দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৪ – হস্তিবিদ্যৰ্ণৱ পুথিৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 4 – হস্তিবিদ্যৰ্ণৱ পুথিৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ চতুৰ্থটো অধ্যায় হ’ল – **হস্তিবিদ্যৰ্ণৱ পুথি (Hastibidyarnava Puthi)**। এই পাঠটো অসমৰ **অমূল্য ঐতিহ্য** আৰু **প্ৰাচীন চিত্ৰকলাৰ** এক সুন্দৰ নিদৰ্শন। এই ঐতিহাসিক পুথিখন ১৭৩৪ চনত আহোম ৰজা **শিৱসিংহৰ** পৃষ্ঠপোষকতাত ৰচিত হৈছিল। ইয়াৰ দ্বাৰা অসমৰ মানুহৰ **গ্ৰন্থ প্ৰতি ভালপোৱা** আৰু **হস্তী-বিদ্যাৰ** বিষয়ে গভীৰ জ্ঞানৰ উমান পোৱা যায়। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
At Ospin Academy, we provide comprehensive and structured solutions for all questions about the **Hastibidyarnava Puthi**. Our material covers the **historical importance** of the manuscript, its **authorship**, and its unique **Assamese style of painting**. Students will find detailed, point-wise answers perfect for the **5-mark descriptive questions** that often appear in the AHSEC Board Exam 2025. Master the facts and historical context with ease!
✅ কি শিকিব (What You Will Learn):
- **হস্তিবিদ্যৰ্ণৱ পুথিৰ ঐতিহাসিক পটভূমি** আৰু ৰচনাৰ সময়।
- ৰজা **শিৱসিংহৰ পৃষ্ঠপোষকতা** আৰু পুথিখনৰ প্ৰধান লেখক/চিত্ৰকৰ।
- অসমীয়া **চিত্ৰকলাৰ বিশেষত্ব** আৰু ইয়াৰ ধৰ্মীয়/সামাজিক তাৎপৰ্য।
- এই পুথিখনৰ ওপৰত ভিত্তি কৰি **দীঘলীয়া প্ৰশ্নৰ** উত্তৰ লিখাৰ কৌশল।
- AHSEC Board Exam 2025 ৰ বাবে **Focus Topics on Assamese Manuscripts**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **হস্তিবিদ্যৰ্ণৱ পুথিৰ** সকলো প্ৰশ্নৰ সহজ, বুজিব পৰা উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Pattern** অনুসৰি প্ৰতিটো উত্তৰৰ সঠিক গাঁথনি।
- Focus on key **Historical Dates and Names** for accurate answers.
- Chapter 4 Solutions in a downloadable **PDF format**.
- অসমীয়া ঐতিহ্যৰ ওপৰত আধাৰিত প্ৰশ্নৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা অধ্যয়ন সামগ্ৰী।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
অতি চমু প্ৰশ্নোত্তৰ
১। ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্রকাশ পাইছিল?
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ।
৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক হ’ল ড° সূর্যকুমাৰ ভূঞা।
৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল— ‘Anglo-Assamese Relations 1771-1826’।
৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।
চমু প্ৰশ্নোত্তৰ
১। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।
অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি ১৬৫৬ শকত অর্থাৎ ১৭৩৪ খ্রীষ্টাব্দত তেওঁ এই পুথি ৰচনা কৰিছিল।
২। পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।
উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখন হ’ল— শঙ্খচূড় বধ, গীত-গোবিন্দ।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ অংকন কৰিছিল দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে।
৪। হস্তিবিদ্যার্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিত যিকেইজন লোকৰ চিত্ৰ অংকিত হৈছে, তেওঁলোক হ’ল— গ্ৰন্থকাৰ সুকুমাৰ বৰকাথ, দুই চিত্ৰকৰ দিলবৰ আৰু দোষায়, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ।
৫। হস্তিগ্রন্থ বুলিলে কি বুজা?
উত্তৰঃ হস্তিগ্রন্থ হৈছে হাতী সম্পর্কীয় কথাৰ বিশদ আলোচনা সম্বলিত পুথি। বিবিধ হাতীৰ প্ৰকাৰ আৰু লক্ষণ, হাতীক শিকোৱা, হাতীৰ চঁক ভঙা, হাতী ব্যাধি, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতী বশীকৰণ মন্ত্ৰ আদিৰ উপৰি হাতী সম্পর্কীয় বিবিধ বিষয়ৰ বিস্তৃত আলোচনাই হস্তিগ্ৰন্থৰ মূল উপজীব্য।
দীঘল প্ৰশ্নোত্তৰ
১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।
উত্তৰঃ অসমীয়া ভাষাত গল্প, কবিতা, নাটক, উপন্যাস আদি বিশুদ্ধ সাহিত্যক বাদ দিও, দৈনন্দিন জীৱনত প্রয়োজনীয় বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানসমৃদ্ধ কেতবোৰ পুথি মধ্যযুগত ৰচিত হৈছিল। এই ব্যৱহাৰিক জ্ঞানসমৃদ্ধ পুথিসমূহকেই ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। এই শ্ৰেণীৰ সাহিত্যৰ মূল বিষয়বস্তু আছিল মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি। তদুপৰি দ’ল-দেৱালয়, কাৰেং-মৈদাম, ঘৰ-দুৱাৰ আদি নিৰ্মাণৰ কৌশল বিষয়ক কেতবোৰ পুথিও এই শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্গত। বিশুদ্ধ সাহিত্য নহ’লেও ব্যৱহাৰিক সাহিত্যৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম।
সুকুমাৰ বৰকাথ ৰচিত ‘ঘোঁৰা নিদান’ আৰু ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ সংগ্ৰহ’ হৈছে অসমীয়া ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত দুখন পুথি।
২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ প্ৰখ্যাত ইতিহাসবিদ সর্বাগ্ৰণী ড° সূৰ্যকুমাৰ ভূঞা দেৱৰ জন্ম হয় ১৮৯২ চনত নগাঁও চহৰত। তেওঁ আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ ।অধ্যয়নশীল ভূঞা দেৱে ছাত্ৰজীৱনৰ পৰাই বিভিন্ন আলোচনী ,কবিতা, চমু জীৱনী, গল্প আদি প্ৰকাশ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। সেইবোৰৰ ভিতৰত ‘গোপাল কৃষ্ণ গোখলে’ (১৯১৬), ‘ৰবীন্দ্ৰ নাথ ঠাকুৰ’ (১৯২০), ‘আনন্দৰাম বৰুৱা’ (১৯২০), ‘জোনাকী’ (১৯২৮), ‘চানেকী’ (১৯২৮), ‘অসম জীয়ৰী’ (১৯৩৫)- এইকেইখন জীৱন চৰিতমূলক গ্ৰন্থ। ‘কোঁৱৰ বিদ্ৰোহ'(১৯৪৮), ‘বুৰঞ্জীৰ বাণী’ (১৯৫১), ‘ৰমণী গাভৰু ‘(১৯৫১) ‘ৰাজেশ্বৰ সিংহ’ (১৯৭৪) ইত্যাদি ঐতিহাসিক পুথি এতিয়ালৈকে প্ৰকাশ হৈছে। ‘নিৰ্মালি’ হৈছে তেখেতৰ একমাত্ৰ কবিতাৰ পুথি। ‘পঞ্চমী’ হৈছে তেখেতৰ পাঁচটা চুটিগল্পৰ সমষ্টি। ইয়াৰ উপৰিও ভালেখিনি গৱেষণামূলক ইংৰাজী গ্ৰন্থ ভূঞাদেৱৰ কাপৰ পৰা ওলাইছে। তাৰ ভিতৰত ‘Anglo Assamese Relations ‘1771-1826, ‘Atan Buragohain & His Times(1955), ‘Lachit Borphukan and His Times’ (1947), ‘An Assamese Nur-Jahan'(1926) আদি উল্লেখয্যোগ্য গ্ৰন্থ। মুঠতে দেখা যায় যে বুৰঞ্জী আৰু জীৱনী গ্ৰন্থ এই দুয়োটা ক্ষেত্ৰতে ভূঞাদেৱৰ দান অনস্বীকাৰ্য। এই মহান লেখকজনৰ মৃত্যু হয় ১৯৬৪ চনত।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।
উত্তৰঃ দেশ-বিদেশৰ সকলো হস্তীজ্ঞানৰ একত্ৰীকৰণ হৈছিল সুকুমাৰ বৰকাথ ৰচিত ‘হস্তিবিদ্যার্ণৱ’ পুথিত। এই পুথিৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে—বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত
অপ্রীতিবর্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নির্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র।
হাতী বিষয়ক বিবিধ বিষয়বস্তুৰে সমৃদ্ধ এই গ্রন্থখনি অসমীয়া সাহিত্যৰ অমূল্য সম্পত্তি।
৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যার্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ ‘হস্তীবিদ্যার্ণৱ পুথিখন’ হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়। হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি।
পুথিখনত মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰি কৈছে যে হাতীৰ শৰীৰৰ বৰণ হʼব লাগে শ্যামবৰ্ণ, দেখাত সুন্দৰ হʼব লাগে। হাতী প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰ হʼব লাগে স্থূল। দুয়োটা দাঁত সমান দীঘল হোৱা উচিত। সমানে ৰঙ্গ কৰা হʼব লাগে। কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল। কালশিলি বৰ্ণৰ হʼব লাগে। হাতীৰ নখ আগছোৱা জোঙা, অলপ কʼলা অৰ্থাত পাতল কলা বৰণৰ হোৱা উচিত। বলৱন্ত হাতীৰ মূল্য অধিক। তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱায়। তেনে লক্ষণৰ হাতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায়।
এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু এনে হাতীক ৰজা-মহাৰজা সকলে গুৰুত্ব সহকাৰে ভাল বিষয়া নিযুক্তিৰে পোহপাল দিছিল।
৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সুকুমাৰ বৰকাথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰ এক অমূল্য সম্পদ স্বৰূপ হস্তীবিদ্যার্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী উচ্চ গুণ সম্পন্ন। এই গ্ৰন্থৰ পুথিৰ ভাষা গদ্য। প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। উদাহৰণস্বৰূপে- “ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা, আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰী যুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ স্বন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগনৰ গৰ্ববক চুৰ কৰিছে যি মহাদেৱীয়ে, সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল”।
ইয়াৰ উপৰিও দেখা যায় মূলত সংস্কৃত পুথিক অনুকৰণ কৰা হেতুকে ভাষা সংস্কৃতগন্ধী আনহাতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰ পৰা আহৰণ কৰা পুথিৰ জ্ঞানে সৰল অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰিছে। উদাহৰণ স্বৰূপে-“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তে মূৰ দাঙ্গি যাব”।
দ্বাদশ শ্ৰেণী অসমীয়া (হস্তিবিদ্যৰ্ণৱ পুথি) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



