দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৭ – অসমীয়া চলচ্চিত্ৰৰ গতিধাৰাৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 7 – অসমীয়া চলচ্চিত্ৰৰ গতিধাৰাৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ সপ্তমটো অধ্যায় হ’ল – **অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা**। এই প্ৰবন্ধটোত **অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে** ইয়াৰ বিকাশৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠৰ মূল অংশ হৈছে **জ্যোতিপ্ৰসাদ আগৰৱালা** ৰ দ্বাৰা নিৰ্মিত **প্ৰথম অসমীয়া ছবি জয়মতী (Joymati)**। অসমীয়া সাংস্কৃতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে, এই অধ্যায়ৰ পৰা AHSEC Final Exam ত **দীঘলীয়া প্ৰশ্ন** অহাটো নিশ্চিত।
At Ospin Academy, our solutions offer comprehensive details on the milestones of Assamese cinema. We cover key figures, important films, and different eras of cinematic development in Assam. Our point-wise answers are specifically designed to help students tackle **5-mark descriptive questions** that require historical data and critical analysis. Prepare effectively for the **AHSEC Board Exam 2025** by focusing on the crucial facts and chronology of this essay.
✅ কি শিকিব (What You Will Learn):
- **জ্যোতিপ্ৰসাদ আগৰৱালা** আৰু **জয়মতী (Joymati)** ৰ ঐতিহাসিক ভূমিকা।
- অসমীয়া চিনেমাৰ জন্ম আৰু প্ৰাৰম্ভিক সমস্যাসমূহ।
- **জাতীয় বঁটা (National Awards)** লাভ কৰা কেইখনমান উল্লেখনীয় অসমীয়া চলচ্চিত্ৰ।
- অসমীয়া চলচ্চিত্ৰৰ **স্বৰ্ণ যুগ** আৰু ইয়াৰ বৈশিষ্ট্য।
- AHSEC Board Exam 2025 ৰ বাবে **Date and Fact-based Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ** সকলো তথ্যৰ সৰল উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Pattern** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on key **Directors, Films, and Dates** for accurate answers.
- Chapter 7 Solutions in a downloadable **PDF format**.
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংস্কৃতি আৰু ইতিহাসৰ মিশ্ৰণ থকা এই পাঠৰ বিশেষ সমাধান।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
অতি চমু প্ৰশ্নোত্তৰ
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবি কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিৰ আখ্যানৰ মূল ভেটি হ’ল লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।
২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানী দেশত চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ ‘চিত্ৰবন’ নামৰ ষ্টুডিঅ’টোৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ নাম হৈছে ‘নিমিলা অংক’।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ লতা মংগেছকাৰে গীত পৰিৱেশন কৰা এখন অসমীয়া চলচ্চিত্ৰ হৈছে ‘এৰা বাটৰ সুৰ’।
চমু প্ৰশ্নোত্তৰ
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন চলচ্চিত্ৰ হৈছে— ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।
২। এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। ‘ডঃ বেজবৰুৱা’ পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই আৰু ‘গঙা চিলনীৰ পাখি’ পৰিচালনা কৰিছিল পদুম বৰুৱাই।
৩। ভবেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভবেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবি হৈছে— ‘সন্ধ্যাৰাগ’, ‘অগ্নিস্নান’ আৰু ‘সাৰথি’।
৪। জয়মতী, চিৰাজ, সতী বেউলা— এই কথাছবিকেইখনৰ সংগীত পৰিচালককেইজনৰ নাম লিখা।
উত্তৰঃ ‘জয়মতী, ‘চিৰাজ’ আৰু ‘সতী বেউলা’ৰ সংগীত পৰিচালনা কৰিছিল ক্রমে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই।
৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?
উত্তৰঃ ব্যক্তিগত প্রচেষ্টাত অসমীয়া চলচ্চিত্র নির্মাণৰ কাম জ্যোতিপ্রসাদ আগৰৱালাই আৰম্ভ কৰিছিল যদিও পাছলৈ চৰকাৰে প্ৰযোজকক আর্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰে। গুৱাহাটীৰ কাহিলীপাৰাত নিৰ্মাণ কৰে ‘জ্যোতি চিত্রবন ছোছাইটি’ নামৰ ফিল্ম ষ্টুডিঅ’। জ্যোতিপ্ৰসাদৰ স্মৃতিত নির্মিত এই ষ্টুডিঅ’ ই চিনেমা নির্মাতাসকলক প্রযোজনাৰ বাবে বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। একেটা চৌহদতে স্থাপিত হৈছে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্ ষ্টিটিউট’। ছবি প্রযোজনাৰ বাবে গঠন হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আর্কাইভো স্থাপন হৈছে চৰকাৰী উদ্যোগতে।
দীঘল প্ৰশ্নোত্তৰ
১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰ শিল্পৰ প্ৰতিষ্ঠাপক হিচাপে জনাজাত। ছবি এখনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অনুধাৱন কৰি, ১৯৩৪ চনত কোনো বিশেষ আন্তঃগাঁথনি নথকা পৰিৱেশতো, জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া ভাষাৰ ছবি ‘জয়মতী’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিছিল। তেওঁ তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ, কাঠ আৰু কলগছ ব্যৱহাৰ কৰি ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল আৰু শব্দগ্ৰহণৰ দৰে কঠিন কামতো সাহস কৰিছিল। ইউৰোপত সংগীতৰ শিক্ষা গ্ৰহণ কৰি অহা জ্যোতিপ্ৰসাদে অসমৰ লোকগীতৰ সুৰক এক পৰিশীলিত আৰু সুকীয়া ৰূপ দি ‘জয়মতী’ত প্ৰয়োগ কৰিছিল। ইয়াৰ উপৰিও, লক্ষ্মীনাথ বেজবৰুৱাৰ মূল ‘জয়মতী’ নাটকত নথকা লালুকসোলা, গাঁঠি হাজৰিকাৰ দৰে চৰিত্ৰসমূহ, ভাওনাৰ প্ৰসংগ, জাপি-নৃত্য আৰু অসমৰ ঘৰুৱা জীৱনৰ চিত্ৰায়ণৰ জৰিয়তে, জ্যোতিপ্ৰসাদে প্ৰায় চাৰি কুৰি বছৰ পূৰ্বেই বৰ্তমানৰ তথাকথিত পৰীক্ষামূলক কথাছবিৰ আৰ্হিত প্ৰদৰ্শনশৈলী নিবেদন কৰিবলৈ যত্ন কৰিছিল। ভাৰতত সবাক চিত্ৰ নিৰ্মাণ আৰম্ভ হোৱাৰ মাত্ৰ পাঁচ বছৰৰ ভিতৰতে, সেই সময়ৰ অসমৰ দৰে এখন অনগ্ৰসৰ অঞ্চলৰ এজন যুৱকে কোনো ষ্টুডিঅ’ৰ সহায় অবিহনে বৰ্হিভাগৰ দৃশ্যসমূহ আৰু স্ব-নিৰ্মিত ‘দৃশ্যসজ্জা’ৰ ভিত্তিত এখন বুৰঞ্জীমূলক নাটকক কথাছবিলৈ ৰূপান্তৰিত কৰাটো অতিশয় কষ্টকৰ আৰু দুঃসাধ্য কাম আছিল।
১৯৩৫ চনৰ ১০ মাৰ্চত প্ৰথমে কলকাতাত আৰু ২০ মাৰ্চত গুৱাহাটীত ‘জয়মতী’ বোলছবিখনে মুক্তি লাভ কৰিছিল যদিও শব্দযন্ত্ৰৰ বিফলতাই পৰিচালক জ্যোতিপ্ৰসাদক হতাশ কৰিছিল। কিন্তু অপৰাজিত মনৰ এই শিল্পীগৰাকীয়ে লাহোৰৰ ষ্টুডিঅ’ত অকলে বহি অস্পষ্ট সংলাপবোৰ পুনৰ ‘ডাবিং’ কৰি ছবিখন দৰ্শকৰ ওচৰত দাঙি ধৰিছিল।
ইয়াৰ পিছত, ১৯৩৯ চনত তেওঁ অতি কম খৰচত আৰু কম সময়ৰ ভিতৰতে ‘ইন্দ্ৰমালতী’ নামৰ দ্বিতীয়খন কথাছবি নিৰ্মাণ কৰে, যাৰ বাবে মাত্ৰ দুদিনহে কলকাতাৰ ষ্টুডিঅ’ত দৃশ্যগ্ৰহণ কৰা হৈছিল। প্ৰথম অসমীয়া সামাজিক ছবি ‘ইন্দ্ৰমালতী’ ব্যৱসায়িক দিশত সফল হৈছিল আৰু ই ‘জয়মতী’ৰ লোকচান পূৰণ কৰিবলৈ সক্ষম হৈছিল। ‘জয়মতী’ত অতীতৰ গৌৰৱোজ্জ্বল কাহিনী আছিল, আনহাতে ‘ইন্দ্ৰমালতী’ত স্বাধীনতা আন্দোলনৰ চিত্ৰ ফুটি উঠিছিল।
এইদৰে নিজৰ উজ্জ্বল প্ৰতিভা আৰু অৱদানেৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰ জগতক সমৃদ্ধ কৰি থৈ গৈছে।
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমৰ অন্যতম শ্রেষ্ঠ শিল্পী ড° ভূপেন হাজৰিকাই সংগীত আৰু চলচ্চিত্ৰৰ জগতখনক নিজস্ব অৱদানেৰে সমৃদ্ধ কৰি গৈছে।
ভূপেন হাজৰিকাক শৈশৱতেই গ্রামোফোন ৰেকৰ্ড আৰু বোলছবি জগতত প্রৱেশ কৰোৱাইছিল জ্যোতিপ্রসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদৰ… হাজৰিকাই কণ্ঠদান কৰিছিল। তাৰ পাছত ‘সতী বেউলা’ বোলছবিৰ জৰিয়তে তেওঁ সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰে। পাছলৈ বহু চিনেমাৰ সংগীত পৰিচালনা তেওঁ কৰিছিল। ‘চামেলি মেমচাব’ বোলছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল।
১৯৫৬ চনত ড° হাজৰিকাৰ পৰিচালনাত মুক্তিলাভ কৰিছিল অসমৰ মাটিৰ সুৰ আধাৰিত বোলছবি ‘এৰা বাটৰ সুৰ’। এইখন বোলছবিত বিষ্ণু ৰাভা, ফণী শৰ্মা, বিজয় শংকৰ দাসক অভিনয় কৰোৱাৰ উপৰি ভাৰতৰ কিংবদন্তী সংগীতকাৰ লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদিৰ কণ্ঠ ব্যৱহাৰ কৰি তেওঁ সৰ্বভাৰতীয় পর্যায়ত বোলছবিখনক চিনাকি কৰাই দিছিল। এই বোলছবিখন অসমীয়া ৰোমাণ্টিক, গীতিমুখৰ ছবি হিচাপে স্বীকৃত হয়।
অসমীয়া চলচ্চিত্ৰৰ সীমিত বজাৰখন প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে তেওঁ ১৯৬৫ চনত নিৰ্মাণ কৰি উলিয়াইছিল ‘প্রতিধ্বনি’ শীর্ষক বোলছবিখন। এটি খাচী লোককথাৰ ভেটিত নির্মিত এই বোলছবিখন তেওঁ খাচী ভাষালৈ ‘ডাব’ কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। হিন্দী বোলছবি ‘তকদীৰ’ (ভাগ্য) অসমীয়ালৈ অনুবাদ কৰাতো তেওঁ আগভাগ লৈছিল। ৰাজশ্রী প্ৰডাকচনৰ লগত যৌথ প্রযোজনাত নিৰ্মাণ কৰা তেওঁৰ ‘চিকমিক বিজুলী’ নামৰ বোলছবিখন প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থা এটাই প্রযোজনা কৰা প্ৰথম অসমীয়া ছবি।
অসমীয়া চলচ্চিত্ৰৰ জনক জ্যোতিপ্ৰসাদে চিনাকি কৰাই দিয়া চলচ্চিত্ৰৰ জগতখনক জীৱিত কালত নানা অৱদানেৰে ড° হাজৰিকাই চহকী কৰি থৈ গৈছে। সেই অৱদান নিঃসন্দেহে অনবদ্য।
৩। ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰঃ অসমীয়া চলচ্চিত্ৰ জগতত ১৯৭০ দশকত এক নতুন ধাৰাৰ সূচনা হৈছিল— য’ত সাধাৰণ কাহিনী আৰু চলচ্চিত্ৰ নিৰ্মাণৰ চিৰাচৰিত ব্যাকৰণৰ প্ৰতি গুৰুত্ব দি বাস্তৱধৰ্মী ছবিৰ নিৰ্মাণ আৰম্ভ হৈছিল। এই নৱতম চিন্তাধাৰাত সজীৱতা আৰু গতিশীলতা প্ৰদান কৰাত মুখ্য ভূমিকা লৈছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই।
১৯৭৭ চনত মুক্তি লাভ কৰা শইকীয়াৰ প্ৰথম পৰিচালিত ছবি ‘সন্ধ্যাৰাগ’খন যথেষ্ট ব্যৱসায়িক আৰু কলাত্মক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ আৰু ছখন ছবি নিৰ্মাণ কৰিছিল। সেইসমূহ হৈছে— ‘অগ্নিস্নান’, ‘অনিৰ্বাণ’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱৰ্তন’ আৰু ‘ইতিহাস’। এই সাতোখন বোলছবিৰ বাবে তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ‘ৰজত কমল বঁটা’ৰে বিভূষিত হৈছিল। ‘অগ্নিস্নান’ চলচ্চিত্ৰখনৰ বাবে ড° শইকীয়াই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈও সমৰ্থ হৈছিল। তেওঁৰ দ্বাৰা নিৰ্মিত এখন হিন্দী চলচ্চিত্ৰৰ নাম ‘কালসন্ধ্যা’। ইয়াৰ উপৰিও ড° শইকীয়াৰ বোলছবি দেশ-বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
একে বাস্তৱবাদী ধাৰাত চলচ্চিত্ৰ নিৰ্মাণৰ কাম ১৯৮২ চনত জাহ্নু বৰুৱাই তেওঁৰ ‘অপৰূপা’ বোলছবি নিৰ্মাণৰ যোগেদি আৰম্ভ কৰে। ১৯৮৬ চনত তেওঁ দ্বিতীয়খন ছবি ‘পাপৰি’ নিৰ্মাণ কৰে। ১৯৮৭ চনত জাহ্নু বৰুৱাই নিৰ্মাণ কৰা ‘হালধীয়া চৰায়ে বাওধান খায়’ নামৰ ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা ‘স্বৰ্ণকমল বঁটা’ অৰ্জন কৰে। ১৯৯৫ চনত নিৰ্মিত ‘সাগৰলৈ বহু দূৰ’ বোলছবিখনে পৰিচালক হিচাপে তেওঁক ৰাষ্ট্ৰীয় পৰিৱেশত এক সুকীয়া স্থান দিয়ে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। জাহ্নু বৰুৱাই বৰ্তমানলৈকে মুঠ ১৩ খন অসমীয়া ছবি নিৰ্মাণ কৰিছে। ওপৰৰ চাৰিখনৰ উপৰিও তেওঁৰ দ্বাৰা নিৰ্মাণ কৰা আন ছবিকেইখন হ’ল— ‘বননি’, ‘ফিৰিঙতি’, ‘কুশল’, ‘পখী’, ‘কণিকাৰ ৰামধেনু’, ‘তৰা’, ‘বান্ধোন’ আৰু ‘অজেয়’। এই ছবিসমূহৰ ভিতৰত পাঁচখন ছবিয়ে আৰু প্ৰথম ছবি ‘অপৰূপা’ই শ্ৰেষ্ঠ ছবিৰ ‘ৰজত কমল বঁটা’ লাভ কৰে। ‘বনানি’য়ে পৰিৱেশ সংৰক্ষণ বিষয়ক শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ‘ফিৰিঙতি’ ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছিল। জাহ্নু বৰুৱাই ‘মেইনে গান্ধী কো নহী মাৰা’ আৰু ‘মুম্বাই কাটিং’ নামেৰে দুখন হিন্দী ছবিও নিৰ্মাণ কৰিছে। তেওঁ ‘অধিকাৰ’ আৰু ‘এক কাহানী’ নামৰ দুখন টেলিফিল্মও সৃষ্টি কৰিছিল।
বৰুৱাৰ ছবি কেৱল দেশ-বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাই নহয়, ই বহু পুৰস্কাৰ আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। তেওঁ এই সন্মানসমূহ লাভ কৰিছিল ‘সাগৰলৈ বহু দূৰ’, ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ‘মেইনে গান্ধী কো নহী মাৰা’ ছবিকেইখনৰ বাবে। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে জাহ্নু বৰুৱাক ২০০৩ চনত ‘পদ্মশ্ৰী’ সন্মান আৰু ২০১৫ চনত ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত কৰা হয়।
ড° ভবেন্দ্ৰনাথ শইকীয়াই নিজা প্ৰতিভাৰে অসমীয়া চলচ্চিত্ৰ জগতক অবিস্মৰণীয় অৱদান আগবঢ়াই গৈছে আৰু ঠিক তেওঁৰ পিছতেই সেই ধাৰাটোক জাহ্নু বৰুৱাই অধিক শক্তিশালী ৰূপত দাঙি ধৰিছে। মন কৰিবলগীয়া যে চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে প্ৰদান কৰা ‘ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা’ ২০১০ চনত প্ৰথমবাৰৰ বাবে জাহ্নু বৰুৱাই লাভ কৰিছিল।
৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ অসমীয়া চলচ্চিত্র বিনোদন ধর্মী ছবিক বাদ দি সম্পূর্ণ নহয়।
১৯৬৯ চনত মুক্তি প্রাপ্ত ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ নামৰ বোলছবিখন আছিল বিনোদনধর্মী প্রথম সফল ব্যৱসায়িক ছবি। তাৰ পাছত নির্মাণ হয় ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ আদি বোলছবি। এইবোৰ ছবি নিৰ্মাণৰ পাছতে অসমীয়া ছবিৰ ব্যৱসায় নিম্নগামী হ’বলৈ ধৰে। কেইবাগৰাকীও অসমীয়া পৰিচালকে
হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদান ব্যৱহাৰ কৰি এই মন্দাৱস্থা শাম কটাবলৈ চেষ্টা কৰিও সফল হ’ব পৰা নাছিল। এই অৱস্থাক ম্লান পেলাই অসমীয়া ছবিৰ ব্যৱসায়ক হঠাৎ উজ্জ্বল কৰি তোলে ১৯৯৮ চনত মুক্তিপ্রাপ্ত অশোক কুমাৰ বিষয়া পৰিচালিত ‘যৌৱনে আমনি কৰে’ নামৰ ছবিখনে। ইয়াৰ পাছতে নিৰ্মাণ হয় ‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ আদি একে পৰিচালকৰ বিনোদনধর্মী ছবি। তেওঁৰ পাছত এই ধাৰাৰ ব্যৱসায়িক সফল ছবি নির্মাণ কৰে মুনীন বৰুৱাই। ‘হিয়া দিয়া নিয়া’ তেওঁৰ সফল ছবি। পৰৱৰ্তী সময়ত ৰুচিবোধৰ ক্ষেত্ৰত আপোচ নকৰাকৈ তেওঁ ‘দাগ’ ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰং’, ‘ৰামধেনু’ আদি বিনোদন ধর্মী চিনেমা নির্মাণ কৰে। কেইবাখনেও ব্যৱসায়িক সফলতাৰ মুখ দেখে।
অসমীয়া বিনোদনধর্মী ছবি আগলৈও নির্মাণ হ’ব বুলি আশা কৰিব পাৰি।
৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ চলচ্চিত্ৰত প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ কথাছবিৰে। এই ছবিখনে ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত সৃষ্টি কৰিছিল। তাৰপিছত ‘চামেলি মেমচাব’ ছবিত সংগীত পৰিচালনাৰ বাবে ড° ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, যিটো সংগীত শিতানত অসমীয়া চলচ্চিত্ৰৰ প্ৰথম সন্মান। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিখনে লাভ কৰে ৰাষ্ট্ৰীয় বঁটা শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে।
জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখনে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে স্বৰ্ণকমল বঁটা লাভ কৰে। তেওঁৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাত সন্মানিত হয়। ইয়াৰ পিছত জাহ্নু বৰুৱাৰ ‘অপৰূপা’, ‘বনানী’, ‘কুশল’, ‘পখী’, ‘কণিকাৰ ৰামধেনু’, ‘বান্ধোন’ আদিসহ বহুকেইখন ছবিখনে বিভিন্ন শিতানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। একে ধৰণে, মঞ্জু বৰুৱাৰ ‘বৈভৱ’ আৰু ‘আই ক’ত নাই’, সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’, bidyut chakravartyৰ ‘ৰাগ-বিৰাগ’, গৌতম বৰাৰ ‘ৱশ্ব’বিপু’ আৰু সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’ ছবিসমূহেও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
সংগীত পৰিচালনাৰ বাবে শ্বৰ চৌধুৰী, অভিনয়ৰ বাবে মলয়া গোস্বামী, সম্পাদনাৰ বাবে এ শ্ৰীকৰ প্রসাদ, চিত্রগ্ৰহণৰ বাবে মৃণালকান্তি দাস আৰু নেপথ্য গীতত তৰালি শৰ্মাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান পাইছে। লগতে অভিনয়ৰ ক্ষেত্ৰত ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিছে। তথ্যচিত্ৰ, চলচ্চিত্ৰ সমালোচনা আৰু চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ ক্ষেত্ৰতো কেইবাগৰাকী অসমীয়াই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া চলচ্চিত্ৰে অসমৰ নাম উজ্বল কৰিছে। জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ আৰু ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্চ’ ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গুৰুত্বপূর্ণ বঁটা আৰু প্রশংসা লাভ কৰিছিল। ‘ভিলেজ ৰকষ্টাৰ্চ’ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল লাভ কৰাৰ লগতে বিদেশত ভাৰতীয় সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰিছে।
ইফালে অসমৰ অন্যান্য পৰিচালকসকলে অৰণ্য, চামেলি মেমচাব, অগ্নিস্নান, গঙা চিলনীৰ পাখি আদিৰ জৰিয়তে দেশবিদেশত অসমীয়া চলচ্চিত্ৰক সমান্তৰাল চিনেমাৰ মানদণ্ডলৈ উচুটিবলৈ সক্ষম হৈছে। ইয়াৰ ফলস্বৰূপে, অসমীয়া চলচ্চিত্ৰ আজি কেৱল আঞ্চলিক নহয়, সাৰ্বভৌম এনে এক কৃতিত্বত পৰিণত হৈছে।
দ্বাদশ শ্ৰেণী অসমীয়া (অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



