Class 12 Economics Chapter 16 – ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতা: প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা (চেপ্টাৰ ১৬)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত ভাৰত, চীন, পাকিস্তান, বাংলাদেশ আদিৰ লগতে প্রতিবেশী দেশসমূহৰ উন্নয়নৰ কৌশল, নীতি আৰু অভিজ্ঞতাৰ তুলনামূলক বিশ্লেষণ কেইবাখন দিশত আলোচনা কৰা হৈছে। আদায়, দৰিদ্ৰতা, জনসংখ্যা, শিক্ষা, স্বাস্থ্য আদিৰ সূচকত বাংলাদেশের, চীন আৰু পাকিস্তানৰ তুলনাত ভাৰতৰ অৱস্থান কেনেকুৱা, ই স্পষ্টকৈ তুলনা কৰা হৈছে। উন্নয়নৰ ক্ষেত্রত চীনৰ অধিক গতি, বাংলাদেশের সাম্প্রতিক উন্নতি, পাকিস্তানৰ বিশেষ চেলেঞ্জ এবং ভাৰতৰ সংকট-সম্পন্ন ক্ষেত্ৰ সমূহৰ ওপৰত ধাৰণা দিয়া হৈছে। AHSEC (ASSEB) পাঠ্যক্ৰম অনুসৰি এই অধ্যয়ন অনুশীলনী আৰু বিস্তারিত প্ৰশ্নোত্তৰত সাজি থকা। Chapter QR Code: E12M16
✅ কি শিকিব:
- ভাৰত আৰু প্রতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামুলক বিশ্লেষণ
- চীন, বাংলাদেশ, পাকিস্তান আদি দেশসমূহৰ উন্নয়নৰ সূচক
- জনসংখ্যা, সাক্ষৰতা, দৰিদ্ৰতা, স্বাস্থ্য ও আয়ের তথ্যত তুলনা
- উন্নয়নৰ বিশেষ ক্ষেত্ৰ আৰু সমস্যা
- প্ৰশ্নোত্তৰ আৰু বিস্তৃত আলোচনাসহ সমাধান
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) পাঠ্যক্ৰমৰ সম্পূর্ণ সমাধান
- সহজ ভাষাত তুলনামূলক ব্যাখ্যা
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্ন সহ পরীক্ষাৰ পূৰ্ণ প্রস্তুতি
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক বিস্তৃতি
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
গোট-IX
ভাৰতবৰ্ষত উন্নয়নৰ অভিজ্ঞতাঃ
প্রতিবেশী দেশসমূহৰ লগত এটি তুলনা
(Development Experience of India-
A Comparison with Neighbours)
এই অধ্যায়ৰ বিষয়বস্তুঃ
[I] ভাৰত আৰু পাকিস্তান, ভাৰত আৰু চীন বিষয়ঃ বৃদ্ধি, জনসংখ্যা, খণ্ড উন্নয়ন আৰু অন্যান্য উন্নয়নমূলক নির্দেশক। |
|---|
প্রশ্নোত্তৰ
(Questions and Answers)
[I] ভাৰত আৰু পাকিস্তান, ভাৰত আৰু চীন
বিষয়ঃ বৃদ্ধি, জনসংখ্যা, খণ্ড উন্নয়ন আৰু
অন্যান্য উন্নয়নমূলক নির্দেশক।
1. ভাৰত, পাকিস্তান আৰু চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ সন্দৰ্ভত তুলনামূলক বর্ণনা কৰা।
উত্তৰঃ ভাৰত, চীন আৰু পাকিস্তানত অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়া প্ৰায় সমসাময়িকভাৱে আৰম্ভ হৈছিল।
ভাৰত আৰু পাকিস্তানে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে, আনহাতে গণপ্ৰজাতন্ত্ৰ চীনৰ গঠন হয় ১৯৪৯ চনত। তেতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানে একেধৰণৰ উন্নয়নমূলক কৌশল গ্ৰহণ কৰি আহিছে। দুয়োখন দেশৰ অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশত ৰাজহুৱা খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
কিন্তু চীন দেশে উৎপাদনমূলক কাৰ্যকলাপৰ সকলো প্ৰধান খণ্ডকে চৰকাৰী নিয়ন্ত্ৰণৰ অধীনলৈ আনে। এইদৰে, চীনে বৃদ্ধিৰ এক ৰাষ্ট্ৰবাদী আৰ্হি গ্ৰহণ কৰে, যাৰ অধীনত উৎপাদনী সম্পদৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ অধীনলৈ অনা হয় আৰু কি উৎপাদন কৰিব, কেনেদৰে উৎপাদন কৰিব আৰু কাৰ বাবে উৎপাদন কৰিব সেই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাষ্ট্ৰৰ ওপৰত ন্যস্ত কৰা হয়। আনহাতে ভাৰত আৰু পাকিস্তানে বিকাশৰ মিশ্ৰ অৰ্থনীতিৰ আৰ্হি অনুসৰণ কৰে। ১৯৮০ চনলৈকে এই দেশসমূহৰ উন্নয়নমূলক কৌশলসমূহ প্ৰায় একে আছিল আৰু ইয়াৰ অৰ্থনীতিও মন্থৰ গতিৰে বিকশিত হৈছিল। ভাৰত, চীন আৰু পাকিস্তানত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ মোটামুটিভাৱে বছৰি প্ৰায় ৪ শতাংশ আছিল।
অৱশ্যে, ১৯৮০ চনৰ পাছত এই তিনিখন দেশৰ সাফল্য আৰু ব্যৰ্থতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাৰ্থক্য দেখা গৈছিল আৰু তিনিওখন দেশৰ উন্নয়নমূলক কৌশলত ব্যাপক ভিন্নতা পৰিলক্ষিত হৈছিল।
তলৰ তালিকাত মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ উপস্থাপন কৰা হৈছে:
মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ নিৰিখ (%)
1980-2003
দেশ | 1980–90 | 1990–2002/03 |
|---|---|---|
ভাৰত চীন পাকিস্তান | 5.7 10.3 6.3 | 5.8 9.7 3.6 |
১৯৮০ৰ দশকত চীনে ১০.৩ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰেৰে ভাৰত আৰু পাকিস্তানক অতিক্ৰম কৰি শীৰ্ষত আছিল, যিটো ভাৰতৰ বৃদ্ধিৰ নিৰিখ (৫.৭ শতাংশ)ৰ প্ৰায় দুগুণ আছিল। পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰতকৈ অধিক আছিল। কিন্তু ১৯৯০ৰ দশকত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ কিছু সামান্যভাৱে বৃদ্ধি পায়, আনহাতে চীন দেশৰ বৃদ্ধিৰ হাৰ অলপ নিম্নগামী হয়। কিন্তু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ১৯৮০ৰ দশকৰ ৬.৩ শতাংশৰ পৰা ১৯৯০ৰ দশকত ৩.৬ শতাংশলৈ যথেষ্ট হ্ৰাস পায়।
2. ভাৰত, চীন আৰু পাকিস্তানৰ জনসাংখ্যিক পার্শ্বদৃশ্য ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰত, চীন আৰু পাকিস্তান এই তিনিখন দেশৰ ভিতৰত চীন হৈছে ভৌগোলিকভাৱে বৃহত্তম দেশ। কিন্তু ভাৰত আৰু চীন এই দুয়োখন দেশৰ জনসংখ্যা যথেষ্ট বেছি। অৱশ্যে পাকিস্তানৰ জনসংখ্যা অত্যন্ত কম। পাকিস্তানৰ জনসংখ্যা ভাৰত আৰু চীনৰ মুঠ জনসংখ্যাৰ প্ৰায় 10 শতাংশ।
ভাৰত, চীন আৰু পাকিস্তানৰ জনসাংখ্যিক পার্শ্বদৃশ্য
দেশ | আকলিক জনসংখ্যা (নিযুতত) | জনসংখ্যাৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ (1990-2003) | ঘনত্ব (প্রতি বর্গ কিঃমিঃত) | লিংগ অনুপাত | প্ৰজননৰ হাৰ | নগৰীকৰণৰ হাৰ |
|---|---|---|---|---|---|---|
ভাৰত | 1103.6 | 1.7 | 358 | 933 | 3.0 | 27.8 |
চীন | 1303.7 | 1.0 | 138 | 937(*) | 1.8 | 36.1 |
পাকিস্তান | 162.4 | 2.5 | 193 | 922 | 5.1 | 33.4 |
এই তথ্যত হংকং, মাকাও আৰু টাইৱানৰ জনসংখ্যা অন্তর্ভুক্ত হোৱা নাই।
(i) জনসংখ্যাৰ বাৰ্ষিক বৃদ্ধিৰ হাৰঃ ভাৰতত জনসংখ্যা বৃদ্ধিৰ নিৰিখ যথেষ্ট বেছি (1.7 শতাংশ), আনহাতে 2.5 শতাংশ নিৰিখেৰে পাকিস্তান শীর্ষস্থানত আছে। ভাৰত আৰু পাকিস্তানৰ তুলনাত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম।
(ii) ঘনত্বঃ চীন দেশৰ বৃহৎ ভৌগোলিক কালিৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ তুলনাত ইয়াৰ জনসংখ্যাৰ ঘনত্ব কম।
(iii) লিংগ অনুপাতঃ প্রতি 1,000 গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাৰ অনুপাতেই হৈছে লিংগ অনুপাত। তিনিওখন দেশতে লিংগ অনুপাত কম। অধিক মাত্রাত পুত্র বাঞ্চা কৰা হেতুকে মহিলাৰ বিপৰীতে পক্ষপাতিত্বমূলক স্থিতি পৰিস্ফুত হয়।
(iv) প্ৰজননৰ হাৰঃ ভাৰত আৰু পাকিস্তানৰ তুলনাত চীনত প্ৰজননৰ হাৰ অতি কম।
(v) নগৰীকৰণঃ ভাৰততকৈ পাকিস্তান আৰু চীনৰ নগৰীকৰণৰ হাৰ অধিক।
3. ভাৰত, চীন আৰু পাকিস্তানত উৎপাদন আৰু নিয়োগত বিভিন্ন খণ্ডসমূহৰ অৰিহণাৰ ভিত্তিত সাংগঠনিক বিকাশ আলোচনা কৰা।
উত্তৰঃ ভাৰত, চীন আৰু পাকিস্তানত মুঠ ঘৰুৱা উৎপাদন আৰু নিয়োগত বিভিন্ন খণ্ডসমূহৰ অৰিহণাৰ ভিত্তিত সাংগঠনিক বিকাশ তলৰ তালিকাত দেখুওৱা হ’লঃ
নিয়োগ আৰু মুঠ ঘৰুৱা উৎপাদনত বিভিন্ন খণ্ডসমূহৰ অংশ (শতাংশ হিচাপে)
খণ্ডসমূহ কৃষি উদ্যোগ সেৱা | মুঠ ঘৰুৱা উৎপাদনলৈ অৰিহণা (2003) | শ্ৰমশক্তিৰ অংশ | ||||
|---|---|---|---|---|---|---|
ভাৰত | চীন | পাকিস্তান | ভাৰত (2000) | চীন (1997) | পাকিস্তান (2000) | |
23 26 51 | 15 53 32 | 23 23 54 | 60 16 24 | 54 27 19 | 49 18 37 | |
মুঠ | 100 | 100 | 100 | 100 | 100 | 100 |
পাকিস্তানত মুঠ জনসংখ্যাৰ প্ৰায় 49 শতাংশ কৃষিখণ্ডত জড়িত, আনহাতে ভাৰতত প্রায় 60 শতাংশ আৰু চীনত প্রায় 54 শতাংশ কৃষিখণ্ডত নিয়োজিত। কিন্তু ভাৰত আৰু পাকিস্তানত মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ অৰিহণা একে অর্থাৎ 23 শতাংশ। উদ্যোগখণ্ডত শ্রমশক্তিৰ অনুপাত তিনিওখন দেশতে কম যদিও মুঠ ঘৰুৱা উৎপাদনত এই খণ্ডৰ অৰিহণা যথেষ্ট বেছি। চীনত উদ্যোগখণ্ডই মুঠ ঘৰুৱা উৎপাদনলৈ অকলে 50 শতাংশৰো অধিক অর্থাৎ 53 শতাংশ অৰিহণা আগবঢ়ায়, আনহাতে ভাৰত আৰু পাকিস্তানত মুঠ ঘৰুৱা উৎপাদনলৈ সর্বোচ্চ অৰিহণা আহে সেৱাখণ্ডৰ পৰাহে (50 শতাংশৰো অধিক)।
এনেদৰে, ভাৰত আৰু পাকিস্তানত কৃষিখণ্ডৰ পৰা সেৱাখণ্ডলৈ শ্রমশক্তিৰ স্থানান্তৰণ পৰিলক্ষিত হয়। চীনত নিয়োগৰ প্ৰধান উৎস হিচাপে উদ্যোগখণ্ডৰ উত্থান হৈছে। আনহাতে ভাৰত আৰু পাকিস্তানত সেৱাখণ্ডই নিয়োগৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে।
4. ভাৰত, চীন আৰু পাকিস্তানৰ ক্ষেত্ৰত মানৱ উন্নয়নৰ সূচকৰ গুৰুত্বপূর্ণ প্রাচলকেইটা আলোচনা কৰা।
উত্তৰঃ ভাৰত, চীন আৰু পাকিস্তানৰ ক্ষেত্ৰত মানৱ উন্নয়নৰ সূচকৰ কেইটামান গুৰুত্বপূর্ণ প্রাচল হৈছেঃ
বিষয় | নির্দেশক | ভাৰত | চীন | পাকিস্তান |
|---|---|---|---|---|
মানৱ উন্নয়নৰ সূচক (মূল্যমান) স্থান | — — | 0.602 127 | 0.755 85 | 0.527 135 |
* জন্মকালীন জীৱন প্রত্যাশা (বছৰ) | উচ্চতৰ নিৰিখত উন্নততৰ | 63.3 | 71.6 | 63.0 |
* প্রাপ্তবয়স্কৰ সাক্ষৰতাৰ হাৰ (15 বছৰ আৰু ততোধিক বয়সৰ) | উচ্চতৰ নিৰিখত উন্নততৰ | 61.0 | 90.9 | 48.7 |
জনমূৰি মুঠ ঘৰুৱা উৎপাদন (PPP US$) | উচ্চতৰ নিৰিখত উন্নততৰ | 2892 | 5003 | 2097 |
দাৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণ | নিম্নতৰ নিৰিখত উন্নততৰ | 34.7 | 16.6 | 13.4 |
শিশু মৃত্যুৰ হাৰ (প্রতি 1,000 জীৱন্ত শিশু প্রসৱত) | নিম্নতৰ নিৰিখত উন্নততৰ | 63 | 30 | 81 |
প্রসূতি মৃত্যুৰ হাৰ (প্রতি 1 লাখ শিশুৰ প্ৰসৱত) | নিম্নতৰ নিৰিখত উন্নততৰ | 540 | 56 | 500 |
উন্নত অনাময়ৰ সুবিধাপ্রাপ্ত জনসংখ্যা (%) | উন্নতৰ নিৰিখত উন্নতৰ | 30 | 44 | 54 |
উন্নত খোৱাপানীৰ সুবিধাপ্রাপ্ত জনসংখ্যা (%) | উচ্চতৰ নিৰিখত উন্নততৰ | 86 | 77 | 90 |
পুষ্টিহীন জনসংখ্যা (%) | নিম্নতৰ নিৰিখত উন্নততৰ | 21 | 11 | 20 |
ওপৰৰ তালিকাখনে নিৰ্দেশ কৰে যে ভাৰত আৰু পাকিস্তানতকৈ চীন যথেষ্ট আগবঢ়া।
য’ত বিভিন্ন নির্দেশক যেনে-জনমূৰি মুঠ ঘৰুৱা উৎপাদন, দাৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণ বা স্বাস্থ্য নির্দেশক যেনে- শিশু আৰু প্ৰসূতি মৃত্যুৰ হাৰ, উন্নত অনাময়ৰ সুবিধাপ্রাপ্ত জনসংখ্যা আৰু উন্নত খোৱাপানীৰ সুবিধাপ্রাপ্ত জনসংখ্যা আদিৰ জৰিয়তে এয়া স্পষ্ট হয়।
দাৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণৰ সংখ্যা হ্রাসৰ ক্ষেত্ৰত আৰু উন্নত অনাময় তথা উন্নত খোৱাপানীৰ সুবিধাপ্রাপ্ত জনসংখ্যাৰ ক্ষেত্ৰত পাকিস্তানৰ স্থিতি ভাৰততকৈ উন্নত। অৱশ্যে, দুয়োখনে দেশতে প্রসূতি মৃত্যুৰ হাৰ যথেষ্ট বেছি।
5. ভাৰত আৰু পাকিস্তানে স্বকীয় উন্নয়ন পথৰ বাবে অনুসৰণ কৰা একেধৰণৰ উন্নয়নমূলক কৌশলসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰত আৰু পাকিস্তানে একে সময়তে তেওঁলোকৰ উন্নয়নমূলক পৰিকল্পনাসমূহ আৰম্ভ কৰিছিল। দেশ দুখন ১৯৪৭ চনত স্বাধীন হৈছিল।
নিজ নিজ অৰ্থনীতিৰ উন্নতি আৰু বিকাশৰ বাবে ভাৰত আৰু পাকিস্তানে অৱলম্বন কৰা কেইটামান একেধৰণৰ উন্নয়নমূলক নীতি হৈছে:
(i) পঞ্চবার্ষিক পৰিকল্পনা: দুয়োখন দেশে একেটা সময়তে তেওঁলোকৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰিছিল। ভাৰতে ১৯৫১ চনত প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছিল, আনহাতে পাকিস্তানে ১৯৫৬ চনত মধ্যম অৱধিৰ পৰিকল্পনা (Medium Term Plan) নামেৰে তেওঁলোকৰ প্ৰথম পাঁচ বছৰীয়া আঁচনি আৰম্ভ কৰিছিল।
(ii) ৰাজহুৱা খণ্ডৰ গুৰুত্ব: দুয়োখন দেশে বৃহৎ ৰাজহুৱা খণ্ড সৃষ্টি কৰা আৰু সমাজৰ উন্নয়নত চৰকাৰী ব্যয় বৃদ্ধি কৰাৰ বাবে একেধৰণৰ কৌশল গ্ৰহণ কৰিছিল।
(iii) বৃদ্ধিৰ হাৰ আৰু জনমূৰি আয়: ১৯৮০ চনলৈকে দুয়োখন দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ আৰু জনমূৰি আয়ৰ পৰিমাণ প্ৰায় একেই আছিল।
(iv) মিশ্ৰ অৰ্থনীতিৰ আৰ্হি: দুয়োখন দেশে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সহ-অৱস্থানেৰে গঠিত মিশ্ৰ অৰ্থনীতিৰ আৰ্হিটোকে অনুসৰণ কৰিছিল।
6. ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া সফলতাসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ কেইটামান উমৈহতীয়া উল্লেখযোগ্য সাফল্য তলত আলোচনা কৰা হ’ল:
(i) জনমূৰি আয়ৰ উন্নতি: দুয়োখন দেশে জনমূৰি আয় দুগুণতকৈও অধিক বৃদ্ধি কৰি এক উল্লেখনীয় সফলতা লাভ কৰিছে।
(ii) দৰিদ্ৰতা হ্রাস: দুয়োখন দেশতে চূড়ান্ত দৰিদ্ৰতাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। অৱশ্যে, এতিয়াও বহু সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন-নিৰ্বাহ কৰি আছে।
(iii) খাদ্যশস্যৰ উৎপাদন বৃদ্ধি: জনসংখ্যা বৃদ্ধিৰ লগে লগে দুয়োখন দেশতে খাদ্যশস্যৰ উৎপাদনো বৃদ্ধি পাইছে। খাদ্যশস্যৰ যোগানৰ ক্ষেত্ৰত দুয়োখন দেশে সমানেই আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে।
(iv) পুষ্টিৰ স্থিতিৰ উন্নতি: খাদ্য উৎপাদনত আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ ফলত দুয়োখন দেশৰ নাগৰিকৰ পৰিপুষ্টিগত স্থিতি উন্নত হৈছে।
(v) আধুনিক প্ৰযুক্তিগত প্ৰগতি: দুয়োখন দেশতে আধুনিক প্ৰযুক্তিৰ এক সুবিকশিত ভিত্তি গঢ় লৈ উঠিছে। এইদৰে দেশসমূহত এক প্ৰগতিশীল অৰ্থনীতিৰ সৃষ্টি হৈছে।
7. ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া বিফলতাসমূহ কি কি?
উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ কেইটামান উমৈহতীয়া বিফলতা হৈছে:
(i) গোলকীকৰণৰ সুযোগ গ্ৰহণত বিফলতা: আপেক্ষিকভাৱে অন্তৰ্মুখী অৰ্থনৈতিক নীতি আৰু দেশীয় উদ্যোগসমূহক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰাৰ বাবে ভাৰত আৰু পাকিস্তানে গোলকীকৰণৰ সময়োপযোগী সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে। নিয়ন্ত্ৰণমূলক নীতিসমূহ ৰাজনীতিবিদ আৰু আমোলাসকলে নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ দুৰ্বলতা স্পষ্ট হৈ পৰে। এই খণ্ডই কেৱল চুক্তি, ঘোচ, চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ আৰু কৰ ফাঁকি দিয়াৰ ওপৰত অধিক গুৰুত্ব দিছিল। প্ৰতিযোগিতাৰ অভাৱত ব্যক্তিগত খণ্ডও উপেক্ষিত হৈ ৰ’ল।
(ii) ৰাজকোষীয় ব্যৱস্থাপনাত দুৰ্বলতা: ৰাজকোষীয় ব্যৱস্থাপনাৰ ফালৰ পৰা দুয়োখন দেশেই দুৰ্বল। দীৰ্ঘদিন ধৰি উচ্চ ৰাজকোষীয় ঘাটি বৰ্তি থাকে আৰু ব্যাপক আভ্যন্তৰীণ ঋণ গ্ৰহণৰ ফলত ব্যক্তিগত খণ্ডৰ বাবে মূলধন গঠনৰ সুযোগ হ্ৰাস পায়। কৰ ৰাজহৰ বৃহৎ অংশ প্ৰতিৰক্ষা ব্যয় আৰু আভ্যন্তৰীণ ঋণ সেৱাৰ বাবে ব্যয় কৰা হয়। দুয়োখন দেশতে নগৰীয়া সেৱাৰ অভাৱ দেখিবলৈ পোৱা যায়, যিটো বিকাশ আৰু বৃদ্ধিৰ বাবে এক ডাঙৰ বাধা।
(iii) নেতৃত্ব প্ৰদানত বিফলতা: দুয়োখন দেশেই এনে নেতৃত্ব সৃষ্টি কৰাত ব্যৰ্থ হ’ল যিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ পৰিৱৰ্তে সামাজিক সমৃদ্ধিৰ পোষকতা কৰে। পৰিকল্পনা সূত্ৰবদ্ধ কৰা আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে গভীৰ প্ৰয়াসৰ প্ৰয়োজন আছিল।
8. এনে কিছুমান ক্ষেত্র উল্লেখ কৰা যিবিলাকত ভাৰতে পাকিস্তানতকৈ সুবিধাজনক স্থিতিত আছে।
উত্তৰঃ ভাৰতে পাকিস্তানতকৈ অধিক সুবিধাজনক স্থিতিত থকা কেইটামান ক্ষেত্ৰ হৈছে:
(i) মানৱ মূলধনৰ উন্নয়ন: দক্ষ জনশক্তি আৰু গৱেষণা তথা উন্নয়নমূলক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ভাৰত পাকিস্তানেতকৈ উন্নত। ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পাছত ছফ্টৱেৰ ৰপ্তানিৰ ক্ষেত্ৰত দেশখনে উল্লেখনীয় সাফল্য প্ৰদৰ্শন কৰিছে। ভাৰতৰ বৃদ্ধি আৰু বিকাশৰ গতিৰ হাৰত মানৱ মূলধনৰ গঠনে যথেষ্ট প্ৰভাৱ পেলাইছে।
(ii) বিজ্ঞানী আৰু অভিযন্তা: ভাৰতৰ বিজ্ঞানীসকলে প্ৰতিৰক্ষা প্ৰযুক্তি, মহাকাশ গৱেষণা, ইলেক্ট্ৰনিকছ, জেনেটিক্স, দূৰসংযোগ আদিৰ ক্ষেত্ৰত যথেষ্ট সাফল্য অৰ্জন কৰিছে। প্ৰতি বছৰে ভাৰতত প্ৰায় ৫,০০০ শিক্ষাৰ্থীয়ে বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। এই সংখ্যাটো পাকিস্তানৰ সৰ্বমুঠ পি.এইচ.ডি. ডিগ্ৰীধাৰীৰ সংখ্যাতকৈও অধিক।
(iii) শিক্ষা: শিক্ষাৰ ফালৰ পৰাও ভাৰতৰ অৱস্থান পাকিস্তানতকৈ উন্নত। প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ হাৰ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ দুয়োটাই ভাৰতত পাকিস্তানতকৈ বেছি।
(iv) সামাজিক বিকাশ: সামাজিক উন্নয়নত ভাৰতৰ প্ৰদৰ্শন পাকিস্তানতকৈ ভাল। স্বাস্থ্যসেৱাৰ সুবিধাৰ ক্ষেত্ৰত আৰু বিশেষকৈ শিশুৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশখনে সফলভাৱে মোকাবিলা কৰিছে।
9. ভাৰতৰ তুলনাত পাকিস্তানৰ উন্নত স্থিতিৰ ক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ তুলনাত পাকিস্তানৰ স্থিতিত অধিক ভাল হোৱা কেইটামান ক্ষেত্ৰ হৈছে:
(i) কৃষিখণ্ডৰ পৰা উদ্যোগখণ্ডলৈ শ্ৰমিকসকলৰ স্থানান্তৰ।
(ii) গ্ৰামাঞ্চলৰ পৰা চহৰ অঞ্চললৈ জনসংখ্যাৰ প্ৰব্ৰজন।
(iii) উন্নত খোৱাপানীৰ সুবিধাৰ ব্যৱস্থা।
(iv) দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা হ্ৰাস।
(v) বৈদেশিক বাণিজ্যৰ সম্প্ৰসাৰণ।
(vi) বিনিয়োগৰ ক্ষেত্ৰত অধিক দক্ষতা।
10. ভাৰতৰ তুলনাত চীনৰ উন্নত স্থিতিৰ ক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ তুলনাত চীনৰ উন্নত অৱস্থানৰ কেইটামান ক্ষেত্ৰ হৈছে:
(i) ৰপ্তানি-ভিত্তিক উৎপাদন খণ্ডৰ বাবে চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ভাৰততকৈ বেছি।
(ii) বিশেষ অৰ্থনৈতিক অঞ্চল (SEZ) নীতি গ্ৰহণ কৰাৰ বাবে চীনলৈ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ প্ৰবাহ বৃদ্ধি পাইছে।
(iii) কৃষিখণ্ডত সংস্কাৰ সাধনৰ ক্ষেত্ৰত চীন ভাৰততকৈ যথেষ্ট আগবাঢ়ি আছে।
(iv) চীনে সফলতাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



