবা কেন্দ্র আৰু ৰাজ্যচৰকাৰে সুকীয়া শপতনামা দাখিল কৰিব, এইবোৰত উমৈহতীয়া বিষয়বোৰো থাকিব। CNG সম্পর্কীয় চৰকাৰেও সহমত আৰু সমর্থন দিব। দিল্লীৰ মুখ্যমন্ত্রী, মিছ শীলা দীক্ষিত আৰু কেন্দ্রীয় পেট্রোলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী মিঃ ৰাম নায়কৰ মাজত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্তসমূহ গ্রহণ কৰা হয়।
শ্রীমতী দীক্ষিতে কয় যে ডঃ আৰ. এ. মাছেলকাৰৰ তত্ত্বাৱধানত সমগ্র দেশৰ বাবে অ’টো ইন্ধন নীতি (Auto Fuel Policy) গ্রহণ কৰাৰ উদ্দেশ্যে গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰম সময়সীমা বঢ়াই দিয়াটো সমীচিন হ’ব, যিহেতু নির্ধাৰিত সময়সীমাৰ ভিতৰত সমগ্র ১০,০০০ খন বাছ CNG চালিত ব্যবস্থালৈ ৰূপান্তৰিত কৰাটো সম্ভৱ নহ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ন্যায়ালয়ৰ নিৰ্দেশাৱলী ৰূপায়ণ কৰিবলৈ সময়ৰ আৱশ্যক হ’ব। বিষয়টোৰ ওপৰত সামুহিক প্রচেষ্টাৰ কথা উল্লেখ কৰি দীক্ষিতে কয় যে, এই ক্ষেত্রত CNG ৰে চলাবলগীয়া বাহনৰ বিতং তথ্য, CNG ভৰোৱা চেষ্টনত ন্যায়পালিকা হোৱা দীঘলীয়া শাৰী, দিল্লীত CNG ইন্ধনৰ আৱশ্যকতা আৰু ন্যায়ালয়ৰ নিৰ্দেশাবলী ৰূপায়ণ কৰাৰ উপায়সমূহৰ প্ৰতি লক্ষ্য ৰাখিব।
উচ্চতম ন্যায়ালয়ে মহানগৰৰ চিটি বাছসমূহৰ বাবে কেৱল CNG ব্যবহাৰ কৰাৰ নিয়মটো উঠাইল’বলৈ অনিচ্ছুকতা প্রকাশ কৰি কয় যে, ন্যায়ালয়ে টেক্সি আৰু অটো বিক্সাসমূহত CNG ব্যৱহাৰ কৰাৰ ওপৰত কেতিয়াও জোৰ দিয়া নাই। মন্ত্রী নায়কে কয় যে, দিল্লীৰ চিটিবাছসমূহত নিম্ন ছালফাবযুক্ত ডিজেল ব্যৱহাৰৰ অনুমতি প্রদান কৰাত গুৰুত্ব আৰোপ কৰিব যিহেতু গোটেই পৰিবহণ ব্যৱস্থাটো CNG ৰ ওপৰত নিৰ্ভৰ কৰাটো অতিকৈ কঠিন হ’ব।
ৰাজধানী মহানগৰখন পাইপ লাইনেৰে যোগান ধৰা CNG ৰ ওপৰতে নিৰ্ভৰশীল আৰু ইয়াৰ ব্যতিৰেকে পৰিবহণ ব্যবস্থা ব্যাহত হৈ পৰিব।
উত্তৰঃ (ক) এই গোচৰত অন্তর্ভুক্ত চৰকাৰকেইখন হৈছে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ।
(খ) ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশত প্রদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহকে দিল্লী চৰকাৰেও অনুসৰণ কৰাটো বিচাৰিছিল। এনে প্রেক্ষাপটত ই দিল্লী চৰকাৰক এসপ্তাহৰ ভিতৰতে সকলো NON-CNG ব্যৱসায়িক বাহন পর্যায়ক্রমে হ্রাস কৰিবলৈ নির্দেশনা দিছিল। চৰকাৰে এসপ্তাহৰ ভিতৰতে আদেশটো কাৰ্যকৰী কৰিবলৈ অক্ষমতা প্রকাশ কৰাত ন্যায়ালয়ে ব্যক্ত কৰে যে ই টেক্সি আৰু অটো বিক্সাসমূহত CNG ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা নাই, কেৱল মহানগৰৰ চিটি বাছসমূহৰ বাবেহে CNG ব্যৱহাৰ কৰাৰ ওপৰত জোব দিছে।
(গ) এই গোচৰটো ন্যায়িক সক্রিয়তাৰ স্পষ্ট উদাহৰণ। উচ্চতম ন্যায়ালয়ে এই গোচৰটো বিচাৰৰ বাবে অনুমোদন কৰি প্ৰকৃততে কাৰ্যপালিকাৰ কাৰ্য ক্ষেত্ৰত প্ৰৱেশ কৰিছে। প্রদূষণমুক্ত পৰিৱেশ সৃষ্টি কৰাটো আৰু ইয়াক বাহাল ৰখাটো কাৰ্যপালিকাৰ কামৰ পৰিসৰত অন্তর্ভুক্ত। গতিকে, উচ্চতম ন্যায়ালয়ে এই গোচৰটো অনুমোদন কৰি কাৰ্যপালিকাৰ ক্ষেত্ৰত প্রবেশ কৰিছে। এইটো ন্যায়িক সক্রিয়তাৰ এক গোচৰ। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা সন্দৰ্ভত কার্যপালিকাক সোঁৱৰাই দিছে।
(ঘ) উপৰোক্ত গোচৰটোত অ’টো ইন্ধন নীতিৰ লগতে দিল্লীৰ ব্যৱসায়িক যান-বাহনসমূহত CNG ব্যৱহাৰৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে NON-CNG যান-বাহনসমূহ এসপ্তাহৰ ভিতৰতে পর্যায়ক্রমে হ্রাস কৰাৰ নির্দেশ জাৰি কৰিছিল। এই নির্দেশ চৰকাৰে প্রায়োগিক দিশত অনুপযুক্ত বুলি বিবেচনা কৰে আৰু সেয়ে, দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাবে সিদ্ধান্তটো পুনৰ বিবেচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁলোকে দ্বৈত ইন্ধন নীতিৰ পোষকতা কৰি ন্যায়ালয়ক দিল্লীৰ বাট-পথত Euro-II ব মান পূৰণ কৰা ব্যবসায়িক যান-বাহনসমূহ চলাচলৰ বাবে অনুমোদন প্রদান কৰিবলৈ ব্যক্ত কৰে।
৬। তলৰ মন্তব্যটো ইকুৱেডৰ সম্পর্কিত। এই উদাহৰণ আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ মাজত তুমি কি কি সাদৃশ্য আৰু বৈসাদৃশ্য বিচাৰি পাইছা।
যদি এটা উমৈহতীয়া ন্যায় মঞ্চ বা ন্যায়িক দৃষ্টান্ত থাকিলেহেঁতেন, তেন্তে সাংবাদিকসকলৰ অধিকাৰ স্পষ্টকৈ দাঙি ধৰাত সুবিধা হ’লহেঁতেন। দুর্ভাগ্যবশতঃ ইকুবেডৰৰ ন্যায়ালয়, তেনেকুৱা নহয়। ইয়াত বিচাৰসকলক উচ্চতম ন্যায়ালয়ে পূর্বব গোচৰসমূহত দিয়া ৰায়ৰ প্রতি সম্মান জনাবলৈ বাধ্য কৰোৱা নহয়। আমেৰিকাত প্রচলিত নিয়মৰ বিপৰীতে ইকুরেডৰত (নাইবা দক্ষিণ আমেৰিকাৰ যিকোনো ঠাইত) এজন আপীল বিচাৰকে ন্যায্যতা ব্যাখ্যা কৰি লিখিত সিদ্ধান্ত গ্রহণ কৰাৰ দৰকাৰ নহয়। এজন বিচাৰকে আজি এটা গোচৰত যি ধৰণে ৰায় দিব কাইলৈ সেই একোটা গোচৰত কোনো ধৰণৰ কাৰণ আগনবঢ়োৱাকৈ বিপৰীতধর্মী বায় দিব পাৰে।”
উত্তৰঃভাৰতৰ ন্যায় ব্যৱস্থা আৰু ইকুৱেডৰৰ ন্যায় ব্যৱস্থাৰ মাজত কোনো সাদৃশ্য নাই, বৰঞ্চ বিশাৰ বৈসাদৃশ্য আছে। ভাৰতত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়সমূহ এক গুৰুত্বপূৰ্ণ প্ৰাসংগিক উৎস হিচাপে বিবেচিত হয়। বহুতো সিদ্ধান্ত পূৰ্বদৃষ্টান্তত পৰিণত হয় আৰু ন্যায়ালয়ে একেধৰণৰ গোচৰৰ বিচাৰ কৰোঁতে এই ৰায়সমূহক গুৰুত্বসহকাৰে বিবেচনা কৰে। এনে সিদ্ধান্তবোৰে ভাৰতৰ ন্যায়াধীশসকলক তেওঁলোকৰ কৰ্তব্য পালনত পথপ্ৰদৰ্শন কৰে। আনহাতে, ইকুৱেডৰৰ ন্যায় ব্যৱস্থাত ন্যায়াধীশসকলে পূৰ্বৰ সিদ্ধান্তসমূহক প্ৰাধান্য নিদিয়ে। ফলস্বৰূপে, এজন ন্যায়াধীশে এদিন এটা গোচৰত যি ৰায় দিব, পিছদিনা সেই একে গোচৰতে কোনো ব্যাখ্যা নিদিয়াকৈয়ে বিপৰীতধৰ্মী ৰায়ো দিব পাৰে।
৭। তলৰ উক্তিবোৰ পঢ়া আৰু উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ (মৌলিক, আপীল আৰু পৰামৰ্শমূলক) সৈতে মিলোবা।
(ক) পাকিস্তানত অধিকৃত জম্মু কাশ্মীৰৰ বাসিন্দাসকলৰ নাগৰিকত্ব স্থিতি সম্পর্কে এখন আইন প্রণয়ন কৰিব পাৰি নেকি চৰকাৰে জানিব বিচাৰিছিল।
(খ) কাবেৰী নদীৰ বিবাদ সমাধান কৰিবলৈ তামিলনাডু চৰকাৰে ন্যায়ালয়ৰ ওচৰ চাপিব বিচাৰে।
(গ) নদী-বান্ধ অঞ্চলৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰি জনসাধাৰণে জনোৱা আপীল আদালতে নাকচ কৰে।
উত্তৰঃ (ক) পৰামৰ্শমূলক অধিকাৰ
(খ) মৌলিক অধিকাৰ ক্ষেত্ৰ
(গ) আপীল অধিকাৰ ক্ষেত্ৰ
৮। ‘ৰাজহুৱা স্বার্থজড়িত গোচৰে’ দুখীয়া জনগণক কিদৰে সহায় কৰিব পাৰে?
উত্তৰঃ ভাৰতৰ কোনো নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ’লে তেওঁ ন্যায়ালয়ৰ কাষ চাপিব পাৰে। কিন্তু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত সাহায্য বিচৰাটো দুখীয়া লোকৰ বাবে প্ৰায় অসম্ভৱ, কিয়নো এই প্ৰক্ৰিয়াত যথেষ্ট ধন আৰু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ ফলত বহু দুখীয়া ব্যক্তি আনৰ দ্বাৰা শোষিত হৈয়ে থাকিবলগীয়া হয়। কিন্তু ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (Public Interest Litigation – PIL) প্ৰচলন হোৱাৰ পাছত এই অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে।
কিছুমান সামাজিক সংগঠন বা সমাজ হিতৈষী নাগৰিকে দুখীয়া লোকসকলৰ হৈ গোচৰ ৰুজু কৰিব পাৰে আৰু ন্যায়ালয়ে তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। বৰ্তমান এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে আৰু ন্যায়ালয়ে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, এই অভিনৱ ন্যায় বিচৰা পদ্ধতিৰ বাবে শিশু শ্ৰমিক নিয়োগ, বিহাৰৰ বিচাৰাধীন বন্দীৰ গোচৰ, গংগা নদীৰ প্ৰদূষণ আদি বিষয়সমূহ ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে। ফলস্বৰূপে, সমাজৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকসকলে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ পৰা যথেষ্ট সুবিধা লাভ কৰিছে।
৯। ন্যায়িক সক্রিয়তাই ন্যায়পালিকা আৰু কার্যপালিকাৰ মাজত বিবাদ সৃষ্টি কৰিব পাৰে বুলি তুমি ভাৰা নেকি? ইয়াৰ কাৰণবোৰ কি কি?
উত্তৰঃ সাম্প্ৰতিক সময়ত দেখা দিয়া ন্যায়িক সক্ৰিয়তাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত অধিক মাত্ৰাত সংঘৰ্ষ সৃষ্টি কৰিব পাৰে। বৰ্তমান ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজৰ সম্পৰ্ক খুব বেছি সহজ আৰু মধুৰ নহয়। ইয়াৰ মূল কাৰণ এয়ে যে ন্যায়পালিকাই কাৰ্যপালিকাৰ কার্যক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ন্যায়পালিকাই সঘনে আদেশ জাৰি কৰা বায়ু বা পাৰিপাৰ্শ্বিক প্ৰদূষণ, নিৰ্বাচনী সংস্কাৰ, যান-জঁট পৰিচালনা, বস্তি এলেকাৰ বাসস্থান আদি বিষয়সমূহ প্ৰকৃততে কাৰ্যপালিকাৰ কৰ্তব্যৰ অন্তৰ্ভুক্ত। কাৰ্যপালিকাৰ নিৰ্দিষ্ট কাম-কাজৰ ক্ষেত্ৰত ন্যায়পালিকাই হস্তক্ষেপ কৰাৰ অধিকাৰ নাথাকে। কিন্তু বৰ্তমান আমি লক্ষ্য কৰিছোঁ যে ন্যায়পালিকাই ক্ৰমবৰ্ধিত হাৰত প্ৰশাসনিক বিষয়সমূহত হস্তক্ষেপ কৰিবলৈ ধৰিছে। ভৱিষ্যতে এনে কাৰ্যই চৰকাৰৰ এই দুটা গুৰুত্বপূৰ্ণ অংগৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটাব পাৰে।
১০। মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্ৰিয়তাৰ সম্পৰ্ক কেনেকুৱা? ই মৌলিক অধিকাৰৰ পৰিধি সম্প্ৰসাৰণত সহায় কৰিছে নেকি?
উত্তৰঃ ন্যায়িক সক্ৰিয়তাৰ অৰ্থ হৈছে কাৰ্যপালিকাৰ দায়িত্বৰ অধীনত থকা বিষয়ত ন্যায়ালয়ে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা। যেনে— শব্দ বা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ, গংগা নদীৰ পৰিষ্কাৰকৰণ, পথৰ কাষৰ পৰা মন্দিৰসমূহ আঁতৰোৱা, দিল্লীত NON-CNG ব্যৱসায়িক বাহন নিষিদ্ধ কৰা আদি বিষয়বোৰ কাৰ্যপালিকাৰ কৰ্তব্যৰ ভিতৰত পৰে, য’ত ন্যায়পালিকাৰ প্ৰত্যক্ষ ভূমিকা থকা উচিত নহয়। তথাপি, এইটো স্বীকাৰযোগ্য যে বৰ্তমান ভাৰতত দেখা দিয়া ন্যায়িক সক্ৰিয়তাই মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে।
পূৰ্বতে আনৰ দ্বাৰা অধিকাৰ খৰ্ব হ’লে কেৱল সংশ্লিষ্ট ব্যক্তিয়েহে ন্যায়ালয়ৰ কাষ চাপিব পাৰিছিল আৰু এনেদৰে নিজৰ অধিকাৰ কাৰ্যকৰী কৰিছিল। কিন্তু দুখীয়া লোকসকলৰ বাবে এই ব্যৱস্থাটো অত্যন্ত কষ্টকৰ বা প্ৰায় অসম্ভৱ আছিল, কিয়নো ইয়াৰ বাবে বৃহৎ পৰিমাণৰ ধন আৰু সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমান ৰাজহুৱা স্বাৰ্থজড়িত গোচৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ন্যায়িক সক্ৰিয়তাৰ ফলস্বৰূপে যথেষ্ট জনপ্ৰিয় হৈ পৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰে দুখীয়া তথা অৰ্থনৈতিকভাৱে বা সামাজিকভাবে পিছপৰা লোকক যথেষ্ট সহায় কৰিছে। এতিয়া সামাজিক সংগঠন, সমাজসেৱী ব্যক্তি আদিয়ে ক্ষতিগ্ৰস্ত পক্ষৰ হৈ মৌলিক অধিকাৰ উলংঘন সম্পৰ্কীয় গোচৰ ৰুজু কৰিব পাৰে। ফলস্বৰূপে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক, মহিলা আদিৰ সৈতে জড়িত বহুতো শোষণৰ ঘটনা ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে আৰু এই ক্ষেত্ৰত ন্যায়ালয়ে উপযুক্ত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰাবন্দীক দৃষ্টিহীন কৰণ, শিশু শ্ৰমিক নিয়োগ, কৰ্মস্থলীত মহিলাক যৌন নিৰ্যাতন, কাৰাদণ্ডৰ ম্যাদ উকলি যোৱাৰ পাছতো কাৰাগাৰত দীৰ্ঘদিন আবদ্ধ কৰি ৰখা আদি ঘটনা সাম্প্ৰতিক সময়ৰ প্ৰভাৱী ন্যায়িক সক্ৰিয়তাৰ বাবেই ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে। যদিহে ন্যায়পালিকাই কেৱল মৌলিক ক্ষমতা, আপীল ক্ষমতা, পৰামৰ্শদানৰ ক্ষমতাকে প্ৰয়োগ কৰি থাকিলেহেঁতেন, মৌলিক অধিকাৰ উলংঘনৰ এনে বহুতো ঘটনা ন্যায়ালয়ৰ দৃষ্টিগোচৰ নহ’লহেঁতেন। গতিকে, আমি ক’ব পাৰোঁ যে ন্যায়িক সক্ৰিয়তাই নিশ্চিতভাৱে মৌলিক অধিকাৰৰ পৰিধি সম্প্ৰসাৰণত সহায় কৰিছে।
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ৬ ন্যায়পালিকা সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




