Class 11 Political Science Chapter 8 স্থানীয় চৰকাৰ Solutions | AHSEC (ASSEB) | Assamese Medium

Class 11

Class 11 ৰাজনীতি বিজ্ঞান অধ্যায় ৮ – স্থানীয় চৰকাৰ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ সহ | AHSEC (ASSEB) অসমীয়া মাধ্যম

এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৮ – স্থানীয় চৰকাৰ সম্পূৰ্ণ সমাধান (AHSEC-ASSEB – অসমীয়া মাধ্যম)

স্থানীয় চৰকাৰ হৈছে ৰাজ্যৰ তলৰ পৰ্যায়ৰ চৰকাৰ প্রশাসনিক গাঠনিক ইউনিট যাৰ দ্বাৰা স্থানীয় জনতাক নিৰ্দেশ, পৰিচালনা আৰু উন্নয়নৰ কাৰ্য সম্পাদন কৰা হয়। গণতন্ত্ৰৰ এটা মুখ্য অংশ হিচাপে স্থানীয় চৰকাৰ গাঁও আৰু নগৰ অঞ্চলসমূহত নিজৰ নিজস্ব কৰ্তৃত্ব আৰু দায়িত্বৰ অধীন চলি থাকে। ভারতীয় সংবিধানৰ ৭৩ আৰু ৭৪ সংখ্যক সংশোধনী আইনৰ জৰিয়তে এই স্থানীয় চৰকাৰক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হৈছে। স্থানীয় চৰকাৰৰ অন্তৰ্গত আছে পঞ্চায়তী ৰাজ, পৌৰনিগম আৰু পৌৰসভাসমূহ। এই অধ্যায়ত স্থানীয় চৰকাৰৰ গঠন, কৰ্তৃত্ব, দায়িত্ব আৰু তৃণমূল শাসনৰ গুৰুত্ব আলোচনা কৰা হৈছে।

✅ এই অধ্যায়ত কি শিকিব:

  • স্থানীয় চৰকাৰৰ অৰ্থ আৰু প্ৰয়োজনীয়তা
  • পঞ্চায়তী ৰাজ আৰু পৌৰসভাৰ গঠন আৰু কাৰ্যপদ্ধতি
  • ৭৩ আৰু ৭৪ তম সংবিধান সংশোধনী আৰু স্থানীয় চৰকাৰৰ সাংবিধানিক স্বীকৃতি
  • স্থানীয় চৰকাৰৰ ক্ষমতা আৰু দায়িত্ব
  • তৃণমূল শাসনৰ গুৰুত্ব আৰু ভাৰতীয় গণতন্ত্ৰত ইয়াৰ ভূমিকা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • নতুন AHSEC (ASSEB) পাঠ্যক্ৰমৰ পূৰ্ণ সমাধান
  • প্ৰত্যেক প্ৰশ্নৰ স্পষ্ট আৰু বুজাব পৰা উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ আৰু সুগম ভাষা
  • পঞ্চায়তী ৰাজ, পৌৰসভা আদিৰ কার্যপদ্ধতিৰ আধুনিক বিৱৰণ
Vibrant Note Box
Buy Printable PDF
Class 11 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC/ASSEB Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC/ASSEB Class 11 Political Science, Latest Syllabus)

Get complete preparation for Class 11 Political Science (Assamese Medium) with chapter-wise solutions PDF.
Includes detailed answers, definitions, solved examples, and conceptual explanations as per the latest AHSEC/ASSEB syllabus.
Perfect for self-study, homework help, and exam revision!

Vibrant Note Box
অধ্যায় ৮ – স্থানীয় চৰকাৰ

স্থানীয় চৰকাৰ (LOCAL GOVERNMENT)

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভাৰতীয় সংবিধানে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ এটা গোট হিচাপে দেখুৱাইছে। তলত আলোচনা কৰা উক্তিবোৰৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা আৰু এই পৰিস্থিতিবোৰে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ গোট হিচাপে কেনেকৈ শক্তিশালী বা দুর্বল কৰিব ব্যাখ্যা কৰা।

(ক) ৰাজ্য চৰকাৰে এটা ডাঙৰ কোম্পানীক এটা বৃহৎ তীখা প্রকল্প স্থাপন কৰিবলৈ অনুমতি দিলে। এই তীখা প্রকল্পটোৰ কাৰণে গাঁৱৰ বহুতো মানুহ ক্ষতিগ্রস্ত হ’ব। ক্ষতিগ্রস্ত গাঁৱৰ এখন গাঁওসভাই এটা প্রস্তাব লৈছিল যে এই অঞ্চলত কোনো ডাঙৰ শিল্প উদ্যোগ স্থাপন কৰাৰ আগতে গাঁওবাসীৰ লগত আলোচনা কৰা উচিত আৰু তেওঁলোকৰ অভিযোগবিলাক সমাধান কৰা উচিত।

উত্তৰঃ গাঁও সভাৰ সন্মতি অবিহনে গাঁও এখনত এটা বৃহৎ শিল্প উদ্যোগ স্থাপন কৰা এই পদক্ষেপে ১৯৯৩ চনৰ ৭৩ তম সংবিধান সংশোধনী আইনত সন্নিৱিষ্ট পঞ্চায়তীৰাজ ব্যৱস্থাৰ নীতিৰ পৰিপন্থী। সেয়ে, গাঁওসভাৰ অধিকাৰত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰা বাবে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ অধিকাৰ গাঁওসভাৰ আছে। এই পদক্ষেপে গাঁওসভা বা গাঁও পঞ্চায়তৰ ক্ষমতা আৰু স্থিতি উন্নীত কৰিব।

(খ) চৰকাৰে সিদ্ধান্ত লৈছিল যে ইয়াৰ সমুদায় খৰচৰ ২০ শতাংশ পঞ্চায়তৰ জৰিয়তে খৰচ কৰা হ’ব।

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাৰ এক প্ৰধান অসুবিধাটোৱেই হ’ল যে এই ব্যৱস্থাৰ অধীনত বিভিন্ন উন্নয়নমূলক কাম কৰাৰ বাবে পৰ্যাপ্ত পুঁজিৰ অভাৱ হয়। গতিকে, চৰকাৰৰ সমুদায় খৰচৰ ২০ শতাংশ পঞ্চায়তৰ জৰিয়তে ব্যয় কৰাৰ সিদ্ধান্তটো এক উৎকৃষ্ট ধাৰণা। এই পদক্ষেপে পঞ্চায়তসমূহৰ বিত্তীয় দুৰৱস্থা লাঘৱ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ কর্তৃত্বাধীন এলেকাত উন্নত সেৱা আগবঢ়াবলৈ সক্ষম হ’ব। ই স্থানীয় চৰকাৰক শক্তিশালী কৰিব।

(গ) গাঁৱত এখন স্কুল স্থাপনৰ বাবে এখন গাঁও পঞ্চায়তে আৰ্থিক সাহায্য বিচাৰিছিল, কিন্তু চৰকাৰী বিষয়াই প্ৰস্তাৱটো অগ্রাহ্য কৰি কৈছিল যে এই ধন আন কিছুমান আঁচনিৰ বাবেহে আবণ্টন দিয়া হ’ব আৰু ইয়াক বেলেগে খৰছ কৰিব নোৱাৰিব।

উত্তৰঃ গাঁৱৰ স্কুল নিৰ্মাণৰ বাবে আৱশ্যকীয় ধনৰাশি অনুমোদন নকৰিবলৈ চৰকাৰী বিষয়াই লোৱা এই সিদ্ধান্তটোৱে পঞ্চায়তীৰাজ ব্যৱস্থাটোক নিশকতীয়া কৰিব। বিভিন্ন উন্নয়নমূলক কাম নিৰ্দিষ্টভাৱে সম্পন্ন কৰাত পঞ্চায়তসমূহক সহায় কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য।

(ঘ) চৰকাৰে দূংগাৰপুৰ (Dungarpur) গাঁৱক দুটা ভাগত ভাগ কৰি এটা ভাগক যমুনা আৰু আনটো ভাগক চহানা (Sohana) গাঁৱৰ লগত চামিল কৰি দিছিল। এতিয়া দুংগাৰপুৰ গাঁৱৰ অস্তিত্ব চৰকাৰী বহীত নাই।

উত্তৰঃ ডাঙৰ গাঁওসমূহক সৰু সৰু গাঁৱলৈ বিভাজিত কৰা পদক্ষেপে পঞ্চায়তীৰাজ ব্যৱস্থাক দুৰ্বল নকৰে। নতুন গাঁও সৃষ্টি কৰাৰ ক্ষেত্ৰত বা গাঁওসমূহৰ সীমা পুনঃনিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিকাৰ আছে। অৱশ্যে, যিখন গাঁও পঞ্চায়তৰ অধীনত দুংগাৰপুৰ গাঁও অন্তৰ্ভুক্ত আছিল, সেইখন গাঁও পঞ্চায়তৰ পৰামৰ্শক্ৰমে এয়া কৰাটো উচিত আছিল।

(ঙ) এখন গাঁও পঞ্চায়তৰ দৃষ্টিগোচৰ হ’ল যে তেওঁলোকৰ অঞ্চলৰ পানীৰ নিজৰাবিলাক দ্রুতগতি শুকাই আছে। সেয়ে তেওঁলোকে গাঁৱৰ ডেকাসকলক স্থানীয় চৰকাৰ সমবেত কৰি স্বেচ্ছামূলক কামৰ জৰিয়তে গাঁৱৰ পুৰণি পুখুৰী আৰু নাদবিলাক সজীৱ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

উত্তৰঃ পুখুৰী, কুঁৱা আদি পানীৰ উৎসৰ তত্ত্বাৱধান লোৱাটো গাঁও পঞ্চায়তসমূহৰ এক অন্যতম গুৰুত্বপূৰ্ণ কৰ্তব্য। এই সন্দৰ্ভত গাঁও পঞ্চায়তে গাঁৱৰ ডেকাসকলক স্বেচ্ছামূলক কাম-কাজত নিয়োজিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত শলাগিবলগীয়া। ই নিশ্চিতভাৱে পঞ্চায়তীৰাজ ব্যৱস্থাটোক সবল কৰিব।

২। ধৰা হ’ল তোমাক এখন ৰাজ্যৰ স্থানীয় চৰকাৰৰ আঁচনি এখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হ’ল। গাঁও পঞ্চায়তক স্থানীয় প্ৰশাসনৰ এটা গোট হিচাপে কাৰ্য্য সম্পাদন কৰিবলৈ তুমি কি কি ক্ষমতা দিবা? পাঁচটা ক্ষমতা উল্লেখ কৰা আৰু এই ক্ষমতাবোৰ দিয়াৰ বাবে প্ৰতিটোৰে দুটাকৈ বাক্যত তোমাৰ উপযুক্ত কাৰণ দৰ্শোৱা।

উত্তৰঃ যদিহে মোক স্থানীয় চৰকাৰৰ আঁচনি এখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হয়, তেন্তে মই গাঁও পঞ্চায়তক নিম্নলিখিত ক্ষমতাসমূহ প্ৰদান কৰিম:

ক্ষমতা

কাৰণ

(ক) খোৱা পানী আৰু বিদ্যুৎ যোগান নিশ্চিত কৰা।

বৰ্তমান মানুহে পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী আৰু বিদ্যুৎ অবিহনে জীৱন যাপন কৰিব নোৱাৰে। এই দুয়োটা মানৱ সমাজৰ অতি গুৰুত্বপূৰ্ণ আৱশ্যকতাত পৰিণত হৈছে।

(খ) পুৰুষ আৰু মহিলাৰ বাবে পৃথক ৰাজহুৱা শৌচালয়ৰ নিৰ্মাণ।

ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহ অস্বাস্থ্যকৰ পৰিৱেশ আৰু অনুন্নত জনস্বাস্থ্যৰ বাবে পৰিচিত। উপযুক্ত শৌচালয়ৰ ব্যৱস্থা কৰাৰ জৰিয়তে এই অসুবিধাটো সহজে দূৰ কৰিব পাৰি।

(গ) গাঁৱৰ বাট-পথৰ নিৰ্মাণ আৰু মেৰামতি।

ব্যৱসায়, পৰিবহণ আৰু যোগাযোগৰ বাবে বাট-পথসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। উপযুক্ত বাট-পথৰ অবিহনে কোনো অঞ্চলৰ উন্নয়ন সাধন হ’ব নোৱাৰে।

(ঘ) জন্ম-মৃত্যুৰ তথ্য তদাৰক আৰু পঞ্জীয়ন।

এয়া গাঁও পঞ্চায়তসমূহৰ এক প্ৰাথমিক কৰ্তব্য। বিভিন্ন প্ৰকাৰৰ প্ৰমাণ পত্ৰ আৰু চৰকাৰী অনুদান লাভৰ বাবে এই তথ্যসমূহ অতি আৱশ্যকীয়।

(ঙ) অঞ্চলটোত প্ৰাথমিক শিক্ষাৰ মানদণ্ডৰ উত্তৰণ।

শিক্ষা হৈছে উন্নতিৰ মূল চাবিকাঠি। সেয়েহে সংশ্লিষ্ট অঞ্চলত শিক্ষাৰ উত্তৰণৰ বাবে গাঁওসভাই যাবতীয় পদক্ষেপ গ্ৰহণ কৰা উচিত।

৩। ৭৩ নং সংশোধনীত সামাজিকভাবে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ কি কি ব্যবস্থা আছে? এই ব্যৱস্থাবোৰে কেনেদৰে গাঁও পঞ্চায়তৰ নেতৃত্বৰ আকৃতি সলনি কৰিছে?

উত্তৰঃ ১৯৯৩ চনত সংসদে ৭৩ তম সংবিধান সংশোধনী আইন প্ৰৱৰ্তন কৰে। এই আইনে তিনি খলপীয়া স্থানীয় প্ৰশাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে, যাক পঞ্চায়তীৰাজ ব্যৱস্থা হিচাপে জনা যায়। ইয়াৰ অন্তৰ্গত তিনি খলপীয়া স্থানীয় প্ৰশাসন প্ৰতিষ্ঠা কৰা হয়—গাঁও পৰ্যায়ত গাঁও পঞ্চায়ত, ব্লক পৰ্যায়ত পঞ্চায়ত সমিতি আৰু জিলা পৰ্যায়ত জিলা পৰিষদ। এই আইনৰ এটা উল্লেখনীয় বৈশিষ্ট্য এয়ে যে ই তিনিওটা পৰ্যায়তে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰে।

বাধ্যতামূলক সংৰক্ষণ ব্যৱস্থাই সমাজৰ অনগ্ৰসৰ শ্ৰেণীৰ লোক, যেনে SC, ST আৰু OBC শ্ৰেণীৰ লোকসকলক যথেষ্টভাৱে উপকৃত কৰিছিল। এই লোকসকলে পূৰ্বতে প্ৰশাসনীয় নিকায়সমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত খুব কমেইহে সুযোগ লাভ কৰিছিল। আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত এই সম্প্ৰদায়ৰ সদস্যসকলে চৰকাৰী নিকায়সমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত তেওঁলোকে সামাজিকভাবে সংহত হয় আৰু তেওঁলোকৰ কিছুমানে গাঁও পঞ্চায়তৰ মুৰব্বীও হয়। এই সকলোবোৰে গাঁও পৰ্যায়ত নেতৃত্বৰ প্ৰকৃতিৰ এক মৌলিক পৰিৱৰ্তন সাধন কৰে।

৪। স্থানীয় চৰকাৰৰ ৭৩ নং সংশোধনীৰ আগৰ আৰু পিছৰ প্ৰধান পাৰ্থক্যবোৰ কি কি? ১৯৯৩ চনৰ ৭৩ তম সংবিধান সংশোধনী আইন প্রণয়নৰ আগতেও ভাৰতত স্থানীয়।

উত্তৰঃ ১৯৯৩ চনৰ ৭৩ তম সংবিধান সংশোধনী আইন প্ৰণয়নৰ আগতেও ভাৰতত স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰচলন আছিল। নতুন আইনখনে প্রচলিত ব্যৱস্থাত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰে। পূৰ্বৰ স্থানীয় চৰকাৰ আৰু বৰ্তমানৰ স্থানীয় চৰকাৰৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে:

​(ক) সাংবিধানিক মৰ্যাদা: পূৰ্বৰ স্থানীয় চৰকাৰৰ সাংবিধানিক ভিত্তি নাছিল। কিন্তু নতুন আইনে ইয়াক সাংবিধানিক ভিত্তি প্ৰদান কৰে।

​(খ) গঠনৰ বাধ্যবাধকতা: পূৰ্বতে ৰাজ্য চৰকাৰে স্থানীয় স্বায়ত্তশাসনৰ গোট প্ৰতিষ্ঠা কৰাটো বাধ্যতামূলক নাছিল। নতুন আইনে গাঁও, ব্লক আৰু জিলা পৰ্যায়ত স্থানীয় প্ৰশাসনৰ গোট প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰক বাধ্য কৰিছে।

​(গ) আসন সংৰক্ষণ: পূৰ্বৰ ব্যৱস্থাৰ অন্তৰ্গত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আসন সংৰক্ষণ কৰা হোৱা নাছিল। নতুন আইনখনে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু মহিলাৰ বাবে সংৰক্ষণ কৰিবলগীয়া আসনৰ সংখ্যা বিশেষভাবে উল্লেখ কৰিছে।

​(ঘ) সদস্য হ’বলৈ বয়স: ৭৩ তম সংশোধনী আইনৰ আগতে গাঁও পঞ্চায়তৰ সদস্য হ’বলৈ বিচৰা প্ৰাৰ্থীৰ নিম্নতম বয়স ২৫ বছৰ ধাৰ্য কৰা হৈছিল। নতুন আইনে এই বয়স ২১ বছৰলৈ হ্ৰাস কৰে।

​(ঙ) ক্ষমতাৰ বিতৰণ: নতুন আইনখনে স্থানীয় নিকায়সমূহক পূৰ্বৰ আইনখনে দিয়া ক্ষমতাতকৈ অধিক ক্ষমতা প্ৰদান কৰিছে, যাতে তেওঁলোকে স্বায়ত্তশাসন অধিক ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰে।

৫।তলৰ কথোপকথনটো পঢ়া- এই কথোপকথনত উদয় হোৱা বিচার্য বিষয়সমূহৰ ওপৰত তোমাৰ মতামত ২০০ টা শব্দৰ ভিতৰত লিখা-

অলক : আমাৰ সংবিধানে পুৰুষ আৰু মহিলাৰ মাজত সমতা প্রদান কৰিছে। স্থানীয় গোটৰ মহিলাৰ বাবে সংৰক্ষণে ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকক সমতা প্রদান কৰিছে।

নেহা : মহিলাসকল ক্ষমতাত থকা উচিত। কিন্তু ই যথেষ্ট নহয়। স্থানীয় প্রশাসনৰ বাজেটত মহিলাৰ বাবে তেতিয়া মহিলাৰ যত্ন আৰু স্বার্থ স্বতঃস্ফূর্তভাৱে লোৱা হ’ব।

জয়েচ: মই সংৰক্ষণ ব্যৱসায়টো ভাল নাপাওঁ। স্থানীয় গোটবোৰে গাঁৱৰ সকলো লোকৰ যত্ন ল’বই লাগিব আৰু ইয়ে আপোনা-আপুনি মহিলা আৰু তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি যত্ন ল’ব।

উত্তৰঃ গণতান্ত্ৰিক ব্যৱস্থাত নাৰী-পুৰুষৰ মাজত থকা সমতাৰ বিষয়টো অলক, নেহা আৰু জয়েচৰ আলোচনাৰ জৰিয়তে পৰিস্ফুট হৈছে। স্বাধীনতা পোৱাৰ পিছতো ভাৰতীয় সমাজত নাৰীৰ ওপৰত শোষণ, তেওঁলোকক আবদ্ধ কৰি ৰখা, শিক্ষাৰ পৰা বঞ্চিত কৰা, বাল্য বিবাহ দিয়া আদি কাৰ্য চলি আছিল। সেইবাবেই সংবিধান প্ৰণেতাসকলে লিংগভিত্তিক সমতা সুনিশ্চিত কৰিবলৈ পৰ্যাপ্ত পদক্ষেপসমূহ অন্তর্ভুক্ত কৰিছে। সংবিধানৰ ১৫ নং অনুচ্ছেদে স্পষ্ট কৰিছে যে ৰাষ্ট্ৰই ধৰ্ম, জাতি, লিংগ, জন্মস্থান আদিৰ ভিত্তিত কোনো নাগৰিকৰ প্ৰতি বৈষম্যমূলক আচৰণ নকৰিব। একেদৰে, ৩৯ নং অনুচ্ছেদে ৰাষ্ট্ৰক সকলো নাগৰিকৰ বাবে পর্যাপ্ত জীৱন ধাৰণৰ অধিকাৰ নিশ্চিত কৰিবলৈ আৰু পুৰুষ-মহিলা উভয়কে সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰিবলৈ পোষকতা কৰিছে। এইদৰে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নাৰী আৰু পুৰুষৰ সমতাৰ নিশ্চয়তা দিছে। ইয়াৰ ফলস্বৰূপে, ১৮ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন প্ৰাপ্তবয়স্ক ভাৰতীয় নাগৰিকক, লিংগ নিৰ্বিশেষে, ভোটাধিকাৰ প্ৰদান কৰা হৈছে। কিন্তু মন কৰিবলগীয়া যে ইমান প্ৰয়াস কৰাৰ পিছতো মহিলাৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। তেওঁলোক এতিয়াও শোষণৰ বলি হৈ আছে আৰু তেওঁলোকক পাকঘৰ বা ঘৰুৱা কামত দীঘলীয়া সময় ধৰি জড়িত থাকিবলৈ বাধ্য কৰা হৈছে। অতি কম সংখ্যক মহিলাইহে ৰাজনীতিত যোগদান কৰিছে, মহিলা সাংসদৰ সংখ্যা এতিয়াও ১০ শতাংশতকৈ কম। সেয়েহে, শিক্ষা, নিযুক্তি, ৰাজনীতি আৰু বিধানমণ্ডলত মহিলাৰ বাবে আসন সংৰক্ষণে তেওঁলোকৰ সবলীকৰণ নিশ্চিত কৰিব। গতিকে, স্থানীয় নিকায়সমূহত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা ভাৰতীয় মহিলাৰ ভাগ্য উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছে।

​৬। ৭৩ নং সংশোধনীৰ অনুবন্ধসমূহ পঢ়া। তলত উল্লেখ কৰা কি কি বিষয়ত এই সংশোধনীয়ে উপস্থাপন কৰিছে?

(ক) স্থান বা গাদী হেৰুওৱাৰ ভয়ত প্রতিনিধিসকলে জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।

(খ) উচ্চ জাতি আৰু জমিদাৰসকলে স্থানীয় গোটবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।

(গ) গ্রাম্য নিৰক্ষৰতা বহুত বেছি। নিৰক্ষৰ লোকে গাঁও অঞ্চলৰ উন্নয়নৰ বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে।

(ঘ) গাঁও উন্নয়নৰ কৃতকাৰ্যতাৰ কাৰণে আঁচনি প্রস্তুত কৰিবলৈ গাঁও পঞ্চায়তক সম্পদ আৰু ক্ষমতাৰ প্ৰয়োজন।

উত্তৰঃ ৭৩-তম সাংবিধানিক সংশোধনীয়ে তলৰ বিষয়টোক সামৰি লৈছে:

(ঘ) গাঁও উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ গাঁও পঞ্চায়তসমূহক সম্পদ আৰু ক্ষমতাৰ প্ৰয়োজন।

বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ এটা মুখ্য দুর্বলতা হৈছে এই ব্যৱস্থাৰ অধীনত থকা গাওঁসমূহত বিভিন্ন উন্নয়নমূলক কাৰ্য সম্পাদন কৰিবলৈ পৰ্যাপ্ত পুঁজিৰ অভাৱ। অনুদান আৰু আন বিত্তীয় প্ৰয়োজনীয়তাৰ বাবে তেওঁলোকে ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। স্থানীয়ভাৱে সংগ্ৰহ কৰা পথ-কৰ, ৰাজকৰ আদিয়ে অধিক সম্পদৰ যোগান নধৰে। এই আইনৰ ব্যৱস্থা অনুসৰি ৰাজ্যিক বিত্ত আয়োগে স্থানীয় প্ৰশাসনৰ গোটসমূহক পৰ্যাপ্ত পৰিমাণে বিত্ত যোগান ধৰিবলৈ পদক্ষেপ ল’ব। এই ব্যৱস্থাই অপর্যাপ্ত পুঁজিৰ সমস্যাটো যথেষ্ট হ্ৰাস কৰিছে। ইয়াৰ অৰ্থ হৈছে যে স্থানীয় প্রশাসনীয় গোটসমূহ ৰাজ্যৰ শাসকীয় দলৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। স্থানীয় প্ৰশাসনৰ গোটসমূহক প্ৰয়োজনীয় বিত্ত ৰাজ্যিক বিত্ত আয়োগে যোগান ধৰে, য’ত ৰাজনৈতিক বিবেচনাৰ প্ৰভাৱ নাথাকে।

​৭। স্থানীয় চৰকাৰৰ সমৰ্থনত তলত বিভিন্ন যুক্তি দিয়া হৈছে। সিবিলাকক শ্রেণীবদ্ধ কৰা আৰু ব্যাখ্যা কৰা। এটা বিশেষ যুক্তি আনবোৰৰ তুলনাত কিয় তাৎপর্যপূর্ণ? তোমাৰ মতে এই যুক্তি আৰু সিদ্ধান্তবোৰৰ কোনটোৰ ওপৰত ভাগোবাচল গাঁৱৰ গাঁও পঞ্চায়ত প্রতিষ্ঠিত? কেনেকৈ?

(ক) স্থানীয় জনসাধাৰণৰ লগত সহযোগ কৰি চৰকাৰে প্ৰকল্পবোৰ কম খৰচত সম্পাদন কৰিব পাৰে।

(খ) চৰকাৰী বিষয়াই প্রস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাবোৰতকৈ বেচি গ্রহণযোগঞ্জ।

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্যাবিলাকৰ সম্পৰ্কে ভালদৰে জানে আৰু সেই মতে অগ্রাধিকাৰ দিয়ে। সামুহিক অংশগ্রহণেৰে তেওঁলোকে আলাপ-আলোচনা কৰি তেওঁলোকৰ জীৱন-ধাৰণৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত।

(ঘ) কেন্দ্রীয় বা ৰাজ্যিক বিধানমণ্ডলৰ প্রতিনিধিসকলক যোগযোগ কৰাটো জনসাধাৰণৰ বাবে বৰ জটিল কাম।

উত্তৰঃ মোৰ ধাৰণা মতে যুক্তিসমূহৰ প্ৰাসংগিকতাৰ ক্ৰম নিম্নোক্ত ধৰণৰ হোৱা উচিত:

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্যাবিলাকৰ বিষয়ে ভালদৰে জানে আৰু সেই অনুসৰি আগতীয়া কামৰ তালিকা প্ৰস্তুত কৰে। সামূহিক অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকে আলোচনা কৰি তেওঁলোকৰ জীৱন ধাৰণৰ বিষয়ে সিদ্ধান্ত লোৱাটো উচিত।

(খ) এই পৰিকল্পনাসমূহ চৰকাৰী বিষয়াসকলে প্ৰস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাসমূহৰ তুলনাত অধিক গ্রহণযোগ্য।

(ক) স্থানীয় জনসাধাৰণৰ সহযোগত চৰকাৰে প্ৰকল্পসমূহ কম খৰচতে সম্পাদন কৰিব পাৰে।

(ঘ) কেন্দ্রীয় বা ৰাজ্যিক বিধানমণ্ডলৰ প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ স্থাপন কৰাটো জনসাধাৰণৰ বাবে বৰ কঠিন কাম।

উপৰোক্ত বিকল্পসমূহৰ ভিতৰত ভাগোবাচল গাঁৱৰ গাঁও পঞ্চায়তে সৰ্বাধিক গুৰুত্বপূৰ্ণ যুক্তি হিচাপে নিম্নোক্ত যুক্তিটো বাছি ল’ব:

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্যাবিলাকৰ সম্পৰ্কে ভালদৰে জানে আৰু সেই মতে অগ্রাধিকাৰ দিয়ে। সামুহিক অংশগ্রহণেৰে তেওঁলোকে আলাপ-আলোচনা কৰি তেওঁলোকৰ জীৱন-ধাৰণৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত।

​৮। তোমাৰ মতে তলত কোনবোৰ বিকেন্দ্ৰীকৰণৰ লগত জড়িত? আনবোৰ বিকেন্দ্ৰীকৰণৰ বাবে কিয় উপযুক্ত নহয়?

(ক) গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা।

(খ) গাঁৱৰ বাবে কি আঁচনি আৰু কাৰ্যসূচী প্রয়োজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লোৱা।

(গ) গাঁও সভাৰ মিটিং বা সভা আহ্বান কৰা।

(ঘ) ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লোৱা।

উত্তৰঃ তলত দিয়াকেইটা বিকেন্দ্ৰীকৰণৰ লগত জড়িত:

(ক) গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা: ইয়াৰ জৰিয়তে মানুহে গাঁও পঞ্চায়তৰ মুৰব্বীক বাছি ল’বলৈ সক্ষম হয়। এইটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ এক স্পষ্ট ইংগিত।

(খ) গাঁৱৰ বাবে কি আঁচনি আৰু কাৰ্যসূচী প্ৰয়োজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লোৱা: এইটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লক্ষণ। যেতিয়া জনসাধাৰণে কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, তেন্তে এয়া তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ এটা অংশ।

(গ) গাঁওসভাৰ মিটিং বা সভা আহ্বান কৰা: গাঁওসভা হৈছে এখন গাঁৱৰ আটাইবোৰ প্ৰাপ্তবয়স্ক ভোটাধিকাৰী সদস্যৰে গঠিত সাধাৰণ সংস্থা। গাঁওসভাৰ কাৰ্যনিৰ্বাহক অংগটোক গাঁও পঞ্চায়ত বুলি কোৱা হয়। গাঁও পঞ্চায়তৰ ক্ষমতাৰ পৰিসৰে বিকেন্দ্ৰীকৰণৰ ক্ষমতা প্ৰকাশ কৰে।

(ঘ) ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লোৱা: এইটোও বিকেন্দ্ৰীকৰণৰ ইংগিত। ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা তথ্য লোৱাটোৱে দেখুৱাইছে যে গাঁও পঞ্চায়ত চৰকাৰী প্ৰশাসনৰ যন্ত্ৰৰ এটা অংশ। এইটো নিশ্চিতভাৱে বিকেন্দ্ৰীকৰণৰ ফল।

​৯। দিল্লী বিশ্ববিদ্যালয়ৰ এজন ছাত্র বাঘৰেন্দ্ৰ পাৰপানাই প্রাথমিক শিক্ষাৰ বিষয়ে সিদ্ধান্ত গ্রহণত বিকেন্দ্ৰীকৰণৰ বিষয়ে অধ্যয়ন কৰিৰ বিচাৰিছিল। তেওঁ গাঁওবাসীক কিছুমান প্রশ্ন সুধিছিল। এই প্রশ্নৰোৰ তলত দিয়া হ’ল। যদি তুমি এই গাঁওবাসীৰ মাজেৰে এজন তেন্তে তুমি এই পতিটো প্ৰশ্নৰ উত্তৰ কি দিলাহেঁতেন?

গাঁওসভাৰ এখন মিটিং আহ্বান কৰি গাঁৱৰ প্ৰতিটো ল’ৰা-ছোৱালী স্কুললৈ যোৱাৰ ক্ষেত্ৰত কি ব্যবস্থা গ্রহণ কৰিলা হয়?

(ক) মিটিঙৰ বাবে কোনটো দিন সুবিধাজনক হ’ব পাৰে তুমি কেনেদৰে ভাবিবা? তোমাৰ পছন্দ মতে কোন এই মিটিঙত উপস্থিত থাকিবলৈ সমর্থ হ’ব/নহ’ব সেই বিষয়ে ভাবা।

(ক) খণ্ড উন্নয়ন বিষয়া বা জিলা উপায়ুক্তই নির্দিষ্ট কৰা দিন।

(খ) গাঁৱৰ বজাৰ হোৱা দিনটো।

(গ) ৰবিবাৰ।

(ঘ) নাগ পঞ্চমী/দোমাহী।

(খ) সভা বা মিটিং অনুষ্ঠিত হোৱাৰ উপযুক্ত স্থান কি? কিয়?

(ক) জিলা উপায়ুক্তই নির্দিষ্ট কৰা স্থান।

(খ) গাঁৱৰ ধৰ্মীয় স্থান।

(গ) দলিত মহল।

(ঘ) উচ্চ জাতিৰ ঘৰত (Tola)।

(ঙ) গাঁৱৰ বিদ্যালয়ত।

(গ) গাঁওসভাৰ মিটিঙত প্রথমে জিলা উপায়ুক্তই পঠোৱা জাননী এখন পঢ়া হৈছিল। ইয়াত এটা শিক্ষামূলক সমদল আহ্বান কৰিবলৈ কি উপযুক্ত প্রচেষ্টা লোৱা উচিত আৰু ইয়াৰ বাবে কি পথ লোৱা উচিত তাৰে পৰামৰ্শ দিয়া হৈছিল। কিন্তু মিটিং বা সভাত কোনোদিনে স্কুললৈ নহা শিশুসকলৰ বিষয়ে বা ছোৱালী শিক্ষাৰ বিষয়ে বা বিদ্যালয় ভৱনৰ বিষয়ে আৰু বিদ্যালয় বহাৰ সময়ৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। মিটিংখন ববিবাবে অনুষ্ঠিত হোৱা বাবে কোনো মহিলা শিক্ষয়িত্রী উপস্থিত থকা নাছিল।

জনসাধাৰণৰ অংশগ্ৰহণৰ উদাহৰণৰ হিচাপে এই কাৰ্য বিৰেণীৰ পৰা কি বুজিলা?

(ঘ) তোমাৰ শ্ৰেণীটো গাঁওসভা বুলি ভাবি লোৱা। সভাৰ কাৰ্যসূচী আলোচনা কৰা আৰু লক্ষ্যত উপনীত হ’বলৈ কিছুমান পদক্ষেপৰ পৰামর্শ আগবঢ়োরা।

উত্তৰঃ

(ক) মোৰ মতে সভাখনৰ বাবে ৰবিবাৰৰ দিনটোৱেই আটাইতকৈ সুবিধাজনক হ’ব, কাৰণ এই দিনটোত বেছিভাগ মানুহেই নিজৰ পেছা বা কৰ্মৰ পৰা মুক্ত থাকে। খণ্ড উন্নয়ন বিষয়া বা জিলা উপায়ুক্তই নিৰ্দিষ্ট কৰা দিনটো লোকসকলৰ বাবে সুবিধাজনক নহ’বও পাৰে, কিয়নো বহুতো লোক সপ্তাহৰ অন্যান্য দিনসমূহত বিভিন্ন কৰ্মত জড়িত হৈ থাকে। নাগ পঞ্চমী/দোমাহীৰ দৰে উৎসৱৰ দিনো মানুহৰ বাবে উপযুক্ত নহ’ব পাৰে।

(খ) মোৰ মতে গাঁৱৰ বিদ্যালয়খনেই সভা বা মিটিং অনুষ্ঠিত হোৱাৰ বাবে উপযুক্ত স্থান হ’ব। ধৰ্মীয় স্থান বা দলিত মহল অথবা উচ্চ জাতিৰ ঘৰ (টোলা) সকলো শ্ৰেণীৰ লোকৰ বাবে সমানে উপযোগী নহ’বও পাৰে। জিলা উপায়ুক্তই নিৰ্দিষ্ট কৰা স্থানো উপৰোক্ত কাৰণতে উপযুক্ত নহ’ব পাৰে। জিলা উপায়ুক্তই প্ৰশাসনিক সুবিধাৰ প্ৰতি গুৰুত্ব দিব পাৰে, যাৰ ফলত সেই স্থান গাঁওবাসীৰ বাবে সুবিধাজনক নহ’ব পাৰে।

(গ) মই ভাবো যে জিলা উপায়ুক্তই পঠোৱা জাননী আলোচনা কৰিবলৈ গাঁওসভাই অনুষ্ঠিত কৰা এই সভাটোক প্ৰকৃত গাঁওসভাৰ মিটিং বুলি ক’ব নোৱাৰি, কাৰণ ইয়াত সকলো শ্ৰেণীৰ লোকে অংশগ্রহণ কৰা নাছিল। শিক্ষাসম্পৰ্কীয় বিষয়ৰ ওপৰত সভাখন অনুষ্ঠিত হৈছিল যদিও উক্ত সভাত কোনো মহিলা শিক্ষয়িত্ৰী উপস্থিত নাছিল। দ্বিতীয়তে, সভাখনে ইয়াৰ মূল বিষয়বস্তু, অৰ্থাৎ বিদ্যালয় সম্পৰ্কীয় প্ৰকৃত বিষয়সমূহৰ ওপৰত আলোচনা কৰা নাছিল।

(ঘ) যদি এই সভাখন অনুষ্ঠিত কৰা হয়, তেন্তে তলত দিয়া বিষয়সমূহৰ ওপৰত আলোচনা অনুষ্ঠিত কৰা হ’ব:

​গাঁৱৰ স্কুলৰ প্ৰয়োজনীয়তা।

​সম্ভাব্য স্থান নিৰ্ধাৰণ।

​নিৰ্মাণৰ বাবে পুঁজিৰ উৎস।

​প্ৰস্তাৱিত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বিভিন্ন কাৰ্যসূচী।

​ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠাবলৈ অভিভাৱকসকলক কেনেকৈ উৎসাহিত কৰিব লাগিব।

​গাঁও পঞ্চায়তৰ মুৰব্বীৰ দ্বাৰা সামৰণি ভাষণ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
এঘাৰ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান – অধ্যায় ৮ স্থানীয় চৰকাৰ সঘনাই সোধা প্ৰশ্ন
স্থানীয় চৰকাৰ কি?
স্থানীয় চৰকাৰ হৈছে ৰাজ্যৰ তলৰ পৰ্যায়ত থকা চৰকাৰী সংস্থা, যিয়ে স্থানীয় জ্‌নসাধাৰণৰ উন্নয়ন আৰু পৰিচালনাৰ দায়িত্ব লয়।
পঞ্চায়তী ৰাজ কি?
পঞ্চায়তী ৰাজ গ্ৰামাঞ্চলৰ স্থানীয় শাসন ব্যবস্থা, যি গ্ৰাম পঞ্চায়ত, বনভূমি আৰু গাঁওসমূহত শাসনৰ দায়িত্ব লয়।
৭৩ এবং ৭৪ তম সংবিধান সংশোধনী কেনেকৈ স্থানীয় চৰকাৰক শক্তিশালী কৰে?
এই সংশোধনীগুলিয়ে স্থানীয় চৰকাৰক সাংবিধানিক স্বীকৃতি দিয়ে আৰু তৃণমূল স্বায়ত্তশাসন বৃদ্ধি কৰে।
স্থানীয় চৰকাৰৰ কাৰ্য কি কি?
স্থানীয় উন্নয়ন, জনস্বাস্থ্য, শিক্ষা, পৰিৱেশ, পৰিচ্ছন্নতা আৰু স্থানীয় আইন-কানুন প্ৰস্তুত কৰা অন্যতম কাৰ্য।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top