Class 12 Assamese Chapter 9 Solutions – বৰগীত (উঠৰে উঠ বাপু) | AHSEC Sahitya Saurabh Poetry

অধ্যায় ৯ – বৰগীত (উঠৰে উঠ বাপু)

দ্বাদশ শ্ৰেণীৰ অসমীয়া (সাহিত্য সৌৰভ) অধ্যায় ৯ – বৰগীত (উঠৰে উঠ বাপু) ৰ সম্পূৰ্ণ ব্যাখ্যা আৰু প্ৰশ্ন-উত্তৰ | AHSEC Board (Assamese Medium)

AHSEC Class 12 Assamese Chapter 9 – বৰগীত (উঠৰে উঠ বাপু) ৰ সম্পূৰ্ণ সমাধান (Sahitya Saurabh Textbook)

AHSEC দ্বাদশ শ্ৰেণীৰ Assamese সাহিত্য সৌৰভ (Sahitya Saurabh) পাঠ্যপুথিৰ নৱমটো অধ্যায় হ’ল – **বৰগীত (Borgeet)**, যিটো অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক **শ্ৰীমন্ত শংকৰদেৱ** ৰ দ্বাৰা ৰচিত। এই বিশেষ বৰগীতটোৰ (উঠৰে উঠ বাপু) মূল বিষয়বস্তু হৈছে **কৃষ্ণৰ বাল্যকালৰ লীলা** আৰু মাতৃ যশোদাৰ দ্বাৰা কৃষ্ণক জগোৱাৰ এক সুন্দৰ চিত্ৰণ। বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ আৰু ইয়াৰ সাহিত্যিক আৰু আধ্যাত্মিক মূল্য অতি গভীৰ। এই অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ **AHSEC Final Exam** ৰ বাবে অতি জৰুৰী, বিশেষকৈ **পদ ব্যাখ্যা (Contextual Explanations)** অংশটোৰ বাবে।

At Ospin Academy, we provide comprehensive solutions that decode the **spiritual meaning and literary beauty** of this Borgeet. Our material includes **line-by-line Assamese explanations** to help students understand the difficult vocabulary and the devotional mood (Bhakti Rasa) of the text. Students can effectively prepare for the **5-mark critical analysis questions** that often test knowledge of the author and the significance of Borgeet in Assamese literature for the AHSEC Board Exam 2025.

✅ কি শিকিব (What You Will Learn):

  • **বৰগীতৰ বৈশিষ্ট্য** আৰু ইয়াৰ ৰচনা শৈলী।
  • শ্ৰীমন্ত শংকৰদেৱৰ **বৈষ্ণৱ সাহিত্যলৈ অৱদান**।
  • **উঠৰে উঠ বাপু** বৰগীতটোৰ **ৰাগ আৰু তালৰ** বিষয়ে জ্ঞান।
  • বৰগীতৰ **পদ ব্যাখ্যা** লিখাৰ সঠিক পদ্ধতি।
  • AHSEC Board Exam 2025 ৰ বাবে **Most Expected Questions on Vaishnavite Literature**।

🎯 অস্পীন একেডেমীৰ সুবিধা (Ospin Academy Advantage):

  • শংকৰদেৱৰ **বৰগীতৰ** সকলো প্ৰশ্নৰ সহজ আৰু আধ্যাত্মিকভাৱে শুদ্ধ উত্তৰ।
  • AHSEC-ৰ **পৰীক্ষাৰ Standard** অনুসৰি উত্তৰ লিখাৰ সৰল কৌশল।
  • Focus on **Literary and Spiritual Analysis** for better scores.
  • Chapter 9 Solutions in a downloadable **PDF format**.
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰগীতৰ জটিল অংশসমূহৰ সহজ বিশ্লেষণ।
Vibrant Note Box
Buy Printable PDF
Class 12 Assamese (সাহিত্য সৌৰভ) 2025-26 | Chapter-wise Solutions PDF
Original price was: ₹399.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, 2025)

Get complete chapter-wise solutions for Class 12 Assamese (সাহিত্য সৌৰভ) under the AHSEC Board.
Includes detailed textual answers, translations, chapter summaries, meanings, and exam-ready notes as per latest 2025 syllabus.
Perfect resource for Board Exam preparation and self-study.

Vibrant Note Box
অধ্যায় ৯ – বৰগীত (উঠৰে উঠ বাপু)

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে……)

অতি চমু প্ৰশ্নোত্তৰ

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ মাধৱদেৱৰ জন্মস্থান হৈছে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ এলেকা।

২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ মাজৰ প্ৰাৰম্ভিক মিলনক “মণিকাঞ্চন সংযোগ” নামেৰে জনা যায়।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ ‘নামঘোষা’ গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যকৰ্মৰ জীৱনৰ এক গৌৰৱোজ্জ্বল ভেটি হিচাপে গণ্য কৰা হয়।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে মুঠতে প্ৰায় ১৫৭টা বৰগীত ৰচনা কৰি থৈ গৈছিল।

৫। ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা?

উত্তৰঃ “উঠৰে উঠ বাপু গোপাল হে” শীৰ্ষক বৰগীতটি ‘কৌ’ ৰাগৰ সুৰত আৱদ্ধ।

চমু প্ৰশ্নোত্তৰ

১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ওখ আধ্যাত্মিক ভাব আৰু ৰাগ-তাল সম্বলিত গীতকেই বৰগীত বুলি কোৱা হয়।

বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি। সেই ভাগসমূহ হ’লঃ—

(ক) লীলা অৰ্থাৎ পৰমপুৰুষ ভগৱানৰ অৱতাৰী লীলা।

(খ) বিৰহ অর্থাৎ যশোদা আৰু গোপ-গোপীৰ কৃষ্ণ বিদায়ত বিৰহ দুখ।

(গ) বিৰক্তি অৰ্থাৎ সংসাৰৰ প্ৰতি বিৰক্তি।

(ঘ) পৰমাৰ্থ।

(ঙ) চোৰ অৰ্থাৎ কৃষ্ণৰ চৌর্য ক্রিয়া।

(চ) চাতুৰি অৰ্থাৎ কৃষ্ণৰ চাতুৰি

২। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble Numbers’ বুলি কৈছে?

উত্তৰঃ গুৰু দুজনাই বৈষ্ণৱ ধর্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণৰ গ্ৰহণযোগ্য আৰু বোধগম্য হোৱাকৈ সহজ-সৰলভাৱে গীতত লিখিছিল। শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতসমূহ ইয়াৰ বিষয়বস্তুৰ গাম্ভীর্য, প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগ-তালৰ প্ৰয়োগ, আধ্যাত্মিক ভাবৰ প্রাধান্য, অনুভূতিৰ গাঢ়তা, সত্ৰৰ চৈধ্য প্ৰসংগত স্থান লাভ আদি বিশেষত্বসমূহৰ কাৰণে অইন গীততকৈ শ্রেষ্ঠ। এনে বিশেষত্বৰ বাবেই ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ বাৎসল্য আৰু দাস্য ভাব মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য। যশোদা আৰু শ্রীকৃষ্ণৰ মমতাময় সম্পৰ্কৰ সৰল বৰ্ণনা থকা বৰগীতবোৰ বাৎসল্য ৰসেৰে সিক্ত। আকৌ, সংসাৰৰ মায়া-মোহ ত্যাগ কৰি বিষ্ণুৰ চৰণত আত্মসমর্পণৰ যি বৰ্ণনা সেয়া দাস্য ভাবেৰে সিক্ত। এই দুই ভাবৰেই প্রাচুর্য দেখা যায় মাধৱদেৱৰ বৰগীতসমূহত।

৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে?

উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি যশোদাই কৃষ্ণক কৈছে।

শিৰত ভূষণ পৰিধান কৰাজনক সাধাৰণতে শ্রেষ্ঠ পুৰুষ বুলি বিবেচনা কৰা হয়। কৃষ্ণ হৈছে শিৰৰ ভূষণ পৰিধান কৰা সেই সকলো পুৰুষৰ ভূষণ অর্থাৎ তেওঁ পুৰুষৰো উত্তম। সকলো পুৰুষতকৈ উত্তম বা পৰম পুৰুষ অর্থতেই যশোদাই কৃষ্ণক প্রশ্নোদ্ধৃত কথাখিনি কৈছে।

৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে

সো হৰি যশোৱা কোলে। — সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।

উত্তৰঃ হৰি বা শ্রীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। তেওঁৰ কৃপাদৃষ্টি পাবলৈ, তেওঁৰ চৰণত ঠাই পাবলৈ মহা মহা সিদ্ধ মুনিগণে সহস্ৰ বছৰ ধৰি যোগ সাধনাত নিমগ্ন হয়। তথাপি নাপায় বিচাৰি কৃষ্ণক। অথচ সেইহেন কৃষ্ণই কোলাত উঠি আছে যশোদাৰ। মহা মুনিগণে সাধনাৰেও নোপোৱা কৃষ্ণক যশোদাই নিজ পুত্রৰূপে পাবলৈ সক্ষম হৈছে কেৱল ভকতিৰ বলত। যশোদা হৈছে পৰম বিষ্ণুভক্ত। ভগৱান সদায় ভকতিৰ অধীন। মহা যোগ সাধনাৰে নোপোৱা কৃষ্ণক সেয়ে যশোদাই অন্তৰৰ সৰল ভকতিৰে পুত্রৰূপে পাইছে।

দীঘলীয়া প্রশ্নোত্তৰ

১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ’ল শিশু। ভগবান শ্ৰী কৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়।

এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। ‘সব পুৰুষৰ শিৰৰ ভূষণ ‘বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।

মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত।ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ বৰগীতটোত এটি স্নিগ্ধ পুৱাৰ দৃশ্য অংকিত হৈছে। মাতৃ যশোদাই নিজৰ আলাসৰ লাডু পুত্ৰ কৃষ্ণক অতি যতনেৰে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। যশোদাৰ বাবে তেওঁৰ নিজৰ পুত্ৰ প্ৰাণতকৈও অধিক আপোন। এনেহেন প্ৰাণৰ ধনৰ চন্দ্ৰৰ দৰে উজ্বল মুখখনি চাই যশোদা মাতৃ আত্মবিভোৰ হৈ পৰিছে। পদুম ফুলৰ দৰে চকু যাৰ, সেই পুত্ৰক মমতাপূৰ্ণ আহ্বান জনাই যশোদাই ঘনে ঘনে সাৰ পাবলৈ কৈছে। ‘বাপু’ বুলি মাতি যশোদাই কৃষ্ণক ৰাতি পুওৱাৰ কথা কৈছে আৰু টোপনিৰ মোহ ত্যাগ কৰিবলৈ অনুৰোধ কৰিছে। পৃথিৱীৰ সকলো মাতৃৰ বাবেই তেওঁলোকৰ পুত্ৰ গুণৰ ভঁৰাল স্বৰূপ; এই ক্ষেত্ৰত যশোদাও ব্যতিক্ৰম নহয়।

​পুত্ৰৰ প্ৰতি থকা অসীম মৰমেৰে আকুল যশোদাই বিভিন্ন মৰম লগা কথাৰে কৃষ্ণক টোপনিৰ পৰা উঠাবলৈ কোনো যত্নৰ ক্ৰটি কৰা নাই। তেওঁ কৃষ্ণক সকলো পুৰুষতকৈ শ্ৰেষ্ঠ বুলি কৈ কোলাত তুলি লৈছে আৰু নিজৰ বুকুৰ মাজত আশ্ৰয় দিছে। মাতৃয়ে হেঁপাহ পলুৱাই কৃষ্ণৰ সুন্দৰ মুখখনত চুমা খাইছে। পুত্ৰৰ সুকোমল মুখলৈ চাই চাই মাতৃ যশোদা আপোন পাহৰা হৈ পৰিছে।

​পৃথিৱীৰ অন্যান্য মাতৃৰ দৰেই যশোদাৰ অন্তৰো গভীৰ মাতৃস্নেহেৰে পৰিপূৰ্ণ। কবি গুৰুজনাই সুন্দৰ শব্দৰ মাজেৰে যশোদাৰ এই মাতৃস্নেহক বৰ্ণনা কৰিছে, যিটো সকলো পাঠকৰ অন্তৰ চুই যোৱাকৈ সফল হৈছে।

৩। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰঃ বৰগীতটোৰ আৰম্ভণিতে প্ৰকৃতিৰ এটি মনোমোহা পুৱাৰ ছবি অংকিত হৈছে। এটি সাধাৰণ শিশুৰ দৰেই সেই পুৱাটোত কৃষ্ণ নিদ্ৰামগ্ন অৱস্থাত আছে। সাধাৰণতে সকলো শিশুকে পুৱা মাকে শোৱাপাটীৰ পৰা জগাই দিয়াৰ যি দৃশ্য, সেয়াই এই বৰগীতটোতো চিত্ৰিত হৈছে।

​শুই থকা কৃষ্ণক মমতা ঢালি যশোদাই এবাৰ নহয়, বাৰে বাৰে জগাইছে। তথাপিও কৃষ্ণৰ পদুমৰ দৰে চকু মেল খোৱা নাই। পৃথিৱীৰ আন শিশুক মাকে বিভিন্ন মৰমৰ কথাৰে শোৱাপাটীৰ পৰা উঠাবলৈ চেষ্টা কৰাটো এক সুলভ দৃশ্য। আলোচ্য বৰগীতটোতো কৃষ্ণ মাকৰ মৰমৰ পাত্ৰ এটি মানৱ শিশু হৈ পৰিছে, যাক মাকে ‘সকলো পুৰুষৰ আৰাধ্য’ বুলি কৈ নিজৰ কোলাত তুলি লৈ বুকুত সাৱটি ধৰিছে। কৃষ্ণৰ জোনৰ দৰে উজ্বল মুখখনত বাৰে বাৰে চুমা খাই যশোদা আত্মবিভোৰ হৈ পৰিছে। ইমানলৈকে কৃষ্ণ হৈছে মাকৰ আলাসৰ লাডু, এটি সাধাৰণ মানৱ শিশু। এনেদৰে ভক্ত কবিয়ে কৃষ্ণৰ মানৱীয় ৰূপৰ সুন্দৰ বৰ্ণনা কৰিছে। কিন্তু কবি গুৰুজনাই কৃষ্ণৰ মানৱীয় ৰূপৰ বৰ্ণনা কৰি থমকি ৰোৱা নাই। শিশু কৃষ্ণৰ প্ৰতি থকা মাতৃস্নেহৰ বৰ্ণনাৰ মাজতেই তেওঁ কৃষ্ণৰ ঐশ্বৰিক মহত্ত্ব প্ৰকাশ কৰিবলৈও গুৰুত্ব দিছে।

​হৰি বা শ্ৰীকৃষ্ণ হৈছে ত্ৰিজগতৰ অধিপতি। তেওঁৰ কৃপাদৃষ্টি পাবলৈ আৰু তেওঁৰ চৰণত স্থান পাবলৈ মহা মহা সিদ্ধ মুনিসকলে হাজাৰ হাজাৰ বছৰ ধৰি যোগ সাধনাত নিমগ্ন হয়। তথাপিও তেওঁলোকে কৃষ্ণক বিচাৰি নাপায়। অথচ সেইজন কৃষ্ণই যশোদাৰ কোলাত উঠি আছে। মহা মুনিসকলে সাধনাৰেও ঢুকি নোপোৱা কৃষ্ণক যশোদাই কেৱল গভীৰ ভক্তিৰ বলত নিজৰ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। যশোদা হৈছে পৰম বিষ্ণুভক্ত। ভগৱান সদায় ভক্তৰ ভক্তিৰ অধীন। এইদৰে বৈষ্ণৱ কবিয়ে সাধাৰণ মানুহৰ মনক স্পৰ্শ কৰিবলৈ বৰগীতটোৰ মাজেৰে এহাতে কৃষ্ণৰ মানৱীয় ৰূপ আৰু আনহাতে তেওঁৰ ঐশ্বৰিক ৰূপ অংকন কৰিছে।

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰঃ বৰগীতটোৰ স্ৰষ্টা মাধৱদেৱ নিজেই এজন বিশিষ্ট বৈষ্ণৱ কবি। তেওঁৰ কাব্য ৰচনাৰ মূল উদ্দেশ্যই হৈছে ভক্তিৰসৰ প্ৰচাৰ কৰা। আলোচ্য বৰগীতটোতো কবিয়ে ভক্তিৰসৰ সংযোগ ঘটাবলৈ কোনো ক্ৰটি কৰা নাই।

​বৰগীতটোৰ আৰম্ভণিতে কবিয়ে কৃষ্ণক সাধাৰণ মানৱ শিশুৰ ৰূপত চিত্ৰিত কৰিছে যদিও, তেওঁক ‘সকলো পুৰুষৰ ভূষণ’ অৰ্থাৎ পূজনীয় বা আৰাধ্য বুলি কৈ এক অসাধাৰণত্ব আৰোপ কৰিছে। যশোদাকো এগৰাকী সাধাৰণ মাতৃ হিচাপে অংকন কৰা হৈছে, যি পুত্ৰৰ জোনৰ দৰে মুখখনি চাই, চুমা খাই আনন্দত আত্মহাৰা হৈ পৰিছে। তেওঁ কৃষ্ণৰ সুকোমল দেহাটো আথে-বেথে কোলাত লৈ বুকুৰ মাজত সাৱটি ধৰি আত্মবিভোৰ হৈছে।

​কবিয়ে মাতৃস্নেহৰ এই সাধাৰণ দৃশ্যৰ মাজলৈও ভক্তিৰস কঢ়িয়াই আনিছে। তেওঁ কৈছে যে কৃষ্ণক লাভ কৰিবলৈ মহা মহা সিদ্ধ মুনিসকলে সহস্ৰ বছৰ ধৰি যোগ আৰু ধ্যানত নিমগ্ন হয়, কিন্তু তেওঁক বিচাৰি নাপায়। অথচ সেইজন কৃষ্ণকেই কোলাত তুলি, বুকুৰ মাজত সাৱটি, মুখত চুমাৰে উপচাই যশোদাই পৰম আনন্দ লাভ কৰিছে। কবিৰ মতে, এয়া কেৱল সাধাৰণ মাতৃস্নেহ নহয়, এয়া হৈছে ভগৱানৰ ভক্তবৎসলতাৰ নিদৰ্শন। যশোদাৰ বাবে এই পৰম সুখ লাভ কৰাটো সম্ভৱ হৈছে কেৱল তেওঁৰ গভীৰ ভক্তিৰ বলত। যশোদা আছিল পৰম বিষ্ণুভক্ত। ভক্তৰ ভক্তিভাৱত সন্তুষ্ট হৈ ভগৱানে কৃষ্ণৰ ৰূপত পুত্ৰ হৈ যশোদাৰ ওচৰত ধৰা দিছে।

​বৰগীতটোৰ শেষৰ দুটা শাৰীত ভক্তিৰস মূৰ্ত হৈ উঠিছে। কৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। স্বৰ্গ, মৰ্ত্য, পাতাল— তিনিও জগতৰ তেৱেঁই গৰাকী আৰু তেৱেঁই সমগ্ৰ সংসাৰক বান্ধি ৰাখে। এইজন কৃষ্ণকেই যশোদাই নিজৰ অন্তৰৰ সৰল ভক্তিৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। বাৎসল্য ৰসৰ মাজেৰে কবিয়ে এনেদৰেই সৰ্বসাধাৰণৰ মনত ভক্তিৰসৰ সুঁতি বোৱাই দিছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

ত্রিজগত পতি ভকতি মিলিল

মূৰুখ মাধৱে বোলে।

উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ ৰচিত “উঠৰে উঠ বাপু গোপাল হে…”

শীৰ্ষক বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ অন্তৰৰ সৰল ভকতিৰে ভগৱানক পাব পাৰি এনে কথা ক’বলৈ গৈ কবিজনাই ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ হৰি বা শ্রীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। তেওঁৰ কৃপাদৃষ্টি পাবলৈ তেওঁৰ চৰণত ঠাই পাবলৈ মহা মহা সিদ্ধ মুনিগণে সহস্ৰ বছৰ ধৰি যোগ সাধনাত নিমগ্ন হয়। তথাপি নাপায় বিচাৰি কৃষ্ণক। অথচ সেইহেন কৃষ্ণই কোলাত উঠি আছে যশোদাৰ। মহা মুনিগণে সাধনাৰেও নোপোৱা কৃষ্ণক যশোদাই নিজ পুত্রৰূপে পাবলৈ সক্ষম হৈছে কেৱল ভকতিৰ বলত। যশোদা হৈছে পৰম বিষ্ণুভক্ত। ভগৱান সদায় ভকতিৰ অধীন। মহা যোগ সাধনাৰে নোপোৱা কৃষ্ণক যশোদাই অন্তৰৰ সৰল ভকতিৰে পুত্ৰৰূপে পাইছে।

অর্থাৎ যি কাম একোৰে সমাধা কৰিব নোৱাৰি, সেই কাম অন্তৰৰ সৰল ভকতিৰে কৰিব পাৰি। এয়াই ভক্তি ধৰ্মৰ গূঢ়ার্থ।

ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে এই ভাবার্থ স্পষ্ট ৰূপত প্রকাশি উঠিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অসমীয়া (বৰগীত – উঠৰে উঠ বাপু) – সঘনাই সোধা প্ৰশ্ন
‘উঠৰে উঠ বাপু’ বৰগীতটোৰ ৰচক কোন?
এই বৰগীতটো নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক **মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে** ৰচনা কৰিছিল।
বৰগীতৰ মূল বিষয়বস্তু কি?
বৰগীতসমূহৰ মূল বিষয়বস্তু হ’ল একশৰণ নামধৰ্মৰ ভক্তি ৰস, বিশেষকৈ কৃষ্ণৰ বাল্যলীলা, মাধুৰ্য আৰু ঐশ্বৰ্যৰ বৰ্ণনা।
বৰগীতৰ পদ ব্যাখ্যা AHSEC পৰীক্ষাত কিমান নম্বৰৰ বাবে আহে?
সাধাৰণতে বৰগীতৰ পদ ব্যাখ্যা (Contextual Explanation) ৪ বা ৫ নম্বৰৰ বাবে আহিব পাৰে, য’ত আপুনি প্ৰসংগ, মূল ভাব আৰু সাহিত্যিক মূল্য উল্লেখ কৰিব লাগিব।
এই বৰগীতটোত কাৰ বাৎসল্য প্ৰকাশ পাইছে?
এই বৰগীতটোত মাতৃ যশোদাৰ প্ৰতি শ্ৰীকৃষ্ণৰ থকা মৰম আৰু বাৎসল্য ৰস (Maternal Affection) গভীৰভাৱে প্ৰকাশ পাইছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top