Class 12 Economics Chapter 3 – জাতীয় আয় আৰু সম্পর্কিত সমুচ্চয় Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12

Class 12 Economics Chapter 3 – জাতীয় আয় আৰু সম্পর্কিত সমুচ্চয় – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – জাতীয় আয় আৰু সম্পর্কিত সমুচ্চয় (চেপ্টাৰ ৩)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত জাতীয় আয়ৰ বিভিন্ন ধাৰণা, জাতীয় আয়ৰ গঠনত্মক উপাদানসমূহ আৰু জাতীয় আয়ৰ গণনাৰ পদ্ধতি আৰু প্ৰসংগত আলোচনা কৰা হৈছে। দ্বাদশ শ্ৰেণীৰ AHSEC (ASSEB) পাঠ্যক্ৰমৰ অংশ হিচাপে, ইয়াত ৰাষ্ট্ৰীয় উৎপাদন, নিট ৰাষ্ট্ৰীয় আয়, ব্যক্তিগত আয় আদিৰ বিষয়ে ব্যাখ্যা দিয়া হৈছে। অনুশীলনী, প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নসহ এই সমাধান অস্পীন একাডেমীৰ দ্বাৰা অনুবাদ আৰু সহজ ভাষাত প্ৰস্তুত কৰা হৈছে। Chapter QR Code: E12M3

✅ কি শিকিব:

  • জাতীয় আয়ৰ সংজ্ঞা আৰু পৰিসৰ
  • জাতীয় আয়ৰ বিভিন্ন সূচক (GDP, GNP, NNP)
  • জাতীয় আয় গণনাৰ মূল পদ্ধতি
  • জাতীয় আয়ৰ সম্পর্কিত অন্যান্য সংজ্ঞাসমূহ আৰু ধাৰণা
  • প্ৰশ্নোত্তৰ আৰু ব্যাখ্যা সহ সমাধান

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি সম্পূর্ণ সমাধান
  • প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নৰে পৰীক্ষাৰ বাবে সঠিক প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ শিক্ষার্থীৰ বাবে সহজ আৰু বুজাব পৰা ভাষা
  • জাতীয় আয়ৰ প্ৰকৃতি আৰু পৰিসীমা বুজাবলৈ স্পষ্ট উদাহৰণসহ ব্যাখ্যা
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 3 – জাতীয় আয় আৰু সম্পর্কিত সমুচ্চয়

অধ্যায়-3

জাতীয় আয় আৰু সম্পর্কিত সমুচ্চয়

(National Income and Related Aggregates)

1. বজাৰ মূল্যত মুঠ জাতীয় আয় (GNPmp) আৰু উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন (NDPfc) ৰ সংজ্ঞা লিখা।

উত্তৰঃ

এটা বিত্তীয় বৰ্ষৰ ভিতৰত এখন দেশৰ সাধাৰণ বাসিন্দাসকলে উৎপাদন কৰা সকলোবোৰ চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNPmp) বুলি কোৱা হয়।

আনহাতে, এটা বছৰৰ সময়সীমাৰ ভিতৰত এখন দেশৰ ঘৰুৱা ভৌগোলিক সীমাৰ ভিতৰত উৎপাদিত সকলোবোৰ চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ বিশুদ্ধ মুদ্রাগত মূল্যকে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন বুলি গণ্য কৰা হয়।

2. ঘৰুৱা আয় (NDPfc) ক কেনেকৈ শ্রেণীবিভক্ত কৰা হয়?

উত্তৰঃ চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ডৰ দ্বাৰা আহৰণ কৰা ঘৰুৱা আয়ক নিম্নলিখিত ধৰণে ভাগ কৰা হয়ঃ

(ⅰ) ব্যক্তিগত খণ্ডত উপাৰ্জন হোৱা ঘৰুৱা আয়।

(ii) ৰাজহুৱা খণ্ডই লাভ কৰা ঘৰুৱা আয়। ইয়াক পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছেঃ

(a) সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্রশাসনিক বিভাগসমূহে লাভ কৰা আয়।

(b) বিভাগীয় নোহোৱা উদ্যোগসমূহৰ সঞ্চয়।

3. বেচৰকাৰী আয় কি? ইয়াক কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ ​বেচৰকাৰী আয় কি? ইয়াক কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ বেচৰকাৰী আয় হৈছে এখন ৰাষ্ট্ৰৰ ভিতৰৰ আৰু বাহিৰৰ সকলো উৎসৰ পৰা ব্যক্তিগত খণ্ডই উপাৰ্জন কৰা মুঠ আয়।

বেচৰকাৰী আয় = নিগুট ঘৰুৱা উৎপাদনৰ পৰা ব্যক্তিগত খণ্ডই আহৰণ কৰা উপাদান আয় + ৰাষ্ট্ৰীয় ঋণৰ ওপৰত সুদ + বিদেশৰ পৰা অহা নিগুট উপাদান আয় + চৰকাৰৰ পৰা চলিত হস্তান্তৰ + বিশ্বৰ বাকী অংশৰ পৰা অহা অন্যান্য নিগুট হস্তান্তৰ।

4. ​ব্যক্তিগত আয় কি? ইয়াক কিদৰে গণনা কৰা হয়?

উত্তৰঃ ব্যক্তিগত আয় হৈছে পৰিয়াল গোটসমূহে সকলো উৎসৰ পৰা প্ৰকৃততে লাভ কৰা সকলোবোৰ আয়ৰ সমষ্টি।

ব্যক্তিগত আয় = বেচৰকাৰী আয় – প্রতিধাৰিত উপাৰ্জন – নিগম কৰ।

5. ​ব্যক্তিগত ব্যয়যোগ্য আয় কি?

উত্তৰঃ ব্যক্তিগত ব্যয়যোগ্য আয়ে (PDI) ব্যক্তিগত আয়ৰ সেই অংশটোক সূচায় যিটো পৰিয়াল গোটসমূহৰ ব্যৱহাৰ বা নিয়ন্ত্ৰণৰ বাবে প্ৰকৃততে উপলব্ধ হয়।

তেওঁলোকে ইয়াৰ এটা অংশ ভোগ কৰিব পাৰে আৰু বাকী অংশ সঞ্চয় কৰিব পাৰে।

ব্যক্তিগত ব্যয়যোগ্য আয় = ব্যক্তিগত আয় – ব্যক্তিগত কৰ পৰিশোধ – অনা-কৰ পৰিশোধ (শুল্ক, জৰিমনা ইত্যাদি)।

​6. জাতীয় বা ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি? ইয়াক কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ জাতীয় ব্যয়যোগ্য আয় হৈছে সমগ্র ৰাষ্ট্ৰখনৰ ব্যৱস্থাপনা বা পৰিচালনাৰ বাবে উপলব্ধ হোৱা আয়।

জাতীয় ব্যয়যোগ্য আয় = বজাৰ মূল্য নিগুট জাতীয় উৎপাদন + বিশ্বৰ বাকী অংশৰ পৰা অহা অন্যান্য চলিত হস্তান্তৰ।

জাতীয় ব্যয়যোগ্য আয়ৰ ধাৰণাটোৱে ঘৰুৱা অৰ্থনীতি এটাক পৰিচালনা কৰিবলৈ ব্যৱহৃত হোৱা সামগ্ৰী আৰু সেৱাসমূহৰ সৰ্বাধিক সীমা কিমান হ’ব পাৰে তাৰ অনুমান লগোৱাত সহায় কৰে। বিশ্বৰ বাকী অংশৰ পৰা অহা চলিত হস্তান্তৰত উপহাৰ, অনুদান আৰু সহায় আদিক অন্তর্ভুক্ত কৰা হয়।

7. ​জাতীয় আয়ৰ প্ৰাথমিক সমষ্টিবাদী অর্থনীতিৰ অভেদসমূহ কি কি?

উত্তৰঃ জাতীয় আয়ৰ প্ৰাথমিক সমষ্টিবাদী অর্থনীতিৰ অভেদসমূহ হৈছেঃ

(i) GNPmp = বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন

(ii) NNPmp = বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন

(iii) NNPfc = উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন

(iv) NDPfc = উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

(v) GNPfc = উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন

(vi) GDPmp = বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

(vii) GDPfc = উপাদান ব্যয়ত মুঠ ঘৰুৱা উৎপাদন

(viii) NDPmp = বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন

8. সমষ্টিবাদী অর্থনীতিৰ অভেদসমূহ কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ (i) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNPmp) = বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন (NNPmp) + মূলধনৰ ক্ষয়-ক্ষতি

(ii) বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন (NNPmp) = বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন (GNPmp) – মূলধনৰ ক্ষয়-ক্ষতি

(iii) উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন (NNPfc) = বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNPmp) – মূলধনৰ ক্ষয়-ক্ষতি – শুদ্ধ পৰোক্ষ কৰ

(iv) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

(NDPfc) = বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন – মূলধনৰ ক্ষয়-ক্ষতি বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA) – শুদ্ধ পৰোক্ষ কৰ

(v) উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন

(GNPfc) = উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন (NDPfc) + মূলধনৰ ক্ষয়-ক্ষতি + বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA)

(vi) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন (GDPmp) = উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন (GNPfc) বিদেশৰ পৰা অহা নিগুট উপাদান আয় + শুদ্ধ পৰোক্ষ কৰ (NIT)

সকলোবোৰ সমষ্টিবাদী অর্থনীতিৰ অভেদসমূহক তলত দিয়া ধৰণে গণনা কৰিব পাৰিঃ—

মুঠ (Gross) – ক্ষয়-ক্ষতি (Dep) = নিগুট বা শুদ্ধ (Net)

জাতীয় (National) – বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA) = ঘৰুৱা (Domestic)

বজাৰ মূল্য (Market price) – শুদ্ধ পৰোক্ষ কৰ (NIT) = উপাদান ব্যয় (Factor cost)

নিশুট (Net) + ক্ষয়-ক্ষতি (Dep) = মুঠ (Gross)

ঘৰুৱা (Domestic) + বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA) = জাতীয় (National)

উপাদান ব্যয় (Factor cost) + শুদ্ধ পৰোক্ষ কৰ (NIT) = বজাৰ মূল্য (Market price)

9. ঘৰুৱা আয় আৰু জাতীয় আয়ৰ মাজত পাৰ্থক্য দর্শোৱা।

উত্তৰঃ ঘৰুৱা আয় আৰু জাতীয় আয়ৰ মাজৰ পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰঃ

ক্রমিক নং

ঘৰুৱা আয়

জাতীয় আয়

(i)

ঘৰুৱা আয় হৈছে দেশ এখনৰ ঘৰুৱা ক্ষেত্ৰখনৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত দ্রব্য আৰু সেৱাৰ মূল্য।

জাতীয় আয় হৈছে দেশ এখনৰ সাধাৰণ বাসিন্দাৰ দ্বাৰা উৎপাদিত সকলো চূড়ান্ত দ্রব্য আৰু সেৱাৰ মূল্য।

(ii)

ই হৈছে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন য’ত বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় অন্তর্ভুক্ত হৈ নাথাকে।

ই হৈছে উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন য’ত বিদেশৰ পৰা অহা নিগুট উপাদান আয় অন্তর্ভুক্ত হৈ থাকে।

10. বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন আৰু উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদনৰ মাজত পার্থক্য দর্শোৱা।

উত্তৰঃ বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন আৰু উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদনৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন

(i)

ই হৈছে এটা বছৰৰ ভিতৰত এখন দেশৰ ঘৰুৱা ক্ষেত্ৰখনত উৎপাদন হোৱা সকলো চূড়ান্ত দ্রব্য আৰু সেৱাসমূহৰ মুঠ বজাৰ মূল্য।।

ই হৈছে এটা বছৰৰ ভিতৰত এখন দেশৰ সাধাৰণ বাসিন্দাৰ দ্বাৰা উৎপাদিত সকলোবোৰ চূড়ান্ত দ্রব্য আৰু সেৱাৰ নিগুট বা শুদ্ধ মুদ্রাগত মূল্য।

(ii)

ই হৈছে বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন, অর্থাৎ ই শুদ্ধ পৰোক্ষ কৰক সামৰি লয়।

ই হৈছে উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন, আৰু ই শুদ্ধ পৰোক্ষ কৰক সামৰি নলয়।

(iii)

ই ক্ষয়-ক্ষতি বা হৰণ-ভগনক সামৰি লয়।

ই হৰণ-ভগন বা ক্ষয়-ক্ষতিক বাদ দিয়ে।

(iv)

ই বিদেশৰ পৰা অহা নিগুট উপাদান আয়ক সামৰি লয়।

ই বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA) ক বাদ দিয়ে।

11. বেচৰকাৰী আয় আৰু জাতীয় আয়ৰ মাজত পাৰ্থক্য দর্শোৱা।

উত্তৰঃ বেচৰকাৰী আয় আৰু জাতীয় আয়ৰ মাজৰ পাৰ্থক্যবোৰ হৈছেঃ

ক্রমিক নং

বেচৰকাৰী আয়

জাতীয় আয়

(i)

বেচৰকাৰী আয় বুলি ক’লে দেশ এখনৰ ভিতৰত তথা বাহিৰৰ সকলোবোৰ উৎসৰ পৰা বেচৰকাৰী খণ্ডলৈ আর্জিত হোৱা আয়ক বুজায়।

জাতীয় আয় হৈছে এখন দেশৰ সাধাৰণ বাসিন্দাৰ দ্বাৰা উৎপাদিত সকলোবোৰ চূড়ান্ত দ্রব্য আৰু সেৱাৰ শুদ্ধ মুদ্রাগত মূল্য।

(ii)

ইয়াত সকলো উপাদান আয় আৰু হস্তান্তৰিত আয়ক সামৰি লোৱা হয়।

ইয়াত হস্তান্তৰিত আয়ক বাদ দিয়া হয়, অর্থাৎ ইয়াত কেৱল উপাদান আয়ক সামৰি লোৱা হয়।

(iii)

বেচৰকাৰী বা ব্যক্তিগত আয় হৈছে বেচৰকাৰী খণ্ডৰ আয়, অর্থাৎ ইয়াত চৰকাৰী আয়ক বাদ দিয়া হয়।

ইয়াত ৰাজহুৱা (চৰকাৰী) আয়ৰ লগতে বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ আয়ক সামৰি লোৱা হয়।

12. এখন তালিকাৰ সহায়ত জাতীয় আয়ৰ পৰা ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰি উলিওৱাৰ বিভিন্ন পর্যায় বা স্তৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ জাতীয় আয়ৰ পৰা ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰি উলিয়াওঁতে গ্রহণ কৰা পদক্ষেপসমূহ হৈছেঃ

পদক্ষেপ 1: প্রথমতে আমি ঘৰুৱা উৎপাদনৰ পৰা ৰাজহুৱা (চৰকাৰী) খণ্ডই লাভকৰা আয়ক সম্পত্তি আৰু উদ্যোগসমূহৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয় আৰু অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়ৰ দ্বাৰা গঠিত জাতীয় আয়ৰ পৰা বিয়োগ কৰোঁ।

পদক্ষেপ 2: ইয়াৰ পিছত আমি সকলোবোৰ হস্তান্তৰিত আয়ক যোগ কৰোঁ যিবোৰ তলত দিয়াবোৰেৰে গঠিত হয়ঃ

(a) ৰাষ্ট্ৰীয় বিভাগসমূহৰ ওপৰত ঋণ

(b) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

(c) বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ।

ই আমাক বেচৰকাৰী আয় প্ৰদান কৰে।

পদক্ষেপ 3: ইয়াৰ পিছত ব্যক্তিগত আয় পাবলৈ প্ৰতিধাৰিত উপাৰ্জন আৰু নিগম কৰক বিয়োগ কৰোঁ।

পদক্ষেপ 4: ইয়াৰ পিছত আমি চূড়ান্ত ব্যক্তিগত ব্যয়যোগ্য আয় লাভ কৰিবলৈ ব্যক্তিগত কৰ আৰু অনা-কৰ পৰিশোধ বা দেনা (চৰকাৰৰ সানমিহলি প্রাপ্তি)ক ব্যক্তিগত আয়ৰ পৰা বিয়োগ কৰোঁ। ইয়াক তলৰ তালিকাখনৰ পৰা বুজিব পৰা যায়।

উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন (NNPfc)

– সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়।

– অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়।

+ জাতীয় বা ৰাষ্ট্ৰীয় ঋণৰ ওপৰত সুদ।

+ চৰকাৰৰ পৰা চলিত হস্তান্তৰ।

+ বাকী বিশ্বৰ পৰা অহা অন্যান্য চলিত হস্তান্তৰ।

= বেচৰকাৰী আয়

– প্রতিধাৰিত উপাৰ্জন

– নিগম কৰ

= ব্যক্তিগত আয়

– ব্যক্তিগত কৰ

– অনাকৰ পৰিশোধ (চৰকাৰৰ সানমিহলি প্রাপ্তি)

= ব্যক্তিগত ব্যয়যোগ্য আয়।

13. উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন গণনা কৰি উলিওৱাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন

25,000

(ii) হৰণ-ভগন বা ক্ষয়-ক্ষতি

5,000

(iii) ৰাজসাহায্য

300

(iv) বিদেশৰ পৰা অহা উপাদান আয়

400

(v) বাকী বিশ্বলৈ ওলাই যোৱা উপাদান আয়

600

উত্তৰঃ উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন (GNPfc)

= বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন (NDPmp) + হৰণ-ভগন + বিদেশৰ পৰা অহা নিগুট উপাদান আয় শুদ্ধ পৰোক্ষ কৰ

= 25,000+ 5000+ (400-600)–(0–300)

= 30,000–200+300

= 30,100 কোটি টকা

14. স্থিৰ মূলধনৰ উপভোগ গণনা কৰি উলিওৱা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন

40,000

(ii) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

50,000

(ⅲ) শুদ্ধ পৰোক্ষ কৰ

3,000

(iv) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয়

2,000

উত্তৰঃ বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন (GDPmp) = উপাদান ব্যয়ত নিগুট জাতীয় আয় (NNPfc) + স্থায়ী মূলধনৰ ভোগ-বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় + শুদ্ধ পৰোক্ষ কৰ

50,000 = 40,000+ স্থিৰ মূলধনৰ ভোগ – 2000 + 3000

50,000 = 41,000 + স্থিৰ মূলধনৰ ভোগ

.·. স্থিৰ মূলধনৰ ভোগ = 50,000-41000

= 9000 কোটি টকা

15. শুদ্ধ পৰোক্ষ কৰ গণনা কৰি উলিওৱা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন

7,000

(ii) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

6,200

(ⅲ) হৰণ-ভগন

600

(iv) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয়

400

উত্তৰঃ বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন (GNPmp)= উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন (NDPfc) + হৰণ-ভগন বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় + শুদ্ধ পৰোক্ষ কৰ

7000 = 6200+600+400+ শুদ্ধ পৰোক্ষ কৰ

7000 7200+ শুদ্ধ পৰোক্ষ কৰ

.·. শুদ্ধ পৰোক্ষ কৰ = 7200-7000

শুদ্ধ পৰোক্ষ কৰ = 200

16. গণনা কৰি উলিওৱা: (a) হৰণ-ভগন; (b) ৰাজসাহায্য

গণনা কৰি উলিওৱা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন

9,500

(ii) পৰোক্ষ কৰ

1,400

(ⅲ) বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন

1,004

(iv) বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন

10,000

(v) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন

10,700

উত্তৰঃ (a) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNPmp)= বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন (NNPmp) + হৰণ-ভগন

10700 = 10000+ হৰণ-ভগন

.·. হৰণ–ভগন = 10000 – 10700

= – 700

(b) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন = উপাদন ব্যয়ত মুঠ জাতীয় উৎপাদন + শুদ্ধ পৰোক্ষ কৰ

10700 = 9500+ (1400-ৰাজসাহায্য)

10700 = 10900 – ৰাজসাহায্য

ৰাজসাহায্য 10900-10700

.·. ৰাজসাহায্য = 200

17. বেচৰকাৰী আয় গণনা কৰি উলিওৱা।

গণনা কৰি উলিওৱা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

– বেচৰকাৰী খণ্ডত

– চৰকাৰী খণ্ডত

12,000

4,000

(ii) বাকী বিশ্বৰ পৰা অহা শুদ্ধ চলিত হস্তান্তৰণ

2,000

(ⅲ) চৰকাৰৰ পৰা হোৱা চলিত হস্তান্তৰণ

1,000

(iv) জাতীয় ঋণৰ ওপৰত সুদ

5,000

(v) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয়

500

উত্তৰঃ বেচৰকাৰী আয় = বেচৰকাৰী খণ্ডৰ উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন + বাকী বিশ্বৰ পৰা অহা শুদ্ধ চলিত হস্তান্তৰণ + চৰকাৰৰ পৰা হোৱা চলিত হস্তান্তৰণ + জাতীয় ঋণৰ ওপৰৰ সুদ + বিদেশৰ পৰা হোৱা নিশুট উপাদান আয়

= 12000+2000+1000+5000+500

= 20,500 কোটি টকা

18. বেচৰকাৰী আয় গণনা কৰি উলিওৱা।

গণনা কৰি উলিওৱা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন

4,000

(ii) জাতীয় ঋণৰ ওপৰত সুদ

200

(ⅲ) স্থিৰ মূলধনৰ ভোগ

300

(iv) পৰোক্ষ কৰ

500

(v) সম্পত্তি তথা উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগলৈ হোৱা আয়

400

(vi) চৰকাৰৰ পৰা হোৱা চলিত হস্তান্তৰ

600

(vii) বিদেশৰ পৰা হোৱা নিশুট উপাদান আয়

100

(viii) ৰাজসাহায্য

(–) 30

(ix) বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ

125

(x) অনা-বিভাগীয় উদোগসমূহৰ সঞ্চয়

100

উত্তৰঃ বেচৰকাৰী আয় উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন – পৰিসম্পত্তি তথা উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগসমূহলৈ হোৱা আয় – অনা-বিভাগীয় উদ্যোগসমূহৰ সঞ্চয় + জাতীয় ঋণৰ ওপৰত সুদ + চৰকাৰৰ পৰা হোৱা চলিত হস্তান্তৰ + বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ

=[4000-(500-100)]-400-100+200+600+125

= 3600-500 +925

= 4025 কোটি টকা

19. তলত দিয়া তথ্যৰ পৰা “বেচৰকাৰী আয়’ গণনা কৰি উলিওৱাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় ঋণৰ সুদ

30

(ii) বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন

400

(ⅲ) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

20

(iv) শুদ্ধ পৰোক্ষ কৰ

40

(v) বাকী বিশ্বৰ পৰা নিগুট চলিত হস্তান্তৰ

(–) 10

(vi) চৰকাৰে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ পৰা লাভ কৰা আয়

50

(vii) স্থিৰ মূলধনৰ ভোগ

70

উত্তৰঃ বেচৰকাৰী আয় = বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন – হৰণ-ভগন – শুদ্ধ পৰোক্ষ কৰ – চৰকাৰে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ পৰা কৰা আয় + জাতীয় ঋণৰ সুদ + চৰকাৰৰ পৰা চলিত হস্তান্তৰ+ বাকী বিশ্বৰ পৰা হোৱা নিগুট চলিত হস্তান্তৰ

= 400-70-40-50+30+20+(-10) 400-120+50 = 450-120

= 330 কোটি টকা

20. ব্যক্তিগত আয় গণনা কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বেচৰকাৰী আয়

6,000

(ii) নিগম কৰ

3,000

(ⅲ) প্রতিধাৰিত উপার্জন

2,000

উত্তৰঃ ব্যক্তিগত আয় = বেচৰকাৰী আয় – নিগম কৰ – প্ৰতিধাৰিত উপার্জন

= 6000-3000-2000

= 1000 কোটি টকা

21. ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বেচৰকাৰী আয়

7,000

(ii) নিগম কৰ

400

(ⅲ) চৰকাৰৰ প্ৰশাসনিক বিভাগসমূহৰ সানমিহলি প্রাপ্তি

150

(iv) ব্যক্তিগত প্রত্যক্ষ কৰ

200

(v) বেচৰকাৰী খণ্ডৰ সঞ্চয়

750

উত্তৰঃ ব্যক্তিগত ব্যয়যোগ্য আয়

= (i)-(ii)-(iii)-(iv)-(v)

= 7000-400-150-200-750

= 7000-1500

= 5500 কোটি টকা

22. তলত দিয়া তথ্যৰ পৰা মুঠ জাতীয় ব্যয়যোগ্য আয় গণনা কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় আয়

2,000

(ii) বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ

200

(ⅲ) স্থিৰ মূলধনৰ ভোগ

100

(iv) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 50

(v) শুদ্ধ পৰোক্ষ কৰ

250

উত্তৰঃ মুঠ জাতীয় ব্যয়যোগ্য আয়

= (i) + (iii) + (v) + (ii) = 2000+100+250+200 = 2000+550

= 2550 কোটি টকা

23. তলত দিয়া তথ্যৰ পৰা (a) জাতীয় আয়, (b) নিগুট জাতীয় ব্যয়যোগ্য আয়; আৰু (c) মুঠ জাতীয় ব্যয়যোগ্য আয় গণনা কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

12,000

(ii) ৰাজসাহায্য

2,100

(ⅲ) পৰোক্ষ কৰ

400

(iv) বাকী বিশ্বৰ পৰা নিগুট চলিত হস্তান্তৰ

500

(v) স্থিৰ মূলধনৰ উপভোগ

1,200

(vi) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

1,000

উত্তৰঃ (a) জাতীয় আয় = (i) + (vi)

= 12000+1000

= 13000 কোটি টকা

(b) নিগুট জাতীয় ব্যয়যোগ্য আয় = (i) + (vi) + (ii–iii) + (iv)

= 12000+1000+ (2100-400) +500 13000+1700+500

= 15,200 কোটি টকা

(c) মুঠ জাতীয় ব্যয়যোগ্য আয় = নিগুট জাতীয় ব্যয়যোগ্য আয় + (v)

=15,200+1200

= 16,400 কোটি টকা

24. তলত দিয়া তথ্যবোৰৰ পৰা (a) নিগুট জাতীয় ব্যয়যোগ্য আয়; (b) বেচৰকাৰী আয়; (c) ব্যক্তিগত ব্যয়যোগ্য আয় নির্ণয় কৰি উলিওৱা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় আয়

800

(ii) পৰোক্ষ কৰ

70

(ⅲ) ৰাজসাহায্য

10

(iv) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

30

(v) জাতীয় ঋণৰ সুদ

50

(vi) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 20

(vii) স্থিৰ মূলধনৰ উপভোগ

40

(viii) বাকী বিশ্বৰ পৰা চলিত হস্তান্তৰ

45

(ix) সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্রশাসনিক বিভাগে লাভ কৰা আয়

60

(x) পৰিয়ালসমূহৰ দ্বাৰা পৰিশোধ কৰা প্ৰত্যক্ষ কৰ

40

(xi) মুনাফা

100

(xii) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

80

(xii) চৰকাৰী প্ৰশাসনিক বিভাগৰ পৰা চলিত হস্তান্তৰ

90

(xiv) নিগম কৰ

25

উত্তৰঃ (a) নিগুট জাতীয় ব্যয়যোগ্য আয়

= (i) + (ii–iii) + (viii)

= 800+ (70 –10) + 45

= 800+60+45

= 905 কোটি টকা

(b) বেচৰকাৰী আয় = (i) – (iv) – (ix) + (v) + (viii) + (xiii)

= 800-30-60+50+45+90 800-90+185

= 895 কোটি টকা

(c) ব্যক্তিগত ব্যয়যোগ্য আয় = বেচৰকাৰী আয় – (x) – (xii) – (xiv)

= 895 – 40 – 80 –25

= 895 –145

= 750 কোটি টকা

25. তলৰ তথ্যৰ পৰা ব্যক্তিগত ব্যয়যোগ্য আয়, জাতীয় আয় আৰু মুঠ জাতীয় ব্যয়যোগ্য আয় নির্ণয় কৰা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) নিগম কৰ

300

(ii) বেচৰকাৰী খণ্ডৰ ঘৰুৱা উৎপাদনৰ পৰা হোৱা আয়

6,000

(ⅲ) অবিতাৰিত মুনাফা

400

(iv) সম্পত্তি তথা উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়

7,000

(v) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

200

(vi) ৰাজসাহায্য

50

(vii) বাকী বিশ্বৰ পৰা হোৱা নিগুট চলিত হস্তান্তৰ

100

(viii) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 20

(ix) পৰোক্ষ কৰ

150

(x) প্রত্যক্ষ ব্যক্তিগত কৰ

200

(xi) জাতীয় ঋণৰ সুদ

300

(xii) স্থিৰ মূলধনৰ উপভোগ

100

(xiii) অ-বিভাগীয় উদ্যোগৰ সঞ্চয়

4,000

উত্তৰঃ (a) জাতীয় আয় = (ii) + (iv) + (xiii) + (viii)

= 6000+7000+4000+(-20)

= 17,000-20

= 16,980 কোটি টকা

(b) মুঠ জাতীয় ব্যয়যোগ্য আয় = NNPfc + (ix – vi) + (vii)

= 16980 + (150 – 50) +100

= 16980+200

= 17180 কোটি টকা

(c) ব্যক্তিগত ব্যয়যোগ্য আয় = (ii)+(v)+(vii)+(xi)-(i)-(iii)-(x)

= 6000+200+100+300-300-400-200

= 6100-400

= 5700 কোটি টকা

26. তলৰ তথ্যৰ পৰা মুঠ জাতীয় ব্যয়যোগ্য আয় আৰু ব্যক্তিগত আয় গণনা কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় আয়

2,500

(ii) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

150

(ⅲ) পৰোক্ষ কৰ

80

(iv) জাতীয় ঋণৰ সুদ

120

(v) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয়

(–) 10

(vi) ৰাজসাহায্য

30

(vii) স্থিৰ মূলধনৰ উপভোগ

140

(viii) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

70

(ix) বাকী বিশ্বৰ পৰা অহা চলিত হস্তান্তৰ

60

(x) অ-বিভাগীয় উদ্যোগসমূহৰ সঞ্চয়

620

(xi) পৰিয়ালসমূহৰ দ্বাৰা পৰিশোধিত প্রত্যক্ষ কৰ

50

(xii) মুনাফা

320

(xii) সম্পত্তি আৰু উদ্যোগসমূহৰ পৰা চৰকাৰী বিভাগসমূহে লাভ কৰা আয়

730

(xiv) নিগম কৰ

90

উত্তৰঃ (a) মুঠ জাতীয় ব্যয়যোগ্য আয় = (i) + (iii–vi) + (vii) + (ix)

= 2500+(80-30)+140+60

= 2500+50+200

= 2500+250

= 2750 কোটি টকা

(b) ব্যক্তিগত আয় = (i)-(x)-(xiii) + (ii) + (iv) + (ix)-(viii)-(xiv)

= 2500-620-730+150+120+60-70-90

= 2500-1350+330-160

= 2500-1510+330

= 2830-1510

= 1320 কোটি টকা

27. তলত দিয়া তথ্যৰ পৰা জাতীয় ব্যয়যোগ্য আয়, বেচৰকাৰী আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰি উলিওৱাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন

4,500

(ii) পৰোক্ষ কৰ

150

(ⅲ) ৰাজসাহায্য

50

(iv) স্থিৰ মূলধনৰ উপভোগ

220

(v) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 30

(vi) সম্পত্তি আৰু উদ্যোগসমূহৰ পৰা চৰকাৰী প্রশাসনিক বিভাগে লাভ কৰা আয়

650

(vii) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

820

(viii) জাতীয় ঋণৰ সুদ

110

(ix) চৰকাৰী প্ৰশাসনিক বিভাগসমূহৰ পৰা চলিত হস্তান্তৰ

210

(x) বাকী বিশ্বৰ পৰা অহা অন্যান্য চলিত হস্তান্তৰ

90

(xi) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

120

(xii) নিগম কৰ

250

(xiii) পৰিয়ালসমূহৰ দ্বাৰা পৰিশোধিত প্রত্যক্ষ কৰ

130

(xiv) চৰকাৰী প্ৰশাসনিক বিভাগসমূহৰ সানমিহলি প্রাপ্তি

20

উত্তৰঃ (a) জাতীয় ব্যয়যোগ্য আয় = (i) + (ii – iii) – (iv) + (x)

= 4500 + (150-50)-220+90

= 4500+190-220

= 4690-220

= 4470 কোটি টকা

(b) বেচৰকাৰী আয় = (i)-(iv)-(vi)-(vii) + (viii) + (ix) + (x)

= 4500-220-650-820+110+210+90

= 4500-1690+410

= 4910-1690

= 3220 কোটি টকা

(c) ব্যক্তিগত ব্যয়যোগ্য আয় = বেচৰকাৰী আয় – (xi) – (xii) – (xiii) – (xiv)

= 3220 – 120 – 250 – 130 – 20

= 3220 – 520

= 2700 কোটি টকা

28. তলত দিয়া তথ্যৰ পৰা মুঠ জাতীয় ব্যয়যোগ্য আয় আৰু ব্যক্তিগত আয় গণনা কৰি উলিওৱা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) ব্যক্তিগত আয়

120

(ii) শুদ্ধ পৰোক্ষ কৰ

100

(ⅲ) নিগম কৰ

90

(iv) জাতীয় আয়

1,000

(v) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

5

(vi) স্থিৰ মূলধনৰ উপভোগ

50

(vii) জাতীয় ঋণৰ সুদ

70

(viii) বেচৰকাৰী নিগম খণ্ডৰ প্ৰতিধাৰিত উপার্জন

40

(ix) বাকী বিশ্বলৈ হোৱা নিগুট চলিত হস্তান্তৰ

(–) 20

(x) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

30

(xi) চৰকাৰে লাভ কৰা ঘৰুৱা আয়

80

উত্তৰঃ (a) মুঠ জাতীয় ব্যয়যোগ্য আয় = (iv) + (ii) + (vi) – (ix)

= 1000+100+50-(-20)

= 1170 কোটি টকা

(b) ব্যক্তিগত আয় = (iv)-(xi) + (vii) – (ix) + (x) – (iii) – (viii)

= 1000-80+70-(-20)+30-90-40

= 1000+120-210

= 1120-210

= 910 কোটি টকা

29. তলত দিয়া তথ্যৰ পৰা বেচৰকাৰী আয়, ব্যক্তিগত ব্যয়যোগ্য আয় আৰু উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন গণনা কৰি উলিওৱা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) ঘৰুৱা আয়

900

(ii) প্রত্যক্ষ ব্যক্তিগত কৰ

20

(ⅲ) নিগম কৰ

10

(iv) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

10

(v) চৰকাৰী প্ৰশাসনিক বিভাগৰ পৰা চলিত হস্তান্তৰ

20

(vi) ঋণ উপভোগৰ ওপৰত চৰকাৰ দ্বাৰা সুদ

10

(vii) বাকী বিশ্বৰ পৰা চলিত হস্তান্তৰ

10

(viii) অ-বিভাগীয় উদ্যোগসমূহৰ সঞ্চয়

10

(ix) সম্পত্তি তথা উদ্যোগসমূহৰ পৰা চৰকাৰী প্রশাসনিক বিভাগে লাভ কৰা আয়

20

(x) মূলধনী উপভোগ ভাট্টা

60

(xi) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 15

উত্তৰঃ (a) বেচৰকাৰী আয় = (i) – (viii) – (ix) + (vi) + (vii) + (v) + (xi)

= 900-10-20+10+10+20+(-15)

= 900-45+40

= 895 কোটি টকা

(b) ব্যক্তিগত ব্যয়যোগ্য আয় = বেচৰকাৰী আয় – (ii) – (iii) – (iv)

= 895 – 20 – 10 – 10

= 855 কোটি টকা

(c) উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন (GNPfc) = (i) + (x) + (xi)

= 900+60+(-15)

= 900+60-15

= 960-15

= 945 কোটি টকা

30. বেচৰকাৰী আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) অবিতাৰিত মুনাফা

100

(ii) অনা-বিভাগীয় উদ্যোগসমূহৰ সঞ্চয়

200

(ⅲ) নিগম আয় কৰ

300

(iv) ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ ঘৰুৱা উৎপাদন

26,000

(v) চৰকাৰৰ সানমিহলি প্রাপ্তি

100

(vi) বিদেশৰ পৰা প্রাপ্ত নিগুট উপাদান আয়

(–) 30

(vii) ব্যক্তিগত কৰ

40

(viii) জাতীয় ঋণৰ সুদ

100

(ix) বাকী বিশ্বৰ পৰা অহা চলিত হস্তান্তৰ

30

(x) সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়

400

(xi) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

100

উত্তৰঃ (a) বেচৰকাৰী আয় = (iv) – (x) – (ii) + (vi) + (viii) + (ix) + (xi)

= 26,00 – 400 – 20 + (-30) + 100 + 30 + 100

= 26,000 – 450 + 230

= 26,230 – 450

= 25,780 কোটি টকা

(b) ব্যক্তিগত ব্যয়যোগ্য আয় = ব্যয়যোগ্য আয় – (i) – (iii) – (v) – (vii)

= 26220 –100 – 300 – 100 – 40

= 26220 – 540

= 25,680 কোটি টকা

31. বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন আৰু ব্যক্তিগত ব্যয়যোগ্য আয় গণনা কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) ব্যক্তিগত প্রত্যক্ষ কৰ

200

(ii) নিগম মুনাফা কৰ

350

(ⅲ) শুদ্ধ পৰোক্ষ কৰ

300

(iv) ঘৰুৱা উৎপাদনৰ পৰা চৰকাৰে লাভ কৰা আয়

500

(v) বাকী বিশ্বক পৰিশোধ কৰা নিগুট উপাদান আয়

5

(vi) হৰণ-ভগন

25

(vii) নিগম সঞ্চয়

15

(viii) ঘৰুৱা উৎপাদৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়

1,500

(ix) বিদেশৰ পৰা অহা নিগুট বেচৰকাৰী দান-বৰঙণি

20

(x) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

30

উত্তৰঃ বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন

(GNPmp) = (iv) + (viii) + (iii) – (v) + (vi)

= 500+1500+300-5+25

= 2325 – 5

= 2320 কোটি টকা

ব্যক্তিগত ব্যয়যোগ্য আয় = (viii)-(v) + (ix) + (x) – (vii) – (ii) – (i)

= 1500-5+20+30-15-350-200

= 1500+50-520

= 1550-520

= 1030 কোটি টকা

32. নিগুট ঘৰুৱা উৎপাদনৰ পৰা বেচৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডই লাভ কৰা আয় নিৰ্ণয় কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বাকী বিশ্বৰ পৰা নিগুট চলিত হস্তান্তৰ

30

(ii) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 14

(ⅲ) বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন

2,080

(iv) ছাত্রবৃত্তি আৰু বৃদ্ধ পেঞ্চন

50

(v) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

100

(vi) ৰাজহুৱা বা চৰকাৰী ঋণত সুদ

50

(vii) পৰোক্ষ কৰ

300

(viii) ৰাজসাহায্য

80

(ix) সম্পত্তি তথা উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়

200

উত্তৰঃ উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ পৰা = (iii) – (ii) – (ix) – (v) – (vii – viii)

বেচৰকাৰী খণ্ডই লাভ কৰা আয় = 2080 – (-14) – 200 -100 – (300 – 80)

ব্যক্তিগত আয় = উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ পৰা বেচৰকাৰী

খণ্ডই লাভ কৰা আয় + (i) + (ii) + (iv) + (vi)

= 1574+30+(-14) +50+50

= 1560+130

= 1690 কোটি টকা

33. নিগুট জাতীয় ব্যয়যোগ্য আয় আৰু ব্যক্তিগত সঞ্চয় নিৰ্ণয় কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় আয়

1,22,000

(ii) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয়

9,000

(ⅲ) নিগুট পৰোক্ষ কৰ

2,000

(iv) চৰকাৰী চূড়ান্ত উপভোগ ব্যয়

1,500

(v) জাতীয় উৎপাদনৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়

10,500

(vi) বাকী বিশ্বৰ পৰা অহা চলিত হস্তান্তৰ

500

(vii) নিগম কৰ

400

(viii) প্রত্যক্ষ ব্যক্তিগত কৰ

1,000

(ix) জাতীয় ঋণত সুদ

1,000

(x) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

600

উত্তৰঃ নিগুট জাতীয় ব্যয়যোগ্য আয় = (i) + (iii) + (vi)

= 1,22,000+2000 + 500

= 1,24,500 কোটি টকা

ব্যক্তিগত ব্যয়যোগ্য আয় = (v) + (vi) + (ix) – (vii) – (viii) – (x)

= 10,500+500+1000-400-1000-600

= 12000-2000

= 10,000 কোটি টকা

.·. ব্যক্তিগত সঞ্চয় = ব্যক্তিগত ব্যয়যোগ্য আয় – ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয়

= 10,000 – 9000

= 1000 কোটি টকা

34. ঘৰুৱা আয় আৰু জাতীয় ব্যয়যোগ্য আয় নিৰ্ণয় কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) ৰাজসাহায্য

30

(ⅱ) চৰকাৰী ঋণত সুদ

20

(iii) ব্যক্তিগত সঞ্চয়

160

(iv) কোম্পানীসমূহৰ মুনাফাৰ ওপৰত কৰ

10

(v) ব্যক্তিগত কৰ

20

(vi) বেচৰকাৰী নিগম খণ্ডৰ দ্বাৰা অংশীদাৰসকলক বিতৰণ নকৰা আয়

10

(vi) পৰোক্ষ কৰ

170

(vii) বাকী বিশ্বলৈ যোৱা চলিত হস্তান্তৰ

10

(ix) চৰকাৰৰ দ্বাৰা চলিত হস্তান্তৰ

30

(x) ব্যক্তিগত উপভোগ ব্যয়

980

(xi) বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ

20

(xii) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ পৰা চৰকাৰে লাভ কৰা আয়

10

উত্তৰঃ ঘৰুৱা আয় = (x) + (iii) + (v) + (vi) + (iv) – (ii) – (ix) – (xi) + (xii) + (viii) = = =

= 980+160+20+10+10-20-30-20+10+10

= 980+220-70

= 1200-70

= 1130 কোটি টকা

জাতীয় ব্যয়যোগ্য আয় = ঘৰুৱা আয় + (vii – i) + (xi) – (viii)

= 1130+ (170-30)+20-10

= 1130+140+20-10

= 1290-10

= 1280 কোটি টকা

35. নিগুট জাতীয় ব্যয়যোগ্য আয় আৰু ব্যক্তিগত আয় নির্ণয় কৰা।

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) নিগুট ঘৰুৱা উৎপাদন

14,700

(ii) ৰাজসাহায্য

10

(iii) বাকী বিশ্বৰ পৰা অহা কৰ্মচাৰীক ক্ষতিপূৰণ

160

(iv) বাকী বিশ্বৰ পৰা হোৱা অন্যান্য চলিত হস্তান্তব

100

(v) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

100

(vi) চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়

200

(vii) নিগম মুনাফা কৰ

200

(viii) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

40

(ix) সম্পত্তি আৰু উদ্যোগে বাকী বিশ্বৰ পৰা লাভ কৰা আয়

140

(x) জাতীয় ঋণত সুদ

840

উত্তৰঃ নিগুট জাতীয় ব্যয়যোগ্য আয় = (i) + (iii) + (ix) + (iv)

= 14700+160+140+100

= 15100 কোটি টকা

ব্যক্তিগত আয় = (i) + (iii) + (ix) + (ii)-(v)-(vi)+(x) + (iv)-(vii)-(viii)

= 14700+160+140+10-100+200+ 840 + 100 -200-40

= 14700+1350-240

= 14700+1110

= 15,810 কোটি টকা

36. নিগুট জাতীয় ব্যয়যোগ্য আয় আৰু ব্যক্তিগত আয় নিৰ্ণয় কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) জাতীয় উৎপাদন

2,500

(ⅱ) শুদ্ধ পৰোক্ষ কৰ

30

(iii) বিদেশৰ পৰা অহা অন্যান্য চলিত হস্তান্তৰ

30

(iv) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

30

(v) সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্রশাসনিক বিভাগে লাভ কৰা আয়

40

(vi) ৰাজহুৱা চৰকাৰী ঋণত সুদ

80

(vii) চৰকাৰী প্ৰশাসনিক বিভাগৰ পৰা হোৱা অন্যান্য চলিত হস্তান্তৰ

80

(viii) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

20

(ix) নিগম কৰ

20

(x) পৰিয়ালসমূহৰ দ্বাৰা পৰিশোধ কৰা প্ৰত্যক্ষ কৰ

30

উত্তৰঃ নিগুট জাতীয় ব্যয়যোগ্য আয় = (i) + (ii) + (iii)

= 2500+30+30

= 2560 কোটি টকা

ব্যক্তিগত আয় = (i) – (v) + (vi) + (iii) + (vii) – (viii) – (ix)

= 2500-40+80+30+80-20-20

= 2500+190-80

= 2500 +110

= 2610 কোটি টকা

37. বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন আৰু ব্যক্তিগত ব্যয়যোগ্য আয় নির্ণয় কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন

15,400

(ii) ঘৰুৱা উৎপাদনৰ পৰা চৰকাৰে লাভ কৰা আয়

1,400

(iii) জাতীয় ঋণৰ সুদ

170

(iv) চৰকাৰৰ দ্বাৰা হস্তান্তৰ পৰিশোধ

240

(v) বিদেশৰ পৰা অহা নিগুট বেচৰকাৰী দান-বৰঙণি

300

(vi) বিদেশৰ পৰা কৰা নিগুট উপাৰ্জন আয়

800

(vii) পৰোক্ষ কৰ

1,330

(viii) ৰাজসাহায্য

100

(ix) প্রত্যক্ষ কৰ

335

(x) নিগমৰ মুনাফাৰ ওপৰত কৰ

200

(xi) নিগমৰ অবিতাৰিত মুনাফা

105

উত্তৰঃ বজাৰ মূল্যত নিগুট জাতীয় উৎপাদন = (i) + (vii – viii) + (vi)

= 15400+ (1330-100) +800

= 15400+1230+800

= 17430 কোটি টকা

ব্যক্তিগত ব্যয়যোগ্য আয় = (i) – (ii) + (iii) + (iv) + (v) + (vi) – (x) – (xi) – (ix)

= 15400 -1400+170+240+300+800-200-105-335

= 16910 – 2040

= 14870 কোটি টকা

38. তলত দিয়া তথ্যৰ পৰা (a) জাতীয় উৎপাদন; (b) ঘৰুৱা উৎপাদনৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়; (c) বেচৰকাৰী আয়; আৰু (d) ব্যক্তিগত ব্যয়যোগ্য আয় নিৰ্ণয় কৰা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

300

(ⅱ) পৰিয়ালসমূহৰ দ্বাৰা পৰিশোধ কৰা প্ৰত্যক্ষ কৰ

1,400

(iii) ঘৰুৱা উৎপাদনৰ পৰা সাধাৰণ চৰকাৰে লাভ কৰা আয়

600

(iv) নিগম কৰ

710

(v) বিদেশৰ পৰা হোৱা নগুট উপাদান আয়

(–) 300

(vi) বেচৰকাৰী নিগম খণ্ডৰ সঞ্চয়

800

(vii) স্থিৰ মূলধনৰ উপভোগ

3,400

(viii) বাকী বিশ্বৰ পৰা অহা অন্যান্য চলিত হস্তান্তৰ

200

(ix) পৰোক্ষ কৰ-ৰাজসাহায্য

6,500

(x) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

1,100

(xi) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

68,500

(xii) জাতীয় ঋণৰ ওপৰত সুদ

600

উত্তৰঃ (a) জাতীয় উৎপাদন = (xi) – (vii)- (v) – (ix)

= 68500-3400-(-300)-6500

= 68800-9900

= 58,900 কোটি টকা

(b) ঘৰুৱা উৎপাদনৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা আয়

= জাতীয় উৎপাদন – (iii) – (v)

= 58900-600-(-300)

= 59200-600

= 58600 কোটি টকা

(c) বেচৰকাৰী আয় = ঘৰুৱা উৎপাদনৰ পৰা বেচৰকাৰী খণ্ডই লাভ কৰা

আয় + (viii) + (v) + (x) + (xii)

= 58600+200+(-300)+1100+600

= 60500-300

= 60200 কোটি টকা

(d) বেচৰকাৰী আয় = বেচৰকাৰী আয় – (ii) – (iv) – (vi)

= 60200-1400-710-800

= 57,290 কোটি টকা

39. ব্যক্তিগত আয় নিৰ্ণয় কৰা:

বিৱৰণ

কোটি টকাৰ হিচাপত

(ⅰ) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

12,560

(ii) বিদেশৰ পৰা অহা নিগুট চলিত হস্তান্তৰ

210

(iii) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

140

(iv) জাতীয় বা ৰাষ্ট্ৰীয় ঋণৰ ওপৰত সুদ

80

(v) বিদেশৰ পৰা অহা নিগুট উপাদান আয়

(–) 25

(vi) স্থিৰ মূলধনৰ উপভোগ

3,600

(vii) পৰোক্ষ কৰ

540

(viii) ৰাজসাহায্য

120

(ix) নিয়োগহীনতাৰ সকাহ

70

(x) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

10

(xi) উদ্যোগৰ পৰা চৰকাৰে লাভ কৰা আয়

105

(xii) নিগম কৰক সামৰি লোৱা বেচৰকাৰীখণ্ডৰ প্রতিধাৰিত উপাৰ্জন

160

উত্তৰঃ ব্যক্তিগত আয় = (i)-(vi)-(vii-viii)-(x)-(xi) + (v) + (ii) + (iii)+ (ix) + (iv) – (xii)

= 12560-3600-(540-120)-10-105+(-25)+ 210+140+70+80-160

= 13060-4320

= 8740 কোটি টকা

40. উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন আৰু মুঠ জাতীয় ব্যয়যোগ্য আয় নির্ণয় কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) অনা-বিভাগীয় উদ্যোগৰ সঞ্চয়

50

(ii) সম্পত্তি আৰু উদ্যোগৰ পৰা চৰকাৰী প্ৰশাসনিক বিভাগে লাভ কৰা আয়

70

(iii) ব্যক্তিগত কৰ

90

(iv) জাতীয় বা ৰাষ্ট্ৰীয় ঋণৰ ওপৰত সুদ

20

(v) বেচৰকাৰী নিগম খণ্ডৰ প্ৰতিধাৰিত হস্তান্তৰ

10

(vi) চৰকাৰৰ দ্বাৰা চলিত হস্তান্তৰ পৰিশোধ

40

(vii) স্থিৰ মূলধনৰ উপভোগ

60

(viii) নিগম কৰ

30

(ix) শুদ্ধ পৰোক্ষ কৰ

80

(x) বাকী বিশ্বৰ পৰা নিগুট চলিত হস্তান্তৰ

(–) 10

(xi) ব্যক্তিগত ব্যয়যোগ্য আয়

1,000

উত্তৰঃ উপাদান ব্যয়ত নিগুট

জাতীয় উৎপাদন (NNPfc) = (xi) + (iii) + (viii) + (v) – (iv) – (x) – (vi) + (ii) + (i)

= 1000 + 90 + 30 + 10 – 20 – (-10) – 40 + 70 + 50

= 1260 – 60

= 1200 কোটি টকা

মুঠ ঘৰুৱা ব্যয়যোগ্য আয় = উপাদান ব্যয়ত নিগুট জাতীয়

উৎপাদন (NNPfc) + (vii) + (ix) + (x)

= 1200+60+80+(-10)

= 1330 কোটি টকা

41. তলৰ তথ্যৰ পৰা নিগুট জাতীয় ব্যয়যোগ্য আয় নির্ণয় কৰাঃ

বিৱৰণ

কোটি টকাৰ হিচাপত

(i) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন

2000

(ii) বাকী বিশ্বলৈ যোৱা নিগুট চলিত হস্তান্তৰ

(–) 200

(ⅲ) শুদ্ধ পৰোক্ষ কৰ

150

(iv) বিদেশলৈ যোৱা নিগুট উপাদান আয়

60

(v) জাতীয় ঋণৰ ওপৰত সুদ

70

(vi) স্থিৰ মূলধনৰ উপভোগ

200

(vii) চৰকাৰৰ পৰা চলিত হস্তান্তৰ

150

উত্তৰঃ নিগুট জাতীয় ব্যয়যোগ্য আয় = (i) – (iv) + (vi) – (ii)

= 2000 + (- 60) – 200 – (- 200)

= 2000-60-200+200

= ₹1940 কোটি টকা

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
জাতীয় আয় কি?
জাতীয় আয় হৈছে এখন ৰাষ্ট্ৰৰ নিৰ্দ্দিষ্ট সময়ত উৎপাদিত সামগ্ৰীৰ মুঠ মূল্যৰ যোগফল।
GDP আৰু GNPৰ মাজত প্ৰধান পাৰ্থক্য কি?
GDP হৈছে এখন ৰাষ্ট্ৰৰ মাটি আৰু ভৌগোলিক সীমাৰ ভিতৰত নিৰ্মিত সামগ্ৰীৰ মুঠ মূল্য, আৰু GNP হৈছে ৰাষ্ট্ৰবাসীৰ দ্বাৰা বছৰৰ ভিতৰত উপাৰ্জিত মুঠ আয়।
জাতীয় আয় কিদৰে গণনা কৰা হয়?
জাতীয় আয় উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতিৰ জৰিয়তে গণনা কৰা হয়।
NDP আৰু NNPৰ অৰ্থ কি?
NDP হৈছে নিট দেশীয় উৎপাদন, আৰু NNP হৈছে নিট ৰাষ্ট্ৰীয় উৎপাদন, য’ত মূলধনৰ ক্ষয় ধৰা হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top