Class 12 Economics Chapter 13 – উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০) – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-৯০) (চেপ্টাৰ ১৩)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত ভাৰতৰ স্বাধীনতাৰ পিছৰ সময়ৰ উন্নয়ন নীতি আৰু অভিজ্ঞতাৰ বিভিন্ন দিশ বৰ্ণনা কৰা হৈছে। ১৯৪৭-৯০ পৰ্যন্ত ভাৰতত অনুসৃত বিভিন্ন অৰ্থনৈতিক নীতি আৰু পরিকল্পনাসমূহৰ বিশ্লেষণ কৰা হৈছে। এই সময়ছৱিতে গ্ৰহণ কৰা সপ্তম পঞ্চবছৰৰ পরিকল্পনা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকা, সুষম উন্নয়নৰ প্ৰয়োজনীয়তা আৰু আন্যান্য নীতি নিৰ্ধাৰণৰ দিশত হোৱা পৰিবর্তন সমূহৰ ওপৰত গভীৰ আলোচনা দিয়া হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণী অর্থনীতি পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ অনুশীলনী আৰু প্ৰশ্ন উত্তৰসহ এই অধ্যায়ৰ সমাধান প্ৰস্তুত কৰা হৈছে। Chapter QR Code: E12M13
✅ কি শিকিব:
- ১৯৪৭-৯০ চনৰ অৰ্থনৈতিক উন্নয়ন নীতি সমূহৰ পৰিচয়
- পঞ্চবছৰীয়া পরিকল্পনাসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ অৱদান
- সুষম উন্নয়ন আৰু অর্থনৈতিক অভিজ্ঞতাৰ বিশ্লেষণ
- উন্নয়নৰ সাফল্য আৰু প্ৰধান উন্নয়ন কৌশলসমূহ
- অনুশীলনী প্ৰশ্নোত্তৰ আৰু বিস্তৃত সমাধান
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ আধাৰত সম্পূর্ণ সমাধান
- সহজ আৰু বুজাব পৰা ভাষাত বিষদ ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নসহ পৰীক্ষাৰ বাবে পূৰ্ণ প্ৰস্তুতি
- বিপুল তথ্যসহ সঠিক আৰু সংগঠিত আলোচনা
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সুবিধা বিবেচনা কৰি প্ৰস্তুত
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
গোট-VI
উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (1947-90)
Development Policies and Experience (1947-90)
[I] স্বাধীনতাৰ প্ৰেক্ষাপটত ভাৰতীয় অর্থনীতিৰ সংক্ষিপ্ত আভাস
1. স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ কৃষিক্ষেত্ৰৰ অৱস্থাৰ ওপৰত আলোচনা কৰা। বা, স্বাধীনতা লাভ কৰা মুহূৰ্তত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ স্বৰূপ সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ছোৱাত কৃষিখণ্ডক দেশৰ সৰহসংখ্যক লোকৰ জীৱিকাৰ প্ৰধান উৎস হিচাপে গণ্য কৰা হৈছিল। অৱশ্যে, দেশৰ বিশাল জনসংখ্যাৰ মূল ভিত্তি হোৱা সত্ত্বেও কৃষিখণ্ডৰ তিনিটা মুখ্য বৈশিষ্ট্যই সেই সময়ৰ ভাৰতীয় কৃষিৰ দুৰ্বল আৰু অনগ্ৰসৰ অৱস্থাটো প্ৰতিফলিত কৰিছিল। এই বৈশিষ্ট্যসমূহ হৈছে—
(i) কৃষি উৎপাদনৰ নিম্ন স্তৰ: স্বাধীনতা লাভৰ সময়ত ভাৰতৰ কৃষিখণ্ডৰ উৎপাদন ক্ষমতা অত্যন্ত কম আছিল। উৎপাদনৰ পৰিমাণ কম হোৱাৰ বাবেই কৃষিখণ্ড পিছপৰি আছিল। কৃষিক্ষেত্ৰৰ বিস্তৃতি বৃহৎ হোৱা স্বত্বেও উৎপাদন কম হোৱাটোৱেই আছিল মূল সমস্যা।
(ii) অত্যাধিক বিপদাশংকা: কৃষিকৰ্মৰ বাবে পানীৰ যোগানৰ বাবে বৰষুণৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাৰ বাবে স্বাধীনতা লাভৰ সময়ত ভাৰতৰ কৃষিক্ষেত্ৰত বিপদাশংকা যথেষ্ট বেছি আছিল। জলসিঞ্চনৰ বাবে কোনো নিৰ্দিষ্ট আৰু স্থায়ী ব্যৱস্থা নাছিল। ফলস্বৰূপে, উপযুক্ত বৰষুণ হ’লে উৎপাদন বৃদ্ধি হৈছিল আৰু খৰাং বা অত্যধিক বৰষুণৰ ফলত উৎপাদন শোচনীয়ভাৱে হ্ৰাস পাইছিল।
(iii) ভূমিৰ মালিক আৰু খেতিয়কৰ মাজত বিচ্ছিন্নতা: স্বাধীনতাৰ সময়ত ভাৰতত ভূমিৰ গৰাকী আৰু কৃষিকৰ্ম কৰা লোকসকল দুটা পৃথক শ্ৰেণী আছিল। ভূমিৰ মালিকসকলে ভূমিৰ পৰা হোৱা আয়ৰ এক বৃহৎ অংশ আহৰণ কৰাত গুৰুত্ব দিছিল। তেওঁলোকে কৃষি উৎপাদন বৃদ্ধিৰ বাবে কোনো ধৰণৰ বিনিয়োগ কৰিবলৈ ইচ্ছা কৰা নাছিল। আনহাতে, শ্ৰম আৰু মূলধন ব্যৱহাৰ কৰি খেতি কৰা কৃষকসকলে উৎপাদনৰ এটা অতি সামান্য অংশহে উপভোগ কৰিবলৈ পাইছিল। এই অৱস্থাটোৱে দেশৰ সামগ্ৰিক কৃষি উৎপাদন হ্ৰাস কৰাত এক পৰোক্ষ কাৰক হিচাপে কাম কৰিছিল।
2. ব্রিটিছৰ শাসনকালত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ অনগ্ৰসৰতা আৰু স্থবিৰতাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ ব্ৰিটিছৰ শাসনকালত ভাৰতৰ কৃষিক্ষেত্ৰ স্থবিৰ আৰু অনুন্নত হৈ পৰিছিল। এই অনগ্ৰসৰতা আৰু স্থবিৰতাৰ বাবে তলত দিয়া কাৰকসমূহ দায়ী আছিল:
(i) ভূমি বন্দোৱস্তৰ ব্যৱস্থা: বিভিন্ন ধৰণৰ ভূমি বন্দোৱস্তৰ প্ৰচলনেই আছিল ভাৰতৰ কৃষিখণ্ডৰ অনগ্ৰসৰতা আৰু স্থবিৰতাৰ এটা প্ৰধান কাৰণ।
(ii) জমিদাৰী প্ৰথাৰ প্ৰচলন: লৰ্ড কৰ্ণৱালিছে ১৭৯৩ চনত এই জমিদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল। এই প্ৰথাৰ অধীনত জমিদাৰসকলক ভূমিৰ প্ৰকৃত গৰাকী হিচাপে গণ্য কৰা হৈছিল। ফলত, কৃষিজাত ৰাহিৰ পৰা অৰ্জন কৰা সকলো লাভ জমিদাৰসকলে উপভোগ কৰিছিল আৰু প্ৰকৃত কৃষকসকল সেই লাভৰ পৰা বঞ্চিত হৈছিল।
(iii) জমিদাৰৰ শোষণ: কৃষক আৰু চৰকাৰৰ মাজৰ মধ্যভোগী হিচাপে কাম কৰা জমিদাৰসকলে কৃষকসকলক বিভিন্ন ধৰণে শোষণ কৰিবলৈ লৈছিল।
(iv) নিম্নমানৰ প্ৰযুক্তিগত কৌশল: ব্ৰিটিছে কৃষিখণ্ডৰ উন্নয়নৰ বাবে কোনো আঁচনি বা কৌশল গ্ৰহণ কৰা নাছিল। ফলস্বৰূপে, কৃষিখণ্ড পিছ পৰি ৰৈছিল।
(v) উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ: জলসিঞ্চন ব্যৱস্থাৰ অনুপস্থিতি, নিম্ন মানদণ্ডৰ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু অতি কম পৰিমাণৰ সাৰৰ প্ৰয়োগো কৃষিখণ্ডৰ অনগ্ৰসৰতাৰ আন কেইটামান গুৰুত্বপূৰ্ণ কাৰণ।
3. স্বাধীনতা লাভৰ সময়ত ভাৰতবৰ্ষৰ উদ্যোগ ক্ষেত্ৰৰ অৱস্থাৰ এটি আভাস দিয়া।
উত্তৰঃ ব্ৰিটিছৰ দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনৰ ফলত ভাৰতবৰ্ষৰ উদ্যোগৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছিল। ব্ৰিটিছৰ শাসনকালত আৰু তাৰ পাছৰ সময়ছোৱাত উদ্যোগ খণ্ডৰ অৱস্থা তলত আলোচনা কৰা হ’ল:
[I] হস্তশিল্পৰ বিলুপ্তি: ব্ৰিটিছৰ শাসনকালত ভাৰতবৰ্ষৰ পৰম্পৰাগত হস্তশিল্পৰ নিম্নোক্ত কাৰণসমূহে এক ভয়ানকভাৱে বিলুপ্তি ঘটাইছিল:
(i) বৈষম্যমূলক শুল্ক নীতি: ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ নিজৰ উদ্যোগসমূহৰ বাবে কেঁচামাল সংগ্ৰহ কৰাৰ স্বাৰ্থত আৰু উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এক উপযুক্ত বজাৰ সৃষ্টি কৰাৰ স্বাৰ্থত আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি অৱলম্বন কৰিছিল। ইংলেণ্ডলৈ ৰপ্তানি কৰা কেঁচামালৰ ওপৰত কোনো ৰপ্তানি কৰ নাছিল আৰু ইংলেণ্ডৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত কোনো বাণিজ্য শুল্ক নাছিল। আনহাতে, ভাৰতীয় হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰা হৈছিল। ইয়াৰ ফলত ভাৰতীয় সামগ্ৰী ইংলেণ্ডৰ বজাৰত প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি হয় আৰু ইংলেণ্ডত উৎপাদিত সস্তীয়া সামগ্ৰীয়ে ভাৰতীয় বজাৰ দখল কৰে, যাৰ বাবে ভাৰতীয় হস্তশিল্প উদ্যোগসমূহ ধ্বংস হ’বলৈ ধৰে।
(ii) ৰাজ-দৰবাৰসমূহৰ অৱসান: ভাৰতৰ স্থানীয় শাসক, নৱাব, ৰজা, ৰাজকুমাৰ, সম্ৰাট আদিৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা ৰাজ-দৰবাৰৰ ব্যৱস্থা ব্ৰিটিছ শাসনৰ আৰম্ভণিৰ লগে লগে নোহোৱা হয়। ইয়াৰ ফলস্বৰূপে হস্তশিল্পৰ প্ৰতি ৰাজকীয় পৃষ্ঠপোষকতাৰ অন্ত পৰে।
(iii) যন্ত্ৰচালিত উদ্যোগৰ পণ্যৰ প্ৰতিযোগিতা: ইংলেণ্ডৰ শিল্প বিপ্লৱৰ ফলত অহা উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি যন্ত্ৰৰ সহায়ত প্ৰস্তুত কৰা উৎপাদিত সামগ্ৰীৰ উৎপাদন ব্যয় স্বাভাৱিকভাৱেই কম হোৱাৰ বাবে ভাৰতীয় হাতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহৰ বজাৰ ক্ৰমান্বয়ে নোহোৱা হ’বলৈ ধৰে।
(iv) চাহিদাৰ নতুন আৰ্হি: ভাৰতীয় সমাজত ব্ৰিটিছ শাসনৰ প্ৰভাৱত ব্ৰিটিছৰ জীৱনশৈলীৰ প্ৰভাৱ পৰিছিল। এই পৰিস্থিতিত ভাৰতীয় লোকৰ মাজত ভোগৰ চাহিদাৰ পৰিৱৰ্তন হয়। লাহে লাহে ভাৰতীয় জনসাধাৰণৰ মাজত ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ প্ৰতি আসক্তি বাঢ়ে আৰু ই স্থানীয় উদ্যোগসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
(v) ৰে’লসেৱাৰ আৰম্ভণি: ব্ৰিটিছে ৰে’লসেৱা আৰম্ভ কৰাটোও হস্তশিল্প উদ্যোগৰ অৱনতিৰ আন এটা কাৰণ আছিল। ব্ৰিটিছে গোটেই দেশতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সহজতে আৰু সোনকালে পৰিবহণ কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ফলস্বৰূপে, নিম্ন দামৰ ব্ৰিটিছ উৎপাদিত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰিত হৈছিল। উচ্চ দামৰ ভাৰতীয় সামগ্ৰীৰ বিপৰীতে এইবোৰে অধিক জনপ্ৰিয়তা লাভ কৰিছিল।
[II] আধুনিক উদ্যোগৰ মন্থৰ বিকাশ: ব্ৰিটিছৰ আমোলত ভাৰতত আধুনিক উদ্যোগৰ বিকাশ বিশেষ উৎসাহজনক নাছিল। ভাৰতবৰ্ষত উদ্যোগীকৰণৰ গতি অতি লেহেমীয়া আছিল। ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত ভাৰতৰ উদ্যোগসমূহৰ অৱস্থা উন্নত কৰাৰ বাবে ব্ৰিটিছে কোনো সঠিক পদক্ষেপ লোৱা নাছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে কেইটামান বস্ত্ৰ উদ্যোগ, লো আৰু তীখা উদ্যোগ, চিমেন্ট আৰু কাগজ কল স্থাপন কৰা হৈছিল। তদুপৰি, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধই দেশৰ অৰ্থনৈতিক পৰিৱেশত যথেষ্ট সালসলনি আনিছিল। ফলস্বৰূপে, ঔদ্যোগিক পণ্যৰ বাবে বিশ্বজুৰি নাটনি হৈছিল। ইয়াৰ ফলত সামগ্ৰীৰ দাম বৃদ্ধি হৈছিল। এই সুযোগ গ্ৰহণ কৰি ভাৰতৰ ধনী শ্ৰেণীটোৱে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ঔদ্যোগিক গোট স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। এনেদৰে, ব্ৰিটিছৰ শাসনকালত আধুনিক উদ্যোগৰ বিকাশ যথেষ্ট মন্থৰ আছিল।
4. ব্ৰিটিছৰ আমোলত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ এটি আভাস দিয়া।
উত্তৰঃ অতি প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষই বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল। কিন্তু ভাৰতত ব্ৰিটিছৰ শাসন আৰু তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত বৈষম্যমূলক শুল্ক নীতিয়ে ভাৰতীয় বৈদেশিক বাণিজ্যৰ গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰিছিল। ভাৰতত ইংৰাজৰ শাসনে ব্ৰিটিছ চৰকাৰক ভাৰতৰ আমদানি-ৰপ্তানি নিয়ন্ত্ৰণ কৰা আৰু এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ একচেটিয়া অধিকাৰ দিছিল। ভাৰতৰ বৈদেশিক বাণিজ্যৰ আধাতকৈও অধিক বাণিজ্য ভাৰত আৰু ব্ৰিটেইনৰ মাজতে সম্পন্ন হৈছিল। আনহাতে, বাকী থকা বাণিজ্য চীন, শ্ৰীলংকা, ইৰাণ আদি চুবুৰীয়া দেশৰ লগত সম্পন্ন কৰা হৈছিল। ব্ৰিটিছৰ শাসনকালত ভাৰতৰ ৰপ্তানিয়ে দেশখনৰ আমদানিক চেৰাই গৈছিল। ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক কেঁচা মাল ৰপ্তানি কৰা আৰু যন্ত্ৰৰে নিৰ্মিত ভোগ-সামগ্ৰী আমদানি কৰা দেশ হিচাপে গঢ়ি তুলিছিল। এইটো আছিল আমাৰ দেশৰ অৱনতিৰ এক স্পষ্ট ইংগিত। প্ৰাথমিক স্তৰৰ সামগ্ৰীৰ বৃহৎ ৰপ্তানিয়ে এই সামগ্ৰীসমূহৰ ঘৰুৱা বজাৰত নাটনিৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও, বৈদেশিক বাণিজ্যৰ পৰা আহৰণ কৰা উদ্বৃত্ত ধন ব্ৰিটিছ চৰকাৰৰ বিভিন্ন ব্যয় বহন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই ধন কেতিয়াও ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে খৰচ কৰা হোৱা নাছিল। ইয়াৰ ফলত সম্পদৰ বহিৰ্গমন হৈছিল। গতিকে, ব্ৰিটিছৰ শাসনকালত বৈদেশিক বাণিজ্যৰ স্থিতি ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ অনুকূল নাছিল।
5. ব্ৰিটিছ শাসনৰ কালছোৱাত ভাৰতৰ জনসাংখ্যিকী পৰিস্থিতিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ব্ৰিটিছ শাসনকালৰ ভাৰতৰ জনসাংখ্যিকী পৰিস্থিতিয়ে অৰ্থনৈতিক অনুন্নতি আৰু স্থবিৰতাৰ সকলো বৈশিষ্ট্য প্ৰকাশ কৰিছিল। ব্ৰিটিছ শাসনৰ বেছিভাগ সময়ছোৱাৰ বাবে ভাৰতৰ জনসংখ্যাৰ কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়, যদিও ১৮৮১ চনত ভাৰতত প্ৰথম লোকগণনা অনুষ্ঠিত হৈছিল বুলি জনা যায়। একে ধৰণৰ লোকগণনা প্ৰতি দহ বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হৈছিল। জনসাংখ্যিকী অৱস্থানান্তৰৰ প্ৰথম পৰ্যায় ১৯২১ চনৰ আগতে আৰু দ্বিতীয় পৰ্যায় ১৯২১ চনৰ পাছত আৰম্ভ হৈছিল।
ব্ৰিটিছৰ শাসনকালত ভাৰতৰ জনসংখ্যাৰ মাজত উচ্চ জন্মৰ হাৰ আৰু উচ্চ মৃত্যুৰ হাৰ বিৰাজ কৰিছিল। ব্ৰিটিছ শাসনৰ সময়ত জন্মৰ হাৰ অতিশয় বেছি আছিল, প্ৰতি এহাজাৰ জনৰ বিপৰীতে প্ৰায় ৪৮ জন, আৰু মৃত্যুৰ হাৰো অতিশয় বেছি আছিল, প্ৰতি এহাজাৰ জনৰ বিপৰীতে ৪০ জন। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই দেশত বিদ্যমান দাৰিদ্ৰ্যৰ পৰিচয় দিছিল। তদুপৰি, শিশুৰ মৃত্যুৰ হাৰ, জীৱন প্ৰত্যাশাৰ নিম্ন স্তৰ আৰু সাক্ষৰতাৰ হাৰো অতি কম আছিল।
6. স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ বৃত্তি গাঁথনিৰ এটি আভাস দিয়া।
উত্তৰঃ ব্ৰিটিছ শাসনৰ সময়ত ভাৰতবৰ্ষত বৃত্তি গাঁথনিৰ কিছু পৰিৱৰ্তনৰ লক্ষণ দেখা যায়।
এখন দেশৰ কৰ্মৰত মানুহৰ প্রাথমিক, দ্বিতীয় আৰু তৃতীয় খণ্ডত বিতৰণকে বৃত্তি গাঁথনি বোলে।
স্বাধীনতাৰ সময়ৰ ভাৰতৰ বৃত্তি গাঁথনি তলৰ তালিকাৰ যোগেদি দেখুওৱা হ’লঃ
|
বৃত্তি |
1951 (শতকৰা হিঃ) |
|---|---|
|
[I] প্রাথমিক খণ্ড |
72.7 |
|
(i) কৃষি (ii) কৃষি বনুৱা (iii) বনানীকৰণ, মৎসপালন, পশুপালন, বৃক্ষৰোপণ আদি (iv) খনি |
50.0 19.7 2.4 0.6 |
|
[II] দ্বিতীয় খণ্ড |
10.1 |
|
(v) ক্ষুদ্র আৰু বৃহৎ উদ্যোগ (vi) গৃহ নির্মাণ |
9.0 1.1 |
|
[III] তৃতীয় খণ্ড |
17.2 |
|
(vii) ব্যৱসায়-বাণিজ্য (viii) পৰিবহণ, ভঁৰাল, যোগাযোগ (ix) অন্য সেৱা |
5.2 1.4 10.6 |
|
মুঠ |
100.00 |
উপৰোক্ত তালিকাৰ পৰা নিম্নলিখিত পর্যবেক্ষণসমূহ পোৱা যায়ঃ
(i) কৃষিঃ ভাৰতীয় অর্থনীতিৰ বৃত্তিৰ মূল উৎস হৈছে কৃষিখণ্ড। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় 72.7 শতাংশ লোক কৃষিকর্মত নিয়োজিত হৈ আছিল। এই শতকৰা পৰিমাণ উন্নত দেশসমূহত যথেষ্ট কম। গতিকে ক’ব পাৰি যে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতিত অনগ্ৰসৰতাৰ লক্ষণ পৰিস্ফুত হৈছিল।
(ii) উদ্যোগঃ উদ্যোগ ক্ষেত্ৰক বৃত্তিৰ নিৰ্জন উৎস হিচাপে অভিহিত কৰা হয়। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ মাত্র 9 শতাংশহে উদ্যোগ খণ্ডৰ উৎপাদনৰ লগত জড়িত আছিল। আমেৰিকা, ইংলেণ্ড, জাপান আদিৰ দৰে উন্নত দেশৰ তুলনাত এই পৰিমাণ যথেষ্ট কম। এই অৱস্থাই ভাৰতীয় অর্থনীতিক নিম্নগামী কৰিছিল।
(iii) ভাৰসাম্যহীন বিকাশঃ উপৰোক্ত তালিকাৰ পৰা এইটো প্রতীয়মান হয় যে স্বাধীনতাৰ সময়ত ভাৰতৰ অৰ্থনীতিৰ বিকাশ ভাৰসাম্যহীন আছিল। ভাৰসাম্য বা সুষম বিকাশ হৈছে দেশ এখনৰ অৰ্থনীতিৰ প্রতিটো ক্ষেত্ৰৰ সমবিকাশ। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় খণ্ডৰ বিকাশ প্রাথমিক খণ্ডৰ তুলনাত অতি কম দেখা গৈছে। গতিকে ক’ব পৰা যায় যে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশ ভাৰসাম্যহীন আছিল।
7. প্রাক স্বাধীনতাৰ কালত ভাৰতবৰ্ষৰ আন্তঃগাঁথনিক অৱস্থাৰ আভাস দিয়া।
উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ যিবোৰ উপাদানে এখন দেশৰ উন্নয়ন আৰু বিকাশত সহায় কৰে সেইবোৰক আন্তঃগাঁথনি বোলে। পৰিবহণৰ মাধ্যম, যোগাযোগ ব্যৱস্থা, বেংক ব্যৱস্থা, স্বাস্থ্য আৰু আবাসন সুবিধা আদি হৈছে এনে কিছুমান উপাদান। এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত অতিকৈ নিৰ্ভৰশীল। ব্ৰিটিছৰ শাসনকালত পৰিবহণ আৰু যোগাযোগৰ দিশত তাৎপর্যপূর্ণ উন্নয়ন সাধন হয়। বিশেষকৈ ৰে’লসেৱা, ডাক আৰু তাঁৰ বিভাগত আন্তঃগাঁথনিৰ যথেষ্ট উন্নয়ন সাধন কৰা হৈছিল। ইয়াৰোপৰি, বন্দৰ আৰু পথ নিৰ্মাণৰ দিশতো কিছু উন্নয়ন সাধন হৈছিল। কিন্তু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কথা আওকাণ কৰি এই আন্তঃগাঁথনিক উন্নয়নসমূহ সম্পূর্ণ ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থত কৰা হৈছিল। ৰে’ল ব্যৱস্থাৰ প্ৰসাৰৰ মূল কাৰণেই আছিল ইংলেণ্ডৰ উৎপাদিত বস্তুৰ বজাৰ বৃদ্ধি কৰা। একেদৰে ভাৰতবৰ্ষৰ বিভিন্ন চুক-কোণৰ পৰা কেঁচামাল বন্দৰসমূহলৈ কঢ়িয়াই নিয়াৰ স্বাৰ্থত স্থলপথবোৰ নিৰ্মাণ কৰা হৈছিল। এহাতে ব্ৰিটিছৰ নিজৰ স্বাৰ্থত বৈদেশিক বাণিজ্য-প্ৰৱৰ্তনৰ বাবে বন্দৰসমূহৰ উন্নয়ন সাধন কৰা হৈছিল, আনহাতে নিজৰ প্রশাসনীয় দক্ষতা বৃদ্ধি কৰাৰ বাবে ডাক-তাঁৰৰ উন্নয়ন সাধন কৰা হৈছিল।
8. অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা? ভাৰতৰ পৰিকল্পনাসমূহৰ উদ্দেশ্যাৱলী ব্যাখ্যা কৰা।
বা, ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি কি?
উত্তৰঃ সমৃদ্ধি আৰু বিকাশৰ লক্ষ্যেৰে চৰকাৰে গ্ৰহণ কৰা উন্নয়নৰ বিৰামহীন আৰু প্ৰণালীবদ্ধ প্রক্রিয়াক অর্থনৈতিক পৰিকল্পনা বোলা হয়। এটা নির্দিষ্ট সময়সীমাৰ ভিতৰত অর্থনীতিত থকা সম্পদসমূহৰ পৰিকল্পিত সহযোগ আৰু সদব্যৱহাৰৰ জৰিয়তে পূৰ্বনিদ্ধাৰিত সামাজিক তথা অর্থনৈতিক কিছুমান লক্ষ্য অৰ্জনৰ প্রচেষ্টাই হৈছে অর্থনৈতিক পৰিকল্পনা। সেইবাবে ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্দ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক ক্রিয়াকলাপ নিয়ন্ত্ৰণ কৰি জীৱন নিৰ্বাহৰ মান উন্নত কৰিবলৈ যি সুনির্দিষ্ট পৰিকল্পনা হাতত লোৱা হয় তাকেই অর্থনৈতিক পৰিকল্পনা বোলা হয়। ই সদায় সময় আৰু নির্দিষ্ট লক্ষ্যৰে বান্ধ খাই থাকে। পাঁচবছৰীয়া সময়সীমাৰ ভিত্তিত প্রস্তুত কৰা অর্থনৈতিক পৰিকল্পনাক পঞ্চবার্ষিক পৰিকল্পনা বোলা হয়। ভাৰতবৰ্ষত পঞ্চবার্ষিক পৰিকল্পনাৰ ব্যৱস্থা আছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ নিম্নোক্ত ধৰণৰঃ
(i) সর্বাধিক অর্থনৈতিক উন্নয়ন সাধনঃ ভাৰতবৰ্ষৰ সকলো পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্য হৈছে দ্রুত অর্থনৈতিক বিকাশ সাধন কৰা। এই পৰিকল্পনাসমূহে প্ৰকৃত ৰাষ্ট্ৰীয় আয় আৰু প্রকৃত জনমূৰি আয় বৃদ্ধিৰ লক্ষ্যেৰে কর্মসূচী প্রস্তুত কৰে। অৱশ্যে, চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ৰপৰা জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰি অৰ্থনৈতিক বিকাশ সাধনৰ লক্ষ্য স্থিৰ কৰা হৈছে।
(ii) সম্পূর্ণ নিয়োগ সৃষ্টিঃ পঞ্চবার্ষিক পৰিকল্পনাই ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা দূৰীকৰণত গুৰুত্ব দিছে। তৃতীয় আৰু চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ৰ পৰা নিয়োগৰ সুবিধা সৃষ্টি পঞ্চবার্ষিক পৰিকল্পনাৰ এটা অন্যতম লক্ষ্য হৈ আহিছে। ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাই সংহত গ্রাম্য বিকাশ আঁচনি, ন্যূনতম প্রয়োজন আঁচনি, নেহৰু ৰোজগাৰ যোজনা আদিৰ লেখীয়া নিবনুৱা দূৰীকৰণৰ আঁচনি গ্রহণ কৰিছিল।
(iii) আয়ত অসমতা হ্রাসঃ ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা অন্যতম উদ্দেশ্য হৈছে আয়ৰ বৈষম্য হ্রাস কৰা। পৰিকল্পনা প্ৰক্ৰিয়াৰ আৰম্ভণিতেই আয়ৰ ক্ষেত্ৰত বিৰাট বৈষম্যই দৰিদ্ৰতা সৃষ্টিৰ মূল কাৰণ হৈছিল। পিছত পৰিকল্পনা আয়োগে গাঁও অঞ্চলৰ ভূমিৰ পুনৰ বণ্টন, ক্ৰমবৰ্দ্ধমান কৰ ব্যৱস্থা, লাইচেন্স নীতি, একচেটীয়া ব্যৱসায় প্ৰৱণতাৰ নিয়ন্ত্ৰণ আদিৰ দৰে ব্যৱস্থাৰ যোগেদি আয়ৰ সমতা বৃদ্ধিত গুৰুত্ব দিয়ে।
(iv) স্বনিৰ্ভৰশীলতাঃ সকলো পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য হৈছে স্বনিৰ্ভৰশীলতা লাভ। ভাৰতবৰ্ষৰ জনসংখ্যা বৃহৎ হোৱা সত্ত্বেও কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত যেনে খাদ্যশস্য, প্রযুক্তি আদিৰ দিশত স্বনিৰ্ভৰশীলতা অৰ্জন কৰাটো গুৰুত্বপূৰ্ণ। ৰপ্তানি বৃদ্ধি কৰা, বৈদেশিক সাহায্যৰ হ্রাস, আমদানিৰ ওপৰত থকা নিৰ্ভৰতা হ্রাস আৰু মুঠ ঘৰুৱা উৎপাদনত উৎপাদনখণ্ডসমূহৰ বৰঙণি বৃদ্ধি কৰা আদি স্বনিৰ্ভৰশীলতা অৰ্জনৰ বাবে লোৱা কেতবোৰ মূল পদক্ষেপ।
(v) বিভিন্ন ক্ষেত্ৰত আধুনিকীকৰণঃ কৃষি, উদ্যোগ আৰু অর্থনীতিৰ অন্যান্য ক্ষেত্ৰসমূহত আধুনিকীকৰণ তথা উন্নত প্রযুক্তিৰ প্ৰয়োগ হৈছে ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ এটা মূল উদ্দেশ্য।
9. পুঁজিবাদ বুলিলে কি বুজা?
উত্তৰঃ পুঁজিবাদ হৈছে ব্যক্তিগত সম্পত্তি আৰু ব্যক্তিগত উদ্যোগৰ ওপৰত প্ৰতিষ্ঠিত এটা অর্থনৈতিক ব্যৱস্থা। এনে অর্থনৈতিক ব্যৱস্থাত কৃষিক্ষেত্র, উদ্যোগ, বাণিজ্য আৰু উৎপাদনৰ অন্য বিষয়বস্তুসমূহ ব্যক্তিগত মালিকানাৰ অধীনত থাকে। অন্যার্থত, পুঁজিবাদ হৈছে এনে এক অর্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ সকলো উপায় ব্যক্তিগত মালিকানাৰ অধীনত থাকে আৰু এইবোৰ ব্যক্তিগতভাৱে পৰিচালিত হয়। পুঁজিবাদী
অর্থনীতিত প্রত্যেক উৎপাদনকাৰীৰ মূল লক্ষ্য হৈছে সর্বোচ্চ লাভ অৰ্জন কৰাটো। এনে অর্থনীতিত উৎপাদনকাৰীয়ে সেইবোৰ দ্রব্য বা সামগ্রী উৎপাদনত গুৰুত্ব দিয়ে যিবোৰে আর্থিকভাৱে উৎপাদনকাৰীক অধিক লাভ দিয়ে।
10. সমাজবাদ বুলিলে কি বুজা?
উত্তৰঃ সমাজবাদ হৈছে এনে এবিধ অর্থনীতি য’ত উৎপাদনৰ সকলো উপায় চৰকাৰৰ হাতত ন্যস্ত থাকে আৰু চৰকাৰে পৰিচালনা কৰে। এনে ব্যৱস্থাত উৎপাদনৰ উপায়সমূহৰ ব্যক্তিগত মালিকানা নাথাকে। এই অর্থনীতিৰ মূল উদ্দেশ্যই হৈছে সামাজিক কল্যাণ সাধন। এই অর্থনীতিত উৎপাদনৰ উপায়সমূহ এনেদৰে ব্যৱহাৰ কৰা হয় যাতে এইবোৰে সমগ্ৰ জাতিটোৰ স্বাৰ্থহে পূৰণ কৰে, কোনো ব্যক্তিৰ স্বাৰ্থ নহয়।
11. মিশ্র অর্থনীতি বুলিলে কি বুজা?
উত্তৰঃ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান ঘটা অর্থনীতিক মিশ্র অর্থনীতি বোলা হয়। এই অর্থনীতিয়ে বিশুদ্ধ পুঁজিবাদ আৰু বিশুদ্ধ সমাজবাদৰ কঠোৰতাৰ পৰা মুক্ত হ’বলৈ বিচাৰে। আন কথাত ক’বলৈ হ’লে ই পুঁজিবাদ আৰু সমাজবাদৰ মাজত সমতা ৰক্ষা কৰে। সাধাৰণতে মিশ্র অর্থনীতিত প্রাথমিক আৰু গধুৰ উদ্যোগবোৰ, যেনে- প্ৰতিৰক্ষা সামগ্রী, আণৱিক শক্তি, গধুৰ অভিযান্ত্রিক উদ্যোগ ইত্যাদি ৰাজহুৱা খণ্ডৰ অধীনত ৰখা হয়। আনহাতে কৃষি, নিত্য ব্যৱহাৰ্য সামগ্রী, চেনি, তেল, বস্ত্র আদিৰ লেখীয়া উদ্যোগসমূহ এই অর্থনীতিত ব্যক্তিগত খণ্ডৰ অধীনত ৰখা হয়।
12. পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰঃ পুঁজিবাদ, সমাজবাদ আৰু মিশ্র অর্থনীতিৰ মূল পার্থক্যসমূহ তলত উল্লেখ কৰা হ’লঃ
|
ক্ৰমিক নং |
পাৰ্থক্যৰ ভিত্তি |
পুঁজিবাদ |
সমাজবাদ |
মিশ্র অর্থনীতি |
|---|---|---|---|---|
|
(i) |
মালিকীস্বত্ব |
উৎপাদনৰ ব্যৱস্থাসমূহ ব্যক্তিগত মালিক গোষ্ঠীৰ হাতত থাকে আৰু তেওঁলোকে উৎপাদন ব্যৱস্থা পৰিচালনা কৰে। |
উৎপাদন ব্যৱস্থাৰ মালিকীস্বত্ব চৰকাৰৰ অধীনত থাকে আৰু চৰকাৰে ইয়াৰ পৰিচালনা কৰে। |
উৎপাদন ব্যৱস্থা ব্যক্তিগত আৰু চৰকাৰী দুয়োটাৰ অধীনত থাকে আৰু দুয়োটাই ইয়াক পৰিচালনা কৰে। |
|
(ii) |
উদ্দেশ্য |
লাভ, অৰ্জনৰ অভিপ্রায়ৰ দ্বাৰা অর্থনৈতিক ক্রিয়াকলাপ পৰিচালিত হয়। |
অর্থনৈতিক কার্যসমূহ সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে পৰিচালিত হয়। |
অর্থনৈতিক কার্যসমূহ সামাজিক কল্যাণ আৰু ব্যক্তিগত মুনাফা অর্জন দুয়োটা উদ্দেশ্যৰে পৰিচালিত হয়। |
|
(iii) |
উপভোক্তাৰ স্বাধীনতা |
পুঁজিবাদত উপভোক্তাৰ অসীম স্বাধীনতা থাকে। |
সমাজবাদত উপভোক্তাৰ স্বাধীনতা নাথাকে। |
মিশ্র অর্থনীতিত উপভোক্তাৰ সীমিত স্বাধীনতা থাকে। |
|
(iv) |
প্রতিযোগিতা |
ক্রেতা আৰু বিক্রেতাৰ মাজত মুক্ত প্রতিযোগিতা হয়। |
বিভিন্ন উৎপাদনকাৰী গোটৰ মাজত প্রতিযোগিতা নাথাকে। যিহেতু চৰকাৰৰ হাতত উৎপাদন ব্যৱস্থা ন্যস্ত থাকে। |
কম পৰিমাণৰ প্ৰতিযোগিতা দেখা যায়। |
|
(v) |
আয় আৰু সম্পদৰ বৈষম্য |
আয় আৰু সম্পদৰ বিতৰণত যথেষ্ট বৈষম্য পৰিলক্ষিত হয়। |
আয় আৰু সম্পদৰ বিতৰণত বৈষম্য নাথাকে। |
ৰাষ্ট্ৰীয় আয়ৰ অধিকভাৱে বৈষম্য নাথাকিলেও আয় আৰু বিতৰণত বৈষম্য বিৰাজমান। |
|
(vi) |
অৰ্থনৈতিক অস্থিবতা |
বহুলভাৱে অর্থনৈতিক অস্থিৰতাই দেখা দিয়ে। |
অর্থনৈতিক অস্থিৰতাৰ স্থান নাই। |
কেতিয়াবা কেতিয়াবা অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। |
13. 1991 চনৰ আগলৈকে বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত লোৱা ভাৰতবৰ্ষৰ অর্থনৈতিক পৰিকল্পনাৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ 1991 চনলৈকে ভাৰতবৰ্ষৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত লোৱা অর্থনৈতিক পৰিকল্পনাসমূহৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’লঃ
(i) ৰাজহুৱা খণ্ডত অত্যন্ত নিৰ্ভৰশীলতাঃ 1991 চনলৈকে ভাৰতবৰ্ষৰ অর্থনীতি ৰাজহুৱা খণ্ডৰ ওপৰত অত্যধিক পৰিমাণে নিৰ্ভৰশীল আছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সুংসহত বিকাশৰ যোগেদিহে সমাজবাদী আৰ্হিৰ সমাজৰ লক্ষ্যত উপনীত হ’ব পৰা যাব বুলি এই কালছোৱাত উপলব্ধি কৰা হৈছিল।
(ii) ব্যক্তিগত খণ্ডৰ নিয়ন্ত্ৰিত উন্নয়নঃ 1991 চনৰ আগৰ সময়ছোৱাত বিভিন্ন অর্থনৈতিক নীতিৰ যোগেদি ব্যক্তিগত খণ্ডত বহুতো বাধা-নিষেধ আৰোপ কৰা হৈছিল। উদাহৰণস্বৰূপে, 1948 চনৰ ঔদ্যোগিক উন্নয়ন নিয়ন্ত্রণ আইনৰ যোগেদি নতুনকৈ প্ৰতিষ্ঠা কৰা উদ্যোগৰ পঞ্জীয়নৰ বাবে অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক আছিল। এই নীতিৰ আঁৰৰ মূল উদ্দেশ্য আছিল ব্যক্তিগত খণ্ডত কেন্দ্রীভূত অর্থনৈতিক ক্ষমতাৰ হ্ৰাস কৰা।
(iii) লঘু উদ্যোগৰ ৰক্ষণাবেক্ষণ আৰু বৃহৎ বা গুৰু উদ্যোগৰ নিয়ন্ত্রণঃ লঘু উদ্যোগসমূহৰ বাবে বিভিন্ন ধৰণৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হৈছিল। উৎপাদনৰ কিছুমান নির্দিষ্ট ক্ষেত্র লঘু উদ্যোগসমূহৰ বাবে বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। এই উদ্যোগসমূহলৈ বিত্তীয় সাহায্যও আগবঢ়োৱা হৈছিল। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত, এই উদ্যোগসমূহৰ উৎপাদনবোৰক উলিয়াই দিয়াত উৎসাহিত কৰাৰ বাবে বিভিন্ন উত্তৰণমূলক পদক্ষেপ লোৱা হৈছিল।
(iv) ভিত্তিগত গধুৰ উদ্যোগৰ নিয়ন্ত্রণঃ এই সময়ছোৱাত গধুৰ তথা ভিত্তিগত উদ্যোগসমূহৰ উন্নয়নৰ বাবে বিশেষ অগ্রাধিকাৰ দিয়া হৈছিল। প্রত্যক্ষভাৱে উৎপাদনকাৰী সম্পদ যেনে-লো আৰু তীখা, কয়লা, শক্তি প্রকল্প, গধুৰ বৈদ্যুতিক যন্ত্রপাতি আৰু অনেক ভিত্তিগত উদ্যোগৰ বিকাশৰ বাবে যথেষ্ট পৰিমাণে বিনিয়োগ কৰা হৈছিল।
(v) সঞ্চয় আৰু বিনিয়োগৰ ওপৰত অধিক
গুৰুত্বঃ অর্থনৈতিক বিকাশ সহজসাধ্য কৰিবলৈ সঞ্চয় আৰু বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। উচ্চ পৰিমাণৰ সুত প্ৰদানৰ ব্যৱস্থা কৰি সঞ্চয়ৰ স্পৃহা বৃদ্ধি কৰা হৈছিল। একেদৰে বিনিয়োগ অধিক বৃদ্ধিৰ বাবে মূলধন মঞ্জুৰি আৰু ৰাজসাহায্যৰ ব্যৱস্থা কৰা হৈছিল।
14. 1991 চনলৈকে ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ সফলতা-বিফলতাৰ খতিয়ান আগবঢ়োৱা।
উত্তৰঃ 1991 চনলৈকে ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ সফলতাসমূহ হৈছেঃ
(i) জনমূৰি আয় বৃদ্ধিঃ 1993-94 চনৰ মূল্যৰ ভিত্তিত ভাৰতবৰ্ষৰ জনমূৰি আয় 1950-51 চনৰ 3687 টকাৰ পৰা 1990-91 চনত 7321 টকালৈ অতি লেহেমীয়া গতিৰে বৃদ্ধি হোৱা দেখা গৈছে।
(ii) ৰাষ্ট্রীয় আয় বৃদ্ধিঃ অর্থনৈতিক বিকাশৰ মূল সূচক হৈছে ৰাষ্ট্ৰীয় আয়। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আয় গড় হিচাপত বার্ষিক 3.8 শতাংশ হাৰে বৃদ্ধি হৈছে। 1950-51 চনত বিকাশৰ হাৰ আছিল 3.4 শতাংশ আৰু ই 1990-91 চনত 6 শতাংশলৈ বৃদ্ধি হয়।
(iii) কৃষিৰ উন্নয়নঃ পৰিকল্পনা আৰম্ভণিৰ বছৰবোৰত কৃষিৰ উন্নয়ন মূলতঃ কৃষিভূমিৰ বৃদ্ধিৰ দিশতেই সীমাবদ্ধ আছিল। পিছফালে কৃষিক্ষেত্ৰত নতুন প্রযুক্তিৰ প্ৰয়োগ কৰা হৈছে। 1950-51 চনৰ 46.2 শতাংশৰ পৰা 1990-91 চনত 148.4 শতাংশলৈ কৃষি উৎপাদনৰ সূচ্যাংক বৃদ্ধি হয়।’
(iv) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নঃ 1950-51 চনৰ পৰা 1990-91 চনলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত গুৰুত্বপূর্ণ বিকাশ হোৱা দেখা যায়। তথ্য-প্রযুক্তিবিদ্যাৰ দিশতো তাৎপর্যপূর্ণ বিকাশ সাধন হৈছে। পৰিচালনা আৰু প্রযুক্তিগত দক্ষতাও বৃদ্ধি হোৱাৰ ফলত আত্মনিৰ্ভৰশীল দেশ হিচাপে ভাৰতৰ উত্থান হৈছে।
(v) অর্থনৈতিক আন্তঃগাঁথনিৰ বিকাশঃ এই সময়ছোৱাত অর্থনৈতিক আন্তঃগাঁথনি যেনে— ৰে’লসেৱা, বাট-পথ, যোগাযোগ, জলসিঞ্চন আদিৰ দিশত প্রভূত উন্নয়ন হোৱা দেখা যায়।
অৱশ্যে পৰিকল্পনাৰ এই কালছোৱাত বিভিন্ন ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ উন্নয়ন সাধন হ’লেও কিছুমান ক্ষেত্রত ই বিফল হৈছিল। বিফলতাসমূহ তলত উল্লেখ কৰা হ’লঃ
(i) দৰিদ্ৰতাঃ 1950-91 চনৰ পৰিকল্পনাৰ কালছোৱাত দৰিদ্ৰতা দূৰীকৰণত সফল হোৱা পৰিলক্ষিত হোৱা নাই। 1991 চনৰ শেষলৈকে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্রায় 40 শতাংশ লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰিছিল।
(ii) জীৱনধাৰণৰ মানদণ্ড উন্নীতকৰণত বিফলতাঃ জীৱন ধাৰণৰ মানদণ্ড উন্নীতকৰণত পৰিকল্পনাসমূহ বাৰে বাৰে বিফল হৈছে। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহে ন্যূনতম পুষ্টি, বাসস্থান, বস্ত্র আদি যোগান ধৰাত ব্যৰ্থ হৈছে।
(iii) নিবনুৱা সমস্যাৰ বৃদ্ধিঃ ভাৰতবৰ্ষৰ এই সময়ছোৱাৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহ নিয়োগৰ সুবিধা সৃষ্টিৰ ক্ষেত্ৰত বিফল হৈ আহিছে।
বৃহৎ সংখ্যক নিবনুৱা লোকে এতিয়াও কোনো খণ্ডতে কর্মসংস্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
(iv) অর্থনৈতিক বৈষম্যঃ এই কালছোৱাত ভাৰতবৰ্ষৰ মানুহৰ আয় আৰু সম্পত্তিৰ ক্ষেত্ৰত বিৰাট বৈষম্য পৰিলক্ষিত হৈছে আৰু ই ধনী আৰু দুখীয়াৰ মাজৰ পার্থক্য বৃদ্ধিহে কৰিছে।
(v) আঞ্চলিক বৈষম্যঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ অন্য এটা উল্লেখযোগ্য আসোঁৱাহ হৈছে উন্নয়নৰ আঁচনিৰ দিশত বৃহৎ আঞ্চলিক বৈষম্য।
ইয়োৰোপৰি, কৃষি আৰু উদ্যোগৰ দিশতো পৰিকল্পনাসমূহে প্রয়োজনীয় বিকাশৰ হাৰ লাভ কৰাত বিফল হৈছে। পৰিকল্পনাৰ কালছোৱাত বয়বস্তুৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। ভাৰতৰ অর্থনৈতিক পৰিকল্পনাসমূহে স্থিৰ কৰা লক্ষ্যত উপনীত হোৱাত প্রায়েই ব্যর্থ হৈছে। 1991 চনলৈকে বৈদেশিক লেনদেনৰ বিবৃতিত ক্রমবর্ধমান ঘাটিৰ উদ্রেক হৈছে।
15. ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ মূল বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ মূল বৈশিষ্ট্যসমূহ হৈছেঃ
(i) নিম্ন উৎপাদনশীলতাঃ ভাৰতীয় কৃষিখণ্ডৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে নিম্ন উৎপাদনশীলতা। বিশ্বৰ অন্য উন্নত ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষৰ উৎপাদনশীলতা যথেষ্ট কম।
(ii) ছদ্মবেশী নিবনুৱাঃ ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ এটা মূল বৈশিষ্ট্য এয়ে যে কৃষিখণ্ডত ছদ্মবেশী নিবনুৱা বিৰাজ কৰে। এনে পৰিস্থিতিত এটুকুৰা কৃষিভূমিত প্রয়োজনতকৈ অধিক সংখ্যক মানুহ উৎপাদনকার্যত জড়িত হৈ থাকে। গতিকে, কৃষিখণ্ডত নিয়োজিত মানুহৰ ভিতৰত যথেষ্ট সংখ্যক প্রকৃততে নিবনুৱা।
(iii) বৰষুণৰ ওপৰত নিৰ্ভৰশীলতাঃ ভাৰতবৰ্ষৰ কৃষিকার্য যথেষ্ট পৰিমাণে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিস্থিতিত শস্য উৎপাদনৰ কোনো নিশ্চয়তা নাথাকে। কোনো এটা বছৰত বৰষুণৰ মাত্ৰা সঠিক পৰিমাণৰ হ’লে শস্য উৎপাদন ভাল হয়, অন্যথা যথেষ্ট বেয়া হয়।
(iv) পোষণ কৃষিঃ ভাৰতত পোষণ কৃষিৰ নীতি অনুসৰণ কৰা হয়। অর্থাৎ, ইয়াত লাভ অৰ্জনৰ সলনি কৃষকসকলে পৰিয়ালৰ ভৰণ-পোষণৰ বাবেহে কৃষিকার্য কৰা দেখা যায়।
(v) পৰম্পৰাগত পদ্ধতিঃ ভাৰতবৰ্ষত কৃষিকার্য পৰম্পৰাগত পদ্ধতিত কৰাটোত কৃষকসকলে অগ্রাধিকাৰ দিয়া দেখা যায়। উন্নত প্রযুক্তিৰ প্ৰয়োগ ভাৰতবৰ্ষৰ কৃষিখণ্ডত অতি সীমিত। আধুনিক প্রযুক্তিৰ পৰিৱৰ্তে গৰুৰে হাল বোৱাৰ দৰে পৰম্পৰাগত পদ্ধতি ভাৰতবৰ্ষৰ কৃষিখণ্ডত বিদ্যমান। ৰাসায়নিক সাৰ, কীট-পতংগনাশক ঔষধ আদি আধুনিক সামগ্ৰী ভাৰতীয় কৃষকে ব্যৱহাৰ নকৰে।
16. ভাৰতীয় অর্থনীতিত কৃষিখণ্ডৰ গুৰুত্ব আৰু ভূমিকা আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় 70 শতাংশ লোক কৃষিজীৱি হোৱা হেতুকে কৃষিখণ্ডক অগ্রাধিকাৰ খণ্ড হিচাপে গণ্য কৰা হয়। প্রকৃতাৰ্থত কৃষিখণ্ডক ভাৰতীয় অর্থনীতিৰ মেৰুদণ্ড আখ্যা দিয়া হয়। ভাৰতীয় অর্থনীতিত কৃষিখণ্ডৰ ভূমিকা তলত আলোচনা কৰা হ’লঃ
(i) ৰাষ্ট্ৰীয় আয়লৈ কৃষিখণ্ডৰ বৰঙণিঃ ৰাষ্ট্ৰীয় আয়লৈ কৃষিখণ্ডই এক মুখ্য ভূমিকা পালন কৰি আহিছে। কিন্তু ৰাষ্ট্ৰীয় আয়ৰ দিশত বহুতো বৰঙণি আগবঢ়ালেও মুঠ ৰাষ্ট্ৰীয় আয়লৈ ইয়াৰ অংশ ক্রমে কমি আহিছে। 1950-51 চনত ইয়াৰ বৰঙণি আছিল 57 শতাংশ। কিন্তু 1990 ৰ দশকত ইয়াৰ অৰিহণা যথেষ্ট হ্রাস পায়।
(ii) জীৱিকা নিৰ্বাহৰ উৎসঃ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্রায় 70 শতাংশ কর্মজীৱিলোক কৃষিখণ্ডত জড়িত হোৱা বাবে ই জীৱিকা নিৰ্বাহৰ এটা মূল উৎস হিচাপে পৰিগণিত হৈছে। বহুতো মানুহে এই খণ্ডক প্রত্যক্ষ অথবা পৰোক্ষভাৱে জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস হিচাপে লৈ জীয়াই আছে।
(iii) ঔদ্যোগিক বিকাশত কৃষিখণ্ডৰ গুৰুত্বঃ ভাৰতবৰ্ষত উদ্যোগখণ্ডৰ বিকাশত কৃষিখণ্ডই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মৰাপাট, কপাহ, বনস্পতি, খোৱা তেল আদিৰ দৰে উদ্যোগসমূহলৈ ই কেঁচামাল যোগান ধৰে। ইয়াৰোপৰি হস্তশিল্প, তেলঘানি, ধান বনা মিল আদিৰ দৰে সৰু-সুৰা উদ্যোগসমূহলৈ কেঁচামাল যোগান ধৰে।
(iv) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্বঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতবৰ্ষৰ কৃষি উৎপাদিত সামগ্রী যেনে- চাহ, কফি, মচলা, ধঁপাত আদি উল্লেখযোগ্য ৰপ্তানি সামগ্রী। মুঠ ৰপ্তানিত কৃষিখণ্ডৰ অংশ অধিক হ’ব যদিহে মৰাপাট, কাপোৰ, চেনিৰ দৰে অন্য কৃষিভিত্তিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰা হয়।
(v) চৰকাৰৰ ৰাজহঃ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে কৃষিখণ্ডই হৈছে ৰাজহৰ প্রাথমিক উৎস। কৃষি উৎপাদনৰ ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰে আদায় কৰে আৰু ৰাজ্য চৰকাৰসমূহে কৃষিগত আয়কৰ, জলসিঞ্চন মাচুল, মাটিৰ খাজনা আদি আদায় কৰে।
(vi) অর্থনৈতিক পৰিকল্পনাৰ বাবে গুৰুত্বঃ কৃষিখণ্ডই পৰিবহণ, উৎপাদন আৰু বেংক উদ্যোগসমূহৰ বাবে ব্যৱসায়ৰ পৰিৱেশ উন্নত কৰি পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ অধীনত বিভিন্ন পৰিকল্পনা আৰু আঁচনি ৰূপায়ণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
গতিকে, ওপৰৰ আলোচনাৰ পৰা এইটো প্রকট হয় যে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পঞ্চবার্ষিক পৰিকল্পনাৰ বিভিন্ন আঁচনিৰ সৈতে কৃষিখণ্ডৰ উন্নয়নক সংলগ্ন কৰাৰ জৰিয়তে এয়া সম্ভৱ হৈছে।
17. ভাৰতীয় কৃষিখণ্ডই সন্মুখীন হোৱা সমস্যাৱলী উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ কৃষিখণ্ডই সন্মুখীন হোৱা সমস্যাৱলী হৈছে এনেধৰণৰঃ
(i) কৃষিখণ্ডত জনসংখ্যাৰ অত্যধিক চাপঃ ভাৰতবৰ্ষত নিম্ন কৃষি উৎপাদনৰ অন্যতম কাৰণ হৈছে কৃষিখণ্ডত জনসংখ্যাৰ অত্যধিক হেঁচা বা চাপ। জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ ফলত কৃষকৰ কৃষিভূমি সদায় সৰু সৰু খণ্ডত ভাগ হয়। ই কৃষিকার্যত অসুবিধাৰ সৃষ্টি কৰে।
(ii) জলসিঞ্চন ব্যৱস্থাৰ অভাৱঃ ভাৰতবৰ্ষৰ কৃষিখণ্ডই সঠিক জলসিঞ্চন ব্যৱস্থাৰ অভাৱৰ সন্মুখীন হৈ আহিছে। ভাৰতবৰ্ষৰ বেছিভাগ কৃষিভূমিয়েই পানীৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল যিটো নিশ্চিত নাইবা নিয়মীয়া নহয়। বৰষুণৰ ওপৰত নিৰ্ভৰশীলতাই ভাৰতীয় কৃষিক যথেষ্ট অৰক্ষিত কৰিছে।
(iii) আদিম কৃষি পদ্ধতিঃ কৃষিকার্যত ভাৰতীয় কৃষকে এতিয়াও পুৰণি আৰু অদক্ষ কৃষিপদ্ধতি আৰু কৌশল অৱলম্বন কৰে। তেওঁলোকে কাঠৰ নাঙল, কোৰ আদিৰ ব্যৱহাৰ কৰিয়েই আছে। অধিকাংশ খেতিয়কে এতিয়াও আধুনিক প্রযুক্তি যেনে- ট্ৰেক্টৰ, পাম্প, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদি ব্যৱহাৰ নকৰে।
(iv) কৃষিভূমিৰ আকাৰঃ ভাৰতবৰ্ষৰ কৃষিভূমিৰ গড় আকাৰ অত্যন্ত সৰু আৰু সেইবাবে ই অর্থনৈতিক নহয়। কৃষিভূমিৰ সৰু সৰু আকাৰে ভূমি, শ্ৰম আৰু মূলধনৰ অপচয় কৰে। ফলশ্ৰুতিত ভাৰতীয় কৃষিখণ্ডত নিম্ন উৎপাদন হোৱা দেখা যায়।
(v) বিত্তৰ ঘাটিঃ ভাৰতীয় কৃষিখণ্ডৰ এটা অন্যতম সমস্যা হৈছে বিত্তৰ ঘাটি। ভাৰতবৰ্ষৰ কৃষকৰ হ্রস্বকালীন আৰু দীর্ঘকালীন উভয়ধৰণৰ বিত্তৰে প্ৰয়োজন হয়। হ্রস্বকালীন বিত্তৰ প্ৰয়োজন হয় বীজ, সাৰ আদি ক্ৰয় কৰাৰ বাবে। আকৌ দীর্ঘকালীন বিত্তৰ প্ৰয়োজন হয় ট্রেক্টৰ, পাম্প আদি ক্ৰয়ৰ বাবে। কিন্তু ভাৰতীয় কৃষিখণ্ডত এই সুবিধা যথেষ্ট নহয়। সেয়ে, কৃষকসকলক পর্যাপ্ত পৰিমাণৰ বিত্ত যোগানৰ ব্যৱস্থা কৰা বাঞ্চনীয়।
18. সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ ফলাফল উল্লেখ কৰা।
উত্তৰঃ 1960 ৰ দশকৰ মধ্যভাগৰ পৰা কৃষিক্ষেত্ৰত নতুন পদ্ধতি অৱলম্বন কৰা হয়। পৰম্পৰাগত কৃষিপদ্ধতিৰ পৰিৱৰ্তে আধুনিক প্রযুক্তিৰ প্ৰয়োগ কৰা হয়। 1960-61 বৰ্ষত নতুন প্রযুক্তি সাতখন IADP জিলাত গুৰুত্বপূর্ণ প্রকল্প হিচাপে প্রয়োগ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত IADPৰ সৈতে উচ্চ উৎপাদনক্ষম প্ৰজাতিৰ কৰ্মসূচী (HYVP)ও সংযোজন কৰা হয়। 1965-66 বস্তুত সমগ্র দেশতে এই কৌশল সম্প্ৰসাৰিত কৰা হয়। এই পদক্ষেপৰ ফলস্বৰূপে বৃহৎ মাত্ৰাত কৃষিৰ উৎপাদন বৃদ্ধি পায়। বিকাশৰ এই পদক্ষেপকে ‘সেউজ বিপ্লৱ’ বুলি অভিহিত কৰা হয়।
এনেদৰে, নতুন কৃষিগত কৌশলৰ ফলস্বৰূপে কৃষিৰ উৎপাদন বৃদ্ধি হোৱাটোকে ‘সেউজ বিপ্লৱে’ সূচায়।
সেউজ বিপ্লৱৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ’লঃ
(i) কৃষি উৎপাদনৰ বৃদ্ধিঃ সেউজ বিপ্লৱৰ অন্যতম সফলতা হৈছে কৃষি উৎপাদনৰ দ্রুত বৃদ্ধি। বিশেষকৈ ধান আৰু ঘেঁহুৰ উৎপাদন আছিল চমকলগা। ভাৰতবৰ্ষৰ মুঠ খাদ্যশস্যৰ উৎপাদন 1965-66 চনত 62.4 নিযুত টনৰ পৰা 2000-2001 চনত 195.6 নিযুত টনলৈ বৃদ্ধি হয়।
(ii) বিজ্ঞানসন্মত কৃষিকার্যঃ সেউজ বিপ্লৱৰ ফলত ভাৰতবৰ্ষৰ পৰম্পৰাগত কৃষিকাৰ্যৰ সলনি আশাপ্রদভাৱে কৃষিখণ্ডত বিজ্ঞানসন্মত পদ্ধতিৰ আগমন হয়। পৰম্পৰাগত সাৰ আৰু ঘৰুৱা বীজৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ আৰু উচ্চ উৎপাদনক্ষম প্রজাতিৰ বীজ (HYV seeds) ৰ প্ৰয়োগ বাঢ়িবলৈ ধৰে। সেউজ বিপ্লৱৰ ভাৰতলৈ আগমন হোৱাৰ সময়ত এইছ ৱাই ভি বীজৰ প্ৰয়োগ ক্ষেত্র আছিল 1.89 নিযুত হেক্টৰ যিটো 1998-89 বৰ্ষত 18.4 নিযুত হেক্টৰলৈ বৃদ্ধি পায়।
(iii) দৃষ্টিভংগীৰ পৰিৱৰ্তনঃ নতুন কৃষি পদ্ধতি অৱলম্বনৰ ফলস্বৰূপে কৃষকৰ দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন সাধন হৈছে। নতুন প্রযুক্তি প্রয়োগেৰে নিজৰ দুর্ভাগ্য খণ্ডন কৰিব পাৰিব বুলি তেওঁলোকে ভাবিবলৈ লৈছে।
19. ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত উদ্যোগৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডই দেশৰ অৰ্থনৈতিক বিকাশত তাৎপর্যপূর্ণ ভূমিকা পালন কৰিছে। ভাৰতবৰ্ষত উদ্যোগখণ্ডৰ বিকাশ বছৰি 5 শতাংশকৈ বৃদ্ধি হোৱাৰ ফলত আমাৰ দেশৰ মুঠ ঘৰুৱা উৎপাদন লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত উদ্যোগসমূহৰ ভূমিকা নিম্নলিখিত ধৰণৰঃ
(i) প্রাকৃতিক সম্পদৰ পূৰ্ণ ব্যৱহাৰঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশে ইয়াব প্রচুৰ পৰিমাণৰ প্রাকৃতিক সম্পদসমূহৰ পূৰ্ণ ব্যৱহাৰত সহায় কৰিছে। ফলশ্রুতিত এই প্রাকৃতিক সম্পদসমূহে কেঁচামাল হিচাপে উদ্যোগৰ বিকাশত সহায় কৰি ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিছে।
(ii) মূলধন গঠনৰ হাৰ বৃদ্ধিঃ ভাৰতবৰ্ষৰ উদ্যোগসমূহে মানুহৰ আয়ৰ স্তৰ আৰু সঞ্চয়ৰ ক্ষমতা বৃদ্ধি কৰি মূলধন গঠনৰ হাৰ বৃদ্ধিত ইন্ধন যোগাইছে আৰু ইয়াৰ ফলত বিনিয়োগৰ বৃদ্ধি সম্ভৱ হৈছে।
(iii) সম্পদৰ পুঞ্জীভৱনঃ উদ্যোগৰ বিকাশৰ ফলত হোৱা জনমূৰি আয়ৰ বৃদ্ধিয়ে দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে সম্পদৰ পুঞ্জীভৱন সম্ভৱ কৰি তুলিছে। ইয়াৰোপৰি ই দেশৰ চৰকাৰক প্ৰয়োজনীয় আন্তঃগাঁথনি সৃষ্টি কৰাত সহায় কৰিছে।
(iv) কৃষিখণ্ডৰ বিকাশঃ উদ্যোগখণ্ডৰ বিকাশে কৃষিজাত কেঁচামালৰ উৎপাদন কাৰ্যত কৃষকক উৎসাহিত কৰিছে। ইয়াৰ ফলত ঘেঁহু, মৰাপাট আদিৰ কৃষিকার্য বিকশিত হৈছে।
(v) বজাৰৰ সৃষ্টিঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশে প্রয়োজনীয় কেঁচামাল আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ দেশ আৰু বিদেশ উভয়তে সৃষ্টি কৰাত সহায় কৰিছে।
(vi) নিয়োগৰ ক্ষেত্ৰঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশে নিয়োগৰ এখন বিশাল ক্ষেত্ৰ গঢ়ি তুলিছে। ভাৰতবৰ্ষত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগত কৰ্মৰত মানুহৰ সংখ্যা 27.8 নিযুতৰো অধিক।
(vii) স্বনিৰ্ভৰশীলতাঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশে আমদানিৰ ক্ষেত্ৰত দেশখনক স্বনিৰ্ভৰশীল কৰি তুলিছে। ইয়াৰ ফলত দেশৰ বৈদেশিক বিনিময়ত নিৰাপত্তাৰ বৃদ্ধি হৈছে।
এনেদৰে, ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশে দেশৰ সামগ্রিক উন্নয়নত সহায় কৰিছে।
20. ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ উন্নয়নৰ মূল বাধাসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ উদ্যোগখণ্ডৰ বিকাশ প্ৰক্ৰিয়াত কেইটামান প্ৰধান কাৰকে হেঙাৰ হিচাপে ক্ৰিয়া কৰে। এই বাধাসমূহ বা প্ৰতিবন্ধককেইটা হৈছে-
(i) উপযুক্ত মূলধন গঠনৰ অভাৱ: সঠিক পৰিমাণৰ মূলধনৰ যোগানৰ অভাৱ ভাৰতৰ উদ্যোগীকৰণৰ মূল প্ৰতিবন্ধক, কিয়নো ই দেশখনত সঞ্চয় আৰু বিনিয়োগৰ হাৰ হ্ৰাস কৰে।
(ii) দক্ষ শ্ৰমিকৰ নাটনি: অদক্ষ শ্ৰমিক আৰু তেওঁলোকৰ কাম কৰাৰ মনোভাৱে সম্পদৰ অপচয় বৃদ্ধি কৰাৰ ফলত উদ্যোগীকৰণত বাধাৰ সৃষ্টি হয়। শ্ৰমিক নিৰ্বাচন আৰু সঠিক প্ৰশিক্ষণৰ অভাৱো উদ্যোগীকৰণৰ এক মুখ্য অন্তৰায়।
(iii) প্ৰাথমিক আন্তঃগাঁথনিৰ দুৰ্বলতা: বিদ্যুৎ, পৰিবহণ, বেংকিং ব্যৱস্থা, যোগাযোগ আদিৰ দৰে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সুবিধাৰ অভাৱো ভাৰতৰ উদ্যোগীকৰণৰ এক প্ৰধান অন্তৰায়।
ইয়াৰ উপৰিও, কাৰিকৰী জ্ঞানসম্পন্ন শ্ৰমিকৰ নাটনি, ৰাজহুৱা বিনিয়োগৰ দুৰ্বল স্থিতি, ৰাজনৈতিক প্ৰতিবন্ধকতা, শ্ৰমিকৰ চলাচলৰ অভাৱ আদিও ভাৰতবৰ্ষৰ উদ্যোগীকৰণৰ উল্লেখনীয় অন্তৰায় হিচাপে পৰিগণিত হৈছে।
21. ভাৰত চৰকাৰে 1991 চনত গ্ৰহণ কৰা উদ্যোগ নীতি সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ১৯৯১ চনৰ ২৪ জুলাই তাৰিখে ভাৰত চৰকাৰে সংসদত এক নতুন উদ্যোগ নীতি ঘোষণা কৰিছিল। ভাৰতীয় অৰ্থনীতিক উদাৰীকৰণৰ পথত আগুৱাই নিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই নতুন উদ্যোগ নীতিয়ে তলত দিয়া উদ্দেশ্যসমূহত উপনীত হোৱাৰ পোষকতা কৰিছে-
(i) বিগত চাৰিটা দশকত পঞ্চবার্ষিক পৰিকল্পনাৰ সফলতাসমূহ একত্ৰিত কৰা আৰু সেইবোৰৰ সুফলৰ ওপৰত নিৰ্ভৰ কৰা।
(ii) পূৰ্বৰ চাৰিটা দশকত ঔদ্যোগিক গাঁথনিত প্ৰৱেশ কৰা দুৰ্বলতাসমূহ শুধৰণি কৰা।
(iii) উৎপাদনশীলতা আৰু লাভজনক নিযুক্তিৰ এক বহনক্ষম বিকাশ বজাই ৰখা।
(iv) আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে উপযুক্ত কৰি তোলা। এই উদ্দেশ্যসমূহ লাভ কৰিবলৈ নিম্নোক্ত প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব-
(a) পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা।
(b) উপলব্ধ সম্পদৰ উপযুক্ত ব্যৱহাৰ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা।
এই নীতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল-
(i) ঔদ্যোগিক অনুজ্ঞাপত্ৰৰ বিলুপ্তি: পৰিৱেশ সম্পৰ্কীয় আৰু কৌশলগত কাৰণত ১৮টা উদ্যোগক বাদ দি সকলো প্ৰকল্পৰ বাবে উদ্যোগৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা বাতিল কৰা হৈছে।
(ii) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষণ: ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বাবে সংৰক্ষিত ক্ষেত্ৰৰ সংকোচন কৰি মূল উদ্যোগসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে।
(iii) একচেটিয়া আৰু সীমিত বাণিজ্য অনুশীলন (MRTP) আইন: এম আৰ টি পি কোম্পানী আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত সম্পত্তিৰ প্ৰাৰম্ভিক সীমা নাইকিয়া কৰিবলৈ MRTP আইনৰ সংশোধন কৰা হৈছে। একচেটিয়া, সীমাবদ্ধ আৰু অসাধু বাণিজ্য অনুশীলন ৰোধ আৰু বাধা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
(iv) বৈদেশিক বিনিয়োগ: বৈদেশিক বিনিময় নিয়ন্ত্ৰণ আইন (FERA)ৰ অধীনত অগ্ৰাধিকাৰ খণ্ডৰ উদ্যোগ ক্ষেত্ৰসমূহত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ বাবে অনুমোদন জনোৱা হ’ব আৰু বৈদেশিক অংশীদাৰিত্ব সৰ্বাধিক ৫১ শতাংশলৈকে সীমিত হ’ব।
(v) ৰুগ্ন উদ্যোগসমূহ: ৰাজহুৱা খণ্ডৰ অধীনত পুনৰুজ্জীৱিতকৰণ বা পুনৰ্সংস্থাপনৰ প্ৰয়োজন থকা ৰুগ্ন উদ্যোগসমূহ ঔদ্যোগিক আৰু বিত্তীয় পুনৰ্গঠন পৰিষদ (BIFR) ৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ’ব।
(vi) মূলধনী সামগ্ৰীৰ আমদানি: যেতিয়া বৈদেশিক সহায়ৰ দ্বাৰা প্ৰয়োজনীয় বৈদেশিক মুদ্ৰাৰ যোগান ধৰা হ’ব, তেতিয়া বিদেশৰ পৰা মূলধনী সামগ্ৰীৰ আমদানি স্বতঃস্ফূৰ্তভাৱে হ’ব পাৰিব।
নতুন উদ্যোগ নীতিয়ে উদ্যোগ খণ্ডক অনাৱশ্যক আমোলাতান্ত্ৰিক নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰি এক প্ৰতিযোগিতামূলক অৰ্থনৈতিক পৰিৱেশ সৃষ্টিৰ পোষকতা কৰিছে।
22. ভাৰতীয় কৃষিখণ্ডৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংস্কাৰ নীতিসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰত চৰকাৰে দেশৰ কৃষিখণ্ডৰ সমস্যাসমূহ দূৰ কৰিবলৈ বিভিন্ন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সংস্কাৰসমূহ তলত আলোচনা কৰা হ’ল:
[A] প্ৰযুক্তিগত সংস্কাৰ: ভাৰতীয় কৃষিখণ্ডত প্ৰযুক্তিৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰযুক্তিগত সংস্কাৰৰ পদক্ষেপসমূহ হৈছে:
(i) উন্নত মানৰ বীজৰ ব্যৱহাৰ।
(ii) ৰাসায়নিক সাৰ প্ৰয়োগ।
(iii) কীটনাশক ঔষধৰ ব্যৱহাৰ।
(iv) বিজ্ঞানসন্মত কৃষি পৰিচালনা পদ্ধতি।
(v) কৃষিকৰ্মৰ পদ্ধতিত যান্ত্ৰিকীকৰণ।
[B] আনুষ্ঠানিক বা ভূমি সংস্কাৰ: কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আনুষ্ঠানিক সংস্কাৰৰ ব্যৱস্থাসমূহ হ’ল:
(i) মধ্যভোগীসকলৰ বিলুপ্তি।
(ii) খাজনা বা ভূমি কৰৰ নিয়মীয়াকৰণ।
(iii) ভূমিস্বত্বৰ একত্ৰীকৰণ।
(iv) ভূমিস্বত্বৰ উৰ্দ্ধতম সীমা নিৰ্ধাৰণ।
(v) সমবায়ভিত্তিক কৃষিকৰ্ম।
[C] সাধাৰণ সংস্কাৰ: নিম্নোক্ত সংস্কাৰসমূহক সাধাৰণ সংস্কাৰৰ আওঁতাত ধৰা হয়:
(i) জলসিঞ্চনৰ সম্প্ৰসাৰণ।
(ii) ঋণৰ সুবিধা প্ৰদান।
(iii) নিয়ন্ত্ৰিত বজাৰ আৰু সমবায়ভিত্তিক বিপণন ব্যৱস্থা।
(iv) মূল্য সমৰ্থন নীতি।
23. স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ইয়াৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত এক উল্লেখনীয় পৰিৱৰ্তন ঘটিছিল। বাণিজ্যৰ পৰিসৰ এনে উচ্চ পৰ্যায়লৈ বিস্তৃত হৈছিল যে বৈদেশিক বাণিজ্যৰ গাঁথনি প্ৰক্ৰিয়াতো এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন সাধিত হৈছিল। বৈদেশিক বাণিজ্যৰ বিভিন্ন দিশৰ যথেষ্ট সম্প্ৰসাৰণ হৈছিল। বিশেষকৈ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ সময়ছোৱাত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যত এক উল্লেখযোগ্য পৰিৱৰ্তন পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত ৬,৭৬০ কোটি টকাৰ বৈদেশিক বাণিজ্যৰ পৰিমাণ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ৪৬,১০,৩৩ কি.টি. টকালৈ বৃদ্ধি হয়। এই সময়ছোৱাত আমদানিৰ ক্ষেত্ৰত বাণিজ্য ৫৩৪ গুণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত ৮৫৫ গুণলৈ বৃদ্ধি হয়।
24. ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ৰ পৰা বৈদেশিক বাণিজ্যৰ গঠনৰ পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ বৈদেশিক বাণিজ্যৰ গঠনে দেশখনৰ আমদানি আৰু ৰপ্তানিৰ সামগ্ৰীৰ ধৰণক সূচায়। স্বাধীনতাৰ সময়ছোৱাৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ গঠনত উল্লেখনীয় পৰিৱৰ্তন পৰিলক্ষিত হয়:
(i) ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ ক্ষেত্ৰত কৃষিখণ্ডৰ মুঠ অংশ ক্ৰমান্বয়ে হ্ৰাস পাইছে।
(ii) কৃষিজাত সামগ্ৰীৰ উপৰিও মৰাপাট, চাহ, খাদ্যশস্য আদিৰ দৰে পৰম্পৰাগত সামগ্ৰীৰ ৰপ্তানিও হ্ৰাস পোৱা দেখা গৈছে।
(iii) পৰিকল্পিত উন্নয়ন কাৰ্যসূচীৰ বাবে উদ্যোগজাত সামগ্ৰীৰ বৃদ্ধিৰ হাৰ লক্ষণীয়ভাৱে দৃষ্টিগোচৰ হৈছে।
25. বৈদেশিক বাণিজ্যৰ দিশৰ পৰিৱৰ্তন সন্দৰ্ভত এটি টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বৈদেশিক বাণিজ্যৰ দিশ বা অংশীদাৰ দেশৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন আমদানি আৰু ৰপ্তানি উভয়তে পৰিলক্ষিত হৈছে।
(i) ৰপ্তানিৰ দিশৰ পৰিৱৰ্তন: ১৯৫১ চনলৈকে ভাৰতবৰ্ষৰ ৰপ্তানি কেৱল আমেৰিকা, ইংলেণ্ড আৰু কমনৱেলথ দেশসমূহৰ মাজতেই সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান ই নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, জাপান, ৰাছিয়া আৰু ইউৰোপীয় দেশসমূহলৈ সম্প্ৰসাৰিত হৈছে।
(ii) আমদানিৰ দিশৰ পৰিৱৰ্তন: ১৯৫১ চনৰ আগলৈকে ভাৰতবৰ্ষৰ আমদানি কেৱল ইংলেণ্ড আৰু আমেৰিকাৰ পৰাহে হৈছিল। বৰ্তমান এই কাৰ্য ৰাছিয়া, জাপান আৰু ইউৰোপীয় দেশসমূহৰ পৰাও সম্পন্ন হয়।
26. আমদানি প্রতিকল্পন বুলিলে কি বুজা?
উত্তৰঃ বিশ্বৰ অন্য দেশৰ পৰা আমদানি কৰা সামগ্ৰীসমূহ ঘৰুৱাভাৱে নিজৰ দেশতে উৎপাদন কৰাকেই আমদানি প্ৰতিকল্পন বুলি কোৱা হয়। আমদানিৰ ক্ষেত্ৰত সীমাৱদ্ধতা আৰু আমদানি শুল্ক আৰোপ কৰি বিদেশী প্ৰতিযোগিতাৰ পৰা দেশীয় উদ্যোগসমূহক সুৰক্ষা দিয়াটো নিশ্চিত কৰা হয়।
27. অন্তর্মুখী বাণিজ্য কৌশল বুলিলে কি বুজা? অন্তর্মুখী বাণিজ্যৰ ঘৰুৱা উদ্যোগত সুপ্ৰভাৱ আৰু কুপ্ৰভাৱ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অন্তৰ্মুখী বাণিজ্য কৌশল হৈছে আমদানি প্ৰতিকল্পনৰ ওপৰত আধাৰিত এক নীতি, যাৰ দ্বাৰা আমদানিৰ সীমাৱদ্ধতা আৰু আমদানি শুল্ক প্ৰয়োগৰ যোগেদি দেশীয় উদ্যোগসমূহৰ সুৰক্ষা নিশ্চিত কৰা হয়। আমাৰ দেশৰ আমদানি সীমিত কৰি বৈদেশিক মুদ্ৰাক নিৰাপত্তা প্ৰদান কৰাৰ বাবে এই কৌশল গ্ৰহণ কৰা হৈছিল।
অন্তৰ্মুখী বাণিজ্য কৌশলৰ সুপ্ৰভাৱসমূহ-
(i) গাঁথনিৰ পৰিৱৰ্তনৰ সৈতে উদ্যোগৰ বিকাশৰ উচ্চ হাৰ: অন্তৰ্মুখী বাণিজ্য কৌশলৰ ফলত গাঁথনিৰ সালসলনি হোৱাৰ লগে লগে উদ্যোগৰ বিকাশৰ হাৰো বৃদ্ধি পায়।
(ii) ঔদ্যোগিক বিকাশৰ বৈচিত্ৰ্যকৰণ: এই কৌশলৰ আন এটা সুফল হৈছে যে ইলেক্ট্ৰনিক উদ্যোগ, গাড়ীৰ উদ্যোগৰ দৰে বহুতো উদ্যোগৰ বিকাশ আৰু উন্নতি সম্ভৱ হয়।
অন্তৰ্মুখী বাণিজ্য কৌশলৰ কুপ্ৰভাৱসমূহ-
(i) অদক্ষ ৰাজহুৱা একচেটিয়া ব্যৱস্থাৰ বিকাশ: এই কৌশলে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে একচেটিয়া অদক্ষ ৰাজহুৱা ব্যৱস্থাৰ বিকাশ হয়।
(ii) প্ৰতিযোগিতাৰ অভাৱ: প্ৰতিযোগিতা নথকাৰ ফলত উদ্যোগসমূহৰ আধুনিকীকৰণৰ অভাৱো পৰিলক্ষিত হয়।
(iii) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অনিয়ন্ত্ৰিত সম্প্ৰসাৰণ: এই কৌশলৰ ফলত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিস্তাৰৰ বাবে যিকোনো ব্যৱস্থা লোৱাৰ এক প্ৰৱণতাৰ সৃষ্টি হয়। ৰাজহুৱা খণ্ডৰ উদ্যোগক ইমান বেছি গুৰুত্ব দিয়া হৈছিল যে ই ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ সম্ভাৱনাকো মষিমূৰ কৰিবলৈ লৈছিল।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১৩ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



