Class 12 Assamese Chapter 3 Solutions – আনন্দৰাম বৰুৱা | সাহিত্য সৌৰভ | AHSEC Board

অধ্যায় ৩ – আনন্দৰাম বৰুৱা

দ্বাদশ শ্ৰেণী অসমীয়া অধ্যায় ৩ – আনন্দৰাম বৰুৱা | সাহিত্য সৌৰভ | AHSEC Board (Assamese Medium)

AHSEC Class 12 Assamese Chapter 3 – আনন্দৰাম বৰুৱাৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)

AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ তৃতীয়টো অধ্যায় হ’ল – **আনন্দৰাম বৰুৱা (Anandaram Borooah)**। এই পাঠটো অসমৰ এজন **মহান পণ্ডিত আৰু প্ৰশাসকৰ জীৱন আৰু কৰ্মৰ** ওপৰত আধাৰিত। আনন্দৰাম বৰুৱা আছিল **প্ৰথম অসমীয়া ICS বিষয়া** আৰু সংস্কৃত সাহিত্যৰ এজন বিশ্ববিখ্যাত পণ্ডিৎ। তেওঁৰ জীৱনৰ অৱদান আৰু কৰ্মৰাজীৰ বিষয়ে বুজিবলৈ এই অধ্যায়টো অতিশয় গুৰুত্বপূৰ্ণ। এই অধ্যায়ৰ প্ৰশ্নোত্তৰ **AHSEC Final Exam** ৰ বাবে অতি জৰুৰী, বিশেষকৈ তেওঁৰ সাহিত্যিক অৱদানসমূহ।

At Ospin Academy, we provide comprehensive and point-wise solutions for all questions on the life and achievements of **Anandaram Borooah**. Our solutions are structured to help students address questions related to his **contribution to Sanskrit and Assamese literature**, his professional life, and his place in Assamese history. You can easily prepare for the **5-mark essay-type questions** and secure excellent marks in the AHSEC Board Exam 2025.

✅ কি শিকিব (What You Will Learn):

  • **আনন্দৰাম বৰুৱা** ৰ শৈশৱ, শিক্ষা আৰু **ICS বিষয়া** হোৱাৰ যাত্ৰা।
  • তেওঁৰ **সংস্কৃত সাহিত্যৰ অৱদান** যেনে **Bhavabhuti and His Place in Sanskrit Literature**।
  • অসমীয়া জাতিৰ বাবে তেওঁৰ **প্ৰশাসনিক আৰু পণ্ডিতসুলভ ভূমিকা**।
  • **জীৱনীমূলক প্ৰশ্নৰ** উত্তৰ লিখাৰ সৰল কৌশল।
  • AHSEC Board Exam 2025 ৰ বাবে **Top Expected Questions on Anandaram Borooah**।

🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):

  • **আনন্দৰাম বৰুৱা** জীৱনীৰ সকলো প্ৰশ্নৰ সহজ উত্তৰ।
  • AHSEC-ৰ **পৰীক্ষাৰ ধৰণ** অনুসৰি Structure কৰা সমাধান।
  • Focus on **Dates, Facts, and Literary Works** for accurate answers.
  • Chapter 3 Solutions in a downloadable **PDF format**.
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে উপযোগীকৈ প্ৰস্তুত কৰা সমাধান।
Vibrant Note Box
Buy Printable PDF
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Original price was: ₹399.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, 2025)

Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.

Vibrant Note Box
অধ্যায় ৩ – আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱা

অতি চমু প্ৰশ্নোত্তৰ

১। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামে সৰু গাঁও এখনত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত বিদেশী পণ্ডিত মেক্সমূলাৰে বিস্ময় মানিছিল।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম।

চমু প্ৰশ্নোত্তৰ

১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্রদ্ধা, দেশভক্তি, একাগ্রতা, পৰিশ্ৰম, মনোবল, কর্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আদর্শবোৰ সদায় অনুকৰণ কৰিবলগীয়া।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল ৷ ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম৷আনহাতে বিলাতলৈ গ’লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল ৷ এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল ৷

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ তথা পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি তেওঁ সন্তোষ লাভ কৰিছিল।

৪। ‘আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তিও কম নাছিল’ — বুজাই লিখা।

উত্তৰঃ আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল সেইদৰে আছিল দেশভক্তও। তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে।

এনেদৰে নিজ দেশৰ উল্লেখ তেওঁ য’তেই সুবিধা পাইছে ত’তেই কৰিছে। এনেবোৰ কথাৰ দ্বাৰা আনন্দৰামৰ দেশপ্ৰেমৰ উমান পাব পাৰি।

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ নিজ কর্মক্ষেত্ৰৰে নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰাম পূজ্য হৈ থাকিব।

দীঘল প্ৰশ্নোত্তৰ

১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ পাঠটোত আনন্দৰাম বৰুৱাৰ জীৱন তথা কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰা হৈছে। লেখকৰ মতে নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্রদ্ধা, দেশভক্তি, একাগ্রতা, পৰিশ্ৰম, মনোবল, কর্মস্পৃহা, অনুসন্ধানস্পৃহা আদি আদর্শবোৰ আনন্দৰামে দেখুৱাই থৈ গৈছে যিবোৰ অনুকৰণ কৰি প্ৰত্যেকেই নিজক উন্নতিৰ পথত পৰিচালিত কৰিব পাৰে। আনন্দৰামৰ দৰে অন্যান্য মহাপুৰুষসকলেও নানা আদৰ্শৰ আৰ্হি ৰাখি থৈ গৈছে যিবোৰৰ পৰা প্ৰেৰিত হৈ প্রত্যেকেই নিজৰ জীৱনটোক গঢ়ি তুলিব পাৰে।

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা সদায় একাগ্র আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহ আৰু শক্তিদান কৰিছিল। ল’ৰালিকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা— পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষখিনি তেওঁ ল’ৰালিকালতে কণ্ঠস্থ কৰিব পাৰিছিল। কর্মত তেওঁ ইমান একাগ্র আছিল আৰু জ্ঞান-চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰৱল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়ত তেওঁ এগৰাকী প্রখ্যাত পণ্ডিত হ’ব পাৰিছিল।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা — কর্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ আনন্দৰামৰ বাবে ‘কর্মই ধর্ম’ আছিল। কর্ম সাধনাত অহৰহ লাগি আছিল বাবে জ্ঞানচর্চাৰে দেশৰ উন্নতি সাধন কৰিব বিচাৰিছিল।

ব্যাখ্যাঃ ভাৰতীয় দর্শনত কর্মই জীৱনৰ মূল। ফল আশা নকৰাকৈ কেৱল কাম কৰি যোৱাটোতেই জীৱনৰ সাৰ্থকতা। কৰ্মৰ দ্বাৰাই মানুহ পার্থিৱ জগতত অমৰ হৈ ৰয়। কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। কর্মহীন লোক জীয়াই থকাটোও নিৰৰ্থক। ভাৰতীয় দৰ্শনৰ এই তত্ত্বক পূর্ণমাত্ৰাই অনুকৰণ কৰিছিল আনন্দৰাম বৰুৱাই।

আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। কর্মই তেওঁৰ বাবে জীৱন; অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্রশংসা বা ধন নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আৰু বহুতো গ্রন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। ‘কর্মই ধর্ম’ বুলি বিশ্বাস কৰা এইগৰাকী পণ্ডিত আছিল এগৰাকী প্রকৃত কর্মী।

৪। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্রহণ কৰিব পাৰোঁ বুজাই লিখা?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰঃ আনন্দৰামে নিজৰ জীৱন আৰু কৰ্মৰ দ্বাৰা প্ৰাচ্য-পাশ্চাত্যৰ সমন্বয় সাধন কৰিছিল। তেওঁৰ আগেয়ে সংস্কৃত চর্চা বৰ বিশেষ ধৰণে হোৱা নাছিল বাবে পাশ্চাত্যৰ লোকসকলে প্রাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুযোগ পোৱা নাছিল। কিন্তু আনন্দৰামৰ পাছত এই কাম উজু হৈ পৰিছিল। তেওঁ ভাৰতীয় আদর্শৰাজিক পাশ্চাত্যত সন্মিলিত আৰু মানুহৰ প্ৰিয় কৰি তুলিছিল। আনকি ভাৰততো বহুতে তেওঁকে আদর্শ কৰি সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। সেয়ে প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অসমীয়া (আনন্দৰাম বৰুৱা) – সঘনাই সোধা প্ৰশ্ন
আনন্দৰাম বৰুৱা কি বাবে বিখ্যাত?
আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া ICS (Indian Civil Service) বিষয়া আৰু Sanskrit Grammar ৰ ওপৰত কৰা তেওঁৰ গভীৰ গৱেষণা আৰু গ্ৰন্থৰ বাবে বিশ্ববিখ্যাত।
তেওঁৰ এখন উল্লেখযোগ্য Sanskrit গ্ৰন্থৰ নাম কি?
তেওঁৰ অন্যতম উল্লেখযোগ্য Sanskrit গ্ৰন্থ হ’ল **’Bhavabhuti and His Place in Sanskrit Literature’** আৰু **’A Practical English-Sanskrit Dictionary’**।
AHSEC পৰীক্ষাত এই জীৱনীৰ পৰা কি ধৰণৰ প্ৰশ্ন বেছিকৈ সোধে?
সাধাৰণতে তেওঁৰ শিক্ষা, তেওঁৰ সংস্কৃত সাহিত্যৰ অৱদান আৰু **প্ৰথম অসমীয়া ICS** হিচাপে তেওঁৰ স্থানৰ ওপৰত দীঘলীয়া (5-mark) প্ৰশ্ন সোধা হয়।
তেওঁ কিমান চনত ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
আনন্দৰাম বৰুৱা ১৮৬৯ চনত ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু সেই সময়ত এনে সফলতা লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top