দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ১৪ – আঘোণৰ কুঁৱলী (প্ৰবন্ধ/কবিতা) ৰ সম্পূৰ্ণ ব্যাখ্যা আৰু প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 14 – আঘোণৰ কুঁৱলী পাঠৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ চতুৰ্দশতম অধ্যায় হ’ল – **আঘোণৰ কুঁৱলী (Aghoṇor Kuṁwalī)**। এই পাঠটোৱে **আঘোণ মাহৰ সময়ছোৱাৰ অসমীয়া গ্ৰাম্য জীৱন, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোক-সংস্কৃতিক** এক আৱেগিক আৰু সুন্দৰ ৰূপত চিত্ৰিত কৰিছে। আঘোণ মাহটো অসমত ধান কটাৰ সময়, সেয়েহে ই **সমৃদ্ধি, আনন্দ আৰু কুঁৱলীৰে আৱৰা শীতৰ আৰম্ভণিৰ** প্ৰতীক। লেখকে আঘোণৰ কুঁৱলীৰ মাজেৰে দেখা পোৱা দৃশ্য আৰু আৱেগসমূহ সুন্দৰভাৱে বৰ্ণনা কৰিছে। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষকৈ **প্ৰকৃতি বৰ্ণনা আৰু ভাব-সম্প্ৰসাৰণৰ** বাবে অতি জৰুৰী।
At Ospin Academy, we provide comprehensive solutions that analyze the **rich imagery, cultural context, and emotional resonance** of the text **’Aghoṇor Kuṁwalī’**. Our material covers the **symbolism of the foggy season**, the **joy of the harvest (Dhan Kātā)**, and the poetic description of nature. Students will find point-wise answers perfect for the **5-mark descriptive questions** that require a blend of literary and cultural analysis for the AHSEC Board Exam 2025. Explore the heart of Assamese autumn with our expert guide.
✅ কি শিকিব (What You Will Learn):
- **আঘোণ মাহৰ সাংস্কৃতিক গুৰুত্ব** আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ।
- পাঠটোত **কুঁৱলী (Fog)** ৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰতীকাত্মক অৰ্থ।
- **অসমীয়া গ্ৰাম্য জীৱনৰ** চিত্ৰণ আৰু কৃষকৰ আনন্দ।
- প্ৰকৃতি বৰ্ণনাৰ ওপৰত ভিত্তি কৰি **ভাব-সম্প্ৰসাৰণ** লিখাৰ কৌশল।
- AHSEC Board Exam 2025 ৰ বাবে **Nature and Descriptive Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **আঘোণৰ কুঁৱলী** পাঠৰ সকলো প্ৰশ্নৰ সহজ আৰু আৱেগিক উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on **Natural Imagery, Cultural Terms (like Aghon), and Poetic Expression** for higher marks.
- Chapter 14 Solutions in a downloadable **PDF format**.
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি বিষয়ক পাঠৰ বিশদ আৰু মৰ্মস্পৰ্শী বিশ্লেষণ।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
আঘোণৰ কুঁৱলী
অতি চমু প্রশ্নোত্তৰ
১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভকৰিছিল?
উত্তৰঃ কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ ৰচিত এখন গীতৰ পুথি হৈছে ‘মোৰ যে কিমান হেঁপাহ’।
৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?
উত্তৰঃ ‘পছোৱা’ নামৰ আলোচনীখন সম্পাদনা কৰিছিল হেম বৰুৱাই।
৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল?
উত্তৰঃ কেশৱ মহন্তই ‘জয়ন্তী’ নামৰ আলোচনীখনত পোন প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।
৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটোত উল্লেখ থকা সেউতী হৈছে কবিৰ সোতৰ বছৰীয়া মৰমৰ প্ৰেয়সী।
চমু প্রশ্নোত্তৰ
১। ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’লঃ—
(ক) জয়ন্তী গোষ্ঠীৰ কবিসকলৰ কবিতাত পৰিস্ফুট হোৱা সাম্যবাদী ভাবধাৰাটো ইয়াৰ এটা প্রধান বৈশিষ্ট্য। সেয়েহে, এই কবিসকলক প্রগতিশীল কবি তথা তেওঁলোকৰ দ্বাৰা ৰচিত কবিতাসমূহক প্রগতিশীল কবিতা বুলি কোৱা হয়।
(খ) এই কবি-গোষ্ঠীটোৰ কবিতাসমূহত প্রধানতঃ কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকিত হোৱা দেখা যায়।
২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা আলোচনী হ’লঃ—
(ক) কমল নাৰায়ণদেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য্যৰ দ্বাৰা সম্পাদিত ‘জয়ন্তী’।
(খ) হেম বৰুৱা দেৱ সম্পাদিত ‘পছোৱা’।
(গ) ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ সম্পাদিত ‘ৰামধেনু’।
৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতা পুথি হ’ল— ‘আমাৰ পৃথিৱী’ আৰু ‘বুকুত এজাক ধুমুহা’।
৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’ — কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত কৰিছে?
উত্তৰঃ ‘আঘোণৰ পথাৰত কাম আৰু কাম।’ — উক্ত কথাফাঁকিৰে কবিয়ে আঘোণৰ পথাৰত ধান দাৱলৈ অহা দাৱনীসকলৰ ধান কটা, দাঙৰি বন্ধা আদি কামৰ বিষয়ে ইংগিত দিছে।
৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ হ’লঃ—
(ক) উকলিঃ শুভকার্যত তিৰোতাসকলে জিভা লৰাই কৰা বিশেষ শব্দ বা ধ্বনি।
(খ) ৰাগিঃ নিচা বা মাদকতা।
দীঘল প্রশ্নোত্তৰ
১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।
উত্তৰঃ কবিয়ে প্ৰেমিক মনৰ অধিকাৰী। কুঁৱলীয়ে আবৃত কৰা পুৱা এটিতো কবিৰ প্ৰেমৰ অনুভৱ লেৰেলি যোৱা নাই, বৰং পুৱাৰ সোণালী আঘোণৰ পথাৰত ধান দাবলৈ অহা দাৱনীৰ দলটোক দেখি কবিৰ প্ৰেমিক হৃদয়ৰ ব্যাকুলতাহে বাঢ়িছে।
আঘোণৰ পথাৰৰ সেই সোণবৰণীয়া ৰূপে কবিক তেওঁৰ ওঠৰ বছৰীয়া প্ৰেয়সী সেউতীলৈ গভীৰভাৱে মনত পেলাই দিছে। তাইৰ কথা মনলৈ অহাৰ লগে লগে কবি ৰোমাঞ্চিত হৈ পৰিছে আৰু এই মনোমোহা পৰিৱেশত তাইক এবাৰ চকুৰ আগত চাবলৈ অতিশয় ব্যগ্ৰ হৈ পৰিছে। সেয়েহে, আঘোণৰ পথাৰত ধান চপাবলৈ অহা জাক জাক দাৱনীৰ মাজত তেওঁৰ প্ৰেয়সী সেউতীও আছে নেকি বুলি কবিয়ে অলপ আঁতৰৰ পৰা দাৱনীসকলৰ মাজত নিজৰ প্ৰেয়সীক উৎকণ্ঠাৰে বিচাৰিবলৈ ধৰিলে। কিন্তু সেই সময়তে আঘোণৰ কুঁৱলীয়ে তেওঁৰ দৰ্শনৰ বাট ভেটি ধৰি বাৰে বাৰে আমনি কৰিছে। আঘোণৰ ঘন কুঁৱলীয়ে পথাৰখন ঢাকি ধৰাত তেওঁ তেওঁৰ প্ৰেয়সী পথাৰত আছে নে নাই সেইয়া ভালদৰে ধৰিব নোৱাৰিলে। আঘোণৰ কুঁৱলীয়ে সৃষ্টি কৰা এই আমনিৰ বাবেই তেওঁৰ মনৰ হেঁপাহ মনতে মৰহি গৈছিল।
২। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।
উত্তৰঃ অসমীয়া লোকজীৱনত আঘোণৰ পথাৰখনৰ এক সুকীয়া গুৰুত্ব আছে।
প্ৰধানকৈ কৃষিভিত্তিক অসমীয়া সমাজৰ বাবে আঘোণৰ পথাৰে আশাৰ নতুন বাট দেখুৱায়। কঠীয়া সিঁচোতে যি সপোনৰ বীজ লোকমনত অংকুৰিত হৈছিল, সেয়া আঘোণৰ পথাৰত দিঠকত পৰিণত হয়। সোণবৰণীয়া ধান চপাবলৈ সেইখন পথাৰত ভিৰ কৰে চিকণ আঙুলীৰে মুঠি মৰা হাতেৰে দাৱনীসকলে, যাৰ হাতত থকা চিকমিকীয়া কাঁচিবোৰৰ ‘কেচ্ কেচ্’ শব্দই সকলোকে আকৰ্ষিত কৰে। সেই দাৱনীসকলৰ আঘোণৰ পথাৰত কামৰ শেষ নাই। তেওঁলোকৰ খোপা বন্ধা মূৰবোৰে ওপৰলৈ চাবলৈ আজৰি নাপায়। ধান কাটি ডাঙৰি বান্ধিবলৈ তেওঁলোকৰ হাতত সময় মাত্ৰ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে। তথাপিও প্ৰাপ্তিৰ আশাত জাক জাক দাৱনীৰ ওঁঠত জিলিকি উঠে এক তেল-হালধীয়া হাঁহি। আঘোণৰ সোণালী পথাৰত সেইবোৰ যেন সোণৰ দৰে উজ্জ্বল হাঁহি।
এনে এক মন পৰশা দৃশ্য আঘোণৰ পথাৰত চাবলৈ কবিৰো অশেষ হেঁপাহ জাগিছে; কিন্তু কুঁৱলীয়ে যে তেওঁৰ পথ আগচি ধৰিছে, ফলত কবি নিৰুপায়। নিঃসন্দেহে বৰ্ণনাৰ সজীৱতাৰ মাধ্যমেৰে কবিয়ে পাঠকক সেই আঘোণৰ পথাৰখনলৈ লৈ যাবলৈ ‘আঘোণৰ কুঁৱলী’ কবিতাটোৰ দ্বাৰা সফল হৈছে।
৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।
উত্তৰঃ আঘোণৰ পথাৰখনক কেন্দ্ৰ কৰি কৃষিভিত্তিক অসমীয়া লোকমনত বহু আশা। পথাৰৰ সোণোৱালী ধানে বছৰটোলৈ জীয়াই থকাৰ সম্বল কঢ়িয়াই আনে। সেই পথাৰখনক লৈ প্ৰেমিক কবিৰো বহু সপোন। কাৰণ সেই পথাৰতে থকাৰ সম্ভাৱনা আছে তেওঁৰ প্ৰেমিকা সেউতী। সোতৰ বছৰীয়া সেউতীক কবিয়ে নিজৰ জীৱনৰ লগৰী কৰি ল’বলৈ বিচাৰে। আঘোণৰ পথাৰৰ জাক জাক দাৱনীৰ মাজতে তেওঁৰ সেউতীও আছে নেকি, সেয়া জানিবলৈ কবিৰ মনত গভীৰ উৎকণ্ঠা। সেউতীৰ তেল-হালধীয়া হাঁহিবোৰ নিজৰ জীৱনত ভগাই ল’বলৈ কবি ব্যগ্ৰ হৈ পৰিছে। অলপ দূৰৰ পৰা নচোৱাৰ ভাও ধৰি পথাৰৰ দাৱনীসকলৰ মাজত সেউতীক বিচাৰিবলৈ কবিৰ মন অধীৰ হৈ পৰিছে। মুঠতে কবিৰ বাবে আঘোণৰ পথাৰত এক বিশেষ ৰাগি আছে, যিটো হৈছে প্ৰেমৰ ৰাগি। পিছে কবিৰ এই উৎকণ্ঠিত মনৰ গতিপথত কুঁৱলীয়ে আহি বাধা দিলে। সেই পথাৰখন যে তেওঁ ভালদৰে চাবলৈকে নাপালে। তথাপি কবি ক্ষান্ত নহৈ বৌৱেকৰ পৰা সেউতীৰ মনৰ খবৰ জানিবলৈ বিচাৰিছে। কবি কেশৱ মহন্তই সহজ-সৰল ভাষাৰ ব্যৱহাৰেৰে এই প্ৰেমৰ তীব্ৰ অনুভূতি বিয়পাই দিবলৈ সক্ষম হৈছে।
৪। ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ আঘোণৰ পথাৰক লৈ কৃষিভিত্তিক অসমীয়া লোকমনত বহু আশা। পথাৰৰ সোণালী ধানে বছৰটোলৈ জীয়াই থকাৰ সম্বল কঢ়িয়াই আনে। সেই পথাৰখনক লৈ প্ৰেমিক কবিৰো বহু আশা। কাৰণ সেই পথাৰতে থকাৰ সম্ভাৱনা আছে তেওঁৰ প্ৰেমিকা সেউতী। সোতৰ বছৰীয়া সেউতীক কবিয়ে নিজৰ কৰি ল’বলৈ বিচাৰে। আঘোণৰ পথাৰৰ জাক জাক দাৱনীৰ মাজত তেওঁৰ সেউতীও আছে নেকি সেইয়া জানিবলৈ কবিৰ কিমান উৎকণ্ঠা। সেউতীৰ তেল-হালধীয়া হাঁহিবোৰ ভগাই ল’বলৈ কবি ব্যাকুল হৈ পৰিছে। অলপ আঁতৰৰ পৰা নচোৱাৰ ভাও ধৰি পথাৰৰ দাৱনীসকলৰ মাজত সেউতীক বিচাৰিবলৈ কবিমন অধীৰ। মুঠতে কবিৰ বাবে আঘোণৰ পথাৰত এক প্ৰকাৰৰ ৰাগি আছে, সেয়া হৈছে প্ৰেমৰ ৰাগি। কিন্তু কবিৰ উৎকণ্ঠিত মনক আহি কুঁৱলীয়ে বাট আগচি ধৰিলে। পথাৰখন যে তেওঁ ভালদৰে চাবলৈকে নাপালে।
কুঁৱলীৰ মাজতে হেৰাই থাকিল সোণোৱালী ধাননি পথাৰত কবিৰ ডাঙৰি বন্ধাত লগ বিচৰাৰ সপোন। খিলখিল হাঁহিৰ গৰাকী সেউতীৰ মনৰ বতৰা কুঁৱলীয়ে অস্পষ্ট কৰি পেলালে।
কবিতাটোত কবিয়ে কুঁৱলীৰ প্ৰাচীৰৰ দ্বাৰা সমাজৰ বাধাৰ দেৱালখনৰ কথা ক’বলৈ বিচাৰিছে। প্ৰেমিক কবিয়ে সামাজিক বাধাৰ বাবে অভিভাৱকক পোনপটীয়াকৈ নিজৰ মনৰ কথা ক’ব পৰা নাই। সেয়েহে তেওঁ বৌয়েকৰ দ্বাৰা সেউতীৰ মনৰ খবৰ জনাৰ লগতে অভিভাৱকৰো কাষ চাপিব বিচাৰিছে।
প্ৰেমিক হৃদয়ৰ এই আকুলতা আৰু তীব্ৰ অনুভূতি কবিৰ বৰ্ণনাত মূৰ্ত হৈ উঠিছে। আকৌ, কুঁৱলীয়ে জন্ম দিয়া এই নিৰাশাই বিষাদবোধৰ সৃষ্টি কৰিছে। চিত্ৰকল্পৰ সুন্দৰ প্ৰয়োগেৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে অন্তৰৰ বিষাদবোধ অংকন কৰিছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ—
(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম।
উত্তৰঃ সংগতি: ব্যাখ্যাকৰিবলগীয়া কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তৰ দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগ: আঘোণৰ পথাৰত ধান চপোৱাৰ সময়ত দাৱনীসকলৰ কৰ্মব্যস্ত আৰু অবিৰত জীৱনধাৰাৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে এই ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: আঘোণ মাহ শস্য চপোৱাৰ ভৰপক সময়। আঘোণৰ পথাৰত সেই সময়ত আটাইতকৈ ব্যস্ত লোক হৈ পৰে দাৱনীসকল। চিক্মিকাই থকা কাঁচিবোৰ হাতত লৈ লিহিৰিপতীয়া আঙুলিৰ মুঠি মৰা হাতবোৰ ধান কটাত ব্যস্ত হৈ পৰে। মূৰ তুলি ওপৰলৈ চাবলৈও সিহঁতৰ সময় নাথাকে। কিয়নো দিনটোৰ ভিতৰত তেওঁলোকে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধিবলৈ দ্ৰুত গতিত কাম কৰিব লাগে। তেওঁলোকৰ এই অদম্য আৰু অবিৰত ব্যস্ততাৰ উমান দিবলৈ গৈ কবিয়ে এই ব্যাখ্যেয় কবিতাফাকি ব্যৱহাৰ কৰিছে।
(খ) আঘোণৰ আকাশত উৰুলিৰ ৰাগি আছে,
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তর্গত কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
আঘোণৰ পথাৰ আৰু আকাশে কবিৰ মনত এক বিশেষ ধৰণৰ অনুভূতিৰ সৃষ্টি কৰিছে আৰু ব্যাখ্যেয় কবিতাফাকিত এই কথাৰেই উমান পোৱা যায়।
আঘোণৰ কোনো এটা দিনত এখন পথাৰে কবিক আকৃষ্ট কৰিলে। কিয়নো পথাৰখনৰ নৈসর্গিক সৌন্দৰ্যৰ লগতে কবিৰ বাবেই আকৰ্ষণৰ থলী হোৱাৰ কাৰণ হ’ল এইখন পথাৰতে কবিৰ প্ৰেমিকা সেউতী থকাৰ সম্ভাৱনা আছে। প্রেয়সী সেউতীক লগ পোৱাৰ ইচ্ছাই কবিক মতলীয়া কৰি তুলিছে। তেনে সময়তে কবিৰ চকু গৈছে আকাশলৈ। এজাক বনহাঁহে আকাশেৰে মুক্ত মনেৰে গৈ আছিল কোনো বিলৰ সন্ধানত। সিহঁতৰ দৰে প্ৰেমিকাৰ সৈতে মুক্তভাৱে বিচৰণ কৰাৰ নিচাই কবিক আৰু মতলীয়া কৰিলে। আঘোণৰ পথাৰত লগ পোৱা সেউতীক কবিয়ে উৰুলি জোকাৰেৰে বিয়া পাতি নিজৰ কৰিবলৈ বিচাৰে। সেই উৰুলিৰ ৰাগি কবিয়ে অকল পথাৰতে অনুভৱ কৰা নাই, সেয়া যেন আকাশতো লাগি আছে। প্ৰেমৰ ৰাগিয়ে কবিক যেন আৱৰি ধৰিছে।
(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুঁৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল….
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ প্রেয়সী সেউতীক লগ পোৱাৰ কবিৰ মনৰ আশা মনতে থকাৰ ইংগিত ব্যাখ্যেয় কবিতাফাকিত পোৱা যায়।
ব্যাখ্যাঃ আঘোণৰ কোনো এটা দিনত কবিয়ে তেওঁৰ প্রেমিকাক লগ পোৱাৰ আশাত এখন পথাৰৰ দিশে গৈছিল। কবিৰ অনুমান হৈছিল পথাৰৰ জাক জাক দাৱনীৰ মাজত তেওঁৰ প্ৰেমিকাও আছে যাক তেওঁ এবাৰ ওচৰৰ পৰা চাব পাৰিব আৰু ল’ব পাৰিব তেওঁৰ মনৰ বতৰা। প্রেমিকা সেউতীৰ সৈতে তেওঁ ধানৰ ডাঙৰি বান্ধিব পাৰিলেহেঁতেন। সোতৰ বছৰীয়া সেউতীৰ হাঁহিৰ লগৰীয়াও হ’ব পাৰিলেহেঁতেন। পিচে কবিৰ এই ইচ্ছা পূৰণ নহ’ল। আঘোণৰ বাটটো যে কুঁৱলীৰে ঢকা। কুঁৱলীত লুকাই থাকিল ধাননি। সোণ বৰণীয়া ধান কাটিবলৈ অহা দাৱনী কুঁৱলীৰ সৈতে মিলি গ’ল। তাৰ মাজতে থকা সেউতীকো কুঁৱলীয়ে আৱৰি ৰাখিলে। প্ৰেয়সীৰ মনৰ খবৰ ল’বলৈ বিচৰা কবিৰ মন বিষাদেৰে উপচি পৰিল। সেউতীৰ সৈতে ডাঙৰি বান্ধিবলৈ তেওঁ তুলি থৈছিল তৰা-জৰী। পিচে কুঁৱলীয়ে সকলোকে লুকুৱাই থ’লে নিজৰ আঁচলেৰে। আঘোণৰ কুঁৱলীত ধূসৰ হৈ পৰিল কবিমনৰ কল্পনা।
দ্বাদশ শ্ৰেণী অসমীয়া (আঘোণৰ কুঁৱলী) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



