দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ১৩ – কাঠমিস্ত্ৰীৰ ঘৰ (গল্প) ৰ সম্পূৰ্ণ ব্যাখ্যা আৰু প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 13 – কাঠমিস্ত্ৰীৰ ঘৰ গল্পৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ ত্ৰয়োদশতম অধ্যায় হ’ল – **কাঠমিস্ত্ৰীৰ ঘৰ (The Carpenter’s House)**। এই মৰ্মস্পৰ্শী গল্পটোত এগৰাকী **কাঠমিস্ত্ৰীৰ সৰল জীৱন**, তেওঁৰ **পেশাগত দক্ষতা** আৰু **ব্যক্তিগত জীৱনৰ সংগ্ৰাম** চিত্ৰিত কৰা হৈছে। এই গল্পটোৱে সাধাৰণ মানুহৰ জীৱনৰ **বাস্তৱতা, আশা আৰু নিৰাশাৰ** এক সুন্দৰ বৰ্ণনা দাঙি ধৰে। কাঠমিস্ত্ৰীজনৰ চৰিত্ৰৰ মাজেৰে লেখকে জীৱনৰ **কৰ্ম আৰু ভাগ্যৰ** এক গভীৰ দাৰ্শনিক বাৰ্তা দিবলৈ চেষ্টা কৰিছে। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষকৈ **চৰিত্ৰ বিশ্লেষণ** আৰু **গল্পৰ মূল ভাব** সম্পৰ্কীয় প্ৰশ্নৰ বাবে অতি জৰুৰী।
At Ospin Academy, we provide comprehensive solutions that analyze the **humanitarian themes, symbolism, and character depth** of the story **’Kāṭhmiśtrīr Ghar’**. Our material covers the **protagonist’s struggles**, the **irony in his life**, and the **social message** conveyed. Students will find point-wise answers perfect for the **5-mark descriptive questions** that require psychological and narrative analysis for the AHSEC Board Exam 2025. Understand the emotional core and artistic vision of the story with our expert guide.
✅ কি শিকিব (What You Will Learn):
- **কাঠমিস্ত্ৰীৰ ঘৰ** গল্পটোৰ **মূল বিষয়বস্তু** আৰু ইয়াৰ সাহিত্যিক মূল্য।
- **মুখ্য চৰিত্ৰৰ** (কাঠমিস্ত্ৰী) মনস্তাত্ত্বিক বিশ্লেষণ আৰু তেওঁৰ সংগ্ৰাম।
- গল্পটোৰ মাজেৰে প্ৰকাশ পোৱা **জীৱনৰ বাস্তৱতা আৰু irony**।
- গল্পৰ **নামকৰণৰ সাৰ্থকতা** আৰু ইয়াৰ গভীৰতা।
- AHSEC Board Exam 2025 ৰ বাবে **Character and Theme-based Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **কাঠমিস্ত্ৰীৰ ঘৰ** গল্পৰ সকলো প্ৰশ্নৰ সহজ আৰু মৰ্মস্পৰ্শী উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on **Plot, Character Analysis, and Underlying Philosophy** for higher marks.
- Chapter 13 Solutions in a downloadable **PDF format**.
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গল্পটোৰ বিশদ আৰু আৱেগিক বিশ্লেষণ।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
কাঠ মিস্ত্ৰীৰ ঘৰ
অতি চমু প্রশ্নোত্তৰ
১। ‘কাঠমিস্ত্রী’ৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ” কবিতাটো ১৯৩৯ চনত ৰচিত হৈছিল।
২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথি হ’ল ‘অভিযান’।
৩। কবিতাটিত ‘প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰঃ কবিতাটোত ‘প্রৱাল দ্বীপৰ শৃংগৰ দৰে’ বুলি কাঠমিস্ত্ৰীৰ ঘৰৰ কথা কোৱা হৈছে।
৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?
উত্তৰঃ কবিতাটোত উল্লেখ কৰা বিশ্বশিল্পীজন হ’ল কাঠমিস্ত্রী।
৫। কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে? উত্তৰঃ কবিতাটোত কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ নিজ বাহুবলেৰে সাব্যস্ত কৰিব লাগিব বুলি কোৱা হৈছে।
চমু প্রশ্নোত্তৰ
১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।
উত্তৰঃ কবিতাটোত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ’ল — ৰাণ্ডা আৰু বটালি।
২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উত্তৰঃ নৱকান্ত বৰুৱাদেৱে ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ বিষয়ত এনেদৰে কৈছিল ‘মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ’।
৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।
উত্তৰঃ কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাব হৈছে টেবুল, চকী, আলনা, ড্ৰয়াৰ, আলমাৰি, আৰামী চকী, ঘৰ-দুৱাৰ, অট্টালিকা আদি।
৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কবিতাটোত কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কোৱা হৈছে।
৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীৰ লগতে কবিয়ে মিস্ত্রী, কঁহাৰ, কমাৰ আদিৰ দৰে শ্ৰমজীৱী শ্রমিকসকলক নিজৰ নিজৰ অধিকাৰ নিজ বাহুবলেৰে কাঢ়ি ল’বলৈ কৈছে।
দীঘল প্রশ্নোত্তৰ
১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম ১৯১০ চনত গোলাঘাটৰ কৰুণাটিং চাহ বাগিছাত হৈছিল। তেখেতৰ পিতৃ আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাতৃ আছিল নয়নতৰা। অতি কম বয়সতে পিতৃহাৰা হোৱা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ষষ্ঠ শ্ৰেণীত আনুষ্ঠানিক শিক্ষা সামৰি ঘৰুৱাভাৱে জ্ঞান আহৰণ কৰিছিল। দেশপ্ৰেমৰ প্ৰবল মনোভাৱৰ বাবে তেওঁ ১৯২৮ চনত সক্ৰিয়ভাৱে দেশৰ কামত আত্মনিয়োগ কৰে। তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰি দুবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। কৃষক আৰু বনুৱাসকলৰ স্বাৰ্থৰ হকে যুঁজ দিয়াৰ বাবে এইগৰাকী সংগ্ৰামীয়ে বহুতো অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্ৰকাশ পায়। তেওঁৰ কবিতাসমূহৰ মাজেৰে অসমীয়া কবিতাৰ প্ৰগতিবাদী ধাৰাটো অধিকভাৱে বিকশিত হৈছিল। এই কাব্যসমূহত কঠিন সমাজ জীৱনৰ বাস্তৱ চিত্ৰ স্পষ্টভাৱে প্ৰকাশ পাইছিল।
২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।
উত্তৰঃ কাঠমিস্ত্ৰীসকল হৈছে শ্ৰমৰ ওপৰত নিৰ্ভৰশীল লোক। এই শ্ৰমজীৱী কাঠমিস্ত্ৰীসকলৰ শ্ৰম আৰু দুখ-কষ্টৰ এক দুৰ্দশাগ্ৰস্ত ছবি কবিতাটোত কবিয়ে সুন্দৰ ৰূপত উপস্থাপন কৰিছে। কাঠমিস্ত্ৰীসকলে অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা কঢ়িয়াই কপালৰ ঘাম মাটিত পেলাই সমাজৰ ধনী শ্ৰেণীৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি উলিয়ায়। তেওঁলোকে আজাৰ, শাল, শিঙৰীৰ দৰে কঠিন আৰু নীৰস কাঠবোৰক ৰাণ্ডা মাৰি, হাতুৰী আৰু বটালিৰে বিভিন্ন ৰূপ প্ৰদান কৰে। দেহৰ তেজ পানী কৰি তেওঁলোকে মায়াপুৰীৰ দৰে সুউচ্চ অট্টালিকা নিৰ্মাণ কৰি দিয়ে, য’ত ধনৱন্ত লোকসকলে বাস কৰে। কিন্তু ইমানবোৰ কষ্ট কৰাৰ পিছতো তেওঁলোকৰ দৰিদ্ৰতা দূৰ নহয়। সুউচ্চ অট্টালিকা সাজি দিয়া এই মিস্ত্ৰীসকলে নিজে থাকিবলগীয়া হয় খেৰৰ জুপুৰি ঘৰত। তেওঁলোকৰ জীৱন সদায় অন্ধকাৰ আৰু অভাৱত ডুব গৈ থাকে। তেওঁলোকে নিজৰ অপাৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে।
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ—
বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল
মায়াপুৰী মানৱৰ;
কাঠ মিস্ত্ৰীৰ ঘৰ।
উত্তৰঃ সংগতি: ব্যাখ্যাকৰিবলগীয়া কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগ: কাঠ মিস্ত্ৰীৰ দৰে কৰ্মঠ শিল্পীসকলৰ কঠোৰ শ্ৰম আৰু তেওঁলোকৰ সৃষ্টিশীল জীৱনৰ প্ৰশংসা কৰাৰ প্ৰসংগতে কবিয়ে এই ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: কাঠমিস্ত্ৰীসকল হৈছে একোজন কৰ্মঠ আৰু সৃষ্টিশীল শিল্পী। কঠিন কাঠত তেওঁলোকেই যেন এক কোমল জীৱনৰ অনুভূতি সানি দিয়ে। অলপো জিৰণি নোলোৱাকৈ দিনে-ৰাতিয়ে দেহে-কেহে খাটি তেওঁলোকে কঠোৰ কাঠৰে দৈনন্দিন ব্যৱহাৰ্য সুন্দৰ সামগ্ৰীবোৰ নিৰ্মাণ কৰে। তেওঁলোকে নিজৰ দেহৰ তেজ ঢালি, কপালৰ ঘাম মাটিত পেলাই মায়াপুৰীৰ দৰে উজ্জ্বল আৰু বিশাল প্রাসাদসমূহ নিৰ্মাণ কৰি দিয়ে। এনে পৰিশ্ৰম কেৱল কাঠমিস্ত্ৰীসকলৰ দৰে শ্ৰমজীৱী লোকৰ বাবেই সম্ভৱ, যাৰ দ্বাৰা সমাজে নতুন শিল্পকৰ্মৰ সৃষ্টি লাভ কৰে।
৪। কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকলে আজাৰ, শাল, শিঙৰী আদিৰ দৰে নীৰস, কঠিন আৰু বেঁকা-বেঁকি কাঠবোৰকো ৰাণ্ডা মাৰি মসৃণ কৰি, বটালিৰে খুন্দিয়াই বিভিন্ন ধৰণৰ মনোমোহা আচবাব সাজি উলিয়ায়। তেওঁলোকৰ যাদুকৰী হাতৰ পৰশত এটুকুৰা নীৰস কঠিন কাঠেও যেন জীৱন লাভ কৰে। যিদৰে এজন শিল্পীৰ হাতৰ পৰশত শিল্পকলা প্রাণৱন্ত হৈ উঠে, ঠিক একেদৰেই কাঠমিস্ত্ৰীৰ হাতৰ স্পৰ্শতো এটুকুৰা নীৰস বেঁকা-বেঁকি কাঠে নানা আকাৰ-আকৃতি লাভ কৰি এক মনোমোহা ৰূপ পাই প্ৰাণৱন্ত হৈ পৰে। সেয়েহে, কাঠমিস্ত্ৰীকো শিল্পী বুলি অভিহিত কৰা হৈছে।
৫। কাঠমিস্ত্রীকে ধৰি শ্রমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকলকে ধৰি শ্ৰমজীৱীসকলে অসহনীয় শাৰীৰিক শ্ৰম কৰি সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী আৰু সুউচ্চ অট্টালিকা নিৰ্মাণ কৰি উলিয়ায়। কিন্তু ইয়াৰ বিপৰীতে এই শ্ৰমজীৱীসকলে সদায় অভাৱ-অনাটনত দিন কটাই থাকিবলগীয়া হয় আৰু তেওঁলোকে নিৰ্মাণ কৰি দিয়া সামগ্রীসমূহ ব্যৱহাৰ কৰি সমাজৰ ধনী শ্ৰেণীটোৱে বিলাসিতাৰ জীৱন কটায়। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমিক শ্ৰেণীৰ অৱস্থা অতি শোচনীয় হৈ পৰে, তেওঁলোকে আৰ্থিকভাৱে সদায় জুৰুলা হৈয়ে থাকি যায়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। সেয়েহে, কবিতাটোত কবিয়ে কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলৰ এই দুৰ্দশাগ্ৰস্ত জীৱনৰ পৰা মুক্তি বিচাৰি তেওঁলোকক নিজৰ বাহুবলৰ দ্বাৰা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কৈছে। কিয়নো সমাজৰ ধনী শ্ৰেণীটোৱে স্বেচ্ছাই শ্ৰমজীৱীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ কেতিয়াও প্ৰদান নকৰে; তেওঁলোকে নিজৰ শক্তিৰে এক বিপ্লৱৰ জৰিয়তেহে এই অধিকাৰ লাভ কৰিব পাৰিব।
দ্বাদশ শ্ৰেণী অসমীয়া (সাধুকথা) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



