Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ৭ – যুক্তৰাষ্ট্ৰবাদ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৭ – যুক্তৰাষ্ট্ৰবাদ সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)
যুক্তৰাষ্ট্ৰবাদ হৈছে এক শাসন ব্যৱস্থা য’ত ৰাষ্ট্ৰখনৰ কেন্দ্ৰীয় চৰকাৰৰ উপৰিও বিভিন্ন ৰাজ্য বা প্ৰদেশৰ নিজৰ চৰকাৰ থাকে আৰু সকলো চৰকাৰে নিৰ্দিষ্ট ক্ষমতা আৰু দায়িত্ব থাকে। এই ব্যৱস্থাই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বণ্টন কৰে। ভাৰত এখন যুক্তৰাষ্ট্ৰ, য’ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটা সংবিধান অনুমোদিত আসন্ন ক্ষমতা ৰাখে। এই অধ্যায়ত যুক্তৰাষ্ট্ৰবাদৰ ধাৰণা, বৈশিষ্ট্য, সুবিধা-অসুবিধাসমূহ, আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিস্তৃত আলোচনা কৰা হৈছে।
✅ এই অধ্যায়ত কি শিকিব:
- যুক্তৰাষ্ট্ৰবাদৰ অৰ্থ আৰু প্ৰকৃতি
- কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন
- যুক্তৰাষ্ট্রৰ বৈশিষ্ট্যসমূহ
- ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সৱলী আৰু অসুবিধাসমূহ
- সংঘাত আৰু মীমাংসাৰ ব্যৱস্থা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- নতুন AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্ৰত্যেক প্ৰশ্নৰ সহজ আৰু সুসংগঠিত উত্তৰ
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুগম ভাষা
- ভাৰতীয় যুক্তৰাষ্ট্ৰীয় প্ৰশাসন আৰু চৰকাৰৰ সম্পূৰ্ণ বিৱৰণ
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)
Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!
যুক্তৰাষ্ট্ৰবাদ (FEDERALISM)
পাঠভিত্তিক প্রশ্নোত্তৰ
১। তলৰ তালিকাত উল্লেখ কৰা কোনবোৰ ঘটনাক তুমি যুক্তৰাষ্ট্ৰীয় কার্যকলাপ হিচাপে চিহ্নিত কৰিবা? কিয়?
কেন্দ্রই মঙ্গলবাৰে জি এন এল এফৰ দ্বাৰা পৰিচালিত দার্জিলিং গোর্খা পার্বত্য পৰিষদক ষষ্ঠ অনুসুচীৰ মৰ্যাদা প্রদান কৰা বুলি ঘোষণা কৰে। ইয়াৰ ফলত পশ্চিমবঙ্গৰ পাৰ্বত্য জিলাৰ গৱৰ্ণিং বডিৰ অধিক স্বায়ত্ত শাসন নিশ্চিত হ’ব। কেন্দ্র, পশ্চিমবঙ্গ চৰকাৰ আৰু সুভাষ ঘিষিং পৰিচালিত গোর্খা নেশ্যনেল লিবাৰেশ্যন ফ্রণ্টৰ মাজত নতুন দিল্লীত দুদিন ধৰি চলা বিৰতিহীন আলোচনাৰ পিছত এখন তিনিদলীয় মেম’ৰেণ্ডাম অৱ ছেট্লমেন্টত (Memorandum of Settlement) স্বাক্ষৰ কৰা হয়।
বর্ষা-বিঘ্নিত ৰাজ্যসমূহৰ বাবে কেন্দ্ৰৰ কাৰ্য্য-পৰিকল্পনা (action plan): কেন্দ্রই বর্ষা অধ্যুষিত ৰাজ্যসমূহক তেওঁলোকে অতিৰিক্ত সাহাৰ্য্যৰ বাবে কৰা দাবী যাতে খৰতকীয়াকৈ পূৰণ কৰিব পাৰে তাৰ বাবে পুনৰ গঠনৰ বিস্তৃত পৰিকল্পনা দাখিল কৰিব কৈছে।
দিল্লীৰ বাবে নতুন আয়ুক্ত: ৰাজধানীৰ বাবে এজন নতুন পৌর আয়ুক্তৰ ব্যৱস্থা কৰা হৈছে। বর্তমানৰ এম. চি. ডি. আয়ুক্ত (MCD Commissioner) বাকেশ মেহতাই এই কথা নিশ্চিত কৰি কয় যে, তেওঁ ইতিমধ্যে বদলিৰ আদেশ লাভকৰিছে আৰু তেওঁৰ ঠাইত অৰুণাচল প্রদেশৰ মুখ্য সচিব হিচাপে কাৰ্য্য নির্বাহ কৰি থকা ভাৰতীয় প্রশাসনীয় সেবাৰ বিষয়া অশোক কুমাৰে নিযুক্তি লাভ কৰাৰ সম্ভাবনা আছে। ১৯৭৫ চনৰ ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া মেহতাই প্রায় ইবছৰ দিল্লী পৌৰ নিগমৰ মুৰব্বী হিচাপে আছিল।
মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্রদানঃ ৰাজ্যসভাই বুধবাৰে মণিপুৰ বিশ্ববিদ্যালয়ক বেন্দ্রীয় বিশ্ববিদ্যালয়ত পৰিণত কৰিবলৈ এখন বিধেয়কত অনুমোদন জনায়। মানব সম্পদ উন্নয়ণ মন্ত্রীয়ে উত্তৰ পুৱৰ ৰাজ্য অৰুণাচল প্রদেশ, ত্রিপুরা আব্দ চিকিমতো এনে অনুষ্ঠান প্রতিষ্ঠা কৰাৰ প্রতিশ্রুতি প্রদান কৰে।
পুঁজি মুকলি: গ্রাম্য পানী যোগান আঁচনিৰ অধীনত কেন্দ্রই অৰুণাচল প্রদেশলৈ ৫৫৩ লাখ টকা মোকোলাই দিছে। প্রথম পর্যায়ত ৪৬৬৮১ লাখ টকা মুকলি কৰি দিয়া হৈছিল।
মুম্বাইত কেনেকৈ বাস কৰিব লাগে আমি বিহাৰীসকলক শিকনি দিম: প্রায় ১০০ শিব সৈনিকে জে. জে. হাস্পতাল আক্রমণ কৰি দৈনন্দিন কাম-কাজত বাধা জন্মায়। তেওঁলোকে শ্লোগান দিয়ে আৰু মহাৰাষ্ট্ৰৰ বাহিৰৰ ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বুলি ভাবুকি প্রদান কৰে।
চৰকাৰ বৰ্যাস্ত কৰিবলৈ দাবী: কংগ্রেছ বিধায়িনী দলে (Congress Legisletuve Party-CLP) অলপতে ৰাজ্যপালক প্ৰদান কৰা এখন আবেদনত বিত্তীয় বেমেজালি আৰু ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত নাগালেণ্ড গণতান্ত্রিক মৰ্চা চৰকাৰক বৰ্মাক্ত কৰিবলৈ দাবী জনায়।
নক্সালবাদী সকলক অস্ত্র সমর্পণ কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (NDA) চৰকাৰৰ আহ্বান: বিৰোধী দল-ৰাষ্ট্ৰীয় জনতা দল আৰু ইয়াৰ সহযোগী কংগ্ৰেছ আৰু চি পি আই (এম) ৰ সদন ত্যাগৰ মাজতে বিহাৰ চৰকাৰে নক্সালবাদীসকলক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আহ্বান জনায়। চৰকাৰে নিবনুৱা সমস্যা নির্মূল কৰি এটা নতুন যুগত প্রবেশ কৰোৱাৰ ইয়াৰ প্রতিশ্রুতিৰ বিষয়েও দোহাবে।
উত্তৰঃ জি এন এল এফৰ দ্বাৰা পৰিচালিত দার্জিলিং গোর্খা পার্বত্য পৰিষদক ষষ্ঠ অনুসুচীৰ মৰ্যাদা প্রদান: এইটো যুক্তৰাষ্ট্ৰবাদৰ এক সুস্পষ্ট উদাহৰণ। কেন্দ্ৰীয় চৰকাৰে পশ্চিমবঙ্গৰ ৰাজ্যিক চৰকাৰৰ সৈতে সহমতৰ ভিত্তিত কেন্দ্ৰ, পশ্চিমবঙ্গ আৰু সুভাষ ঘিষিং পৰিচালিত গোর্খা নেশ্যনেল লিবাৰেশ্যন ফ্রণ্ট (জি এন এল এফ)ৰ মাজত এক ত্ৰিপাক্ষিক চুক্তি সম্পন্ন কৰে। এই বিষয়ত পশ্চিমবঙ্গ চৰকাৰৰ সৈতে আলোচনাৰ পাছতহে এই সিদ্ধান্ত লোৱা হৈছে।
বর্ষা-বিঘ্নিত ৰাজ্যসমূহৰ বাবে কেন্দ্ৰৰ কাৰ্য্য-পৰিকল্পনা (action plan): এইটো এটা যুক্তৰাষ্ট্ৰীয় কার্যকলাপ। এই উক্তিটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত থকা সহযোগিতাৰ ভাৱ প্ৰকাশ কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহক সহায় আগবঢ়োৱাটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিক দায়িত্ব।
দিল্লীৰ বাবে নতুন আয়ুক্ত: এইটো এটা যুক্তৰাষ্ট্ৰীয় কাৰ্য্য। কেন্দ্ৰীয় সেৱাসমূহ কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণাধীন। ভাৰতীয় প্ৰশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ বিভিন্ন বিভাগত নিজৰ কৰ্তব্য সম্পাদন কৰে।
মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্রদান: এইটো এটা যুক্তৰাষ্ট্ৰীয় কার্যকলাপ। শিক্ষা বিষয়টো সমৱৰ্তী সূচীৰ অন্তৰ্গত, যাৰ অৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়েই এই সূচীৰ বিষয়বস্তুৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি ৰাজ্যখনত শিক্ষাৰ মানদণ্ড উন্নত কৰাত সহায় কৰিছে।
পুঁজি মুকলি: এইটো এটা যুক্তৰাষ্ট্ৰীয় কার্যকলাপ। চৰকাৰৰ বিভিন্ন খণ্ডৰ বিকাশৰ বাবে আৱশ্যকীয় পুঁজিৰ যোগান ধৰাটো কেন্দ্ৰীয় চৰকাৰৰ এটা অন্যতম কৰ্তব্য।
মুম্বাইত কেনেকৈ বাস কৰিব লাগে আমি বিহাৰীসকলক শিকনি দিম: এইটো যুক্তৰাষ্ট্ৰীয় উদ্যমৰ পৰিপন্থী। ভাৰতৰ সকলো নাগৰিকে নিজৰ পছন্দ অনুসৰি যিকোনো ঠাইত নিৰ্ভয়ে জীৱন-যাপন আৰু কৰ্ম সম্পাদন কৰাৰ অধিকাৰ আছে। ‘ভূমিপুত্ৰ’ বুলি দাবী কৰা মনোভাৱ যুক্তৰাষ্ট্ৰীয় নীতিৰ বিৰোধী।
চৰকাৰ বৰ্যাস্ত কৰিবলৈ দাবী: নিৰ্বাচিত চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে নাগালেণ্ডৰ কংগ্ৰেছ বিধায়িনী দলৰ দাবী যুক্তৰাষ্ট্ৰবাদৰ পৰিচায়ক। ৰাজ্যৰ প্ৰশাসনিক যন্ত্ৰত অচলাৱস্থা সৃষ্টি হ’লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা শাসনভাৰ গ্ৰহণ কৰিব পাৰে।
নক্সালবাদী সকলক অস্ত্র সমর্পণ কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (NDA) চৰকাৰৰ আহ্বান: এইটো এটা যুক্তৰাষ্ট্ৰীয় কাৰ্য্যকলাপ নহয়। আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰধানকৈ দায়বদ্ধ। গতিকে, কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যটো ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ দৰে হৈছে।
২। তলত উল্লেখ কৰা কোনটো বাক্য শুদ্ধ ভাবি চোৱা আৰু কিয় লিখা।
উত্তৰঃ যুক্তৰাষ্ট্ৰবাদত বিভিন্ন অঞ্চলৰ মানুহে, এজনে আনজনৰ ওপৰত নিজৰ সংস্কৃতি জাপি দিয়াৰ ভয় নথকাকৈ মনৰ ভাৱ আদান-প্রদান কৰিব পৰা সম্ভাবনা থাকে।
উক্তিটো শুদ্ধ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আৰু ৰাজ্যসমূহৰ পৰস্পৰৰ মাজত সহযোগিতাৰ সৃষ্টি হয়। ইয়াত প্ৰতিটো অঞ্চলৰে নিজৰ স্বকীয়ভাৱে বিকশিত হোৱাৰ অধিকাৰ থাকে।
যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বেলেগ বেলেগ সম্পদ থকা পৃথক অঞ্চলসমূহৰ মাজত সহজভাবে অর্থনৈতিক আদান-প্রদানত বাধাৰ সৃষ্টি হয়।
এই মতটো শুদ্ধ নহয়। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে সকলো অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সাধন সহজসাধ্য কৰাত গুৰুত্ব দিয়ে।
যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই কেন্দ্ৰৰ সীমিত ক্ষমতা থকাটো নিশ্চিত কৰিব।
উক্তিটো শুদ্ধ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰই অধিক ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে বা ৰাজ্যসমূহক প্ৰদান কৰা ক্ষমতা সহজে কাঢ়ি ল’ব নোৱাৰে।
৩। তলত উল্লেখ কৰা বেলজিয়ামৰ সংবিধানৰ প্ৰথম কেইটামান অনুচ্ছেদৰ ওপৰত ভিত্তি কৰি সেই দেশখনত কেনে ধৰণৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থা আছে ব্যাখ্যা কৰা। ভাৰতৰ সংবিধানৰ বাবে তেনে ধৰণৰ অনুচ্ছেদ একোটা লিখিবলৈ চেষ্টা কৰা। শিখোনামা ১: যুক্তৰাষ্ট্ৰীয় বেলজিয়ামঃ ইয়াৰ উপাদান আৰু ভূমিখণ্ড
১ নং অনুচ্ছেদ: বেলজিয়াম হৈছে কিছুমান সম্প্রদায় আৰু অঞ্চলক লৈ গঠন হোরা এখনযুক্তরাষ্ট্র।
২ নং অনুচ্ছেদ: তিনিটা সম্প্রদায়ৰদ্বাৰা বেলজিয়াম গঠিত হৈছে: ফৰাচী সম্প্রদায়, ফ্লেমিছ সম্প্রদায় (Flemish) আৰু জার্মান সম্প্রদায়।
৩ নং অনুচ্ছেদ: বেলজিয়াম তিনিটা অঞ্চলক লৈ গঠিত হৈছে। বালুন অঞ্চল (Walloon region), ট্রেমিছ অঞ্চল (Flemish region) ব্রাচেলচ্ অঞ্চল (Brussels region)।
৪ নং অনুচ্ছেদ: বেলজিয়ামৰ চাৰিটা ভাষিক অঞ্চল আছেঃ ফৰাচী ভাষা কোরা অঞ্চল, ডাচ্চ ভাষা কোরা অঞ্চল, ব্রাচেলচ্ ৰাজধানীৰ দ্বিভাষিক অঞ্চল আৰু জার্মান ভাষা কোৱা অঞ্চল। ৰাজ্যখনৰ প্ৰত্যেকখন কম্যুন (Country borough) এনে একোটা ভাষিক অঞ্চলৰ অংশ।
৫ নং অনুচ্ছেদ: বালুন অঞ্চলটো তলত উল্লেখ কৰা প্রদেশ কেইখনৰ দ্বাৰা গঠিত: বালুন ব্রাবান্ট (Walloon Brabant), হাইনল্ট (Hainault), লিয়েজ (Liege), লাক্সেমবার্গ (Luxemburg) আৰু নামুৰ। (Namur)। ফ্রেমিছ অঞ্চলটোত থকা প্রদেশ কেইখন হৈছেঃ এট্রাপ (Antwerp)। ফ্রেমিছ ব্রাবান্ট, বেষ্ট ফেন্ডার্চ (West Flanders), ইষ্ট ফ্রেন্ডার্চ (East Flanders) আৰু লিমবার্গ (Limburg)….. ।
উত্তৰঃ ১ নং অনুচ্ছেদ (ভাৰতৰ বাবে পুনৰ্লিখন): ভাৰতীয় সংবিধানে ঘোষণা কৰিছে যে ভাৰতবৰ্ষই হ’ব ৰাজ্যসমূহৰ এক সংঘ (Union of States)।
২ নং অনুচ্ছেদ (ভাৰতৰ বাবে পুনৰ্লিখন): ভাৰত এখন বিশাল আৰু বৈচিত্ৰ্যময় দেশ য’ত বিভিন্ন জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে একেলগে বাস কৰে আৰু নিজৰ জীৱন-জীৱিকা নিৰ্বাহ কৰে।
৩ নং অনুচ্ছেদ (ভাৰতৰ বাবে পুনৰ্লিখন): ভাৰত হৈছে ৰাজ্যসমূহৰ সংঘ। বৰ্তমান ইয়াত ঊনত্রিশখন ৰাজ্য আৰু সাতটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
৪ নং অনুচ্ছেদ (ভাৰতৰ বাবে পুনৰ্লিখন): ভাৰতত প্ৰতিজন ব্যক্তিক নিজৰ মাতৃভাষা ব্যৱহাৰ কৰাৰ আৰু ইয়াৰ বিকাশ সাধন কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। বৰ্তমান ভাৰতীয় সংবিধানত ২২ টা স্বীকৃতিপ্ৰাপ্ত ভাষা আছে।
৫ নং অনুচ্ছেদ (ভাৰতৰ বাবে পুনৰ্লিখন): ভাৰতত ২৯ খন ৰাজ্য আৰু ৭ টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম ভাৰতীয় সংবিধানৰ প্ৰথম অনুসূচীত স্পষ্টভাৱে লিপিবদ্ধ কৰা হৈছে।
৪। কল্পনা কৰা যে, তুমি যুক্তৰাষ্ট্ৰবাদৰ ব্যৱস্থা কিছুমান নতুনকৈ লিখিব লাগিব। তলত উল্লেখ কৰা বিষয়সমূহত তোমাৰ পৰামৰ্শৰে সৈতে ৩০০ শব্দৰ ভিতৰত একোখন ৰচনা লিখা।
(ক) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন
(খ) বিত্তীয় সম্পদৰ বিতৰণ
(গ) আন্তঃৰাজ্যিক বিবাদ মীমাংসা পদ্ধতি আৰু
(ঘ) ৰাজ্যপালৰ নিযুক্তি।
উত্তৰঃ ভাৰতৰ নিচিনা এক বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰবাদৰ প্ৰাসংগিকতা অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে আঞ্চলিক বৈচিত্ৰ্যৰ মাজতো ৰাষ্ট্ৰীয় একতা স্থাপন কৰিব পৰা যায়। এই ব্যৱস্থাত দুটা স্তৰৰ চৰকাৰ থাকে – এটা কেন্দ্ৰীয় পৰ্যায়ত আৰু আনটো আঞ্চলিক পৰ্যায়ত। প্ৰতিটো স্তৰৰ চৰকাৰৰে নিজা নিজা সুনিৰ্দিষ্ট কাৰ্য্যক্ষেত্ৰ থাকে।
(ক) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন
ভাৰতীয় সংবিধানত কৰ্তব্য আৰু ক্ষমতাৰ বিভাজনৰ ব্যৱস্থা সুন্দৰভাৱে সন্নিৱিষ্ট কৰা হৈছে। যিবোৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰে, সেইবোৰ কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত। আনহাতে, যিবোৰ বিষয়ত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে, সেইবোৰ ৰাজ্যিক সূচীৰ অন্তৰ্গত। সমৱৰ্তী সূচীৰ অন্তৰ্গত বিষয়সমূহত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়েই আইন প্ৰণয়ন কৰিব পাৰে।
(খ) বিত্তীয় সম্পদৰ বিতৰণ
ক্ষমতাৰ বিভাজনে কেন্দ্ৰক যথেষ্ট শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। ৰাজ্যসমূহক বহুখিনি দায়িত্ব অৰ্পণ কৰা হৈছে যদিও তেওঁলোকক সীমিত পৰিমাণৰ সম্পদ আৰু ক্ষমতা প্ৰদান কৰা হৈছে। এই কাৰণে, ৰাজ্যসমূহক তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিবলৈ অধিক মাত্ৰাত ক্ষমতা আৰু বিত্তীয় সম্পদ অনুমোদন কৰাৰ আৱশ্যকতা আছে।
(গ) আন্তঃৰাজ্যিক বিবাদ মীমাংসা পদ্ধতি
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বা দুখন ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ অন্তৰ্ভুক্ত। উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় আৰু ইয়াৰ প্ৰাথমিক কৰ্তব্য হৈছে সংবিধানৰ ৰক্ষণাৱেক্ষণ কৰা। বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত অত্যুৎকৃষ্ট কাৰ্য্য সম্পাদন কৰি আহিছে আৰু এই ব্যৱস্থাটো পৰিৱৰ্তন কৰাৰ বিশেষ আৱশ্যকতা নাই।
(ঘ) ৰাজ্যপালৰ নিযুক্তি
ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তেওঁলোকক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শক্ৰমে নিযুক্ত কৰা হয়। ৰাজ্যপালে ৰাজ্যসমূহত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ নিযুক্তিৰ পদ্ধতিটো সিমান সন্তোষজনক নহয়। ৰাজ্যপালৰ পদবীটোৰ অধিক ৰাজনীতিকৰণ কৰা হৈছে আৰু এয়াই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিবাদৰ এক মূল কাৰণ হৈ পৰিছে। গতিকে, কোনো নাগৰিক বা ব্যক্তিক কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ আগতে সংশ্লিষ্ট ৰাজ্যৰ সৈতে আলোচনা কৰাটো বাঞ্চনীয়।
৫। তলত উল্লেখ কৰা কোনটো ৰাজ্য গঠনৰ ভিত্তি হোৱা উচিত আৰু কিয়?
(ক) উমৈহতীয়া ভাষা, (খ) উমৈহতীয়া অর্থনৈতিক স্বার্থ, (গ) উমৈহতীয়া ধর্ম, (ঘ) প্রশাসনীয় সূচলতা
উত্তৰঃ (ঘ) প্ৰশাসনীয় সূচলতা
প্ৰশাসনীয় সূচলতা ৰাজ্য গঠনৰ প্ৰধান ভিত্তি হোৱা উচিত। পূৰ্বতে ভাষা আৰু উমৈহতীয়া কৃষ্টিৰ ভিত্তিত ৰাজ্যসমূহৰ গঠন কৰা হৈছিল। বৰ্তমান উমৈহতীয়া সংস্কৃতিৰে গঠিত ভালেমান গোটে পৃথক ৰাষ্ট্ৰৰ বাবে দাবী উত্থাপন কৰিছে। সেইবাবে, বৰ্তমানৰ পৰিস্থিতিত ভাষা আৰু উমৈহতীয়া সংস্কৃতিক ৰাজ্য গঠনৰ একমাত্ৰ ভিত্তি হিচাপে বিবেচনা কৰিব নোৱাৰি।
৬। উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্য যেনে ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ আৰু বিহাৰত হিন্দী ভাষা কোৱা হয়। এই গোটেইকেইখন ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰিলেই যুক্তৰাষ্ট্ৰীয় ধাৰণাৰ লগত খাপ খাবনে? যুক্তি দর্শোবা।
উত্তৰঃ এই ধাৰণাটোৱে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ প্ৰকট নকৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। যদিহে উত্তৰ ভাৰতৰ সকলো হিন্দী ভাষা কোৱা ৰাজ্য একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰা হয়, তেন্তে ইয়াৰ শাসন কাৰ্য পৰিচালনা কৰা কঠিন হ’ব আৰু এনে পদক্ষেপে স্থানীয় অঞ্চলৰ আৱশ্যকতাক অৱদমিত কৰিব। এনেদৰে গঠিত ৰাজ্য চৰকাৰত একাত্মক চৰকাৰৰ প্ৰকৃতিহে বেছিকৈ দৃষ্টিগোচৰ হয়।
৭। ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য হৈছে:
(ক) ৰাজ্যৰ সৃষ্টি আৰু সীমা নিৰ্ধাৰণ: সংসদে ৰাজ্য আৰু ইয়াৰ সীমা সৃষ্টি কৰিব পাৰে। সংসদে কোনো এখন ৰাজ্যৰ পৰা ভূখণ্ড পৃথক কৰি বা দুই বা ততোধিক ৰাজ্যক একত্ৰিত কৰি নতুন ৰাজ্য গঠন কৰিব পাৰে। ইয়াৰ উপৰিও, যিকোনো ৰাজ্যৰ সীমা সলনি কৰাৰ ক্ষমতা সংসদৰ আছে।
(খ) জৰুৰীকালীন অৱস্থা: ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত কেন্দ্ৰই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে। এনে পৰিস্থিতিত ৰাজ্যৰ কাৰ্য্যক্ষেত্ৰৰ অধীনস্থ বিষয়তো সংসদে আইন প্ৰণয়ন কৰিব পাৰে।
(গ) বিত্তীয় ক্ষমতাৰ আধাৰ: স্বাভাৱিক অৱস্থাৰ সময়তো কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰতকৈ অধিক বিত্তীয় ক্ষমতা থাকে। ৰাজহৰ প্ৰধান উৎসসমূহ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন। আনহাতে, ৰাজ্যসমূহে বিত্তীয় সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।
(ঘ) অৰ্থনৈতিক পৰিকল্পনাৰ ব্যৱস্থা: দেশত অৰ্থনৈতিক উন্নয়ন সাধনৰ মুখ্য পদ্ধতি হিচাপে ভাৰতে অৰ্থনৈতিক পৰিকল্পনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পূৰ্বৰ পৰিকল্পনা আয়োগক কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰিছিল আৰু ই কেন্দ্ৰৰ নিয়ন্ত্ৰণত কাৰ্য্য সম্পাদন কৰিছিল।
৮। ৰাজ্যপালৰ ভূমিকাৰ বাবে বহুতো ৰাজ্য অসন্তুষ্ট কিয়?
উত্তৰঃ ৰাজ্যপালক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে। তেওঁলোকে ৰাজ্যসমূহত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ প্ৰতিনিধিত্ব কৰে। যিহেতু তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে, সেইবাবে তেওঁলোকৰ কাৰ্য্যকলাপক ৰাজ্যিক কৰ্তৃপক্ষই সন্দেহৰ চকুৰে চায়। সাধাৰণতে কেন্দ্ৰত শাসনত থকা দলটো আৰু ৰাজ্যিক শাসকীয় দলটো বেলেগ হ’লে এনে পৰিস্থিতিৰ সৃষ্টি হয়। বহুতো ৰাজ্য চৰকাৰে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ এজেন্ট হিচাপে গণ্য কৰে। সংশ্লিষ্ট ৰাজ্যৰ আইন আৰু শৃংখলা নিয়ন্ত্ৰণ সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদনক ৰাজ্য চৰকাৰে সন্দেহৰ দৃষ্টিৰে চাই।
ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ তেওঁৰ ক্ষমতাটোৱেই হৈছে ৰাজ্যপালৰ ভূমিকাক বিতৰ্কিত কৰাৰ দ্বিতীয় কাৰণ। ৰাজ্যৰ প্ৰশাসনিক কাৰ্য্যত অচলাৱস্থা সৃষ্টি হোৱা বুলি ৰাজ্যপালে বিবেচনা কৰিলে তেওঁ ৰাষ্ট্ৰপতিৰ শাসনৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক প্ৰশাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰে। কেতিয়াবা কিছুমান ৰাজ্যপালে শাসকীয় দলৰ বিধানসভাত সংখাগৰিষ্ঠতা থকা সত্ত্বেও নিৰ্বাচিত চৰকাৰক বৰ্খাস্ত কৰাৰ পৰামৰ্শ আগবঢ়ায়। এনে ঘটনা ১৯৫৯ চনত কেৰালাত আৰু আন কিছুমান ৰাজ্যত ১৯৬৭ চনত সংঘটিত হৈছিল। এনে অৱস্থাৰ বাবেই ৰাজ্যপালৰ ভূমিকাৰ ওপৰত বহুতো ৰাজ্য অসন্তুষ্ট।
৯। ৰাজ্য চৰকাৰ এখনে সংবিধান অনুসৰি নচলিলে তাত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰি। ৰাজ্য এখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিবলৈ তলত উল্লেখ কৰা ঘটনা কেইটা উপযুক্ত অবস্থা হয়নে? কাৰণ দর্শোৱা।
উত্তৰঃ ৰাজ্যিক বিধানসভাৰ দুজন বিৰোধী দলৰ সদস্যক অপৰাধীয়ে হত্যা কৰিলে আৰু বিৰোধী পক্ষই সেইবাবে ৰাজ্য চৰকাৰ বৰ্খাস্ত কৰিবলৈ দাবী জনালে।
উপযুক্ত নহয়। ৰাজ্যিক বিধানসভাৰ দুজন বিৰোধী দলৰ সদস্যক হত্যা কৰাটোৱে ৰাজ্যখনত প্ৰশাসনীয় ব্যৱস্থা বিফল হোৱাটো প্ৰমাণ নকৰে। এইটোৱে ৰাজ্যখনত বিৰাজ কৰা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাকহে সূচায়। ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ বাবে এয়া উপযুক্ত কাৰণ হ’ব নোৱাৰে।
ধনৰ বাবে শিশু অপহৰণৰ ঘটনা বৃদ্ধি পাই আহিছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাও বাঢ়ি আহিছে।
উপযুক্ত নহয়। শিশু হত্যা আৰু অপহৰণৰ ঘটনা বৃদ্ধি পোৱাটোৱে ৰাজ্যখনত আইন আৰু শৃংখলাৰ অভাব থকাটো প্ৰকট কৰে। কিন্তু, দেশত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ বাবে ইয়াক প্ৰধান ভিত্তি হিচাপে বিবেচনা কৰিব নোৱাৰি।
অলপতে হোৱা ৰাজ্যিক বিধানসভাৰ নির্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। এটা ৰাজনৈতিক দলক সমর্থন জনাবলৈ আন দলৰ বিধানসভাৰ সদস্য কেইজনমানক ধনৰ দ্বাৰা প্রলোভিত কৰাৰ আশঙ্কা কৰা হৈছে।
উপযুক্ত নহয়। ভাৰতৰ বেছিভাগ দলেই সাধাৰণতে ধনৰ দ্বাৰা প্ৰলোভিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিপন্থী। অৱশ্যে ইয়াক ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ প্ৰধান ভিত্তি হিচাপে বিবেচনা কৰিব নোৱাৰি।
কেন্দ্র আৰু ৰাজ্যত পৃথক দলে শাসন কৰি আছে আৰু তেওঁলোক এটা আনটোৰ ঘোৰ বিৰোধী।
উপযুক্ত নহয়। গণতন্ত্ৰত যিকোনো সংখাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰিব পাৰে। সেইবাবে, কেন্দ্ৰ আৰু ৰাজ্যসমূহত দুটা ভিন্ন দল শাসনত অধিষ্ঠিত হোৱাটো সম্পূৰ্ণ সম্ভৱ। এয়া ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ কোনো ভিত্তি হ’ব নোৱাৰে।
সাম্প্রদায়িক সংঘর্ষত ২০০০ তকৈও অধিক লোকক হত্যা কৰা হৈছে।
উপযুক্ত হয়। ২০০০ লোকক হত্যা কৰা ঘটনাটোৱে দেখুৱাইছে যে আইন আৰু শৃংখলা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা ৰাজ্যখনৰ নাইকিয়া হৈছে। ই স্পষ্টভাৱে প্ৰকট কৰিছে যে ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা অচল হৈছে। গতিকে, ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ বাবে এইটো সঠিক যুক্তি।
দুখন ৰাজ্যৰ মাজৰ পানীৰ বাবে হোৱা বিবাদত, এখন ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰিছে।
উপযুক্ত হয়। উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়। ইয়াৰ সিদ্ধান্তসমূহ চূড়ান্ত আৰু ইয়াক সকলোৱে মানি চলিবলৈ বাধ্য। যদি কোনো ৰাজ্যই ইয়াক অৱমাননা কৰে, তেন্তে এয়া ৰাজ্যিক প্ৰশাসনীয় ব্যৱস্থাৰ বিফলতা আৰু এনে পৰিস্থিতিত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাটো সঠিক পদক্ষেপ হ’ব।
১০। অধিক স্বায়ত্ত শাসনৰ বাবে ৰাজ্যবোৰে কি কি দাবী জনাইছে?
উত্তৰঃ বৰ্তমান কেইটামান নিৰ্দিষ্ট বিষয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত মতবিৰোধৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তাৰ অংশ হিচাপে ৰাজ্যসমূহে কিছুমান মূল দাবী উত্থাপন কৰিছে:
(ক) বিত্তীয় স্বায়ত্তশাসন: ভাৰতীয় সংবিধানে ৰাজ্যসমূহক যথেষ্ট দায়িত্ব অৰ্পণ কৰিছে কিন্তু সেই অনুপাতে সীমিত সম্পদহে প্ৰদান কৰিছে। ফলস্বৰূপে, ৰাজ্যসমূহে নিজৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। কেন্দ্ৰক ৰাজ্যসমূহতকৈ অধিক বিত্তীয় ক্ষমতা আৰু সম্পদ প্ৰদান কৰা হৈছে। ফলস্বৰূপে ৰাজ্যসমূহে অনুদান আৰু ঋণৰ বাবে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এনে পৰিস্থিতিত ৰাজ্যসমূহে অধিক মাত্ৰাত বিত্তীয় স্বাধীনতা আৰু সম্পদৰ ভাগ দাবী কৰিবলৈ লৈছে।
(খ) ৰাজ্যপালৰ পদবী: ৰাজ্যপালৰ নিযুক্তি আৰু ৰাজ্যসমূহত তেওঁলোকে পালন কৰা ভূমিকাই কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত মতবিৰোধ সৃষ্টি কৰিছে। ৰাজ্যপালৰ পদবীটোৰ ৰাজনীতিকৰণ কৰা হয় আৰু এই পদবীত ৰাজনীতি ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক নিযুক্ত কৰা হয়। ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিতৰ্কৰ কাৰণ হৈ আহিছে। বৰ্তমান ৰাজ্যসমূহে দাবী কৰিছে যে ৰাজ্যপালক নিযুক্ত কৰোঁতে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে আৰু ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ ক্ষেত্ৰত ৰাজ্যপালৰ ভূমিকা কিছুপৰিমাণে কৰ্তন কৰা উচিত।
(গ) ক্ষমতাৰ বিভাজন: ভাৰতীয় সংবিধানে কেন্দ্ৰক অধিক বিষয় আৰু ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় সূচীত ৯৭ টা বিষয় অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ৰাজ্যিক সূচীত ৬৬ টা বিষয় অন্তৰ্ভুক্ত হৈছে। তদুপৰি, অৱশিষ্ট ক্ষমতা অৰ্থাৎ তিনিখন সূচীত অন্তৰ্ভুক্ত নোহোৱা বিষয়সমূহ কেন্দ্ৰৰ ক্ষেত্ৰাধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যৱস্থাই কেন্দ্ৰক অতি শক্তিশালী কৰিছে। সেয়ে, কেন্দ্ৰীয় সূচীৰ অন্তৰ্ভুক্ত কিছুমান বিষয় ৰাজ্যসমূহক প্ৰদান কৰাৰ সপক্ষে প্ৰবল জনমত গঢ়ি উঠিছে।
১১। কিছুমান ৰাজ্য বিশেষ ব্যৱস্থাৰ দ্বাৰা শাসন কৰা উচিতনে? ই আন ৰাজ্যৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে নেকি? ই ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলৰ মাজত অধিক ঐক্য সাধন কৰাত সহায় কৰিব নেকি?
উত্তৰঃ ভাৰতীয় সংবিধানে হিমাচল প্ৰদেশ, অসম, গোৱা, মহাৰাষ্ট্ৰ, ছিকিম আদি ৰাজ্যক বিশেষ ক্ষমতা আৰু বিশেষাধিকাৰ প্ৰদান কৰিছে। ভাৰতীয় সংবিধানে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনজাতিসকলৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে আৰু সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰাৰ বাবে কিছুমান বিশেষ ব্যৱস্থা কৰিছে। সেইবাবে এই অঞ্চলসমূহৰ প্ৰশাসনীয় কাৰ্য্যৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰিবলৈ অনুমতি দিয়া হৈছে। অৱশ্যে, জম্মু আৰু কাশ্মীৰ ৰাজ্যক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদে এই ৰাজ্যখনক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল।
বৰ্তমান এনে বিশেষাধিকাৰ অপসাৰণৰ পোষকতা কৰা হৈছে। এসময়ত কিছুমান সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ বাবে এনে বিশেষাধিকাৰ আৰু বিশেষ মৰ্যাদাৰ আৱশ্যক হৈছিল। ভাৰতৰ অৱশিষ্ট অংশৰ সৈতে আৰ্থ-সামাজিক সংহতকৰণৰ উদ্দেশ্যে কিছুমান বিশেষ ৰেহাইৰ জৰিয়তে এইবোৰক সমৰ্থন কৰাৰ প্ৰয়োজনীয়তা আছিল। কিন্তু বৰ্তমান এইবোৰৰ আৱশ্যকতা নাই। এনে বিশেষাধিকাৰ আৰু বিশেষ মৰ্যাদাই দেশৰ অন্যান্য ৰাজ্যসমূহৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি কৰিছে। তদুপৰি, বহুতো ৰাজ্যই একেধৰণৰ বিশেষাধিকাৰ দাবী কৰিবলৈ ধৰিছে। ইয়াৰ ফলত দেশত অধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই পৰিপ্ৰেক্ষিতত কিছুমান ৰাজ্যৰ বাবে এনে বিশেষাধিকাৰ আৰু বিশেষ মৰ্যাদা অব্যাহত থকাটো উচিতনে অনুচিত সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক অনুষ্ঠিত কৰাটো বাঞ্চনীয়।
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ৭ যুক্তৰাষ্ট্ৰবাদ সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:




