Class 12 Economics Chapter 15 – ভাৰতীয় অর্থব্যৱস্থাই সম্মুখীন হোৱা সাম্প্রতিক প্রত্যাহ্বানসমূহ – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – ভাৰতীয় অর্থব্যৱস্থাই সম্মুখীন হোৱা সাম্প্রতিক প্রত্যাহ্বানসমূহ (চেপ্টাৰ ১৫)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত ভাৰতীয় অৰ্থব্যৱস্থাই সাম্প্রতিক বছৰৰ ভিতৰত যিসকল প্ৰধান অৰ্থনৈতিক, সামাজিক আৰু পৰিবেশ সংক্রান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেইবোৰ বিস্তৃতভাৱে আলোচনা কৰা হৈছে। যোগান-চাহিদাৰ অবিচাৰ, বেকাৰিতা, দৰিদ্ৰতা, আয়-বৈষম্য, পৰিবেশ বিদ্ৰূপ, বিশ্ববাজারৰ প্ৰতিযোগিতা আদিৰ ওপৰত গভীৰ দৃষ্টিপাত দিয়া হৈছে। এই অধ্যায় AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ অংশ হিচাপে, পূৰ্ণৰূপে অনুশীলনী আৰু প্ৰশ্নোত্তৰসহ সাজি তোলা হৈছে। Chapter QR Code: E12M15
✅ কি শিকিব:
- ভাৰতীয় অৰ্থব্যৱস্থাই সম্মুখীন হোৱা মুখ্য আৰ্থিক আৰু সামাজিক সমস্যা
- অৰ্থনৈতিক উন্নয়নৰ বাধাসমূহ
- ব্যৱসায়িক প্ৰতিযোগিতা আৰু বিশ্বায়নৰ প্ৰভাৱ
- দৰিদ্ৰতা, বেকাৰিতা আৰু আয়-বৈষম্যৰ গুৰি
- প্ৰাকৃতিক পৰিবেশ আৰু অৰ্থনীতিৰ সমন্বয়ৰ প্ৰয়োজনীয়তা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূর্ণ সমাধান
- সহজ ভাষাত বুজাব পৰা বিশদ ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নৰে পৰীক্ষাৰ সম্পূৰ্ণ প্ৰস্তুতি
- বিশ্লেষণাত্মক আৰু সাংগঠনিক ধাৰণাৰ সংমিশ্ৰণ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বিশেষ সহায়
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
গোট-VIII
ভাৰতীয় অর্থব্যৱস্থাই সন্মুখীন হোৱা সাম্প্রতিক প্রত্যাহ্বানসমূহ
(Current Challenges Facing Indian Economy)
[I] দৰিদ্ৰতাঃ পৰম আৰু আপেক্ষিক; দৰিদ্ৰতা দূৰীকৰণৰ প্ৰধান কাৰ্যসূচীসমূহঃ সমালোচনাত্মক মূল্যায়ন।
1. দৰিদ্ৰতাৰ সংজ্ঞা দিয়া। আপেক্ষিক আৰু পৰম দৰিদ্ৰতাৰ বিষয়ে বৰ্ণনা কৰা। বা, দুই প্ৰকাৰৰ দৰিদ্ৰতা কি কি? আলোচনা কৰা।
উঃ দৰিদ্ৰতাক এক সামাজিক পৰিঘটনা হিচাপে সংজ্ঞাৱদ্ধ কৰিব পাৰি য’ত সমাজৰ এটা শ্ৰেণীয়ে জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ অক্ষম হয়। অন্য অৰ্থত, ই হৈছে জীৱনৰ ন্যূনতম প্ৰয়োজনীয়তাসমূহ পূৰণৰ অসমৰ্থতা। জীৱনৰ ন্যূনতম প্ৰয়োজনীয়তাসমূহ হৈছে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা। এই ন্যূনতম প্ৰয়োজনীয়তাসমূহ পূৰণ নহ’লে মানুহে কষ্টৰ সন্মুখীন হয়।
দৰিদ্ৰতা দুই প্ৰকাৰৰ:
(i) আপেক্ষিক দৰিদ্ৰতা: বিভিন্ন শ্ৰেণী, অঞ্চল বা দেশৰ মাজত তুলনাৰ ভিত্তিত নিৰ্ণয় কৰা দৰিদ্ৰতাক আপেক্ষিক দৰিদ্ৰতা বুলি অভিহিত কৰা হয়। আপেক্ষিক দৰিদ্ৰতাৰ অন্তৰ্গত নিম্ন মানদণ্ডৰ জীৱন যাপন কৰা দেশ বা মানুহৰ শ্ৰেণীক উচ্চ মানদণ্ডৰ জীৱন নিৰ্বাহকাৰীৰ তুলনাত দৰিদ্ৰ বা আপেক্ষিকভাৱে দৰিদ্ৰ বুলি গণ্য কৰা হয়।
(ii) পৰম দৰিদ্ৰতা: পৰম দৰিদ্ৰতাত প্ৰথমে পোষণৰ বাবে খাদ্যশস্য, গাখীৰ, মাখন আদিৰ ন্যূনতম ভৌতিক পৰিমাণ নিৰ্ধাৰণ কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত মূল্যৰ উদ্ধৃতিৰ দ্বাৰা এই ভৌতিক পৰিমাণক বিত্তীয় মূল্যলৈ ৰূপান্তৰিত কৰা হয়। সকলো মূল্য একত্ৰিত কৰাৰ পাছত জনমূৰি উপভোক্তা ব্যয় প্ৰকাশকাৰী এটা পৰিমাণ নিৰ্ধাৰণ কৰা হয়। এই পৰিমাণে দৰিদ্ৰতাৰ মাত্ৰা প্ৰকট কৰে।
2. দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহ ব্যাখ্যা কৰা।
বা, দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা দৰিদ্ৰতা নির্মূলকৰণৰ আঁচনিসমূহ উল্লেখ কৰা।
উঃ দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:
(i) স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা (SGSY): গ্ৰামীণ অঞ্চলত দৰিদ্ৰতা দূৰ কৰাৰ উদ্দেশ্যে ১৯৯৯ চনৰ এপ্ৰিলত এই আঁচনি প্ৰৱৰ্তন কৰা হয়। সংহত গ্ৰামীণ বিকাশ আঁচনি (IRDP), আত্মনিয়োজনৰ বাবে গ্ৰামীণ যুৱকৰ প্ৰশিক্ষণ (TRYSEM) আঁচনি আদিৰ দৰে পূৰ্বৰ আঁচনিৰ ঠাইত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। এই আঁচনিৰ ফলত গ্ৰামীণ এলেকাত বৃহৎ সংখ্যক ক্ষুদ্ৰ উদ্যোগ স্থাপন হয়।
(ii) সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা (SGRY): ২০০১ চনৰ ১ ছেপ্টেম্বৰত এই আঁচনি প্ৰৱৰ্তন কৰা হয়। এই আঁচনিৰ অন্তৰ্গত জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা আৰু নিয়োগ নিশ্চয়তা আঁচনিক একত্ৰিত কৰা হয়।
এই আঁচনিৰ লক্ষ্য:
(a) অতিৰিক্ত শ্ৰমিকক নিয়োগৰ সুবিধা প্ৰদান।
(b) আঞ্চলিক অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ উন্নয়ন।
(c) আন্তঃগাঁথনি উন্নয়ন।
(iii) প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনা (PGY): স্বাস্থ্য, প্ৰাথমিক শিক্ষা, খোৱাপানী, গৃহ আৰু পথ— এই পাঁচটা ক্ষেত্ৰৰ উন্নয়ন সূচনাৰে গ্ৰামীণ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যেৰে ২০০১ চনত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল।
(iv) জয় প্ৰকাশ ৰোজগাৰ নিশ্চয়তা যোজনা (JPRGY): দেশৰ অনগ্ৰসৰ অঞ্চলসমূহত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰাটোৱেই এই আঁচনিৰ লক্ষ্য। এই আঁচনি প্ৰৱৰ্তনৰ বাবে কাৰ্যকৰী নীতি-নিয়ম যুগুত কৰা হৈছে।
(v) স্বৰ্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনা (SJSRY): ১৯৯৭ চনৰ ১ ডিচেম্বৰত এই আঁচনি প্ৰৱৰ্তন কৰা হয়। এই যোজনাৰ ফলস্বৰূপে নেহৰু ৰোজগাৰ যোজনা আৰু প্ৰধানমন্ত্ৰীৰ সংহত পৌৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আঁচনিৰ একত্ৰিতকৰণ হয়। এই আঁচনিয়ে চহৰৰ নিবনুৱা বা অৰ্ধনিবনুৱা ৰাইজক আত্মনিয়োজন বা মজুৰিভিত্তিক সংস্থান প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
(vi) প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ যোজনা (PMRY): শিক্ষিত নিবনুৱাক কৰ্মসংস্থান প্ৰদান কৰাৰ উদ্দেশ্যে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। এই আঁচনিৰ অধীনত ২০০৩-০৪ বৰ্ষৰ ভিতৰত প্ৰায় ৩০ লাখ লোকক কৰ্মসংস্থান প্ৰদান কৰা হয়।
(vii) ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ বিকাশ: দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ বিকাশ সাধনৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। ২০০৪ চনত প্ৰায় ৩৮২ লাখ লোকক ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন প্ৰদান কৰা হয়।
(viii) ন্যূনতম প্ৰয়োজন আঁচনি: দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাৰ উদ্দেশ্যে পঞ্চম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। এই আঁচনিৰ অন্তৰ্গত কাৰ্যকলাপসমূহ হৈছে প্ৰাথমিক শিক্ষা, প্ৰাপ্তবয়স্ক শিক্ষা, গ্ৰামীণ স্বাস্থ্য, গ্ৰামীণ পানী যোগান, গ্ৰামীণ বাট-পথ, গ্ৰামীণ আৱাস আৰু চহৰৰ বস্তি অঞ্চলৰ পাৰিপাৰ্শ্বিক উন্নয়ন।
(ix) বিশ-সূত্ৰীয় কাৰ্যসূচী: ১৯৮২ চনৰ ১৪ জানুৱাৰীত এই আঁচনি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অন্তৰ্গত দৰিদ্ৰতা নিৰ্মূলকৰণ, কৃষি শ্ৰমিকৰ ন্যূনতম মজুৰি, পৰিয়াল পৰিকল্পনা, গাঁও অঞ্চলত খোৱাপানীৰ ব্যৱস্থা সমন্বিতে বিশটা ক্ষেত্ৰ সাঙুৰি লোৱা হৈছে।
(x) ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি (NREGS): ন্যূনতম ১০০ দিনৰ বাবে ন্যূনতম মজুৰিৰে কাম কৰিবলৈ ইচ্ছুক লোকক কামত নিয়োজিত কৰিবলৈ এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। এই আঁচনিৰ অধীনত নিযুক্ত হ’ব বিচৰা ব্যক্তিয়ে নিয়োগ আঁচনি কাৰ্যকৰী কৰা এলেকাত হাজিৰ হোৱাৰ আৱশ্যক।
3. ভাৰতত দৰিদ্ৰতাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা।
উঃ ভাৰতত দৰিদ্ৰতাৰ প্ৰধান কাৰণসমূহ হৈছে:
(i) নিম্ন মাত্ৰাৰ জাতীয় উৎপাদন: বৃহৎ আকাৰৰ জনসংখ্যাৰ তুলনাত ভাৰতৰ প্ৰকৃত জাতীয় উৎপাদন যথেষ্ট কম। ইয়াৰ ফলস্বৰূপে নিম্ন জনমূৰি আয় হয়। নিম্ন জনমূৰি আয়েই হৈছে দেশৰ দৰিদ্ৰতাৰ প্ৰধান কাৰণ।
(ii) নিম্ন বিকাশৰ হাৰ: পৰিকল্পনাৰ কালছোৱাত ভাৰতত বিকাশৰ হাৰ অত্যন্ত কম আছিল। পৰিকল্পনাৰ কালছোৱাত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ প্ৰায় ৪ শতাংশ আছিল। জনসংখ্যাৰ প্ৰায় ২ শতাংশ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ প্ৰায় ২.৮ শতাংশ আছিল। গতিকে, নিম্ন জনমূৰি আয়ৰ বাবে দৰিদ্ৰতা বিৰাজ কৰে।
(iii) জনসংখ্যাৰ উচ্চ বৃদ্ধিৰ হাৰ: ভাৰতত দৰিদ্ৰতাৰ এটা প্ৰধান কাৰণ হৈছে জনসংখ্যাৰ উচ্চ বৃদ্ধিৰ হাৰ। ভাৰতৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত দৰিদ্ৰতাৰ প্ৰকোপ বৃদ্ধি পাইছে।
(iv) মুদ্ৰাস্ফীতিৰ চাপ: ভাৰতৰ অৰ্থনীতি কম পৰিমাণে বিকশিত। দেশত উৎপাদনৰ হাৰ কম, আনহাতে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি। দেশখনত স্থায়ী মুদ্ৰাস্ফীতিৰ চাপ বিৰাজ কৰিছে। মুদ্ৰাস্ফীতিৰ জৰিয়তে সময়সাপেক্ষে মূল্যস্তৰৰ বৃদ্ধি হোৱা পৰিস্থিতিকে সূচোৱা হয়। ই প্ৰধানতঃ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকক প্ৰভাৱিত কৰে।
(v) নিবনুৱা আৰু অৰ্ধনিবনুৱা সমস্যা: ভাৰতৰ দৰে দেশত দৰিদ্ৰতাৰ প্ৰধান কাৰণ হৈছে নিবনুৱা আৰু অৰ্ধনিবনুৱাৰ সমস্যা। দেশত শিক্ষিত নিবনুৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে। তদুপৰি, কৃষি ক্ষেত্ৰত ছদ্মবেশী নিবনুৱা লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে।
(vi) মূলধনৰ অভাৱ: মূলধনে এখন দেশৰ অৰ্থনৈতিক বিকাশ নিৰ্ধাৰণ কৰে। ভাৰতত মূলধন গঠন যথেষ্ট নিম্ন হোৱাৰ ফলত উৎপাদন ক্ষমতা নিম্নগামী হৈছে আৰু এনেদৰে দেশত দৰিদ্ৰতাৰ প্ৰকোপ বৃদ্ধি পাইছে।
(vii) অদক্ষ উদ্যোগী: দেশৰ ঔদ্যোগিক বিকাশৰ বাবে নিজাববীয়া নেতৃত্ব প্ৰদানৰ ক্ষমতা থকা, কল্পনা-শক্তি থকা আৰু বিপদৰ সম্ভাৱনা মূৰ পাতি লোৱাৰ ক্ষমতা থকা দক্ষ আৰু পাৰদৰ্শী উদ্যোগীৰ প্ৰয়োজন। ভাৰতত এনে উদ্যোগী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয়। সেয়ে, দেশখনত নিম্ন মাত্ৰাৰ উৎপাদন, নিম্ন মাত্ৰাৰ কৰ্মসংস্থাপনৰ সুযোগ আৰু উচ্চ মাত্ৰাত দৰিদ্ৰতা বিৰাজ কৰিছে।
(viii) আন্তঃগাঁথনিৰ অভাৱ: ক্ৰমবৰ্ধমান জনসংখ্যাৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে দেশত উপলব্ধ আন্তঃগাঁথনিৰ সুবিধা পৰ্যাপ্ত নহয়। দেশখনত পৰিবহণ আৰু যোগাযোগ, শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ সুবিধা উন্নত মানদণ্ডৰ নহয়। ইয়াৰ ফলস্বৰূপে অৰ্থনীতিত মন্থৰ প্ৰগতি আৰু নিৰৱচ্ছিন্ন দৰিদ্ৰতা বিৰাজ কৰিছে।
[II] গ্রাম্য উন্নয়নঃ গুৰুত্বপূর্ণ বিষয়সমূহ— ঋণ আৰু বিপণন-সমবায়সমূহৰ ভূমিকাঃ কৃষি বহুমুখীকৰণ, বিকল্প কৃষি— জৈৱিক কৃষি।
4. গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্রাম্য উন্নয়নৰ প্ৰধান বিষয়কেইটা কি কি?
উঃ অর্থনীতিৰ সামগ্রিক প্রগতিত পিছ পৰি থকা অঞ্চলৰ বিকাশৰ কৰ্ম পৰিকল্পনাকে গ্রাম্য উন্নয়নৰ জৰিয়তে সূচোৱা হয়। গ্রাম্য উন্নয়ন সম্পর্কীয় বিভিন্ন গুৰুত্বপূর্ণ বিষয় হৈছেঃ
(i) আন্তঃগাঁথনিৰ বিকাশঃ ভাৰতীয় গ্রাম্য অৰ্থনীতিৰ বৃহৎ পৰিসৰৰ প্ৰধান বিষয় হৈছে আন্তঃগাঁথনিৰ উন্নয়ন। ইয়াৰ অন্তৰ্গত সাঙুৰি লোৱা কথাকেইটা হৈছেঃ
(a) গ্রামীণ এলেকাত ঋণৰ সুবিধা।
(b) গ্রামীণ বজাৰৰ বৃদ্ধি আৰু বিকাশ আৰু চহৰৰ বজাৰৰ সৈতে সিহঁতৰ সংযোগ।
(c) পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ অৰ্থাৎ গ্রামীণ এলেকাক বাটপথ আৰু ৰে’লপথেৰে সংযোগৰ ব্যৱস্থা।
(d) কৃষি আৰু কৃষিবহির্ভূত ক্রিয়াকলাপৰ বাবে শক্তিৰ উপলব্ধতা।
(e) জলসিঞ্চনৰ পৰ্যাপ্ত আৰু স্থায়ী উপায়ৰ উপলব্ধতা।
(f) কৃষি গৱেষণাৰ ব্যৱস্থা আৰু সাৰ্থক যোগাযোগৰ মাধ্যমৰ সুবিধা।
(ii) মানৱ মূলধন গঠনঃ ভাৰতীয় অর্থনীতিত মানৱ মূলধন গঠন হৈছে এক প্রধান সমস্যা। গ্রামাঞ্চলৰ বিকাশৰ বাবে সাক্ষৰতা, শিক্ষা, স্বাস্থ্যসেৱা, প্রব্রজন আদি দিশত গুৰুত্ব আৰোপ কৰিব লাগিব।
(iii) উৎপাদনক্ষম সম্পদৰ বিকাশঃ গ্ৰাম্য উন্নয়নৰ বিকাশৰ বাবে এই অঞ্চলৰ উৎপাদনক্ষম সম্পদৰ বিকাশ হোৱা বাঞ্চনীয়। এই সম্পদসমূহ চিনাক্ত কৰাৰ আৱশ্যকতা আছে। এই অঞ্চলৰ বিকাশৰ বাবে কৃষিৰ লগতে কর্মসংস্থাপনৰ অন্য সুযোগত গুৰুত্ব আৰোপ কৰিব লাগে।
(iv) দৰিদ্ৰতা নির্মূলকৰণঃ গ্ৰাম্য উন্নয়নৰ কৰ্মপৰিকল্পনাত দৰিদ্ৰতা নির্মূলকৰণক উচ্চ অগ্রাধিকাৰ প্ৰদান কৰা হৈছে। এই পৰিকল্পনাৰ অন্তৰ্গত দৰিদ্ৰতা দূৰীকৰণৰ বিশেষ আঁচনি প্ৰৱৰ্তন কৰাৰ পোষকতা কৰা হৈছে।
(v) ভূমি সংস্কাৰঃ ভূমি সংস্কাৰে এনে এক অনুষ্ঠানগত পৰিৱৰ্তন সূচায় যাৰ অন্তর্গত ভূমিস্বত্ব প্রকৃত কৃষকৰ হাতত ন্যস্ত কৰাৰ পোষকতা কৰাৰ লগতে ক্ষুদ্র কৃষিপামক সক্ষম গোটলৈ উন্নীত কৰাৰ পোষকতা কৰা হয়। সঠিক মাত্ৰাত গ্ৰাম্যাঞ্চলৰ উন্নয়ন সাধনৰ বাবে গ্ৰাম্যাঞ্চলত ভূমি সংস্কাৰৰ পদক্ষেপ গ্রহণ কৰিব লাগে।
5. কৃষি ঋণ বুলিলে কি বুজা?
বা, গ্রাম্য উন্নয়নত ঋণৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উঃ কৃষি সমন্বিতে প্রতিটো উৎপাদনমূলক ক্রিয়াকলাপৰ বাবে বিত্ত হৈছে এক অত্যাৱশ্যকীয় উপাদান। কিন্তু, কৃষিখণ্ডত ঋণৰ সুবিধা পর্যাপ্ত পৰিমাণে উপলব্ধ নহয়।
এগৰাকী ভাৰতীয় কৃষকৰ ঋণৰ আৱশ্যকতাক নিম্নোক্ত ধৰণে শ্ৰেণীবিভক্ত কৰিব পাৰিঃ
(i) হ্রস্বম্যাদী ঋণঃ হ্রস্বম্যাদী ঋণৰ কালদৈৰ্ঘ্যৰ পৰিসৰ সাধাৰণতে 6 মাহৰ পৰা 12 মাহ পর্যন্ত। বীজ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদি ক্ৰয় কৰাৰ বাবে সাধাৰণতে এই ঋণ গ্রহণ কৰা হয়।
(ii) মধ্যম্যাদী ঋণঃ মধ্যম্যাদী ঋণৰ কালদৈৰ্ঘ্যৰ পৰিসৰ সাধাৰণতে 12 মাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত। যন্ত্রপাতি ক্রয় কৰা, বেৰা নিৰ্মাণ কৰা আৰু কুঁৱা খন্দাৰ বাবে এই ঋণ গ্রহণ কৰা হয়।
(iii) দীর্ঘম্যাদী ঋণঃ দীর্ঘম্যাদী ঋণৰ কালদৈৰ্ঘ্যৰ পৰিসৰ সাধাৰণতে 5 বছৰৰ পৰা 20 বছৰ। অতিৰিক্ত ভূমি ক্ৰয় কৰাৰ বাবে বা পূৰ্বস্থিত ভূমিত উন্নয়নমূলক ক্রিয়াকলাপ সম্পন্ন কৰাৰ বাবে সাধাৰণতে এই ঋণ গ্রহণ কৰা হয়।
6. বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানগত ঋণৰ উৎস সম্বন্ধে বর্ণনা কৰা।
উঃ বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানগত ঋণৰ উৎস হৈছেঃ
(i) সমবায় ঋণ সমিতিঃ কৃষিখণ্ডত বিত্ত যোগানৰ বাবে সমবায় ঋণ সমিতিক সবাতোকৈ সঠিক অনুষ্ঠানগত উৎস হিচাপে গণ্য কৰা হয়। এই সমিতিসমূহে ন্যায্য সুতৰ নিৰিখত কৃষকসকলক পর্যাপ্ত পৰিমাণে ঋণ প্রদান কৰে। তদুপৰি, এই সমিতিসমূহে বিভিন্ন কৃষিগত অভিযানৰ অন্তৰ্গত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যাৱতীয় নির্দেশনা প্রদান কৰে। গ্রামীণ ঋণ প্রবাহত সমবায় ঋণ সমিতিৰ অংশ প্রায় 30 শতাংশ।
(ii) ভাৰতীয় ষ্টেট বেংক আৰু অন্যান্য বাণিজ্যিক বেংকঃ গ্রামীণ সমাজত ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰে 1955 চনত ভাৰতীয় ষ্টেট বেংক প্রতিষ্ঠা কৰিছিল। এই প্রতিষ্ঠানসমূহৰ পুঁজি সাধাৰণতে নগৰীয়া সমাজৰ
লোকসকলে লাভ কৰে। বাণিজ্য আৰু কৃষিবহির্ভূত উদ্যোগত বিত্ত যোগানৰ বাবে ইয়াৰ সম্পদসমূহ বিস্তৃতভাৱে ব্যৱহৃত হয়। বাণিজ্যিক বেংকে কৃষকসকলক পোনপটীয়াকৈ ঋণ প্রদান কৰে।
(iii) আঞ্চলিক গ্রামীণ বেংক আৰু ভূমি বিকাশ কেন্দ্রঃ আঞ্চলিক গ্রামীণ বেংক আৰু ভূমি বিকাশ বেংক হৈছে জিলা পর্যায়ত কার্য সম্পাদন কৰা বেংক। এই বেংকে গ্রামীণ জনসংখ্যাৰ দুৰ্বল শ্ৰেণীটোক ঋণৰ সুবিধা প্ৰদান কৰে। এই বেংকসমূহে গ্রাম্যাঞ্চল আৰু অনগ্ৰসৰ জিলাসমূহত কম সুতৰ নিৰিখত ঋণ প্রদান কৰে।
(iv) ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংকঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক হৈছে কৃষিখণ্ডৰ বিত্ত যোগানৰ বিৱৰ্তনত এক গুৰুত্বপূর্ণ পদক্ষেপ। ই হৈছে গ্রামীণ ঋণ তথা অন্যান্য অর্থনৈতিক ক্রিয়াকলাপৰ ক্ষেত্ৰত কৰ্মনীতি, পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ সম্বন্ধীয় বিষয় ন্যস্ত কৰা এক শীর্ষপর্যায়ৰ প্রতিষ্ঠান। এই বেংকৰ কাৰ্যসমূহ হৈছেঃ
(a) গ্রাম্যাঞ্চলত ঋণ প্রদান কৰা প্ৰতিষ্ঠানৰ বাবে এক গুৰুত্বপূৰ্ণ পুঁজি যোগনিয়াৰ হিচাপে সেৱা আগবঢ়োৱা।
(b) ঋণ প্রদান ব্যৱস্থাৰ বিকাশৰ বাবে সংশোধনী ব্যৱস্থাৰ সূচনা কৰা।
(c) সকলো ঋণ প্রদানকাৰী প্ৰতিষ্ঠানৰ গ্রামীণ বিত্ত যোগানৰ ক্ষেত্ৰত সমন্বয় সাধন কৰা।
(d) কর্মনীতি সূত্ৰবন্ধকৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় ৰিজার্ভ বেংক আদিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা।
(e) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিষ্ঠানে পুনৰায় বিত্ত যোগান ধৰা প্ৰকল্পৰ নিৰীক্ষণ আৰু মূল্যায়নৰ দায়িত্ব গ্ৰহণ কৰা।
7. কৃষি বিপণন বুলিলে কি বুজা?
উঃ কৃষি বিপণনে সেইবিলাক ক্রিয়া বা প্রক্রিয়া সূচায় যিয়ে কৃষকক নিজৰ উৎপাদিত সামগ্ৰীৰ বাবে সৰ্বাধিক মূল্য পোৱাত সহায় কৰে। কৃষি বিপণনৰ অন্তৰ্গত সমগ্র দেশতে বিভিন্ন কৃষি সামগ্রীৰ একত্ৰকৰণ, মজুতকৰণ, প্ৰক্ৰিয়াকৰণ, পৰিবহণ, টোপোলাকৰণ, মূল্যায়ন, বিতৰণ আদি ক্রিয়াকলাপ সম্পন্ন কৰা হয়।
8. বজাৰ ব্যৱস্থাৰ উন্নীতকৰণত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আলোচনা কৰা।
উঃ বজাৰ ব্যৱস্থাৰ উন্নীতকৰণত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ’ল:
(i) নিয়ন্ত্ৰিত বজাৰ: উৎপাদিত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ বাবে চৰকাৰে নিয়ন্ত্ৰিত বজাৰ প্ৰতিষ্ঠা কৰিছে। এই নিয়ন্ত্ৰিত বজাৰসমূহ নিৰীক্ষণৰ দায়িত্ব বজাৰ সমিতিয়ে গ্ৰহণ কৰে। এই বজাৰ সমিতিত চৰকাৰ, কৃষক, ব্যৱসায়ী আদিৰ প্ৰতিনিধি থাকে।
(ii) সমবায় কৃষি বিপণন সমিতি: কৃষি বজাৰ ব্যৱস্থা বিকশিত কৰিবলৈ চৰকাৰে সমবায় কৃষি বিপণন সমিতি গঠনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সমিতিৰ সদস্যসকল ভাল দৰদাম কৰিব পৰা লোক। সেয়ে, তেওঁলোকে সামূহিক বিক্ৰী পদ্ধতি অৱলম্বনেৰে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য নিৰূপণ কৰিব পাৰে।
(iii) পণ্যাগাৰৰ ব্যৱস্থা: চৰকাৰে কৃষকসকলক পণ্যাগাৰৰ সুবিধা প্ৰদান কৰিছে। কৃষকসকলক পণ্যাগাৰৰ সুবিধা প্ৰদান কৰা মুখ্য চৰকাৰী প্ৰতিষ্ঠানকেইটা হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক পণ্যাগাৰ নিগম।
(iv) ৰাজসাহায্যযুক্ত পৰিবহণ: কৃষকৰ উৎপাদিত সামগ্ৰী চহৰৰ বজাৰলৈ নিবৰ বাবে ৰে’ল বিভাগে কৃষকলৈ ৰাজসাহায্যযুক্ত পৰিবহণৰ সুবিধা আগবঢ়াইছে। নিজৰ উৎপাদিত সামগ্ৰীৰ বাবে উন্নততৰ মুনাফা অৰ্জন কৰাত এই সুবিধাই সহায় কৰিব পাৰে।
(v) তথ্যৰ প্ৰচাৰ: বিভিন্ন ইলেক্ট্ৰনিক আৰু মুদ্ৰণ মাধ্যমৰ সহায়ত কৃষকসকলক বজাৰ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। কোন সময়ত কিমান পৰিমাণৰ দ্ৰব্য বিক্ৰী কৰিব লাগিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এই মাধ্যমসমূহৰ ব্যৱহাৰে কৃষকসকলক সহায় কৰে।
(vi) নিম্নতম সমৰ্থন মূল্যৰ নীতি (MSP Policy): কৃষি বজাৰ ব্যৱস্থা উন্নীত কৰিবলৈ চৰকাৰে নিম্নতম সমৰ্থন মূল্যৰ নীতি নামেৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। নিম্নতম সমৰ্থন মূল্যৰ নীতি হৈছে এনে এক নীতি, যাৰ অধীনত চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰী নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰাৰ নিশ্চয়তা প্ৰদান কৰে। তদুপৰি, উৎপাদিত সামগ্ৰী নিম্নতম সমৰ্থন মূল্যতকৈ অধিক দামত যিকোনো সময়তে বজাৰত বিক্ৰী কৰিবলৈও কৃষকসকলক অনুমতি প্ৰদান কৰা হয়।
9. বহুমুখীকৰণৰ ধাৰণাটো বর্ণনা কৰা।
বা, বহুমুখীকৰণৰ দিশ দুটা কি কি?
উঃ বহুমুখীকৰণৰ ধাৰণাটোৰ অধীনত দুটা দিশ নিহিত আছে— এটা শস্য ৰোপণ পদ্ধতিৰ আৰ্হি পৰিৱৰ্তন সম্বন্ধীয় আৰু আনটো কৃষিৰ পৰা অন্যান্য আনুষংগিক কাৰ্যকলাপলৈ (যেনে— পশুধন, হাঁহ-কুকুৰা পালন, মীন পালন আদি) কৰ্মবাহিনীৰ স্থানান্তৰ সম্বন্ধীয়। বহুমুখীকৰণ অত্যাৱশ্যকীয়, কিয়নো কেৱল কৃষিৰ জৰিয়তে জীৱিকা অৰ্জন কৰাটো কষ্টসাধ্য। উৎপাদনক্ষম তথা বহনক্ষম জীৱিকা অৰ্জনৰ বাবে গ্ৰামীণ জনসাধাৰণে অন্য খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। বহুমুখীকৰণৰ দুটা দিশ হৈছে:
(i) শস্যৰ বহুমুখীকৰণ: শস্যৰ বহুমুখীকৰণৰ জৰিয়তে এক নিৰ্দিষ্ট প্ৰজাতিৰ শস্যৰ পৰিৱৰ্তে বিভিন্ন প্ৰজাতিৰ শস্য উৎপাদন কৰাটোকে সূচোৱা হয়। ইয়াৰ অৰ্থ হ’ল এক শস্য ৰোপণ পদ্ধতিৰ পৰিৱৰ্তে বহুশস্য ৰোপণ পদ্ধতিৰ অৱলম্বন। বহুমুখীকৰণৰ জৰিয়তে মূল্যৰ তাৰতম্যৰ সম্ভাৱনা হ্ৰাস পায়। তদুপৰি, মৌচুমী ঋতুৰ বিফলতাৰ দ্বাৰা সৃষ্টি হোৱা শস্য হানিৰ ভয় হ্ৰাস কৰাৰ ক্ষেত্ৰতো বহুমুখীকৰণে সহায় কৰে।
(ii) উৎপাদনমূলক কাৰ্যকলাপৰ বহুমুখীকৰণ: উৎপাদনমূলক কাৰ্যকলাপৰ বহুমুখীকৰণৰ অধীনত কৃষিবহিৰ্ভূত উৎপাদনমূলক কাৰ্যকলাপ সম্পাদন বা কৰ্মসংস্থান গ্ৰহণ কৰাটোকে সূচোৱা হয়। উৎপাদনমূলক কাৰ্যকলাপৰ বহুমুখীকৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰধান উদ্দেশ্য হৈছে উপাৰ্জন বৃদ্ধি কৰা আৰু বহনক্ষম জীৱিকা অৰ্জনৰ বাবে বিকল্পৰ উদ্ঘাটন কৰা।
10. জৈৱিক কৃষি বুলিলে কি বুজা? ইয়াৰ সুবিধাসমূহ কি কি?
উঃ জৈৱিক কৃষিৰ জৰিয়তে এক অৰ্থ-হিতৈষী কৃষি পদ্ধতি সূচোৱা হয়, যিয়ে পাৰিপাৰ্শ্বিক ভাৰসাম্য পুনঃপ্ৰতিষ্ঠা কৰাত আৰু অক্ষুণ্ণ ৰখাত সহায় কৰে। এই পদ্ধতি প্ৰাণীজাত সাৰ আৰু পচন সাৰৰ দৰে জৈৱিক উপাদানৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল।
জৈৱিক কৃষি পদ্ধতিত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ ব্যৱহাৰ কৰা নহয়।
জৈৱিক কৃষি পদ্ধতিৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:
(i) অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ হ্ৰাস: জৈৱিক কৃষি পদ্ধতিৰ অধীনত পেট্ৰ’লিয়ামৰ দৰে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কম কৰা হয়।
(ii) পৰিৱেশ-হিতৈষী: এই কৃষি পদ্ধতিত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদিৰ ব্যৱহাৰ কৰা নহয়। কৃষিত ব্যৱহৃত ৰাসায়নিক সাৰ জীৱন আৰু সম্পত্তিৰ বাবে বিপদসংকুল। সেয়ে, জৈৱিক কৃষি পৰিৱেশ-হিতৈষী।
(iii) ভূমিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখে: জৈৱিক কৃষি পদ্ধতিত প্ৰাণীজাত সাৰ আৰু পচন সাৰ ব্যৱহাৰ কৰা হয়, যিয়ে ভূমিৰ উৰ্বৰতা অক্ষুণ্ণ ৰখাত সহায় কৰে।
(iv) স্বাস্থ্যসন্মত আহাৰ: জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে উন্নত মানদণ্ডৰ স্বাস্থ্যসন্মত আহাৰ পাব পাৰি। এই কৃষি পদ্ধতিৰ জৰিয়তে উৎপাদিত খাদ্যদ্ৰব্য যথেষ্ট পুষ্টিকৰ হয়।
(v) কম ব্যয়বহুল প্ৰযুক্তি: কম ব্যয়বহুল এই প্ৰযুক্তি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে উপযোগী। কৃষিকাৰ্যত জড়িত সৰ্বাধিক সংখ্যক জনসংখ্যা ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰে গঠিত। গতিকে, কম ব্যয়বহুল প্ৰযুক্তি তেওঁলোকৰ বাবে এক সুলভ কৃষি পদ্ধতি।
[Ⅲ] মানৱ মূলধন গঠনঃ মানুহ কেনেদৰে সম্পদত পৰিণত হয়; অর্থনৈতিক উন্নয়নত মানৱ মূলধনৰ ভূমিকা: ভাৰতত শিক্ষাখণ্ডৰ বিকাশঃ
11. মানৱ মূলধন গঠন বুলিলে কি বুজা?
উঃ মানৱ মূলধনৰ অৰ্থ হৈছে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত পাৰদৰ্শী আৰু অৰ্হতাসম্পন্ন জনসংখ্যাৰ যোগান। উৎপাদন প্ৰক্ৰিয়াত জড়িত অভিযন্তা, চিকিৎসক, অধ্যাপক আদিকে ধৰি বিশেষ দক্ষতা থকা কৰ্মীৰ সামগ্ৰিক দক্ষতাক ইয়াৰ জৰিয়তে সূচোৱা হয়। অন্য অৰ্থত, এখন দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে পাৰদৰ্শী ব্যক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোকে মানৱ মূলধন গঠন বুলি অভিহিত কৰা হয়।
12. মানৱ মূলধন গঠনৰ উৎস বা কাৰককেইটা কি কি?
উঃ মানৱ মূলধন গঠনৰ উৎস বা কাৰককেইটা হৈছেঃ
(i) শিক্ষাৰ ক্ষেত্ৰত ব্যয়ঃ শিক্ষাৰ ক্ষেত্ৰত ব্যয় হৈছে মানৱ মূলধন গঠনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰক। এখন দেশৰ অৰ্হতাসম্পন্ন কর্মচাৰী বৃদ্ধি কৰাৰ বাবে এইটো এক গুৰুত্বপূর্ণ উপায়। শিক্ষাৰ ক্ষেত্ৰত ব্যয়ে বৃহৎ মুনাফা প্রদান কৰে। যদিহে এজন ব্যক্তিয়ে ভাল শিক্ষা আহৰণত ধন ব্যয় কৰে তেন্তে তেওঁ জীৱনৰ কিছুসংখ্যক বছৰত ভাল উপাৰ্জন কৰিব পাৰে। কালক্ৰমত তেওঁৰ সামগ্রিক উপাৰ্জন ব্যয় কৰা ধনৰাশিতকৈ বহুত বেছি হয়।
(ii) স্বাস্থ্যৰ শিতানত ব্যয়ঃ স্বাস্থ্যৰ শিতানত কৰা ব্যয়ে পাৰদৰ্শিতা আৰু উৎপাদনশীলতা প্ৰদান কৰে। এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তিয়ে এজন অসুস্থ ব্যক্তিৰ তুলনাত দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ অধিক মাত্ৰাত অৰিহণা আগবঢ়াব পাৰে। সেয়ে, স্বাস্থ্যৰ শিতানত কৰা ব্যয়ক মানৱ মূলধন গঠনৰ এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচনা কৰা হয়।
(iii) চাকৰিকালীন প্রশিক্ষণঃ চাকৰিকালীন প্রশিক্ষণৰ সহায়ত শ্রমিক বা কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা বিকশিত হ’ব পাৰে। তেওঁলোকৰ পাৰদৰ্শিতা আৰু সামগ্রিক উৎপাদনশীলতা বৃদ্ধিত এনে প্রশিক্ষণে সহায় কৰে। এনে প্রশিক্ষণ কাৰ্যসূচীৰ ব্যয়ৰ পৰিমাণ ইয়াৰ পৰা প্ৰাপ্ত মুনাফাতকৈ বহুত কম। সেয়ে চাকৰিকালীন প্রশিক্ষণ হৈছে মানৱ মূলধন গঠনৰ এটা প্রধান উৎস।
(iv) প্ৰব্ৰজনঃ মানুহৰ সুপ্ত প্রতিভাৰ উপযোগীকৰণত প্রব্রজনে সহায় কৰে। ইয়াত দুই প্ৰকাৰৰ ব্যয় অন্তর্ভুক্ত, অর্থাৎ পৰিবহণ ব্যয় আৰু ভিন্ন সামাজিক পৰিৱেশত জীৱন নিৰ্বাহৰ ব্যয়। প্ৰব্ৰজনত জড়িত ব্যয়ৰ তুলনাত ইয়াৰ পৰা প্ৰাপ্ত সুবিধাৰ পৰিমাণ অধিক। সেয়ে, প্রব্রজন হৈছে মানৱ মূলধন গঠনৰ এটা গুৰুত্বপূর্ণ উৎস।
(v) তথ্যৰ ক্ষেত্ৰত ব্যয়ঃ তথ্যৰ ক্ষেত্ৰত ব্যয় হৈছে মানৱ মূলধন গঠনৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰক। শিক্ষানুষ্ঠান আৰু নিযুক্তি বজাৰৰ পৰা প্ৰাপ্ত তথ্যৰ সহায়ত দক্ষতা আহৰণ আৰু ইয়াৰ সঠিক উপযোগীকৰণ সম্ভৱ হয়। এই তথ্যৰাজিয়ে বিশেষ দক্ষতা প্রদানেৰে শ্রমিক শ্ৰেণীটোৰ নৈপুণ্য বৃদ্ধি কৰে।
13. অর্থনৈতিক উন্নয়নত মানৱ মূলধন গঠনৰ ভূমিকা ব্যাখ্যা কৰা।
উঃ অৰ্থনৈতিক উন্নয়নত মানৱ মূলধন গঠনৰ ভূমিকা:
(i) বিকাশৰ আৱেগিক আৰু বস্তুবাদী পৰিৱেশৰ পৰিৱৰ্তন: মানৱ মূলধন গঠনৰ ফলত বিকাশৰ আৱেগিক আৰু বস্তুবাদী পৰিৱেশত পৰিৱৰ্তন সাধন হয়। বিকাশমুখী কৌশল আহৰণৰ বাবে থকা মানুহৰ প্ৰৱণতাই আৱেগিক পৰিৱেশৰ উৎকৰ্ষ সাধনত সহায় কৰে। আনহাতে, সমাজত অধিক সংখ্যক অভিজ্ঞ শ্ৰমিক থকা হেতুকে বস্তুবাদী পৰিৱেশে বিকাশৰ দিশত অগ্ৰসৰ হয়। আঁচনিৰ সঠিক ৰূপায়ণত এনে কৰ্মই সহায় কৰে।
(ii) পদাৰ্থগত মূলধনৰ অধিকতৰ উৎপাদনশীলতা: মানৱ মূলধন গঠনৰ সহায়ত পদাৰ্থগত মূলধনৰ উৎপাদনশীলতা বৃদ্ধি পায়। বিশেষভাৱে দক্ষ শ্ৰমিকসকলে সঠিকভাৱে যন্ত্ৰপাতি নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা সামগ্ৰিক উৎপাদনশীলতা বৃদ্ধি পায়।
(iii) উদ্ভাৱনী দক্ষতা: উদ্ভাৱনী দক্ষতাৰ সদ্ব্যৱহাৰ তথা বিকাশত মানৱ মূলধনে সহায় কৰে। অধিক সংখ্যক দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ উপস্থিতিত উৎপাদন আৰু অন্যান্য আনুষংগিক কাৰ্যকলাপৰ ক্ষেত্ৰত অভিযোজনাত্মক প্ৰযুক্তিৰ সম্ভাৱনা অধিক হ’ব।
(iv) অংশগ্ৰহণ আৰু সমতাৰ উচ্চতৰ মাত্ৰা: মানৱ মূলধন গঠনে নিয়োগৰ সুযোগৰ ক্ষেত্ৰত অধিক মাত্ৰাত প্ৰভাৱিত কৰে। ইয়াৰ ফলস্বৰূপে অধিক মাত্ৰাত অৰ্থ-সামাজিক সমতাৰ লগতে সমাজত অংশগ্ৰহণৰ মাত্ৰা বৃদ্ধি পায়।
14. মানৱ মূলধন গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা।
উঃ মানৱ মূলধন গঠনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ হৈছেঃ
(i) ক্রমবর্ধমান জনসংখ্যাঃ দ্রুতভাৱে বৃদ্ধি হোৱা জনসংখ্যাই মানৱ মূলধনৰ মানদণ্ডৰ ওপৰত বিৰূপ প্রভাৱ পেলায়। জনসংখ্যা বৃদ্ধিৰ পৰিণতিত আবাসন, অনাময় ব্যৱস্থা, পয়ঃপ্রণালী, পানী-যোগান ব্যৱস্থা, চিকিৎসালয়, শিক্ষা, শক্তি-যোগান আদিৰ দৰে সুবিধাসমূহ কম মাত্ৰাত উপলব্ধ হয়। এই সুবিধাসমূহে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ লগতে তেওঁলোকৰ জ্ঞানবৰ্ধনৰ সামর্থ্য নির্ধাৰণ কৰে।
(ii) প্রতিভা প্রবাসঃ প্রতিভা প্রবাস (Brain-drain) সমস্যাটোৰ জৰিয়তে ভাৰতত জন্মগ্রহণ তথা শিক্ষাগ্রহণ কৰা উচ্চ দক্ষতাসম্পন্ন লোক বিদেশলৈ প্রব্রজন কৰাটোকে সূচোৱা হয়। এনে লোকৰ ভিতৰত আছে বিজ্ঞানী, প্রশাসক, কার্যবাহী বিষয়া, অভিযন্তা, চিকিৎসক, শিক্ষাবিদ ইত্যাদি। এই লোকসকলে অন্যান্য উন্নত দেশলৈ প্ৰব্ৰজন কৰাটো ভাৰতৰ মানৱ মূলধন গঠন প্ৰক্ৰিয়াত এক গুৰুতৰ ভাবুকি হিচাপে প্রতিপন্ন হৈছে।
(iii) অপর্যাপ্ত জনশক্তি পৰিকল্পনাঃ ভাৰতৰ মানৱ মূলধন গঠন প্রক্রিয়াই সন্মুখীন
হোৱা অন্য এক গুৰুতৰ সমস্যা হৈছে অপর্যাপ্ত জনশক্তি পৰিকল্পনা। ক্রমবর্ধমান শ্রমিক বাহিনীৰ চাহিদা-যোগানৰ ভাৰসাম্যতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দেশখন অক্ষম। এই দিশটোৱে মানৱ ক্ষমতা আৰু মানৱ দক্ষতাৰ অপচয় প্রতিফলিত কৰে।
(iv) প্রাথমিক খণ্ডত অপর্যাপ্ত সংস্থানকালীন প্রশিক্ষণঃ প্রাথমিক খণ্ড অর্থাৎ কৃষিখণ্ড হৈছে ভাৰতীয় অর্থনীতিৰ মেৰুদণ্ড। কিন্তু পেছাগত দক্ষতা আৰু বুদ্ধিৰ দিশত এই খণ্ডত মনোযোগ নিবদ্ধ কৰা হোৱা নাই। পর্যাপ্ত মনোযোগৰ অভাৱত কৃষিখণ্ড পিছ পৰি আছে। পৰম্পৰাগত কৃষিপদ্ধতি নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থকা হৈছে আৰু এই খণ্ডত সংস্থানকালীন প্রশিক্ষণ কাৰ্যসূচীৰ অভাৱ ঘটিছে।
(v) নিম্ন বিদ্যায়তনিক মানদণ্ডঃ ভাৰতত উচ্চ শিক্ষা প্ৰসাৰৰ বাবে ভালেমান : নিম্ন বিদ্যায়তনিক মানদণ্ডৰ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছে। ইয়াত শিক্ষাগ্রহণ কৰা ব্যক্তিসকলৰ দক্ষতাৰ অভাৱ পৰিলক্ষিত হয় যাৰ ফলত নিম্ন উৎপাদনশীলতাৰ উদ্রেক হয়।
15. এখন দেশৰ অর্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰা।
বা, শিক্ষাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উঃ শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ অন্তৰ্গত জ্ঞান বর্ধন আৰু দক্ষতা বিকাশৰ বাবে শিক্ষাদান, প্রশিক্ষণ আৰু শিক্ষা গ্রহণ প্রক্রিয়াক সূচোৱা হয়। বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষাদান প্রক্রিয়া সম্পন্ন কৰা হয়। শিক্ষা হৈছে মুখ্য উপাদান যাৰ পৰিণতিত অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন সাধন হয়। পৃথিৱীৰ অন্যান্য দেশৰ তুলনাত ভাৰতত শিক্ষাৰ প্ৰসাৰ সিমান উৎসাহজনক নহয়। ভাৰতত সাক্ষৰতাৰ হাৰো অন্য উন্নত দেশৰ তুলনাত যথেষ্ট কম।
অর্থনৈতিক উন্নয়নত শিক্ষাৰ তাৎপর্যঃ
(i) শিক্ষিত আৰু উচ্চ অর্হতাসম্পন্ন নাগৰিক সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষাই সহায় কৰে।
(ii) বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নত শিক্ষাই সহায় কৰে।
(iii) সামগ্রিকভাৱে দেশৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ বিকাশ শিক্ষাই সহজসাধ্য কৰে।
(iv) মানুহৰ মানসিক দিগ্বলয় সম্প্ৰসাৰণ কৰাত ই সহায় কৰে।
(v) জনসাধাৰণক বৃদ্ধি আৰু বিকাশ প্ৰক্ৰিয়াত অংশ গ্ৰহণৰ অধিক সুযোগ প্রদানেৰে শিক্ষাই অর্থনৈতিক উন্নয়নত সহায় কৰে।
(vi) নাগৰিকৰ সাংস্কৃতিক মানদণ্ড উত্তৰণ কৰাৰ ক্ষেত্ৰতো শিক্ষাই সহায় কৰে।
(vii) ই মানুহৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰে।
16. ভাৰতত শিক্ষাখণ্ডৰ বিকাশ পৰীক্ষা কৰা।
উঃ নিম্নোক্ত পৰ্যবেক্ষণৰ সহায়ত ভাৰতত শিক্ষাখণ্ডৰ বিকাশ পৰীক্ষা কৰিব পৰা যায়ঃ
[I] সাধাৰণ শিক্ষাৰ প্ৰসাৰঃ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাত সাধাৰণ শিক্ষাৰ সম্প্ৰসাৰণ সম্বন্ধে তলৰ তালিকাত দেখুওৱা হ’লঃ
বিষয় | 1950-51 | 2006-07 |
|---|---|---|
[A] শিক্ষানুষ্ঠানঃ (i) প্রাথমিক আৰু মজলীয়া বিদ্যালয় (ii) মাধ্যমিক বিদ্যালয় (iii) মহাবিদ্যালয় (iv) বিশ্ববিদ্যালয় [B] ছাত্ৰ-ছাত্ৰীৰ সংখ্যাঃ (i) প্রাথমিক আৰু মজলীয়া বিদ্যালয় (ii) উচ্চ বিদ্যালয় (iii) বিশ্ববিদ্যালয় | 2.23 লাখ 7.4 হাজাৰ 578 27 19.15 লাখ 150 লাখ 3.6 লাখ | 13.08 লাখ 152 হাজাৰ 13,578 407 1,770 লাখ 371 লাখ 113.4 লাখ |
[II] প্রাথমিক শিক্ষাঃ 6 বছৰৰ পৰা 14 বছৰ বয়স গোটৰ অন্তর্ভুক্ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল প্রাথমিক শিক্ষাৰ অন্তৰ্ভুক্ত। প্রাথমিক আৰু মজলীয়া বিদ্যালয়ৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। 1950-51 বৰ্ষত ইয়াৰ সংখ্যা আছিল 2.23 লাখ, কিন্তু 2006-07 বর্ষত 13.08 লাখলৈ বৃদ্ধি হয়।
[III] মাধ্যমিক শিক্ষাঃ 1950-51 বৰ্ষত মাধ্যমিক বিদ্যালয়ৰ সংখ্যা আছিল 7.4 হাজাৰ, য’ত ছাত্র-ছাত্ৰীৰ সংখ্যা আছিল 150 লাখ। 2006-07 বৰ্ষত বিদ্যালয়ৰ সংখ্যা হয়গৈ 152 হাজাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হয়গৈ 371 লাখ। গ্ৰাম্যাঞ্চলৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীক ভাল মানদণ্ডৰ আধুনিক শিক্ষা প্রদানৰ বাবে 1987-88 বৰ্ষত নৱোদয় বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। ছাত্রাবাসৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্যে এই বিদ্যালয়সমূহ প্রতিষ্ঠা কৰা হৈছিল।
[IV] উচ্চ শিক্ষাঃ স্বাধীনতা অৰ্জনৰ পাছত ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহৎ মাত্রাত উন্নয়ন সাধন হয়। সম্প্রতি দেশখনত 407 খন বিশ্ববিদ্যালয়ে উচ্চ শিক্ষা প্রদান কৰি আছে। 407 খন বিশ্ববিদ্যালয়ৰ ভিতৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা 20 খন। আটাইকেইখন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 13,578 খন মহাবিদ্যালয়ত 113.4 লাখ ছাত্র-ছাত্রীয়ে শিক্ষা গ্রহণ কৰি আছে।
[V] মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণঃ মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰিবলৈ কেন্দ্রীয় চৰকাৰে 1988 চনৰ ফেব্ৰুৱাৰীত এখন আঁচনি প্ৰৱৰ্তন কৰে। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক অর্থাৎ (+2) পর্যায়ত বৃত্তিমূলক পাঠ্যক্ৰম আৰম্ভ কৰা বিদ্যালয়ক বিত্তীয় সাহায্য প্রদান কৰা হয়। 2000-01 বৰ্ষৰ ভিতৰত দেশৰ প্ৰায় 6,400 খন বিদ্যালয়ত বৃত্তিমুখী পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্রদান কৰা হয়।
[VI] কাৰিকৰী, চিকিৎসা আৰু কৃষি শিক্ষাঃ স্বাধীনতাৰ পাছত কাৰিকৰী আৰু পেছাদাৰী শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পায়। 1957 চনত ডিপ্লোমা পৰ্যায়ৰ পলিটেকনিক প্রতিষ্ঠানৰ সংখ্যা আছিল 43 খন। সম্প্রতি এই সংখ্যা 1,215 খনলৈ বৃদ্ধি পালে। এই প্রতিষ্ঠানসমূহে প্রত্যেক বছৰে প্রায় 2.12 লাখ ছাত্ৰ-ছাত্ৰীৰ নাম ভর্তি কৰে। তদুপৰি 778 খন স্বীকৃতিপ্রাপ্ত অভিযান্ত্রিক মহাবিদ্যালয় আছে য’ত বিভিন্ন শাখাত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষাদান কৰা হয়। প্ৰতি বছৰে 1.86 লাখ ছাত্র-ছাত্রীক এই পাঠ্যক্রমত নামভৰ্তি কৰা হয়। স্নাতকোত্তৰ পাঠ্যক্ৰম থকা প্ৰতিষ্ঠানৰ সংখ্যা 185। এই প্রতিষ্ঠানসমূহে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 17,000। সম্প্রতি দেশখনত 268 খন চিকিৎসা মহাবিদ্যালয় আছে। এই মহাবিদ্যালয়সমূহৰ 17,000 ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাৰ ক্ষমতা আছে। তদুপৰি দেশখনত ভালেমান গৱেষণা কেন্দ্র আছে। এনে কেইটামান প্রতিষ্ঠান হৈছে কৃষি গৱেষণা প্রতিষ্ঠান, ভাৰতীয় পৰিসাংখ্যিক প্রতিষ্ঠান ইত্যাদি।
[VII] গ্রামীণ শিক্ষাঃ গ্রাম্যাঞ্চলতো ব্যাপক মাত্ৰাত শিক্ষাৰ প্ৰসাৰ ঘটিছে। গ্রাম্যাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় গ্রামীণ উচ্চ শিক্ষা সংসদ প্রতিষ্ঠা কৰা হৈছে। এই সংসদে 14 খন গ্রামীণ শিক্ষানুষ্ঠান পৰিচালনা কৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত ছাত্র-ছাত্রীক সকলো ৰাজ্যতে বিনামূলীয়া শিক্ষা প্রদানৰ ব্যৱস্থা আছে।
[VIII] প্রাপ্তবয়স্ক আৰু স্ত্রী শিক্ষাঃ প্রাপ্তবয়স্ক লোকৰ মাজত নিৰক্ষৰতা দূৰ কৰাৰ উদ্দেশ্যে প্রাপ্তবয়স্ক শিক্ষাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত 1988 চনত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল।
[IX] পূৰ্ণ সাক্ষৰতা অভিযানঃ সকলো ব্যক্তিক সাক্ষৰ কৰাটোৱেই আছিল ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানৰ লক্ষ্য। এই লক্ষ্যত উপনীত হ’বলৈ ‘সকলোৰে বাবে শিক্ষা’ নামেৰে এক আন্দোলন গঢ়ি তোলা হৈছিল। 980 লাখ ব্যক্তিৰ অংশ গ্রহণেৰে এই আন্দোলনে অগ্রগতি লাভ কৰিছিল। 980 লাখ ব্যক্তিৰ ভিতৰত 971 লাখক সাক্ষৰ কৰা হৈছিল।
[IV] নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়ঃ সমস্যা আৰু কর্মনীতিঃ
17. নিয়োগ বুলিলে কি বুজা? নিয়োগৰ শ্ৰেণীবিভাজন কৰা।
উঃ এজন ব্যক্তি কোনো উৎপাদনমূলক বা অন্য ক্রিয়াকলাপত জড়িত হোৱাটোক নিয়োগ আখ্যা দিয়া হয়। নিয়োগৰ অন্তৰ্গত এজন শ্রমিক বা কৰ্মচাৰীয়ে তেওঁ আগবঢ়োৱা সেৱাৰ বাবে মজুৰি বা দৰমহা পায়। নিয়োগৰ জৰিয়তে শ্রমিকে জীৱন নিৰ্বাহ কৰে। নিয়োগক বিস্তৃতভাৱে নিম্নোক্ত শ্ৰেণীত বিভক্ত কৰিব পাৰিঃ
(i) আনুষ্ঠানিক খণ্ডৰ নিয়োগঃ অর্থনীতিৰ সংগঠিত খণ্ডৰ নিয়োগক আনুষ্ঠানিক খণ্ডৰ নিয়োগ বুলি অভিহিত কৰা হয়। অর্থনীতিৰ আনুষ্ঠানিক খণ্ডৰ নিয়োগৰ অন্তৰ্গত চৰকাৰী বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত প্রতিষ্ঠানে 10 গৰাকী বা ততোধিক কর্মীক নিযুক্ত কৰে।
(ii) অনানুষ্ঠানিক খণ্ডৰ নিয়োগঃ অর্থনীতিৰ অসংগঠিত খণ্ডৰ নিয়োগক অনানুষ্ঠানিক খণ্ডৰ নিয়োগ বুলি অভিহিত কৰা হয়। এই খণ্ডৰ অন্তৰ্গত 10 গৰাকী কৰ্মীতকৈ কম সংখ্যক কর্মী নিযুক্ত কৰা হয়।
18. আনুষ্ঠানিক খণ্ড আৰু অনানুষ্ঠানিক খণ্ডৰ নিয়োগৰ মাজত পার্থক্য লিখা।
উঃ আনুষ্ঠানিক খণ্ড আৰু অনানুষ্ঠানিক খণ্ডৰ নিয়োগৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’লঃ
ক্ৰমিক নং | পার্থক্যৰ ভিত্তি | আনুষ্ঠানিক খণ্ড | অনানুষ্ঠানিক খণ্ড |
|---|---|---|---|
(i) | সামাজিক সুৰাক্ষাৰ সুবিধা | আনুষ্ঠানিক খণ্ডৰ শ্রমিকসকলক ভৱিষ্যনিধি, অৱসৰকালীন ভাট্টা বা পেঞ্চন, পাৰিতোষিক আদি প্ৰদান কৰা হয়। | অনানুষ্ঠানিক খণ্ডৰ শ্রমিকসকলক কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদান কৰা নহয়। |
(ii) | অৰ্থনৈতিক স্বাৰ্থ | বিভিন্ন শ্ৰমিক আইনৰ জৰিয়তে আনুষ্ঠানিক খণ্ডৰ শ্ৰমিকৰ অর্থনৈতিক স্বার্থ সুৰক্ষিত। | অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষাৰ বাবে এনে কোনো সুৰক্ষাকাৰী আইন নাই। |
(iii) | শ্ৰমিক সংঘ | আনুষ্ঠানিক বা সংগঠিত খণ্ডত শ্ৰমিকসকলে অর্থনৈতিক স্বার্থ সুৰক্ষিত কৰিবলৈ শ্রমিক সংঘ গঠন কৰিব পাৰে। | অনানুষ্ঠানিক খণ্ডত এনে কোনো সংঘৰ অস্তিত্ব নাই। |
(iv) | শ্ৰম খণ্ড | আনুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলে অর্থনীতিৰ সংগঠিত খণ্ডত কাম কৰে। | অনানুষ্ঠানিক খণ্ডৰ শ্রমিকসকলে অর্থনীতিৰ অসংগঠিত খণ্ডত কাম কৰে। |
19. শ্রমিক বুলিলে কি বুজা? শ্ৰমিকৰ শ্ৰেণীবিভাজন কৰা।
উঃ কোনো উৎপাদনমূলক ক্রিয়াকলাপত জড়িত ব্যক্তিক শ্রমিক বুলি অভিহিত কৰা হয়। ভাৰতীয় অর্থনৈতিক উন্নয়নৰ প্ৰসংগত, “উচ্চ বা নিম্ন যি পদবীতেই নিযুক্ত নহওঁক কিয়, উৎপাদনমূলক ক্রিয়াকলাপত জড়িত সকলো ব্যক্তিকেই শ্রমিক বুলি অভিহিত কৰা হয়।”
শ্রমিকসকলক নিম্নোক্ত দুই শ্ৰেণীত ভাগ কৰিব পাৰিঃ
(i) স্ব-নিয়োজিত শ্রমিক (Self-employed workers): স্বকীয় ব্যৱসায় বা স্বকীয় পেছাত জড়িত শ্রমিকসকলক স্ব-নিয়োজিত শ্রমিক বুলি কোৱা হয়। উদাহৰণস্বৰূপে, নিজস্ব পামত কাম কৰা এজন কৃষক বা নিজস্ব প্রতিষ্ঠানত কাম কৰা এজন ব্যৱসায়ী।
(ii) ভাৰাতীয়া শ্রমিক (Hired workers): অন্যৰ বাবে কৰ্ম সম্পাদন কৰি মূল্যৱান সেৱা আগবঢ়োৱা শ্রমিকসকলক ভাৰাতীয়া শ্রমিক বুলি কোৱা হয়। এই শ্রমিকসকলক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে বেতন বা মজুৰি প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, এটা প্রকাশন প্রতিষ্ঠানত কৰ্মৰত এজন হিচাপৰক্ষক, বা এখন হাস্পতালত কৰ্মৰত এগৰাকী নাৰ্ছ। ভাৰাতীয়া শ্রমিকক নিম্নোক্ত ধৰণে পুনঃবিভক্ত কৰা হৈছেঃ
(a) নৈমিত্তিক শ্রমিক (Casual workers): নিয়োগকর্তাই অস্থায়ী ভিত্তিত কামত নিযুক্ত কৰা শ্ৰমিকসকলক নৈমিত্তিক শ্রমিক বুলি কোৱা হয়। তেওঁলোকক দৈনিক ভিত্তিত মজুৰি প্ৰদান কৰা হয়। ভৱিষ্যনিধি, পাৰিতোষিক বা অৱসৰকালীন ভাট্টাৰ দৰে সামাজিক সুৰক্ষামূলক সুবিধা তেওঁলোকক প্ৰদান কৰা নহয়।
(b) নিয়মীয়া বেতনভোগী শ্রমিক (Regular workers): নিয়োগকর্তাই স্থায়ীভাৱে কামত নিযুক্ত কৰা শ্ৰমিকসকলক নিয়মীয়া বেতনভোগী শ্রমিক বুলি অভিহিত কৰা হয়। এই শ্ৰেণীৰ শ্ৰমিকসকলক পেঞ্চন, পাৰিতোষিক আৰু ভৱিষ্যনিধিকে ধৰি আটাইবোৰ সামাজিক সুৰক্ষামূলক সুবিধা প্রদান কৰা হয়।
20. শ্রমিক বাহিনীৰ অনানুষ্ঠানিকীকৰণ বুলিলে কি বুজা?
উঃ যি পৰিস্থিতিৰ অধীনত আনুষ্ঠানিক খণ্ডত শ্রমিক বাহিনীৰ শতাংশ হ্রাস পোৱাৰ বিপৰীতে অনানুষ্ঠানিক খণ্ডত শ্রমিক বাহিনীৰ শতাংশ বৃদ্ধি পায়, তাকে শ্রমিক বাহিনীৰ অনানুষ্ঠানিকীকৰণ বুলি কোৱা হয়। সমাজবাদী আৰ্হিৰ সমাজত আনুষ্ঠানিক খণ্ডত নিযুক্তি বৃদ্ধি পোৱা উচিত আৰু অনানুষ্ঠানিক খণ্ডত নিযুক্তি হ্রাস পোৱা উচিত। কিন্তু আমাৰ অর্থনীতি এক সম্পূর্ণ বিপৰীত পৰিস্থিতিৰ সন্মুখীন হৈছে। এয়া হৈছে 1991 চনত অৱলম্বন কৰা উন্নয়নমূলক কৌশলৰ পৰিণতি। উক্ত বৰ্ষত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ দৰে এলানি অর্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় অর্থনীতিত এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন হয় অর্থাৎ ‘নিয়ন্ত্রিত অর্থনীতি’ৰ পৰা বজাৰ অর্থনীতিলৈ পৰিৱৰ্তিত হয়। এই ৰূপান্তৰণ প্ৰক্ৰিয়াৰ পৰিণতিত শ্রমিকবাহিনীৰ অনানুষ্ঠানিকীকৰণৰ দিশত এক উল্লেখযোগ্য অগ্রগতি পৰিলক্ষিত হয়।
21. ভাৰতত বিৰাজ কৰা বিভিন্ন প্ৰকাৰৰ কৰ্মসংস্থানহীনতা কি কি? বা, ভাৰতৰ নিবনুৱা সমস্যাৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰা।
উঃ ভাৰতৰ কৰ্মসংস্থানহীনতাক নিম্নোক্ত ধৰণে শ্রেণীবিভাজন কৰিব পাৰিঃ
(A) চহৰীয়া কর্মসংস্থানহীনতা
(B) গ্রাম্য কর্মসংস্থানহীনতা
(A) চহৰীয়া কর্মসংস্থানহীনতাঃ ইয়াৰ প্ৰকাৰকেইটা হৈছেঃ
[I] ঔদ্যোগিক কর্মসংস্থানহীনতা (Industrial Unemployment): ভাৰতৰ ঔদ্যোগিক কর্মসংস্থানহীনতাৰ কাৰকসমূহ হৈছেঃ
(i) দেশখনত অর্থনৈতিকভাৱে সক্রিয় জনসংখ্যা ব্যাপক মাত্রাত বৃদ্ধি পাইছে যদিও শ্রমিক বাহিনীৰ বৃদ্ধি সাপেক্ষে বিকশিত হোৱাত অর্থনীতি ব্যর্থ হৈছে।
(ii) গাঁওসমূহৰ পৰা চহৰসমূহলৈ ব্যাপক মাত্ৰাত প্ৰব্ৰজনৰ ফলস্বৰূপে গ্রামাঞ্চলতকৈ চহৰাঞ্চলত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পাইছে।
(iii) বিশেষকৈ লেহেমীয়া উদ্যোগীকৰণ প্ৰক্ৰিয়া আৰু অনুপযুক্ত প্রযুক্তিৰ বাবে ঔদ্যোগিক কর্মসংস্থানহীনতা বৃদ্ধি পাইছে বুলি প্রায়ে মত ব্যক্ত কৰা হয়। ভাৰতৰ ঔদ্যোগিক কর্মসংস্থানহীনতাৰ সঠিক পৰিসংখ্যা জনা নাযায়। পৰিকল্পনাৰ কালছোৱাত ঔদ্যোগিক খণ্ডৰ সম্প্ৰসাৰণ ঘটে আৰু এই খণ্ডত সুস্থিৰভাৱে নিয়োগ বৃদ্ধি পায়। সম্প্রতি সংগঠিত খণ্ডত ঔদ্যোগিক নিয়োগৰ 65 শতাংশ বিৰাজমান। এইটো নিশ্চিতভাৱে এক সঠিক উন্নয়নৰ চিহ্ন যিয়ে ভাৰতত পুঁজিবাদৰ ক্রমোন্নতিশীল বিকাশ প্রতিফলিত কৰে। কিন্তু বিগত তিনিটা দশকত ঔদ্যোগিক খণ্ডত কর্মসংস্থানহীনতা বৃদ্ধিপ্রাপ্ত হৈছে।
[II] শিক্ষিত লোকৰ কৰ্মসংস্থানহীনতা (Educated unemployment): শিক্ষিত নিবনুৱাৰ সমস্যাটো এক গুৰুতৰ আৰু ভীতিজনক সমস্যা। তৎসত্ত্বেও শিক্ষিত নিবনুৱাৰ পৰিসংখ্যা পৰিমাপৰ গণ্ডিৰ ভিতৰত নাই। পৰিকল্পনা আয়োগৰ তথ্য অনুসৰি 1980 ৰ আৰম্ভণিতে প্রায় 34.72 লাখ শিক্ষিত লোক কর্মসংস্থানহীন আছিল। ষষ্ঠ পৰিকল্পনাৰ দৰে একে অভিগমন ব্যৱহাৰেৰে শিক্ষিত নিবনুৱাৰ সংখ্যা 1985 চনত 47 লাখ আৰু 1992 চনত 68 লাখ হয়গৈ। শেহতীয়াভাৱে শিক্ষিত নিবনুৱাৰ সংখ্যা উপলব্ধ হোৱা নাই। অৱশ্যে, এইটো সহজে অনুমান কৰিব পাৰি যে সম্প্রতি শিক্ষিত নিবনুৱাৰ সংখ্যা অষ্টম পৰিকল্পনাৰ আগৰ সংখ্যাতকৈ কম।
শিক্ষিত লোকৰ কৰ্মসংস্থানহীনতাৰ বহুতো কাৰণ আছে। এইবোৰ হৈছেঃ
(i) ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ক্ৰমবৰ্দ্ধিত মাত্ৰাত ডিগ্রী প্রদান।
(ii) বৃত্তিমুখী শিক্ষাৰ অভাৱ।
(iii) স্ব-নিয়োজনৰ পদক্ষেপৰ অভাৱ।
(iv) প্রশিক্ষণৰ অভাৱ।
(v) বৃত্তিগত বা পেছাগত নিৰ্দেশনাৰ অভাৱ।
[III] প্ৰতিৰোধাত্মক কর্মসংস্থানহীনতা (Frictional unemployment): অর্থনৈতিক
প্ৰতিৰোধৰ বাবে প্ৰতিৰোধাত্মক কর্মসংস্থানহীনতাৰ সৃষ্টি হয় যিয়ে অর্থনৈতিক ক্রিয়াকলাপত প্ৰতিৰোধ কৰাৰ বাবে দায়ী কাৰককেইটাৰ হস্তক্ষেপ সূচায়। শ্রমিকৰ চাহিদা আৰু যোগানৰ মাজত ই বিসংগতিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে– বেংক সেৱাত ATM ৰ দৰে স্বয়ংক্রিয়কৰণৰ পদক্ষেপ গ্রহণে বুজন সংখ্যক শ্রমিকক নিয়োগৰ পৰা অব্যাহতি দিয়ে। অর্থনীতিত প্ৰতিৰোধাত্মক কর্মসংস্থানহীনতাৰ হ্রস্বম্যাদী প্রভাব থকা বুলি সাধাৰণতে ব্যক্ত কৰা হয়। কিন্তু বাস্তৱ জীৱনৰ পৰিস্থিতিত ই কর্মসংস্থানহীনতাৰ দৃশ্যপটত অধিক অৱনতি ঘটাব পাৰে।
(B) গ্রামীণ (বা কৃষিগত) কর্মসংস্থানহীনতা [Rural (or agricultural) unemployment]: ভাৰতৰ গ্রামাঞ্চলত কর্মসংস্থানহীনতা অধিক মাত্ৰাত বিৰাজ কৰে। গ্রামীণ কর্মসংস্থানহীনতা নিম্নোক্ত প্ৰকাৰৰঃ
[I] ঋতুজনিত কর্মসংস্থানহীনতা (Seasonal unemployment): দেশৰ গ্ৰামাঞ্চলৰ কৃষি প্রধান জীৱিকা যদিও ইয়াৰ প্ৰকৃতি ঋতুজনিত। ই গ্রামাঞ্চলৰ লোকক গোটেই বছৰজুৰি কৰ্মসংস্থান প্রদান কৰিব নোৱাৰে। বহুমুখী কৃষি পদ্ধতি আৰু পৰিপূৰক জীৱিকাৰ অভাৱত দেশৰ গ্রামীণ লোকসকলে বছৰটোৰ 5 মাহৰ পৰা 7 মাহ পর্যন্ত নিষ্কর্মা হৈ থাকে। কিছুমান কৃষিভিত্তিক উদ্যোগ যেনে–চাহ উদ্যোগ, মৰাপাট উদ্যোগ আদিতো ঋতুজনিত কর্মসংস্থানহীনতা বিৰাজ কৰে।
[II] ছদ্মবেশী বা প্রচ্ছন্ন কর্মসংস্থানহীনতা (Disguised unemployment): জনসংখ্যাৰ অত্যধিক চাপৰ বাবে ভাৰতীয় কৃষিও ছদ্মবেশী নিবনুৱাৰ দ্বাৰা আক্ৰান্ত। ছদ্মবেশী বা প্রচ্ছন্ন কর্মসংস্থানহীনতাত প্ৰতিগৰাকী ব্যক্তিকে নিযুক্ত যেন লাগিলেও প্রকৃততে সকলোৰে বাবে পর্যাপ্ত পূর্ণকালীন কর্ম উপলব্ধ নহয়। ভাৰতৰ প্ৰায় 72 শতাংশ শ্ৰমজীৱী লোক কৃষি আৰু আনুষংগিক ক্রিয়াকলাপত জড়িত। 1951 চনত 100 নিযুতৰো অধিক লোক কৃষি আৰু আনুষংগিক ক্রিয়াকলাপত জড়িত থকাৰ বিপৰীতে 1991 চনত 160 নিযুতৰো অধিক লোক একেটা খণ্ডতে নিয়োজিত হৈছিল। এই অতিৰিক্ত 60 নিযুত লোকৰ কৃষি আৰু আনুষংগিক ক্রিয়াকলাপত বাস্তৱতে কোনো কাম নাছিল।
[III] আংশিক কর্মসংস্থানহীনতা (Underemployment): আংশিক কর্মসংস্থানহীনতাই এনে এক পৰিস্থিতি সূচায় য’ত সংশ্লিষ্ট ব্যক্তিসকলে তেওঁলোকৰ সম্ভাৱনা অনুসৰি কর্মসংস্থানৰ সুযোগ লাভ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ সক্ষমতাৰ লগত সংগতি নথকা কোনো নিম্নস্তৰীয় কর্মসংস্থানত নিযুক্ত হয়। এইক্ষেত্রত তেওঁলোকৰ সক্ষমতাৰ আংশিক ব্যৱহাৰহে হয়।
22. ভাৰতৰ কৰ্মসংস্থাপনহীনতাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা। বা, ভাৰতৰ নিবনুৱা সমস্যাৰ কাৰণসমূহ বিশ্লেষণ কৰা।
উঃ ভাৰতৰ কৰ্মসংস্থাপনহীনতা বা নিবনুৱা সমস্যাৰ প্ৰধান কাৰণসমূহ হৈছেঃ
(i) কর্মহীন বৃদ্ধিঃ নিয়োগ সৃষ্টিৰ বাবে অর্থনৈতিক বিকাশৰ প্রত্যাশা কৰা হয়। অৱশ্যে, ভাৰতত অধিকাংশ বিকাশত কর্মহীনতা পৰিলক্ষিত হৈছে। 1950-51 ৰ পৰা 1980-81 লৈ এই 30 বছৰত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বাৰ্ষিক মাত্র 3.6%। এই বৃদ্ধিৰ নিৰিখত কর্মসংস্থানৰ সুবিধা সৃষ্টি সম্ভৱ নহয়।
(ii) শ্রমিক বাহিনীৰ বৃদ্ধিঃ স্বাধীনতা অৰ্জনৰ পাছৰে পৰা মৃত্যুৰ হাৰ হ্রাস পাইছে আৰু দেশখনে জনসাংখ্যিক অৱস্থান্তৰৰ দ্বিতীয় পৰ্যায়ত উপনীত হৈছে। 1960ৰ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ 2.2% লৈ নিম্নগামী হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত শ্রমিক বাহিনীৰ বৃদ্ধিৰ হাৰো বার্ষিক 1.9% লৈ বৃদ্ধি পায়। 1983 বৰ্ষৰ পৰা 1993-94 বর্ষলৈ জনসাংখ্যিক আৰু সামাজিক কাৰক উভয়ে শ্রমিক বাহিনীৰ বৃদ্ধিত অৰিহণা যোগায়।
(iii) কৃষিখণ্ডৰ অনগ্ৰসৰতাঃ ভূমিৰ ওপৰত জনসংখ্যাৰ অত্যধিক চাপ আৰু আদিম কৃষিপদ্ধতিয়েই দেশৰ গ্রাম্য কর্মসংস্থাপনহীনতা আৰু আংশিক কর্মসংস্থাপনহীনতাৰ বাবে দায়ী।
(iv) অপর্যাপ্ত ঔদ্যোগিক উন্নয়নঃ দেশৰ ঔদ্যোগিক উন্নয়ন পর্যাপ্ত নহয়। ঔদ্যোগিক উন্নয়নৰ সম্ভাৱনা সম্পূর্ণভাৱে উপলব্ধি কৰা হোৱা নাই। মূলধনৰ নাটনি, সঠিক প্রযুক্তিৰ অভাৱ, ঔদ্যোগিক কেঁচামালৰ দুষ্প্রাপ্যতা, বিদ্যুতৰ নাটনি আৰু শ্রমিক বিনিয়োগৰ অভাৱৰ পৰিপ্ৰেক্ষিতত ঔদ্যোগিক খণ্ডই সাফল্য অৰ্জন কৰিব পৰা নাই। তদুপৰি এই খণ্ডই দেশখনত পর্যাপ্ত পৰিমাণে নিয়োগৰ সুবিধা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই।
(v) অনুপযুক্ত শিক্ষা ব্যৱস্থাঃ ভাৰতৰ শিক্ষা ব্যৱস্থা ত্রুটিপূর্ণ। এয়া মেকলেই ঔপনিৱেশিক শাসন কালত প্ৰৱৰ্তন কৰা সেই একে শিক্ষা ব্যৱস্থা। গানাৰ মিৰডেলৰ মতে ভাৰতৰ শিক্ষা নীতিয়ে মানৱ সম্পদ উন্নয়নৰ লক্ষ্য নির্ধাৰণ
কৰা নাই। ই কেৱল চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে কেৰাণী আৰু নিম্ন সংবৰ্গৰ কাৰ্যনিৰ্বাহক প্ৰাধিকাৰীহে সৃষ্টি কৰে। এনে ধৰণৰ শিক্ষা প্রদান কৰা অনুষ্ঠানৰ সংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যা বৃদ্ধি কৰে। কলা, বাণিজ্য আৰু বিজ্ঞান শিক্ষাৰ উৎপাদনমূলক উদ্দেশ্যত সীমিত উপযোগিতাৰ বাবে এই শিক্ষাই নিয়োগ সুনিশ্চিত নকৰে।
(vi) ৰাষ্ট্ৰীয় নিয়োগ নীতিৰ অনুপস্থিতিঃ ভাৰতে সমগ্ৰ পৰিকল্পনা কালছোৱাত এক উপযুক্ত ৰাষ্ট্ৰীয় নিয়োগ নীতি নির্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই। কেইখনমান নিয়োগ সৃষ্টিৰ আঁচনিৰ বাহিৰে কৰ্মসংস্থাপনহীনতা দূৰ কৰিবলৈ কোনো বিশেষ নীতি নির্ধাৰণ কৰা নাই।
23. ভাৰতৰ শিক্ষিত নিবনুৱা সমস্যাৰ দুটা কাৰণ উল্লেখ কৰা।
উঃ ভাৰতৰ শিক্ষিত নিবনুৱা সমস্যাৰ দুটা কাৰণ হৈছেঃ
(i) ভাৰতৰ শিক্ষা ব্যৱস্থা ত্রুটিপূর্ণ যিয়ে মানৱ সম্পদ উন্নয়নৰ লক্ষ্য নির্ধাৰণ নকৰে।
(ii) বিভিন্ন শ্ৰেণীৰ পাৰদৰ্শী কৰ্মচাৰীৰ চাহিদা আৰু যোগানৰ মাজত ভাৰসাম্য নাই।
24. ভাৰতত শিক্ষিত নিবনুৱাৰ সমস্যা দূৰ কৰিবলৈ কেইটামান পৰামৰ্শ প্রদান কৰা।
উঃ ভাৰতত শিক্ষিত নিবনুৱাৰ সমস্যা দূৰ কৰাৰ কেইটামান উপায়ঃ
(i) কিছুমান বিশেষ চাকৰিৰ বাবে প্রশিক্ষণ প্রদান কৰা বাঞ্চনীয়।
(ii) নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ বাবে প্রণোদিত কৰিব লাগে।
(iii) শিক্ষা ব্যৱস্থা বৃত্তিমুখী কৰা উচিত।
(iv) অর্থনৈতিক বিকাশৰ বৃদ্ধিৰ অনুপাতে শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি হোৱা উচিত।
25. ভাৰতৰ গ্ৰাম্য কৰ্মসংস্থানহীনতাৰ যিকোনো তিনিটা প্রধান কাৰণ উল্লেখ কৰা।
উঃ ভাৰতৰ গ্ৰাম্য কৰ্মসংস্থানহীনতাৰ প্ৰধান কাৰণকেইটা হৈছেঃ
(i) ঋতুজনিত কৃষিঃ ভাৰতৰ কৃষি ব্যৱস্থা ঋতুজ প্ৰকৃতিৰ। বহুমুখী কৃষি পদ্ধতি আৰু পৰিপূৰক জীৱিকাৰ অভাৱত দেশৰ গ্রামীণ লোকসকলে বছৰটোৰ 5 মাহৰ পৰা 7 মাহ পর্যন্ত নিষ্কর্মা হৈ থাকে।
(ii) ছদ্মবেশী নিবনুৱাঃ গ্রাম্যাঞ্চলত জনসংখ্যাৰ অত্যধিক চাপে ছদ্মবেশী নিবনুৱাৰ সৃষ্টি কৰে। কৃষি আৰু অন্যান্য আনুষংগিক ক্রিয়াকলাপত জড়িত লোকৰ সংখ্যা এই খণ্ডই নিয়োজিত কৰিব পৰা লোকৰ সংখ্যাতকৈ অধিক।
(iii) কুটীৰ উদ্যোগৰ অৱনতিঃ দক্ষতা, মূলধন আৰু কেঁচা সামগ্ৰীৰ অভাৱত কুটীৰ উদ্যোগৰ অৱনতি হোৱা হেতুকে গ্রাম্য কর্মসংস্থাপনহীনতাৰ সৃষ্টি হৈছে।
26. ভাৰতৰ ছদ্মবেশী নিবনুৱা সমস্যা সমাধানৰ বাবে দুটা পৰামৰ্শ প্রদান কৰা।
উঃ ভাৰতৰ ছদ্মবেশী নিবনুৱা সমস্যা সমাধানৰ উপায়ঃ
(i) বিভিন্ন খণ্ডৰ বিকাশ প্রক্রিয়াত বৃহৎ মাত্রাত উৎপাদনক্ষম নিয়োগ সৃষ্টি কৰিবলৈ আৰু কৰ্মসংস্থানহীনতাৰ প্রাধান্য থকা অঞ্চলত শ্রমিক প্রযুক্তি অৱলম্বন কৰিবলৈ ব্যৱস্থা গ্রহণ কৰা উচিত।
(ii) অশিক্ষিত লোকসকলক স্ব-নিয়োজনৰ বাবে প্ৰণোদিত কৰা উচিত। কৃষিখণ্ডৰ অতিৰিক্ত শ্ৰমিকসকলক স্ব-নিয়োজনৰ সুযোগ সৃষ্টিৰে অন্যান্য ক্ষেত্রলৈ স্থানান্তৰিত কৰা উচিত।
27. বিগত কেইটামান বৰ্ষত ভাৰত চৰকাৰে নিয়োগ সৃষ্টিৰ বাবে গ্রহণ কৰা চাৰিটা কার্যসূচী সংক্ষেপে লিখা।
উঃ অষ্টম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাত ভাৰত চৰকাৰে নিয়োগ সৃষ্টিৰ বাবে গ্ৰহণ কৰা চাৰিটা কাৰ্যসূচী হৈছেঃ
(i) মহিলা সমৃদ্ধি যোজনা (MSY): সকলো গ্রামীণ প্রাপ্তবয়স্ক মহিলাৰ সুবিধাৰ বাবে 1993 চনৰ 2 অক্টোবৰত মহিলা সমৃদ্ধি যোজনা প্ৰৱৰ্তন কৰা হয়। এই আঁচনিৰ অধীনত 300 টকা বিনিয়োগেৰে মহিলা সমৃদ্ধি যোজনাৰ একাউন্ট খোলা প্রত্যেক প্রাপ্তবয়স্ক মহিলাই এবছৰত 75 টকা ধনৰাশি পাব।
ঘৰুৱা সম্পদ আৰু সঞ্চয়ত অধিক মাত্রাত নিয়ন্ত্ৰণৰ পোষকতাৰে গ্ৰামীণ মহিলাৰ সবলীকৰণৰ বাবে মহিলা সমৃদ্ধি যোজনাই লক্ষ্য নির্ধাৰণ কৰিছে। ডাকঘৰৰ জৰিয়তে এই আঁচনি কাৰ্যকৰী কৰা হৈছে।
(ii) নেহৰু ৰোজগাৰ যোজনা (NRY): পৌৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে যুগুত কৰা নেহৰু ৰোজগাৰ যোজনাই চহৰৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে। চহৰৰ দৰিদ্ৰ শ্ৰেণীৰ নিবনুৱা আৰু অর্ধনিবনুৱা লোকক নিয়োগৰ সুবিধা প্ৰদানৰ লক্ষ্যেৰে 1989 চনৰ অক্টোৱৰত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। চহৰৰ বস্তি অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ ক্ষেত্ৰত এই যোজনা প্রযোজ্য। এই বিস্তৃত শ্ৰেণীৰ অন্তৰ্গত অনুসূচিত জাতি/অনুসূচিত জনজাতি আৰু মহিলা বিশেষ লক্ষ্য গোটৰ অন্তর্ভুক্ত।
(iii) প্ৰধানমন্ত্ৰীৰ সংহত পৌৰ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী (PMIUPEP): বহুক্ষেত্রীয় আৰু দীর্ঘকালীন কৌশল অৱলম্বনেৰে সামাজিক খণ্ডত সাফল্য অর্জন, সাম্প্রদায়িক সবলীকৰণ, নিয়োগ সৃষ্টি, পাৰদৰ্শিতা উন্নীতকৰণ, আশ্রয় উন্নীতকৰণ আৰু পাৰিৱেশিক উন্নীতকৰণৰ লক্ষ্যেৰে 1995-96 বর্ষত প্রধানমন্ত্ৰীৰ সংহত পৌৰ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।
50,000ৰ পৰা 1,00,000 জনসংখ্যা থকা 345 খন দ্বিতীয় শ্ৰেণীৰ চহৰত 5 নিযুত চহৰীয়া লোকক এই আঁচনিৰ অন্তর্ভুক্ত কৰা হৈছে।
(iii) স্বর্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনা (SJSRY): স্বর্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ অন্তৰ্গত নেহৰু ৰোজগাৰ যোজনা, UBSP আৰু PMIUPEP এই তিনিখন পৌৰ দাৰিদ্ৰ কৰ্মসূচী একত্ৰ কৰা হয়। ১৯৯৭ চনৰ ডিচেম্বৰ মাহৰ পৰা এই যোজনা কাৰ্যকৰী কৰা হয়। এই কাৰ্যসূচীৰ অধীনত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ আৰু একাদশ শ্রেণীলৈকে পঢ়া নিবনুৱা বা অর্ধনিবনুৱা দৰিদ্ৰ লোকক আত্মনিয়োজন কেন্দ্ৰ স্থাপনৰ সুবিধাৰে বা মজুৰি নিয়োগৰ ব্যৱস্থাৰে কর্মসংস্থান প্ৰদানৰ পোষকতা কৰা হয়। এই যোজনাই দৰিদ্ৰ মহিলাৰ সবলীকৰণ তথা উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
[V] আন্তঃগাঁথনিঃ অর্থ আৰু প্ৰকাৰঃ ক্ষেত্ৰ অধ্যয়নঃ শক্তি আৰু স্বাস্থ্যজনিত সমস্যা আৰু কৰ্মনীতি — সমালোচনাত্মক মূল্যায়ন।
28. আন্তঃগাঁথনি বুলিলে কি বুজা?
উঃ আন্তঃগাঁথনি হৈছে অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত প্ৰভাৱ বিস্তাৰ কৰা এক অত্যন্ত গুৰুত্বপূর্ণ উপাদান। উৎপাদনৰ বিভিন্ন ক্রিয়াকলাপত ই সমর্থক প্রণালী হিচাপে সেৱা আগবঢ়ায়। এনে গুৰুত্বপূৰ্ণ উপাদানৰ অনুপস্থিতিত উচ্চস্তৰীয় সন্তুষ্টি পাব পৰাকৈ জীৱনৰ মানদণ্ড উন্নীত কৰিব পৰা নাযায়। আন্তঃগাঁথনিয়ে ভোগকৰণ তথা জীৱনৰ মানদণ্ডৰ পৰ্যায়ত নতুন মাত্রা সংযোজনেৰে দেশৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰে। ঔদ্যোগিক আৰু কৃষি উৎপাদন, ঘৰুৱা আৰু বৈদেশিক বাণিজ্য আদি ক্ষেত্রত আন্তঃগাঁথনিয়ে সমর্থক সেৱা আগবঢ়ায়। আন্তঃগাঁথনিয়ে আগবঢ়োৱা সেৱাৰ অন্তৰ্গত স্থলপথ, ৰে’লপথ, বন্দৰ, বিমান বন্দৰ, বান্ধ, শক্তি উৎপাদন কেন্দ্ৰ, দূৰসংযোগ সুবিধা, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আদি সাঙুৰি লোৱা হয়।
29. আন্তঃগাঁথনিৰ প্ৰকাৰকেইটা আলোচনা কৰা।
উঃ আন্তঃগাঁথনিক নিম্নোক্ত দুই প্রকাৰত শ্ৰেণী বিভক্ত কৰিব পাৰিঃ
(i) অর্থনৈতিক আন্তঃগাঁথনিঃ শক্তি, পৰিবহণ আৰু যোগাযোগৰ দৰে যি উপাদানে অর্থনৈতিক বিকাশৰ সমর্থক ব্যৱস্থা হিচাপে সেৱা আগবঢ়াই অর্থনৈতিক পৰিৱৰ্তন সহজসাধ্য কৰে, তাকে আন্তঃগাঁথনি বুলি কোৱা হয়। পর্যাপ্ত পৰিমাণৰ
শক্তিৰ উপলব্ধতাৰ ফলত উৎপাদনমূলক ক্রিয়া-ত্বৰান্বিত হ’ব, পর্যাপ্ত পৰিবহণ মাধ্যমৰ উপলব্ধতাই উৎপাদনকৰ্তাৰ পৰা গ্ৰাহকৰ ওচৰলৈ সামগ্ৰীৰ সঞ্চালন সহজসাধ্য কৰিব আৰু পর্যাপ্ত যোগাযোগৰ মাধ্যমে বিপণন সহজসাধ্য কৰিব।
(ii) সামাজিক আন্তঃগাঁথনিঃ এক অর্থনীতিৰ সামাজিক বৃদ্ধি আৰু বিকাশৰ সমর্থক ব্যৱস্থা হিচাপে সেৱা আগবঢ়োৱা সামাজিক পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ উপাদানক সামাজিক আন্তঃগাঁথনি বুলি কোৱা হয়। সামাজিক পৰিৱৰ্তনৰ উপাদানৰ অন্তৰ্গত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, সেৱাগৃহ আদিক সাঙুৰি লোৱা হয়। সামাজিক আন্তঃগাঁথনিয়ে মানৱ বিকাশত উৎসাহিত কৰি বিকাশ প্রক্রিয়া ত্বৰান্বিত কৰে।
30. বৃদ্ধি আৰু বিকাশ প্রক্রিয়ালৈ আন্তঃগাঁথনিয়ে কেনেদৰে অৰিহণা আগবঢ়ায়? আলোচনা কৰা।
উঃ বৃদ্ধি আৰু বিকাশ প্রক্রিয়াত আন্তঃগাঁথনিৰ অৱদানঃ
(i) আন্তঃগাঁথনিয়ে উৎপাদনশীলতা বৃদ্ধি কৰেঃ আন্তঃগাঁথনিমূলক সুবিধাৰ উপলব্ধতাই উচ্চ উৎপাদনশীলতাৰ উদ্রেক কৰে। ভাল আন্তঃগাঁথনিৰ সমৰ্থন অবিহনে কোনো উৎপাদন ক্রিয়াই উচ্চস্তৰীয় উৎপাদনশীলতা প্রদান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে— কয়লা, পেট্র’লিয়াম আৰু বিদ্যুতৰ দৰে শক্তিৰ উৎসৰ অবিহনে অধিক মাত্রাত ঔদ্যোগিক উৎপাদন সম্ভৱ নহয়।
(ii) আন্তঃগাঁথনিয়ে বিনিয়োগত প্রভাৱ বিস্তাৰ কৰেঃ আন্তঃগাঁথনিয়ে বিনিয়োগত প্ৰভাৱ বিস্তাৰ কৰে। অপর্যাপ্ত পৰিমাণৰ আন্তঃগাঁথনিমূলক সুবিধাৰ পৰিপ্ৰেক্ষিতত বিনিয়োগৰ পৰিমাণ হ্রাস পায়। কম বিনিয়োগৰ পৰিণতিত উৎপাদনৰ পৰিমাণ নিম্নগামী হয় আৰু অর্থনৈতিক বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
(iii) আন্তঃগাঁথনিয়ে উৎপাদনত সংযোগ উন্মেষ কৰেঃ উন্নত পৰিবহণ আৰু যোগাযোগৰ মাধ্যম, বেংক ব্যৱস্থা আদিৰ জৰিয়তে আন্তঃগাঁথনিয়ে উৎপাদনত সংযোগ উন্মেষণত সহায় কৰে। গতিকে, এক অর্থনীতিৰ সামগ্রিক বৃদ্ধি আৰু বিকাশত ই অৰিহণা আগবঢ়ায়।
(iv) আন্তঃগাঁথনিয়ে বজাৰৰ আকাৰ বৃদ্ধি কৰেঃ আন্তঃগাঁথনিয়ে বজাৰৰ আকাৰ বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা বৃহৎ মাত্ৰাত উৎপাদন সম্ভৱ হয়। ৰে’লৱেৰ দৰে পৰিবহণ মাধ্যমে অর্থনৈতিক আন্তঃগাঁথনিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি বজাৰৰ বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়ায়।
(v) আন্তঃগাঁথনিয়ে বহিঃউৎস গ্রহণ সহজসাধ্য কৰেঃ আন্তঃগাঁথনিৰ সুস্থ ব্যৱস্থাই বহিঃউৎস গ্রহণ সহজসাধ্য কৰে। গোলকীকৰণৰ প্ৰসাৰত বহিঃউৎস গ্রহণে ভূমিকা পালন কৰিছে।
(vi) আন্তঃগাঁথনিয়ে কাম কৰাৰ সামৰ্থ্য বৃদ্ধি কৰেঃ শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা কেন্দ্র আদিৰ দৰে সামাজিক আন্তঃগাঁথনিয়ে দক্ষতাৰ উত্তৰণ ঘটায়। এনেদৰে মানুহৰ কর্মদক্ষতা বৃদ্ধিত সহায় কৰে। ইয়াৰ জৰিয়তে নৈপুণ্যৰ মাত্রাও বৃদ্ধি পায় যাৰ পৰিণতিত উৎপাদন বৃদ্ধিৰ লগতে উন্নয়ন সাধন হয়।
31. শক্তি কি? ইয়াৰ প্ৰকাৰকেইটা কি কি?
উঃ শক্তি হৈছে অর্থনৈতিক আন্তঃগাঁথনিৰ এক গুৰুত্বপূৰ্ণ উপাদান যিয়ে সামগ্রিকভাৱে উৎপাদনমূলক ক্রিয়াকলাপ পৰিচালনা কৰে। এখন ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ই অত্যাৱশ্যকীয়। উদ্যোগ, কৃষি আদিকে ধৰি সকলো খণ্ডকে শক্তিৰ প্রয়োজন হয়। ৰন্ধন, আলোকীকৰণ আৰু উত্তাপনৰ বাবে ঘৰতো ইয়াক ব্যৱহাৰ কৰা হয়। শক্তিক বাণিজ্যিক আৰু অ-বাণিজ্যিক শক্তি হিচাপে বিস্তৃতভাৱে শ্রেণীবিভক্ত কৰা হয়ঃ
(i) বাণিজ্যিক শক্তিঃ বাণিজ্যিক শক্তিৰ গুৰুত্বপূৰ্ণ উপাদানকেইটা হৈছে কয়লা, পেট্র’লিয়াম জাতদ্রব্য, প্রাকৃতিক গেছ আৰু বিদ্যুৎ। শক্তিৰ এই উপাদানকেইটাক বাণিজ্যিক উদ্দেশ্যত কাৰখানা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়।
(ii) অবাণিজ্যিক শক্তিঃ অবাণিজ্যিক শক্তিৰ গুৰুত্বপূর্ণ উপাদানকেইটা হৈছে খৰি কৃষিজাত বর্জ্য পদার্থ আৰু প্রাণীজাত বর্জ্য পদার্থ। ৰন্ধন কাৰ্যৰ দৰে ঘৰুৱা উদ্দেশ্যত শক্তিৰ এই উপাদানসমূহ গ্রামীণ অঞ্চলত ব্যৱহাৰ কৰা হয়।
32. শক্তিৰ বাণিজ্যিক উৎস আৰু অবাণিজ্যিক উৎসৰ মাজত পাৰ্থক্য লিখা।
উঃ শক্তিৰ বাণিজ্যিক উৎস আৰু অবাণিজ্যিক উৎসৰ মাজৰ পাৰ্থক্যঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | বাণিজ্যিক শক্তি | অবাণিজ্যিক শক্তি |
|---|---|---|---|
(i) | উপাদান | বাণিজ্যিক শক্তিৰ উপাদানকেইটা হৈছে কয়লা, পেট্র’লিয়াম জাতদ্রব্য, প্রাকৃতিক গেছ, বিদ্যুৎ ইত্যাদি। | অবাণিজ্যিক শক্তিৰ উপাদানকেইটা হৈছে খৰি, প্রাণীজাত বর্জ্য পদার্থ, কৃষিজাত বর্জ্য পদার্থ ইত্যাদি। |
(ii) | ব্যৱহাৰ | ইহঁতক বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। | ইহঁতক প্রধানতঃ ঘৰুৱা উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। |
(iii) | বজাৰ | বাণিজ্যিক শক্তিৰ দ্রব্যসমূহৰ স্বীকৃত বজাৰ থাকে আৰু সেয়ে মূল্য নির্ধাৰিত হয়। | অবাণিজ্যিক শক্তিৰ দ্রব্যসমূহৰ সাধাৰণতে কোনো স্বীকৃত বজাৰ নাথাকে আৰু এইবোৰক বিনামূলীয়া দ্রব্য হিচাপে গণ্য কৰা হয়। |
33. শক্তিৰ পৰম্পৰাগত উৎস বুলিলে কি বুজা? পৰম্পৰাগত শক্তিৰ বিভিন্ন উৎসবোৰ ব্যাখ্যা কৰা।
উঃ আমি দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি অহা শক্তিৰ উৎসসমূহকে শক্তিৰ পৰম্পৰাগত উৎস বুলি কোৱা হয়। উদাহৰণস্বৰূপে— কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু বিদ্যুৎ।
পৰম্পৰাগত শক্তিৰ উৎসসমূহ তলত উল্লেখ কৰা হ’ল:
(i) কয়লা: কয়লা হৈছে শক্তিৰ এক প্ৰাথমিক উৎস। কয়লা উৎপাদনৰ ক্ষেত্ৰত দেশখন চহকী। ভাৰতৰ মুঠ শক্তিৰ প্ৰায় ৬৭ শতাংশত কয়লাৰ অৱদান আছে।
কয়লাৰ প্ৰধান উপভোক্তাসমূহ:
(a) বিদ্যুৎ উৎপাদনৰ বাবে কয়লা ব্যৱহাৰ কৰা তাপশক্তি কেন্দ্ৰসমূহ।
(b) তীখা প্ৰকল্প।
(c) চিমেণ্ট কাৰখানা।
(d) ৰে’লৱে।
(e) সাৰ কাৰখানা।
(f) ইটা-ভাটা।
(ii) পেট্ৰ’লিয়াম: ভাৰতত পেট্ৰ’লিয়ামও এক গুৰুত্বপূৰ্ণ শক্তিৰ উৎস। কিন্তু দেশখনত ইয়াৰ উৎপাদন চাহিদা অনুসৰি পৰ্যাপ্ত নহয়। গতিকে বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ বিদেশৰ পৰা ইয়াক আমদানি কৰা হয়।
(iii) প্ৰাকৃতিক গেছ: প্ৰাকৃতিক গেছ হৈছে পৰম্পৰাগত শক্তিৰ অন্য এক গুৰুত্বপূৰ্ণ উৎস। এই শক্তিৰ উৎস কেঁচা সামগ্ৰী হিচাপে সাৰ আৰু পেট্ৰ’লিয়ামজাত দ্ৰব্যত ব্যৱহাৰ কৰাৰ লগতে ৰন্ধন গেছ হিচাপেও ব্যৱহাৰ কৰা হয়। ভাৰতৰ প্ৰধানতঃ মুম্বাই, গুজৰাট, ত্ৰিপুৰা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু ৰাজস্থানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ উপলব্ধ।
(iv) বিদ্যুৎ: এইটো হৈছে ভাৰতৰ সবাতোকৈ উপযোগী আৰু সহজলভ্য শক্তিৰ উৎস। ভাৰতৰ শক্তিৰ প্ৰধান উৎসসমূহ হৈছে:
(a) তাপশক্তি কেন্দ্ৰ।
(b) জলবিদ্যুৎ কেন্দ্ৰ।
(c) আণৱিক শক্তিকেন্দ্ৰ।
34. অপৰম্পৰাগত শক্তিৰ উৎস বুলিলে কি বুজা? ইয়াৰ উৎসসমূহ উল্লেখ কৰা।
উঃ যিবোৰ শক্তিৰ উৎস শেহতীয়া অতীতত আৱিষ্কাৰ বা উদ্ঘাটন কৰা হৈছে আৰু এতিয়াও এইবোৰে ব্যৱহাৰৰ ক্ষেত্ৰত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ বাকী আছে, সেইবোৰ শক্তিৰ উৎসক অপৰম্পৰাগত শক্তিৰ উৎস বুলি কোৱা হয়। উদাহৰণস্বৰূপে – সৌৰশক্তি, বতাহ শক্তি, জৈৱভৰ শক্তি ইত্যাদি।
অপৰম্পৰাগত শক্তিৰ গুৰুত্বপূৰ্ণ উৎসকেইটা তলত উল্লেখ কৰা হ’ল:
(i) সৌৰশক্তি (সূৰ্যৰ পৰা আহৰণ কৰা শক্তি)।
(ii) বতাহ শক্তি।
(iii) জৈৱভৰ শক্তি।
(iv) ভূতাপীয় শক্তি।
(v) জোৱাৰ-ভাটা তথা সামুদ্ৰিক ঢৌৰ জৰিয়তে আহৰণ কৰা শক্তি।
35. স্বাস্থ্য বুলিলে কি বুজা?
উঃ যি অৱস্থাৰ অধীনত এজন ব্যক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক সক্ষমতা পৰিলক্ষিত হয়, তাকে স্বাস্থ্য বুলি কোৱা হয়। ইয়াৰ জৰিয়তে ৰোগৰ অনুপস্থিতিৰ উপৰিও দৈহিক আৰু মানসিক নিখুঁততা সূচোৱা হয়। সু-স্বাস্থ্যে এজন মানুহৰ কাম কৰাৰ সামৰ্থ্য নিৰ্ধাৰণ কৰে। সুস্বাস্থ্যৰ অধিকাৰী হৈ এজন ব্যক্তিয়ে উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব পাৰে।
সুস্বাস্থ্যৰ অন্তৰ্ভুক্ত দিশকেইটা:
(i) কঠিন কাম সম্পাদন কৰিবলৈ দক্ষতাৰ বৃদ্ধি।
(ii) শ্ৰমিকৰ উৎপাদনশীলতাৰ বৃদ্ধি।
(iii) মানসিক সামৰ্থ্যৰ বৃদ্ধি।
36. স্বাধীনতাৰ পাছত স্বাস্থ্যসেৱাৰ বিকাশ সম্বন্ধে লিখা।
উঃ স্বাধীনতাৰ পাছত ভাৰতত স্বাস্থ্যসেৱাৰ সুবিধাৰ যথেষ্ট উন্নতি হৈছে।
এই সন্দৰ্ভত নিম্নোক্ত দিশকেইটা উপস্থাপন কৰা হ’ল:
(i) মৃত্যুৰ হাৰ হ্ৰাস: মৃত্যুৰ হাৰ ১৯৫১ চনত প্ৰতি হাজাৰত ২৭.৪ ৰ পৰা ২০০৬-০৭ বৰ্ষত প্ৰতি হাজাৰত ৭.৪ লৈ নিম্নগামী হয়।
(ii) শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস: শিশুৰ মৃত্যুৰ হাৰো ১৯৫১ চনত প্ৰতি হাজাৰত ১৪৬ ৰ পৰা ২০০৭ চনত প্ৰতি হাজাৰত ৫৫ লৈ নিম্নগামী হয়।
(iii) জীৱন প্ৰত্যাশাৰ বৃদ্ধি: জীৱন প্ৰত্যাশা ১৯৫১ চনৰ ৫০ বছৰৰ পৰা ২০০৬-০৭ বৰ্ষত ৬৩.৫ বছৰলৈ উৰ্দ্ধগামী হয়।
(iv) মাৰাত্মক ৰোগৰ ওপৰত নিয়ন্ত্ৰণ: মেলেৰিয়া, যক্ষ্মা, কলেৰা আদিৰ দৰে মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হয়।
(v) প্ৰসৱকালীন মৃত্যুৰ হাৰ হ্ৰাস: শিশুৰ জন্মৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস পাইছে। এই হাৰ ১৯৫১ চনত প্ৰতি হাজাৰত ৫৭ ৰ পৰা ২০০৬ চনত ১৭ লৈ হ্ৰাস পায়।
37. স্বাস্থ্যসেৱা সুবিধাৰ আলমত আমাৰ সামাজিক আন্তঃগাঁথনিৰ অভাৱ সম্বন্ধে আলোচনা কৰা।
উঃ স্বাস্থ্যসেৱা সুবিধাৰ ক্ষেত্ৰত আমাৰ সামাজিক আন্তঃগাঁথনিৰ অভাৱসমূহ হৈছে:
(i) স্বাস্থ্যসেৱাৰ অসমান বিতৰণ: গ্ৰাম্যাঞ্চল আৰু চহৰীয়া অঞ্চলত স্বাস্থ্যসেৱাৰ বিতৰণ ব্যাপক মাত্ৰাত অসমান। স্বাস্থ্যসেৱাৰ সুবিধাসমূহ সাধাৰণতে চহৰাঞ্চলতে সীমাবদ্ধ আৰু গ্ৰাম্যাঞ্চল এতিয়াও স্বাস্থ্যসেৱাৰ দিশত পিছপৰি আছে।
(ii) সংক্ৰামক ৰোগ: এইডছ, এইছ আই ভি, SARS আদিৰ দৰে সংক্ৰামক ৰোগৰ ফলস্বৰূপে সমাজখন গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে।
(iii) নিম্নমানৰ ব্যৱস্থাপনা: স্বাস্থ্যসেৱা কেন্দ্ৰৰ ব্যৱস্থাপনা যথেষ্ট নিম্নমানৰ। গ্ৰামাঞ্চলত অপৰ্যাপ্ত সংখ্যক স্বাস্থ্যকৰ্মী উপলব্ধ। ইয়াৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ লোকসকলে চহৰৰ স্বাস্থ্যকেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
(iv) ব্যক্তিগতকৰণৰ ফলত ব্যয় বৃদ্ধি: ব্যক্তিগতকৰণৰ ফলস্বৰূপে স্বাস্থ্যসেৱা কেন্দ্ৰসমূহ যথেষ্ট ব্যয়বহুল হৈ পৰিছে। বৰ্তমান চৰকাৰী চিকিৎসালয়সমূহৰ ব্যক্তিগতকৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসা ব্যৱস্থা অত্যন্ত ব্যয়বহুল হৈ পৰিছে আৰু সৰহসংখ্যক লোক ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈছে।
(v) নিম্ন মানদণ্ডৰ তত্ত্বাৱধান: চৰকাৰী স্বাস্থ্যসেৱা কেন্দ্ৰসমূহৰ তত্ত্বাৱধান যথেষ্ট নিম্নমানৰ। ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ হাস্পতালৰ মানদণ্ডৰ মাজত যথেষ্ট পাৰ্থক্য আছে। চৰকাৰী হাস্পতালসমূহৰ নিম্ন মানদণ্ডৰ ব্যৱস্থাপনাৰ বাবে জনসাধাৰণে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
(vi) অনুন্নত অনাময় ব্যৱস্থা: ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চল উভয়তে অনাময় ব্যৱস্থা নিম্ন মানদণ্ডৰ। ইয়াৰ পৰিণতিত স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হোৱাৰ ফলত মানুহৰ দৈহিক অৱস্থাৰ অৱনতি ঘটিছে।
(vi) পৰিৱেশ: বহনক্ষম অৰ্থনৈতিক উন্নয়ন; সম্পদৰ সীমিত উপলব্ধতা; পাৰিপাৰ্শ্বিক নিম্নীকৰণ:
38. পৰিৱেশ বুলিলে কি বুজা? বা, পৰিৱেশৰ সংজ্ঞা লিখা।
উঃ আমাৰ অস্তিত্ব আৰু জীৱনৰ মানদণ্ডত প্ৰভাৱ বিস্তাৰ কৰা আটাইবোৰ অৱস্থাক সামগ্ৰিকভাৱে পৰিৱেশ হিচাপে অভিহিত কৰা হয়। অন্য অৰ্থত, ই সেইবোৰ অৱস্থা আৰু প্ৰভাৱ সূচায় যিবোৰ মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে।
পৰিৱেশ (সুৰক্ষা) আইন ১৯৮৬ অনুসৰি, “পৰিৱেশৰ অন্তৰ্গত পানী, বায়ু আৰু মাটিক অন্তৰ্ভুক্ত কৰাৰ লগতে পানী, বায়ু, মাটি আৰু মানুহ তথা অন্যান্য প্ৰাণী, উদ্ভিদ, অণুজীৱ আৰু সম্পত্তিৰ মাজত আন্তঃসম্পৰ্ক সাঙুৰি লোৱা হয়।”
39. পৰিৱেশৰ তাৎপৰ্য উল্লেখ কৰা।
উঃ পৰিৱেশৰ তাৎপৰ্য তলত উল্লেখ কৰা হ’ল:
(i) উৎপাদনৰ বাবে সম্পদ যোগান: পৰিৱেশে উৎপাদনৰ বাবে বিভিন্ন সম্পদ যোগান ধৰে। এইসমূহ হৈছে খনিজ পদাৰ্থ, কাঠ, পানী, মাটি আৰু প্ৰকৃতিৰ অন্যান্য বিনামূলীয়া উপহাৰ। উৎপাদন প্ৰক্ৰিয়াৰ জৰিয়তে কেঁচা সামগ্ৰীক উপযোগী পদাৰ্থলৈ ৰূপান্তৰ কৰিব পাৰি। এনেদৰে পৰিৱেশে প্ৰদান কৰা সম্পদসমূহ উৎপাদনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
(ii) পৰিৱেশে জীৱক বৰ্তাই ৰাখে: পৃথিৱীত জীৱৰ জীৱন ধাৰণৰ বাবে পৰিৱেশ অত্যাৱশ্যকীয়। পৰিৱেশৰ অন্তৰ্গত সূৰ্যৰ পোহৰ, মাটি, পানী আৰু বায়ু অন্তৰ্ভুক্ত। এইবোৰৰ অবিহনে জীৱই পৃথিৱীত জীৱন ধাৰণ কৰিব নোৱাৰে। গতিকে, পৰিৱেশৰ অনুপস্থিতিত জীৱৰ অস্তিত্ব নাথাকিব।
(iii) পৰিৱেশে বৰ্জ্য পদাৰ্থৰ আত্মীকৰণ কৰে: উৎপাদন আৰু ভোগকৰণ কাৰ্যকলাপত উৎপত্তি হোৱা বৰ্জ্য পদাৰ্থৰ আত্মীকৰণত পৰিৱেশে সহায় কৰে।
(iv) পৰিৱেশে জীৱনৰ মানদণ্ড উন্নীত কৰে: নদী, সাগৰ, পৰ্বত, মৰুভূমিকে ধৰি মানুহক বিভিন্ন মনোৰম উপাদান প্ৰদান কৰি পৰিৱেশে জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰে।
40. পৰিৱেশ সম্পৰ্কীয় দুটা মৌলিক সমস্যা কি কি?
উঃ পৰিৱেশ সম্পৰ্কীয় দুটা মৌলিক সমস্যা হৈছে:
(i) প্ৰদূষণৰ সমস্যা।
(ii) প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ বা প্ৰাকৃতিক সম্পদৰ ক্ষয়ীভৱন।
41. প্ৰদূষণ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ কি কি?
উঃ বায়ু, পানী, মাটি আদিৰ দৰে পৰিৱেশৰ কোনো উপাদানৰ ভৌতিক, ৰাসায়নিক বা জৈৱিক বৈশিষ্ট্যৰ যি অবাঞ্চিত পৰিৱৰ্তনে বিভিন্ন জীৱ তথা সম্পদৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ পেলায়, তাকে প্ৰদূষণ বুলি অভিহিত কৰা হয়। প্ৰদূষণ তিনি প্ৰকাৰৰ:
(i) বায়ু প্ৰদূষণ।
(ii) পানী প্ৰদূষণ।
(iii) শব্দ প্ৰদূষণ।
42. বায়ু প্ৰদূষণৰ ওপৰত এটা টোকা লিখা।
উঃ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিয়ে উদ্ভিদ, প্ৰাণী বা মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলালে বায়ু প্ৰদূষণৰ সৃষ্টি হোৱা বুলি অভিহিত কৰা হয়। সাধাৰণতে উপলব্ধ বায়ু প্ৰদূষককেইটা হৈছে কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড, সীহ, নাইট্ৰ’জেন অক্সাইড, ধোঁৱা আৰু ছালফাৰ ডাই-অক্সাইড।
বায়ু প্ৰদূষণৰ কাৰণকেইটা হৈছে-
(i) আগ্নেয়গিৰিৰ উদগিৰণ, বনজুই আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ।
(ii) ঔদ্যোগিক গোটসমূহৰ দ্বাৰা নিৰ্গত ধোঁৱা।
(iii) প্লাষ্টিক আৰু চামৰা উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত গেছ।
(iv) মহানগৰসমূহত যান-বাহনৰ পৰা নিৰ্গত গেছসমূহ।
43. পানী প্ৰদূষণ বুলিলে কি বুজা? ইয়াৰ কাৰণকেইটা কি কি?
উঃ পানীৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক ধৰ্মৰ অৱনতিকে পানী প্ৰদূষণৰ জৰিয়তে সূচোৱা হয়।
পানী প্ৰদূষণৰ কাৰণকেইটা তলত উল্লেখ কৰা হ’ল-
(i) নিৰ্মল জলাশয়ত নলা-নৰ্দমাৰে বৰ্জিত পদাৰ্থ মিহলি হ’লে পানী প্ৰদূষণৰ সৃষ্টি হয়।
(ii) বিষাক্ত ৰাসায়নিক পদাৰ্থ, এছিড, ক্ষাৰ, ধাতৱ লৱণ, ফেনল, চায়েনাইড, এম’নিয়া, তেজষ্ক্ৰিয় পদাৰ্থ আদি ঔদ্যোগিক বৰ্জ্য পদাৰ্থৰ দ্বাৰাও পানী প্ৰদূষণৰ সৃষ্টি হয়।
(iii) বৰষুণৰ পানী আৰু জলবাহে কঢ়িয়াই অনা সাৰ আৰু কীটনাশকৰ দৰে জৈৱ ৰাসায়নিক পদাৰ্থৰ দ্বাৰাও পানী প্ৰদূষণৰ সৃষ্টি হয়।
(iv) ধোৱা-পখলা আৰু পৰিষ্কাৰ কৰোঁতে ব্যৱহৃত সংশ্লেষিত ডিটাৰ্জেণ্টেও পানী প্ৰদূষণৰ সৃষ্টি কৰে।
44. শব্দ প্ৰদূষণৰ ওপৰত এটা টোকা লিখা।
উঃ বায়ুমণ্ডলত অবাঞ্চিত শব্দ মুক্ত হোৱাকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। উদ্যোগীকৰণৰ দ্বাৰা প্ৰভাৱিত চহৰীয়া জীৱন আৰু ঠাহ খোৱা পাৰিপাৰ্শ্বিকতাৰ পৰিণতি হৈছে শব্দ প্ৰদূষণ।
শব্দ প্ৰদূষণৰ বিভিন্ন উৎসসমূহ হৈছে:
(i) বস্ত্ৰ উদ্যোগ, অভিযান্ত্ৰিক প্ৰতিষ্ঠান আদিৰ দৰে উদ্যোগসমূহ।
(ii) প্ৰতিৰক্ষা বিভাগৰ সা-সঁজুলি আৰু বাহন যেনে– টেংক, ৰকেট নিক্ষেপণ, অনুশীলনমূলক গুলীচালনা ইত্যাদি।
(iii) শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ, ভেকুৱাম ক্লীনাৰ আদিৰ দৰে ঘৰুৱা বৈদ্যুতিক সঁজুলি।
(iv) ৰেডিঅ’, দূৰদৰ্শন আদিৰ দৰে মনোৰঞ্জনকাৰী আহিলা।
(v) ৰাজহুৱা ঘোষণা প্ৰণালী।
45. নিৰ্বনানীকৰণ কি? ইয়াৰ কাৰণসমূহ কি কি?
উঃ গছ-গছনি কাটি সম্পূৰ্ণভাৱে অৰণ্য মুকলি কৰা কাৰ্যকে নিৰ্বনানীকৰণ বুলি কোৱা হয়।
নিৰ্বনানীকৰণৰ প্ৰধান কাৰণসমূহ হৈছে-
(i) অৰণ্য ভূমিক কৃষি ভূমিলৈ ৰূপান্তৰ কৰা।
(ii) ঝুম খেতি বা ঠাই সলনি কৰা কৃষিৰ অনুশীলন।
(iii) অৰণ্যক চৰণীয়া পথাৰলৈ ৰূপান্তৰ।
(iv) অত্যধিক পশুচাৰণ।
(v) বনজুই।
(vi) বহুমুখী নদী প্ৰকল্প নিৰ্মাণ।
46. ভূমিৰ অৱনমন বুলিলে কি বুজা?
উঃ যেতিয়া ভূমিয়ে উৰ্বৰতা বা উৎপাদনশীলতা হেৰুৱায়, তেতিয়া ইয়াক ভূমিৰ অৱনমন বুলি কোৱা হয়।
নিম্নোক্ত কাৰকৰ দ্বাৰা ভূমিৰ অৱনমন সংঘটিত হয়-
(i) ভূমিক্ষয়: প্ৰৱল বতাহ বা বানপানীৰ দ্বাৰা ভূমিক্ষয় সংঘটিত হয়।
(ii) ভূমিৰ ক্ষাৰকীয়তা আৰু লৱণীয়তা: জলবদ্ধতাৰ দ্বাৰা ভূমিৰ ক্ষাৰকীয়তা আৰু লৱণীয়তা সৃষ্টি হয়।
47. পাৰিৱেশিক অৱনমনৰ কাৰণসমূহ আলোচনা কৰা।
উঃ নিম্নোক্ত কাৰকৰ দ্বাৰা পাৰিৱেশিক অৱনমনৰ সৃষ্টি হয়:
(i) জনবিস্ফোৰণ: পাৰিপাৰ্শ্বিক অৱনমনৰ এটা প্ৰধান কাৰণ হৈছে জনবিস্ফোৰণ। জনসংখ্যাৰ ক্ৰমবৰ্ধমান চাপৰ বাবে ভূমিক নিৰ্মমভাৱে ব্যৱহাৰ কৰি থকা হৈছে। ফলস্বৰূপে, অধিকাংশ বনাঞ্চলক ঔদ্যোগিক বা নিৰ্মাণমূলক কাৰ্যকলাপৰ বাবে পৰিৱৰ্তন কৰা হৈছে।
(ii) ক্ৰমবৰ্ধমান নগৰীকৰণ: পাৰিপাৰ্শ্বিক অৱনমনৰ অন্য এটা প্ৰধান কাৰণ হৈছে ক্ৰমবৰ্ধমান নগৰীকৰণ। ইয়াৰ ফলত ভূমিৰ চাহিদা বৃদ্ধি হৈছে। ইয়াৰ জৰিয়তে অন্যান্য প্ৰাকৃতিক সম্পদৰো অত্যধিক ব্যৱহাৰ হৈছে।
(iii) ব্যাপক দৰিদ্ৰতা: পাৰিপাৰ্শ্বিক অৱনমন হৈছে ব্যাপক দৰিদ্ৰতাৰ এক পৰিণতি। দৰিদ্ৰতাৰ বাবে মানুহে জীৱিকা নিৰ্বাহৰ উপায় হিচাপে গছ-গছনি কাটি খৰি সংগ্ৰহ কৰে।
(iv) ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰ: ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলতো পাৰিপাৰ্শ্বিক অৱনমন হয়। এইবোৰে পাৰিপাৰ্শ্বিক প্ৰদূষণ সৃষ্টিত অৰিহণা যোগায়।
(v) দ্ৰুত উদ্যোগীকৰণ: দ্ৰুত উদ্যোগীকৰণৰ ফলস্বৰূপে বায়ু, পানী আৰু শব্দ প্ৰদূষণৰ সৃষ্টি হয় আৰু এনেদৰে পাৰিপাৰ্শ্বিক অৱনমন সংঘটিত হয়।
48. বহনক্ষম উন্নয়ন বুলিলে কি বুজা? বা বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া।
উঃ উন্নয়নৰ বাবে উপলব্ধ সম্পদসমূহৰ সফল ব্যৱস্থাপনাৰ লগতে মানৱ জাতিৰ চিৰবৰ্দ্ধনশীল প্ৰয়োজনীয়তা পূৰণ কৰা আৰু ইয়াৰ সমান্তৰালভাৱে পৰিৱেশৰ ক্ষমতা নিয়ন্ত্ৰণ তথা বৃদ্ধি কৰা আৰু সীমিত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ কৰাটোৱেই হৈছে বহনক্ষম উন্নয়ন।
বাৰ্ট ৰেপেটুৰ মতে, “বহনক্ষম উন্নয়ন হৈছে এক উন্নয়নমূলক কৌশল যাৰ অন্তৰ্গত দীৰ্ঘকালীন সম্পদ বৃদ্ধি আৰু মংগল সাধনৰ উদ্দেশ্যে সকলো প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ, বিত্তীয় আৰু পাৰ্থিৱ সম্পদৰ ব্যৱস্থাপনা কৰা হয়।”
49. বহনক্ষম উন্নয়নৰ কেইটামান ব্যৱস্থা উল্লেখ কৰা।
উঃ বহনক্ষম উন্নয়নৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে:
(i) প্ৰকৃতিৰ সৈতে সংগতি ৰাখি পৰিকল্পনা: স্থান অনুসৰি সঠিক প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব লাগিব। অৱলম্বন কৰা প্ৰযুক্তিবিধ অৰ্থনৈতিকভাৱে হিতৈষী আৰু সম্পদকুশলী হোৱাৰ লগতে সাংস্কৃতিকভাৱেও উপযোগী হ’ব লাগিব।
(ii) 3Rৰ পদক্ষেপ: হ্ৰাস (Reduce), পুনঃব্যৱহাৰ (Reuse) আৰু পুনৰাৱৰ্তন (Recycle)- এই 3Rৰ পদক্ষেপে নিঃশেষ হ’বলৈ ধৰা প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ হ্ৰাস কৰাত সহায় কৰে আৰু প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰে।
(iii) ৰাজহুৱা সচেতনতা: পাৰিপাৰ্শ্বিক শিক্ষাৰ প্ৰচলন কৰা উচিত আৰু এই পদক্ষেপে পৃথিৱী তথা ইয়াৰ পৰিৱেশ সম্পৰ্কে মানুহৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাত সহায় কৰিব। আমাৰ জীৱনশৈলীত পৰিৱেশ সম্পৰ্কীয় চিন্তা ক্ৰমান্বয়ে প্ৰৱেশ কৰিব আৰু ই আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰাত সহায় কৰিব।
(iv) বহন ক্ষমতা অনুসৰি সম্পদৰ উপযোগীকৰণ: কোনো এক ব্যৱস্থাই দীৰ্ঘকালীনভাৱে বৰ্তাই ৰাখিব পৰা জীৱৰ সৰ্বোচ্চ সংখ্যাই হৈছে বহন ক্ষমতা। যদিহে একোটা ব্যৱস্থাৰ বহন ক্ষমতা অতিক্ৰম কৰা হয়, তেন্তে পাৰিপাৰ্শ্বিক অৱনমন আৰম্ভ হয় আৰু অপ্ৰত্যাৱৰ্তন বিন্দুত উপনীত নোহোৱালৈকে এয়া চলি থাকে। বহুকালীন স্থায়িত্বৰ বাবে বহন ক্ষমতাৰ আধাৰত সম্পদৰ সদ্ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১৫ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



