দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ১২ – জনতাৰ আহ্বান (প্রবন্ধ) ৰ সম্পূৰ্ণ ব্যাখ্যা আৰু প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 12 – জনতাৰ আহ্বানৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ দ্বাদশতম অধ্যায় হ’ল – **জনতাৰ আহ্বান (Janatar Ahban)**। এই প্ৰবন্ধটোৱে **গণতান্ত্ৰিক দেশত জনসাধাৰণৰ ভূমিকা, দায়িত্ববোধ আৰু সামূহিক শক্তিৰ** বিষয়ে আলোকপাত কৰে। লেখকে সমাজৰ প্ৰতিজন নাগৰিকক নিজৰ দেশ আৰু সমাজৰ উন্নতিৰ বাবে **সক্ৰিয় অংশগ্ৰহণৰ** বাবে আহ্বান জনাইছে। বৰ্তমান সময়ৰ প্রেক্ষাপটত এই পাঠটোৰ **সামাজিক আৰু ৰাজনৈতিক তাৎপৰ্য** অতি গভীৰ। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষকৈ **দীঘলীয়া বিশ্লেষণমূলক প্ৰশ্নৰ** বাবে অত্যন্ত জৰুৰী।
At Ospin Academy, we provide comprehensive and analytical solutions that explain the socio-political significance of ‘Janatar Ahban’. Our material includes **point-wise Assamese explanations** to help students understand the author’s argument for citizen responsibility and social progress. You can effectively prepare for the **5-mark essay-type questions** that test your critical understanding of the role of the public in nation-building for the AHSEC Board Exam 2025. Master the concept of active citizenship with our expert solutions.
✅ কি শিকিব (What You Will Learn):
- **গণতন্ত্ৰত জনসাধাৰণৰ কৰ্তব্য** আৰু ক্ষমতা।
- **সামাজিক দায়বদ্ধতা** আৰু **দেশপ্ৰেমৰ** ধাৰণা।
- প্ৰবন্ধটোৰ জৰিয়তে লেখকে জনোৱা **মূল আহ্বানৰ** বিশ্লেষণ।
- **সমাজ সংস্কাৰ** আৰু **জাতীয় উন্নয়নত** জনতাৰ ভূমিকা।
- AHSEC Board Exam 2025 ৰ বাবে **Argumentative and Value-based Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **জনতাৰ আহ্বান** প্ৰবন্ধৰ সকলো প্ৰশ্নৰ সহজ আৰু বিশ্লেষণাত্মক উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on **Social Responsibility and Key Public Duties** for higher marks.
- Chapter 12 Solutions in a downloadable **PDF format**.
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজনৈতিক আৰু সামাজিক পাঠৰ গুৰুত্বপূৰ্ণ বিশ্লেষণ।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
জনতাৰ আহ্বান
অতি চমু প্ৰশ্নোত্তৰ
১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্য সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে বিভূষিত কৰা হৈছে।
২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদৰ কবিতা পুথিখনৰ নাম হৈছে ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।
৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন নাটকৰ নাম আছিল ‘শোণিত কুঁৱৰী’।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জার্মানীলৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাই কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।
৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ প্রথম অসমীয়া বোলছবিখন হৈছে ‘জয়মতী’।
চমু প্ৰশ্নোত্তৰ
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কাব্যৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—
(ক) তেওঁৰ কবিতাসমূহত স্বদেশপ্ৰেমৰ গভীৰ মনোভাৱ, বিপ্লৱৰ চিন্তা আৰু বুৰঞ্জীৰ সৈতে একাত্মতাৰ সুন্দৰ সমন্বয় ঘটিছে।
(খ) তেওঁৰ কাব্যৰ অন্য এক প্ৰধান বিশেষত্ব হৈছে শব্দ চয়ন আৰু ভাষাৰ প্ৰকাশভংগীৰ ওজস্বিতা।
২। ‘আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ’ — ষোড়শোপচাৰ কি বুজাই লিখা।
উত্তৰঃ ষোড়শোপচাৰ বুলিলে পূজা-অৰ্চনাৰ বাবে ব্যৱহৃত ১৬ বিধ পৱিত্ৰ উপকৰণক বুজোৱা হয়। এই ১৬ বিধ উপকৰণ হৈছে— আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক; পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।
৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?
উত্তৰঃ বিশ্বৰ জনসাধাৰণৰ মাজত উদ্দীপ্ত হোৱা নৱ-চেতনাৰ অভ্যুত্থান আৰু বিপ্লৱৰ উকমুকনি দেখা পাই কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি মত প্ৰকাশ কৰিছে।
৪। ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ ‘হে মোৰ আলোক পূজাৰী প্ৰাণ’ উক্তিটোৰ জৰিয়তে কবিয়ে পৰিৱৰ্তনকামী সাধাৰণ জনতাক বুজাইছে।
মানুহে সদায় পুৰণি আৰু অন্ধকাৰাচ্ছন্ন চিন্তা-ধাৰা পৰিহাৰ কৰি নতুন চিন্তা-চেতনা আৰু আলোকৰ বাট আঁকোৱালি ল’ব লাগে। বৰ্তমানৰ মানৱে ঠিক তাকেই কৰিছে। বোকাত জন্মগ্ৰহণ কৰা সাধাৰণ জনগণে পৃথিৱীৰ সকলো অন্ধকাৰ দূৰ কৰি পোহৰৰ পথ বিচাৰি বিশ্বৰ আকাশে-বতাহে সুন্দৰৰ পোহাৰ মেলিবলৈ আগবাঢ়ি আহিছে। এনে এক পৰিৱেশত দুষ্কৃৃতিৰ বিনাশ ঘটিব, আৰু সুখ-শান্তি তথা সৌন্দৰ্যৰ সুবাসে মানৱ সমাজক সুগন্ধিময় কৰি তুলিব। জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানত পৃথিৱীৰ আকাশ-বতাহ মুখৰিত হৈ পৰিব। সেইবাবেই, ৰূপান্তৰৰ কবি জ্যোতিপ্ৰসাদে পোহৰ সন্ধানী সৰ্বসাধাৰণ জনগণক ‘আলোকৰ পূজাৰী’ হিচাপে অভিহিত কৰিছে।
৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্রসাদৰ এটি চমু পৰিচয় লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া কথাছবি উদ্যোগৰ জনক হিচাপে সুপৰিচিত।
জ্যোতিপ্ৰসাদে অতি কম বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈছিল। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে তেওঁ ইংলেণ্ডলৈ গৈছিল যদিও ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈ উভতি আহি তেওঁ বোলছবি প্ৰযোজনা আৰু পৰিচালনাৰ ওপৰত প্ৰশিক্ষণ ল’বলৈ জাৰ্মানীলৈ যায়।
জাৰ্মানীৰ পৰা প্ৰত্যাৱৰ্তন কৰি তেওঁ কোনো সা-সুবিধা নথকা সত্ত্বেও তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ-কাঠ, কলগছ আদিৰে ষ্টুডিঅ’ নিৰ্মাণ কৰি, শব্দ গ্ৰহণৰ দৰে দুঃসাহসিক কাম কৰি প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰি উলিয়ায় আৰু ১৯৩৪ চনত ‘জয়মতী’য়ে মুক্তি লাভ কৰে। তেওঁৰ এই গভীৰ প্ৰচেষ্টাৰ ফলতেই অসমীয়া বোলছবি নিৰ্মাণৰ ধাৰাটোৰ শুভ উদ্বোধন ঘটে।
ইয়াৰ পিছতে তেওঁ ১৯৩৯ চনত ‘ইন্দ্ৰমালতী’ নামৰ প্ৰথম অসমীয়া সামাজিক বোলছবিখন নিৰ্মাণ কৰিছিল।
১৯৫১ চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এইজনা মহান শিল্পীৰ অকাল মৃত্যুত অসমীয়া সাংস্কৃতিক জগতখন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়, কিয়নো আৰু কেইবছৰমান জীয়াই থকা হ’লে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ তেওঁ হয়তো আৰু বহুতো কালজয়ী অৱদান আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন।
দীঘল প্ৰশ্নোত্তৰ
১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে বিশ্বৰ জনসাধাৰণৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ জাগৰণৰ বিষয়ে বৰ্ণনা কৰিছে। কবিয়ে অনুভৱ কৰে যে বৰ্তমান বিশ্ব এক ৰূপান্তৰৰ পথত গতি কৰিছে। এই নৱ-ৰূপায়িত পৃথিৱীত আকাশে-বতাহে জনসাধাৰণৰ ঐক্যবদ্ধ আহ্বান ধ্বনিত হৈছে। সুন্দৰৰ পূজাৰ বাবে যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লোৱা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে বিকশিত হৈ পোহৰ বিলাইছে। অন্ধকাৰ নাশ কৰি পোহৰলৈ পাহি মেলি আকাশত সৌন্দৰ্য বিলাই দিবলৈ আজি জনসাধাৰণ ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুবাস বিলাই জীৱনৰ এক অভিনৱ ৰূপ সৃষ্টি কৰিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। নৱ-জীৱনৰ এই মহাজাগৰণে বৰ্তমান সময়ক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি যেন সাৰ্থক হ’বলৈ আগবাঢ়িছে, যাৰ ফলত জনতাৰ জয়, জনতন্ত্ৰৰ জয়, আৰু মহামানৱতন্ত্ৰৰ জয় ঘোষণা হৈছে। অৰ্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজে স্বাধীনতাৰ বাবে এক উদ্দীপ্ত কণ্ঠেৰে ওলাই আহিছে।
২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই সমাজৰ ৰূপান্তৰৰ বাবে বিপ্লৱত বিশ্বাস কৰিছিল। তেওঁৰ ধাৰণা আছিল যে বিপ্লৱ অবিহনে কোনো জাতিয়ে উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। সেয়েহে, তেওঁ সাধাৰণ জনতাক বিপ্লৱী হিচাপে জাগি উঠাটো বিচাৰিছিল। ‘জনতাৰ আহ্বান’ কবিতাটোত কবিৰ এই বিপ্লৱী মনোভাৱেই প্ৰকাশ পাইছে। তেওঁ সাধাৰণ জনতাক তেওঁলোকৰ আত্মশক্তিৰ বিষয়ে সোঁৱৰাই দিছে, যি শক্তিয়ে অন্ধকাৰ ভেদ কৰি পোহৰৰ সৃষ্টি কৰিব পাৰে।
৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে এনে এক জনতন্ত্ৰৰ কামনা কৰিছে যিয়ে এক ৰূপান্তৰৰ পৃথিৱী গঢ়ি তুলিব পাৰে। কবিয়ে বিপ্লৱৰ মাধ্যমেৰে হোৱা পৰিৱৰ্তনত বিশ্বাস কৰে। তেওঁ অনুভৱ কৰে যে বিপ্লৱ অবিহনে কোনো জাতিয়ে উন্নতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে, সেইবাবেই তেওঁ সাধাৰণ জনসাধাৰণক বিপ্লৱী হ’বলৈ আহ্বান জনাইছে। এই জনতাই সংহত মানৱ অভ্যুত্থানৰ দ্বাৰা পৃথিৱীক এক নতুন ৰূপত সজাই তুলিব। কবিয়ে কামনা কৰা সেই পৃথিৱীত জনতাই হ’ব সৰ্বোচ্চ শক্তি, য’ত শান্তিৰ সুবাসে চৌদিশ আমোলমোলাই থাকিব। ঠিক তেনেকুৱা এখন জনতাৰ পৃথিৱী, অৰ্থাৎ এক প্ৰকৃত জনতন্ত্ৰৰেই কবিয়ে কামনা কৰিছে।
৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে বুজাইছে যে যেতিয়া সমাজৰ দুখীয়া আৰু পীড়িত শ্ৰেণীটোৱে ধনী শ্ৰেণীৰ হাতত লাঞ্ছিত-বঞ্চিত হৈ সৰ্বহাৰা হৈ পৰে, পুঁজিপতিসকলৰ দুৰ্নীতিৰ কবলত পৰি সকলোফালে অন্ধকাৰময় দেখে, তেতিয়াই জনতাৰ মহাপ্ৰাণ জাগ্ৰত হয়। কবিয়ে কৈছে যে আলোকসন্ধানী জনতাই দুষ্কৃৃতিৰ বিনাশ ঘটাই সুখ-শান্তি আৰু সৌন্দৰ্যৰ সুৰভিৰে ভৰা এখন ৰূপান্তৰৰ পৃথিৱী গঢ়ি তুলিবলৈ এক সংহত অভ্যুত্থানৰ বাবে সাজু হৈছে, যাৰ ফলত জনগণৰ অন্তৰত নতুন চিন্তা-চেতনাৰ অভ্যুদয় ঘটিছে। এই জনতাই নিজৰ জীৱনক সুন্দৰ আৰু সাৰ্থক কৰাৰ বাবে আগবাঢ়িছে। পুঁজিপতি আৰু শাসক শ্ৰেণীৰ হাতৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰ কাঢ়ি ল’বলৈ তেওঁলোকে একগোট হৈ বিপ্লৱৰ বাবে উন্মুখ হৈছে। এনেদৰেই জনতাৰ মহাপ্ৰাণ জাগ্ৰত হৈছে আৰু সমাজখনৰ বৃহৎ পৰিৱৰ্তন সাধন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:—
(ক) আজি জনতাৰ পঙ্কজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ উঠি আহে
বেলিমুৱা হৈ হাঁহে।
উত্তৰঃ সংগতি: ব্যাখ্যাকৰিবলগীয়া পংক্তিকেইটা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগ: বোকাত জন্মগ্ৰহণ কৰা জনতাই তেওঁলোকৰ অন্ধকাৰাচ্ছন্ন অৱস্থাৰ পৰা মুক্তি লাভ কৰি পোহৰ বিলাই দিবলৈ অগ্ৰসৰ হোৱা কথাৰ প্ৰসংগতে কবিয়ে এই কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: পদুম ফুল বোকাৰ মাজত জন্মিলেও ইয়াৰ সুন্দৰতাই সকলোকে আকৰ্ষিত কৰে। একেদৰে, সাধাৰণ জনতা বাহিৰত নিষ্প্রভ যেন লাগিলেও তেওঁলোকৰ মনত যেতিয়া বৈপ্লৱিক চেতনাৰ জাগৰণ হয়, তেতিয়া তেওঁলোকে সমগ্ৰ সমাজক আলোকিত কৰিব পাৰে। সংগ্ৰামী জনতাই তেওঁলোকৰ জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰ সিঁচিবলৈ দলে-বলে ওলাই আহিছে, যেনেকৈ বোকাৰ মাজৰ পৰা পদুম ফুলি ওলায়।
এই পংক্তিকেইটাৰ জৰিয়তে কবিয়ে মানুহৰ মাজত বিয়পি পৰা এক শক্তিশালী বিপ্লৱী চেতনাৰ উত্থানৰ বিষয়ে ক’বলৈ বিচাৰিছে।
দ্বাদশ শ্ৰেণী অসমীয়া (জনতাৰ আহ্বান) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



