Class 12 Economics Chapter 14 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12

Class 12 Economics Chapter 14 – ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ (চেপ্টাৰ ১৪)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত ১৯৯১ চনৰ ভাৰতীয় অৰ্থনীতিত আৰম্ভ হোৱা অৰ্থনৈতিক সংস্কাৰৰ পটভূমি, উদ্দেশ্য আৰু প্ৰধান সলনি সমূহৰ বিৱৰণ দিয়া হৈছে। উক্ত পৰিৱৰ্তনসমূহত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ অন্তর্গত নীতি সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত চৰকাৰী নিয়ন্ত্ৰণ কমোৱা, বেচৰকাৰীকৰণ আৰু বৈদেশিক বিনিয়োগ বৃদ্ধি কৰা আদিৰ বিষয় বুজোৱা হৈছে। এই নবতম অৰ্থনৈতিক নীতি সমূহৰ ফলাফল আৰু ভাৰতৰ অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱো আলোচনা কৰা হৈছে। এই অধ্যায়ৰ বাবে AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ অনুশীলনী সমাধান আৰু প্ৰশ্নোত্তৰ প্ৰস্তুত কৰা হৈছে। Chapter QR Code: E12M14

✅ কি শিকিব:

  • ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ উদ্বেগ আৰু পটভূমি
  • উদাৰীকৰণ (Liberalisation), ব্যক্তিগতকৰণ (Privatisation) আৰু বিশ্বায়ন (Globalisation) নীতিসমূহ
  • অৰ্থনৈতিক সংস্কাৰৰ প্ৰধান ক্ষেত্ৰসমূহ আৰু প্ৰভাৱ
  • ভাৰতীয় অৰ্থনীতিৰ পৰিৱর্তনৰ মূল দিশসমূহ
  • অনুশীলনী প্ৰশ্নোত্তৰ আৰু সম্পূৰ্ণ সমাধান

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি সংগঠিত সমাধান
  • সহজ আৰু বোধগম্য ভাষা
  • প্ৰশ্নোত্তৰ, মডেল প্ৰশ্নৰ সৈতে পূৰ্ণ প্ৰস্তুতি
  • ভাৰতৰ নৱীন অৰ্থনৈতিক নীতি সমূহৰ বিস্তৃত বিৱৰণ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ উপলব্ধি নিশ্চিত কৰা
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 14 – ১৯৯১ চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ

গোট-VII

1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ

(Economic Reforms Since 1991)

[I] প্রয়োজনীয়তা আৰু মূল বৈশিষ্ট্যসমূহ— উদাৰীকৰণ, গোলকীকৰণ আৰু ব্যক্তিগতকৰণঃ

1. অর্থনৈতিক সংস্কাৰ বুলিলে কি বুজা? ইয়াৰ মূল উপাদানসমূহ বর্ণনা কৰা। বা, নতুন অর্থনৈতিক নীতি কি? নতুন অর্থনৈতিক নীতিৰ মূল উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰত চৰকাৰে ১৯৯১ চনত কিছুমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰ সম্বলিত এক নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰে। এই নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ মূল উদ্দেশ্য আছিল সেই সময়ত দেশত উদ্ভৱ হোৱা অৰ্থনৈতিক তথা বৃহৎ বিত্তীয় সংকট সমাধান কৰি বিত্তীয় ভাৰসাম্যতা স্থাপন কৰা আৰু দেশৰ উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰা।

১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ মূল উপাদানসমূহ আছিল:

(i) অৰ্থনৈতিক উদাৰীকৰণৰ জৰিয়তে উদ্যোগ আৰু বাণিজ্যৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা বাতিল কৰা।

(ii) ব্যক্তিগতকৰণৰ মাধ্যমেৰে ব্যক্তিগত খণ্ডৰ ওপৰত থকা নিয়ন্ত্ৰণ আঁতৰাই ৰাজহুৱা খণ্ডৰ বাবে থকা সংৰক্ষণ নীতি দূৰ কৰা।

(iii) গোলকীকৰণৰ দ্বাৰা বাণিজ্যিক নীতিত থকা বাধা-নিষেধ প্ৰত্যাহাৰ কৰি মুক্ত ব্যৱসায়ৰ প্ৰচলন কৰা।

2. অর্থনৈতিক সংস্কাৰৰ আৱশ্যকতা ব্যাখ্যা কৰা।

উত্তৰঃ প্রথম আৰু ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনাৰ মাজৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ভূমিকা আছিল প্রধান আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ ভূমিকা তেনেই সীমিত আছিল। কিন্তু পিছত দেখা গ’ল যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে প্রত্যাশিত ভূমিকা পালনত ব্যর্থ হৈছিল কিয়নো এইসমূহ হৈ পৰিছিল দুর্নীতি আৰু আমোলাসকলৰ ভূস্বৰ্গ। আনহাতে প্রতিযোগিতাৰ অভাৱত ব্যক্তিগত খণ্ডসমূহেও এই দিশত শোচনীয়ভাৱে ব্যর্থ হয়। ইয়াৰ পৰিণতিস্বৰূপে আহি পৰে দেশৰ অৰ্থনৈতিক স্থবিৰতা আৰু 1991 চনত দেশে বিৰাট আৰ্থিক সংকটৰ কবলত পৰে। গতিকে, ভাৰতবৰ্ষৰ অর্থনীতিক নিম্নগামী অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ নিম্নোক্ত কাৰণত অর্থনৈতিক সংস্কাৰৰ আৱশ্যক হৈছিলঃ

(i) অত্যধিক বিত্তীয় ঘাটিঃ ঋণক বাদ দি সর্বমুঠ প্রাপ্তি আৰু ব্যয়ৰ পাৰ্থক্যক বিত্তীয় ঘাটি বুলি কোৱা হয়। 1991 চনৰ আগতে উন্নয়নমূলক ব্যয়ৰ বাহিৰেও অন্য শিতানত ব্যয়ৰ মাত্রা বৃদ্ধি পাবলৈ লৈছিল আৰু ইয়ে বিত্তীয় ঘাটিৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত বিত্তীয় ঘাটি পূৰণৰ বাবে চৰকাৰে সুতৰ বিনিময়ত ঋণ ল’ব লগাত পৰিছিল। এইদৰে ৰাজহুৱা ঋণৰ পৰিমাণ বৃদ্ধি হৈছিল। গতিকে চৰকাৰে বিত্তীয় অনুশাসনৰ আশ্ৰয় ল’ব লগাত পৰিছিল।

(ii) দেয় পৰিমাণৰ অত্যধিক ঘাটিঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ৰপ্তানিয়ে প্রতিযোগিতা কৰিব নোৱাৰাৰ ফলত কৰিবলগীয়া ঋণৰ পৰিমাণ অত্যধিক মাত্রাত বৃদ্ধি হৈছিল। আমদানিৰ পৰিমাণ তীব্ৰতাৰে বৃদ্ধি হৈছিল। গতিকে চৰকাৰে সুতৰ বিনিময়ত ঋণ ল’বলৈ বাধ্য হৈছিল।

(iii) উপসাগৰীয় সংকটঃ 1990-91 চনৰ ইৰাক যুদ্ধৰ ফলতো ভাৰতীয় অর্থনীতিয়ে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছিল। উপসাগৰীয় দেশসমূহে বিদেশত যথেষ্ট পৰিমাণে সঞ্চয় কৰিবলৈ লৈছিল কিন্তু উপসাগৰীয় যুদ্ধৰ ফলত পেট্ৰ’লজাত সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিৰ ফলত এই সঞ্চয় কমি গৈছিল আৰু ভাৰতবৰ্ষত ইয়াৰ প্ৰভাৱ পৰিছিল।

(iv) বৈদেশিক বিনিময় জমাৰ অৱনতিঃ বৈদেশিক বিনিময়ৰ সঞ্চয়ত ভাৰতবৰ্ষৰ ঘাটি ইমানেই বৃদ্ধি পাইছিল যে দেশখনে দহ দিনৰ আমদানি বাবদ ধন আদায় দিব পৰা অৱস্থাত নাছিল। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে উদাৰীকৰণ নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল।

(v) মুদ্রাস্ফীতিৰ অৱস্থাঃ অতি মাত্রা ধন যোগানৰ বাবে 1991 চনৰ আগৰ সময়খিনিত দেশত মুদ্রাস্ফীতিৰ পৰিমাণ সর্বোচ্চ হৈছিল। বিত্তীয় ঘাটিৰ পৰিপ্ৰেক্ষিততে অত্যধিক মুদ্রা যোগানৰ আৱশ্যক হৈছিল। ইয়াৰ ফলত উৎপাদন ব্যয় বৃদ্ধি হৈ দেশীয় আৰু বিদেশী চাহিদাত বিৰূপ প্রভাৱ পৰিছিল আৰু এই সকলোবোৰে ভাৰতবৰ্ষৰ অৰ্থনীতিত স্থবিৰতা আনি দিছিল।

(vi) ৰাজহুৱা খণ্ডৰ বিফলতাঃ ভাৰতবৰ্ষত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিকাশৰ বাবে বৃহৎ পৰিমাণৰ পুঁজি খৰছ কৰা হৈছিল। তৎ-সত্ত্বেও এই প্রতিষ্ঠানবোৰ মাথোন লোকচানৰ সন্মুখীন হৈ থকা উদ্যোগ হিচাপেই পৰিগণিত হৈছিল। সেইবাবে ৰাষ্ট্ৰৰ সমৃদ্ধিত এই খণ্ডসমূহৰ বিফলতা 1991 চনৰ অৰ্থনৈতিক সংকটৰ এটা মূল কাৰণ হিচাপে চিহ্নিত হৈছে।

3. উদাৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ অৰ্থনীতিক চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা প্ৰক্ৰিয়াক উদাৰীকৰণ বুলি কোৱা হয়। ১৯৯১ চনৰ আগতে ভাৰত চৰকাৰে ঘৰুৱা অৰ্থনীতিত বহুতো নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই নিয়ন্ত্ৰণসমূহৰ ভিতৰত আছিল ঔদ্যোগিক অনুজ্ঞাপত্ৰ, সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ বা বিত্তীয় নিয়ন্ত্ৰণ, বৈদেশিক বিনিময় নিয়ন্ত্ৰণ ইত্যাদি। এই ব্যৱস্থাসমূহ যথেষ্ট আসোঁৱাহপূৰ্ণ আছিল আৰু উদ্যোগ স্থাপনত বাধাৰ সৃষ্টি কৰিছিল। ব্যক্তিগত উদ্যোগীসকলক এই ব্যৱস্থাসমূহে হতাশ কৰি তুলিছিল। ইয়াৰ ফলত ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অৰ্থনৈতিক নীতিৰ অংশ হিচাপে উদাৰীকৰণ নীতি প্ৰৱৰ্তন কৰে। অৰ্থনীতিৰ বিকাশ আৰু উন্নয়নৰ বাবে অৰ্থনীতিৰ পৰা অনাৱশ্যক সীমাৱদ্ধতা আৰু নিয়ন্ত্ৰণ আঁতৰোৱাৰ এক পদক্ষেপেই হ’ল উদাৰীকৰণ।

4. উদাৰীকৰণৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

অথবা, উদাৰীকৰণৰ অধীনত গ্ৰহণ কৰা মূল অর্থনৈতিক সংস্কাৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ উদাৰীকৰণৰ অধীনত গ্ৰহণ কৰা মূল সংস্কাৰসমূহ হ’ল:

[I] ঔদ্যোগিক খণ্ডৰ সংস্কাৰ: ঔদ্যোগিক খণ্ডত সাধন কৰা বিভিন্ন ধৰণৰ সংস্কাৰসমূহ হৈছে:

(i) ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতিৰ ফলস্বৰূপে মাদক দ্ৰব্য, চিগাৰেট, ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য, ঔদ্যোগিক বিস্ফোৰক, ইলেক্ট্ৰনিক সামগ্ৰী, মহাকাশযান, ড্ৰাগছ আদি কিছুমান উদ্যোগক বাদ দি অনুজ্ঞাপত্ৰ ব্যৱস্থা উঠাই দিয়া হৈছে।

(ii) প্ৰতিৰক্ষা সামগ্ৰী, পাৰমাণৱিক শক্তি উৎপাদন, ৰে’ল পৰিবহণ আদি ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বাবে সংৰক্ষিত কৰা হৈছে।

(iii) ক্ষুদ্ৰ উদ্যোগৰ বাবে সংৰক্ষিত কিছুমান উৎপাদন ক্ষেত্ৰৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰা হৈছে।

(iv) উৎপাদনৰ সীমাৱদ্ধতা বা পৰিমাণৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণ উঠাই দি উৎপাদনকাৰীক উৎপাদনৰ পৰিমাণ স্থিৰ কৰিবলৈ ক্ষমতা দিয়া হৈছে।

[Ⅱ] বিত্তীয় খণ্ডৰ সংস্কাৰ: ভাৰতৰ বিত্তীয় খণ্ড যেনে— বাণিজ্যিক বেংক, বিনিয়োগ বেংক, ষ্টক বিনিময় কেন্দ্ৰ ইত্যাদিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধিনিয়ম তথা নিয়ন্ত্ৰণৰ অধীনত কাম কৰে। উদাৰীকৰণ নীতিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভূমিকা নিয়ন্ত্ৰকৰ পৰা সলনি কৰি সুবিধা সৃষ্টিকাৰী সহায়ক প্ৰতিষ্ঠানৰ ভূমিকা পালন কৰিবলৈ লক্ষ্য স্থিৰ কৰিছিল। মূল বিত্তীয় সংস্কাৰসমূহ হৈছে:

(i) ভাৰতীয় আৰু বিদেশী ব্যক্তিগত বেংক প্ৰতিষ্ঠানৰ আগমন।

(ii) বেংক প্ৰতিষ্ঠানত বৈদেশিক বিনিয়োগৰ অংশ ৫০ শতাংশলৈ বৃদ্ধি।

(iii) ৰিজাৰ্ভ বেংকৰ আগতীয়া অনুমোদন অবিহনেই বেংক প্ৰতিষ্ঠানসমূহক শাখা বৃদ্ধিৰ অনুমতি প্ৰদান।

(iv) ভাৰতীয় বিত্তীয় বজাৰত বিদেশী বিনিয়োগকাৰী প্ৰতিষ্ঠানক বিনিয়োগ কৰাৰ অনুমতি প্ৰদান।

[III] কৰ সংস্কাৰ: ১৯৯১ চনৰ আগলৈকে ভাৰতৰ কৰ ব্যৱস্থাৰ গাঁথনি অত্যন্ত জটিল আছিল। কিন্তু উদাৰীকৰণ নীতিৰ ফলস্বৰূপে কৰ আদায় ব্যৱস্থা সৰলীকৃত আৰু যুক্তিসংগত কৰা হৈছে। ফলস্বৰূপে চৰকাৰৰ কৰ ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

[IV] বাহ্যিক ক্ষেত্ৰৰ সংস্কাৰ: বাহ্যিক ক্ষেত্ৰৰ সংস্কাৰে নিম্নলিখিত সংস্কাৰসমূহ সামৰি লয়:

[A] বৈদেশিক বিনিময়ৰ সংস্কাৰ: ১৯৯১ চনত বিদেশী মুদ্ৰাৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস কৰাটো বিত্তীয় সংকট দূৰ কৰাৰ বাবে প্ৰথম পদক্ষেপ আছিল। ইয়াৰ ফলত ভাৰতীয় অৰ্থনীতিত বৈদেশিক বিনিময়ৰ আন্তঃপ্ৰবাহ বৃদ্ধি হৈছিল। এই পদক্ষেপে বৈদেশিক বিনিময়ৰ চাহিদা আৰু যোগানৰ ভিত্তিত বৈদেশিক বিনিময় বজাৰত ভাৰতীয় টকাৰ বিনিময় মূল্য নিৰ্ধাৰণত সহজতাৰ সৃষ্টি কৰে।

[B] বৈদেশিক বাণিজ্য আৰু বিনিয়োগ নীতিৰ সংস্কাৰ: ৰপ্তানি ক্ষমতা বৃদ্ধিৰ বাবে স্থানীয় উদ্যোগসমূহৰ দক্ষতা বৃদ্ধি কৰা আৰু আধুনিক প্ৰযুক্তি গ্ৰহণ কৰাটোৱেই হৈছে বৈদেশিক বাণিজ্য আৰু বিনিয়োগ নীতিৰ মূল লক্ষ্য। ইয়াৰ লগতে—

(i) আমদানি-ৰপ্তানিত পৰিমাণগত বাধা-নিষেধ দূৰ কৰা।

(ii) শুল্কৰ নিৰিখ হ্ৰাস কৰি শুল্কৰ বাধা-নিষেধ কম কৰা।

(iii) আমদানিৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰত্যাহাৰ।

5. ব্যক্তিগতকৰণ বুলিলে কি বুজা? ব্যক্তিগতকৰণৰ সুবিধা আৰু অসুবিধাবোৰ বর্ণনা কৰা।

উত্তৰঃ এটা প্রতিষ্ঠানৰ মালিকীস্বত্ব ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াকেই ব্যক্তিগতকৰণ বোলা হয়। ই হৈছে বেচৰকাৰী খণ্ডই চৰকাৰী খণ্ডৰ আংশিক মালিকীস্বত্ব অৰ্জন কৰাৰ এটা প্রক্রিয়া। 1991 চনৰ নতুন অর্থনৈতিক নীতি অনুযায়ী ব্যক্তিগতকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। ব্যক্তিগতকৰণৰ ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণসমূহ হৈছে—

(i) ৰাজহুৱা খণ্ডত লাভৰ পৰিমাণ কম হোৱা বাবে অথবা শূন্য হোৱা বাবে অথবা ই লোকচানৰ সন্মুখীন হোৱা বাবে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰাৰ প্ৰয়োজন হৈ পৰে।

(ii) ৰাজহুৱা খণ্ডৰ এটা লক্ষণীয় দিশ এয়ে যে ইয়াত উৎপাদন ক্ষমতা অব্যৱহৃত হৈ থাকে। ইয়াৰ বাবে ব্যক্তিগতকৰণৰ পোষকতা কৰা হয়।

(iii) ৰাজহুৱা খণ্ডৰ উদ্যোগত ব্যাপক মাত্ৰাৰ চৰকাৰী হস্তক্ষেপৰ ফলত সিদ্ধান্ত গ্রহণ প্রক্রিয়াত বিলম্ব হোৱা দেখা যায়। ইয়াৰ ফলত পৰিচালকৰ দক্ষতা হ্রাস হয়।

(iv) ৰাজহুৱা খণ্ডত পৰিৱৰ্তন নাই। ব্যক্তিগতকৰণে এনে এক পৰিৱৰ্তনৰ সৃষ্টি কৰে য’ত ঔদ্যোগিক সংস্কৃতি, বজাৰীকৰণ, প্রতিযোগিতা আদি অর্থনৈতিক কার্যক্রম বিৰাজ কৰে।

ব্যক্তিগতকৰণৰ মূল সুবিধাসমূহঃ

(i) উৎপাদন ক্ষমতাৰ বৃদ্ধিঃ ব্যক্তিগতকৰণে প্রতিযোগিতা বৃদ্ধি কৰাৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি হয় আৰু উচ্চমানৰ সামগ্ৰী কম মূল্যত উৎপাদন হয়।

(ii) বাধাহীন প্রতিযোগিতাঃ ব্যক্তিগতকৰণৰ বাবে হোৱা মুক্ত প্রতিযোগিতাৰ ফলত উৎপাদনকাৰী আৰু উপভোক্তা উভয়েই লাভান্বিত হয়।

(iii) উন্নততৰ সম্পদ আৱণ্টনঃ ব্যক্তিগতকৰণে সম্পদৰ অনুকূলতম আৱণ্টন কৰাৰ পৰিপ্ৰেক্ষিতত প্রতিটো গোটত উৎপাদন ব্যয় কম হয়।

(iv) সুদক্ষ পৰিচালনাঃ ৰাজহুৱা খণ্ডত সুদক্ষ পৰিচালনাৰ অভাৱ হয়। ব্যক্তিগতকৰণৰ অন্তৰ্গত উদোগীৰ ব্যক্তিগত লাভৰ প্রশ্ন জড়িত থকা বাবে পৰিচালনাৰ দিশত তেওঁলোকে দক্ষতাৰে কাম কৰে যাতে কম ব্যয়ত অধিক উৎপাদন হয়।

ব্যক্তিগতকৰণৰ অসুবিধাবোৰ নিম্নোক্তধৰণৰঃ

(i) নিবনুৱা সমস্যাৰ বৃদ্ধিঃ ব্যক্তিগত লাভৰ অংকৰ বাবে ব্যক্তিগতকৰণ কৰা উদ্যোগ এটাত শ্রমিকৰ চাহিদা কমি যায়। এইদৰে ব্যক্তিগতকৰণৰ কুফল হিচাপে নিবনুৱা সমস্যাৰ বৃদ্ধি হোৱাটো লক্ষণীয়।

(ii) শ্ৰমিকৰ স্বাৰ্থৰ অৱজ্ঞাঃ ব্যক্তিগতকৰণৰ মূল উদ্দেশ্য হৈছে লাভ অর্জন। এই উদ্দেশ্য পূৰণৰ প্ৰক্ৰিয়াত শ্ৰমিকৰ স্বাৰ্থক অৱজ্ঞা কৰা দেখা যায়।

(iii) ৰুগ্ন উদ্যোগৰ পুনৰুজ্জীৱিতকৰণ নহয়ঃ বেছিভাগ ৰাজহুৱা খণ্ডৰ উদ্যোগে বিৰাট লোকচানৰ সন্মুখীন হয়। সেইবাবে এনে উদ্যোগৰ ব্যক্তিগতকৰণ সম্ভৱ নহয় আৰু এই উদ্যোগসমূহ স্থায়ীভাৱে বন্ধ কৰি দিব লগা অৱস্থাৰ সৃষ্টি হয়।

6. গোলকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ অর্থনৈতিক সংহতিক গভীৰ কৰি ক্ৰমাগতভাৱে বৃদ্ধি হোৱা অর্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতাৰ দিশে বিশ্বক পৰিৱৰ্তন কৰি এখন দেশৰ অৰ্থনীতিক বিশ্ব অর্থনীতিৰ সৈতে সংহত কৰা প্ৰক্ৰিয়াকেই গোলকীকৰণ বা বিশ্বমুখীকৰণ বোলা হয়। গোলকীকৰণৰ অন্তৰ্গত বিশ্বৰ বিভিন্ন দেশৰ মাজত দ্রব্য আৰু সেৱা, প্রযুক্তি আৰু দক্ষতাৰ মুক্ত প্রবাহৰ প্ৰয়াস কৰা হয় যাতে এই দেশসমূহে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজকে প্রস্তুত কৰিব পাৰে।

7. ভাৰতীয় অর্থনীতিৰ গোলকীকৰণ আগবঢ়াই নিয়াৰ নীতি-কৌশলসমূহ ব্যাখ্যা কৰা।

অথবা, গোলকীকৰণ আগবঢ়াই নিয়াৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বর্ণনা কৰা।

উত্তৰঃ ভাৰতীয় অর্থনীতিৰ গোলকীকৰণ আগবঢ়াই নিয়াৰ বাবে গ্রহণ কৰা নীতি আৰু কৌশলসমূহ নিম্নোক্তৰ ধৰণৰঃ

(i) বৈদেশিক বিনিয়োগৰ অংশৰ সীমা বৃদ্ধিঃ ভাৰতীয় অৰ্থনীতিৰ গোলকীকৰণ প্রক্রিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ অংশ 40 শতাংশৰ পৰা 51 শতাংশ আৰু 100 শতাংশ পর্যন্ত বৃদ্ধি কৰাটো এক লক্ষ্যণীয় পদক্ষেপ। ইয়াৰোপৰি 47 টা উচ্চ অগ্রাধিকাৰ ভিত্তিত উদ্যোগৰ ক্ষেত্ৰত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ অনুমতি দিয়া হৈছে আৰু ৰপ্তানি বাণিজ্যত বৈদেশিক মূলধন বিনিয়োগ বাধা-নিষেধ নোহোৱাকৈ 100 শতাংশ পর্যন্ত অনুমতি দিয়া হৈছে। স্পেয়াৰ পাৰ্টছ, কেঁচা সামগ্রী আৰু প্রযুক্তিগত দিশত বৈদেশিক মূলধন বিনিয়োগৰ পৰিমাণ স্বাভাৱিক নিয়মৰ অধীন।

(ii) আংশিক পৰিৱৰ্তনঃ গোলকীকৰণৰ উদ্দেশ্য পূৰণত আন এটা তাৎপর্যপূর্ণ পদক্ষেপ আছিল নিম্নোক্ত লেনদেনত ভাৰতীয় মুদ্রাৰ আংশিক পৰিৱৰ্তনঃ

(a) সামগ্ৰী আৰু সেৱাৰ আমদানি-ৰপ্তানি।

(b) বিনিয়োগত সুত বা লভ্যাংশ পৰিশোধ।

(c) পৰিয়ালৰ খৰছৰ বাবে ৰেহাইৰ প্ৰৱৰ্তন।

আংশিক পৰিৱর্তন মানে বজাৰৰ কাৰকসমূহে নিৰূপণ কৰা এটা মূল্যত বৈদেশিক লেনদেনৰ বাবে বিদেশী মুদ্রা কিনা বা বিক্ৰী কৰা বুজায়। ইয়াত মূলধনৰ লেনদেন জড়িত নহয়।

(ii) দীর্ঘম্যাদী বাণিজ্য নীতিঃ অর্থনৈতিক সংস্কাৰৰ অংশ হিচাপে সুদীর্ঘ পাঁচ বছৰকালৰ বাবে বৈদেশিক বাণিজ্য নীতি প্রয়োগ কৰা হৈছিল। এই নীতিৰ ফলত বৈদেশিক বাণিজ্যৰ সীমাৱদ্ধতা আৰু নিয়ন্ত্রণ আঁতৰোৱা হৈছে। এই পদক্ষেপে কিছুমান নির্দিষ্ট সামগ্রীক বাদ দি প্রায় সকলো সামগ্ৰীৰ মুক্ত আমদানি-ৰপ্তানিক উৎসাহিত কৰে।

(iv) শুল্কৰ হ্ৰাসঃ আমদানি-ৰপ্তানিত কৰ আৰু শুল্কৰ হাসেও ভাৰতীয় অর্থনীতিক আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ সন্মুখীন হোৱাত সহায় কৰে।

[II] LPG নীতিৰ মূল্যায়নঃ

8. LPG নীতি (LPG Policies) সম্বন্ধে এটা সংক্ষিপ্ত মূল্যায়ন কৰা।

উত্তৰঃ 1991 চনৰ নতুন অর্থনৈতিক নীতিৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা নীতিৰ ইতিবাচক আৰু নেতিবাচক দুয়োধৰণৰ প্ৰভাৱ আছে। এইবোৰ তলত আলোচনা কৰা হ’লঃ

[A] ইতিবাচক প্রভাৱ: ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰখনত LPG (উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ) নীতিৰ বহুতো যোগাত্মক বা ইতিবাচক প্ৰভাৱ আছে। এইবোৰ তলত উল্লেখ কৰা হ’ল:

(i) ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশ: উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ নীতিৰ ফলস্বৰূপে দেশৰ সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপ ক্ষিপ্ৰ হৈছে। এইটো মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ উচ্চ বৃদ্ধিয়ে প্ৰতিফলিত কৰে। বৰ্তমান মুঠ ঘৰুৱা উৎপাদনৰ হাৰ প্ৰায় ৪ শতাংশ আৰু ভৱিষ্যতে এই হাৰ ৯ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

(ii) ঔদ্যোগিক উৎপাদনৰ বৃদ্ধি: ১৯৯১ চনৰ পৰৱৰ্তী সময়ত LPG নীতিসমূহে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি ঘটাইছে। তথ্য-প্ৰযুক্তিৰ খণ্ডত মুখ্য বিকাশ পৰিলক্ষিত হয়।

(iii) বিত্তীয় ঘাটিৰ নিয়ন্ত্ৰণ: LPG নীতি প্ৰৱৰ্তনৰ ফলস্বৰূপে চৰকাৰী ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে। ফলস্বৰূপে, বিত্তীয় ঘাটি আগতকৈ হ্ৰাস পাইছে।

(iv) মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণ: সামগ্ৰী আৰু সেৱাৰ মুক্ত প্ৰবাহৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ কমিছে।

(v) উপভোক্তাৰ সৰ্বোচ্চ ক্ষমতা: LPG নীতি প্ৰৱৰ্তনৰ ফলত উপভোক্তাৰ পছন্দৰ স্বাধীনতা বৃদ্ধি হৈছে। এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উপভোক্তাসকলে সামগ্ৰী আৰু সেৱা সহজে লাভ কৰিব পাৰিছে। উৎপাদনকাৰীসকলে উপভোক্তাৰ ৰুচি আৰু অগ্ৰাধিকাৰৰ ভিত্তিত সামগ্ৰী আৰু সেৱা উৎপাদন কৰিবলৈ অধিক আগ্ৰহী হৈছে।

(vi) বৈদেশিক বিনিময়ৰ ভাণ্ডাৰ বৃদ্ধি: LPG নীতিয়ে দেশৰ বৈদেশিক বিনিময়ৰ ভাণ্ডাৰ বৃদ্ধি কৰাত সহায় কৰিছে।

(vii) ব্যক্তিগত বৈদেশিক বিনিয়োগৰ আগমন: LPG নীতিয়ে ব্যক্তিগত বৈদেশিক বিনিয়োগৰ প্ৰবাহৰ পথ মুকলি কৰিছে, যিয়ে ঘৰুৱা বজাৰত মূলধনৰ প্ৰবাহৰ লগতে প্ৰযুক্তি আৰু আধুনিকীকৰণৰ আগমণকো সূচায়।

(viii) অৰ্থনৈতিক শক্তিৰ উত্থান: বিভিন্ন খণ্ডত লাভ কৰা সফলতাৰ পৰিপ্ৰেক্ষিতত ভাৰত এক শক্তিশালী অৰ্থনৈতিক শক্তি হিচাপে বিশ্ব দৰবাৰত উত্থান হৈছে।

(ix) প্ৰতিযোগিতামূলক বজাৰৰ বিকাশ: LPG নীতিৰ প্ৰত্যক্ষ ফল হিচাপে একচেটিয়া বজাৰৰ ঠাইত প্ৰতিযোগিতামূলক বজাৰৰ সৃষ্টি হৈছে। এতিয়া বিভিন্ন সামগ্ৰী আৰু সেৱা প্ৰতিযোগিতামূলক দামত উপলব্ধ হৈছে।

[B] নেতিবাচক প্রভাৱ: LPG নীতিসমূহৰ কিছুমান নেতিবাচক প্ৰভাৱ তলত উল্লেখ কৰা হ’ল:

(i) কৃষিখণ্ডৰ প্ৰতি অৱহেলা: উদ্যোগ খণ্ডৰ বিকাশৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধি হৈছে যদিও কৃষিখণ্ড এতিয়াও অৱহেলিত হৈ আছে। এই খণ্ড বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

(ii) অৰ্থনৈতিক ঔপনিবেশিকতাবাদ: স্বাধীনতাৰ আগতে ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ অধীনত আছিল। LPG নীতিয়ে ভাৰতবৰ্ষক বহুজাতিক প্ৰতিষ্ঠানসমূহে সহজে নিয়ন্ত্ৰণ কৰাৰ সুবিধা কৰি দিছে। এইদৰে ভাৰতবৰ্ষ অৰ্থনৈতিক ঔপনিবেশিকতাবাদৰ কবলত পৰাৰ আশংকা আছে।

(iii) উপভোক্তাবাদৰ প্ৰসাৰ: বজাৰত বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰাচুৰ্য হোৱাৰ বাবে উপভোক্তাসকল বেছি খৰচী হৈছে। ই বস্তুবাদী মনোভাৱ বৃদ্ধি কৰিছে আৰু মনৰ শান্তি হৰণ কৰিছে।

(iv) সাংস্কৃতিক অৱক্ষয়: গোলকীকৰণৰ ফলস্বৰূপে ভাৰতীয় সমাজত সাংস্কৃতিক অৱক্ষয় পৰিলক্ষিত হৈছে। পাৰিবাৰিক মূল্যবোধ আৰু সমাজৰ প্ৰতি দায়িত্ববোধ ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে, যিটো পূৰ্বে ভাৰতীয় সমাজৰ এক শক্তি আছিল।

9. LPG নীতিৰ যোগাত্মক দিশসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰখনত LPG (উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ) নীতিৰ বহুতো যোগাত্মক বা ইতিবাচক প্ৰভাৱ আছে। এইবোৰ তলত উল্লেখ কৰা হ’ল:

(i) ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশ: উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ নীতিৰ ফলস্বৰূপে দেশৰ সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপ ক্ষিপ্ৰ হৈছে। এইটো মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ উচ্চ বৃদ্ধিয়ে প্ৰতিফলিত কৰে। বৰ্তমান মুঠ ঘৰুৱা উৎপাদনৰ হাৰ প্ৰায় ৪ শতাংশ আৰু ভৱিষ্যতে এই হাৰ ৯ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

(ii) ঔদ্যোগিক উৎপাদনৰ বৃদ্ধি: ১৯৯১ চনৰ পৰৱৰ্তী সময়ত LPG নীতিসমূহে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি ঘটাইছে। তথ্য-প্ৰযুক্তিৰ খণ্ডত মুখ্য বিকাশ পৰিলক্ষিত হয়।

(iii) বিত্তীয় ঘাটিৰ নিয়ন্ত্ৰণ: LPG নীতি প্ৰৱৰ্তনৰ ফলস্বৰূপে চৰকাৰী ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে। ফলস্বৰূপে, বিত্তীয় ঘাটি আগতকৈ হ্ৰাস পাইছে।

(iv) মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণ: সামগ্ৰী আৰু সেৱাৰ মুক্ত প্ৰবাহৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ কমিছে।

(v) উপভোক্তাৰ সৰ্বোচ্চ ক্ষমতা: LPG নীতি প্ৰৱৰ্তনৰ ফলত উপভোক্তাৰ পছন্দৰ স্বাধীনতা বৃদ্ধি হৈছে। এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উপভোক্তাসকলে সামগ্ৰী আৰু সেৱা সহজে লাভ কৰিব পাৰিছে। উৎপাদনকাৰীসকলে উপভোক্তাৰ ৰুচি আৰু অগ্ৰাধিকাৰৰ ভিত্তিত সামগ্ৰী আৰু সেৱা উৎপাদন কৰিবলৈ অধিক আগ্ৰহী হৈছে।

(vi) বৈদেশিক বিনিময়ৰ ভাণ্ডাৰ বৃদ্ধি: LPG নীতিয়ে দেশৰ বৈদেশিক বিনিময়ৰ ভাণ্ডাৰ বৃদ্ধি কৰাত সহায় কৰিছে।

(vii) ব্যক্তিগত বৈদেশিক বিনিয়োগৰ আগমন: LPG নীতিয়ে ব্যক্তিগত বৈদেশিক বিনিয়োগৰ প্ৰবাহৰ পথ মুকলি কৰিছে, যিয়ে ঘৰুৱা বজাৰত মূলধনৰ প্ৰবাহৰ লগতে প্ৰযুক্তি আৰু আধুনিকীকৰণৰ আগমণকো সূচায়।

(viii) অৰ্থনৈতিক শক্তিৰ উত্থান: বিভিন্ন খণ্ডত লাভ কৰা সফলতাৰ পৰিপ্ৰেক্ষিতত ভাৰত এক শক্তিশালী অৰ্থনৈতিক শক্তি হিচাপে বিশ্ব দৰবাৰত উত্থান হৈছে।

(ix) প্ৰতিযোগিতামূলক বজাৰৰ বিকাশ: LPG নীতিৰ প্ৰত্যক্ষ ফল হিচাপে একচেটিয়া বজাৰৰ ঠাইত প্ৰতিযোগিতামূলক বজাৰৰ সৃষ্টি হৈছে। এতিয়া বিভিন্ন সামগ্ৰী আৰু সেৱা প্ৰতিযোগিতামূলক দামত উপলব্ধ হৈছে।

10. LPG নীতিসমূহৰ সমালোচনা আগবঢ়োৱা।

বা, LPG নীতিৰ নেতিবাচক প্রভাব সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ LPG নীতিসমূহৰ কিছুমান নেতিবাচক প্ৰভাৱ তলত উল্লেখ কৰা হ’ল:

(i) কৃষিখণ্ডৰ প্ৰতি অৱহেলা: উদ্যোগ খণ্ডৰ বিকাশৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধি হৈছে যদিও কৃষিখণ্ড এতিয়াও অৱহেলিত হৈ আছে। এই খণ্ড বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

(ii) অৰ্থনৈতিক ঔপনিবেশিকতাবাদ: স্বাধীনতাৰ আগতে ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ অধীনত আছিল। LPG নীতিয়ে ভাৰতবৰ্ষক বহুজাতিক প্ৰতিষ্ঠানসমূহে সহজে নিয়ন্ত্ৰণ কৰাৰ সুবিধা কৰি দিছে। এইদৰে ভাৰতবৰ্ষ অৰ্থনৈতিক ঔপনিবেশিকতাবাদৰ কবলত পৰাৰ আশংকা আছে।

(iii) উপভোক্তাবাদৰ প্ৰসাৰ: বজাৰত বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰাচুৰ্য হোৱাৰ বাবে উপভোক্তাসকল বেছি খৰচী হৈছে। ই বস্তুবাদী মনোভাৱ বৃদ্ধি কৰিছে আৰু মনৰ শান্তি হৰণ কৰিছে।

(iv) সাংস্কৃতিক অৱক্ষয়: গোলকীকৰণৰ ফলস্বৰূপে ভাৰতীয় সমাজত সাংস্কৃতিক অৱক্ষয় পৰিলক্ষিত হৈছে। পাৰিবাৰিক মূল্যবোধ আৰু সমাজৰ প্ৰতি দায়িত্ববোধ ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে, যিটো পূৰ্বে ভাৰতীয় সমাজৰ এক শক্তি আছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১৪ – সঘনাই সোধা প্ৰশ্ন
১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰ কি?
১৯৯১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতি যাৰ উদ্দেশ্য আছিল উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন।
উদাৰীকৰণৰ অৰ্থ কি?
উদাৰীকৰণ বুলিলে চৰকাৰৰ নিয়ন্ত্ৰণ আৰু বাধাসমূহ হ্ৰাস কৰাৰ অৰ্থ হয়, বিশেষকৈ উদ্যোগখণ্ডত।
ব্যক্তিগতকৰণৰ গুৰুত্ব কি?
ব্যক্তিগতকৰণে চৰকাৰী উদ্যোগসমূহ বেচাই ব্যক্তিগত ক্ষেত্ৰলৈ প্ৰৱাহিত কৰাৰ মাধ্যমে অৰ্থনীতিত প্ৰাধান্য দিবলৈ সহায় কৰে।
বিশ্বায়নৰ ভূমিকা কেনেকুৱা?
বিশ্বায়নে ভাৰতক বৈদেশিক বিনিয়োগ আৰু বাণিজ্য ক্ষেত্ৰ উন্নত কৰিবলৈ সহায় কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top