দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৫ – ভাৰতীয় আদৰ্শত বৈৰাগ্য ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 5 – ভাৰতীয় আদৰ্ষত বৈৰাগ্যৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ পঞ্চমটো অধ্যায় হ’ল – **ভাৰতীয় আদৰ্ষত বৈৰাগ্য (Bairagya in Indian Philosophy)**। এই প্ৰবন্ধটোত লেখক **ভাৰতীয় দৰ্শনত ‘বৈৰাগ্য’ৰ** প্ৰকৃত অৰ্থ আৰু স্থানৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিছে। ইয়াত পশ্চিমীয়া দৰ্শনৰ সৈতে ভাৰতীয় বৈৰাগ্যৰ পাৰ্থক্য দেখুওৱা হৈছে। বৈৰাগ্য মানে **সংসাৰ ত্যাগ কৰা নহয়**, বৰঞ্চ **আসক্তিহীনতাৰে নিজৰ কৰ্তব্য পালন কৰা** – এই মূল ধাৰণাটো বুজিবলৈ এই অধ্যায়টো অত্যন্ত গুৰুত্বপূৰ্ণ। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
At Ospin Academy, we provide comprehensive and point-wise solutions for all questions on this philosophical essay. Our solutions clearly explain the core concepts of **’Bairagya’** and **’Nishkama Karma’** as discussed in the text, enabling students to write well-structured answers for **5-mark analytical questions**. We focus on ensuring you understand the philosophical nuances required for the AHSEC Board Exam 2025.
✅ কি শিকিব (What You Will Learn):
- **বৈৰাগ্যৰ প্ৰকৃত ভাৰতীয় ধাৰণা** আৰু ইয়াৰ গুৰুত্ব।
- **নিষ্কাম কৰ্ম** (Nishkama Karma) ৰ সৈতে বৈৰাগ্যৰ সম্পৰ্ক।
- ভাৰতীয় আৰু পাশ্চাত্য দৰ্শনৰ মাজত **বৈৰাগ্য সম্পৰ্কে পাৰ্থক্য**।
- প্ৰবন্ধটোৰ মূল ভাব আৰু **লেখকৰ দাৰ্শনিক বিশ্লেষণ**।
- AHSEC Board Exam 2025 ৰ বাবে **Most Likely Questions on Indian Philosophy**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **ভাৰতীয় আদৰ্শতবৈৰাগ্য** প্ৰবন্ধৰ সকলো প্ৰশ্নৰ সহজ উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি প্ৰতিটো উত্তৰৰ সঠিক গাঁথনি।
- Focus on **Philosophical Terms and Quotes** for enriched answers.
- Chapter 5 Solutions in a downloadable **PDF format**.
- Assamese Medium ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দৰ্শনৰ কঠিন ধাৰণাসমূহ সৰল কৰা সমাধান।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
ভাৰতীয় আদৰ্শত বৈৰাগ্য
অতি চমু প্ৰশ্নোত্তৰ
১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?
উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।
২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ।
৩। কর্ম কৰা কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?
উত্তৰঃ কৰ্ম কৰা কৌশলক ভগৱদ্গীতাত ‘কর্মযোগ’ বুলি কৈছে।
৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?
উত্তৰঃ তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কামসেন্দূৰ।
৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ’ল ‘সত্য’ আৰু ‘ধর্ম’।
চমু প্ৰশ্নোত্তৰ
১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে সমানে বিতৰণ কৰি ভোগ কৰাৰ কথা কৈছে।
‘সংবিভাজ্য’ শব্দটিয়ে স্ব-অৰ্জিত ধন-সম্পদ সমানে বিতৰণ কৰি ভোগ কৰা উচিত বুলি সূচাইছে। অৰ্থাৎ, ভোগ অকলে নকৰি আনৰ মাজতো ভগাই লোৱা উচিত।
২। ‘শ্রদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম’ মানে কি?
উত্তৰঃ ‘শ্রদ্ধয়া দেয়ম্’ মানে শ্ৰদ্ধাৰে দান কৰিবা।
‘অশ্রদ্ধয়া অদেয়ম’ মানে অশ্রদ্ধাযুক্ত মন লৈ ‘নিদিলে নহয়’ ভাবত দান কৰা-নকৰা সমান।
কথা দুফাকি উপনিষদৰ যুগৰ গুৰুৱে শিষ্যক দিয়া উপদেশৰ অন্তৰ্গত। স্ব-উপার্জিত ধন-সম্পদ শ্রদ্ধা সহকাৰে দান কৰি নিজেও ভোগ কৰিব লাগে বুলি গুৰুৱে শিষ্যক পৰামৰ্শ দিছে। কোনোবাই নিন্দা কৰিব বুলি বা লোকসমাজৰ চকুত হেয় হোৱাৰ সংকোচত মন নথকা সত্ত্বেও দান কৰা অনুচিত। এনেদৰে দান কৰা নকৰা সমান। শ্রদ্ধা সহকাৰে ত্যাগৰ মনোভাবেৰে কৰা দানহে প্রকৃত দান।
৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ থাকিও সংযতভাবে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাৰ নামেই প্রকৃত ত্যাগ। নথকাৰ ‘নালাগে’ বোলা আৰু অজস্র থাকিও ‘নিদিলে নহয়’ ভাবত কৰা ত্যাগ প্রকৃত ত্যাগ নহয়। প্রকৃততে ত্যাগ এটা বিশেষ মনোধৰ্ম যাক সাধনাৰ দ্বাৰা আয়ত্ত কৰিব পাৰি।
৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
উত্তৰঃ ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ শব্দৰ অৰ্থ হ’ল-ভোগ কৰা।
ঈশোপনিষদৰ প্ৰথম মন্ত্রটিতেই আছে ‘তেন ত্যক্তেন- ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্’। ইয়াৰ অৰ্থ হ’ল নিজে ত্যাগৰ মনোভাবেৰে আৰু অইনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰা উচিত। সেইবুলি নিজৰ সমস্ত ত্যাগ কৰি বনবাসী আৰু লাওলোৱা জীৱন কটোৱাৰ কথাও ঈশোপনিষদে কোৱা নাই। ঈশোপনিষদত ‘ভুঞ্জীথাঃ’ শব্দৰ উল্লেখ থকা বিধিবাক্যই এই সমস্ত কথা সামৰি লৈছে।
৫। ‘অতিথি দেবো ভৱ’ মানে কি?
উত্তৰঃ ‘অতিথি দেবো ভৱ’ মানে হ’ল অতিথিক দেৱতা জ্ঞান কৰা।
হিন্দু দৰ্শনত ঘৰলৈ অহা অতিথিক দেৱতাৰূপে গণ্য কৰা হয়। অতিথি আপ্যায়ণ পূণ্য কাৰ্যৰূপে বিবেচনা কৰা হয়। ঘৰলৈ অহা অতিথিক নিজে নাখায়ো খুওৱাৰ বিধান শাস্ত্রত আছে। অতিথিক সেৱা কৰা মানে দেৱতাক সেৱা কৰা বুলি বিশ্বাস কৰা হয়।
দীঘল প্ৰশ্নোত্তৰ
১। ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’- কথাষাৰ বহলাই লিখা।
উত্তৰঃ পৃথিৱীৰ ভিন ভিন জাতিৰ স্বকীয় সংস্কৃতি গঢ় লৈ উঠিছে নির্দিষ্ট আদর্শৰ মাজেৰে। ভাৰতীয় সভ্যতা-সংস্কৃতিৰো আছে স্বকীয় আদর্শ। এই আদর্শ গঢ় লৈ উঠিছে বেদক কেন্দ্ৰ কৰি। বেদ হৈছে বহু শতিকা বিয়পি থকা এক বিশাল সাহিত্যৰ সূচক। সকলো কৰ্মৰ মীমাংসা আৰু সকলো জ্ঞানৰ পৰিণতি আছে বেদত। ঋক্, যজুঃ, সাম আৰু অথর্ব- এই চাৰিওখন বেদত আছে জীৱন-যাপনৰ বিবিধ প্রণালী। কর্মই হৈছে জীৱনৰ মূল ধৰ্ম-বেদৰ এই বাণীৰ মাজেৰেই এখন সুস্থ সমাজৰ কল্পনা কৰিব পাৰি। নিষ্কর্মা জীৱনৰ উপদেশ বেদত নাই।
বেদৰ অন্তিম অংশ বেদান্ত বা উপনিষদত কর্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশল বা মনোধৰ্মসমূহৰ কৰ্ষণে জীৱনাদর্শত ব্রতী হবলৈ শিক্ষা দিয়ে। অতীতত গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা বিদ্যার্থীক এনে আদর্শ কৰ্ষণৰ শিক্ষা গুৰুৱে দিছিল আৰু আজিও এই আদর্শ অনুকৰণ কৰিবলৈ উপদেশ দিয়া হয় শিক্ষার্থীক।
এনেদৰে বেদৰ কৰ্মসংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা ঠন ধৰি উঠাত সহায় কৰি আহিছে। লেখকে সেয়ে বেদক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উৎস বুলি কৈছে।
২। চাৰি আশ্ৰম বুলিলে কি বুজা? এই চাৰি আশ্ৰম কি কি লিখা।
উত্তৰঃ চাৰি আশ্ৰম হৈছে মানৱ জীৱনৰ চাৰিটা স্তৰ। ভাৰতীয় আদৰ্শত জীৱনৰ চাৰিটা স্তৰৰ কথা কোৱা হৈছে; এই চাৰি স্তৰকেই ‘চাৰি আশ্রম’ নামেৰে জনা যায়। চাৰি আশ্ৰম হৈছে-ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শও কেনে ধৰণৰ বৈৰাগ্যৰ কথা কৈছে?
উত্তৰঃ বৈৰাগ্য মানে ইন্দ্রিয় সংযম; পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। নোপোৱা বস্তুৰ ওপৰত বিৰক্ত হৈ ওপজা বৈৰাগ্য প্রকৃত বৈৰাগ্য নহয়। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পাছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। প্রকৃততে বৈৰাগ্য এক বিশেষ মনোধর্ম।
৪। গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পাছত কি কি উপদেশ দিছিল?
উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে উপদেশ দিছিল এনেদৰে- বিদ্যার্থীসকলে সত্য ক’ব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ’ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে। সত্যৰ পৰা, ধর্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত হ’ব নালাগে। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কার্য কৰিব লাগে কিন্তু ধর্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে। পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে। এওঁলোকক সদায় দেৱতাৰ দৰে মান্য কৰিব লাগে। যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।
উপার্জিত ধন, সম্পদ কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, লগতে কিভাৱে দান কৰিব লাগে সেই কথাও বিদ্যার্থীক সোঁৱৰাই দিছে।
এনে আদর্শৰ দ্বাৰা জীৱন সংগ্ৰামত খোজ দিবৰ বাবে গুৰুৱে বিদ্যার্থীক উপদেশ দিছে।
৫। ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক প্ৰবন্ধটোৰ মূল কথাখিনি তোমাৰ ভাষাৰে লিখা?
উত্তৰঃ ভাৰতবৰ্ষ এখন আদর্শ দেশ।ভাৰতীয় আদর্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। তাৰ লগে লগে বৈৰাগ্য অর্থাৎ বিষয়ৰ ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদর্শৰে অন্য এক ধাৰা। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম।কাম কৰিও নিৰাসক্ত ভাৱে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।
ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত স্ব-উপার্জিত ধন, সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কি ভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা উল্লেখ কৰিছে।
বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন-যাপনৰ পৃথক পৃথক প্ৰণালী আছে। ভাৰতীয় সভ্যতা সংস্কৃতিত এক আদর্শ নিহিত হৈ আছে আৰু এই আদর্শ গঢ়ি উঠিছে বেদক কেন্দ্ৰ কৰি। বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বেদ চাৰিখন যেনে- ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথর্ববেদ। এই বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা।
ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য’ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। লগতে গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে ‘সত্য’ আৰু ‘ধর্ম ‘এই দুটা আচৰণ সদায় মানি চলিব,সততাৰে ধন উপার্জন কৰিব,পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব ,ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিবলৈ উপদেশ দিছে। ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে-‘মাতৃ দেৱো ভৱ’ ‘আচার্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’। এই ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাই। সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অর্জন কৰাৰ উপদেশ পাইছে আৰু আচার্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আর্জন অর্পিত কৰিব লাগে।
শেষত কোৱা হৈছে যে কামৰ বাহিৰে আন কোনো উপায় নাই।নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন।
দ্বাদশ শ্ৰেণী অসমীয়া (ভাৰতীয় আদৰ্শতবৈৰাগ্য) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



