দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৬ – চিঠি (শীলভদ্ৰ ৰচিত) ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 6 – চিঠি (শীলভদ্ৰ) ৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ ষষ্ঠটো অধ্যায় হ’ল – **চিঠি (Chithi)**, যিটো জনপ্ৰিয় লেখক **শীলভদ্ৰ (Sheelabhadra)** ৰ দ্বাৰা ৰচিত। শীলভদ্ৰৰ লেখাৰ এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ সৰলতা আৰু মানৱীয় আৱেগৰ চিত্ৰণ। এই **গল্পটোৱে** এক সৰল কাহিনীৰ মাজেদি গভীৰ সামাজিক আৰু ব্যক্তিগত বাৰ্তা প্ৰকাশ কৰে। গল্পটোৰ **চৰিত্ৰসমূহৰ বিশ্লেষণ** আৰু **গল্পৰ মূল বক্তব্য** বুজি উঠাটো **AHSEC Final Exam** ৰ বাবে অতিশয় প্ৰয়োজনীয়।
At Ospin Academy, we offer detailed and narrative-focused solutions for all questions based on **’Chithi’**. Our material thoroughly covers the **theme, plot structure, and character analysis**, which are key areas for AHSEC evaluation. We provide point-wise answers that are easy to remember and structure, ensuring you perform well in the **3-mark and 5-mark descriptive questions** for the Board Exam 2025. Master the nuances of Sheelabhadra’s writing style with our expert solutions.
✅ কি শিকিব (What You Will Learn):
- লেখক **শীলভদ্ৰৰ চমু পৰিচয়** আৰু তেওঁৰ সাহিত্যিক শৈলী।
- **’চিঠি’ গল্পটোৰ মূল বিষয়বস্তু** আৰু ইয়াৰ সামাজিক তাৎপৰ্য।
- গল্পৰ **মুখ্য চৰিত্ৰসমূহৰ** (Main Characters) বিশদ বিশ্লেষণ।
- গল্পৰ **নামকৰণৰ সাৰ্থকতা** আৰু ইয়াৰ গভীৰতা।
- AHSEC Board Exam 2025 ৰ বাবে **Expected Long Answer Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **শীলভদ্ৰৰ চিঠি** গল্পৰ সকলো প্ৰশ্নৰ সৰল আৰু বোধগম্য উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Pattern** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on **Plot Points and Character Details** for accurate retelling.
- Chapter 6 Solutions in a downloadable **PDF format**.
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গল্পটোৰ বিশ্লেষণ সহজ কৰি তোলা সমাধান।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
চিঠি
অতি চমু প্ৰশ্নোত্তৰ
১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰপৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।
২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘মধুপুৰ বহুদূৰ’ গ্ৰন্থৰ বাবে শীলভদ্রই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
উত্তৰঃ শৈশৱৰ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক শৰ্মাৰ ভতিজাকে দিছিল।
৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
উত্তৰঃ ভূদেৱ চৌধুৰীয়ে ঘৈণীয়েকে তেওঁলৈ দিয়া চিঠি ডাকঘৰৰ পৰা সংগ্ৰহ কৰিবলৈ টিংখঙলৈ গৈছিল।
চমু প্ৰশ্নোত্তৰ
১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?
উত্তৰঃ বিয়াৰ পাছত ভূদেৱ চৌধুৰীয়ে কিছুদিনৰ বাবে ঘৈণীয়েকক গাঁৱৰ ঘৰত থৈ নিজে অকলে কর্মসূত্রে বাগানত আছিল। তেতিয়া ঘৈণীয়েকৰ চিঠিৰ বাবে আকুলতাৰে ৰৈ আছিল চৌধুৰী। পাছলৈ বাল্যবন্ধু প্রশান্ত শৰ্মাৰ চিঠি এখনৰ বাবেও তেওঁ বহুদিনলৈ অপেক্ষা কৰি আছিল।
২। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটা হৈছে— সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা।
১৯৯৪ চনত ‘মধুপুৰ বহুদূৰ’ শীর্ষক গল্পসংকলনৰ বাবে শীলভদ্ৰই লাভ কৰে সাহিত্য অকাডেমি বঁটা আৰু ২০০২ চনত সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হয় অসম উপত্যকা সাহিত্য বঁটা।
৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
উত্তৰঃ প্রশান্ত শর্মা আছিল ভূদেৱ চৌধুৰীৰ বাল্যবন্ধু। চৌধুৰীয়ে অৱসৰ গ্ৰহণৰ পাছত অকলশৰীয়া অনুভৱ কৰিছিল আৰু তেনে অৱস্থাৰ পৰা হাত সৰাৰ উপায় বিচাৰি বন্ধু প্রশান্তলৈ চিঠি লিখিছিল। কিয়নো বন্ধু প্রশান্তৰ তেওঁৰ প্রতি আছিল অকৃত্রিম শুভেচ্ছা। প্রশান্তৰ আগ্রহপূর্ণ আৰু আন্তৰিকতাপূর্ণ চিঠি এখনে চৌধুৰীলৈ কঢ়িয়াই আনিব পাৰে অনাবিল সুখ। মনত সৃষ্টি কৰিব পাৰে বিভিন্ন অনুভূতিৰ উত্তাল তৰংগ। সেই আশাৰেই চৌধুৰীয়ে লিখিছিল বন্ধুলৈ চিঠি।
৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান?
উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি
বুলি কোৱা হৈছে।
ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ বৰেণ্য ব্যক্তি। এনে ব্যক্তিয়ে লিখোঁতে ব্যৱহাৰ কৰা শব্দ, বাক্যৰ গুৰুত্ব অপৰিসীম। তদুপৰি তেওঁলোকৰ দৰে বৰেণ্য ব্যক্তিৰ এশাৰী বাক্যও আশীর্বাদস্বৰূপ। সেয়ে তেওঁ লিখা চিঠিক সঞ্চয়যোগ্য সম্পত্তি বুলি কোৱা হৈছে।
৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
উত্তৰঃ বর্তমান সময় হৈছে আধুনিক প্ৰযুক্তি বিদ্যাৰ সময়।কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একো একোটি উত্তম মাধ্যম,যাৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয়।সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কম হোৱা দেখা যায়।
দীঘল প্ৰশ্নোত্তৰ
১। শীলভদ্ৰৰ সাহিত্যকৃতিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া সাহিত্য জগতত এগৰাকী সুনিপুণ লেখক হিচাপে পৰিচিত ব্যক্তি হ’ল শীলভদ্ৰ,যাৰ প্ৰকৃত নাম হ’ল ৰেৱতীমোহন দত্ত চৌধুৰী।সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে। শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্রথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়।নতুন যুগৰ অভিঘাতত মর্যাদা আৰু স্থানচ্যুত হোৱা পুৰণি অভিযাত শ্ৰেণীৰ ত্ৰিশঙ্কু-অৱস্থা,হেৰাই যাবলৈ উপক্ৰম কৰা বিগত যুগৰ ৰসাল চিত্ৰায়ন,আৰু নিঃস্ব-নিষ্পেষিতৰ প্ৰতি সহানুভূতি শীলভদ্ৰৰ উপন্যাসৰ সাধাৰণ বৈশিষ্ঠ্য। পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱ’ প্রকাশ পায়।ইয়াৰ পাছত তেওঁৰ কুৰিখনৰো অধিক গল্পসংকলন প্ৰকাশ পায়।তাৰে কেইখনমান হ’ল সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তর্পন, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শীলভদ্রই ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল। সাহিত্য কর্মৰ স্বীকৃতি স্বৰূপে শীলভদ্রই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’,১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাদেমি বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
২। ‘চিঠি’ চুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে।
নিঃসংগ লোক বা কোনো আত্মীয়ৰ পৰা আঁতৰত থকাজনৰ মনত চিঠি এখনে কেনে প্রতিক্ৰিয়া কৰিব পাৰে, সেয়ে ‘চিঠি’ গল্পটোৰ প্রতিপাদ্য বিষয়।
ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শর্মা দুয়ো বাল্যকালৰ বন্ধু। সময়ত কর্মজীৱনৰ পৰা অৱসৰ লৈছে। একেখন চহৰৰ ভিন্ন প্রান্তত বাস কৰা সত্ত্বেও দুয়োৰে মাজত নাছিল যোগাযোগ। আচলতে ফোন, গাড়ী আদি মাধ্যমৰ অভাৱ আছিল। হঠাতে এদিন চৌধুৰীৰ মনলৈ আহিল চিঠিৰে যোগাযোগৰ কথা। ভবা মতেই কাম। প্রশান্তলৈ চিঠি পঠাই তাৰ প্ৰত্যুত্তৰৰ বাবে গভীৰ প্রত্যাশাৰে বাট চাইছিল তেওঁ। পিচে চৌধুৰীৰ সেই আশাত চেঁচা পানী ঢালি প্রশান্তৰ ভতিজাকে খুৰাকৰ মৃত্যুৰ বাতৰিহে চৌধুৰীক দিলে।
অকণো পলম নকৰি চৌধুৰী প্ৰশান্তৰ ঘৰত উপস্থিত হ’ল। প্ৰশান্তৰ ল’ৰাটোৱে চৌধুৰীক আগ বঢ়াই নিলে আৰু তেওঁৰ চিঠিখন পাই দেউতাকে কিমান যে ভাল পাইছিল সেই খবৰটো আৰম্ভণিতে দিলে। নিজে ভালপোৱাই নহয়, সকলোকে চিঠিখন দেখুৱাইহে তেওঁ শান্তি পাইছিল। আনকি উত্তৰ দিবলৈ এটা লেফাফাও আনি থৈছিল। পুতেকে কোৱা কথাখিনিকে প্রশান্তৰ ছোৱালী আৰু পত্নীয়েও দোহাৰিলে।
চিঠিখন পোৱাৰ পাছত প্ৰশান্তৰ ঘৰখন কেনেদৰে চৌধুৰীৰ চিঠিকেন্দ্রিক হৈ পৰিছিল তাক অনুধাৱন কৰি চৌধুৰীৰ চকুযুৰি সিক্ত হৈ পৰিল। অলস মুহূৰ্তত অপৰিকল্পিতভাৱে লিখা তেওঁৰ চিঠিখন প্রশান্তৰ বাবে ইমান মূল্যৱান আছিল বুলি বন্ধুৰ ঘৰলৈ আহিহে প্রতীয়মান হ’ল। দুজন বন্ধুৰ সুখ-দুখৰ সাঁকো হৈ ৰ’ল যেন এখন চিঠি।
সমগ্র গল্পটো ভৰি আছে চিঠি এখনৰ প্ৰাপ্তি অথবা অপ্রাপ্তিত হোৱা আনন্দমধুৰ বা বেদনাগধুৰ ভাবেৰে।
৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল?
উত্তৰঃ সান্নিধ্যৰ আঁতৰত থকা এজন ব্যক্তিয়ে আন এজনৰ সৈতে কৰা যোগাযোগৰ-মাধ্যম হ’ল চিঠি। এজন ব্যক্তিয়ে নিজৰ ভাব, আন্তৰিকতা, সুখ-দুখ আদি সমস্যা চিঠিত লিখি ডাকযোগে বিনিময় কৰে। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো বাল্যকালৰে বন্ধু, সময়ত দুয়ো কৰ্মজীৱনৰ পৰা অৱসৰ লৈছে। ভূদেৱ চৌধুৰীয়ে এদিন প্রশান্তলৈ এখন চিঠি পঠিয়ালে আৰু তাৰ প্ৰত্যুত্তৰৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰ’ল। কিন্তু চৌধুৰীৰ সেই আশাত চেঁচা পানী ঢালি প্রশান্তৰ ভতিজাকে চৌধুৰীক প্ৰশান্তৰ মৃত্যুৰ বাতৰিহে দিলে।
খবৰটো পাই অকণো পলম নকৰি চৌধুৰী প্ৰশান্তৰ ঘৰত উপস্থিত হ’ল।
প্রশান্তৰ ল’ৰাটোৱে চৌধুৰীক আগবঢ়াই নিলে আৰু তেওঁৰ চিঠিখন পাই দেউতাকে কিমান ভাল পাইছিল আৰম্ভণিতে সেই খবৰটো দিলে। নিজে ভালপোৱাই নহয়, সকলোকে চিঠিখন দেখুৱাই নিজৰ আনন্দ প্রকাশ কৰিহে শান্তি পাইছিল। সেইকেইদিন সকলোকে চৌধুৰীৰ বিভিন্ন কথা কৈছিল। আনকি উত্তৰ দিবলৈ এটা লেফাফাও আনি থৈছিল। পুতেকে কোৱা কথাখিনিকে প্রশান্তৰ ছোৱালী আৰু পত্নীয়েও দোহাৰিলে।
চিঠিখন পোৱাৰ পাছত প্ৰশান্তৰ ঘৰখন কেনেদৰে চৌধুৰীৰ চিঠিকেন্দ্ৰিক হৈ পৰিছিল তাক অনুধাৱন কৰি চৌধুৰীৰ চকুযুৰি সিক্ত হৈ পৰিল। অলস মুহূৰ্তত অপৰিকল্পিতভাৱে লিখা তেওঁৰ চিঠিখন প্রশান্তৰ বাবে ইমান মূল্যৱান আছিল বুলি বন্ধুৰ ঘৰলৈ আহিহে প্রতীয়মান হ’ল।
৪। আপোনজনৰপৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ এজন ব্যক্তিয়ে আনজনৰ সৈতে ভাব বিনিময়ৰ মাধ্যম চিঠি। টেলিফোন বা মোবাইল উদ্ভাৱনৰ আগৰছোৱাত মানুহে ডাকযোগে খবৰ বিনিময় কৰিছিল। দূৰ-দূৰণিত বসবাস কৰাসকলে কিছুদিনৰ বিৰতিত এখন চিঠি পোৱা সম্ভৱ হয়। তাকো যাতায়তৰ সুবিধা-অসুবিধা মতেও চিঠি প্রাপ্তিৰ হীন-দেঢ়ি ঘটে।
সেয়ে কোনো পিতৃ-মাতৃয়ে সন্তানৰ, বন্ধুৱে বন্ধুৰ, প্রেমিকে প্ৰেয়সীৰ খবৰ পাবলৈ অধীৰ অপেক্ষা কৰিবলগীয়া হয়। চিঠি এখনৰ প্ৰাপ্তি অথবা অপ্রাপ্তিত মন কেনেদৰে আনন্দমধুৰ বা বেদনাগধুৰ হয় তাৰ অভিজ্ঞতা এসময়ৰ সকলো লোকৰে আছে।
‘চিঠি’ গল্পটিত ভূদেৱ চৌধুৰী নামৰ লোকজনে তেওঁৰ মনেমিলা বন্ধু প্রশান্ত চৌধুৰীলৈ চিঠি এখন পঠিওৱাৰ পিছতে আৰম্ভ হৈছে এক উৎকণ্ঠাযুক্ত অপেক্ষা। তেনে এনে ব্যাকুল প্রতীক্ষা তেওঁ কৰিব লগীয়া হৈছিল বিয়াৰ পাছত মৰমৰ পত্নীক গাঁৱৰ ঘৰত থৈ বাগানত থকা সময়তো। অতি সাধাৰণ
কথাৰে লিখা চিঠিখন পালেহে মন শান্ত হৈছিল, উৎকণ্ঠাৰ অন্ত পৰিছিল। প্রশান্ত শর্মালৈ চিঠি এখন প্ৰেৰণ কৰিও তেওঁ একে উৎকণ্ঠাৰে উত্তৰৰ অপেক্ষা কৰিছিল। আনকি ঘৰত নথকা সময়খিনিতে চিঠিখন আহিল যেন ধাৰণা কৰি পত্নীক সুধিছিল, ‘চিঠি-পত্র কিবা আহিছে নেকি?’ ভূদেৱ চৌধুৰী প্রেৰিত চিঠিখনে প্রশান্তৰ মন আৰু পৰিয়ালবৰ্গলৈ যে এক আনন্দৰ বাৰ্তা কঢ়িয়াই নিছিল তাকো গল্পটিত সুন্দৰকৈ প্ৰকাশ কৰিছে। ভূদেৱৰ চিঠিখন পাই আনন্দত প্রশান্তই সকলোকে দেখুওৱাই নহয়, ভূদেৱৰ অতীত জীৱনৰ অনেক কথাও
পৰিয়ালক কৈ তৃপ্তি পাইছিল। প্রশান্তৰ পুত্র-কন্যা আৰু পত্নীয়ে ভূদেৱৰ আগত এই কথা অকপটে স্বীকাৰ কৰাত ভূদেৱৰ চকু সেমেকি উঠিছে য’ত ব্যক্ত হৈছে শোক আৰু আনন্দৰ মিশ্রিত প্রতিক্রিয়া।
দুজন বন্ধুৰ সুখ আৰু দুখৰ সাঁকো হৈ ৰ’ল মাত্র এখন চিঠি।
৫। ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰঃ ‘চিঠি’ গল্পটিৰ নামকৰণ অতি সাৰ্থক আৰু যথাযথ। সাধাৰণতে কোনো সাহিত্যক্ৰমৰ নামত সেই ৰচনাৰ মূল ভাব, চৰিত্ৰ বা ঘটনাৰ ইংগিত পোৱা যায়। শীলভদ্ৰৰ এই গল্পটোও সেই দৃষ্টিতে নিখুঁত। গল্পটো সম্পূৰ্ণৰূপে এখন চিঠিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। কাহিনীৰ মুখ্য চৰিত্ৰ ভূদেৱ চৌধুৰীয়ে তেওঁৰ পুৰণি বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি প্ৰেৰণ কৰে আৰু উত্তৰৰ বাবে অধীৰভাৱে অপেক্ষা কৰে। সেই একটিমাত্ৰ চিঠিয়েই দুটা ঘৰত উৎকণ্ঠা, আনন্দ আৰু আশাৰ সৃষ্টিকাৰী হৈছে।
চিঠিৰ উত্তৰ দিবলৈ প্ৰশান্ত শৰ্মা যেতিয়া সাজু হৈছিল, তেতিয়াই তেওঁৰ মৃত্যু ঘভৰাবোৰক ভঙ কৰে। বন্ধুৰ মৃত্যুৰ বতৰা পোৱাৰ পিছত ভূদেৱেও গভীৰ আঘাত পাইছিল। সেইবাবে এই গল্পত “চিঠি” শব্দটোৱে কেৱল কাহিনীৰ ভিত্তিমাত্ৰ নহয়, ই পুৰণি বন্ধুত্বৰ স্নেহ, প্ৰেম আৰু মানবিক সম্পৰ্কৰ প্ৰতীক হিচাপেও প্ৰকাশ পাইছে।
সেয়ে ক’ব পাৰি, ‘চিঠি’ নামটো গল্পটোৰ কেন্দ্ৰীয় ভাব আৰু ঘটনাবলীৰ নিখুঁত প্ৰতিনিধিত্ব কৰে আৰু নামকৰণ সাৰ্থক।
দ্বাদশ শ্ৰেণী অসমীয়া (চিঠি – শীলভদ্ৰ) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



