Class 12 Economics Chapter 4 – জাতীয় আয় গণনা – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অৰ্থনীতি – জাতীয় আয় গণনা (চেপ্টাৰ ৪)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত জাতীয় আয়ৰ ধাৰণা আৰু ইয়াৰ বিভিন্ন গণনা পদ্ধতি যথাযথভাৱে ব্যাখ্যা কৰা হৈছে। উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতিৰ মাধ্যমে জাতীয় আয় কিদৰে নিরূপণ কৰা হয় সেয়া এই অধ্যায়ত বিশ্লেষণ কৰা হৈছে। এছাড়াও, জাতীয় আয়ৰ مختلف সূচক (যেনে GDP, GNP, NDP, NNP)ৰ সংজ্ঞা, আৰু দ্বৈত গণনা সমস্যা, স্থিৰ মূল্য আৰু চলিত মূল্যৰ মাজত পাৰ্থক্যৰ ওপৰতো আলোচনা কৰা হৈছে। এই সমাধানসমূহ AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে। Chapter QR Code: E12M4
✅ কি শিকিব:
- জাতীয় আয়ৰ সংজ্ঞা আৰু পৰিসীমা
- জাতীয় আয় গণনাৰ উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতি
- GDP, GNP, NDP, NNP আদিৰ ব্যাখ্যা
- দ্বৈত গণনা সমস্যা আৰু সমাধান
- স্থিৰ মূল্য আৰু চলিত মূল্যৰ অৰ্থ আৰু তুলনা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম অনুযায়ী সমাধান
- প্রশ্নোত্তৰসমূহৰ বাবে বিস্তারিত আৰু সহজ ভাষাৰ ব্যাখ্যা
- একাডেমিক আৰু পৰীক্ষামূলক প্ৰস্তুতিত সহায়
- অসমীয়া মাধ্যমৰ শিক্ষার্থীৰ বাবে বুজিবলৈ সহজ
- উচ্চ মানৰ MCQ আৰু মডেল প্ৰশ্নোত্তৰ উপলব্ধ
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
অধ্যায়-4
জাতীয় আয় গণনা
(Measurement of National Income)
1. জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত ব্যৱহৃত পদ্ধতি তিনিটা কি কি?
উত্তৰঃ জাতীয় আয় পৰিমাপ কৰাৰ পদ্ধতি তিনিটা হৈছেঃ
(i) মূল্য সংযোজন পদ্ধতি
(ii) আয় পদ্ধতি
(iii) ব্যয় বা খৰচ পদ্ধতি
2. প্রাথমিক খণ্ডৰ সংজ্ঞা লিখা।
উত্তৰঃ প্রাথমিক খণ্ড বুলিলে অৰ্থনীতিৰ সেই অংশটোক বুজোৱা হয় যিয়ে প্ৰাকৃতিক সম্পদসমূহ আহৰণ আৰু ব্যৱহাৰ কৰি সামগ্ৰী তথা সেৱাসমূহ উৎপাদন কৰে। যেনে- কৃষি, মৎস্যপালন, খনিৰ পৰা দ্ৰব্য উলিওৱা আদি।
3. গৌণ বা দ্বিতীয়ক খণ্ড কি?
উত্তৰঃ গৌণ বা দ্বিতীয়ক খণ্ড হৈছে অৰ্থনীতিৰ সেই অংশ যিটো উদ্যোগসমূহৰ উৎপাদনমূলক কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে, যেনে- নিৰ্মাণ কাৰ্য বা উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰা। ই প্ৰাথমিক খণ্ডৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি নিজৰ সামগ্ৰী বা দ্ৰব্যসমূহ সৃষ্টি কৰে।
4. তৃতীয়ক খণ্ড কি?
উত্তৰঃ তৃতীয়ক খণ্ড বুলিলে অৰ্থনীতিৰ এনে এটা ভাগক বুজোৱা হয় যিয়ে বেংকিং সেৱা, বীমা আদিৰ দৰে সেৱাসমূহৰ জৰিয়তে আয়ৰ সৃষ্টি কৰে।
5. দ্বৈত গণনা (double counting) কি?
উত্তৰঃ দ্বৈত গণনা মানে হৈছে কোনো এক উৎপাদিত সামগ্ৰীৰ মূল্যক ইয়াৰ উৎপাদনৰ বিভিন্ন পৰ্যায়সমূহৰ মাজেৰে পাৰ হৈ যাওঁতে এবাৰতকৈ বেছিবাৰ হিচাপ কৰা।
6. প্রকৃত মুঠ ঘৰুৱা উৎপাদন কি?
উত্তৰঃ প্রকৃত মুঠ ঘৰুৱা উৎপাদন এনেদৰে নিৰ্ণয় কৰা হয় য’ত সামগ্ৰী আৰু সেৱাসমূহক কিছুমান নিৰ্দিষ্ট মূল্যৰ সংহতিৰ ভিত্তিত (স্থিৰ মূল্যত) মূল্যায়ন কৰা হয়। যিহেতু এই মূল্যসমূহ অপৰিৱৰ্তনীয় হৈ থাকে, সেয়েহে যদিহে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ পৰিৱৰ্তন ঘটে, তেন্তে আমি ক’ব পাৰোঁ যে ই হৈছে উৎপাদনৰ পৰিমাণৰ পৰিৱৰ্তনৰ ফল। এইদৰে, ই হৈছে এক নিৰ্দিষ্ট মূল্যত গণনা কৰা সামগ্ৰী আৰু সেৱাসমূহৰ বিত্তীয় মূল্য।
7. মৌদ্রিক মুঠ ঘৰুৱা উৎপাদন (Nominal GDP) কি?
উত্তৰঃ মৌদ্রিক মুঠ ঘৰুৱা উৎপাদন হৈছে শেহতীয়া প্ৰচলিত বজাৰ দৰত গণনা কৰা মুঠ ঘৰুৱা উৎপাদনৰ মূল্য। অৰ্থাৎ, ই হৈছে বৰ্তমানৰ মূল্যত নিৰ্ণয় কৰা সকলো সামগ্ৰী আৰু সেৱাৰ বিত্তীয় মূল্য।
8. মুঠ ঘৰুৱা উৎপাদন সংকোচক (GDP deflator) কি?
উত্তৰঃ মৌদ্রিক মুঠ ঘৰুৱা উৎপাদন আৰু প্রকৃত মুঠ ঘৰুৱা উৎপাদনৰ অনুপাতকে মুঠ ঘৰুৱা উৎপাদন সংকোচক বুলি জনা যায়। ইয়াক তলত দিয়া ধৰণে গণনা কৰা হয়।
9. উপভোক্তাৰ দৰ সূচক (Consumer price index) কি?
উত্তৰঃ উপভোক্তাৰ দৰ সূচক হৈছে ভোগ্য সামগ্ৰীসমূহৰ এটা নির্দিষ্ট পাচি বা সমষ্টিৰ দৰসমূহৰ সূচক যিবোৰ ভোক্তাৰ দ্বাৰা ক্ৰয় কৰিব পৰা যায়।
10. এখন দেশৰ কল্যাণৰ সূচক হিচাপে মুঠ ঘৰুৱা উৎপাদনক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাসমূহ উল্লেখ কৰা।
উত্তৰঃ এখন দেশৰ কল্যাণৰ প্ৰতিফলক হিচাপে মুঠ ঘৰুৱা উৎপাদন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিম্নলিখিত সীমাবদ্ধতাসমূহ আছেঃ
(i) মুঠ ঘৰুৱা উৎপাদনৰ বিতৰণ: মুঠ ঘৰুৱা উৎপাদনৰ বিতৰণ সকলোৰে মাজত সমানে হ’ব নোৱাৰে। যদিহে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ ফলত অৰ্থনৈতিক কল্যাণ বৃদ্ধি নহয়, কাৰণ মুঠ ঘৰুৱা উৎপাদনত হোৱা বৃদ্ধি দেশৰ মুষ্টিমেয় ব্যক্তি বা সংস্থাৰ হাতত কেন্দ্ৰীভূত হৈ থাকে আৰু আন বহুত লোকৰ আয় কমি যায়। এনে পৰিস্থিতিত, আমি সমগ্ৰ অৰ্থনীতিটোৰ কল্যাণ বৃদ্ধি হোৱা বুলি ক’ব নোৱাৰোঁ।
(ii) অনা-মৌদ্রিক বিনিময়: অৰ্থনীতি এটাৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্যকলাপক বিত্তীয় ক্ষেত্ৰত মূল্যায়ন কৰা নহয়। উদাহৰণস্বৰূপে, এগৰাকী গৃহিণীয়ে আগবঢ়োৱা সেৱাসমূহৰ বিনিময়ত ধন পৰিশোধ কৰা নহয় যদিও ই কল্যাণ সাধন কৰে। টকা-পইচা বা ধনৰ অবিহনেই অনানুষ্ঠানিকভাৱে সংঘটিত হোৱা বিনিময়সমূহক বস্তু-বিনিময় প্ৰথা বুলি কোৱা হয়। বস্তু-বিনিময় প্ৰথাত দ্ৰব্য আৰু সেৱাসমূহক পোনপটীয়াকৈ এটাৰ সলনি আনটোৰ বিনিময় কৰা হয়, ইয়াত পোনপটীয়াকৈ মুদ্ৰাৰ ব্যৱহাৰ নহয়। এই কাৰণে, এই বিনিময়বোৰ আৰ্থিক কাৰ্যকলাপৰ অংশ হিচাপে লিপিবদ্ধ নহয় আৰু মুঠ ঘৰুৱা উৎপাদনক বাস্তৱতকৈ কম হিচাপে ধৰা হয়।
(iii) বাহ্যিকতা: বাহ্যিকতা বুলিলে কোনো সংস্থা বা ব্যক্তিয়ে আন সংস্থা বা ব্যক্তিক দিয়া উপকাৰ বা ক্ষতিৰ বাবে কোনো পৰিশোধ বা জৰিমনা নোহোৱাকৈয়ে হোৱা ফলাফলক বুজোৱা হয়। বাহ্যিকতাৰ কোনো বজাৰ নাথাকে য’ত এইবোৰ কিনা বা বেচা যায়। বাহ্যিকতা ধনাত্মক বা ঋণাত্মক দুয়োটাই হ’ব পাৰে। ধনাত্মক বাহ্যিকতাই কল্যাণ বঢ়ায় আৰু ঋণাত্মক বাহ্যিকতাই ক্ষতিমূলক ফল কঢ়িয়াই আনে। বাহ্যিকতা গণনা কৰিব নোৱাৰি, আৰু সেয়েহে অৰ্থনীতিৰ প্ৰকৃত কল্যাণক মুঠ ঘৰুৱা উৎপাদনে বাস্তৱতকৈ নিম্ন হিচাপে মূল্যায়ন কৰে।
11. এটা নির্দিষ্ট বর্ষত অর্থনীতি এটাৰ মৌদ্রিক মুঠ জাতীয় উৎপাদনৰ মূল্য আছিল 2500 কোটি টকা। একেটা বৰ্ষতে অর্থনীতিটোৰ মুঠ জাতীয় উৎপাদন (GNP) ৰ মূল্য ভিত্তি বৰ্ষৰ দামত মূল্যাংকন কৰাত হ’লগৈ 3000 কোটি টকা। শতাংশৰ হিচাপত বছৰটোৰ GNP সংকোচনৰ মূল্য নিৰ্ণয় কৰা। ভিত্তি বর্ষ আৰু বিবেচনাধীন বছৰটোৰ মাজত দামৰ স্তৰ বৃদ্ধি পাইছে নেকি?
উঃ
12. জাতীয় আয় নিৰূপণৰ উৎপাদন পদ্ধতিটো ব্যাখ্যা কৰা।
উত্তৰঃ উৎপাদন পদ্ধতিটোক উৎপন্ন বা মূল্য সংযোজন পদ্ধতি বুলিও জনা যায়। এই পদ্ধতিটোৰে বিভিন্ন পর্যায়ত জাতীয় আয়ক পৰিমাপ কৰা হয়। অর্থাৎ, ই প্রতিটো উৎপাদন গোটৰ বৰঙণি বা অংশদানক প্রদর্শন কৰে।
মূল্য সংযোজন বুলি ক’লে প্রতিষ্ঠানটোৰ দ্বাৰা কেঁচামালৰ মূল্যক ইয়াৰ উৎপাদনমূলক গতিবিধিৰ আধাৰত সংযোজন কৰাকে বুজোৱা হয়।
মূল্য সংযোজন = উৎপন্নৰ মূল্য – মধ্যৱর্তী উপভোগ
মূল্য সংযোজনৰ উদাহৰণঃ
ধৰা হ’ল এজন দৰ্জীক চার্ট এটা চিলাবলৈ কেৱল কাপোৰৰ প্ৰয়োজন। দৰ্জীজনে উপাদানৰ ৰূপত দোকান এখনৰ পৰা 1000 টকাৰ কাপোৰ কিনিলে আৰু চার্টটো চিলাই তাক 1500 টকাত বিক্ৰী কৰি দিলে।
ইয়াত 1000 টকাটো হৈছে তেওঁৰ মধ্যৱর্তী উপভোগ (উপাদান) যিহেতু কাপোৰখিনি হৈছে ইয়াৰ উপাদান।
চার্টটো হৈছে উৎপন্ন আৰু মূল্য 1500 টকা হৈছে উৎপন্নৰ মূল্য।
এইদৰে মূল্য সংযোজন = উৎপন্নৰ মূল্য – মধ্যৱর্তী উপভোগ
= 1500 টকা – 1000 টকা
= 500 টকা
উৎপন্নৰ মূল্য (VO) বুলিলে এটা বছৰৰ সময়সীমাৰ ভিতৰত উৎপাদিত সকলো দ্রব্য আৰু সেৱাৰ বজাৰ মূল্যক বুজায়। ইয়াত অন্তর্ভুক্ত হয়ঃ
উৎপন্নৰ মূল্য (VO) = বিক্রী + মজুতত পৰিৱৰ্তন + নিজা উপভোগৰ বাবে ব্যৱহৃত দ্রব্যসমূহ
টোকাঃ যদিহে ঘৰুৱা বিক্রীসমূহ দিয়া থাকে তেন্তে উৎপন্নৰ মূল্য পাবলৈ হ’লে ৰপ্তানিসমূহক সংযোজন কৰিব লাগিব। মধ্যৱর্তী উপভোগে (IC) কেঁচামালৰ ক্ৰয় আৰু বৈদ্যুতিক ব্যয়ক সামৰি লয়।
টোকাঃ যদিহে ঘৰুৱা ক্রয়সমূহ দিয়া হয়, তেন্তে মধ্যৱৰ্তী উপভোগৰ হিচাপ পাবলৈ আমদানিবোৰক সংযোজন কৰিব লাগিব।
তলত মূল্য সংযোজনৰ এখন প্রবাহ চিত্ৰৰ ব্যাখ্যাকৰণ প্ৰদৰ্শন কৰা হ’লঃ
বজাৰ মূল্যত GVA = উৎপন্নৰ মূল্য মধ্যৱর্তী – উপভোগ
বা, বজাৰ মূল্যত GVA = (বিক্রী + মজুতত হোৱা পৰিৱৰ্তন + নিজৰ উপভোগৰ
বাবে ব্যৱহৃত সামগ্রী) – (কেঁচা সামগ্ৰীৰ ক্ৰয় + বৈদ্যুতিক ব্যয়)
উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন (NNPfc) নিৰ্ণয় কৰি উলিয়াবলৈ,
উপাদান ব্যয়ত NNP = বজাৰ মূল্যত GVA – ক্ষয়-ক্ষতি + বিদেশৰ পৰা আর্জিত
উপাদানৰ নিগুট আয় (NFIA) – নিগুট পৰোক্ষ কৰ (NIT)
13. জাতীয় আয় নিৰূপণৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা।
উত্তৰঃ আয় পদ্ধতিৰে ভাৰা, মজুৰি, সুদ আৰু মুনাফাৰ দৰে উপাদানসমূহৰ পৰিশোধৰ ক্ষেত্ৰত জাতীয় আয়ৰ গণনা কৰা হয়। ইয়াত সকলোবোৰ আয় যি মজুৰি, মুনাফা, ভাৰা, সুদ আদিৰ মাধ্যমেৰে উৎপাদনৰ উপাদানসমূহে অর্জন কৰে সেইবোৰক যোগ কৰি জাতীয় আয় গণনা কৰি উলিওৱা হয়।
ঘৰুৱা আয় গণনা কৰি উলিয়াবলৈ আমি তলত দিয়াবোৰ যোগ কৰোঁঃ
(i) কৰ্মচাৰীৰ ক্ষতিপূৰণঃ ই হৈছে সকলো কৰ্মচাৰীক তেওঁলোকৰ সেবাসমূহৰ বাবে মালিকসকলৰ দ্বাৰা পৰিশোধ কৰা ধনৰাশি। ইয়াত অন্তর্ভুক্ত হয়:
(a) নগদ তথা অন্য প্ৰকাৰে প্ৰদান কৰা মজুৰি আৰু দৰমহা
(b) সামাজিক সুৰক্ষা আঁচনিলৈ কৰ্মচাৰীসকলৰ বৰঙণি
(c) অৱসৰমূলক পেঞ্চন তথা অধিলাভ।
(ii) পৰিচালন অধিশেষ (Operating Surplus): ই হৈছে সম্পত্তি আৰু উদ্যমতাৰ পৰা প্ৰাপ্ত ধনৰাশি বা আয়। ইয়াত অন্তর্ভুক্ত হয়:
(a) ভাৰা
(b) সুদ
(c) ৰ’য়েল্টী
(d) মুনাফা
(iii) স্ব-নিয়োজিতৰ মিশ্ৰিত আয় (Mixed income of self employed): ই হৈছে
স্ব-নিয়োজিত ব্যক্তিয়ে তেওঁলোকৰ নিজস্ব উৎপাদন উপাদানসমূহ ব্যৱহাৰ কৰি অৰ্জন কৰা আয় বা ধনৰাশি।
এইদৰে,
উপাদান ব্যয়ত নিগুট ঘৰুৱা
উৎপাদন বা ঘৰুৱা আয় = (ⅰ) কৰ্মচাৰীসকলৰ ক্ষতিপূৰণ
(ii) পৰিচালন অধিশেষ
(iii) স্ব-নিয়োজিতৰ মিশ্রিত আয়
নিগুট জাতীয় উৎপাদন (NNP) বা জাতীয় আয় নির্ণয় কৰিবলৈ ব্যৱহৃত সূত্র হ’লঃ
NNPfc = NDPfc + NFIA
14. জাতীয় আয় নিৰূপণৰ ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা।
উত্তৰঃ ব্যয় পদ্ধতিত অর্থনীতি এটাত উৎপাদিত সকলোবোৰ চূড়ান্ত ব্যৱহাৰোপযোগী দ্রব্য আৰু সেৱাৰ ক্ৰয়ত হোৱা মুঠ ব্যয়ৰ ক্ষেত্ৰত জাতীয় আয় গণনা কৰা হয়।
বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন গণনা কৰি উলিয়াবলৈ আমি তলত দিয়াবোৰক যোগ কৰোঁঃ
i) চূড়ান্ত উপভোগ ব্যয় : ই হৈছে ব্যক্তিগত তথা চৰকাৰী উভয় খণ্ডৰ দ্বাৰা উপভোগৰ ওপৰত খৰচ কৰা ধনৰাশিৰ পৰিমাণ। ইয়াত অন্তর্ভুক্ত হৈ আছেঃ
(a) বেচৰকাৰী চূড়ান্ত উপভোগ ব্যয়।
(b) চৰকাৰী চূড়ান্ত উপভোগ্য ব্যয়।
ii) মুঠ ঘৰুৱা পুঁজি গঠন: ই হৈছে
প্রতিষ্ঠানসমূহ আৰু চৰকাৰৰ দ্বাৰা মূলধনী সামগ্ৰীসমূহৰ ওপৰত বিনিযোগ কৰিবলৈ খৰচ কৰা ধনৰাশিৰ পৰিমাণ, যি হৈছে বিনিয়োগ ব্যয়। ইয়াত অন্তর্ভুক্ত হৈ আছেঃ
(a) মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন
(b) মজুতত পৰিৱৰ্তন
(iii) নিগুট ৰপ্তানি : ই হৈছে ৰপ্তানি আৰু আমদানি ব্যয়ৰ মাজত থকা পাৰ্থক্যৰ পৰিমাণ। ই হৈছে-
নিগুট ৰপ্তানি (NE) = ৰপ্তানি – আমদানি এইদৰেঃ
বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন =
(i) চূড়ান্ত উপভোগ ব্যয়।
(ii) মুঠ ঘৰুৱা পুঁজি গঠন
(iii) নিগুট ৰপ্তানি
উৎপাদন ব্যয়ত নিগুট জাতীয় উৎপাদন (NNPfc) নির্ণয় কৰিবলৈ NNPfc = GDPmp ক্ষয়-ক্ষতি + NFIA – NIT
15. জাতীয় আয় গণনাৰ মূল্য সংযোজন পদ্ধতিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাসমূহ কি কি?
উত্তৰঃ জাতীয় আয় গণনাৰ মূল্য সংযোজন পদ্ধতি প্ৰয়োগ কৰাৰ সময়ত ল’বলগীয়া সাৱধানতাসমূহ হৈছেঃ
(i) যিকোনো পুৰণি বা আগৰ সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ মূল্য জাতীয় আয়ৰ হিচাপত অন্তৰ্ভুক্ত কৰিব নালাগে।
(ii) সকলোবোৰ মধ্যৱৰ্তী সামগ্ৰীৰ মূল্য অন্তৰ্ভুক্ত কৰিব নালাগিব; ইয়াৰ পৰিৱৰ্তে এইবোৰক চূড়ান্ত ব্যৱহাৰোপযোগী সামগ্ৰীসমূহৰ মুঠ মূল্যৰ পৰা বাদ দিব লাগিব, কাৰণ এইবোৰৰ মূল্য ইতিমধ্যেই অন্তৰ্ভুক্ত হৈ গৈছে।
(iii) গৃহিণীয়ে আগবঢ়োৱা সেৱাসমূহ, মাতৃয়ে নিজৰ সন্তানক শিক্ষা প্ৰদান কৰা আদিৰ দৰে নিজৰ ভোগৰ বাবে কৰা বজাৰৰ বাহিৰৰ কাৰ্যকলাপবোৰ বা তেনে সেৱাসমূহৰ উৎপাদনক অন্তৰ্ভুক্ত কৰিব নালাগে।
(iv) নিজা উপভোগৰ বাবে উৎপাদিত সামগ্ৰীবোৰৰ উৎপাদন অন্তৰ্ভুক্ত হয়, কিয়নো এইবোৰে উৎপন্নৰ বৰ্তমানৰ প্ৰবাহলৈ বৰঙণি আগবঢ়ায়।
(v) মজুতত হোৱা পৰিৱৰ্তন, অৰ্থাৎ পূৰ্বৰ মজুতসমূহ অন্তৰ্ভুক্ত কৰা হয়। ইয়াক মুঠ বিক্ৰীৰ সৈতে যোগ কৰা হয়।
16. জাতীয় আয় গণনাৰ আয় পদ্ধতিটো ব্যৱহাৰ কৰোঁতে ল’বলগীয়া সাৱধানতাসমূহ কি কি?
উত্তৰঃ জাতীয় আয় নিৰ্ণয়ৰ আয় পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত ল’বলগীয়া সাৱধানতাসমূহ হৈছেঃ
(i) বৃদ্ধ পেঞ্চন, নিবনুৱা ভাট্টা আদি চৰকাৰৰ দ্বাৰা কৰা হস্তান্তৰিত পৰিশোধ। হস্তান্তৰৰ জৰিয়তে লাভ কৰা এইধৰণৰ আয়সমূহক জাতীয় আয়ৰ গণনাত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো এইবোৰ কোনো উৎপাদনমূলক কাৰ্যকলাপৰ লগত জড়িত নহয়।
(ii) যিকোনো পুৰণি সামগ্ৰীৰ বিক্ৰীৰ পৰা আহৰণ কৰা আয়ক ইয়াত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো ইয়াৰ ফলত দ্বৈত গণনাৰ ভুল হ’ব পাৰে।
(iii) অংশপত্ৰ, বণ্ড আৰু ঋণপত্ৰৰ বিক্ৰীৰ পৰা পোৱা আয়ক জাতীয় আয় নিৰূপণৰ এই পদ্ধতিত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো এইবোৰ কেৱল স্বত্বাধিকাৰৰ পৰিৱৰ্তনহে আৰু এইবোৰে চলিত প্ৰবাহত কোনো নতুন সংযোজন নকৰে।
(iv) লটাৰী, ৰিয়েলিটী শ্ব’ আদিৰ পৰা পোৱা অপ্রত্যাশিত প্ৰাপ্তিসমূহকো জাতীয় আয় গণনাৰ এই পদ্ধতিত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো এইবোৰো কোনো উৎপাদনশীল কাৰ্যকলাপৰ সৈতে জড়িত নহয়।
(v) নিজা মূলধনৰ ওপৰত পোৱা সুদ, নিজা উপভোগৰ বাবে কৰা উৎপাদন আদিৰ দৰে উৎপাদন গোটৰ গৰাকীৰ দ্বাৰা উৎপাদিত সেৱাসমূহৰ আৰোপিত মূল্য (Imputed Value) ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে, কিয়নো এইবোৰে দ্ৰব্য আৰু সেৱাসমূহৰ বৰ্তমানৰ প্ৰবাহলৈ অৱদান আগবঢ়ায়।
17. জাতীয় আয় গণনাৰ ব্যয় পদ্ধতিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাসমূহ কি কি?
উত্তৰঃ জাতীয় আয় গণনাৰ ব্যয় পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত ল’বলগীয়া সাৱধানতাসমূহ হৈছেঃ
(i) হস্তান্তৰিত দেনা বা পৰিশোধক ইয়াত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো এইবোৰ কোনো উৎপাদনমূলক কাৰ্যকলাপৰ সৈতে জড়িত নহয়।
(ii) যিকোনো মধ্যৱৰ্তী সামগ্ৰীৰ ওপৰত কৰা খৰচ অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো ইয়াৰ ফলত দুবাৰ গণনাৰ ভুল হ’ব পাৰে।
(iii) বিত্তীয় সম্পত্তি ক্ৰয়ৰ বাবে কৰা ব্যয়ক ইয়াত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো এইবোৰে দ্ৰব্য আৰু সেৱাসমূহৰ বৰ্তমানৰ প্ৰবাহলৈ কোনো নতুন অৱদান নজোগায়।
(iv) স্ব-উপভোগ্য সামগ্ৰীৰ উৎপাদনৰ ওপৰত কৰা ব্যয়, মালিকৰ দ্বাৰা অধিকৃত গৃহৰ ওপৰত আৰোপিত মূল্য, চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ প্ৰদান কৰা সেৱা বা ব্যয়ক ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে, কিয়নো এইবোৰ উৎপাদনমূলক সেৱাৰ অংশ।
(v) পুৰণি সামগ্ৰীসমূহৰ ওপৰত কৰা ব্যয়ক ইয়াত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো ই দ্বৈত গণনাগত ভুলৰ সৃষ্টি কৰিব।
18. A আৰু B প্ৰতিষ্ঠানৰ দ্বাৰা কৰা মূল্য সংযোজন গণনা কৰি উলিওৱা।
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) প্রতিষ্ঠান Aৰ দ্বাৰা কৰা ঘৰুৱা বিক্ৰী | 4,000 |
(ii) প্রতিষ্ঠান A ৰ দ্বাৰা কৰা ৰপ্তানি | 1,000 |
(iii) প্রতিষ্ঠান Aৰ দ্বাৰা কৰা ক্ৰয় | 2,000 |
(iv) প্রতিষ্ঠান B ৰ দ্বাৰা কৰা বিক্ৰী | 2,900 |
(v) প্রতিষ্ঠান Bৰ দ্বাৰা কৰা ক্ৰয় | 1,300 |
উত্তৰঃ (a) প্রতিষ্ঠান Aৰ দ্বাৰা মূল্য সংযোজন = (i) + (ii) – (ⅲ)
= 4000+1000-2000
= 5000-2000
= 3000 কোটি টকা
(b) প্রতিষ্ঠান Bৰ দ্বাৰা কৰা মূল্য সংযোজন = (iv) – (v)
= 2900 -1300
= 1600 কোটি টকা
19. তলত দিয়া তথ্যবোৰৰ পৰা গণনা কৰা:
(i) প্রতিষ্ঠান A আৰু B ৰ দ্বাৰা কৰা মূল্য সংযোজন।
(ii) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন।
(iii) উপাদান ব্যয়ত নিগুট মূল্য সংযোজন।
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) সাধাৰণ চৰকাৰলৈ প্ৰতিষ্ঠান Bৰ দ্বাৰা কৰা বিক্ৰী | 1000 |
(ii) প্রতিষ্ঠান Aৰ দ্বাৰা কৰা বিক্ৰী | 5000 |
(iii) পৰিয়ালসমূহলৈ প্রতিষ্ঠান B ৰ দ্বাৰা কৰা বিক্রী | 3500 |
(iv) প্রতিষ্ঠান Aৰ মজুতত হোৱা পৰিৱর্তন | 200 |
(v) প্রতিষ্ঠান Bৰ অন্তিম মজুত | 400 |
(vi) প্রতিষ্ঠান Bৰ প্ৰাৰম্ভিক মজুত | 300 |
(vii) প্রতিষ্ঠান ৰে পৰা প্ৰতিষ্ঠান A য়ে কৰা ক্ৰয় | 3200 |
(viii) দুয়োখন প্রতিষ্ঠানৰ দ্বাৰা পৰিশোধ কৰা পৰোক্ষ কৰ | 700 |
(ix) স্থায়ী মূলধনৰ ভোগ | 1200 |
(x) A প্রতিষ্ঠানৰ দ্বাৰা B প্রতিষ্ঠানখনক কৰা বিক্রী | 2000 |
উত্তৰঃ (a) প্রতিষ্ঠান A ৰ দ্বাৰা কৰা মূল্য সংযোজন = (ii) + (iv) – (vii)
= 5000+200-3200
= 5200-3200
= 2000 কোটি টকা
B প্রতিষ্ঠানখনৰ দ্বাৰা কৰা মূল্য সংযোজন = (i)+(iii) + (v-vi)-(x)
= 1000+3500+(400-300)-2000
= 4500+100-2000
= 4600-2000
= 2600 কোটি টকা
(b) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন = A প্রতিষ্ঠানৰ দ্বাৰা কৰা মূল্য সংযোজন
+ B প্ৰতিষ্ঠানৰ দ্বাৰা কৰা মূল্য সংযোজন
= 2000+2600
= 4600 কোটি টকা
(c) উপাদান ব্যয়ত নিগুট মূল্য সংযোজন = বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন – (ix) – (viii)
= 4600-1200-700
= 4600-1900
= 2700 কোটি টকা
20. তলত দিয়া প্রতিষ্ঠান ‘X’ৰ 2000-01 বৰ্ষৰ তথ্যসমূহৰ পৰা উক্ত বৰ্ষটোৰ সময়ছোৱাত বজাৰ মূল্যত হোৱা নিগুট মূল্য সংযোজন গণনা কৰি উলিওৱাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) বিক্রী | 900 |
(ii) অন্তিম মজুত | 250 |
(iii) প্ৰাৰম্ভিক মজুত | 150 |
(iv) পৰোক্ষ কৰ | 100 |
(v) ক্ষয়-ক্ষতি | 200 |
(vi) মধ্যৱর্তী উপভোগ | 400 |
(vii) কেঁচামাল ক্রয় | 150 |
(viii) ভাৰা | — |
উত্তৰঃ প্রতিষ্ঠান X ৰ দ্বাৰা কৰা মূল্য সংযোজন = (i) + (ii-iii) – (vi)
= 900+(250-150)-400
= 1000-400
= 600 কোটি টকা
বজাৰ মূল্যত নিগুট ঘৰুৱা উৎপাদন = বজাৰ মূল্যত GDP-(v)
= 600-200
= 400 কোটি টকা
21. ‘X’ প্ৰতিষ্ঠানৰ বিষয়ে তলত দিয়া তথ্যৰ পৰা ইয়াৰ দ্বাৰা উপাদান ব্যয়ত কৰা মুঠ মূল্য সংযোজন গণনা কৰি উলিওৱাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) বিক্রী | 5000 |
(ii) প্ৰাৰম্ভিক মজুত | 300 |
(iii) অন্তিম মজুত | 200 |
(iv) মধ্যৱর্তী সামগ্ৰীৰ ক্ৰয় | 300 |
(v) পৰোক্ষ কৰ | 150 |
(vi) ৰাজসাহায্য | 40 |
উত্তৰঃ প্রতিষ্ঠান X ৰ দ্বাৰা কৰা মূল্য সংযোজন = (i) + (iii-ii) – (iv)
= 5000+(200-300)-300
= 5000+(-100)-300
= 4600 কোটি টকা
উপাদান ব্যয়ত মুঠ মূল্য সংযোজন (GVAfc) = বজাৰ মূল্যত GDP – (v-vi)
= 4600-(150-40)
= 4600-110
= 4490 কোটি টকা
22. তলত দিয়া তথ্যৰ পৰা উপাদান ব্যয়ত মুঠ মূল্য সংযোজন গণনা কৰি উলিওৱা।
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) বিক্রী | 1800 |
(ii) ভাৰা | 5 |
(iii) ৰাজসাহায্য | 100 |
(iv) মজুতত পৰিৱৰ্তন | 150 |
(v) কেঁচামালৰ ক্ৰয় | 1000 |
(vi) মুনাফা | 25 |
উত্তৰঃ প্রতিষ্ঠান A ৰ দ্বাৰা মূল্য সংযোজন = (i) + (iv) – (v)
= 1800+150-1000
= 1950-1000
= 950 কোটি টকা
উপাদান ব্যয়ত মুঠ মূল্য সংযোজন (GVAfc) = বজাৰ মূল্যত GDP- (0-iii)
= 950-(0-100)
= 950+100
= 1050 কোটি টকা
23. এখন প্রতিষ্ঠানৰ সৈতে জড়িত তলত দিয়া তথ্যসমূহৰ পৰা ইয়াৰ উপাদান ব্যয়ত হোৱা নিগুট মূল্য সংযোজন গণনা কৰি উলিওৱা।
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ৰাজসাহায্য | 400 |
(ii) বিক্রী | 8000 |
(iii) ক্ষয়-ক্ষতি | 300 |
(iv) ৰপ্তানি | 100 |
(v) অন্তিম মজুত | 200 |
(vi) প্ৰাৰম্ভিক মজুত | 500 |
(vii) মধ্যৱর্তী ক্রয় | 5000 |
(viii) নিজস্ব ব্যৱহাৰৰ বাবে কৰা যন্ত্রপাতিৰ ক্ৰয় | 2000 |
(ix) কেঁচামালৰ আমদানি | 60 |
উত্তৰঃ প্রতিষ্ঠানটোৰ দ্বাৰা মূল্য সংযোজন = (ii)+(v-vi)- (vii)
= 8000+(200-500)-5000
= 8000+(-300)-5000
= 2700 কোটি টকা
উপাদান ব্যয়ত নিগুট মূল্য সংযোজন = বজাৰ মূল্যত GDP-(iii)-( 0-i)
= 2700-300-(0-400)
= 2700-300+400
= 2800 কোটি টকা
24. তলত দিয়া তথ্যৰ পৰা উৎপন্নৰ মূল্য গণনা কৰি উলিওৱাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) উপাদান ব্যয়ত নিগুট মূল্য সংযোজন | 1000 |
(ii) মধ্যৱর্তী উপভোগ | 750 |
(iii) দ্রব্য আৰু সেৱা কৰ (GST) | 20 |
(iv) ৰাজসাহায্য | 5 |
(v) ক্ষয়-ক্ষতি | 10 |
উত্তৰঃ বজাৰ মূল্যত GDP = উৎপাদন ব্যয়ত NVA+ (v) + (iii-iv)
= 1000+10+(20-5)
= 1025 কোটি টকা
মূল্য সংযোজন (VA) = উৎপন্নৰ মূল্য (VO) – মধ্যৱর্তী উপভোগ (IC)
1025 = VO-(ii)
1025 = VO-750
VO = 1025+750
= 1775 কোটি টকা
25. তলত দিয়া তথ্যৰ পৰা মধ্যৱর্তী উপভোগ গণনা কৰি উলিওৱা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) উৎপন্নৰ মূল্য | 200 |
(ii) উপাদান ব্যয়ত নিগুট মূল্য সংযোজন | 80 |
(iii) দ্রব্য আৰু সেৱা কৰ (GST) | 150 |
(iv) ৰাজসাহায্য | 50 |
(v) ক্ষয়-ক্ষতি | 20 |
উত্তৰঃ বজাৰ মূল্যত GDP = উপাদান ব্যয়ত NVA + (v) + (iii-iv)
= 80+20+(150-50)
= 100+100
= 200 কোটি টকা
মূল্য সংযোজন (VA) = উৎপন্নৰ মূল্য (VO) – মধ্যৱর্তী উপভোগ (IC)
200 = (i)-IC
200 = 200-IC
মধ্যৱর্তী উপভোগ (IC) = 0
26. উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন (NDP) গণনা কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ভাৰা | 4000 |
(ii) ৰ’য়েল্টী | 2000 |
(iii) সুদ | 5000 |
(iv) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 10000 |
(v) মুনাফা | 5000 |
(vi) মিশ্রিত আয় | 10000 |
উত্তৰঃ উপাদান ব্যয়ত NDP
= কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ (OS) + মিশ্রিত আয় (MI)
= (iv)+(i+ii+iii + v) + vi
= 10,000+ 4000+2000+5000+5000+ 10,000
= 36,000 কোটি টকা
27. তলত দিয়া তথ্যৰ পৰা বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNP) নির্ণয় কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) নিগুট পৰোক্ষ কৰ | 9000 |
(ii) ক্ষয়-ক্ষতি | 4000 |
(iii) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | -200 |
(iv) ভাৰা | 1,000 |
(v) লাভাংশ | 1500 |
(vi) মিশ্রিত আয় | 1200 |
(vii) ব্যক্তিগত নিগম খণ্ডৰ সঞ্চয় | 400 |
(viii) সুদ | 200 |
(ix) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 1000 |
উত্তৰঃ উপাদান ব্যয়ত NDP = বৰ্মচাৰীৰ ক্ষতিপূৰণ (COE)+ পৰিচালন অধিশেষ বা ৰাহি (OS)
+ মিশ্রিত আয় (MI) = (ix) + [(iv) + (v) + (vii) + (viii)] + (vi)
= 1000+1000+1500+400+200+1200
= 5300 কোটি টকা
বজাৰ মূল্যত GNP = উপাদান ব্যয়ত NDP + (ii) + (iii) + (i)
= 5300+4000+ (-200) +9000
= 18100 কোটি টকা
28. জাতীয় আয় গণনা কৰি উলিওৱা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 13,000 |
(ii) বিভিন্ন প্ৰকাৰৰ মজুৰি | 200 |
(iii) পৰোক্ষ কৰ | 3,000 |
(iv) মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন | 6,000 |
(v) পৰিচালন অধিশেষ বা বাহি | 5,000 |
(vi) স্ব-নিয়োজিত মিশ্রিত আয় | 16,000 |
(vii) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | 300 |
(viii) নিগুট ৰপ্তানি | (–) 100 |
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ + মিশ্রিত আয়
= (i) + (v) + (vi)
= 13,000+5000 + 16,000
= 34,000 কোটি টকা
উপাদান ব্যয়ত NNP = উপাদান ব্যয়ত (NDP)+ বিদেশৰ পৰা অহা নিগুট উপাদান আয় (NFIA)
= 34,000 + (vii)
= 34,000+300
= 34,300 কোটি টকা
29. তলত দিয়া তথ্যৰ পৰা জাতীয় আয় গণনা কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 8000 |
(ii) ভাৰা | 2000 |
(iii) মজুৰি আৰু দৰমহা | 7500 |
(iv) নিগুট ৰপ্তানি | (–) 30 |
(v) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | (–) 20 |
(vi) মুনাফা | 300 |
(vii) সুদ | 100 |
(viii) ক্ষয়-ক্ষতি | 500 |
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ মিশ্রিত আয়
= (i) + [(ii) + (vi) + (vii)]
= 8000+2000+300+100
= 10, 400 কোটি টকা
উপাদান মূল্যত NNP = উপাদান ব্যয়ত NDP + বিদেশৰ পৰা অহা নিশুট উপাদান আয়
= 10,400 + (v)
= 10,400+(-20)
= 10,380 কোটি টকা
30. জাতীয় আয় গণনা কৰি উলিওৱা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) স্ব-নিয়োজিত মিশ্রিত আয় | 200 |
(ii) বৃদ্ধ পেঞ্চন | 20 |
(iii) লাভাংশ | 100 |
(iv) পৰিচালন অধিশেষ | 900 |
(v) মজুৰি আৰু দৰমহা | 500 |
(vi) মুনাফা | 400 |
(vii) সামাজিক সুৰক্ষা আঁচনিলৈ নিয়োগকর্তাৰ অৱদান | 500 |
(viii) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | -100 |
(ix) স্থায়ী মূলধনৰ উপভোগ | 500 |
(x) নিগুট পৰোক্ষ কৰ | 50 |
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ + মিশ্রিত আয়
= [(v) + (vii)] + (iv) + (i)
= 500+500+ 900 + 200
= 2100 কোটি টকা
উপাদান ব্যয়ত NNP = উপাদান ব্যয়ত NDP + বিদেশৰ পৰা অহা নিশুট উপাদান আয়
= 2100 + (viii)
= 2100+(-100)
= 2000 কোটি টকা
31. উপাদান ব্যয়ত নিগুট জাতীয় উৎপাদন (NNP) নিৰ্ণয় কৰা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) বাকী বিশ্বৰ পৰা অহা নিগুট চলিত হস্তান্তৰ | 80 |
(ii) মজুৰী আৰু দৰমহা | 6000 |
(iii) নিগুট পৰোক্ষ কৰ | 750 |
(iv) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | -20 |
(v) ভাৰা আৰু সুদ | 1600 |
(vi) নিগম কৰ | 400 |
(vii) স্ব-নিয়োজিত মিশ্রিত আয় | 280 |
(viii) অবিতাৰিত মুনাফা | 600 |
(ix) লাভাংশ | 20 |
(x) স্থায়ী মূলধনৰ উপভোগ | 120 |
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ + মিশ্রিত আয়
= (ii) + [(v) + (vi) + (viii) + (ix)] + (vii)
= 6000+1600+400+600+20+280
= 8900 কোটি টকা
উপাদান ব্যয়ত NNP = উপাদান ব্যয়ত NDP+ বিদেশৰ পৰা অহা নিগুট উপাদান আয়
= 8900+ (iv)
= 8900+(-20)
= 8880 কোটি টকা
32. বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন (GNP) নিৰ্ণয় কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 6000 |
(ii) ভাৰা আৰু সুদ | 3500 |
(iii) মুনাফা | 2000 |
(iv) পৰোক্ষ কৰ | 1600 |
(v) স্থায়ী মূলধনৰ উপভোগ | 200 |
(vi) স্ব-নিয়োজিতৰ মিশ্ৰিত আয় | 8500 |
(vii) ৰাজসাহায্য | 400 |
(viii) বাকী বিশ্বৰ পৰা হোৱা নিগুট চলিত হস্তান্তৰণ | 850 |
(ix) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | -100 |
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ + মিশ্রিত আয়
= (i) + [(ii) + (iii)] + (vi)
= 6000+3500+2000+8500
= 20,000 কোটি টকা
বজাৰ মূল্যত GNP = উপাদান ব্যয়ত NDP + ক্ষয়-ক্ষতি + বিদেশৰ পৰা অহা নিগুট
উপাদান আয় + নিগুট পৰোক্ষ কৰ
= 20,000+ (v) + (ix) + (iv-vii)
= 20,000+200+(-100)+(1600-400)
= 21,400-100
= 21,300 কোটি টকা
33. বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন GNP নিৰ্ণয় কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) পৰোক্ষ কৰ | 200 |
(ii) স্থায়ী মূলধনৰ উপভোগ | 100 |
(iii) বিদেশলৈ যোৱা নিগুট উপাদান আয় | 250 |
(iv) বিদেশৰ পৰা অহা নিগুট উপাদান আয় | 320 |
(v) ভাৰা | 250 |
(vi) লাভাংশ | 220 |
(vii) মিশ্রিত আয় | 120 |
(viii) ব্যক্তিগত নিগম খণ্ডৰ সঞ্চয় | 200 |
(ix) সুদ | 100 |
(x) ৰাজসাহায্য | 200 |
(xi) কৰ্মচাৰীৰ ক্ষতিপূৰণ | 500 |
(xii) নিগম কৰ | 400 |
বজাৰ মূল্যত GNP = 1960 কোটি টকা
উত্তৰঃ উপাদান ব্যয়ত NDP = কৰ্মচাৰীৰ ক্ষতিপূৰণ + পৰিচালন অধিশেষ + মিশ্রিত আয়
= (xi) + [(v) + (vi) + (viii) + (ix) + (xii)] + (vii)
= 500+250+220+200+100+400+120
= 1790 কোটি টকা
বজাৰ মূল্যত GNP = উপাদান ব্যয়ত NDP + ক্ষয়-ক্ষতি + বিদেশৰ পৰা হোৱা
নিগুট উপাদান আয় + নিগুট পৰোক্ষ কৰ
= 1790 + (ii) + (iv-iii) + (i-x)
= 1790+100+ (320-250)+(200-200)
= 1790+100+70+0
= 1960 কোটি টকা
34. বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন (GDP) নিৰ্ণয় কৰা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 1,2000 |
(ii) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 2000 |
(iii) মুঠ স্থায়ী পুঁজি গঠন | 3000 |
(iv) মজুতত পৰিৱৰ্তন | 4000 |
(v) আমদানি | 5000 |
(vi) ৰপ্তানি | 6000 |
উত্তৰঃ বজাৰ মূল্যত GDP
= চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা পুঁজি গঠন + নিগুট ৰপ্তানি
= [(i) + (ii)] + [(iii) + (iv)] + [(vi) – (v)]
= 12000+2000+3000+4000+(6000-5000)
= 22,000 কোটি টকা
35. উপাদান ব্যয়ত মুঠ জাতীয় উৎপাদন (GNP) নিৰ্ণয় কৰা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন | 3500 |
(ii) অন্তিম মজুত | 100 |
(iii) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 200 |
(iv) নিগুট পৰোক্ষ কৰ | 40 |
(v) প্ৰাৰম্ভিক মজুত | 60 |
(vi) স্থায়ী মূলধনৰ উপভোগ | 50 |
(vii) নিগুট ৰপ্তানি | (–) 100 |
(viii) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 15,000 |
(ix) আমদানি 7 | 20 |
(x) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় | (–) 30 |
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা পুঁজি গঠন + নিগুট ৰপ্তানি
= [(viii) + (iii)] + [(i) + (ii-v)] + (vii)
= 15,000+200+3500+ (100-60)+(-100)
= 18,640 কোটি টকা
উপাদান ব্যয়ত GNP = বজাৰ মূল্যত GDP + বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় + নিগুট পৰোক্ষ কৰ
= 18,640+(x) + (iv)
= 18,640+(-30) + 40
= 18,650 কোটি টকা
36. তলৰ তথ্যৰ পৰা উপাদান ব্যয়ত মুঠ ঘৰুৱা উৎপাদন নির্ণয় কৰি উলিওৱা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 8000 |
(ii) মুঠ ঘৰুৱা পুঁজি গঠন | 1500 |
(iii) মজুতত পৰিৱৰ্তন | 300 |
(iv) বিদেশৰ পৰা হোৱা নিশুট উপাদান আয় | (–) 200 |
(v) নিগুট পৰোক্ষ কৰ | 1200 |
(vi) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 4500 |
(vii) নিগুট ৰপ্তানি | (–) 300 |
(viii) স্থায়ী মূলধনৰ উপভোগ | 500 |
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা পুঁজি গঠন + নিগুট ৰপ্তানি
= [(i) + (vi)] + (ii) + (vii)
= 8000+4500+ 1500 + (-300)
= 14,000-300
= 13,700 কোটি টকা
উপাদান ব্যয়ত GDP = বজাৰ মূল্যত GDP-নিগুট পৰোক্ষ কৰ
= 13,700-(v)
= 13,700-1200
= 12,500 কোটি টকা
37. তলত দিয়া তথ্যৰ পৰা মুঠ স্থায়ী পুঁজি গঠন নিৰ্ণয় কৰা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 10000 |
(ii) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 5000 |
(iii) নিগুট ৰপ্তানি | (–) 500 |
(iv) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় | 200 |
(v) বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন | 25000 |
(vi) প্ৰাৰম্ভিক মজুত | 300 |
(vii) অন্তিম মজুত | 200 |
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা পুঁজি গঠন + নিগুট ৰপ্তানি
(v) = [(i) + (ii)] + মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন (vii-vi) + (iii) (v)
25000 = 10000+5000+ মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন+ (200-300) + (-500)
25000 = 15000 + মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন + (-100)-500
25000-15000+ 100+ 500 = (GFCF) মুঠ ঘৰুৱা পুঁজি গঠন
10600 = মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠ
38. বজাৰ মূল্যত মুঠ জাতীয় উৎপাদন নিৰ্ণয় কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত উপভোগ ব্যয় | 270000 |
(ii) চৰকাৰী উপভোগ ব্যয় | 30000 |
(iii) মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন | 25000 |
(iv) আমদানিকৃত দ্রব্য আৰু সেৱা | 5000 |
(v) বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় | -2500 |
(vi) ৰাজসাহায্য | 2500 |
(vii) মজুতত পৰিৱৰ্তন | 300 |
(viii) ৰপ্তানিকৃত দ্রব্য আৰু সেৱা | 4500 |
(ix) ক্ষয়-ক্ষতি | 1000 |
(x) নিগুট পৰোক্ষ কৰ | 1000 |
বজাৰ মূল্যত GNP = 32400 কোটি টকা
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন + নিগুট ৰপ্তানি
= [(i) + (ii)] + [(iii) + (vii)] + [(viii) – (iv)]
= 27000+30000+25000+300+ (4500-5000)
= 81700 কোটি টকা
বজাৰ মূল্যত GNP = বজাৰ মূল্যত GDP + বিদেশৰ পৰা হোৱা নিগুট উপাদান আয় + নিগুট পৰোক্ষ কৰ
= 81700+ (v) + (x)
= 81700+(-2500) + 1000
= 80200 কোটি টকা
39. উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদন নির্ণয় কৰা:
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 4000 |
(ii) মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন | 1000 |
(iii) মজুতত পৰিৱৰ্তন | 200 |
(iv) নিগুট পৰোক্ষ কৰ | 600 |
(v) বিদেশৰ পৰা অহা নিগুট উপাদান ব্যয় | 100 |
(vi) নিগুট ৰপ্তানি | (–) 200 |
(vii) স্থায়ী মূলধনৰ উপভোগ | 200 |
(viii) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 1000 |
উপাদান ব্যয়ত NDP = 500 কোটি টকা
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা স্থায়ী পুঁজি গঠন + নিগুট ৰপ্তানি
= [(i) + (viii)] + (ii) + (vi)
= 4000+1000+1000+ (-200)
= 6000-200
= 5800 কোটি টকা
উপাদান ব্যয়ত NDP = বজাৰ মূল্যত GDP- ক্ষয়-ক্ষতি – নিশুট পৰোক্ষ কৰ
= 5800-(vii)-(iv)
= 5800-200-600
= 5000 কোটি টকা
40. জাতীয় আয় নিৰ্ণয় কৰাঃ
বিৱৰণ | কোটি টকাৰ হিচাপত |
|---|---|
(i) ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় | 20000 |
(ii) চৰকাৰী চূড়ান্ত উপভোগ ব্যয় | 7000 |
(iii) মুঠ ঘৰুৱা পুঁজি গঠন | 2000 |
(iv) নিগুট ৰপ্তানি | 3000 |
(v) বিদেশৰ পৰা অহা নিশুট উপাদান আয় | 400 |
(vi) স্থায়ী মূলধনৰ উপভোগ | 200 |
(vii) নিগুট পৰোক্ষ কৰ | 500 |
উত্তৰঃ বজাৰ মূল্যত GDP = চূড়ান্ত উপভোগ ব্যয় + মুঠ ঘৰুৱা পুঁজি গঠন + নিশুট ৰপ্তানি
= [(i) + (ii)] + (iii) + (iv)
= 20000+7000+2000+3000
= 32000 কোটি টকা
উপাদান ব্যয়ত NNP = বজাৰ মূল্যত GDP – ক্ষয়-ক্ষতি – নিগুট পৰোক্ষ কৰ
= 32000-(vi)-(vii)
= 32000-200-500
= 31300 কোটি টকা
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



