Class 12 Assamese Chapter 18 Solutions – কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | AHSEC Sahitya Saurabh

দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ১৮ – কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (প্ৰবন্ধ) ৰ সম্পূৰ্ণ ব্যাখ্যা আৰু প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)

AHSEC Class 12 Assamese Chapter 18 – কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা প্ৰবন্ধৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)

AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ অষ্টাদশতম অধ্যায় হ’ল – **কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা (Adolescence and Suitable Education)**। এই মনস্তাত্ত্বিক আৰু শিক্ষামূলক প্ৰবন্ধটোত **কৈশোৰ কালৰ সংবেদনশীলতা, শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনসমূহ** আৰু এই সময়ছোৱাত কি ধৰণৰ শিক্ষণ পদ্ধতি গ্ৰহণ কৰা উচিত, তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। লেখকে কৈশোৰক **ভৱিষ্যতৰ জীৱনৰ ভেটি** হিচাপে বৰ্ণনা কৰিছে আৰু সেই ভেটি শক্তিশালী কৰিবলৈ **ব্যক্তিগত মনোযোগ আৰু মূল্যবোধ শিক্ষাৰ** প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষকৈ **শিক্ষামূলক মনস্তত্ত্ব** আৰু **দীঘলীয়া বিশ্লেষণাত্মক প্ৰশ্নৰ** বাবে অতি জৰুৰী।

At Ospin Academy, we provide comprehensive and insightful solutions that analyze the psychological and educational theories discussed in **’Kaiśōr Kāl āru Iyār Upajōgī Śikṣā’**. Our material covers the **characteristics of adolescence**, the **challenges faced by teenagers**, and the **pedagogical methods** suitable for this age group. Students will find point-wise answers perfect for the **5-mark descriptive and psychological questions** that require conceptual clarity and practical application for the AHSEC Board Exam 2025. Understand how to nurture young minds with our expert guide.

✅ কি শিকিব (What You Will Learn):

  • **কৈশোৰ কালৰ সংজ্ঞা** আৰু ইয়াৰ মনস্তাত্ত্বিক বৈশিষ্ট্যসমূহ।
  • এই সময়ছোৱাত **শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ** প্ৰভাৱ।
  • **কৈশোৰৰ বাবে উপযোগী শিক্ষণ পদ্ধতি** আৰু পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা।
  • **মূল্যবোধ আৰু বৃত্তিমুখী শিক্ষাৰ** গুৰুত্ব।
  • AHSEC Board Exam 2025 ৰ বাবে **Educational Psychology and Analytical Questions**।

🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):

  • **কৈশোৰ কাল আৰু শিক্ষা** প্ৰবন্ধৰ সকলো প্ৰশ্নৰ সহজ আৰু বিশ্লেষণাত্মক উত্তৰ।
  • AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
  • Focus on **Psychological Stages, Educational Needs, and Practical Solutions** for higher marks.
  • Chapter 18 Solutions in a downloadable **PDF format**.
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৈশোৰৰ জটিল মনস্তত্ত্বৰ বিশদ বিশ্লেষণ।
Vibrant Note Box
Buy Printable PDF
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Original price was: ₹399.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, 2025)

Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.

Vibrant Note Box
অধ্যায় ১৮ – কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

অতি চমু প্ৰশ্নোত্তৰ

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বিপৰীত লিংগকামিতা হৈছে কৈশোৰ কালৰ এটা প্রধান বৈশিষ্ট্য।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন, বৈশিষ্ট্যলৈ লক্ষ্য কৰি ১০-১১ বছৰৰ পৰা ১৮-১৯ বছৰৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি চিহ্নিত কৰা হৈছে।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ মানৱ জীৱনৰ কৈশোৰ কালছোৱাক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে?

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়।

চমু প্ৰশ্নোত্তৰ

১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰ কালত যৌৱন প্রাপ্তি হয় বাবে জৈৱিক পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ ফলত ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য, বৃদ্ধি হোৱাৰ লগতে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি এই কালতে হয় বাবে শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন হোৱাও দেখা যায়।

২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।

উত্তৰঃ কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰী নিজস্ব মতাদর্শসম্পন্ন হয়। ধর্ম, দর্শন আৰু জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি উৎকণ্ঠা জাগে আৰু তেওঁলোকে নিজৰ যুক্তি-বিবেচনাৰে নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে।

তেওঁলোক সমাজ-সচেতন হয় আৰু নিঃস্বার্থভাৱে ন্যায়ৰ পক্ষে যুঁজিব বিচাৰে। দেশপ্রেম, বিশ্ব ভাতৃত্ববোধ আদিও এই কালতে গঢ় লৈ উঠে। কল্পনা শক্তিৰ অভুতপূর্ব বিকাশ হয় এই কালতে, ফলত সৃজনী প্রতিভা বিকাশৰ লগতে দুঃসাহসিক কার্যতো তেওঁলোকে ভাগ ল’ব খোজে। নিজৰ ভাল লগা ব্যক্তিক আদর্শ হিচাপে লৈ তেওঁলোকৰ জীৱনৰ আদৰ্শ গ্রহণ কৰাৰ প্ৰবৃত্তি এই কালতে জাগি উঠে। এই কালছোৱাতে পৰিচিতিৰ সংঘাতত ভুগি কিশোৰ-কিশোৰীয়ে নতুন সমাজ গাঁথনি সৃষ্টি কৰাতো অৰিহণা যোগায়।

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?

উত্তৰঃ বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি মানসিক শক্তিৰ বিকাশ হয় কৈশোৰ কালত। অনুকৰণ-শিক্ষাৰ পৰিৱৰ্তে নিজস্ব বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰাৰ মানসিক সক্ষমতা এই কালতে বিকশিত হয়। বিমূর্ত চিন্তনৰ ক্ষমতাই স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত অৰিহণা যেগায়। কৈশোৰ কালেই মানৱ জীৱনৰ মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশৰ উৎকৃষ্ট সময়।

৪। কৈশোৰ কলৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?

উত্তৰঃ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হ’ল— (১) ভাষা শিক্ষণ (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজবিজ্ঞান।

৫। কিশোৰ সংস্কৃতি কি?

উত্তৰঃ কৈশোৰ কালত সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি, ইয়াকেই ‘কিশোৰ-সংস্কৃতি’ বুলি কোৱা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজপাৰ, বাকভংগী, ধ্যান-ধাৰণা, ৰাজনৈতিক মতাদর্শ আদিত এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলায়।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক-৪ অথবা ৫):

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ কৈশোৰ কাল হৈছে মানৱ জীৱনৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাল।

মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথাকে সূচায়। তলত আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে আলোচনা কৰা হ’লঃ

আৱেগিক বিকাশঃ কৈশোৰ কালত কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ

পূৰ্ণতম বুলি ক’ব পাৰি। সেয়ে মাত্রাধিক আৱেগ প্রৱণতাৰ বলি হয় তেওঁলোক। বহু ক্ষেত্রত আৱেগেই তেওঁলোকৰ জীৱনক সম্পূর্ণভাৱে পৰিচালিত কৰে। আৱেগৰ বাবেই তেওঁলোকৰ মন আলোড়িত হয় যাৰ ফলত কেতিয়াবা তেওঁলোক হয় আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিৰাশাৰ দোদুল্যমান অৱস্থাত তেওঁলোকৰ বেছিভাগেই আনৰ লগত মিলিব নোৱাৰা হয়। নিজৰ মনক সুস্থভাৱে পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাবাপন্ন। সুশিক্ষাৰ অভাৱত এনে মনোভাৱেই তেওঁলোকৰ মাজত সৃষ্টি কৰে অপৰাধপ্ৰৱণতা।

সামাজিক বিকাশঃ কৈশোৰ কালত হোৱা সামাজিক বিকাশৰ ফলস্বৰূপে কিশোৰ-কিশোৰীৰ মনত দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গঢ় লৈ উঠে গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব। এনে সহযোগিতা প্রতিযোগিতাৰ অন্তৰালত গঢ়ি উঠে ‘কিশোৰ-সংস্কৃতি’ নামেৰে এক উপ-সংস্কৃতি। এই সংস্কৃতিয়ে কিশোৰ অৱস্থাৰ চাল-চলন, সাজপাৰ, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰতো যথেষ্ট প্রভাৱ পেলায়। বেছিভাগ ক্ষেত্ৰতে কিশোৰ সংস্কৃতিয়ে ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হোৱা দেখা যায়। ইয়াৰ ফলতেই সৃষ্টি হয় সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি নাইবা সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা আদি বিষয়ক সমস্যা।

২। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বর্ণনা কৰা।

উত্তৰঃ জীৱনৰ জটিলতম কালছোৱাই হৈছে কৈশোৰ কাল। সেয়ে এই সময়ত উপযুক্ত শিক্ষাৰ অতি প্রয়োজন। মাধ্যমিক শিক্ষা হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি।

স্বাধীনতাৰ পৰৱৰ্তী দশকত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে। সেইকেইটা হ’ল (১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া, (২) ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্রগতিত সহায় কৰা আৰু (৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আকৌ, ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ সিদ্ধান্ত লোৱা হৈছে যাতে দেশৰ জনশক্তিক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি।

মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্বৰ প্ৰথমটো হ’ল এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসৰি পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। শিশুৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশৰ বাবে এই সাধাৰণ পাঠ্যক্ৰমত বিভিন্নতাৰ পৰিমাণ বেছি হোৱা দেখা যায়।

দ্বিতীয়টো হ’ল এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ কালৰ। এই সময়ছোৱাত ব্যক্তিৰ বিভিন্ন বুদ্ধি-বৃত্তিৰ বৃদ্ধি হয়। কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, বিদ্যালয় আৰু পৰিয়ালৰ মাজৰ সুদৃঢ় যোগসূত্র, বিদ্যালয় আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পর্ক স্থাপন আদিত সেয়ে গুৰুত্ব দিয়া হয়। কেৱল পাঠ্যক্রম সংক্রান্তীয় কথাতে গুৰুত্ব নিদি সহ-পাঠ্যক্রমিক কার্যাৱলীকো যথোপযুক্ত গুৰুত্ব সহকাৰে বিবেচনা কৰা হয়।

কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হ’লঃ (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান। তদুপৰি কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তর্ভুক্তিয়ে মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ংসম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ দৈহিক, মানসিক, সামাজিক সম্পর্কীয় চাহিদাসমূহ পূৰণ হ’ব বুলি ধাৰণা কৰিব পাৰি।

থুলমূলকৈ ক’বলৈ গ’লে সংঘাতপূর্ণ কৈশোৰ কালৰ প্রতিশ্রুতিসম্পন্ন কিশোৰ-কিশোৰীক একোগৰাকী সুযোগ্য, সফল ব্যক্তিত পৰিণত কৰিবলৈ এনে এক আদর্শ শিক্ষা পদ্ধতিৰ প্ৰয়োজন য’ত আছে বৌদ্ধিক দক্ষতা বৃদ্ধি আৰু অনুভৱশীলতা সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ, এখন সর্বাংগসুন্দৰ সমাজ গঢ়াৰ প্রতীতি।

৩। চমুটোকা লিখাঃ দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্রৱণ কিশোৰ

উত্তৰঃ দিবাস্বপ্নঃ দিবাস্বপ্ন মানে হৈছে দিনতে দেখা সপোন অর্থাৎ অলীক কল্পনা। কৈশোৰ কালৰ ই এক বৈশিষ্ট্য। এই সময়ছোৱাত কল্পনা শক্তিৰ অভূতপূর্ব বিকাশ হয় যাৰ বাবে কিশোৰ কিশোৰীয়ে বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে বিচৰণ কৰে। দিবাস্বপ্নৰ যোগাত্মক দিশো আছে। যেনেঃ

কৈশোৰ কালত কল্পনাই কিশোৰ-কিশোৰীৰ মনত মায়াজাল বিস্তাৰ কৰে যি তেওঁলোকৰ সৃজনী প্রতিভা বিকাশত সহায়ক হয়। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। আনহাতে, কেৱল কল্পনাৰ মায়াজালতে আবদ্ধ নাথাকি বহুতে দুঃসাহসিক কাৰ্যতো অংশগ্রহণ কৰিবলৈ আগবাঢ়ি যায়।

কিছুমানৰ মনত আকৌ জাগি উঠে ভ্রমণ তৃষ্ণা। এই আটাইবোৰ সম্ভৱ কেৱল কৈশোৰ কালতে।

বীৰপূজাঃ বীৰপূজা মানে হৈছে কোনো বীৰ পুৰুষ বা আদর্শ ব্যক্তিক পূজা কৰা অৰ্থাৎ মানি চলা। বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ অন্যতম বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্রৱল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক কিশোৰসকলে আদর্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায়। কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পঠনৰ অন্তর্ভুক্তিয়ে বীৰ পূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে আগবঢ়াই নিব পাৰে।

অপৰাধপ্রৱণ কিশোৰঃ কৈশোৰ কালত কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ

বিকাশ পূর্ণতম বুলি ক’ব পাৰি। সেয়ে মাত্রাধিক আৱেগপ্রৱণতাৰ বলি হয় তেওঁলোক। বহুক্ষেত্রত আৱেগেই তেওঁলোকৰ জীৱনক সম্পূর্ণভাৱে পৰিচালিত কৰে। আৱেগৰ বাবেই তেওঁলোকৰ মন আলোড়িত হয় যাৰ ফলত কেতিয়াবা তেওঁলোক হয় আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিৰাশাৰ দোদুল্যমান অৱস্থাত তেওঁলোকৰ বেছিভাগেই আনৰ লগত মিলিব নোৱাৰা হয়। নিজৰ মনক সুস্থভাৱে পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাবাপন্ন। সুশিক্ষাৰ অভাৱত এনে মনোভাবেই তেওঁলোকৰ মাজত সৃষ্টি কৰে অপৰাধপ্ৰৱণতা।

ফলত সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা প্রকাশ কৰি কিশোৰ-কিশোৰীসকলে সংঘটিত কৰে বিভিন্ন অপৰাধমূলক ঘটনা। সম্প্রতি বিশ্বৰ বিভিন্ন ঠাইত অপৰাধপ্ৰৱণ কিশোৰৰ সংখ্যা বৃদ্ধি পাইছে।

৪। ‘কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰত্বপূর্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত’— ব্যাখ্যা কৰা।

উত্তৰঃ কৈশোৰ কালৰ কেইবাটাও বৈশিষ্ট্যৰ মাজত আটাইতকৈ গুৰত্বপূৰ্ণ হৈছে পৰিচিতিৰ সংঘাত যাক ইংৰাজীত কোৱা হয় Identity crisis। বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত এই সংঘাতে কিশোৰ-কিশোৰীসকলৰ মনত দেখা দিয়ে। তেওঁলোকে নিজৰ চিন্তা-বুদ্ধি বা বিচাৰ-বিবেচনাৰে নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদর্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি ফঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। এনে সংঘাতে সমাজ গঠনত জোঁৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা অৱশ্যে এনে শক্তিশালী সংঘাতেই সমাজ-গাঁথনি সলনি কৰি নতুন সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যোগোৱাও দেখা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অসমীয়া (কৈশোৰ কাল আৰু শিক্ষা) – সঘনাই সোধা প্ৰশ্ন
‘কৈশোৰ কাল’ বুলিলে কি বুজা যায়?
‘কৈশোৰ কাল’ হ’ল শৈশৱ আৰু যৌৱনৰ মাজৰ পৰিৱৰ্তনশীল সময়ছোৱা, য’ত ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে দ্ৰুত বিকাশ ঘটে।
কৈশোৰ কালত কিয় উপযোগী শিক্ষাৰ প্ৰয়োজন?
এই সময়ত কিশোৰ-কিশোৰীসকলে নিজৰ পৰিচয় আৰু ভৱিষ্যত নিৰ্ণয় কৰিবলৈ চেষ্টা কৰে। সেয়েহে, তেওঁলোকক সঠিক পথ প্ৰদৰ্শন, নৈতিকতা আৰু বৃত্তিমুখী জ্ঞান দিবলৈ উপযোগী শিক্ষাৰ প্ৰয়োজন।
AHSEC পৰীক্ষাত এই প্ৰবন্ধৰ পৰা কি ধৰণৰ প্ৰশ্ন সোধা হয়?
সাধাৰণতে কৈশোৰ কালৰ বৈশিষ্ট্য, এই কালৰ সমস্যাসমূহ, আৰু সেই সমস্যাসমূহ সমাধান কৰিবলৈ শিক্ষাব্যৱস্থাত কি পৰিৱৰ্তন অনা উচিত সেই সম্পৰ্কে দীঘলীয়া (5-mark) প্ৰশ্ন সোধা হয়।
কৈশোৰ কালৰ এটা প্ৰধান মানসিক বৈশিষ্ট্য কি?
কৈশোৰ কালৰ এটা প্ৰধান মানসিক বৈশিষ্ট্য হ’ল **আত্মপৰিচয়ৰ সংকট (Identity Crisis)** আৰু আত্ম-প্ৰতিষ্ঠাৰ প্ৰৱণতা।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top