দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৮ – বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)
AHSEC Class 12 Assamese Chapter 8 – বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)
AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ অষ্টমটো অধ্যায় হ’ল – **বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো**। এই প্ৰবন্ধটোৱে ছাত্ৰ-ছাত্ৰীসকলক **যুক্তিবাদী চিন্তা (Rational thinking)**, **প্ৰশ্ন কৰাৰ প্ৰৱণতা**, আৰু **অন্ধবিশ্বাস ত্যাগ কৰাৰ** গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে। আধুনিক সমাজৰ বাবে **scientific temper** অতিশয় প্ৰয়োজনীয়, আৰু এই পাঠে তাৰেই ভেটি স্থাপন কৰে। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো ই এক সামাজিক-বৈজ্ঞানিক বিষয়।
At Ospin Academy, we provide comprehensive and well-structured solutions for all questions based on this important essay. Our material breaks down the concepts of **scientific attitude** and how to apply it in daily life. Students will learn how to approach the **5-mark descriptive questions** that require presenting arguments on rationalism versus superstition. Prepare effectively for the **AHSEC Board Exam 2025** by mastering the core principles of this thought-provoking chapter.
✅ কি শিকিব (What You Will Learn):
- **বৈজ্ঞানিক মানসিকতাৰ প্ৰকৃত অৰ্থ** আৰু ইয়াৰ প্ৰয়োজনীয়তা।
- **অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ** পৰা নিজকে মুক্ত কৰাৰ কৌশল।
- **যুক্তিবাদী চিন্তা** আৰু **সমালোচনা কৰাৰ ক্ষমতাৰ** বিকাশ।
- শিক্ষাত **scientific method** ৰ ভূমিকা আৰু ব্যৱহাৰ।
- AHSEC Board Exam 2025 ৰ বাবে **Argumentative and Essay-type Questions**।
🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):
- **বৈজ্ঞানিক মানসিকতাৰ** ওপৰত আধাৰিত সকলো প্ৰশ্নৰ সহজ উত্তৰ।
- AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
- Focus on **Key Concepts and Argumentative Points** for high scores.
- Chapter 8 Solutions in a downloadable **PDF format**.
- Assamese Medium ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমাজ আৰু বিজ্ঞানৰ এই সংমিশ্ৰিত পাঠৰ বিশেষ বিশ্লেষণ।
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, 2025)
Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
অতি চমু প্ৰশ্নোত্তৰ
১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটি ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক প্ৰবন্ধটি ড° দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
উত্তৰঃ বসন্ত ৰোগৰ সৃষ্টি হোৱাৰ বিজ্ঞানভিত্তিক কাৰণ হৈছে ভাইৰাছৰ সংক্ৰমণ। একপ্ৰকাৰৰ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰাহে বসন্ত ৰোগৰ উৎপত্তি হয়।
৩। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰঃ আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ গভীৰ ৰহস্যসমূহ উন্মোচন কৰা এই ব্যৱস্থাটোক বিজ্ঞান হিচাপে অভিহিত কৰা হয়।
৪। যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
উত্তৰঃ যাদু-মন্ত্ৰ অথবা তাবিজ-বিভূতি ব্যৱহাৰ কৰি কোনো ৰোগৰ আৰোগ্য সাধন কৰিব পৰা নাযায়।
৫। ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
উত্তৰঃ ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান সম্পৰ্কীয় আলোচনীখন হৈছে ‘দৃষ্টি’।
চমু প্ৰশ্নোত্তৰ
১। ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত বুজাই লিখা।
উত্তৰঃ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ ঔষধ লাভ কৰা বুলি দাবী কৰে। কিন্তু লেখকৰ মতে এনে ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত। কিয়নো, এইবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰা নহ’লে ৰোগীৰ বাবে ই বিপজ্জনক হ’ব পাৰে।
২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি।
৩। মুকলি মন মানে কি?
উত্তৰঃ মুকলি মন মানে হৈছে চিন্তাৰ বিশালতা থকা এটা বহল মন। পুৰণা কথা এটাত আঁকোৰগোজ হৈ লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱেই হৈছে মুকলি মন। সদায় ন ন চিন্তাৰে সমৃদ্ধ হৈ ন ন কথাক সাকাৰ ৰূপ দিব খোজা মনটোৱেই মুকলি মন।
৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে?
উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই। এই কথা আধুনিক চিকিৎসা বিজ্ঞানে প্রমাণ কৰি দেখুৱাইছে।
৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
উত্তৰঃ শিলত শিল দলিয়াই আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল।
দীঘল প্ৰশ্নোত্তৰ
১। ‘আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’— কথাষাৰ বুজাই লিখা।
উত্তৰঃ মানুহৰ মনত নজনা কথাবোৰ জানিবলৈ থকা আগ্ৰহ অনাদি কালৰ পৰাই বিদ্যমান। বুজিব নোৱাৰা কথাবোৰ বুজিবলৈ চেষ্টা কৰা, আৰু সহজে ধৰিব নোৱাৰা ঘটনাবোৰো সূক্ষ্মভাৱে পৰীক্ষা কৰি চাবলৈ খোজা মানৱীয় স্বভাৱ। এই কামবোৰ পূৰণ কৰিবলৈ মানুহৰ আছে চিন্তা কৰিব পৰা ক্ষমতা আৰু মেধা। ইয়াৰ সহায়ত মানুহে বিভিন্ন বস্তু, নতুন তথ্য, ঘটনা আৰু পৰিঘটনাসমূহ আৱিষ্কাৰ কৰিবলৈ ধৰিলে। এনে অনুসন্ধিৎসু প্ৰক্ৰিয়াৰ মাজেৰেই বিজ্ঞান প্ৰক্ৰিয়াৰো আৰম্ভণি ঘটে। নিজৰ বুদ্ধি আৰু অনুসন্ধিৎসাৰ যোগেদি মানুহে বিশ্ব ব্ৰহ্মাণ্ডৰ অনেক ৰহস্য উন্মোচন কৰি গৈ আছে, আৰু যি পদ্ধতিৰে এই কাৰ্য সম্ভৱ হৈছে, সেয়াই হ’ল বিজ্ঞান। আমি দেখা বস্তু আৰু ঘটনাবোৰৰ এক সুসংগঠিত আৰু ক্ৰমবদ্ধ ব্যাখ্যা দিয়াৰ প্ৰয়াস বিজ্ঞানৰ মাজত থাকে। এই ব্যাখ্যাসমূহ সদায়েই প্ৰামাণিক হয়। বিজ্ঞানে কোনো বক্তব্য বা ঘটনাৰ তথ্যসমূহৰ গভীৰ পৰ্যবেক্ষণেৰে এক নতুন আৰু স্বীকৃত সিদ্ধান্ত নিৰ্ধাৰণ কৰে। বিজ্ঞানৰ বাবেই বিশ্ব ব্ৰহ্মাণ্ডৰ ন ন গোপনীয়তা প্ৰতিদিনে উদঘাটন হৈ আছে।
২। বৈজ্ঞানিক মানসিকতা বুলিলে কি বুজা?
উত্তৰঃ বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু অথবা ঘটনাক যুক্তিযুক্তভাৱে বিশ্লেষণ আৰু বিচাৰ কৰিব পৰা মানসিক ক্ষমতাই হৈছে বৈজ্ঞানিক মানসিকতা। এইটো জৰুৰী নহয় যে বিজ্ঞানত উচ্চ ডিগ্ৰী লাভ কৰা এজন ব্যক্তিও বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বই লাগিব; তেওঁ বৰঞ্চ পৰম্পৰাবাদী বা অন্ধবিশ্বাসীও হ’ব পাৰে। আনহাতে, সমাজৰ নিৰক্ষৰ আৰু সাধাৰণ লোক এজনো বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল, বৈজ্ঞানিক মানসিকতা ডিগ্ৰী বা শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰং ই মনৰ যুক্তিভিত্তিক চিন্তা আৰু গ্ৰহণশীলতাৰ ওপৰতহে নিৰ্ভৰ কৰে।
৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ পুৰণি কালত মানুহে বহুতো ঘটনা বা কাৰ্যৰ কাৰ্য-কাৰণৰ সম্পৰ্ক সম্পৰ্কে অৱগত নাছিল। সেয়েহে সেইবোৰক তেওঁলোকে দেৱ-দেৱতা, ভূত-পিশাচৰ কাৰ্য বুলি বিশ্বাস কৰিছিল। ফলস্বৰূপে, বসন্ত আদি ৰোগ হ’লে বেজী বা ছিটা নলৈ সেই ৰোগ কোনো দেৱীৰ ক্ৰোধৰ বাবে হোৱা বুলি ভাবি তাৰ নিৰাময়ৰ বাবে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছিল। আনকি কেতবোৰ কুসংস্কাৰৰ কবলত পৰি অত্যাচাৰ বা হত্যাৰ দৰে কাৰ্যও সংঘটিত কৰিছিল। এনে ধৰণৰ কাৰ্যকলাপ আৰু চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰিছিল।
কিন্তু বৈজ্ঞানিক মানসিকতা, অৰ্থাৎ এটা মুকলি মনেহে প্ৰকৃত প্ৰগতি কঢ়িয়াই আনিব পাৰে। আঁকোৰগোজ হৈ যুক্তিহীন পুৰণি কথাবোৰত লাগি নাথাকি, সকলো বিষয় চালি-জাৰি পৰীক্ষা কৰি চাব লাগে আৰু সমাজৰ প্ৰগতিত বাধা দিয়া প্ৰথা তথা অন্ধবিশ্বাসসমূহ পৰিহাৰ কৰিব লাগে। বুদ্ধি আৰু অনুসন্ধিৎসা— এই দুটা গুণৰ জৰিয়তে মনটোক মুকলি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰ ভিত্তিত নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি সকলো সময়তে সাজু থাকিব লাগে। ভাগ্যৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰি, মুকলি মনেৰে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিব লাগে। এনেধৰণৰ বৈজ্ঞানিক মানসিকতাৰ জৰিয়তেহে সমাজৰ উন্নতিৰ ক্ষেত্ৰত বৰঙণি যোগোৱাটো সম্ভৱপৰ হয়।
৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ—
‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।’
উত্তৰঃ
সংগতিঃ ব্যাখ্যেয় উক্তিটি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ড° দীনেশ চন্দ্ৰ গোস্বামীদেৱে ৰচনা কৰা ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক প্ৰবন্ধৰ পৰা লোৱা হৈছে।
প্ৰসংগঃ লেখকৰ মতে, মানৱ সভ্যতাৰ উন্নয়নৰ কাৰণ হ’বলৈ হ’লে বিজ্ঞানে নতুন ধাৰণা আৰু সিদ্ধান্তক আদৰি ল’ব পৰাকৈ এক মুকলি মনৰ পোষকতা কৰাটো জৰুৰী। ব্যাখ্যেয় কথাফাঁকিৰ মাজেৰে তেওঁ এই গুৰুত্বপূৰ্ণ প্ৰসংগটোকেই উপস্থাপন কৰিছে।
ব্যাখ্যাঃ মানুহৰ মনৰ অনুসন্ধিৎসু স্বভাৱৰ বাবেই প্ৰকৃতিৰ বিভিন্ন নতুন নতুন পদাৰ্থ, শক্তি আৰু পৰিঘটনাক মানুহে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে, যিটো বিজ্ঞানৰ শক্তিতহে সম্ভৱ হৈছে। বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভংগী, আৰু বৈজ্ঞানিক পদ্ধতি হৈছে মানৱ জাতিৰ বাবে বিজ্ঞানৰ আটাইতকৈ মূল্যৱান অৱদান। বিজ্ঞানীসকলে প্ৰথমে কোনো বিষয় লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পিছত পোৱা তথ্যসমূহক সুসংগঠিত কৰি এটা প্ৰাথমিক ধাৰণা বা উপকল্প (Hypothesis) নিৰ্মাণ কৰে। পৰৱৰ্তী পৰ্যায়ত, নতুন তথ্য আৰু পৰ্যবেক্ষণৰ জৰিয়তে তেওঁলোকে পূৰ্বৰ উপকল্প বা সিদ্ধান্তটোৰ সত্যতা পৰীক্ষা কৰে। যদি নতুনকৈ আৱিষ্কাৰ হোৱা তথ্যবোৰে আগৰ সিদ্ধান্তটোক সমৰ্থন নকৰে, তেনেহ’লে কোনো দ্বিধা নকৰাকৈ তেওঁলোকে পুৰণি সিদ্ধান্তটো পৰিত্যাগ কৰে। কিন্তু এই সমস্ত প্ৰক্ৰিয়া কেৱল এটা গ্ৰহণশীল মনৰ বাবেহে সম্ভৱপৰ। পুৰণি কথাত দৃঢ়তাৰে লাগি নাথাকি নতুন ধাৰণা, নতুন সিদ্ধান্ত মানি ল’ব পৰা মন এটাইহে ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ পথত বৰঙণি যোগাব পাৰে। বৰ্তমানৰ যুগটোৱেই হৈছে মুক্ত মনৰ যুগ। যুগৰ লগত ফেৰ মাৰিব পৰাকৈ মুকলি মনেৰে কৰা চিন্তাইহে মানৱ সমাজক উন্নতিৰ উচ্চ শিখৰলৈ আগুৱাই লৈ যাব পাৰে।
৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ ফলস্বৰূপে আমাৰ সমাজত এতিয়াও চলি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
১) বসন্ত ৰোগক লৈ থকা অন্ধবিশ্বাসঃ আমাৰ সমাজত বহুতো লোকে বসন্ত ৰোগক কোনো দেৱ-দেৱীৰ ক্ৰোধৰ ফল বুলি বিশ্বাস কৰে। এই ৰোগৰ উপশমৰ বাবে তেওঁলোকে শীতলা দেৱীৰ পূজা, নাম-প্ৰসংগ আদিৰ আয়োজন কৰে। কিন্তু দৰাচলতে এয়া সত্য নহয়, ই এক অন্ধবিশ্বাসহে। বসন্ত ৰোগ হৈছে এক বিশেষ ধৰণৰ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ব্যাধি। এই ৰোগ কোনো ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ দ্বাৰা নিৰ্মূল কৰিব নোৱাৰি, বৰং সেই অনুষ্ঠানলৈ অহা লোকসকল ৰোগী অথবা পৰিচৰ্য্যকাৰীৰ সংস্পৰ্শলৈ অহাৰ ফলত আনৰ দেহতহে এই ভাইৰাছ বিয়পি যোৱাৰ সম্ভাৱনা থাকে। এই ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাৰ উপায় অন্ধবিশ্বাসত নহয়, বিজ্ঞানে আৱিষ্কাৰ কৰিছে।
২) আঙুলি কাটিলে তেজ চোঁহা মৰাঃ আঙুলি কাটি তেজ ওলালে বহু লোকে সেই তেজখিনি চোঁহা মাৰি খাই থয়। তেওঁলোকে বিশ্বাস কৰে যে এনে কৰিলে ওলাই অহা তেজখিনি পুনৰ শৰীৰত প্ৰৱেশ কৰে। দৰাচলতে এয়াও এক নিৰ্মূল অন্ধবিশ্বাস। এনে কৰিলে তেজখিনি পোনপটীয়াকৈ মূল তেজৰ সোঁতলৈ ঘুৰি নাযায়, কাৰণ আমাৰ শৰীৰৰ তেজ চলাচলৰ প্ৰণালীটো খাদ্য হজম কৰাত সহায়ক পাচন তন্ত্ৰটোৰ পৰা সম্পূৰ্ণ পৃথক। অন্ধবিশ্বাসী হৈ তেজ শোহা মৰাৰ ফলত দূষিত তেজখিনি পেটত সোমাই শৰীৰৰ ক্ষতিসাধনহে কৰিব পাৰে।
৩) দাঁতৰ পোকক লৈ থকা ধাৰণাঃ সাধাৰণ লোকসমাজত দাঁতত পোকে খালে বেজ বা কবিৰাজক মাতি জৰা-ফুঁকা কৰাৰ প্ৰথা দেখা যায়। তেওঁলোকে ভাবে যে বিৰাট আকাৰৰ পোক কিছুমান দাঁতত সোমাই আছে। বেজেও এই অন্ধবিশ্বাসৰ সুবিধা লৈ মন্ত্ৰ মাতি কলপাতত পোক উলিয়াই দেখুৱায়। কিন্তু আচলতে দাঁতৰ ক্ষয় সাধন কৰে চকুৰে মনিব নোৱাৰা কিছুমান অণুজীৱই। এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিতভাৱে দাঁতৰ যতন লোৱা আৰু এজন অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত, তেতিয়াহে ৰোগৰ উপশম হোৱাটো সম্ভৱ।
বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই এনে বহুতো যুক্তিহীন বিশ্বাস আজিও সমাজত গভীৰভাৱে শিপাই আছে।
দ্বাদশ শ্ৰেণী অসমীয়া (বৈজ্ঞানিক মানসিকতা) – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



